গোৱিন কুমাৰ খাউণ্ড
ঘৰৰ টিনৰ ওপৰত সন্ধিয়াৰে পৰা বান্দৰে ধম-ধমাই আছে। মাজে-মাজে ঘৰৰ মুধেৰে মলুৱা এটা সোমাই খক-খককৈ নীলক চʼতিৰ পৰাই খেদা মাৰি আহিব খোজে। হনুমন্ত ভাইলৈ নীলৰ ভয় লাগে কামুৰি বখলা-বখল কৰে বুলি। তথাপি সি মৰসাহ দেখুৱাই বিছনাৰ পৰাই দাখন জোকাৰে যদিও হাতখন অচল হৈ পৰে। প্লেনঞ্জাৰ চিটৰ যিখন দাৰে বিদেশী খেদিম বুলি মাটি চুই শপত খাইছিল সেইখন দাৰে বান্দৰ খেদি থাকিব লগা হোৱাত নীলৰ বুকুখন মোচৰ খাই যায়। কেতিয়াবা হিতাহিত জ্ঞান হেৰুৱাই বেমাৰী শৰীৰটো, ৰুগীয়া মনটোক হানি-খুচি মাৰিবৰ মন গʼলেও অসম আন্দোলনৰ ছহিদসকলৰ কথা ভাবি ৰৈ যায় নীল। মন:চক্ষুত ভাহি আহে এখন বিদেশী মুক্ত সোণৰ অসম। থলগিৰি মানুহৰ স্বাভিমানৰ অসম। শংকৰ-মাধৱৰ শান্তিৰ অসম, জ্যোতি-বিষ্ণুৰ সাম্য-মৈত্ৰীৰ অসম।
নীলৰ দৰে বহুতেই আন্দোলনৰ যোগেদি অসমৰ সেই
বিতোপন ৰূপ চাব বিচাৰি নিজৰ অমূল্য সময়, জীৱন উছৰ্গা কৰিছে যদিও অসমৰ অৱস্থা অধিক বেয়া হৈহে আহিছে যেন লাগে ।
আজিকালি সঘনাই মিলিটেৰীৰ গাজত লগা
কথাবোৰে আমনি কৰে।
"বুজিছ , মই শুব নোৱাৰোঁ, খাব নোৱাৰোঁ..." মিলিটেৰীয়ে কয়।
"কিয়..?" নীলই সোধে।
"বান্দৰবোৰৰ পৰা খাব- শুব নোৱৰা হৈছোঁ। বাৰীৰ গছবোৰ ইজোপাৰ পাছত সিজোপা কাটিছোঁ। ঘৰৰ মুধৰ ,বেৰৰ ফুটা মাৰিছোহে মাৰিছোঁ লেকিন আউট অৱ কণ্ট্ৰ'ল। সীমান্তৰ সিপাৰৰ পৰা হোৱা আক্ৰমণৰ দৰে লাগিছে আৰু। দিনত হ'লে চাৰিঠেঙীয়া বান্দৰৰ পৰা শান্তি নাই নিশা হ'লে দুঠেঙীয়া বান্দৰজাকে অসমখন খুলি খুলি খোৱা কথা ভাবি ভাবিয়ে শুব পৰা নাই ।''
নীলৰো আজি কিছু দিনৰ পৰা অসমখনক বখলিয়াই খাব
খোজা দুঠেঙীয়া বান্দৰমখাৰ পৰা টোপনি নাইকিয়া হৈছে।
মাজনিশালৈকে পুতেক আহি নোপোৱাত মনটো ইছাত-বিচাত লাগি থাকে। আজিকালি আছু বুলিলে মানুহে সন্দেহৰ চকুৰে চাই। চান্দাজীৱী বুলি
হাঁহে। লোকৰ খোৱা বুলি গালি পাৰে। নীলৰ বুকু বিষাই যায়। কি আছু কি হ'লগৈ! যি আছুক অসমীয়াই সেৱা কৰিছিল সেই আছুক কোনোবাই টঙনীয়াই মাৰে বুলি ভয়
লাগি থাকে নীলৰ।
মাজনিশালৈকে মৃগাংক ঘৰ আহি নোসোমোৱাত চিন্তা লাগি আছে নীলৰ। তাতে 'সুৰভি'ৰ পোষ্টাৰবোৰ কোনোবাই ফালি পেলোৱাক লৈ জৰিগুৰিত পৰিৱেশটো গৰম হৈ আছে। মদৰ বিজ্ঞাপনৰ পোষ্টাৰ ফলাক লৈ শাসকীয় দলৰ সুবিধা লৈ শৰৎ শৰ্মাই পুলিচক দৌৰাই ফুৰিছে। বেছিভাগ সাংবাদিকেই এতিয়া সুৰভিৰ পোষ্টাৰ ফলাক লৈ ব্যস্ত। সিহঁতবোৰে এনেকুৱা কৰিছে শৰৎ শৰ্মাৰ মদৰ দোকানৰ পোষ্টাৰ ফলা নাই যেন শৰ্মাৰ ঘৈণীয়েকৰ পেটিকোট আৰু ব্লাউজহে ফালিলে কোনোবাই। মদৰ বটল উপহাৰ পাই দুটামান প'ৰ্টেলে হোৱাই-নোহোৱাই পোষ্টাৰ ফলা বাতৰিটোকে বজায়েই আছে বজায়েই আছে। মʼবাইল খুলিবই নোৱাৰি টেঁটু ফালি সেই হৰলিস্কৰ বটল যেন ছোৱালীজনীয়ে চিঞৰি উঠে পোষ্টাৰ ফলাৰ কথা। দুই-একে মিলিটেৰীৰ নাম নোলোৱাকৈ বাতৰি কৰাত পুলিচে পোনচাটেই মিলিটেৰীক ধৰি নিলে। অৱশ্যে সোধ-পোচ কৰি এৰি দিলে। অসম আন্দোলনৰ আপোচহীন নেতা, প্ৰাক্তন চিপাহী এজনক পুলিচে অবাবতে হাৰাশাস্তি কৰা কথাটোক লৈ নীল ক্ষোভিত হৈ আছে যদিও কাকো একো কোৱাৰ সুবিধা পোৱা নাই। দিনৰ দিনটো ঘৰৰ ভিতৰতে সোমাই থাকিলেনো কাক মনৰ কথা ক'ব পাৰিব।
