অন্যযুগ/


মহাবৃত্ত

 

৩৬ কৃষ্ণ৷

... মথুৰাৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল৷

সেই পৰিৱৰ্তনৰ ফলত ব্ৰজবাসীৰো জীৱনলৈ নিশ্চয় পৰিৱৰ্তন আহিছিল৷ কিন্তু সেই বিষয়ে চিন্তা কৰিবলৈ মোৰ সুযোগ নাছিল৷

কাৰণ, প্ৰথম উদ্যমতে সফলতা অৰ্জন কৰি মোৰ ধাৰণা দৃঢ় হৈছিল যে মই আশৈশৱ যি পৰিকল্পনা কৰি আহিছোঁ সেই কাৰ্য ৰূপায়ণৰ উদ্দেশ্যেই মোৰ জন্ম হৈছে৷

গতিকে যেতিয়াই ক্ষমতাত আসীন হোৱাৰ সুযোগ মই পালোঁ তেতিয়াই মোৰ প্ৰচেষ্টা আৰম্ভ হ’ল– কিদৰে সকলোতকৈ ক্ষমতাশালী হৈ ৰ’ব পাৰি৷ ৰাজনীতি-কূটনীতি সকলোৰে লগতে ব্যক্তিৰ সৈতে ব্যক্তিগত সম্পৰ্ককো মই গ্ৰহণ কৰিলোঁ এপাত অস্ত্ৰৰূপে৷ সমান্তৰালভাৱে মই শক্তিশালী প্ৰতিদ্বন্দ্বীক প্ৰত্যক্ষভাৱেই হওক বা গোপনেই হওক সংহাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ৷ জৰাসন্ধ, কালযৱন, শিশুপাল, শাল্‌ব আদি শক্তিশালী ৰজাক ছলে বলে কৌশলে মই বধ কৰিলোঁ৷ কেতিয়াবা মই নিজে, কেতিয়াবা আনৰ সহযোগিতাত৷ ফলস্বৰূপে মই অৰ্জন কৰিলোঁ বহু ৰাজ্যসম্পদৰ লগতে অৰ্থসম্পদো৷ ৰাজ্যসম্পদবোৰত মই হত্যা কৰা ৰজাৰে জৈৱিকভাৱে সম্পৰ্কিত মোৰ অনুগামী ব্যক্তিক অধিষ্ঠিত কৰিলোঁ, কিছু অংশ দেৱ-ব্ৰাহ্মণৰ উদ্দেশ্যে দান কৰিলোঁ আৰু কিছু অৰ্থসম্পদ তেওঁলোকক প্ৰত্যাৰ্পণ কৰি সিংহভাগ দ্বাৰকালৈ স্থানান্তৰিত কৰিলোঁ৷

মোৰ সৈতে সংশ্লিষ্ট সকলো সুখী হ’ল৷ দ্বাৰকাবাসীৰ বাবে বিলাস-ব্যসনৰ সকলো উপকৰণ মই অৰ্জন কৰা অৰ্থসম্পদেৰে আহৰণ কৰিব পাৰি তেওঁলোক মোৰ নামত বিগলিত হ’ল৷ আনহাতে মই প্ৰতিষ্ঠা কৰা ৰাজন্যবৰ্গও দেৱতা আৰু ব্ৰাহ্মণৰ সমানেই মোৰো অন্ধ অনুকৰণকাৰীত পৰিণত হ’ল৷

আশৈশৱ মই দেৱতা আৰু ব্ৰাহ্মণৰ নামত সমাজৰ সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ ওপৰত সুদীৰ্ঘকাল জুৰি প্ৰচলিত নিপীড়ন-অনুশীলনৰ বিৰোধী আছিলোঁ৷ কিন্তু পৰিণত বয়সত মোৰ ভুল ভাগিবলৈ বেছি পলম নহ’ল৷ ক্ষমতাৰ সৈতে কাল্পনিক দৈৱীশক্তিৰ সংশ্লেষণ নঘটালে মোৰ পৰিকল্পনা বাস্তৱায়িত কৰাটো কঠিন হ’ব বুলি মই বুজি উঠিলোঁ৷

দেৱতা আৰু ব্ৰাহ্মণৰ সহযোগিতা অবিহনে জম্বুদ্বীপত একচ্ছত্ৰী শাসন চলোৱা অসম্ভৱ বুলি ইতিহাসে বাৰে বাৰে ঘোষণা কৰি আছে৷ সেয়েহে দুয়োটা গোষ্ঠীকে মই কুক্ষিগত কৰি ৰাখিবলৈ যত্ন কৰিলোঁ কৌশলেৰে৷ প্ৰকৃততে কিন্তু মই দেৱতা কিম্বা দ্বিজ কোনো গোষ্ঠীৰ প্ৰতিয়ে শ্ৰদ্ধাশীল নাছিলোঁ আৰু সম্প্ৰতিও নহওঁ৷ কাৰণ আশৈশৱ মই দুয়োটা গোষ্ঠীৰ মানুহৰ পৰজীৱী স্বভাৱ প্ৰত্যক্ষ কৰি আহিছোঁ৷

গতিকে মই মোৰ ব্যক্তিগত প্ৰতিভা সম্পৰ্কে কৌশলপূৰ্বক প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ৷ প্ৰথমতে ব্ৰজধাম আৰু মথুৰাৰ মোৰ অনুগামীসকলে সৰ্বসাধাৰণৰ মাজতে মোৰ একাধিক কাৰ্যাৱলীত ঐশ্বৰিকতা প্ৰকাশ পোৱা বুলি প্ৰচাৰ কৰিলে৷ ক্ৰমে ক্ৰমে সেই প্ৰচাৰে ৰাজবংশবোৰকো স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিলে৷ তাৰ পৰৱৰ্তী সময়ত ঋষি আৰু ব্ৰাহ্মণসকলেও সেই প্ৰচাৰক বিশ্বাস কৰিবলৈ ধৰিলে আৰু তেওঁলোকেও প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে৷

ইতিমধ্যেই মই একাধিকবাৰ দেৱবংশক সাহায্যও প্ৰদান কৰিবলৈ সক্ষম হ’লোঁ– সামৰিক তথা আৰ্থিক উভয় ক্ষেত্ৰতে৷ গতিকে দেৱগণেও মোক অস্যমান্য মনুষ্য বুলিয়ে বিশ্বাস কৰিলে অৱধাৰিতভাৱেই৷

