মৃদুল শৰ্মা
২০ দুৰ্যোধন৷
জন্মৰ পৰৱৰ্তী
সময়ত জ্যোতিষশাস্ত্ৰীয়ে মোৰ নাম ৰাখিছিল সুযোধন৷ শ্ৰদ্ধেয় পিতৃদেৱ আৰু মাতৃদেৱীয়ে মোক এই
নামেৰেই মাতি আহিছে৷ পিতামহ ভীষ্ময়ো জীৱনৰ গৰিষ্ঠকাল এই নামেৰেই মোক মাতিছিল৷
কিন্তু জীৱনৰ কোনোবা এটা দিৱসত কোনোবা গোপন প্ৰতিদ্বন্দ্বীয়ে মোৰ নামৰ শুভদিশটোত
অশুভ বিশেষত্ব আৰোপ কৰি দুৰ্যোধনৰূপে মোক প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছিল৷ আৰু মোৰ
অগোচৰেই মই মোৰ পিতৃপ্ৰদত্ত নামৰ পৰিৱৰ্তে ক্ৰমে ক্ৰমে দুৰ্যোধন নামেৰেহে পৰিচিত
হ’বলৈ আৰম্ভ কৰিলোঁ৷
আনহে নালাগে
বিগত কেইটামান বৰ্ষৰপৰা স্বয়ং পিতামহ ভীষ্ময়ো অপৰ ব্যক্তিৰ সম্মুখত মোৰ কথা
দুৰ্যোধন বুলি উল্লেখ কৰাটো মোৰ কাৰণে এটা ৰহস্য হৈ উঠিছে৷ ক্ৰমশঃ ই মোৰ কাৰণে হৈ
উঠিছে প্ৰকাশ কৰিব নোৱৰা ব্যথাৰ কাৰণো৷
মোৰ পত্নী
ভানুমতী কলিঙ্গৰ ৰাজকন্যা৷ মহাৰাজ চিত্ৰাঙ্গদৰ কন্যা ভানুমতীৰ অপৰ নাম সতীৰত্ন৷
মোৰ আৰু ভানুমতীৰ সন্তান ক্ৰমে লক্ষ্মণকুমাৰ আৰু লক্ষণা৷ কিন্তু যি দুৰ্যোধনে
নিজেই অনেক সংগ্ৰাম কৰিও হস্তিনাপুৰৰ ৰাজসিংহাসনত আৰোহণ কৰিবলৈ সক্ষম নহ’ল,
সেই
দুৰ্যোধনে, অৰ্থাৎ মই কেনেকৈ আশ্বস্ত হ’ম যে মোৰ পিতৃ
মহাৰাজ ধৃতৰাষ্ট্ৰৰ অবৰ্তমানত পিতামহ সমন্বিতে সকলো অমাৰ্ত্যই মিলি পাণ্ডুপুত্ৰ
যুধিষ্ঠিৰক সিংহাসনত অধিস্থিত হ’বলৈ আহ্বান নজনাব?
আৰু পাণ্ডৱৰ
পৰিচয়? তেওঁলোক দেখোন কৌৰৱেই নহয়৷ কুৰুবংশৰ ৰক্ত তেওঁলোকৰ মাজেদি প্ৰৱাহিত
হোৱাই নাই৷ কিন্তু তেওঁলোক পাঁচজনক পাণ্ডৱ বুলি প্ৰতিষ্ঠা কৰাৰ এটা গোপন প্ৰচেষ্টা
মই মোৰ কৈশোৰ কালৰেপৰাই লক্ষ্য কৰিছিলোঁ৷ মহামুনি বেদব্যাস যিমানবাৰ হস্তিনাপুৰৰ
ৰাজসভালৈ আহিছিল সিমানবাৰ তেওঁ পাণ্ডৱ শব্দটো উচ্চাৰণ কৰিছিল৷ পিতামহ ভীষ্মই এবাৰ
প্ৰশ্ন উত্থাপন কৰিছিল,
‘শ্ৰদ্ধেয় ঋষিবৰ,
পাণ্ডুপুত্ৰগণো
কৌৰৱেই নহয় জানো? তেওঁলোকৰ বাবে এটা পৃথক পৰিচয় সৃষ্টি কৰাৰ
প্ৰয়োজন কি?’
বেদব্যাসে
স্পষ্টকৈ একো উত্তৰ দিয়া নাছিল৷
পিতামহ ভীষ্মই
সম্ভৱতঃ সেই সময়ত ভৱিষ্যতৰ কুটিল সময়বোৰৰ অনুমান কৰি তেনে প্ৰশ্ন উত্থাপন কৰা
নাছিল৷ কিন্তু সেই নতুন ৰহস্যময় শব্দটোৰ প্ৰৱৰ্তনৰ বাবে যে কোনো কোনো শক্তি দ্ৰুত
গতিত তৎপৰ হৈ উঠিছিল সেইটো নিশ্চয় পিতামহৰ মনোযোগৰ বিষয় হৈ উঠিছিল৷
কিন্তু
বেদব্যাসৰদ্বাৰা প্ৰস্তাৱিত সেই শব্দটো পৰৱৰ্তী সময়ত পিতৃব্য মহামন্ত্ৰী বিদূৰে
বহুলভাৱে ব্যৱহাৰ কৰিছিল৷ আৰু আশ্চৰ্যজনকভাৱে হস্তিনাপুৰৰ জনসাধাৰণৰ মাজতো শব্দটো
বনাগ্নিৰ দৰে প্ৰসাৰিত হৈ পৰিছিল৷
মোৰ অনুমান হয়,
পাণ্ডৱসকলৰ
এজনো পাণ্ডুপুত্ৰ নহয়৷ মই ভাবোঁ যে আমাৰ পিতৃব্য ৰাজমন্ত্ৰী বিদূৰৰ সৈতে প্ৰাক্তন মহাৰাণী
কুন্তীৰ সম্পৰ্কটো সন্দেহজনক৷ যুধিষ্ঠিৰৰ পিতৃ বিদূৰ হ’ব পাৰে৷
ভীমৰ যি আসুৰিক
চৰিত্ৰ মই দেখা পাইছোঁ, সি নিশ্চিতভাৱে কোনোবা ৰাক্ষস কিম্বা অসুৰৰহে
পুত্ৰ৷
অৰ্জুন কিজানি
গান্ধাৰ আৰু কম্বোজৰ মধ্যৱৰ্তী তুষাৰৱেষ্টিত উপত্যকাত প্ৰতিষ্ঠিত দেৱপুৰীৰ কোনোবা
এজন দেৱতা গোষ্ঠীৰ ব্যক্তিৰ পুত্ৰ৷ দেৱতাবোৰে জম্বুদ্বীপৰ বিভিন্ন স্থানত স্থায়ী আৰু অস্থায়ী অনেক
গোপন আৱাসস্থলী গঢ়ি তুলিছে৷ সেইবোৰতে বিভিন্ন অস্ত্ৰৰ উদ্ভাৱন আৰু পৰীক্ষণো চলাই
আহিছে তেওঁলোকে৷ ৰাজ্য ত্যাগ কৰি পাণ্ডুৱে যেতিয়া সপত্নীক শতশৃঙ্গ পৰ্বতত বাস
কৰিছিল তেতিয়াই পাঁচোজন পাণ্ডৱৰ জন্ম হৈছিল৷ সেই পৰ্বতত নিশ্চয় কোনোবা দেৱতাৰ আৱাস
আছিল৷
কনিষ্ঠা
পাণ্ডুপত্নী মাদ্ৰীদেৱীৰ সন্তানদ্বয়ৰ পিতৃ কোনো বিশিষ্ট মানৱ অথবা দেৱতা বুলি
বিশ্বাস কৰিবলৈ মই নিবিচাৰোঁ৷ সম্ভৱতঃ আমাৰ পিতৃব্য বিদূৰেই নকুল-সহদেৱৰো পিতৃ৷ মোৰ
এই ধাৰণাৰ কোনো প্ৰমাণ নাই, কিন্তু পিতৃব্য বিদূৰ স্বাভাৱিকতে পাণ্ডৱসকলৰ প্ৰতি