অস্ত্ৰপাত খামুচি ধৰি বিছনাতে চকু মুদি কথাবোৰ ভাবি আছে নীলই। একো ভাল নলগা হৈ আহিছে। পেটৰ ভোক-খঁক পেটতে লয় গৈছে । খাবলৈ সমুলি মন নাযায়। মনত পৰিছে মাথোঁ অসম আন্দোলনৰ কথাবোৰ। কম আশাৰে মানুহজাক ৰাজপথলৈ ওলাইছিল নে বাৰু। বুকু পাতি দিছিল বিদেশী খেদাৰ নামত। নীলই বুজা হোৱাৰ পৰা দেখিছে, বুজিছে- আন্দোলনৰ নামত অসমীয়া ওলাই আহোঁতে উজানৰ মাছ ধৰিবলৈ অহা দি ঠিকেই ওলাই আহে, পেটকপতীয়া স্বভাৱৰ বাবেহে অসমীয়াৰ কোনো দিন খালৈ নভৰে। হাতৰ মাছ জঁপিয়াই গৈ সুবিধাবাদীয়ে পতা জালতহে পৰেগৈ। সেয়ে পুতেককো কৈ থাকে- কামত ধৰ। তই বুঢ়া বয়সলৈকে ছাত্ৰ হৈ থাকিব নোৱাৰ। হাল-কোৰত ধৰ। নহ'লে মোৰ দৰেই জাতীয়তাবাদৰ জুইত পৰি মৰিবি।'' তেজৰ পিৰপিৰণিত পৰি বাপেকৰ কথাত একো নামাতে মৃগাংকই।
বহুতেই ভাবে, আস্ফালন আৰু ভীতি প্ৰদৰ্শনৰ মাজৰেই আৰম্ভ হৈছিল অসম আন্দোলনটো। নীলহঁতে মাথোঁ
ৰেডিঅ'ত শুনিছিল মংগলদৈত বহু
হাজাৰ বিদেশী ভোটাৰ ওলোৱা খবৰটোৱেই ক্ৰোধৰ অগ্নিগড় সৃষ্টি কৰিছিল ৰাইজখনৰ মাজত।
অসমক চৰণীয়া পথাৰত পৰিণত কৰা মানুহবোৰ উদ্বিগ্ন হৈ পৰিছিল অসমীয়াৰ ৰুদ্ৰৰূপ দেখি। আলোচনাৰ যোগেদি দেশ বিভাজনৰ সময়ত
সাম্প্ৰদায়িক বীজ সিঁচি দিয়া আৰ এছ এছ-ৰ মানুহবোৰো অসমৰ চুকে-কোণে সক্ৰিয় হৈ উঠিছিল। দেশৰ জৰুৰী অৱস্থাই কোঙা
কৰা জাতীয় কংগ্ৰেছৰ চোতালত গজি উঠিছিল হিন্দুত্ববাদী চিন্তাৰ চুলিশিপা। অসমীয়া
নেতাবোৰে আন্দোলনৰ ধোঁৱাৰ মাজত সিহঁতৰ ছায়া-কায়া সমুলি মনিব পৰা নাছিল। ইয়াৰ মাজতে আন্দোলনৰ জুই
নুমুৱাবলৈ হিংসাৰ পানী ছটিয়াই দিওঁতেই নিহত
হৈছিল খৰ্গেশ্বৰ নামৰ ফুল কুমলীয়া ল'ৰাটো। সেই খবৰে খগেন, নীল, শৰৎ, হিমানীহঁতৰ দৰে অসমীয়া ডেকা-গাভৰুক মৰ্মাহত কৰিছিল। 'আহ ঐ আহ ওলাই আহ' বুলি
জাতি ৰক্ষাৰ যুঁজত বিদেশী-বহিৰাগতৰ বিৰুদ্ধে ওলাই আহিছিল হাজাৰ হাজাৰ
অসমীয়া। অসমৰ ৰাজপথ পুলিচ-মিলিটেৰীৰে ভৰি পৰিছিল। বিশ্বৰ বৃহত্তম গণ-আন্দোলনত
পৰিণত হৈছিলগৈ অসম আন্দোলন। টালি-টোপোলা বান্ধি বহু বহিৰাগত, বিদেশী অসম এৰি গুচি গৈছিল প্ৰাণৰ ভয়ত। বিশাল
জনসভাবোৰত ভাষণ দিছিলহি হিন্দুত্ববাদী সংগঠনৰ বাঘা বাঘা ৰাষ্ট্ৰীয় নেতাবোৰে। চাই থাকোঁতেই বামপন্থীবোৰ
চকুৰ কুটা দাঁতৰ শূল হৈ পৰিছিল। হত্যা- হিংসাৰে আগুৰি ধৰা অসমৰ আকাশ- বতাহত কেৱল
মানুহ পোৰা গোন্ধাইছিল। ফলি-পুথি ধোঁৱাচাঙত উঠাৰ সময়ত শ শ অসমীয়া জাতিৰ নামত
ছহিদ হৈছিল। আঠ শ পঁচপন্নজন ছহিদৰ তেজৰ বিনিময়ত আন্দোলন শেষ হʼল যদিও বিদেশী-বহিৰাগত সমস্যা আন্দোলনৰ সময়তকৈও এতিয়া বাঢ়িলহে। ভুৱা