সকলো দিশতে সৰ্বাত্মকভাৱে মোৰ অতিমানৱীয় গুণ-গৰিমা প্ৰচাৰ হোৱাৰ পাছৰপৰাহে মই নিজে নিজৰ মাজত থকা ঐশ্বৰিক শক্তিৰ বিষয়ে ঘোষণা কৰিবলৈ আৰম্ভ কৰিলোঁ৷

জম্বুদ্বীপৰ অন্যতম ক্ষমতাশালী ৰাজবংশ কুৰুবংশৰ ক্ষমতা যেতিয়ালৈকে থাকে তেতিয়ালৈকে যাদৱৰ জয়ধ্বজা নুৰিব– এই ধাৰণাৰেই কুৰুবংশত প্ৰৱেশ কৰিছিলোঁ মই৷ মোৰ পিতৃভগিনী কুন্তীৰ পুত্ৰৰ সৈতে বন্ধুত্বৰ অৱলম্বনে মোক কিছু সহায় কৰিলে৷ হস্তিনাপুৰৰ ৰাজসিংহাসন মহাৰাজ পাণ্ডুৱে জ্যেষ্ঠ ভাতৃ ধৃতৰাষ্ট্ৰক অৰ্পণ কৰাৰপৰাই কুৰুবংশত অন্তৰ্কলহৰ বীজ ৰোপিত হৈছিল৷ কালক্ৰমত পাণ্ডু আৰু ধৃতৰাষ্ট্ৰৰ সন্তানসকল যুৱাৱস্থাত উপনীত হোৱাত সেই গৃহকলহে তুমূল ৰূপ ধাৰণ কৰিছিল৷

পৰৱৰ্তী সময়ত স্বপুত্ৰ সুযোধনক বঞ্চিত কৰি মহাৰাজ ধৃতৰাষ্ট্ৰই জ্যেষ্ঠ কৌৰৱকুমাৰ বুলি পাণ্ডুপুত্ৰ যুধিষ্ঠিৰক হস্তিনাপুৰৰ যুৱৰাজস্বৰূপে চিহ্নিত কৰিলে৷ লগে লগে হস্তিনাপুৰৰ গৃহকন্দলৰ দ্বিতীয়টো তৰঙ্গৰ শুভাৰম্ভ হ’ল৷

আঃ! সেই গৃহকণ্ডলৰ ফলতে পাণ্ডুৰ পুত্ৰগণে কৌৰৱ পৰিচয় ত্যাগ কৰিলে আৰু পাণ্ডৱৰূপে প্ৰখ্যাত হ’ল৷

তেতিয়াই, দূৰ সম্পৰ্কীয় পাণ্ডৱৰ সখী হ’লোঁ মই৷

মই দুৰ্যোধনাদিৰ সহায় হ’বলৈও যত্ন কৰিব পাৰিলোহেঁতেন৷ কিন্তু পাণ্ডুপুত্ৰসকলৰ ওপৰত মই যিমান সহজে মোৰ প্ৰভাৱ প্ৰতিষ্ঠা কৰিব পাৰিলোঁ স্বাধীন তথা মৌলিক চিন্তাৰে পৰিচালিত দুৰ্যোধনৰ ক্ষেত্ৰত সিমান সহজ নহ’লহেঁতেন৷ কাৰণ দুৰ্যোধনৰ কাষত জ্যেষ্ঠ, অভিজ্ঞ মন্ত্ৰণাদাতাৰ অভাৱ নাছিল৷ একেদৰেই যুক্তিবাদী দুৰ্যোধনে কাৰ্য-কাৰণৰ সম্পৰ্কৰ আধাৰত পৰীক্ষা নকৰাকৈ কোনো কথাকে মানি নলয় বুলিও মই নিশ্চিত আছিলোঁ৷ তদুপৰি, লক্ষ্মণাক অপহৰণ কৰাৰ পৰৱৰ্তী সময়ত মোৰ পুত্ৰ শাম্বক বন্দী কৰি দুৰ্যোধনে পিতৃকৰ্তব্য পালন কৰিছিল ঠিকেই, কিন্তু একে সময়তে মোৰ সৈতে স্থায়ী শত্ৰুতাও আচৰণ কৰি লৈছিল৷ গতিকে মোৰ বধুৰ পিতৃ হ’লেও তেওঁৰ সৈতে মোৰ সম্পৰ্ক সৌহাদ্যপূৰ্ণ হৈ নুঠিল৷

সৰ্বোপৰি, পাণ্ডুপুত্ৰসকলক ধ্বংস কৰি কোনো কাৰণতে মই সাফল্য অৰ্জন কৰিব নোৱাৰিম বুলিও মই নিশ্চিত আছিলোঁ৷ কাৰণ, হস্তিনাপুৰত এক নতুন শাসনতন্ত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে মোৰ ইচ্ছানুযায়ী জম্বুদ্বীপত আধিপত্য বিস্তাৰ কৰিব নোৱাৰিম বুলিও মই সঠিকভাৱে জানিছিলোঁ৷

প্ৰকৃততে দুৰ্যোধনাদিয়ে অনুমান কৰাৰ দৰে ময়ো জানো, পাণ্ডৱসকল পাণ্ডুপুত্ৰ নহয়৷ যদি নিয়োগ প্ৰথাক মান্যতা দিয়া হয়ো, তেতিয়াও কেৱল নকুল আৰু সহদেৱকহে পাণ্ডুপুত্ৰৰূপে গ্ৰহণ কৰিব পৰা যায়৷ পিতৃভগিনী কুন্তীয়ে ইতিপূৰ্বেই নিয়োগ প্ৰথাৰ সীমাৰেখা অতিক্ৰম কৰি গৈছে৷ পৰম্পৰাগতভাৱে নিয়োগ প্ৰথাৰে তিনিবাৰকৈ সন্তান জন্ম দিওৱাৰ প্ৰথা নাই৷

কুৰুবংশৰ অভ্যন্তৰত ক্ষমতাকেন্দ্ৰিক গৃহকলহৰ উপস্থিত হৈছিল মোৰ জন্মৰ পূৰ্বেই – ধৃতৰাষ্ট্ৰক উপেক্ষা কৰি পাণ্ডুক ৰাজক্ষমতাত অধিষ্ঠিত কৰাৰপৰাই৷ পৰৱৰ্তী সময়ত দুয়োজনৰে পুত্ৰসকলৰ মাজত সেই কন্দলে যেতিয়া তীব্ৰৰূপ ধাৰণ কৰিলে তেতিয়াই মই বুজি পাইছিলোঁ, সেয়া যেন কুৰুবংশক উচ্:ন্ন কৰি ভাৰতবৰ্ষত যদুবংশৰ জয়ধ্বজা উত্তোলন কৰাৰ প্ৰাৰম্ভিক ইঙ্গিতহে আছিল৷ গতিকে, মই সুযোগৰ সৎ ব্যৱহাৰৰ ক্ষণ গণনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷

কৌশলেৰে জম্বুদ্বীপৰ সৰ্বত্ৰ মই মোৰ একান্ত ছত্ৰৰ অধীনস্থ কৰিব খোজোঁ৷ মই ইতিমধ্যে গুপ্তভাৱে হত্যা কৰা শক্তিশালী তথা সম্পদশালী ৰজাকেইজন দেৱ-ব্ৰাহ্মণবিৰোধী আছিল বাবেই তেওঁলোকক মৰণোত্তৰভাৱে অত্যাচাৰী আৰু অধাৰ্মিকৰূপে প্ৰতিষ্ঠা কৰা হৈছেই৷ একে সময়তে তেওঁলোকৰে ৰক্তবাহকক সেই সেই ৰাজ্যত ৰজা হিচাপে প্ৰতিষ্ঠা কৰি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিছোঁ৷ কিন্তু সমগ্ৰ জম্বুদ্বীপত এনেভাৱে প্ৰভাৱ বিস্তাৰ কৰাটো সম্ভৱ নহয় বুলি মই জানো৷

গতিকে ভাৰত ৰাজ্যৰ কুৰু ৰাজপৰিয়ালত হস্তিনাপুৰৰ সিংহাসনক লৈ দীৰ্ঘদিন ধৰি অব্যাহত থকা গৃহকন্দলৰ অৱলম্বনত কিবা এটা উদ্যোগ গ্ৰহণ কৰিব পাৰি নেকি? সুদীৰ্ঘ দিন চিন্তা কৰিছিলোঁ মই৷ এখন যুদ্ধৰ পৰিকল্পনা কৰিছিলোঁ৷ মই পৰিকল্পনা কৰা যুদ্ধখন সম্ভৱতঃ কুৰুবংশীসকলে কল্পনা কৰাতকৈ বিধ্বংসী আছিল৷

হস্তিনাপুৰকেন্দ্ৰিক ভাৰত ৰাজ্যখন জম্বুদ্বীপৰ বিশেষ উল্লেখযোগ্য ৰাজ্য নাছিল৷ অন্ততঃ মগধ, পাঞ্চাল, ত্ৰিগৰ্ত আদিৰ তুলনাত ভাৰত আছিল গঙ্গাৰ দুয়োপাৰে ক্ষুদ্ৰ উপত্যকাৰ এখন সামান্য ৰাজ্যহে৷ ভৰতে প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ স্থায়ী ৰাজধানী নগৰখন প্ৰতিষ্ঠা কৰিছিল পঞ্চবিংশ ৰজা হস্তীয়ে৷ তেওঁৰ নাম অনুসৰিয়ে নগৰখনক নামকৰণ কৰা হৈছিল হস্তিনাপুৰ৷ মহাৰাজ হস্তীপৰৱৰ্তী অষ্টাদশ প্ৰজন্মৰ ৰজা কুৰু বল-বীৰ্য তথা প্ৰজাপালনৰ ক্ষেত্ৰত আছিল যথেষ্ট পাৰদৰ্শী৷ তেওঁৰ নামেৰেই ৰাজবংশটো কুৰুবংশৰূপে খ্যাত হৈ উঠে৷ এই ৰাজবংশৰ কুৰু পৰৱৰ্তী প্ৰতিজন ৰাজপুৰুষেই কৌৰৱ পৰিচয়টোক লৈ গৌৰৱ বোধ কৰে৷

সেই কুৰুবংশতে মহাৰাজ শান্তনুৰ বিয়োগৰ পাছতে ক্ৰমে ক্ৰমে অৱক্ষয়ৰ লক্ষণ পৰিস্ফূট হৈছে৷ বিশেষকৈ দুগৰাকী নিঃসন্তান ৰাণীক এৰি মহাৰাজ বিচিত্ৰবীৰ্যৰ অকালমৃত্যুৰ সময়ৰপৰা এই ক্ষয়ঙ্কৰী গতি দ্ৰুততৰ হৈছে৷

মই মোৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ স্বাৰ্থত এই বংশতে প্ৰৱেশ কৰাৰ সিদ্ধান্ত কৰিলোঁ৷ প্ৰথমে মই মহৰ্ষি ব্যাসক ধৰ্ম-অধৰ্মৰ প্ৰসঙ্গৰে এখন ভয়ঙ্কৰ যুদ্ধৰ কথা যেতিয়া ইঙ্গিতেৰে জনাইছিলোঁ, তেতিয়াই তেৱোঁ ইঙ্গিতেৰেই মোক জনাইছিল যে তেনে এক যুদ্ধ তেওঁৰো অভিপ্ৰেত৷

কাৰ লক্ষ্য কি বুজা টান৷ সেই চেষ্টা কৰি কালক্ষয় কৰাতকৈ প্ৰায় সম মনোভাবৰ ব্যক্তিগণৰ প্ৰত্যক্ষ কিম্বা পৰোক্ষ সাহায্যৰে মই মোৰ অভীপ্সিত দিশতে যাত্ৰা অব্যাহত ৰাখিলোঁ৷

মোৰ পৰিকল্পনা অনুসৰি যুদ্ধখনত সমগ্ৰ জম্বুদ্বীপকে অংশ গ্ৰহণ কৰাব লাগিব৷ কোনো কাৰণতে যুদ্ধখন সন্ধিৰ পৰ্যায়লৈ পৰিৱৰ্তিত কৰিব নালাগিব৷

কিন্তু যুদ্ধখনৰ কাৰণস্বৰূপে কেৱল ৰাজনৈতিক ক্ষমতা দখলৰ লক্ষ্যটোৱেই যথেষ্ট নহ’ব৷ ইয়াৰ কাৰণে ব্যক্তিৰ প্ৰতি ব্যক্তিৰ মনত সৃষ্টি কৰিব লাগিব তীব্ৰ ঘৃণা আৰু বিতৃষ্ণা৷ সৃষ্টি কৰিব লাগিব অপমানবোধ আৰু প্ৰতিশোধপৰায়ণতা৷ সৃষ্টি কৰিব লাগিব বিশ্বাস আৰু বিশ্বাসহীনতাৰ পৰিৱেশ৷

কিন্তু পঞ্চপাণ্ডৱক একত্ৰিত কৰি ৰাখিব লাগিব৷

কোনো চৰ্ততেই পঞ্চপাণ্ডৱৰ দলটো ভঙ্গ হ’ব নালাগিব৷

সেয়ে মই পুনৰাই মহৰ্ষি ব্যাসদেৱৰ কাষ চাপিলোঁ৷ সেয়া আছিল ব্যাসদেৱৰ সৈতে মোৰ দ্বিতীয় সাক্ষাৎ৷

