জয়ন্ত মাধৱ বৰা
৷৷ সাত৷৷
ঠেলাখনত চন্দ্ৰৰ
ঘৈণীয়েকৰ শটো লৈ গণেশ আৰু চন্দ্ৰ গাঁওখনত সোমোৱাৰ লগে লগে অৱধাৰিতভাৱেই উদ্ভ্ৰান্ত
হৈ পৰিল পৰিপাৰ্শ্ব– যেন দুয়োটাই ডাইনীৰ অভিশাপ এসোপাহে গাঁওখনলৈ লৈ আহিছে৷ সকলোৱে
আকৌ ডাইনীৰ কথা পাতিবলৈ ল’লে৷ বহুতে ভাবিলে, ডাইনীৰ অভিশাপে
ঘন কুৱঁলীৰ আচ্ছাদনৰ দৰে গাঁওখনক গিলিপ মাৰি ধৰিছে৷ আকৌ ফুজিং ছাকায়, ছাই
খাইতী, ৰায়চাক ছেৰছেলক কায়, ৰামিনি ৰায়– এই ডাইনীবোৰৰ কথা ওলাল৷
কথাবোৰে ৰং সলাই, বাট সলাই গাঁওখনত ঘূৰি ফুৰিলে৷ কথাবোৰে বৰগছৰ
দৰে জঁটা মেলি গাঁওখনক সাবটি ধৰিলে৷ কথাবোৰে অজান নিশাৰ নিশ্চিতি কঢ়িয়াই আনিলে৷
মানুহবোৰৰ ভয় লাগিল৷ আন্ধাৰে পুতি পেলালে মানুহবোৰক৷ পৰিস্থিতি এনেকুৱা হ’লগৈ,
শটো
সৎকাৰ কৰিবলৈ গাঁওখনত মানুহ নোলোৱা হ’ল৷ কিছুমান যাব খোজে– ‘ই বিপদত পৰ্ছে,
আমি
সহায় নুকুৰিলি কায় কুৰব?’ কিছুমানে
বাধা দিয়ে–‘না না আমাকো ভূটনীয়ে ধুৰ্বো’৷ ইপিনে হীৰা দোকানী খঙত অগ্নিশৰ্মা৷ তাৰ
ঠেলাখন চন্দ্ৰ আৰু গণেশে ৰাতি চুৰি কৰি নিয়াদি মনে মনে লৈ গৈ চুৱা কৰিলে৷ সেইখনত
আৰু দোকানৰ মাল আনিব নোৱাৰি৷ তাক ঠেলাখনৰ দাম লাগে৷ হীৰা দোকানীৰ দোকানৰ পৰা বাকী
খোৱা বহুতেই কথাটো সমৰ্থন কৰিলে– ‘কমচে কম তাক সুধি নিবা লাগছিল৷ ইতাটো চুৰ কৰা
নিচিনা হ’ল৷’ মনে মনেও থাকিল বহুত– না হীৰা দোকানীৰ ফালে ক’লে, না
চন্দ্ৰৰ হৈ মাত মাতিলে৷ অৱশেষত পৰিস্থিতিৰ ওচৰত চন্দ্ৰৰ অসহায় আত্মসমৰ্পণ৷ ঠেলাখনৰ
টকাখিনি দিম বুলি ক’বলৈ সি বাধ্য হ’ল৷
চন্দ্ৰ আৰু গণেশে
বুজি পালে হলা গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰিব বিচাৰেই৷ সিহঁতে ঠিক কৰিলে,
ঠেলাখনৰ দামটো যেতিয়া দিবলগা হ’লেই, সেইখনতে শটো নি সৎকাৰ কৰি আহিব৷ কাৰো সহায়
নালাগে৷ সেইমতে দুয়োটাই যা-যোগাৰ আৰম্ভ কৰিলেই৷ তেতিয়াহে কিছুমানৰ হুচ্ আহিল বোলে
কথাটোতো বেয়া হ’ব৷ কাললৈকে কথাটো থাকি যাব বোলে ঘৈণীয়েক মৰোঁতেও গাঁৱৰ মানুহে সহায়
নকৰিলে৷ প্ৰথমে ডেকা কেইটামান আগ বাঢ়ি আহিল৷ সিহঁতক দেখি বয়সিয়াল কেইজনমানো আগ বাঢ়ি
আহি নীতি-নিয়মবোৰ বুজাই দিলে৷ কোনটোৰ পাছত কোনটো কাম কৰিব লাগিব নিদ্দেৰ্শ দিবলৈ
ধৰিলে৷ এটা সময়ত এনেকুৱা হ’লগৈ, চন্দ্ৰই একো কৰিবই লগা নহ’ল৷ কিবা
কিনিব লগা হ’লেও গাঁৱৰ মানুহেই পইচা তুলি কিনি আনিলে আৰু সকলো নীতি-নিয়ম মানি শটো
সৎকাৰ কৰি আহিল৷ চন্দ্ৰ কেৱল লগত গ’লহে আৰু বয়সিয়ালসকলে যি কৰিবলৈ ক’লে, যেনেদৰে
কৰিবলৈ ক’লে, কৰি আহিল৷ কামবোৰ কৰি থাকোঁতে চন্দ্ৰ আৰু গণেশ
দুয়োটাই ভাবিলে, সিহঁতৰ গাঁৱৰ মানুহবোৰ অশিক্ষিত হ’ব পাৰে,
কিন্তু
অন্তৰত মানুহৰ প্ৰতি ভালপোৱা আছে৷ আনকি হীৰা দোকানীয়েও শেষত ক’লে– ‘দে দে, তুই