জাতীয়তাবাদৰ নামত ছাত্ৰনেতাবোৰৰ সুবিধা হ'ল চুক্তিপত্ৰখনক লৈ ৰাজনীতি কৰি থকাৰ।
চুক্তি মতে প্ৰকল্প কেইটামান হ'ল যদিও অসমীয়া ৰাজনৈতিক আৰু সাংবিধানিকভাৱে কোনোখিনিতে
লেশমানো যে সুৰক্ষিত নহ'ল সেই কথা নীলৰ
দৰে আন্দোলনকাৰীবোৰে এতিয়াহে বুজি উঠিছে। চকুৰ সন্মুখতে দেখিছে আছু একাংশ ডেকাৰ
বাবে ধন- দৌলত আৰু ক্ষমতাৰ পাহাৰ বগোৱা জখলাতহে পৰিণত হ'ল। আছুত থকালৈকে অসম চুক্তি, অসম চুক্তি কৰি টেঁটু ফালি থাকিব। যেই কোনোবা দলত
যোগ দিয়ে সেইদিনাৰ পৰা মাত নাইকিয়া হৈ পৰে। বোবা হৈ পৰে। আছুৰ শ্লোগান পাহৰি
যায়। ভৰিৰে গছকি পেলায় আছুৰ আদৰ্শ আৰু পতাকা। এই কথাবোৰে খাই মাৰিছে, দহি মাৰিছে নীলৰ দৰে আদৰ্শ খামুচি থকা
আন্দোলনকাৰীবোৰক।
টিনৰ ওপৰত বান্দৰৰ উৎপাত দেখি নীল আকৌ বহি
পৰিল। এনেকুৱা লাগিছে ঘৰটোত যেন অগ্নি সংযোগ কৰিহে দিব। পাছ মুহূৰ্ততে ভাবিলে- অসমীয়া
বহু সময়ত এনেদৰেই ধ্বংসৰ গৰাহত পৰিছে চাৰিঠেঙীয়া বান্দৰ খেদিব বিচাৰি।
আন্দোলনকাৰী মন্ত্ৰী-বিধায়কবোৰে আঞ্চলিকতাবাদৰ প্ৰসংগ টানি আনি কোৱা কথাবোৰো
কেতিয়াবা ভাবি নোচোৱা নহয়।
অসমীয়া জাতীয়তাবাদৰ ভেঁটি থানবান কৰি কংগ্ৰেছে
ভাই-ককাইৰ দৰে থকা জাতি-জনগোষ্ঠীৰ মাজত বিহগছৰ পুলি ৰুই দিলেও কেতিয়াবা
ভাবে অসম আৰু অসমীয়া বুলি যে কোনোবা আছে
সেই কথা পৃথিৱীক জনাই দিছিল এই অসম আন্দোলনেহে। সেইফালৰ পৰা আন্দোলনটোৱে অসমীয়াক
এটা মাত্ৰা দিব লাগিছিল। নীলই সেইখন ছবি
আজিও দেখা নাই। যিবোৰ ছহিদ হ'ল তেওঁলোকৰ ঘৰবোৰ
দুখ আৰু দাৰিদ্ৰৰ আন্ধাৰত ডুব গৈ থাকিল, নেতা হোৱাবোৰৰ ঘৰবোৰ অট্টালিকা হ'ল, অজস্ৰ মাটি-ভেঁটিৰ
গৰাকী হ'ল। মদৰ দোকানৰ
মালিক হ'ল। যিবোৰ মানুহক
খেদিম বুলি কৰা আন্দোলন কৰিছিল, সেইবোৰ মানুহেই
অসমীয়া খাবলৈ জন্ম ধৰা জাতি বুলি গালি পাৰিব পৰা হ'ল। ধনৰ জোৰত, প্ৰশাসনৰ জোৰত অসমীয়াক টঙনীয়াই মাৰিম বুলি
ভাবুকি দিয়া হ'ল আন্দোলনৰ নেতাক
হাতৰ মুঠিত ৰাখি। বিঘাই বিঘাই মাটি কিনি বেপাৰ কৰিব পৰা হ'ল সেইবোৰ মানুহে। অসমীয়া ডেকাক গ্ৰেপ্তাৰ কৰি
হাত কেৰেয়া লগাবলৈ অনা অসমীয়াই এখন এজাহাৰ দাখিল কৰিলেই হ'ল। টানি-আঁজুৰি ফাটেকত ভৰাবগৈ। অসমীয়াক গালি পাৰিলেও, মাৰ-কিল কৰিলেও অনা অসমীয়াক গ্ৰেপ্তাৰ কৰিবলৈ
অসমীয়াই দহখন আৱেদন দিব লগা অসহায়
পৰিস্থিতি দেখিছে নীলৰ দৰে দুৰ্ভগীয়া মানুহবোৰে। অনা অসমীয়াক গ্ৰেপ্তাৰ কৰিবলৈ
অসম বন্ধ দিব লাগে, বিদেশীক আদৰি
আনিব খোজা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে অসম আন্দোলনৰ দৰেই গুলী খাব লাগে। একালত
আছুৰ মজিয়াত দপদপাই থকা অসমীয়া গোলামী নেতাবোৰেই জাতিটোৰ যে সংকট বেচিকৈ নমাই আনিছে সেই কথা
এমুঠিমান অসমীয়াই বুজি পালেও নীলহঁতৰ চকুত বিকল্প বুলিবলৈ শূন্য। অসম মানেই দিল্লীৰ বাবে সোণৰ কণী পৰা হাঁহ।