যিমান ব্যস্ত অন্ততঃ নিজৰ ঔৰসজাত সন্তানত্ৰয়ৰ প্ৰতি তাৰ দশ শতাংশও হোৱা মোৰ দৃষ্টিগোচৰ
হোৱা নাই৷
ৰাজবংশৰ সৈতে ৰক্তসম্পৰ্ক দাবী কৰা পাঁচজনকৈ যুৱক
অথচ এজনৰো পিতৃ প্ৰাক্তন মহাৰাজ পাণ্ডু নাছিল৷ এনে অৱস্থাত তেওলোক পাণ্ডুৰে পুত্ৰ
বুলি প্ৰমাণ কৰিবলৈ নিশ্চয় সূত্ৰ এটাৰ প্ৰয়োজন হৈছিল৷ সকলো সময়তে চৌপাশৰপৰা ঋষি আৰু
যজমানসকলে সুৰক্ষা প্ৰদান কৰি থকা পাণ্ডুপত্নীদ্বয়ৰ সন্তানসকলৰ পৰিচয়ৰ বাবে সূত্ৰ
এটা ৰচনা কৰাটো অৱশ্যেই একো কঠিন কাম নাছিল৷
সম্ভৱতঃ তেনে
সূত্ৰৰে ফল হিচাপে ব্যাস প্ৰমুখ্যে দেৱদ্বিজসকলৰ প্ৰয়াসত সৃষ্টি কৰা হ’ল পাণ্ডৱ
বোলা নতুন অভিধাসূচক শব্দটো যিটো শব্দই মোক জ্ঞান হ’বৰ দিন ধৰি লগ এৰা দিয়া নাই৷
যুধিষ্ঠিৰে ইতিমধ্যে তেওঁৰ চাৰিওজন ভাতৃৰ সৈতে মিলি সিংহাসনৰ দাবী প্ৰকাৰান্তৰে উত্থাপন কৰিয়েই আহিছে৷ গুৰু দ্ৰোণাচাৰ্যয়ো কি ভাবি নাজানো, পাণ্ডুপুত্ৰ অজুৰ্নকহে শ্ৰেষ্ঠ যোদ্ধাৰূপে গঢ় দিবলৈ যত্নপৰ আছিল৷ আৰু শস্ত্ৰ পৰীক্ষণৰ সেই বিশেষ দিনটোত তেওঁ সকলোৰে সম্মুখত ঘোষণাও কৰিছিল যে অজুৰ্নেই সৰ্বশ্ৰেষ্ঠ যোদ্ধা৷ ভাবি মই আচৰিত হওঁ৷ মল্লযুদ্ধ, গদাযুদ্ধ, ৰথাৰোহণ, হস্তীচালনা, ব্যুহনিৰ্মাণ আদি বিবিধ বিদ্যাক উপেক্ষা কৰি কেৱল ধনুৰ্বিদ্যাৰ আধাৰতে এজন ক্ষত্ৰিয়ক কিদৰে সৰ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰিব পাৰি?
তদুপৰি ধনুৰ্বিদ্যাক মই কদাপি ক্ষত্ৰিয় বীৰৰ বাবে উচিত
শস্ত্ৰবিদ্যা বুলি মানি ল’ব নোৱাৰোঁ৷ মোৰ দৃষ্টিত ই বীৰ ক্ষত্ৰিয়ৰ বাবে কলংকৰ চিহ্নহে মাত্ৰ। ইয়াক নিষাদসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ আৰণ্যক
জীৱনচৰ্যাত সহায়ক বাবে৷ ক্ষত্ৰিয়য়ো মৃগয়াত ধনুৰ ব্যৱহাৰ কৰাত অৱশ্যেই মই আপত্তি নকৰোঁ৷
কিন্তু যুদ্ধৰ অস্ত্ৰ হিচাপে ধনুক প্ৰকৃততে মই ঘৃণাহে কৰোঁ৷ কাৰণ ধনুৰে বিভিন্ন
বিধ্বংসী অস্ত্ৰ প্ৰয়োগ কৰিব পাৰি যাৰদ্বাৰা প্ৰকৃততে যুদ্ধৰত প্ৰতিপক্ষৰ
সমান্তৰালভাৱে অসামৰিক ক্ষেত্ৰৰো ক্ষতি হয়৷
গুৰু দ্ৰোণই
অৱশ্যে এটা পৰ্যায়লৈ আমাক অসিবিদ্যাৰ শিক্ষা প্ৰদান কৰিছিল ঠিকেই, কিন্তু
অসিবিদ্যাতো শাৰীৰিক শক্তি বৰ বিশেষ প্ৰয়োজনীয় বুলি মই বিশ্বাস নকৰোঁ৷ অসিচালনাত
শৰীৰটোক দ্ৰুতভাৱে সঞ্চালিত কৰা আৰু প্ৰতিপক্ষৰ অনাবৃত দুৰ্বল অংশত আঘাত কৰাটোহে
প্ৰয়োজনীয়৷ কিন্তু গদাযুদ্ধ সম্পূৰ্ণ পৃথক আৰু ক্ষত্ৰিয়ৰ প্ৰকৃত গৰিমা গদাযুদ্ধতে
প্ৰকাশ পায় বুলি মই বিশ্বাস কৰোঁ৷
গুৰু
দ্ৰোণাচাৰ্যই গদাযুদ্ধক সৰ্বদা উপেক্ষা কৰিছিল৷
কিন্তু মোৰ
সৰ্বাধিক আগ্ৰহৰ বিষয় আছিল গদাযুদ্ধ৷ কাৰণ গদাযুদ্ধত শাৰীৰিক শক্তিৰ, শৰীৰ
সঞ্চালনৰ দক্ষতা, শত্ৰুক তেওঁৰ শৰীৰৰ বৈধ অংশত প্ৰহাৰ কৰাৰ
সমান্তৰালকৈ নিজকে শত্ৰুৰ আক্ৰমণৰপৰা সুৰক্ষিত কৰি ৰখাৰ লগতে অনুসৰণ-অপসাৰণৰ গতি আৰু
সিদ্ধান্ত গ্ৰহণ প্ৰতিভাৰো সমানে প্ৰয়োজন৷ তদুপৰি, গদাযুদ্ধ
প্ৰতিদ্বন্দ্বীৰ একেবাৰে নিকটৰপৰাহে সম্ভৱ আৰু অসিযুদ্ধৰ দৰে ইয়াত কোনো কৱচৰ
অতিৰিক্ত সুৰক্ষা গ্ৰহণ কৰিব নোৱাৰি৷ ধনুৰ দৰে আঁৰৰপৰা তীৰ প্ৰক্ষেপ কৰি নিজকে
সুৰক্ষিত কৰি ৰাখিবলৈ গদাযুদ্ধত সুযোগ নাথাকে৷ গতিকে মোৰ বিচাৰত অস্ত্ৰ হিচাপে গদা
হ’ব লাগে ক্ষত্ৰিয়ৰ প্ৰথম নিৰ্বাচন৷ কিন্তু গুৰু দ্ৰোণাচাৰ্যই মোক গদাটো
প্ৰাথমিকভাৱে কেনেকৈ ধৰিব লাগে সেইখিনি শিক্ষাও দিয়া নাছিল৷
শস্ত্ৰচালনা
পৰীক্ষণৰ সেই বিশেষ দিনটোতে অনাহূতভাৱে মঞ্চত আহি উঠিছিলহি এজন অপৰিচিত সাধাৰণ
যুৱক, কৰ্ণ৷ তেওঁ স্বয়ং সেই মঞ্চত ধনুৰ্বিদ্যাৰ এনে কিছুমান কৌশল প্ৰদৰ্শন
কৰিবলৈ আৰম্ভ কৰিছিল যে অৰ্জুনক সৰ্বশ্ৰেষ্ঠ যোদ্ধাহে নালাগে সৰ্বশ্ৰেষ্ঠ ধনুৰ্বিদ