পঞ্চপাণ্ডৱৰ জন্ম যিহেতু একে পিতৃৰ ঔৰষত হোৱা নাছিল সেয়ে তেওঁলোকৰ সম্পৰ্ক কিবা অজ্ঞাত কাৰণত যদি ভাগি যায়? এই প্ৰশ্নটোকে উত্থাপন কৰিছিলোঁ ব্যাসদেৱৰ সম্মুখত৷ লগতে পাতনিস্বৰূপে কৈছিলোঁ দুৰ্যোধনৰ দেৱ-ব্ৰাহ্মণবিৰোধিতাৰ কথা, প্ৰজাৰ ওপৰত চলোৱা শেষণ-নিস্পেষণৰ কথা৷ কৈছিলোঁ পৰজীৱি গান্ধাৰৰাজ শকুনিৰ মন্ত্ৰণাক্ৰমে ভাৰতৰ সৰ্বত্ৰ পৰিচালিত হোৱা গোপন মাদক দ্ৰব্যৰ ব্যৱসায় আৰু তাৰ ফলতে জনসাধাৰণৰ মাজত আৰম্ভ হোৱা অসৎ কাৰ্যকলাপৰ কথা৷

দুয়োৰে মন্ত্ৰণাত এটা উপায় সৃষ্টি হ’ল৷ দ্ৰুপদনন্দিনী দ্ৰৌপদীক পাঁচোজন পাণ্ডৱৰ পত্নীৰূপে প্ৰতিষ্ঠা কৰিব লাগিব৷

মই স্বস্তিৰ উশাহ লৈছিলোঁ৷ কাৰণ, ইতিপূৰ্বেই যে মই দেৱগণৰ সৈতে আলোচনাৰ শেষত দ্ৰৌপদীৰ প্ৰশিক্ষণাদি সম্পূৰ্ণ কৰি থৈছোঁ৷ দ্বাৰকাৰ মোৰ গোপন প্ৰেয়সীক পঞ্চপতিব্ৰতা দ্ৰৌপদীৰূপে প্ৰতিষ্ঠা কৰিবলৈ গৈ ময়োতো যথেষ্ট ত্যাগ কৰিছোঁ৷

: ঋষিবৰ, দ্ৰৌপদী আৰু পঞ্চপাণ্ডৱৰ সম্পৰ্কক মান্যতা প্ৰদান কৰিবলৈ নিশ্চয় এটা পৌৰাণিক দৃষ্টান্ত প্ৰয়োজনীয় হ’ব৷

: আপুনি নিশ্চিন্ত থাকক, বাসুদেৱ৷ কেৱল সয়ম্বৰ সভাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আপুনি পঞ্চপাণ্ডৱৰ বাসস্থানলৈ গমন কৰিব৷

আৰু সয়ম্বৰ সভাখন মই আশা কৰা ধৰণেই সামৰণি পৰিল৷ মহাধনুৰ্ধৰ কৰ্ণক দেখা পাই দ্ৰৌপদীৰ কিছু স্নায়ুচাঞ্চল্য সৃষ্টি হোৱা মই লক্ষ্য কৰিছিলোঁ৷ তেনে হ’ব পাৰে বুলি মই আগতীয়া অনুমান কৰিছিলোঁৱেই৷ সেয়ে দ্ৰৌপদীক বুজায়ো ৰাখিছিলোঁ৷

দ্ৰৌপদীলৈ মই গোপন দৃষ্টিৰে চাইছিলোঁ৷ তেওঁৰ দৃষ্টি কিন্তু সেই মুহূৰ্তত সপ্ৰশংসৰূপে আৱদ্ধ হৈ পৰিছিল কৰ্ণৰ মাজত৷ সৌভাগ্যক্ৰমে এবাৰ তেওঁৰ দৃষ্টি সামান্য সময়ৰ বাবে মোৰ ফালে পৰিছিল আৰু ক্ষন্তেকৰ ভিতৰতে ইঙ্গিতেৰে মই তেওঁক কৈছিলোঁ, প্ৰত্যাখ্যান কৰাঁ৷

দ্ৰৌপদী মোৰ বাবে এক পৰম আশ্চৰ্য৷ এটা দৃষ্টিকোণেৰে তেওঁ প্ৰকৃততে মই নিৰ্মাণ কৰা এক পুত্তলিকাহে৷ দ্বাৰকাৰ দ্বাৰবিহীন বেশ্যালয়ৰপৰা তুলি নি মই নিৰ্মাণ কৰা এটা মহাভাৰতীয় চৰিত্ৰহে দ্ৰৌপদী! কিন্তু আন এটা দৃষ্টিকোণেৰে তেওঁ সামান্যা নাৰী কিম্বা বেশ্যা নাছিল৷ স্বেচ্ছায় বেশ্যাবৃত্তি অৱলম্বন কৰিবলৈ গৃহত্যাগ কৰা কোনো অভিজাত বণিকৰ সাহসী আৰু বুদ্ধিসম্পন্না তৰুণী আছিল তেওঁ৷ প্ৰথম সাক্ষাততে তেওঁৰ ব্যক্তিত্ব আৰু বুদ্ধিমত্তাই মোক উপলব্ধি কৰাইছিল যে এই নাৰীৰত্ন নিশ্চিতভাৱে মোৰ কাৰ্যসাধনৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ সংযোগ হ’ব পাৰে৷

আৰু সেই মুহূৰ্তৰপৰাই তিল তিলকৈ গঢ়ি তুলিছোঁ তেওঁক৷ গোপনে৷ এক বৃহৎ কৰ্মযজ্ঞৰ আহুতিস্বৰূপে৷

সেই দ্ৰৌপদীয়ে মোক, স্বয়ম্ভু ভগৱান শ্ৰীকৃষ্ণক অস্বীকাৰ কৰিব পাৰে?