অসমীয়া মানেই নিজৰ ভাষা-সংস্কৃতিক এলাগী কৰা জাতি, জননীক প্ৰতাৰণা
কৰি ভাল পোৱা জাতি। দেশ মাতৃৰ চৰণ ধূলিৰে,
ছহিদৰ ৰক্তৰঞ্জিত মাটিৰে
কপালত তিলক আঁকি কঁকালত তেজেধোৱা গামোচা মেৰিয়াই লোৱা নেতাই সৃষ্টি কৰা সংকটেহে
যে জাতি, মাটি, ভেটিৰ প্ৰতি প্ৰত্যাহ্বান আনিছে সেই কথা বুজি
পাই নীলই মাজৰাতি ফেঁকুৰি আছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে যিখন যুঁজৰ পাতনি
তৰিছিল সেইখন যুঁজেই যেন অসমীয়াক আজি সংখ্যালঘু কৰিলে।
কথাখিনি পুতেকক কʼম বুলি ভাবি আকৌ বিছনাত শুই পৰিল নীল। মোগল খেদা অসমীয়াৰ দৈন্য দেখি নীলৰ সিৰা-উপসিৰাত তেজ উঠলি অহাৰ সময়তে টিঙত বান্দৰ এটা জঁপিয়াই দিয়াৰ দৰে লাগিল। দিনৰ
কৰ্কৰা ভাত কেইটামান আছিল তাকে খাই শুই থাকিম বুলি ভাবিছিল যদিও বান্দৰে নেফানেফ
কৰিলে। হাতৰ তলুৱাৰে মুখখন মোহাৰি আকৌ মনত পেলালে আলফাৰ তেজোদীপ্ত সময়ৰ ছবিবোৰ। চকুৰ আগলৈ আহিছে অসমৰ বুকুৰে পাৰ হৈ যোৱা
আন্দোলন, প্ৰতিবাদ,
ধৰ্মঘট, হিংসাত্মক কাৰ্যকলাপ, ধৰ্ষিতা জীয়ৰী-বোৱাৰীৰ কৰুণ মুখবোৰ। স্বাধীন
অসমৰ সপোন দেখা আলফাই সৃষ্টি কৰা ভয়াৱহ
পৰিস্থিতি নীলৰ দৰে ক'ত অসমীয়াই
সহিছিল। সশস্ত্ৰ স্ংগ্ৰামে অসমীয়াক বিপদত পেলাব বুলি মাত দিয়াসকলক ৰাষ্ট্ৰৰ
দালাল, ৰজাঘৰীয়া
বুদ্ধিজীৱী আখ্যা দি অসমীয়া মানুহক ভীতিগ্ৰস্ত কৰি তুলিছিল আলফাই। মানৰ আক্ৰমণৰ
দৰেই ভাৰতীয় সেনাই যেন অসম আক্ৰমণ কৰিছিল আলফা দমনৰ নামত। অপাৰেশন বজৰং, অপাৰেশ্যন ৰাইন'ৱে শ্মশানভূমি কৰি তুলিছিল বহুতৰে ঘৰ।
কিন্তু ভবামতে, আশা কৰামতে জাতিটোৱে একো নাপালে আন্দোলন আৰু
আলফাৰ পৰা। বঙহৰ যুঁজত মাথোঁ অসমী আইৰ সেউজীয়া চোতাল ৰাঙলী হোৱা দেখিলে। বিধৱাৰ
উচুপনিয়ে জয়াল কৰি তোলা সন্ধিয়া জিলিৰ মাত বিচাৰি মানুহবোৰ যেন নিশ্চুপ মাৰি
আছিল। বিপৰীতে আলফাৰ নীতি-আদৰ্শ সমৰ্থন কৰিব নোৱাৰা বাবেই জীৱন্তে গাঁত খান্দি
পুতি পেলোৱা হৈছিল তেজাল অসমীয়া যুৱকক। বিৰোধিতা কৰাৰ অপৰাধত গুহ্যদ্বাৰেৰে ভৰাই
দিয়া হৈছিল নিমখ। স্বাধীনতাৰ সপোন দেখা আলফাক অহিংস নীতি গ্ৰহণ কৰিবলৈ জনোৱা
আহ্বানৰ বাবেই সত্তৰোৰ্ধ্বৰ মানুহৰ পিঠি নিৰ্মম বেত্ৰাঘাতেৰে সেৰেলাসেৰেল কৰি পেলোৱা
হৈছিল। শিক্ষকক গুলীয়াই মাৰিছিল ছাত্ৰৰ সমুখতে। চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত কাটি পেলোৱা হৈছিল কাৰোবাৰ জিভা। কাঢ়ি
পেলোৱা হৈছিল চকু, তীক্ষ্ণ অস্ত্ৰৰে
শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰি সানি দিয়া হৈছিল নিমখ৷ গছত বান্ধি থোৱা অৱস্থাতো
মৰিয়াই মৰিয়াই ভাঙি পেলোৱা হৈছে হাত-ভৰি ৷ সেই ভগা হাত-ভৰিবোৰেও বাট চাই আছিল
অসমীয়াৰ দুখ মোচনৰ সন্ধিক্ষণলৈ। কিন্তু সকলো পানীমিঠৈ, পানী হিলৈত পৰিণত হৈছিল। লুইতৰ বুকুত উপঙি থকা
মৃতদেহে হতচকিত কৰি তুলিছিল নীলৰ দৰে আন্দোলনকাৰীক। মিলিটেৰীৰ দৰে অসমীয়া সেনাই