ঠেলাৰ দাম দিবা নালগে দে৷ ঠেলাখান তোকে দিছোং দে৷ শ্ৰাদ্ধত বস্তু-বাহানি আনবা ভাল
হ’ব’৷
কামবোৰ কৰি আহি
ঘৰ সোমাওঁতে চন্দ্ৰৰ ঘৰখন উকা উকা লাগিল৷ আগতে দোকানৰ পৰা ঘৰলৈ আহি সি বিচৰা মতে
পৰিৱেশটো নাপালেই ঘৈণীয়েকৰ ওপৰতে খং উঠিছিল৷ সময়মতে ভাত, চাহ নিদিলে গালি
পাৰিছিল৷ গেলা খাই আহি কেতিয়াবা মৰিয়াইছিলো৷ তাৰ পাছতো মানুহজনীয়ে তাক সহ্য কৰি
আছিল৷ কোনোদিন ক’তো তাৰ কথা কাৰো আগত বেয়াকে কোৱা নাছিল৷ সিহঁতৰ ল’ৰা-ছোৱালী নাছিল,
তথাপি
তাইৰ আক্ষেপ নাছিল৷ সি যেতিয়াই বিচাৰে লগত শুই দিছিল৷ যিমান পাৰে তাক আৰামত ৰখাৰ
চেষ্টা কৰিছিল৷ এবাৰ তাৰ এটা দুৰ্ঘটনা হৈছিল৷ ঘৰৰ পৰা দোকানলৈ যাওঁতে বাটত পিছফালৰ
পৰা মটৰ চাইকেলেৰে খুন্দিয়াই দিছিল৷ তাৰ ভৰি এটা ভাগিছিল৷ এমাহ ধৰি সি বিছনাত পৰি
থাকিবলগীয়া হৈছিল৷ সেই এমাহ মানুহজনীয়ে তাৰ বাবে কিমান যে কি নকৰিলে৷ বিছনাতে সি
প্ৰস্ৰাৱ পায়খানা কৰে৷ অথচ মানুহজনীয়ে সামান্যতমো ঘিণ নকৰাকৈ সকলো চাফা কৰিলে৷ তাক
পৰিচৰ্যা কৰিলে৷ সেইজনী মানুহৰ বাবে সি কি কৰিলে? পেটৰ বিষত
মানুহজনীয়ে চিঞৰি থাকিল এসপ্তাহ৷ কালু ওজাৰ জৰা-পানী খুৱাই পেলাই থ’লে৷ ডাক্তৰৰ
ওচৰলৈও নিলে ঠেলা এখনত৷ একেখন ঠেলাতে মৃত মানুহজনীক ঘূৰাই আনিলে৷ মৰা দিনলৈকে
চন্দ্ৰই পাহৰিব নোৱাৰিব এই নিশাটোৰ কথা৷ জীয়াই থাকোঁতে আলাই-আথানি কৰিছিল৷ মৰাৰ
পাছত অভাৱ অনুভৱ কৰিছে৷ এতিয়া ঘৰটো উকা উকা লাগিছে৷
: তিৰীটা
নোহোৱাৰ পাৰা ভালে লাগা নাই৷ তুই ইমানদিন একেলাই কেংকা আছা? –চন্দ্ৰই
দুখত কোৱাদি ক’লে৷ গণেশে একো নক’লে৷ মুখখনত ফুটি উঠিল পুঞ্জীভূত হৈ থকা দুখ,
বেদনা,
যন্ত্ৰণা
আৰু অন্তহীন অসহায়বোধ৷ কিছুমান কথা প্ৰকাশ নকৰিলেও মুখখনত ফুটি উঠা ভাবৰ পৰাই বুজি
পোৱা যায় অন্তৰৰ উদ্বিগ্নতা অথবা অৱক্ষয়ে সৃষ্টি কৰা বিষন্নতা৷ কেনে আছে সি?
কেনেকৈ
আছে সি? কেৱল সি বুজি পায়৷
: ইকিদিন
মোৰ ঘৰতে থাকবা আহিবি৷–চন্দ্ৰই ক’লে৷
গণেশৰ বুকুখন
কিবা এটাই খুন্দা মাৰি গ’ল৷ পুতলা থিয়েটাৰত কাম বিচাৰি আহোতেও চন্দ্ৰক সি তেনেকৈ
কৈছিল– ‘মোৰ ঘৰতে থাকিবি, খাবি৷ মাহত কিবা এটা দিম দে’৷ আজি
চন্দ্ৰই কৈছে– ইকিদিন মোৰ ঘৰতে থাকবা আহিবি৷ অৱস্থা কেনেকৈ সলনি হৈ যায় মানুহৰ৷
আজিৰ কোটিপতিজন কাইলৈ ভিক্ষাৰীও হৈ যাব পাৰে৷ জীৱনক যি আওকাণ কৰিব তাৰ এনেকুৱা
হয়েই৷ অভিজ্ঞতাৰ পৰা এই কথাটো সি বুজি পাইছে৷ দ্ৰুতগতিত মানুহৰ জীৱনধাৰা সলনি
হৈছে৷ এই পৰিৱৰ্তনৰ লগত যিজনে খাপ খাব নোৱাৰে, তেওঁৰ অৱস্থা তাৰ দৰেই হয়৷ ঠেৰু ছিগা বেঙেনাৰ
দৰে৷
মৃতকৰ বাবে
কৰিবলগীয়া কামখিনি হোৱালৈকে গণেশ চন্দ্ৰৰ ঘৰতে থাকিল৷ নিজৰ ঘৰলৈ গৈনো কি কৰিব?