বুলি প্ৰমাণ কৰিবলৈও গুৰু দোণ অক্ষম হ’লহেঁতেন৷
কৰ্ণৰ প্ৰদৰ্শনৰ
সময়ত গুৰু দ্ৰোণাচাৰ্য আৰু পঞ্চপাণ্ডৱৰ প্ৰতিজনৰে মুখমণ্ডলত প্ৰকাশ পাইছিল একে
ধৰণৰ অহৈতুক আশঙ্কা৷ সেই আশঙ্কাৰ অভিব্যক্তি আটাইতকৈ বেছিকৈ প্ৰকাশ পাইছিল অৰ্জুন
আৰু যুধিষ্ঠিৰৰ মুখমণ্ডলত৷ সমান্তৰালভাৱে অশেষ মনোবেদনা তথা উৎকণ্ঠা প্ৰকাশ পাইছিল
আমাৰ পিতৃৰ ভাতৃজায়া প্ৰাক্তন ৰাণী কুন্তীৰ মুখমণ্ডলত৷ তেওঁ আনকি এবাৰ অসুস্থ হৈও পৰিছিল৷ নিজৰ
জ্যেষ্ঠভাৱিকা কুন্তী অসুস্থ হৈ পৰোঁতে পিতৃব্য বিদুৰৰ ব্যস্ততা হৈ পৰিছিল অতিশয়
দৃষ্টিকটু৷
মই সেই সময়ত
পিতামহ ভীষ্ম আৰু মহামতি বিদুৰৰো অস্বাভাৱিক আচৰণ লক্ষ্য কৰিছিলোঁ৷ সমস্ত ঘটনাৱলী
যেন কাৰোবাৰ বিপক্ষে ঘটিব খুজিছিল নাইবা ঘটিছিল৷
কাৰ বিপক্ষে
ঘটিব খুজিছিল অথবা কাৰ বিপক্ষে ঘটিছিল সেয়া মই আজি পৰিমিত বুজিবলৈ সক্ষম নহ’লোঁ৷
... আৰু
কৰ্ণক অস্ত্ৰবিদ্যা প্ৰদৰ্শনৰপৰা অপমানজনক কৌশলেৰে বাৰণ কৰা হৈছিল সেইদিনা৷
লগে লগে
পঞ্চপাণ্ডৱ আনন্দত উল্লসিত হৈ উঠিছিল৷
যুধিষ্ঠিৰে যেন
স্বস্তিৰ নিশ্বাস লৈছিল সেই মুহূৰ্তত৷ এক সুদীৰ্ঘ অভীপ্সিত সম্পদ প্ৰাপ্তিৰ
সম্ভাৱনাত যেন তেওঁ আস্বস্ত হ’ব খুজিছিল সেইদিনা৷
সেয়ে যুধিষ্ঠিৰক
ৰাজ্যভাৰ দিবলৈ গ’লে চিৰদিনৰ কাৰণে হস্তিনাপুৰৰ অধিকাৰ হেৰুওৱাৰ আশঙ্কাত জৰ্জৰিত
হৈ আছিলোঁ মই৷ পুত্ৰ লক্ষ্মণকুমাৰৰ চাৰিত্ৰিক বিশেষত্ব এনেকুৱা আছিল যে তেওঁকো কোনেও
ৰাজদায়িত্ব দিব বুলি আশা কৰিব নোৱাৰি৷ ৰাজনৈতিক প্ৰশাসনিক কিংবা সামৰিক একো দিশতে
মোৰ পুত্ৰ লক্ষ্ণণৰ মনোযোগ নাই৷ তেওঁৰ ৰুচি কেৱল সাহিত্য, সঙ্গীত আদি
সুকুমাৰ কলাবিদ্যাতহে৷
আন সন্তান
প্ৰাপ্তিৰ অৰ্থে যদুৰাজ বলৰামৰ প্ৰবল ইচ্ছাসত্তেও তেওঁলোকৰ কুলতনয়া মোৰ
সুদীৰ্ঘকালৰ প্ৰেয়সী সুভদ্ৰাৰ সৈতে বিৱাহৰ জৰিয়তে স্থায়ী নৈতিক সম্বন্ধ স্থাপন
কৰাৰ সপোনো যেতিয়া অৰ্জুন আৰু কৃষ্ণই ভাঙি দিলে তেতিয়াই মই পাণ্ডুপুত্ৰগণ তথা
কৃষ্ণৰ প্ৰতি একেবাৰে বিতুষ্ট হৈ উঠিছিলোঁ৷
ৰাজকুমাৰী
দ্ৰৌপদীক পত্নীৰূপে লাভ কৰাত ব্যৰ্থতা, ইন্দ্ৰপ্ৰস্থ দৰ্শনৰ কালত দ্ৰৌপদীৰ
তাচ্ছিল্য, প্ৰিয়বন্ধু কৰ্ণক পাঞ্চাল ৰাজসভাত সুতপুত্ৰ
বুলি কৰা অপমান... এইবোৰে মোক মোৰ অভ্যন্তৰৰপৰাই দগ্ধ কৰি আনিছিল পৰ্যায়ক্ৰমে৷
পাণ্ডৱৰ
অহঙ্কাৰৰ প্ৰতীক ইন্দ্ৰপ্ৰস্থ নগৰীত দ্ৰৌপদীয়ে মোক কৰা অপমান জানো মোৰ বাবে সহনীয়
অথবা কম আাছিল?
আমাৰ পিতৃদেৱ
ধৃতৰাষ্ট্ৰ বাৰু প্ৰাকৃতিক কাৰণতে অন্ধ৷ কিন্তু কাৰোবাৰ অন্ধত্বক লৈ আন কোনোবা
মানসিকভাৱে সুস্থ ব্যক্তিয়ে উপহাস কৰিব পাৰে নে? অথবা তেনে কৰা
উচিত নে?
আৰু মোৰ
ক্ষেত্ৰত যদি তেনেই হয়? জন্মদাতা পিতৃৰ অন্ধত্বৰ উল্লেখেৰে কৰা অপমান
কোন পুত্ৰই সহ্য কৰিব পাৰে?
ৰাজসূয় যজ্ঞত
মোৰ ওপৰত আৰোপিত দায়িত্ব মই সুকলমেই পালন কৰিছিলোঁ৷ যজ্ঞৰ অন্তত যুধিষ্ঠিৰৰ আগত মই
নগৰখনৰ কাৰুকাৰ্য পৰিদৰ্শনৰ উদ্দেশ্য যেতিয়া ব্যক্ত কৰিছিলোঁ তেতিয়া তেওঁ সাগ্ৰহেই
অনুমতি দিছিল৷
কিন্তু যিহেতু
ইন্দ্ৰপ্ৰস্থৰ নিৰ্মাণশৈলীত বিভিন্ন আনুপুংখিক কৌশল থকা বুলি আমি নাজানিছিলোঁ
গতিকে যুধিষ্ঠিৰেই আমাৰ নগৰ পৰিদৰ্শনৰ বাবে এজন পথ প্ৰদৰ্শকৰ ব্যৱস্থা কৰি দিব
লাগিছিল৷ অৱশ্যে সেই প্ৰয়োজন ময়ো সেই মুহূৰ্তত অনুভৱ কৰা নাছিলোঁ৷ কিন্তু সম্মুখত
জলভাগ প্ৰত্যক্ষ কৰি পৰিধেয় বস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ পাছত দ্বিতীয়বাৰ ভ্ৰমবশতঃ ভূমি
বুলি কৃত্ৰিম জলভাগত পতিত হোৱাৰ দৰে অস্বস্তিকৰ অৱস্থাত পৰোঁতে তেওঁলোকৰ পক্ষৰপৰা
মোৰ প্ৰতি কোনো সান্ত্বনাসূচক বাণী অথবা তেওঁলোকৰ অপৰাধবোধ প্ৰকাশ কৰা
নহ’ল৷
তাৰ বিপৰীতে
প্ৰক্ষেপ কৰা হ’ল পিতা মহাৰাজ ধৃতৰাষ্ট্ৰৰ অন্ধত্বৰ উল্লেখেৰে বিষময় ভৰ্ৎসনা বাক্যহে!