চকুলো টুকুছিল কোনোবা নিজানত বহি। থানাই
থানাই লাহি-শালি চাউলৰ ভাত খাই নোদোকা হৈ থকা অসমীয়া পুলিচেই বহু অসমীয়া ডেকা-গাভৰুৰ প্ৰাণ লৈছিল কৰ্তব্যৰ নামত। অসম আন্দোলনৰ যোগেদি ক্ষমতাৰ সোৱাদ লোৱা নায়কগৰাকী অসমীয়াৰ মাজত পৰিচিত হ'ল গুপ্তঘাতকৰূপে।
কিন্তু অসমীয়াৰ সমস্যাবোৰ সমস্যা হৈয়ে থাকিল। লক্ষ লক্ষ বহিৰাগতক
খিলঞ্জীয়াবোৰেই বাবুগিৰিৰ আশাত মাতি আনিলে, ভোটৰ আশাত, ক্ষমতাৰ আশাত অসমীয়াৰ সমস্যাবোৰ তল পৰিল।
নীলই কান্দিছে। উঁৱলি যোৱা ঘৰৰ মুধেৰে অসীম
আকাশলৈ চাই চাই ভাবিছে- আন্দোলন কৰা সহজ, বিবৃতি দিয়া সহজ,
ভাষা ৰক্ষাৰৰ নামত
জুমুঠিবোৰ জ্বলোৱা সহজ কিন্তু জাতিৰ বাবে সাধনা আৰু তপস্যা কৰাটো, নিজকে উছৰ্গা কৰাটো বৰ কঠিন কাম। সেই কঠিন কাম
তথাকথিত জাতীয় নায়কে কৰিব নোৱাৰে, নোৱাৰে ঘৈণীৰ সোণৰ অলংকাৰেই সোণৰ অসম বুলি ভবা ঘাতক নেতাই।
কথাবোৰ ভাবি ভাবি দীঘলীয়া হুমুনিয়াহ এটা এছাৰি নীলই ব'ৰ্ডৰ চুইছটো টিপিলে। পিছে কাৰেণ্ট নাই। নীলৰ টৰ্চ লাইটটোলৈ বৰকৈ মনত পৰে এইখিনি সময়ত। অসম আন্দোলনৰ সময়ৰে টৰ্চ লাইট আছিল সেইটো। তিনি বেটেৰীয়া টৰ্চ লাইটতো কাকো চুবলৈ দিয়া নাছিল নীলই। ঘৈণীয়েক মৰি গ'ল, টৰ্চ লাইটতো চুই নাপালে ভালকৈ। টৰ্চ লাইটতো, প্নেনজাৰ চিটৰ অস্ত্ৰপাতক লৈ মানুহজনীৰ সৈতে কমখন ওখনা-উখনি লগা নাই। বাৰিষা দিন এটাত আলফা দুটামান আহি ঘূৰাই দিম বুলি টৰ্চ লাইটতো যি নিলে নিলেই আৰু, আজিলৈকে ঘূৰি নাহিল সেইকেইটা। অসম উদ্ধাৰৰ নামত কতসোপা সংগঠন ওলাল, কতসোপা বিনছ কৰা পোৱালি হৈ মাটিত, বতাহত মিলি গ'ল তথাপি অসমৰ ঘাই সমস্যাকেইটা একেই থাকিল। বাজী গাইৰ দৰে ঘাই লৈ ফুৰা সংগঠনবোৰে যে অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে, হাবিৰ বান্দৰজাকৰ দৰে ইটো সংগঠনৰ পৰা সিটোলৈ জাঁপ মাৰি দিছপুৰত বহি থকাৰ সপোনহে দেখি থাকে সেই কথা নীলই বিছনাৰ পৰা উঠিব নোৱৰা সময়ত ভালকৈ ধৰিব পাৰিছে।
আন্ধাৰে-মুধাৰে বিছনাৰ পৰা নামি আহিল নীল।
এখোজ- দখোজকৈ গৈ দুৱৰাৰ মুখ পালেহি।
আজিকালি ল'ৰা-ছোৱালী ঘৰৰ
বাহিৰত থকা মানেই মাইকী-বাপেকীৰ মূৰৰ বিষ। ক'ত, কোনে, কেতিয়া প্ৰাণ
লয় একো ঠিকনা নাই। দিন-কাল এনেকুৱা হৈছে দহটকীয়া পানী এবটলৰ বাবেই অমূল্য
জীৱনকে পানী কৰি দিব। গাত গা লাগিলেও 'কিয় লাগিল ?' বুলিয়েই দহ-বাৰটাই
ৰাজপথতে বলিয়া কুকুৰ মৰাদি মাৰি হজম কৰি দিব। নীলৰ দৰে বয়সস্থ মানুহবোৰে আমাৰ
দিনেই ভাল আছিল বুলি ছটফটাই থাকে যদিও কথাবোৰ মিছা। ঘোলাপানীত মাছে ছটফটাবই,
ঢেল উপঙা দিবই। ডাঙৰে
পানী পেলালে সৰুবোৰ পিছল খাই মুখ থেকেছা খাবলৈ কেতেপৰ। তাতে মদৰ দোকানখন হোৱাৰ পাছত
জৰিগুৰিত চোৰৰ সংখ্যা বাঢ়িল। কোনোবা চকু
চৰহাই মদৰ দোকানৰ পোষ্টাৰ ফলাক লৈ শৰৎ শৰ্মা গৰজি আছে এয়া দলৰ বিৰুদ্ধে কৰা
ষড়যন্ত্ৰ বুলি।