ঘৰ
বুলিবলৈ নায়েই৷ ভগা-ছিগা কোঠা দুটা আছে৷ চোৰে চুৰি কৰিবলৈ গৈও একো নাপাব৷ সময়খিনি
নষ্ট কৰিলোঁ বুলি, কষ্টখিনি এনেয়ে কৰিলোঁ বুলি নিজকে খংহে কৰিব৷
চন্দ্ৰই মৃতকৰ কাম-কাজবোৰ অনুষ্টুপীয়াকৈ কৰি থ’লে৷ তাৰ স্পষ্ট কথা– ‘জীয়াই থাকাঁতে
তিৰীটাক ভালকুৰি চিকিৎসা কুৰবা নুৰিল৷ মৰাৰ পাছত মানুক খুৱাই কি হ’ব?’ কিছুমান কথাত
চন্দ্ৰৰ সাহস দেখি গণেশ আচৰিত হৈ যায়৷ চন্দ্ৰৰ ঘৰত থকা দিনকেইটাত গণেশৰ এনেকুৱা
লাগিল যেন জীৱনটো সি নতুনকৈ ঘূৰাই পাইছে৷ আগৰ তিক্ততা, বিৰক্তি,
নৈৰাশ্য
সকলো আঁতৰি গৈ এই দিনকেইটাই যেন জীৱনটোক নতুন মাত্ৰা দিলে৷ তাৰ সপোনৰ দিনবোৰ ঘূৰাই
পোৱা যেন লাগিল৷ চন্দ্ৰৰ ঘৰৰ চোতালতে গধূলি গধূলি গাঁৱৰ বয়সিয়াল কেইজনমান গোট খায়৷
ডেকা কেইটামানো আহে৷ পিলিং পালাংকৈ ইফালে সিফালে অলপ সময় ঘূৰি-পকি গুচি যায়৷ নিমাই
মাষ্টৰ কিন্তু সদায় আহে৷ আহিয়েই ভাষণ দিয়াৰ নিচিনাকৈ কথা ক’বলৈ আৰম্ভ কৰেই৷ সি
নিজকে বহুত জ্ঞাানী, পণ্ডিত বুলি জহাবলৈ চেষ্টা কৰে আৰু আনক কথা
ক’বলৈ একেবাৰে সুবিধা নিদিয়ে৷ ডেকাকেইটাই আমনি পায়, বয়সিয়াল কেইজনে
শুনি থাকে তামোল পেকেটিয়াই পেকেটিয়াই৷ গণেশৰ কিন্তু কথাবোৰ শুনি ভাল লাগে৷ সাধু
শুনি থকাৰ নিচিনা লাগে৷ এদিন কৈছিল সাধুৰ দৰে এটা কাহিনী– খুণ্টাঘাট পৰগনাৰ
চিকনগ্ৰামত কোঁচ ৰজাসকলৰ আদি পুৰুষ হাৰিয়া মণ্ডলৰ জন্ম হৈছিল৷ এই হাৰিয়া মণ্ডলে
হীৰা আৰু জীৰা নামৰ দুজনী বাই-ভনীক বিয়া কৰাইছিল৷ এই হীৰা আৰু জীৰা ক’ৰ ছোৱালী?