কুৰুবধুৰ অযোগ্য
সেই বাক্য উচ্চাৰণ কৰিছিল সেইগৰাকী দ্ৰৌপদীয়ে যি এজনৰ পাছত এজনকৈ পাঁচজন ভাতৃৰ
সৈতে নিৰ্লজ্জৰ দৰে শাৰীৰিক সংসৰ্গ কৰিব পাৰে৷ আৰু তেনে কাৰ্যক ধৰ্মৰ প্ৰলেপ দিবও
পাৰে ঋষি-ব্ৰাহ্মণসকলে, দিছেও৷ মই কিন্তু নোৱাৰোঁ৷ অথচ সেইগৰাকী
পঞ্চপতিৰ পত্নী দ্ৰৌপদী প্ৰথম বাৰ হস্তিনাপুৰত প্ৰৱেশ কৰোঁতে আমি বংশৰ কীৰ্তি আৰু
সম্মান ৰক্ষা হওক বুলিয়ে আদৰণি জনাইছিলোঁ ‘শচীদেৱীসদৃশ শ্ৰদ্ধেয়া’ বুলি৷ তেওঁ আমাৰ
জ্যেষ্ঠভাৱিকা নে বধু সেয়া নিৰ্ণয় কৰিব পৰা নাছিলোঁ যদিও তেওঁৰ প্ৰতি সম্মান
প্ৰকাশত আমি কৃত্ৰিমতা প্ৰদৰ্শন কৰা নাছিলোঁ৷
কৃষ্ণবৰ্ণা
দিব্যৰূপিণী দ্ৰৌপদীক শাৰীৰিকভাৱে উপভোগ কৰিবলৈ ইচ্ছা কৰাও নাছিলোঁ মই৷ নিজকে অন্ততঃ মই
সিমান তললৈ অৱনমিত কৰিব নোৱাৰিম৷
সেয়ে পৰৱৰ্তী
কালত হস্তিনাপুৰৰ ৰাজসভাত সেই অহঙ্কাৰী নাৰীক নৈতিকভাৱে অপমান কৰি মোক কৰা অপমানৰ
প্ৰতিশোধ ল’ব খুজিছিলোঁ মাথোন৷ মামা শকুনিৰ পৰামৰ্শ মতে মই দ্যুতক্ৰীড়া আয়োজন
কৰিছিলোঁ সঁচা; কিন্তু তাৰ পৰিণতি কি হ’ব পাৰে সেয়া মোৰ
কল্পনাৰো অতীত আছিল৷ দ্যুতক্ৰীড়াত যুধিষ্ঠিৰক পৰাস্ত কৰাটোৱেই আছিল মোৰ আৰু মামা
শকুনিৰ প্ৰধান লক্ষ্য৷
কিন্তু তেনে এক
দ্যুতক্ৰীড়া আয়োজনৰ প্ৰস্তাৱ প্ৰথম বাৰৰ বাবে মোৰ সম্মুখলৈ আনিছিল পিতৃব্য মহামতি
বিদূৰেহে৷ অৱশ্যে সম্প্ৰতি মই এই তথ্য প্ৰমাণ কৰিব নোৱাৰোঁ৷
সেই ক্ৰীড়া
আয়োজনৰ বাবে পিতা মহাৰাজৰ অনুমতিৰ প্ৰয়োজন হৈছিল৷ মহাৰাজে মোৰ প্ৰাৰ্থনা শুনি বহু
সময় চিন্তা কৰিছিল; সম্ভৱতঃ ভৱিতব্য সম্পৰ্কেই৷ তাৰ পাছত তেওঁ
কৈছিল–
‘পুত্ৰ, মানুহে
সাধাৰণভাৱে দ্যুতক্ৰীড়া খেলাত কোনো বাধা থাকিব নোৱাৰে৷ কিন্তু কাৰোবাক নিমন্ত্ৰণ
কৰি অনা মানে আনুষ্ঠানিকভাৱে এনে ক্ৰীড়াৰ পৃষ্ঠপোষকতা কৰা৷ বিশেষকৈ কোনো ৰাজ্যৰ
ৰজাক নিমন্ত্ৰণ জনাই ক্ৰীড়াৰ প্ৰস্তাৱ দিয়াৰ লগে লগেই জয়-পৰাজয় হৈ পৰে সম্মানৰ
বিষয়৷ সেয়ে তেনে ক্ৰীড়াৰ পৰিণতি কেতিয়াবা অশুভও হ’বগৈ পাৰে৷ সেয়ে মই চিন্তাত
পৰিছোঁ৷’
পিতা মহাৰাজৰ
কথাষাৰত সত্যতা আছিল৷ আমি যুধিষ্ঠিৰক পৰাস্ত কৰিলে যুধিষ্ঠিৰে হয়তো বিষয়টো সহজে
গ্ৰহণ নকৰিব৷ কিন্তু তেওঁ ইন্দ্ৰপ্ৰস্থৰ ৰজা হ’লেও আমি পাৰস্পৰিকভাৱে একেটা বংশৰে
ভাতৃহে৷ তেওঁলোকে ইমান বিশাল আয়োজনেৰে ৰাজসুয় যজ্ঞ অনুষ্ঠিত কৰিলে আৰু আমি স্মৰণ
কৰিব পৰাৰেপৰা হস্তিনাপুৰত একো এটা উৎসৱেই অনুষ্ঠিত হোৱা নাই৷ ঠিক৷ একেবাৰে সঠিক
সময়ত মোৰ মনলৈ আহিল বিষয়টো৷ মই পিতা মহাৰাজক ক’লোঁ–
‘পিতা, আপোনাৰ
অনুমোদন নোহোৱাকৈ আমি একো কৰা নাই আৰু নকৰোঁও৷ আপুনি আমাক সেই শিক্ষা দিয়াও নাই৷
মই ভাবিছিলোঁ, নৱপ্ৰতিষ্ঠিত ইন্দ্ৰপ্ৰস্থ ৰাজ্যত আমাৰ পাণ্ডৱ
ভ্ৰাতাসকলে ইমান বিশাল আয়োজনেৰে ৰাজসুয় যজ্ঞ অনুষ্ঠিত কৰিলে৷ আমিও সাধ্যানুসাৰে
সহযোগ কৰিলোঁ৷ কিন্তু পিতা, আমাৰ মনত পৰাৰেপৰা হস্তিনাপুৰত একো এটা আনন্দ-উৎসৱ অনুষ্ঠিত হোৱা নাই৷ অৱশ্যেই মই উপলব্ধি কৰিব পাৰিছোঁ যে ৰাজ্যৰ আৰ্থিক অৱস্থা
বিশেষ সুস্থিৰ হোৱা নাই৷ সেয়ে অৰ্থক্ষয় নোহোৱাকৈ, ৰাজসভাৰ
অভ্যন্তৰৰ পৰিসৰতে আমি কেৱল দ্যুতক্ৰীড়াত অৱতীৰ্ণ হ’ব খুজিছিলোঁ৷’
আমাৰ কথোপকথনৰ
মাজতেই পিতৃব্য বিদূৰ আহি কক্ষত প্ৰৱেশ কৰি পিতাক শ্ৰদ্ধা জনাই আসন গ্ৰহণ কৰিছিল৷
তেখেতে চকু মুদি কিবা চিন্তা কৰিছিল নে কথা শুনিছিল বুজা নাছিলোঁ৷ মোৰ কথা শেষ
হোৱাৰ লগে লগে পিতৃব্যই ক’লে–
‘জ্যেষ্ঠ,
ৰাজকুমাৰৰ
প্ৰস্তাৱটোত একো অস্বাভাৱিকতা অথবা চিন্তা কৰিবলগীয়া আছে বুলি মই ভবা নাই৷ কিন্তু
এটা কথা৷ যদি আপুনি অনুমতি প্ৰদান কৰে তেন্তে ইন্দ্ৰপ্ৰস্থলৈ প্ৰেৰণ কৰা দূতজন
বিশ্বস্ত হ’ব লাগিব৷ যদি দূতজনে প্ৰসঙ্গটো সৰলভাৱে উত্থাপন কৰিব নোৱাৰে তেন্তে
পাণ্ডৱগণে বিষয়টো জটিল কৰি তুলিব পাৰে৷’
পিতৃব্যৰ
কথাষাৰৰ তাৎপৰ্য উপলব্ধি কৰিবলৈ যত্ন কৰিছিলোঁ মই৷
শেষত পিতা
মহাৰাজে অনুমতি প্ৰদান কৰিলে৷ আৰু তেওঁ ইন্দ্ৰপ্ৰস্থৰ সৈতে দৌত্যকাৰ্যৰ দায়িত্বও
পিতৃব্য বিদূৰৰ ওপৰতে আৰোপ কৰিলে৷
আঃ! মই যদি কদাপি অৱগত হ’লোহেঁতেন যে ইন্দ্ৰপ্ৰস্থত মোৰ অপমানক কেন্দ্ৰ কৰি দ্যুতক্ৰীড়াৰ আয়োজন কৰিবলৈ পৰোক্ষভাৱে মোক প্ৰৰোচিত কৰাসকলৰ ভিতৰত পিতৃব্য বিদূৰেই আছিল প্ৰধান...