নোৱাৰে৷

মুহূৰ্তৰ ভিতৰতে নিজৰ স্নায়ুচাঞ্চল্যক নিয়ন্ত্ৰণলৈ আনি দ্ৰৌপদীয়ে বজ্ৰকণ্ঠে ঘোষণা কৰিছিল সেই সময়ত, যেতিয়া বহু ৰজা-ৰাজন্যই লৰাবলৈকে সক্ষম নোহোৱা সেই বিশেষ ধনুখন তুলি লৈ কৰ্ণই তাত অনায়াসে জ্যা-সংযোজন কৰিবলৈ অগ্ৰসৰ হৈছিল–

‘সূতপুত্ৰক মই কদাপি স্বামীৰূপে বৰণ নকৰোঁ৷’

সভাস্থলীক অবাস্তৱ নিৰৱতাই গ্ৰাস কৰিছিল মুহূৰ্ততে৷ কৰ্ণই ধনুখন নমাই নিৰ্দিষ্ট স্থানত থৈ প্ৰণাম কৰিছিল৷ তাৰ পাছত মহাৰাজ দ্ৰুপদৰ সিংহাসনৰ সম্মুখলৈ আহি তেওঁক প্ৰণাম কৰি গৈ নিজৰ আসন গ্ৰহণ কৰিছিলগৈ৷

কৰ্ণৰ সেই স্থিতপ্ৰজ্ঞতা আৰু স্বাভিমানৰ প্ৰতি মোৰ শ্ৰদ্ধা জাগিছিল সেই মুহূৰ্ততে৷ মই জানিছিলোঁ, দ্ৰৌপদী তেওঁৰ যোগ্য পত্নী হ’লহেঁতেন৷ অথবা তেওঁক পতিৰূপে লাভ কৰি দ্ৰৌপদী ধন্য হ’লহেঁতেন৷ কিন্তু মোৰ যি মহা ভাৰতবৰ্ষৰ স্বপ্ন, তাৰ চৰিতাৰ্থকৰণৰ উদ্দেশ্যে এজন কৰ্ণ বা এগৰাকী দ্ৰৌপদীয়েতো নহয়, আৰু কতজনৰ কত ইচ্ছা-অভীপ্সাক বলিস্বৰূপে তৰ্পণ কৰিবলগীয়া হ’ব!

ব্যক্তিগত আৰু সামাজিক স্তৰত অনেকৰ অন্যায় কৰিছোঁ মই৷ কাৰণ সেইখিনি নকৰিলে মই নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ সক্ষমতা আহৰণ নকৰিম৷ বহুক্ষেত্ৰত মই বাক্‌চাতুৰ্যৰে অনেককে বিপথেও পৰিচালিত কৰিছোঁ৷

পঞ্চপাণ্ডৱক একত্ৰিত কৰি ৰাখিবৰ উদ্দেশ্যেই মই নিতান্ত অনিচ্ছা সত্ত্বেও দ্ৰুপদ-নন্দিনী বুলি প্ৰতিষ্ঠিত দ্ৰৌপদীক পাঁচোজন ভাতৃৰ অঙ্কশায়িনীৰূপে প্ৰতিষ্ঠা কৰিবলগীয়াত পৰিলোঁ৷

আৰু কালক্ৰমত মই সংগোপনে সেই পাঞ্চালী দ্ৰৌপদীৰে শয্যাসঙ্গীও হ’লোঁগৈ, হৈছিলোঁগৈ সখী৷

কিন্তু কৃষ্ণাক মই অন্তঃকৰণেৰে শ্ৰদ্ধা কৰোঁ৷ শ্ৰদ্ধা কৰোঁ মোৰ বন্ধুপত্নী বুলি নহয়, মোৰ মনোভাবৰ অনুগামিনীৰূপেও নহয়৷ এক বিৰাট পৰিৱৰ্তনৰ পথত সৰ্বস্ব ত্যাগ কৰিব পৰা সাহসী তথা বুদ্ধিমতী এগৰাকী নাৰী হিচাপেহে৷

আমাৰ সম্পৰ্কত কোনো কুটিলতা নাছিল৷ আছিল কেৱল বুজাবুজি৷ আমাৰ সম্পৰ্কৰ মাজত পাণ্ডৱৰ প্ৰতি প্ৰতাৰণা অথবা বিতৃষ্ণা-বিক্ষোভ নাছিল৷ আছিল মাত্ৰ আহ্বান আৰু প্ৰাপ্তিৰ মাজেদি লাভ কৰা সামান্য প্ৰশান্তি৷ পাৰস্পৰিক শ্ৰদ্ধাৰ অবিহনে কৃষ্ণা দ্ৰৌপদীক মই অন্তঃকৰণেৰে সখী বুলি সম্বোধন কৰিব নোৱাৰিলোহেঁতেন৷

যথাসময়ত মোৰপৰা পাণ্ডৱৰ ৰাজনৈতিক সাহায্যপ্ৰাপ্তিও নিশ্চিত হৈছিল তেতিয়াই৷ হ’লগৈ কিন্তু বিপৰীত৷ পাণ্ডৱৰ একমাত্ৰ ৰাজনৈতিক উত্তৰাধিকাৰী অভিমন্যুকো নিহত হ’বলৈ দিয়াৰ আঁৰতো আছিলোঁ মই৷

বহু কৌশলেৰে মই প্ৰধান যাদৱসকলক কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিছিলোঁ৷ কেৱল সাত্যকিয়ে যোদ্ধা হিচাপে পাণ্ডৱ পক্ষত আৰু কৃতবৰ্মাই কৌৰৱৰ পক্ষত যোগদান কৰিছিল৷ কৃতবৰ্মা মোৰ প্ৰতি বহুদিনৰপৰাই মনে মনে বিৰাগ আছিল৷ মোৰ শশুৰ সত্ৰাজিতৰ অমূল্য সম্পদ স্যমন্তক মণিক কেন্দ্ৰ কৰি অক্ৰুৰে কৰা এটা ষড়যন্ত্ৰৰ ফলতে কৃতবৰ্মা মোৰ প্ৰতি গোপনে বিতুষ্ট আছিল বাবেই তেওঁ মোৰ বিপৰীত পক্ষত যোগ দিছিল৷ প্ৰকৃততে কৃতবৰ্মাৰ কনিষ্ঠ ভাতৃ শতধন্বাই সত্ৰাজিতৰ মণিটো চুৰি কৰিছিল যদিও অক্ৰুৰে সেইটো গোপনে হস্তগত কৰিছিল৷ মই কেৱল শতধন্বাক মণিটোৰ সবিশেষ জিজ্ঞাস কৰিছিলোঁ আৰু অৱশেষত তেওঁক বধ কৰিছিলোঁ৷ অৱশ্যে পৰৱৰ্তী সময়ত শতধন্বা যে নিৰ্দোষী আছিল মই বুজি উঠিছিলোঁ৷ সেয়েহে মোৰ প্ৰতি কৃতবৰ্মাৰ ধাৰণাত ভুল নাছিল৷ সেয়ে মই কৌশলেৰে কুৰুক্ষেত্ৰত তেওঁক হত্যা কৰাৰপৰা পাণ্ডৱক বিৰত ৰাখিছিলোঁ৷