হাজোৰ৷ মানে কোঁচ ৰজাৰ আদিপুৰুষ এই অঞ্চলৰে৷
এতিয়া ইয়াৰ পাছৰ কাহিনী শুনা৷ হীৰা আৰু জীৰা দুয়োগৰাকীয়ে একোটিকৈ পুত্ৰ সন্তানৰ
জন্ম দিলে৷ হীৰাৰ পুতেকৰ নাম বিশু, জীৰাৰ পুতেকৰ নাম শিশু৷ সময় বাগৰি গ’ল৷ বিশু আৰু
শিশু একেলগে উমলি-জামলি ডাঙৰ হ’ল৷ এটা সময়ত হিন্দু ধৰ্ম গ্ৰহণ কৰি বিশুৱে
বিশ্বসিংহ নাম ল’লে আৰু ভায়েক শিশুৱে নাম ল’লে শিৱসিংহ৷ বিশ্বসিংহ ৰাজপাটত বহিল
আৰু ভায়েক শিৱসিংহৰ সৈতে মহাপৰাক্ৰমেৰে ৰাজ্যৰ সীমা পশ্চিমে কৰতোৱা নদীলৈকে
বিস্তাৰ কৰিলে৷ বিশ্বসিংহৰ পাছত কোঁচ ৰাজ্যৰ ৰজা হয় নৰনাৰায়ণ৷ নৰনাৰায়ণেও ভায়েক
চিলাৰায়ৰ সৈতে মহাপৰাক্ৰমেৰে ৰাজ্যৰ সীমা বঢ়াই গৈছিল৷ তেওঁৰ ৰাজত্বৰ কালটো কোঁচ
ৰাজ্যৰ স্বৰ্ণযুগ বুলি ক’ব পাৰি৷ সেই সময়লৈকে নৰনাৰায়ণৰ সন্তান হোৱা নাছিল৷
চিলাৰায়ৰ ল’ৰা এটা আছিল৷ নাম ৰঘুদেৱ৷ সকলোৱে এক প্ৰকাৰ নিশ্চিত হৈ পৰিছিল যে
নৰনাৰায়ণৰ মৃত্যুৰ পাছত ৰঘুদেৱেই ৰজা হ’ব৷ কিন্তু ঈশ্বৰৰ কি লীলা৷ সকলো
হিচাপ-নিকাচ ওলট-পালট হৈ গ’ল৷ বসন্তৰোগত আক্ৰান্ত হৈ হঠাৎ চিলাৰায় মৰি থাকিল৷ ৰজা
নৰনাৰায়ণ শোকত ভাগি পৰিল৷ মৰমৰ ভায়েক৷ তাতে চিলাৰায় আছিল তেওঁৰ সোঁহাতস্বৰূপ৷ সেই
সময়তে আৰু এটা ঘটনা ঘটিল৷ ইমানদিনৰ পাছত নৰনাৰায়ণৰ এটা পুত্ৰ সন্তান জন্ম হ’ল৷
ল’ৰাটোৰ নাম ৰখা হ’ল লক্ষ্মীনাৰায়ণ৷ লগে লগে ৰঘুদেৱৰ ৰজা হোৱাৰ আশাত চেঁচাপানী
পৰিল৷ ৰঘুদেৱৰ নেতৃত্বত ৰাজ্যত বিদ্ৰোহৰ আশংকা কৰি নৰনাৰায়ণে কোঁচ ৰাজ্যখনকে দুভাগ
কৰি পেলালে৷ পূবে হাজোলৈকে এই অংশটো ৰঘুদেৱক দিলে আৰু পশ্চিমে সোণকোষলৈকে সেই
অংশটো নিজৰ লগত ৰাখিলে৷ ৰঘুদেৱ পশ্চিম কোঁচ ৰাজ্যৰ কৰতলীয়া ৰজা৷ কিছুদিন ঠিকে-ঠাকে
গ’ল৷ কিন্তু নৰনাৰায়ণৰ পাছত লক্ষ্মীনাৰায়ণ যেতিয়া ৰজা হ’ল, কৰ-কাটলক লৈ
লক্ষ্মীনাৰায়ণ আৰু ৰঘুদেৱৰ মাজত বিবাদ আৰম্ভ হ’ল৷ ককাই-ভাইৰ কথা৷ আলোচনা আৰু বুজাবুজিৰ
মাজতে মতানৈক্যবোৰ মীমাংসা হ’ল৷ ভিতৰত কিন্তু গোমা গোমা পৰিৱেশ এটা থাকি গ’ল৷
থাকিবই৷ ক্ষমতাৰ মাজত ঈৰ্ষা, লোভ, লালসা, অহংকাৰ
এইবোৰ থাকেই৷ ঈৰ্ষা আৰু ক্ষোভবোৰ হেঁচি ধৰি লক্ষ্মীনাৰায়ণ আৰু ৰঘুদেৱে নিজৰ নিজৰ
ৰাজ্য শাসন কৰি গ’ল৷ এইবাৰ সমস্যা সৃষ্টি কৰিলে ৰঘুদেৱৰ ল’ৰা পৰীক্ষিত নাৰায়ণে৷
তাক ৰজা হ’বলৈ লাগে সোনকালে৷ ৰজাৰ হ’বৰ বাবে বাপেকৰ বিৰুদ্ধেই বিদ্ৰোহ আৰম্ভ
কৰিলে৷ ৰজা ৰঘুদেৱে কিন্তু পুতেকৰ সেই বিদ্ৰোহ খুব সহজেই দমন কৰিলে৷ ভয়তে পৰীক্ষিত
পলাই গৈ লক্ষ্মীনাৰায়ণৰ কাষ পালেগৈ৷ পুতেকৰ এনে নিকৃষ্ট ষড়যন্ত্ৰত মানসিকভাৱে
ভাগি পৰি ৰঘুদেৱৰ মৃত্যু হ’ল৷ ৰঘুদেৱৰ মৃত্যুৰ পাছতে পৰীক্ষিত নাৰায়ণ ৰজা হ’ল৷