২১ বিদূৰ৷
হস্তিনাপুৰৰ
গৃহযুদ্ধ এখন আছিল মোৰ কল্পনাত৷ মহাৰাজ ধৃতৰাষ্ট্ৰই দ্যুতক্ৰীড়াৰ অনুমতি প্ৰদান
কৰাৰ ক্ষণতে মোৰ সেই কল্পনা পৰিকল্পনালৈ পৰিৱৰ্তিত হ’ল৷ দ্ৰুতগতিত চিন্তা কৰি মই
মোৰ অভীপ্সিত আলোকৰ যেন সন্ধান লাভ কৰিলোঁ৷
ইন্দ্ৰপ্ৰস্থৰপৰা
প্ৰত্যাৱৰ্তনৰ পৰৱৰ্তী সময়খিনিত দুৰ্যোধনৰ মনোভঙ্গী লক্ষ্য কৰি মই আশ্চৰ্যবোধ
কৰিছিলোঁ৷ কি নো হ’ব পাৰে ৰাজকুমাৰৰ? ইমান সপ্ৰতিভ দুৰ্যোধনৰ মন যেন বিষাদৰ
মোঘে আৱৰি ধৰিছে!
মই শকুনিৰ সৈতে
বাৰ্তালাপ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ৷ শকুনিয়ে গান্ধাৰৰ সৈতে হস্তিনাপুৰৰ ব্যৱসায়িক
দিশৰ কিছুমান কথাত অনুমোদনৰ বাবে প্ৰায়ে ৰাজসভাৰ সৈতে সংলগ্ন মোৰ কাৰ্যালয় কক্ষলৈ
আহে৷
‘গান্ধাৰৰাজ,
ইন্দ্ৰপ্ৰস্থৰপৰা
প্ৰত্যাৱৰ্তনৰ সময়ৰেপৰা জ্যেষ্ঠ ৰাজকুমাৰৰ মনটো কিছু বিষণ্ণ যেন দেখিছোঁ৷ কি হৈছে
আপুনি কিবা জানেনে?’
শকুনি কিছু
চিন্তাগ্ৰস্ত হোৱা দেখিছিলোঁ৷ লাহে লাহে তেওঁ কৈছিল–
‘মহামহিম,
ইন্দ্ৰপ্ৰস্থ হৈছে সৌ সিদিনা প্ৰতিষ্ঠিত হোৱা নগৰ৷ তাতে মাননীয় মহাৰাজ যুধিষ্ঠিৰে ইমান বিশাল আয়োজনেৰে
ৰাজসূয় যজ্ঞ সম্পাদন কৰিলে৷ আমাৰ হস্তিনাপুৰত তেনে একো এটা অনুষ্ঠিত কৰিব নোৱৰাত
ৰাজকুমাৰৰ মনটো কিছু বিমৰ্ষ যেন লাগিছে৷ অৱশ্যে বিশদভাৱে মই একো নাজানো৷’
দুৰ্যোধনক
দ্ৰৌপদী আৰু ভীমে কৰা অপমানৰ বিষয়ে মই অজ্ঞতাৰ অভিনয় কৰিলোঁ৷ শকুনিৰ মিথ্যাচাৰ
লক্ষ্য কৰি গোপনে হাঁহি উঠিল মোৰ৷ কিছু চিন্তা কৰাৰ ভাৱ প্ৰদৰ্শন কৰি মই ক’লোঁ–
‘অ’, যদি
আপুনি কোৱাটো সত্য তেন্তে ই স্বাভাৱিকেই৷ প্ৰকৃততেই হস্তিনাপুৰত বহু বছৰ ধৰি বিশেষ উল্লেখযোগ্য উৎসৱ-অনুষ্ঠান আয়োজন কৰা হোৱাই নাই৷ কিবা এটা কৰিব লাগে৷ কিবা এটা কৰিব লাগে৷’ মই
চিন্তা কৰাৰ অভিনয় কৰিলোঁ৷ শকুনিয়ে মোৰ মুখমণ্ডল লক্ষ্য কৰি থাকিল যেন তেওঁ
দৃষ্টিৰেই মোৰ মনোজগতখন পাঠ কৰিবহে খুজিছে৷ মই অনুচ্চ কণ্ঠে ক’বলৈ ধৰিলোঁ–
‘অৱশ্যে সম্প্ৰতি হস্তিনাপুৰৰ আৰ্থিক অৱস্থা বৰ বিশেষ সুচল নহয়৷ এনে অৱস্থাত কিবা উৎসৱ আয়োজন কৰিব
পৰা নাযায়৷ কিন্তু মোৰ মনত এটা বুদ্ধি উপস্থিত হৈছে গান্ধাৰৰাজ৷ যদি এনে কিবা
ক্ৰীড়া উৎসৱ আয়োজন কৰিব পাৰি য’ত আমাৰ হাতত অপৰ পক্ষৰ সম্পদ আহৰণৰ সুযোগ থাকে?