আচলতে যিসকল বীৰ মৃত্যুমুখত পৰিল সেইসকল আটাইকে প্ৰকাৰান্তৰে ময়ে কৌশলপূৰ্বক হত্যা কৰাইছিলোঁ৷ ভীষ্ম, দ্ৰোণ, কৰ্ণ, শৈল্য, দুৰ্যোধন আৰু দুঃশাসনক বৈধ উপায়েৰে যুদ্ধ কৰি পৰাজিত কৰিব পৰা বীৰত্ব আচলতে পাণ্ডৱৰ কোনোজনৰে নাছিল৷

প্ৰকৃততে যি পাণ্ডৱক হস্তিনাপুৰৰ ৰাজ সিংহাসনৰ স্বপ্নত আচ্ছন্ন কৰি ৰখা হৈছিল সেই পাণ্ডৱ আছিল মোৰ গোপন উদ্দেশ্য সাধনৰ মাধ্যমহে৷ কাৰণ যুদ্ধত বিজয়ী হৈ সিংহাসনত আৰোহণ কৰালৈ জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰ আছিল বিগতযৌৱন এজন প্ৰৌঢ়৷ সম্ভৱতঃ তেওঁৰ বয়স সম্প্ৰতি সপ্ততিবৰ্ষৰো অধিক৷

সমাপ্ত হোৱা দুৰ্ভাগ্যজনক যুদ্ধখন একান্তভাৱে কামনা কৰিছিলোঁ মইহে৷ কাৰণ এইখন যুদ্ধৰ যোগেদিয়েই জম্বুদ্বীপত মই মোৰ সৰ্বাত্মক কতৃৰ্ত্ব প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিলোঁ৷ ভাৰতৰ দুটা ভাগত বিভক্ত হোৱা ৰাজবংশৰ দুটা ভাগৰ দ্বন্দ্বক মই অনিয়ন্ত্ৰিত ৰূপ প্ৰদান কৰিবলৈ যত্ন কৰিছিলোঁ৷ তেনে নকৰাহ’লে মই মহা ভাৰতবৰ্ষৰ ধাৰণা বাস্তৱায়িত কৰিব নোৱাৰিলাহেঁতেন৷ সেয়ে একান্ত মোৰ স্বাৰ্থতে বাৰ বছৰ কাল বনবাস আৰু এবছৰীয়া অজ্ঞাতবাসৰ সমাপ্তিত পাণ্ডুপুত্ৰগণক হস্তিনাপুৰলৈ ৰাজ্য বা ৰাজ্যাংশ কামনা কৰি আৱেদন অথবা আহ্বান জনাবলৈ যোৱাৰপৰা কৌশলপূৰ্বক ময়ে বিৰত ৰাখিছিলোঁ আৰু সমাগত যুদ্ধখনৰ সম্পূৰ্ণ সামৰিক প্ৰস্তুতি আৰম্ভ কৰি দিছিলোঁ৷

অথচ সৌবল শকুনিক বাৰে বাৰে লোকচক্ষুৰ সম্মুখত অধৰ্মৰ প্ৰতীকৰূপে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰি কুৰু-পাণ্ডৱৰ মাজৰ বিদ্বেষ তথা তদ্‌জনিত মহাযুদ্ধখনৰ নেপথ্যৰ প্ৰধান শক্তি বুলি প্ৰদৰ্শন তথা প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হ’লোঁ৷

শকুনি এতিয়া অতীত৷ মই এতিয়া মোৰমতেই ইতিহাস লিখাব পাৰিম৷

কিন্তু শকুনিৰ ওপৰতে মই সৰ্বাধিক দোষ আৰোপ কৰিম৷ গান্ধাৰ নৰেশ পৰজীৱি শকুনিৰ ওপৰতে মই সদ্যসমাপ্ত যুদ্ধৰ সৰ্বাধিক দায়িত্ব আৰোপ কৰিব পাৰিম৷ ফলস্বৰূপে মই  যথাসম্ভৱ নিৰ্দোষীৰূপে প্ৰতিষ্ঠিত হোৱাৰ লগতে মহানৰূপেও প্ৰতিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰিম৷

... জম্বুদ্বীপক নিজৰ ৰাজনৈতিক ছত্ৰৰ আয়ত্তলৈ আনিবলৈ কৰা প্ৰয়াসতে মই হিস্তিনাপুৰৰ উত্তপ্ত ৰাজনীতিত প্ৰৱেশ কৰি এটা সময়ত মোৰ স্বৰাজ্য দ্বাৰকাৰ সমস্যাৱলীক লৈও গুৰুত্ব দিব নোৱৰা অৱস্থাত উপনীত হ’লোঁ৷ আৰু ক্ৰমে ক্ৰমে মই হেৰুৱাবলৈ ধৰিলোঁ জীৱনৰ মহামূল্য সময়খিনিও৷

ভাৰতৰ ৰাজধানী হস্তিনাপুৰৰ অধিকাৰক লৈ আয়োজিত যুদ্ধখনত অংশ গ্ৰহণ কৰি জম্বুদ্বীপৰ প্ৰায় সকলো অধিপতিয়ে ইয়াক মহাভাৰতৰ ৰূপ দিলে৷ স্বৰূপাৰ্থত সম্প্ৰতি সমগ্ৰ জম্বুদ্বীপকে ভাৰতবৰ্ষ বুলিব পৰা হ’ল৷ কিন্তু যি ভাৰতবৰ্ষৰ স্বপ্নত মই সকলোকে অংশ গ্ৰহণ কৰাই প্ৰায় শত্ৰুহীন হৈ পৰিলোঁ সেই ভাৰতবৰ্ষ শাসন কৰিব পৰাকৈ এতিয়া দেখোন মোৰ ভিতৰত কোনো উৎসাহ নাই৷

আৰু মহাযুদ্ধখনৰ শেষত এতিয়া মোৰ, কৃষ্ণৰ অনুতাপ হৈছে৷ মই অৱতীৰ্ণ হ’বলগীয়াত পৰিছোঁ আন এখন মহাযুদ্ধত৷ ইয়াত মোৰ বিৰোধী পক্ষত আছে মোৰেই অন্তৰাত্মা৷ 

আঃ! বৰ অসহ্যকৰ নিজৰ বিৰুদ্ধে এই যুদ্ধ৷

 

 