শাসনৰ গাদীত বহিয়েই পৰীক্ষিত নাৰায়ণে নিজৰ বিশ্বাসঘাতকতাৰ চৰিত্ৰ আকৌ এবাৰ উদঙাই
দেখুৱালে৷ বিপদৰ সময়ত যি লক্ষ্মীনাৰায়ণৰ ওচৰত আশ্ৰয় লৈছিলগৈ, ৰজা
হৈ পৰীক্ষিত নাৰায়ণে সেই লক্ষ্মীনাৰায়ণৰ বিৰুদ্ধেই যুদ্ধ ঘোষণা কৰিলে৷ যুদ্ধত
লক্ষ্ণীনাৰায়ণ পৰাস্ত হয়৷ উপায়হীন হৈ পৰীক্ষিত নাৰায়ণৰ ওপৰত পোতক তুলিবলৈকে
লক্ষ্মীনাৰায়ণ ঢাকাৰ মোগল সম্ৰাটৰ শৰণাপন্ন হয়৷ মোগলে ভালেই পালে৷ লগে লগে
পৰীক্ষিত নাৰায়ণৰ ৰাজ্য আক্ৰমণ কৰিলে৷ পৰীক্ষিত নাৰায়ণে আহোম ৰজা প্ৰতাপসিংহৰ সহায়
বিচাৰিলে৷ কিন্তু আহোম ৰজাই যিমানবোৰ চৰ্ত আৰোপ কৰিলে, পৰীক্ষিত নাৰায়ণে
ভাবিলে তাতকৈ অকলে যুদ্ধ কৰাই ভাল৷ যুদ্ধ কৰিলেও৷ ধুবুৰীৰ মোগলৰ ছাউনীত আক্ৰমণো
কৰিলে৷ কিন্তু পৰাস্ত হ’ল৷ বন্দী কৰি পৰীক্ষিত নাৰায়ণক দিল্লীলৈ লৈ যোৱা হ’ল৷
দিল্লীত মোগল সম্ৰাট জাহাংগীৰৰ সন্মুখত হাজিৰ কৰোৱা হ’ল৷ জাহাংগীৰে অজস্ৰ কৰ-কাটল
জাপি দি পৰীক্ষিত নাৰায়ণক মুকলি কৰি দিলে৷ বন্দিত্বৰ পৰা পৰীক্ষিত নাৰায়ণ মুক্ত
হ’ল, কিন্তু কৰতলীয়া ৰজা হোৱাৰ অপমানে ভিতৰি ভিতৰি মানুহটোক মাৰি পেলালে৷
ঘূৰি আহি নিজৰ ৰাজ্য নাপালেই, এলাহাবাদতে তেওঁৰ মৃত্যু হ’ল৷
এইবোৰ কথা কিয়
কৈ আছোঁ? এইবোৰৰ পৰা শিক্ষা ল’ব লাগে৷ নিজৰ মাজত যেতিয়া খোৱা-কামোৰা বেছি হয়,
শত্ৰুৱে
আসৈ পায়৷ আমাৰ নিজৰ ভুলৰ বাবেই মোগল আহিল, ইংৰাজ আহিল৷ এইবোৰৰ পৰা আমি কোনোদিনেই
শিক্ষা লোৱা নাই৷ টি ভি চাই চাই, ম’বাইল চাই চাই আমাৰ ল’ৰা-ছোৱালীয়ে
এতিয়া নিজৰবোৰ এৰিছে৷ লোকৰবোৰতহে ধৰিছে৷ এইবোৰ ভাললৈ হোৱা নাই৷ ধ্বংস হোৱা চিন৷
নিমাই মাষ্টৰৰ
কথাবোৰ তাত থকা প্ৰায়বোৰেই বুজি নাপালে৷ ক’ৰ নৰনাৰায়ণ, ক’ৰ
লক্ষ্মীনাৰায়ণ, কোনোবাই দেখিছিল নেকি? ই নিমায়ে আমাক
সাধু শুনাব আহে৷ শেষৰ ফালে মানুহবোৰে নিমাই মাষ্টৰক উপলুঙা কৰিবলৈ আৰম্ভ কৰিলে– ‘ঐ
নিমাই, তোৰ লক্ষ্মীনাৰায়ণৰ ফেমিলী ইতিয়া ক’ত থাকে? দুখায় দিবিচোন৷
তাহাকো মোগলৰ ৰাজ্যত থৈ আহিম’৷
: ‘ইতিয়া
মোগলৰ ৰাজ্য ক’হাই আছে’? –এইযে কাম কৰি থকাৰ মাজতে কোনোবাই সুধি
দিয়ে, ‘মোগলৰ ৰাজ্য ক’ত আছে’, কোনেও উত্তৰ দিব নোৱাৰা হৈ যায়৷ নিমাইৰ
দৰে বহুতে কয়, মোগল ৰাজ্যৰ ৰাজধানী আছিল দিল্লী৷ মোগল
সম্ৰাটবোৰ দিল্লীতেই আছিল৷ এতিয়াতো দিল্লী ভাৰতৰ ৰাজধানী৷ সিহঁতে কথাবোৰ চিন্তা
কৰিব নোৱাৰা হৈ যায়– ‘ধুৰ, ইগিলা বান্দৰে কল খোৱা হেনা কথা৷ আগ্লি
নাই, গুৰি নাই৷ ইগিলা কথা শুনা পাই থাকলি নিজকে পাগলা পাগলা লাগে৷ বিড়ি
আছে যুদি এডাল দি৷ খাং৷’ উপলুঙা কৰিলে নিমাইৰ মুখত লাগি ধৰে বিষাদৰ মলিন ছায়া৷