কিন্তু
কি তেনে ক্ৰীড়া? তেনে ক্ৰীড়া কি হ’ব পাৰে?’ মই
যথেষ্ট চিন্তিত হোৱাৰ ভঙ্গী কৰি শকুনিক ক’লোঁ–
‘আপুনিও চিন্তা
কৰকচোন গান্ধাৰৰাজ৷ কিবা উপায় পালেই আপুনি প্ৰত্যক্ষভাৱে মোকে অৱগত কৰে যেন৷
তেতিয়া মই মহাৰাজৰপৰা প্ৰয়োজনীয় অনুমতি আদায় কৰি সমাৰোহ আয়োজনত মনোনিৱেশ কৰিম৷
হস্তিনাপুৰতকৈ অধিক সম্পদশালী ৰাজ্যৰ ৰাজন্যবৰ্গক আমন্ত্ৰণ জনাব লাগিব৷ তেতিয়াহে
আনন্দ আৰু অৰ্থলাভ দুয়োটা উদ্দেশ্য সিদ্ধি হ’ব৷’
শকুনিক
সিমানখিনি কথাহে মই কৈছিলোঁ৷ মই জানিছিলোঁ যে মই ইতিমধ্যে গোপন অভিযানৰ আধাতকৈও অধিক অংশ সেই সময়তে সম্পন্ন কৰিবলৈ সক্ষম হৈছিলোঁ৷
মোৰ কথা শুনি গৈ
শকুনিয়ে আহত সিংহৰ দৰে অপমানত ছটফটাই থকা দুৰ্যোধনৰ সৈতে সেইটো বিষয়ৰে মন্ত্ৰণা
কৰিলেগৈ৷ তাৰ দুদিনৰ পাছতে মহাৰাজ ধৃতৰাষ্ট্ৰৰ আহ্বানত মই গৈ তেখেতক সাক্ষাৎ
কৰিলোঁগৈ৷ তেখেতে মোক হস্তিনাপুৰত দ্যুতক্ৰীড়া আয়োজনৰ বাৰ্তা দিয়াৰ লগতে সেই
ক্ৰীড়াত অংশ গ্ৰহণৰ অৰ্থে ইন্দ্ৰপ্ৰস্থৰ ৰজা যুধিষ্ঠিৰক আহ্বানসহ নিমন্ত্ৰণ
জনাবলৈ মোক প্ৰেৰণ কৰিলে৷
ইন্দ্ৰপ্ৰস্থৰৰ
ৰজা যুধিষ্ঠিৰলৈ অগ্ৰিম বাৰ্তা প্ৰেৰণ কৰাৰ পাছত দ্ৰুত গতিসম্পন্ন ৰথেৰে অগ্ৰসৰ হৈ
নৌকাৰে যমুনা পাৰ হৈ পুনৰ পূৰ্বপ্ৰস্তুত কৰাই ৰখা ৰথত আৰোহণ কৰি মই ইন্দ্ৰপ্ৰস্থত
প্ৰৱেশ কৰিলোঁ আৰু প্ৰথমেই প্ৰজাৱতী কুন্তীক সাক্ষাৎ কৰিলোঁগৈ৷
সৌহাদ্যসূচক
বাৰ্তবিনিময়ৰ পাছতে তেওঁক মই অৱগত কৰিলোঁ–
‘হস্তিনাপুৰৰ
ৰাজনৈতিক পৰিৱৰ্তনৰ কিছু ইঙ্গিত সম্প্ৰতি লাভ কৰিছোঁ৷ অৱশ্যে এই প্ৰাপ্তিৰ পথত
পাণ্ডৱগণে কিছু কষ্ট অতিক্ৰম কৰিব লাগিব৷ আপুনি যথেষ্ট ধৈৰ্য সহকাৰে কিছু অভিনয়
কৰিব লাগিব৷ আগন্তুক কেইদিনমানৰ ভিতৰতে পাণ্ডৱসকল বনবাসৰ উদ্দেশ্যে যাত্ৰা কৰিব
লাগিব৷ তাৰ কাৰণে পৃষ্ঠভূমি প্ৰস্তুত কৰা হৈ গৈছে৷’
প্ৰজাৱতী
কুন্তীক মই সকলো পৰিকল্পনা অৱগত কৰিলোঁ৷ তেওঁ বিশ্বাস-অবিশ্বাসৰ মাজেদি মোৰ
কথাখিনি শ্ৰৱণ কৰি আছিল৷ তেওঁৰ মুখৰ অভিব্যক্তি লক্ষ্য কৰিয়ে এইবাৰ মই স্পষ্টকৈ
জনালোঁ–
‘হস্তিনাপুৰৰ
ইমান সমীপতে থাকি হস্তিনাপুৰৰে বিৰুদ্ধে যুদ্ধপ্ৰস্তুতি আৰম্ভ কৰাটো অসম্ভৱ হ’ব,
দেৱী৷
এই কাৰণতে, কেৱল এইটো কাৰণতে পাণ্ডৱসকল ইন্দ্ৰপ্ৰস্থৰপৰা
আঁতৰি যাবই লাগিব৷ যাবই লাগিব৷ এইবাৰ মই মহাৰাজ যুধিষ্ঠিৰৰ সাক্ষাৎ প্ৰাৰ্থনা
কৰোঁগৈ৷ আপুনি কিন্তু মোৰ কোনো কথা শুনা নাই বুলিয়ে মই ধৰি লৈছোঁ৷ কিছু কথা কেৱল
যুধিষ্ঠিৰেহে জনা সম্প্ৰতি উচিত হ’ব৷ অন্যথা পৰিকল্পনা অনুসৰি নাটকখনৰ ফল লাভ কৰা
সম্ভৱ নহ’বগৈও পাৰে৷’
‘আপোনাৰ প্ৰতিটো
পদক্ষেপেই মোৰ পুত্ৰসকলক তেওঁলোকৰ জন্মাৱধি সাহায্য কৰি আহিছে মাননীয়৷ এই কাৰণত মই
আপোনাৰ ওচৰত চিৰকৃতজ্ঞ৷’
‘আৰু একে
পদক্ষেপেই জানো ধাৰ্তৰাষ্ট্ৰগণক অধৰ্মৰ প্ৰতিভূ কৰি তোলা নাই? প্ৰকৃত
কথা কি জানে প্ৰজাৱতী? জগতৰ এক আমূল পৰিৱৰ্তন কামনা কৰিছে দেৱতাসকলে,
ব্ৰাহ্মণসকলেও৷
এনে শক্তিৰ সম্মুখত আমি সামান্য নিমিত্তহে৷ অধৰ্মৰ মূলোৎপাত কৰি ধৰ্ম সংস্থাপনৰ
উদ্দেশ্যে আমি এনে সামান্য সহযোগ আগ বঢ়াব পাৰিলে আমাৰ জীৱনে একোটা অৰ্থ আহৰণ
কৰিব৷’
‘মই সামান্যা
অসহায়া নাৰী৷ এজন প্ৰাক্তন ৰাজাধিৰাজৰ পত্নী হৈও মই অসহায় হৈ কেৱল পুত্ৰগণৰ
প্ৰতিষ্ঠাৰ সপোন দেখি আহিছোঁ৷ পিতৃৰাজ্য পুনৰুদ্ধাৰ কৰি মোৰ পঞ্চপুত্ৰ পুনৰ
প্ৰতিষ্ঠিত হওক, এয়ে মোৰ কামনা৷ এই যাত্ৰাত আপুনি দীৰ্ঘদিন ধৰি
সাহায্য প্ৰদান কৰি আহিছে৷ শৈশৱত ভীমৰ খাদ্যজনিত বিষক্ৰিয়া হোৱাৰপৰা আৰম্ভ কৰি
জতুগৃহৰ দুৰ্ঘটনা পৰ্যন্ত আপুনি বিশেষ দূৰদৰ্শিতাৰে মোৰ পঞ্চপুত্ৰৰ পথিকৃতৰ ভূমিকা
পালন কৰি আহিছে...৷’
‘আৰু নক’ব দেৱী৷
আৰু নক’ব৷ মই জানো আপোনাৰ পঞ্চপুত্ৰৰ সৈতে মোৰ সম্পৰ্ক কি? মই এইটোও জানো
যে জ্যেষ্ঠ পাণ্ডুৰ অবৰ্তমানত তেওঁলোকক অভিভাৱকত্ব প্ৰদান কৰিবলৈ যত্ন কৰাটো মোৰ
বিহিত কৰ্তব্য৷’
আচলতে অতীতৰ
কিছুমান ঘটনা স্মৰণ কৰি মই কিছু বিব্ৰত বোধ কৰোঁ৷ কুন্তীৰ সৈতে মোৰ সম্পৰ্কটো আজিও
সহজ নহ’ল৷ অথচ তেওঁৰ প্ৰতি মোৰ অন্তৰত প্ৰীতিভাব নোহোৱা নহয়৷ কিন্তু ভীমসেনৰ জন্মৰ