দুৱাৰখন খুলিব খুজিও ৰৈ আছে নীল। হাত- ভৰিবোৰ কঁপা যেন লাগিছে। পেটৰ ভোকটোৱে আমনি কৰিছে। কেতিয়াবা মৃগাংক আহি বাপেকক নমতাকৈয়ে শুই থাকে। সেয়ে এবাৰ তাৰ বিছনাৰ ফালে চাই অহাৰ কথা ভাবিও ভৰি চলাব পৰা নাই। ভৰি-হাতবোৰ টনটনাই আছে। এবাৰ গুৱাহাটীৰ ফালে দেখুৱাই অনাৰ কথা ভাবি আছিল যদিও বিধায়কৰ অৰ্থ সাহায্যৰ তালিকাত নীলৰ নাম এইবাৰো নাহিল। কিয় নাহিল সেই কথা সুধিবলৈও মন নাই । সুধিবনো কাক ? সকলো পোৱাৰ আশাত, খোৱাৰ আশাত, লাভৰ আশাত টুক টুককৈ দৌৰি ফুৰিছে নেতাৰ পিছে পিছে। যিখন দেশৰ মহামন্ত্ৰীয়ে দিনটোৰ বেছিভাগ সময় হিতাধিকাৰী আঁচনিৰ পেৰদী গাই ৰমণী নচুৱাই, সপ্তাহে সপ্তাহে ঋণৰ বোজা জাপি দি আগৰ চৰকাৰৰ দিনত চাকৰি পোৱা ছোৱালী-বোৱাৰীৰ গাত কলংকৰ বীৰ্য গোন্ধায় বুলি চিঞৰ-বাখৰ কৰে, অসমীয়া নাৰীক ৰতনাৰ বলিশালত থৈ ৰাজনীতি কৰে, নিজৰ সন্তানৰ নামত শদিয়াৰ পৰা ধুবুৰীলৈ মাটি কিনি পো-পোৱালিৰ নামত বছৰি এটাকৈ কোম্পানী খোলে, সঁচা কথা কোৱাবোৰক মিছাৰ খুন্দনাত গুৰি কৰিব খোজে, সেইখন ৰাজ্যৰ বেছিভাগ মানুহ 'লাখপতি বাইদেউ, হিতাধিকাৰী হোৱাৰ আশাত বলিয়া কুকুৰ দৰে দৌৰি নুফুৰিব কিয়? নীলৰ মনত পৰিল মুখ্যমন্ত্ৰীয়ে টিভিৰ আগত ফেঁকুৰি থকা দৃশ্যটোলৈ। 'মোৰ পাবলৈও একো নাই, হেৰুৱাবলৈও একো নাই" বুলি কান্দি কান্দি ভোট বিচৰা মানুহটোৱে বিৰোধিতা কৰিব লাগে কাৰণেই কওঁ বুলিয়েই কৈ দিলে- আগৰ চৰকাৰৰ দিনত চাকৰি পোৱা ছোৱালীবোৰ অসতী। কিন্তু আচৰিত কথা, কোনেও সেই কথাৰ প্ৰতিবাদ কৰি নিজকে সতী বুলি ক'ব নোৱাৰিলে। মুখেৰে টু শব্দও উচ্চাৰণ নকৰিলে। নিমাতী কইনা হৈ সেই নাৰীয়ে নিজক নিচুকাই থাকোঁতেই বহুতেই চিঞৰিছিল "চাকৰি পোৱাবোৰে মাতক। সাহস আছে যদি কওক- আমাৰ গাত কলংকৰ দাগ নাই, সতিত্বৰ বিনিময়ত আমি ভাত খোৱা নাই।"
নাই কোনেও নামাতিলে। কথাবোৰ ভাবি নীলৰ এনে লাগিছে, ছাগলীৰ জিভা পুৰি আগৰ চৰকাৰৰ দিনত চাকৰি পোৱাবোৰক যেন মুখত কটিয়াই দিব মুখৰ মাত ওলাবৰ বাবে। কোনোবাই জোকালেও জকজকাই অহা, বকবকাই অহা, ৰাজপথ উত্তাল কৰা নাৰী সংগঠনবোৰ মৰ টোপনিত লালকাল হৈ থকা দেখি মিলিটেৰী, নীলহঁতহে ছটফটাই থাকিল। এই মাজৰাতি নীলয়ো ভাবিছে - এই মানুহটোৰ হৈছে কি? চাকৰিবোৰ দেখোন তেৱেঁই দিছিল। কাকতত সেই ছবিবোৰ দেখোন প্ৰকাশো হৈছিল। নে এইটো দলৰ পৰা আকৌ আন এটা দললৈ জঁপিয়াই মানুহ টোৱে কৈ দিবনেকি - সেইদলৰ মানুহে কেৱল হিন্দু- মুছলমান চিনি পায়। সেই কাৰণে বহুতে তেওঁলোকক 'গো মূত্ৰ' খোৱা বুলি কয়। কামতকৈ সেইটো দলৰ প্ৰচাৰ বেছি। সেই কাৰণে পোন্ধৰশ টকীয়া বুলি কৈছিল। নেতাবোৰে যি কয় বাকীবোৰে 'হয় হয়' বুলি চিঞৰে। সেই কাৰণে সিহঁতক অন্ধভক্ত বুলি কয়। স্কুল বন্ধ কৰি সিহঁতে মন্দিৰ পাতে আমাৰ দলে সেইবোৰ নকৰে, কৰিব নোৱাৰে।
নীল
আহি বিছনাত পৰি কথাবোৰ ভাবি থাকোঁতেই
দুৱাৰখন খোলাৰ শব্দ হ'ল। পুতেকক মাত দিলে- "আহিলিনে ?''