বেংডোবাৰ দিক্ভ্ৰান্ত দুপৰৰ মাজত যেন বিলীন হৈ যায় তাৰ কাহিনীবোৰো৷
মৃতকৰ শ্ৰাদ্ধৰ
কামবোৰ যথা সময়ত সুকলমে হৈ গ’ল৷ প্ৰায়খিনি কাম গাঁৱৰ মানুহেই কৰিলে৷ সকামৰ পাছদিনা
চন্দ্ৰই গণেশক ক’লে– ‘গাঁঙৰ মানুগিলাৰ লিখা-পঢ়া নাই৷ ভালকুৰি কথাও ক’বা নাজনে৷
কিন্তু গাঁঙৰ মানুয়ে মানুক ভাল পাবা জানে৷ মানু বিপদত পৰা গম পালি দাউৰি আহে সহায়
কুৰবা৷’
: হয়না? ইগিলা
মানুয়েইচোন মোৰ অৱস্থা বেয়া কুৰিল৷ আমাৰ বাইক ইহাঁই অৱস্থা বেয়া কুৰছে৷ বোমা ফুটাই
মাক ইহাঁই মাৰিল৷– গণেশে ক্ষোভত কোৱাদি ক’লে৷
: তোক গাঁঙৰ
মানুয়ে একো ক্ষতি কৰা নাই৷ তোৰ মা আৰো বাইক গাঁঙৰ মানুয়ে মাৰা নাই৷ আন্দোলন কৰা
নেতাগিলায়ে মাৰ্ছে৷ ভাবি চাবিচান, আন্দোলন হ’লি ডাঙাৰ নেতাগিলা নমৰে৷
তাহাৰ লুম এডালো নলৰে৷ আমাৰ হিনা মানুগিলাহে মৰে৷ নিজে ডাঙাৰ মানু হ’বা নোহোৱা
নোহোৱা কথা কৈ আন্দোলন কৰায়৷ আমিয়ে তাহাক ডাঙাৰ মানু বানাং৷ পিছত আমাকে খাতিৰ
নকৰে৷
গণেশে আচৰিত হৈ
চন্দ্ৰলৈ একেথৰে চাই থাকিল কিছু সময়৷ ইয়ো এনেদৰে কথা ক’ব পৰা হ’ল? সিয়ো
এদিন কৈছিল–‘আমাৰ নিচিনা সৰু মানুগিলাই চয়তান মানুৰ মন বুজি নাপাং৷’ আজি চন্দ্ৰয়ো
সেই সুৰতেই কথাবোৰ কৈছে৷ গণেশৰ কিবা এটা ভাল লাগি গ’ল৷
: আজি দোকানখান
খুল্বা লাগ্ব৷ লগত এক টাকাও নাই৷ দোকানৰ মান কিনবাও পুইচা নাই৷
: মোৰ লগত আছে
অলপ৷
: তুইযে বিকালী
উন্নয়ন কমিটিৰ পাৰা ধাৰ লৈছিলি, একোটো নকৰিলি৷ পাছত কিন্তু দিগদাৰ হ’ব৷
লোৱা পুইচাখিনিতো ঘূৰাই দিবাই লাগব৷
: ইতিয়া মোৰ
পুইচাখিনি দি দোকানৰ মালখিনি আনং চ৷ গধূলা মিলালেই হ’ল৷
গণেশে বাৰে বাৰে
কোৱাৰ পাছতো কিন্তু চন্দ্ৰই গণেশৰ পৰা টকা নল’লে৷ যিখন দোকানৰ পৰা সদায় বস্তু কিনে,
তাৰপৰাই
বাকীত বস্তুখিনি লৈ চন্দ্ৰ ধুপধৰা বজাৰ পালেগৈ৷ লগত গণেশ৷ তাত থিয় হৈ দুয়োটা অবাক৷
সি যি ঠাইত চাহৰ দোকানখন দিছিল, সেইখিনি ঠাইত বেলেগ এজনে দোকান দি আছে৷
কাষতে আৰু এখন দোকান৷ তাত লুচি-তৰকাৰীৰ ব্যৱস্থাও কৰিছে৷ চাহৰ সৰঞ্জাাম ৰখা তাৰ
টেবুলখন অলপ আঁতৰাই থৈছে৷ খঙত চন্দ্ৰ কাঁড় এপাত যোৱাদি গ’ল৷
: মোৰ টেবুলখান
ইয়াৰ পাৰা কাই গুচাল? চাল্লা ইমানদিনে মুই ইয়াতে দোকান দি আছুং৷
–নতুনকৈ আৰম্ভ কৰা দোকানখনৰ মানুহজনক চন্দ্ৰই আঙুলি টোৱাঁই খঙত সুধিলে৷ মানুহজনে
চন্দ্ৰক গুৰুত্বই নিদিলে৷ কটাৰী এখনেৰে তৰকাৰী প্ৰস্তুত কৰিবৰ বাবে পাচলি কাটি
আছে৷ চন্দ্ৰৰ খং দুগুণে চৰিল –‘ভালে ভালে দোকানখান ইয়াৰ পাৰা গুছাও৷ নহালে ভাঙাই
ফেলাম৷’
: আমাক এইবোৰ কথা
কৈ লাভ নাই৷ মালিকক কওক৷
: কাই মালিক?