সন্দৰ্ভত তেওঁৰ ভূমিকাক মই অদ্যাপি বিশ্বাস কৰিব পৰা নাই৷ সম্ভৱতঃ নোৱাৰিমো৷
এই যে মোৰ
অভ্যন্তৰৰ সন্দেহবাদী ব্যক্তিজন, এওঁৰ কাৰণে নিজৰ বিৱাহিতা পত্নীও
সন্দেহাতীত নহয়৷ মই জানো যে এনে সন্দেহৰ কাৰণ মই নিজে৷ তথাপি মোৰ সন্তানত্ৰয় ক্ৰমে
অনস্ব, অনুকেতু আৰু অম্বাৱতীৰ পিতৃপৰিচয়ক লৈ গোপনে সন্দেহশীল৷ এনে হ’ব
নালাগিছিল৷ কিন্তু কুন্তী আৰু মাদ্ৰীৰ সৈতে মোৰ যি গোপন সম্পৰ্ক প্ৰতিষ্ঠা হৈছিল
তাৰ ফলস্বৰূপেই নাৰীৰ প্ৰতি মোৰ মনত কিছুমান বিষময় ধাৰণাৰ সৃষ্টি হৈছিল৷
এনে কাৰণতে
সন্তানত্ৰয়ৰ প্ৰতি মই কদাপি সচেতন হ’ব নোৱাৰিলোঁ৷ লোকচক্ষুত মোৰ ৰাজনৈতিক
ব্যস্ততাবশতঃ এনে হোৱা বুলি প্ৰমাণ হ’ব পাৰে, কিন্তু মই নিজৰ
ওচৰত মিথ্যাচাৰ কৰিব নোৱাৰোঁ৷
এতিয়াও মই
পাণ্ডৱৰ প্ৰতি যি আকৰ্ষণ অনুভৱ কৰোঁ তাৰ বিপৰীতে মোৰ পুত্ৰদ্বয়ে মোৰ প্ৰতি অনুভৱ
কৰিবলৈ ধৰিছে বিকৰ্ষণ৷ সম্ভৱতঃ বিতৃষ্ণা৷
আৰু সেয়ে তেওঁলোক দুয়ো হৈ উঠিছে দুৰ্যোধনৰ একান্ত অনুগত৷
২২ যুধিষ্ঠিৰ৷
মোৰ পৰিকল্পনা
অনুসাৰেই আগ বাঢ়িছিল ঘটনাপ্ৰৱাহ৷
পিতৃব্য বিদূৰে
হস্তিনাপুৰৰ মহাৰাজ ধৃতৰাষ্ট্ৰৰ পক্ষৰ হৈ অনা প্ৰস্তাৱটো শুনি মই আনন্দিত হৈছিলোঁ৷
দ্যুতক্ৰীড়া
মোৰ অন্যতম প্ৰিয় বিষয় হোৱাৰ লগতে জম্বুদ্বীপত এই ক্ৰীড়াৰ এজন বিশেষজ্ঞ বুলিও মই
স্বীকৃতি অৰ্জন কৰিছোঁ৷ হস্তিনাপুৰ নিৱাসী গান্ধাৰৰ ৰজা মামা শকুনিও এই ক্ৰীড়াৰ
এজন অবিতৰ্কিত বিশেষজ্ঞ৷ অৱশ্যে চিত্ৰসেন, বিবংশতি, পুৰুমিত্ৰ,
সত্যব্ৰত
আদি একাধিক দ্যুতক্ৰীড়াত পাৰদৰ্শী ব্যক্তি আছে৷
অৱশ্যে আসন্ন
ক্ৰীড়াত মই নৈপুণ্য প্ৰদৰ্শন কৰাৰ যত্ন সমূলি নকৰোঁ৷
মই সংগোপনে
পিতৃব্যৰ সৈতে আলোচনা কৰিলোঁ৷ কিছুমান বিষয় মই মোৰ ভাতৃগণকো বুজাবলৈ সক্ষম নহওঁ৷
কাৰণ ভীমৰ আকস্মিক উগ্ৰতা আৰু অৰ্জুনৰ প্ৰচুৰ নীতিনিষ্ঠতাই বহু সময়ত মোৰ
পৰিকল্পনাত অসুবিধাৰ সৃষ্টি কৰি আহিছে৷ অৱশ্যে নকুল আৰু সহদেৱক লৈ একো সমস্যা নাই৷
মোৰ একমাত্ৰ
লক্ষ্য হৈছে হস্তিনাপুৰৰ ৰাজ সিংহাসন৷ পিতৃব্য বিদুৰ আৰু মাতৃ কুন্তীদেৱীয়ে মোক
জ্ঞান হোৱাৰ দিন ধৰি এই লক্ষ্য স্থিৰ কৰাই লক্ষ্যত উপনীত হোৱাৰ সপোন দেখুৱাই
আহিছে৷
‘পুত্ৰ, তোমাৰ
গোপন বাৰ্তা অনুসৰিয়ে মই যথাসম্ভৱ সকলো ব্যৱস্থা কৰিবলৈ সক্ষম হ’লোঁ৷’
‘সুন্দৰ, পিতৃব্য!’
উৎফুল্লিত হৈ উঠিছিলোঁ মই৷ পিতৃব্যই কৈ গৈছিল–
‘পুত্ৰ
যুধিষ্ঠিৰ৷ এই মুহূৰ্তত আসন্ন দ্যুতক্ৰীড়াৰ উদ্দেশ্যে সৰ্বাধিক দৃঢ়ভাৱে প্ৰস্তুত
হ’ব লাগিব তুমি নিজে৷ তোমাৰ মাতৃদেৱীক মই সকলো বিষয় সুন্দৰভাৱে বুজাই ৰাখিম৷
কিন্তু তেওঁ প্ৰকাশ্যভাৱে এই প্ৰসঙ্গত একোকে নাজানিব৷ তোমাৰ ভাতৃগণ আৰু দ্ৰৌপদীক
কিন্তু তোমাৰ এই গুপ্ত অভিযানৰ বিষয়ে সম্প্ৰতি তুমি সামান্য আভাসো দিব নালাগিব৷
কাৰণ, পৰিকল্পনা অনুসৰি তুমি ইচ্চানুসৰি কৰিবলগীয়া ভুলবোৰৰ
প্ৰতিক্ৰিয়াস্বৰূপে তেওঁলোকে স্বাভাৱিক
প্ৰবৃত্তিৰে প্ৰকাশ ঘটাব লাগিব৷ তুমি সৰ্বাধিক বিতুষ্ট কৰিব লাগিব
দ্ৰৌপদীক৷ মন কৰিবা বৎস, দ্ৰৌপদীয়েই তোমালোক পঞ্চভ্ৰাতাৰ
মেৰুদণ্ড৷ দ্ৰৌপদী বিতুষ্ট হ’লেহে অদূৰ ভৱিষ্যতে ধাৰ্তৰাষ্ট্ৰসকলৰ সৈতে তোমালোকৰ
সম্মুখ সমৰৰ পটভূমি ৰচিত হ’ব৷ আৰু এনে পটভূমি ৰচনা কৰিবলৈ তোমালোকে ৰাজ্যত্যাগ
কৰাটো সম্প্ৰতি হৈ উঠিছে অতিশয় প্ৰয়োজনীয়৷’
পিতৃব্যৰ কথা
শুনি মই আশ্চৰ্যবোধ কৰিছিলোঁ৷ কাৰণ পিতৃব্যই যিখিনি কথা মোক বুজাইছিল সেই একেখিনি
কথাকে মই গুপ্তবাহকৰ জৰিয়তে তেখেতলৈ পত্ৰৰূপে প্ৰেৰণ কৰিছিলোঁ৷ মোৰ হাঁহিও উঠিছিল
তেখেতে মোৰ ওপৰত অভিভাৱকত্বৰ প্ৰভাৱ আৰোপ কৰিব খোজা বুলি৷
মোৰ সৈতে
মন্ত্ৰণাৰ অন্তত পিতৃব্যই মোৰপৰা বিদায় লৈছিল৷ মই কিন্তু তেখেতক বিদায় সম্ভাষণ
জনাবলৈ আসনৰপৰা থিয় হ’বও পৰা নাছিলোঁ৷ কিছুমান প্ৰাসঙ্গিক চিন্তাই সেই সময়ত মোৰ
মনত প্ৰবল তৰঙ্গ সৃষ্টি কৰিছিল৷
ভাৰতৰাজ্যৰ ৰজা
ধৃতৰাষ্ট্ৰৰ প্ৰধান অমাত্য হৈ কি গোপন কাৰণত গুপ্তভাৱে সেই ৰাজ্যৰ অহিত কামনা
কৰিছে পিতৃব্য বিদূৰে? নে তেওঁ প্ৰকাৰান্তৰে আমাৰহে অহিত কামনা কৰে?