মৃগাংকই একো নামাতি মʼবাইলৰ পোহৰত নিজৰ কোঠাত সোমালে। নীলই আকৌ মাতিলে- 'আহিলি?
'আ- হিলোঁ, নাহি কʼলৈ যাম।' মৃগাংকই খঙেৰে ক'লে। লেবা-লেথেপা হোৱা তাৰ মাতটো গৈ ৰুগীয়া
বাপেকৰ বুকুত উগ্ৰপন্থী শিবিৰত পৰা বোমাৰ দৰে পৰিলগৈ।
'নেতা দুবিধ।
এবিধে জাতি আৰু সমাজৰ ভৱিষ্যতৰ বাবে নিজৰ ভৱিষ্যত সমুলঞ্চে বিসৰ্জন দিয়ে। তেনে নেতাই
যুদ্ধৰ সময়তো আলু খেতি কৰাৰ কথা চিন্তা কৰে। তেনে নেতাই সুশৃংখলাৰে স্বাৰ্থ
বিহীনভাৱে সূক্ষ্ম দৃষ্টি আৰু দূৰদৰ্শিতাৰে সময়ৰ প্ৰতি লক্ষ্য ৰাখি সঠিক পৰিকল্পনাৰ যোগেদি দলৰ লগতে সমাজখন, জাতিটো তিলে তিলে গঢ়ি তোলে ভৱিষ্যতৰ বাবে।
আনবিধে নিজৰ ভৱিষ্যতৰ স্বাৰ্থত দেশ আৰু জাতিৰ স্বাৰ্থ সমূলঞ্চে জলাঞ্জলি দিয়ে।
পুৰণি
কাকতখনত পোৱা কথাখিনি আকৌ এবাৰ মনোযোগেৰে পঢ়ি চালে মিলিটেৰীয়ে। অসমত এনে নেতা
কোনোবা আছেনে ? নিজেই নিজক
প্ৰশ্নটো সুধি উত্তৰ বিচাৰি থাকোঁতেই তীৰ্যক হাঁহি এটা মুখত বিয়পি পৰিল। দুচকু
মুদি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি
শৰৎ শৰ্মালৈকে এফালৰ পৰা মুখবোৰ মনলৈ আনিলে। নাই কাকতখনত লেখাৰ দৰে অসমত প্ৰথমবিধৰ কোনো নেতাৰ নাম মনলৈ নাহিল। অসম আন্দোলনৰ সময়ত এনে দুই-এক নেতা আছিল যদিও তেওঁলোকক
বিতাৰণ কৰা হৈছিল। কাম কৰাৰ সুযোগ নেপালে তেনে নেতাই। তাৰ সলনি পানী নোহোৱা ঠাইত
দলং সজা, পিতৃৰ নামত পথ
নিৰ্মাণ কৰি জান-জুৰি পোতা, অসমৰ জলন্ত সমস্যাৰ বিষয়ে মাত মাতিবলৈ ভয় কৰি
নিজৰ সমস্যাকে ৰাইজৰ সমস্যা বুলি ভবা, উতনুৱা, পতনুৱা, দাগী, অপৰাধী, সোঁৱে-বাঁৱে ধন
ঘটা নেতা কিছুমানৰ মুখহে মনলৈ আহিল। দুচকু সেমেকি গ'ল মিলিটেৰীৰ। কম আশাৰে বাৰু চাকৰি এৰি মানুহটো
ঘৰলৈ আহিছিল নে। বেছিভাগ মানুহৰে জীৱনৰ
কোনো উদেশ্য নোহোৱাৰ দৰে মিলিটেৰীৰো যেন জীৱনৰ কোনো উদেশ্য নাইকিয়া হৈ আহিছে।
আকৌ কাকতখন চকু ফুৰালে। পঢ়ি গ'ল কথাখিনি- 'জীৱনত যেতিয়া কোনো উদেশ্য নাথাকে তেতিয়া শূন্যতাই হৈ পৰে একমাত্ৰ উদ্দেশ্য। অসমীয়া জাতীয়তাবাদক কেতিয়াবাই হাত দাঙিব নোৱাৰাকৈ, কঁকাল পোনাব নোৱৰাকৈ শিকলি পিন্ধাই দিয়া হৈছে । নেতা বাছনিত ভুল হৈছে। উদ্দেশ্যবিহীন আমাৰ নেতা ।'
কথাখিনি পঢ়ি অমৃত কালত বাস কৰিও
ভমক কৈ জ্বলি উঠিল গৰলৰ অনল।
বাটেদি পাৰ হৈ যোৱা হিতাধিকাৰী বোৱাৰীকেইজনীক মাত দিম বুলি ভাবিও নামাতিলে মিলিটেৰীয়ে।
লাখপতি বাইদেউ হোৱাৰ ভেল্কিবাজীত বহুতৰে সংসাৰ নিষ্পত্তি হোৱাৰ কালতো এই
তিৰোতাবোৰে 'ভাৰত মাতা কি জয়'
বুলি চিঞৰি ফুৰে। সিহঁতক
দেখিলে হাত-ভৰি নথকা ভিক্ষাৰী যেন লাগে মিলিটেৰীৰ। কেৱল হিতাধিকাৰীৰ আঁচনিৰ নামত দৌৰি
ফুৰে বহুতো তিৰোতা। মিটিঙে মিটিঙে বোন্দাপৰ দি বহি থাকে আঁচনিৰ নামত। বহুৱা
নেতাবোৰে 'ভাৰত মাতা কি জয়'
বুলি চিঞৰিলে এই মখাই