৩৭ বলৰাম৷

সহজভাৱে শাৰীৰিক মৃত্যু পৰ্যন্ত জী থকাই মোৰ উদ্দেশ্য আছিল৷ ইতৰ প্ৰাণী বুলি যিবোৰক কোৱা হয় সেইবোৰৰ দৰে আনন্দদায়ক, সুখকৰ, সাধাৰণা জীৱন এটা যাপন কৰি গোপনে মৰি থাকিবলৈ মোৰ ইচ্ছা আছিল৷ খ্যাত, কুখ্যাত, প্ৰখ্যাত অথবা বিখ্যাত হ’বলৈ মই কদাপি আশা কৰা নাছিলোঁ৷ কিন্তু যিহেতু সমগ্ৰ জীৱন মই অতিষ্ঠ হৈয়ে কটাই আহিছোঁ, গতিকেই মোৰ অতিষ্ঠতাৰ মাত্ৰা বঢ়াই তুলি মোকো নিশ্চয় কোনোবাই লিখা জম্বুদ্বীপৰ ইতিহাসত স্থান দিয়াৰ আয়োজন চলিছে৷

মই স্পষ্টভাৱে জানো যে ইতিহাস মানেই সৰ্বদা বিজয়ীগণৰ কীৰ্তিৰ বৰ্ণনা৷ মোৰ চৰিত্ৰ বাৰু কনিষ্ঠ কৃষ্ণই কেনেভাৱে চিত্ৰিত কৰাব? কৃষ্ণৰ বিচিত্ৰ কাৰ্যকলাপত অতিষ্ঠ হৈ উঠিছোঁ মই, অতিষ্ঠ হৈছোঁ কৃষ্ণৰচিত জম্বুদ্বীপৰ বিভিন্ন ৰাজ্যৰ ৰাজনীতিৰ কলুষতা প্ৰত্যক্ষ কৰি কৰি, অতিষ্ঠ হৈছোঁ সেই ৰাজনীতিৰ পঙ্কত নিজে অনিচ্ছা সত্তেও আকণ্ঠ নিমজ্জিত হৈ, অতিষ্ঠ হৈছোঁ স্বজন-পৰিজনৰ সৈতে সৃষ্টি হোৱা সম্পৰ্কৰ জটিলতাত, অতিষ্ঠ হৈছোঁ কণিষ্ঠ ভ্ৰাতা, জম্বুদ্বীপৰ স্বঘোষিত ঈশ্বৰ পুৰুষ কৃষ্ণৰ, নহয় নহয়, শ্ৰীকৃষ্ণৰ মানৱস্বৰূপে অকৰণীয় অনেক কাৰ্যকলাপত৷

আৰু অতিষ্ঠ হৈছোঁ কৃষ্ণৰ প্ৰতি মোৰ অন্তৰত থকা অকৃত্ৰিম স্নেহ কিম্বা প্ৰেমবশতঃ মোৰ নিজৰ আত্মাৰ অসহায়তাত৷

মই কৃষ্ণক শৈশৱৰেপৰাই অশেষ স্নেহ কৰি আহিছোঁ৷ আৰু মোৰ স্নেহবশতঃ তেওঁ মোক সেই শৈশৱৰপৰাই বিভিন্ন উদ্দেশ্যত বাৰংবাৰ ব্যৱহাৰ কৰিও আহিছে৷ অথচ মই তেওঁৰদ্বাৰা পৰিচালিত হৈও প্ৰতিবাদ কৰিবও নোৱাৰোঁ৷ কি যে অস্বস্তিকৰ! কি যে অসহ্যকৰ!

বিভিন্ন সময়ত মই চিন্তা কৰি চাইছোঁ, তেওঁৰ পদক্ষেপবোৰত নিহিত অনেক নগ্নস্বাৰ্থ লক্ষ্য কৰিছোঁ আৰু তেনে কামত সহযোগ কৰা বাবে নিজকে নিন্দা কৰিছোঁ৷ কিন্তু যেতিয়াই তেওঁ মোক তেওঁৰ নতুন উদ্যোগৰ বিষয়ে বিবৃত কৰি তাত মোৰ অংশ গ্ৰহণ কামনা কৰিছে তেতিয়াই মই তেওঁৰ সহযাত্ৰী হৈছোঁ বিনা দ্বিধাই৷

প্ৰকৃততে কৃষ্ণৰ যি বাকচাতুৰ্য সি অতুলনীয়৷ সেয়েতো মই তেওঁৰ প্ৰতিটো উদ্যোগ ফলৱতী হোৱাৰ পাছতহে তাৰ নিহিত কাৰণবোৰ লক্ষ্য কৰি বিমোৰ হৈ পৰোঁ, বিমূঢ় হৈ পৰোঁ৷ লগে লগে মই সংকল্প গ্ৰহণ কৰোঁ যে কণিষ্ঠ কৃষ্ণক শুদ্ধ পথলৈ অনাটো যিহেতু জ্যেষ্ঠৰূপে মোৰ কৰ্তব্য সেয়ে মই তেওঁক এইবাৰ বুজনি দিম আৰু যদি তেওঁ মোক অমান্য কৰে তেন্তে ভৱিষ্যতে তেওঁৰ কোনো কামতেই সহযোগিতা নকৰোঁ৷

কিন্তু মই নোৱাৰোঁগৈ৷

কৃষ্ণৰ মুখৰ মৃদুল হাঁহিটো, তেওঁৰ অনুচ্চ কথনভঙ্গীয়ে বাৰম্বাৰ মোক বিমোহিত কৰি পেলায়৷

... হয়, মই স্পষ্টভাৱে স্মৰণ কৰিছোঁ, তেওঁৰ সৈতে মই জ্ঞাতসাৰে কৰা প্ৰথম অপকৰ্মটো আছিল মথুৰাৰ ৰজা কংসক বধ কৰাত অংশ গ্ৰহণ কৰাটো৷

কিন্তু মথুৰাত পূৰ্বৰ ৰজা উগ্ৰসেনক প্ৰতিষ্ঠা কৰা সময়তে মই শুনিবলৈ পালোঁ যে কৃষ্ণ আৰু মই হেনো প্ৰকৃততে গোপাল নায়ক নন্দৰায়ৰ সন্তান নহয়! মোক হেনো জন্মৰ পূৰ্বেই কংসভগ্নী দৈৱকীৰ গৰ্ভৰপৰা মোৰ জননী ৰোহিণী দেৱীৰ গৰ্ভলৈ স্থানান্তৰ কৰা হৈছিল৷ আৰু কৃষ্ণক? তেওঁ হেনো জন্ম মুহূৰ্ততে নিজৰ ঐশ্বৰিক শক্তিৰে পিতৃ বসুদেৱৰদ্বাৰা গোকুললৈ নিজকে স্থানান্তৰিত কৰিছিল৷

নতুন পিতৃ-মাতৃ!