–খঙত চন্দ্ৰৰ মুখেদি থু ওলাই গৈছে৷ সেই
সময়তে তিনিটা ডেকা ল’ৰা বুকু ফিন্দাই আগ বাঢ়ি আহিল৷ ‘কি হৈছে?’
– চন্দ্ৰৰ
পৰিৱৰ্তে এটা ডেকা ল’ৰাই দোকানত কাম কৰি থকা মানুহজনক বেপৰোৱা সুৰত সুধিলে৷
: এওঁলোকে দোকান
আঁতৰাবলৈ কৈছে৷–দোকানত কাম কৰি থকা মানুহজনে ক’লে৷ এইবাৰ ডেকা ল’ৰাটোৱে চন্দ্ৰলৈ
চাই ধমকি দিয়াৰ সুৰত ক’লে– ‘কিয়?’
: ইয়াত মুই
ইমানদিনৰ পাৰা দোকান দি আছুং৷ –চন্দ্ৰয়ো খঙত কোৱাৰ দৰে ক’লে৷
: তাতে কি হ’ল?
এই
ঠাইখিনি তোৰ বাপেৰৰ নাকি? ইগিলা চৰকাৰৰ মাটি৷ চবৰে অধিকাৰ আছে৷
এনে আছিল, মুই দোকান দিছুং।
: ক’ত এনে আছিল? ক’ত খালি পৰি আছিল? মোৰ দোকানৰ বস্তু আছিল ইয়াত৷ মোৰ তিৰী
মৰা কাৰণেহে দোকানখান বন্ধ ৰাখিছিলুং৷– খঙত চন্দ্ৰই চিঞৰিবলৈ ধৰিলে৷ চিঞৰ-বাখৰ
শুনি দুই এজনকৈ মানুহ গোট খাবলৈ ধৰিলে৷ মানুহবোৰক দেখি চন্দ্ৰৰ সাহস বাঢ়ি গ’ল –‘তুহাই
কচোন, মুই ইয়াত আগৰ পাৰা দোকান দি আছিলুং না নাই? মোৰ তিৰী মৰা
কাৰণেহে দোকানখান বন্ধ ৰাখিছিলুং৷ ইতিয়া ই মোৰ দোকান গুচাই নিজে দোকান খুলছে৷’
: আমিতো তোক দোকান দিবা মানা কৰা নাই৷
অলপ সিফালে দি৷– ডেকা ল’ৰাটোৰ বেপৰোৱা উত্তৰ৷
: দেখা পালি,
ই
মোক কিমান ঠগাই৷ সিফালে জায়গা নাই৷ ইটাই ৰাস্তা৷ আৰো¸ ই মোক সিফালে
দোকান দিবা দে৷ –চন্দ্ৰই জুম বান্ধি থিয় হৈ থকা মানুহখিনিলৈ চাই ক’লে৷ মানুহখিনিয়ে
সপক্ষে বিপক্ষে এষাৰো মাত নিদিলে৷ তাৰ কাৰণো আছে৷ যিকেইটা ডেকাল’ৰাই নতুনকৈ দোকান
খুলিবলৈ লৈছে সেইকেইটা লোকেল ল’ৰা৷ তাতে দাদা টাইপৰ৷ দুটামান এটা সংগঠনৰ লীডাৰো৷
তেনেকুৱা ল’ৰাক কোনে জোকাই ল’ব? আজিকালিতো সংগঠন এটা খুলি বিষয়বাব এটা
ল’ব পাৰিলেই সি নেতা হৈয়েই গ’ল৷ তাৰ পাছত আৰু সেইজনৰ হাতলৈ ৰহস্যজনকভাৱে টকা এসোপা
আহে৷ তেনেকুৱা ডেকা ল’ৰাবোৰৰ পৰা প্ৰায়বোৰ মানুহেই এক নিৰাপদ দূৰত্বত অৱস্থান কৰে৷
মিছা-মিছি ঝামেলা এসোপাত কোন সোমাব? এতিয়াও ইয়াত অনুৰূপ ঘটনাই ঘটিছে৷ জুম
বান্ধি থিয় হৈ ঘটনাটো চাই থকা মানুহবোৰ এইঠাইতে সাধাৰণ এটা ব্যৱসায় কৰি চলি আছে৷
এই লোকেল ল’ৰাকেইটাৰ বিপক্ষে গ’লে ব্যৱসায়ত অপকাৰ কৰাৰ সম্ভাৱনা আছে৷ আজি যেনেকৈ
চন্দ্ৰক কৰিছে, কাইলৈ সিহঁতকো কৰিব পাৰে৷ ‘ধুৰ, অলপ
মিলা-মিচা কৰি চলেক৷ ইয়োতো বাহিৰৰ মানু নহায়৷ গাঁঙৰ পাৰা আহি ইয়াত দোকান দি খাই
আছে৷ মিলা-মিচা কৰি দুয়োটাই বেপাৰ কৰ৷’ মানুহখিনি আঁতৰি গ’ল৷ ডেকা ল’ৰাকেইটাও
বেপৰোৱা ভংগীত আঁতৰি গৈ দোকান এখনৰ সন্মুখত চকীত বহিল৷ অসহায় হৈ থিয় দি থাকিল কেৱল