টেঁটু ফাটি যোৱাকৈ চিঞৰে- 'জয়।' দৃশ্যবোৰ দেখি খং
উঠে মিলিটেৰীৰ। চৰকাৰৰ হাতলৈ-মুখলৈ চাই থকা এইমখা পৰজীৱীয়ে ভাৰত মাতাৰ জয় বুলি
কোৱাটো যেন সহিব নোৱাৰে মিলিটেৰীয়ে। সেয়ে সময় বুজি মানুহ চাই কয়, " হিতাধিকাৰী অমৃত
খাই মানুহে পাহৰি গৈছে ভবিষ্যতৰ কথা। অধিকাৰৰ পৰা বঞ্চিত হলে চৰকাৰক যে প্ৰশ্ন কৰিব
লাগে ইহঁতে নাজানে। ভোটৰ নামত সৃষ্টি কৰা
হিতাধিকাৰীবোৰ যে সমাজৰ বোজা সেই কথাও নাজানে। হিতাধিকাৰীৰ সংখ্যা বঢ়া মানে যে দেশত
ভোকাতুৰৰ সংখ্যা বঢ়া, ধোদৰ সংখ্যা
বাঢ়ি যোৱা সেই কথা নজনাটো দেশৰ ভৱিষ্যতৰ বাবে ভয়ংকৰ আৰু বিপজ্জনক। চৰকাৰে মানুহবোৰ
কেৱল ভোট দিবলৈ জীয়াই থাকক বুলি প্ৰৱৰ্তন কৰা আঁচনিবোৰৰ কথা ভাবি মিলিটেৰীয়ে
হাঁহি হাঁহি ৰাস্তাৰে পাৰ হৈ যোৱা বোৱাৰী কেইজনীৰ ফালে তধা লাগি চাই থাকিল। খেতি-পথাৰ এফালৰ পৰা বহিৰাগতই দখল কৰি অহাৰ সময়ত অসমীয়াবোৰ যেন জীয়াই আছে কেৱল ভোট
দিবৰ বাবে।কথাটো ভাবি খং উঠিল মিলিটেৰীৰ। ক্ষোভৰ অশ্ৰু শুকাই কৰকৰীয়া মৰাৰ
সময়ত হিমানীয়ে ফোন কৰি ক'লে- ''নীল আহিছে। তাৰ বোলে ঘৰত বৰ অশান্তি হৈছে।"
"মই কি কৰিব লাগে?" মিলিটেৰীয়ে খঙেৰে ক'লে।
"একো কৰিব নালাগে। তুমি এবাৰ আহাঁচোন। বেচেৰাটোৱে
বৰ দুখ কৰিছে।"
হিমানীৰ কোনো কথাই পেলাব নোৱাৰে নীলই। হিমানীৰ মাতটোত যেন মিলিটেৰীয়ে
জীৱনৰ উদ্দেশ্যৰ কথা বুজি পালে। সেয়ে খৰধৰকৈ কাপোৰ পিন্ধিলে গৈ।
০০০
চাইকেল মাৰি গৈ থাকোঁতে মিলিটেৰীয়ে দেখিলে নতুনকৈ লগোৱা সুৰভিৰ পোষ্টাৰ এখন গছৰ পৰা এৰুৱাই বান্দৰ এটাই চেলেকি আছে। মিলিটেৰী চাইকেলৰ পৰা নামি বান্দটোক খেদা মাৰি গ'ল। পোষ্টাৰখন পেলাই বান্দৰটো গছৰ ওপৰলৈ উঠি যাওঁতেই নয়ন বোলা লʼৰাটো আহি সেইখিনি পোৱাত মিলিটেৰীয়ে হাঁহি হাঁহি ক'লে- 'ৰʼবাচোন ৰʼবা, বাইকখন ৰখোৱাচোন।'
নয়নে
বাইকখন ৰখাই বৰদেউতা বুলি মাত দিলে।
"দেখিছা মদৰ
দোকানৰ পোষ্টাৰ ফালে চাৰিঠেঙীয়া বান্দৰে আৰু সেই দুঠেঙীয়া বান্দৰটোৱে থানা
পোৱায়গৈ মোক। "
নয়নে
দেখিলে সিজোপা গছতো বান্দৰে পোষ্টাৰ ফালি চেলেকি আছে।
"হেৰা বান্দৰে
পোষ্টাৰবোৰ কিয় ফালিছে জানা?"
"কিয় বৰদেউতা?"
"এইসোপা আটাগুৰি নহয় জানো। এই আঠাৰ বাবে লগোৱা
আটা খাবলৈকে বান্দৰে পোষ্টাৰ ফালিছিল।"
"ৰʼব, ৰʼব মই ভিডিঅ' কৰি থওঁ।" নয়নে বান্দৰটোৱে পোষ্টাৰ ফালি
চেলেকি থকা দৃশ্যটো ভিডিঅ' কৰি থ'লে। গছৰ তলত পৰি থকা ফটা-ছিটা পোষ্টাৰৰ
অংশবোৰৰো ফটো তুলি নয়নে ক'লে, "মই এতিয়া যাওঁ
বৰদেউতা।"
"যোৱাঁ, এদিন আহিবাচোন। কথা আছে।''
"হ'ব বৰদেউতা।"
নয়ন গুচি যোৱাৰ পাছতো ফলা পোষ্টাৰ এখন লৈ গছ জোপাৰ তলতে ৰৈ থাকিল মিলিটেৰী। সেই সময়তে সাংবাদিক এজন আহি পোষ্টাৰৰ সৈতে মিলিটেৰী ভাবুক হৈ ৰৈ থকা দেখিলে। লগে লগে এক্সক্লুছিভ দৃশ্যটো বিভিন্ন এংগলত কেমেৰাত বন্দী কৰি লʼলে।
( আগলৈ)