ৰাজনীতিত
অসম্ভৱ বুলিতো একো কথা বা বিষয়েই নাথাকে৷ তেন্তে? মই তেখেতক ইমান
বিশ্বাসভাজন বুলি গ্ৰহণ কৰাটো ভুল হোৱা নাইতো?
মাতৃদেৱীৰ
সম্মুখত কৌশলেৰে মই পিতৃব্য বিদূৰৰ ৰাজনৈতিক অভীষ্ট সম্পৰ্কে প্ৰশ্ন উত্থাপন
কৰিছিলোঁ৷ মই তেখেতৰপৰা পৰোক্ষভাৱে এই জিজ্ঞাসাৰ উত্তৰ প্ৰাৰ্থনা কৰিছিলোঁ যে কিবা
ৰাজনৈতিক পৰিক্ৰমাৰ ফলস্বৰূপে পিতৃব্য বিদূৰে পাণ্ডৱক অন্যায় কৰিব নোৱাৰেনে?
অথবা
পিতৃব্যৰ জৰিয়তে আমি কেনেবাকৈ ধাৰ্তৰাষ্ট্ৰসকলৰ অভিসন্ধিৰ মাজত সোমাই পৰিলে কি হ’ব?
মাতৃদেৱীহে
মৃদুভাৱে হাঁহিছিল আৰু গোপন অশ্ৰু সম্বৰণ কৰিব খুজিছিল যদিও মোৰ দৃষ্টিৰপৰা সেই
অশ্ৰু গোপন হৈ ৰোৱা নাছিল৷
‘মাতৃ! মই আপোনাক
কিবা প্ৰকাৰে আহত কৰা নাইতো?’ মই সুধিছিলোঁ৷
‘নাই কৰা, পুত্ৰ৷
মই মোৰ পুত্ৰৰ চিন্তাৰ মাজত ৰাজনৈতিক পৰিপক্কতাৰ সম্ভেদ লাভ কৰিছোঁ যি কাৰণে মই
মোৰ আনন্দাশ্ৰু সম্বৰণ কৰিব পৰা নাই৷’
মই মাতৃদেৱীৰ
মুখলৈ চাই ৰৈছিলোঁ নিস্পলক দৃষ্টিৰে৷ সামান্য ৰৈ তেখেতে কৈছিল–
‘পুত্ৰ, তুমি
ক্ৰমশঃ ৰাজনৈতিকভাৱে পৰিপক্ক আৰু চতুৰ হৈ উঠিছা৷ এইখিনি চতুৰতা নহ’লে হস্তিনাপুৰৰ
সিংহাসনত উপৱিষ্ট হ’বা কেনেকৈ? তোমাৰ পিতৃব্য বিদুৰ সম্পৰ্কে যি
সন্দেহ সিও তোমাৰ ৰাজনৈতিক পৰিপক্কতাৰে সূচক৷ কিন্তু পুত্ৰ, এই সংসাৰত তুমি
যদি কোনোবা ব্যক্তিক সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰাঁ সেইজন হৈছে হস্তিনাপুৰৰ
মহামন্ত্ৰী বিদুৰ৷ মহাৰাজ পাণ্ডুৰ অবৰ্তমানত তেওঁ কাৰ্যতঃ তোমালোক পঞ্চভ্ৰাতাৰ
পিতৃৰ কৰ্তব্যকে পালন কৰি আহিছে৷ স্মৰণ কৰাঁচোন পুত্ৰ, শৈশৱতে খাদ্যত
বিষক্ৰিয়া হোৱা ভীমৰ ক্ষেত্ৰত তেওঁ কি ভূমিকা পালন কৰিছিল? আৰু বাৰণাৱতত
দুৰ্যোধনে আমাৰ উদ্দেশ্যে নিৰ্মাণ কৰোৱা শিৱ নামৰ গৃহৰ নিৰ্মাণত লাক্ষাদি দাহ্য
পদাৰ্থৰ সংমিশ্ৰণ ঘটাই, অগ্নিকাণ্ড সংঘটিত কৰি আমাক তাৰপৰা সংগোপনে পলায়ন কৰাৰ সুবিধা কৰি দি
শকুনিৰ সৈতে ধাৰ্তৰাষ্ট্ৰগণক অপযশৰ পাত্ৰ কৰি তোলা নাছিল? স্মৰণ কৰাঁচোন,
সেই
লাক্ষাগৃহত অগ্নিদগ্ধ হ’বলৈ পঞ্চপুত্ৰসহ কোনো এক দুৰ্ভাগিনী মাতৃৰ ব্যৱস্থাও তেৱেঁই কৰি
দিয়া নাছিল জানো? বাৰণাৱতৰ সেই ঘটনাটোৰ পৰৱৰ্তী কালতহে ৰাজ্যৰ
সমূহ প্ৰজাৰ মনত দুৰ্যোধনাদিৰ প্ৰতি ঘৃণা আৰু তোমালোকৰ প্ৰতি প্ৰীতিভাব জাগ্ৰত
হৈছিল৷’
মাতৃদেৱীয়ে
কথাখিনি কৈ থাকোঁতে তেওঁৰ মুখমণ্ডলত পৰিস্ফূত হৈছিল এক প্ৰকাৰ গৌৰৱৰ আভা৷ অথচ, মোৰ
জ্ঞান-বুদ্ধিৰে বিৱেচনা কৰিলে দেখোঁ, পিতৃব্য বিদূৰৰ সেই সমস্ত কাৰ্য দেখোন
অনৈতিকহে আছিল৷ তেন্তে?
মূঢ়-মূক
দৃষ্টিৰে মই মাতৃদেৱীৰ মুখমণ্ডললৈ লক্ষ্য কৰি আছিলোঁ৷ কিমান সময় পাৰ হৈ গৈছিল মোৰ
ধাৰণা নাছিল৷ মাতৃদেৱীয়ে আৰু কিবা কৈছিল যদিও মোৰ কৰ্ণগোচৰ হোৱা নাছিল৷
‘পুত্ৰ!’ কিছু
উচ্চগ্ৰামত মাতৃকণ্ঠ শুনি মই প্ৰায় চক খাই উঠিলোঁ৷
‘কি চিন্তা কৰিছা?’
‘না... নাই৷ একো
নাই৷’
‘ৰাজনীতিত ধৰ্ম
ৰক্ষাৰ উদ্দেশ্যে বহু সময়ত অধৰ্মাদিও আচৰণ কৰিবলগীয়া হ’ব পুত্ৰ৷ সম্প্ৰতি তুমি
স্বয়ং এনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, এনে কিছু
পদক্ষেপেৰে অগ্ৰসৰ হ’ব লাগিব যিবোৰ আপাততঃ অধৰ্ম যেনেই লাগিব৷ কিন্তু গভীৰভাৱে
লক্ষ্য কৰিলে দেখিবা, সেইবোৰ ধৰ্মৰ উদ্দেশ্যেই সংঘটিত হ’ব৷ ধৰ্ম
প্ৰতিষ্ঠা কৰিব পৰা-নোৱৰাটো তোমাৰ ওপৰতে নিভৰশীল৷ একেদৰেই তুমি সম্পন্ন কৰা কোনো
কাৰ্যক ধৰ্মৰূপে প্ৰতিষ্ঠা কৰিব পৰা-নোৱৰাটোও তোমাৰ দক্ষতাৰ ওপৰতে নিৰ্ভৰশীল৷
ধৰ্মপুত্ৰ তুমি, পুত্ৰ৷ তুমি কালক্ৰমত ধৰ্মৰাজ হৈ উঠিব পাৰিব
লাগিব৷’
হয়৷ মই ধৰ্মৰাজ হৈ উঠিব পৰাকৈ পৰিকল্পনা কৰিব লাগিব৷
মই পাৰিব লাগিব৷ যিদৰে ধৰ্মাত্মাৰূপে প্ৰতিষ্ঠা লাভ কৰিছে পিতৃব্য বিদুৰে৷
(আগলৈ)