চন্দ্ৰ আৰু গনেশ৷ বহুত পৰ সিহঁত দুটা তেনেকৈয়ে থিয় হৈ থাকিল৷ দুয়োটাই বুজি পালে
সাধাৰণ আৰু ক্ষমতাহীন মানুহবোৰ লাহে লাহে অপ্ৰাসংগিক হৈ আহিছে৷ মানুহ যেতিয়া গুহাত
বাস কৰি আছিল তেতিয়াও এনেকুৱা আছিল৷ বাহুবলী আৰু ক্ষমতাশীলজনেই প্ৰাসংগিক৷ সভ্যতাৰ
পোহৰ পোৱাৰ পাছত সমাজ পাতি বাস কৰোঁতে শিক্ষিত আৰু সন্মানীয়জন প্ৰাসংগিক হৈছিল৷
এতিয়া মানুহ গুহাত নাথাকে, ডাঙৰ ডাঙৰ অট্টালিকাত থাকে, কিন্তু
দৃষ্টিভংগী আৰু মনোবৃত্তি গুহাত থকা দিনৰ৷ বাহুবল, ধনবল, যিকোনো
এটাৰে ক্ষমতাশালী হ’লেই এতিয়া সমাজত তেওঁ প্ৰাসংগিক৷ সমাজত তেওঁৰেই আগস্থান৷
সুবিধাবোৰো তেওঁলোকেই লয়৷
অসহায় হৈ বহুপৰ
তেনেকৈ থকাৰ পাছত গণেশেই সিখন দোকানৰ কাষতে সিহঁতৰ টেবুলখন যেনে-তেনে থৈ চাহ
প্ৰস্তুত কৰা সৰঞ্জাামবোৰ সজালে৷ মূৰে-কপালে হাত দি চন্দ্ৰ বহিয়েই থাকিল৷ বাকীত
বস্তুবোৰ আনিছে৷ দোকানৰ বিক্ৰী নহ’লে বাকীৰ ধাৰখিনি মাৰিব কেনেকৈ? কোনোবাই
কৈছিল, যেতিয়া বেয়া দিন আহে জীৱনলৈ তেতিয়া কেউফালৰ পৰা বিপদে আগুৰি ধৰে৷
মানুহবোৰকো আজি সি চিনি পালে৷ আগতে তাৰ দোকানত বাকীত চাহ খোৱা, চাহ
খাই পইচা নিদিয়া বহুত মানুহে আজি কোনেও তাৰ হৈ মাত এষাৰ নিদিলে৷ মাথোঁ ক’লে– মিলা-মিচা
কৰ৷ ধুপধৰাৰ পৰা চাৰি কিলোমিটাৰ আঁতৰৰ মানুহটো লোকেল নহয়৷ একেবাৰে ধুপধৰাৰ
মানুহটোহে লোকেল৷ লোকেলৰ সংজ্ঞাাই সলনি হৈ গ’ল৷ লোকেলৰ লগত কোনেও বেয়া হ’ব
নিবিচাৰে৷ কথাবোৰ মনলৈ আহিলেই খঙত চন্দ্ৰৰ মূৰটো গৰম হৈ যায়৷
লাহে লাহে দুই এজনকৈ গ্ৰাহক আহিবলৈ আৰম্ভ
কৰিলে৷ গনেশৰ আগেদিয়েই সকলো কিন্তু সিখন দোকানলৈ গ’ল৷ তাত সুবিধা বেছি৷ চাহৰ লগতে
পুৰি-তৰকাৰিও পোৱা যায়৷ বহি খাবলৈ চকী দুখনমানো আছে৷ আগতে সদাই চাহ খাবলৈ অহাজনো
আজি সিখন দোকানলৈহে গ’ল৷ যাওঁতে গণেশৰ ফালে চাই হাঁহি হাঁহি কৈ গ’ল– ‘ভোক লাগ্ছে৷
পুৰি-চবজি অলপ খাই লং’৷ গণেশৰ লাজ লাগে, খঙো উঠে৷ দিনটো চাহ একাপো বিক্ৰী নহ’ল
বুলিয়েই ক’ব পাৰি৷ খঙত চন্দ্ৰ ৰাতিপুৱাই যে ক’ৰবালৈ গ’ল, ঘূৰি নাহিল আৰু৷
গধূলি গণেশে দোকানৰ বস্তুবোৰ সামৰিলে আৰু পোনে পোনে চন্দ্ৰৰ ঘৰ পালেগৈ৷ চন্দ্ৰ ঘৰত
নাই৷ দুৱাৰত অথনি লগাই থৈ যোৱা তলাটো ওলমি আছে৷ চাহৰ সৰঞ্জামখিনি ভৰাই অনা বস্তাটো
ঘৰটোৰ এটা কোণত থৈ সি আকৌ ধুপধৰা পালেগৈ৷ সকলোতে বিচাৰিলে৷ চন্দ্ৰক কিন্তু সি
বিচাৰি নাপালে৷ ইটোক সুধিলে, সিটোক সুধিলে, কোনেও চন্দ্ৰৰ
সঠিক খবৰ দিব নোৱাৰিলে৷ গণেশ চিন্তিত হৈ পৰিল৷ নাই বুলিয়েই এনেকৈ মানুহ এটা নোহোৱা
হৈ যাব পাৰেনে?
(আগলৈ)