মই আশ্বৰ্যবোধত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিলোঁ৷ কিন্তু কৃষ্ণ অতীতৰপৰাই পৰিচিতৰ দৰে আমাৰ নতুন পিতৃ-মাতৃৰ সৈতে সহজ হৈ উঠিছিল৷

মই বাৰম্বাৰ স্মৰণ কৰিছিলোঁ আমাৰ পিতা-মাতা নন্দ-ৰোহিণী আৰু যশোদাক৷ মোৰ মনে ব্যাকুল হৈ কামনা কৰিছিল তেওঁলোকৰ সান্নিধ্য৷

কৃষ্ণ কিন্তু আছিল নিৰ্বিকাৰ৷

মোৰ বাৰে বাৰে মনত পৰিছিল কৃষ্ণই অহৰ্নিশে ক্ৰীড়াৰ সঙ্গিনী কৰি তোলা শতাধিক ব্ৰজনাৰীলৈ৷

অথচ কৃষ্ণ আছিল নিৰ্বিকাৰ৷

পাৰিবাৰিক, জৈৱিক বা আনুভূতিক সম্পৰ্কৰ প্ৰতি আগ্ৰহী হোৱাৰ পৰিৱৰ্তে সেই সময়ৰপৰাই কৃষ্ণ হৈ উঠিব খুজিছিল এক অব্যৰ্থ শক্তি৷ এই শক্তিৰ দুটা দিশ আছিল– শাস্ত্ৰজ্ঞান আৰু ৰাজনীতিজ্ঞান৷

শাস্ত্ৰজ্ঞান লাভৰ উদ্দেশ্যে কংসবধৰ পৰৱৰ্তী সময়তে মহাৰাজ উগ্ৰসেনৰ অনুমোদনসাপেক্ষে কৃষ্ণই কাশীদেশীয় গুৰু সান্দীপনিৰ ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে আৰু অৱধাৰিতভাৱে ময়ো তেওঁৰ সহযাত্ৰী হ’লোঁ৷

আমি কাশীদেশত কেৱল দুটামান মাহহে গুৰুগৃহত শিক্ষা গ্ৰহণ কৰিলোঁ৷ কি শিক্ষা গ্ৰহণ কৰিলোঁ মই স্পষ্টকৈ একো বুজিব নোৱাৰিলোঁ৷ কিন্তু কৃষ্ণই এদিন গুৰুদেৱৰপৰা বিদায় ল’লে৷ গুৰুদেৱেও আমাক আশীৰ্ৱাদ দি বিদায় ল’লে৷

কিন্তু মথুৰালৈ আমি প্ৰত্যাৱৰ্তন কৰাৰ লগে লগে প্ৰাক্তন মথুৰাধিপতি কংসৰ পত্নী অস্তি আৰু প্ৰাপ্তিৰ পিতৃ প্ৰৱল প্ৰতাপী মগধৰাজ জৰাসন্ধই জম্বুদ্বীপৰ বিভিন্ন ৰাজ্যৰ সামৰিক শক্তিৰে সজ্জিত হৈ মথুৰা অৱৰোধ কৰিলেহি৷

আমাৰ প্ৰত্যাৱৰ্তনত মথুৰাবাসীয়ে যি আনন্দ-উৎসৱৰ আয়োজন কৰিছিল সকলো অসমাপ্ত হৈ ৰৈ গ’ল৷

কাৰণ, আকস্মিকভাৱে সেই মুহূৰ্তত মগধাধিপতি জৰাসন্ধৰ নেতৃত্বত কৰুষ অধিপতি দন্তবক্ৰ, চেদিৰাজ শিশুপাল, কলিঙ্গাধিপতি পৌণ্ড্ৰক বাসুদেৱ, কুণ্ডিন নৰেশ ভীষ্মক, কুণ্ডিন যুৱৰাজ ৰুক্মী, কাশীৰাজ কৌশল্য, মদ্ৰৰাজ শল্য, প্ৰাগজ্যোতিষাধিপতি ভগদত্ত, গান্ধাৰ নৰেশ সুবল, ত্ৰিগৰ্তৰাজ সুশৰ্মা, যৱনৰাজ কালযৱন, কাশ্মীৰৰাজ গোনৰ্দ, অঙ্গৰাজ, বেণুদাৰি, সূক্ষ্মেশ্বৰ, শাল্‌বৰাজ, দৰদৰাজ অংশুমান, বিদেহৰাজ, সৌবীৰৰাজ, দৰ্শনাধিপতি, হস্তিনাপুৰৰ ৰাজকুমাৰ সুয়োধন আৰু তেওঁৰ ভাতৃসকলে একত্ৰিত হৈ মথুৰা আক্ৰমণ কৰিছিল৷

মই ভাবি আজিও আচৰিত হওঁ, সেই সন্মিলিত সৈন্যদলে মুহূৰ্তৰ ভিতৰতে মথুৰা নগৰীক ধূলিৰ সৈতে একাকাৰ কৰি পেলাব পাৰিলেহেঁতেন৷ কিন্তু তেওঁলোকে মথুৰাৰ সামান্যতমো ক্ষতিসাধন কৰা নাছিল৷ বৰঞ্চ তেওঁলোকৰ লক্ষ্য আছিলোঁ কৃষ্ণ আৰু মইহে৷

মই মোৰ সন্দেহ সত্য বুলি উপলব্ধি কৰিছিলোঁ তেতিয়াই৷ মোৰ সন্দেহ আছিল, আজিও মই সন্দিহান যে আমি মথুৰাধিপতি কংসক অনৈতিকভাৱে হত্যা কৰিছিলোঁ৷

আচৰিত কথা, কৃষ্ণই মোতকৈও আগতেই জানিছিল মই কৰা সন্দেহৰ কাৰণটো৷ সেয়ে তেওঁ তৎকালিনভাৱে মোক লগত লৈ পলায়ন কৰিছিল৷

ফলত মথুৰা ৰক্ষা পৰিছিল৷

এবাৰ-দুবাৰ নহয়, অনেক বাৰ৷

কিন্তু জৰাসন্ধৰ দৰে বীৰৰ সম্মুখীন হৈ বাৰম্বাৰ প্ৰতিৰোধ তথা প্ৰতিৰক্ষাত আমি সফলতা অৰ্জন কৰিছিলোঁ যদিও প্ৰকৃতপক্ষে আমি জৰাসন্ধৰ সম্মিলিত শক্তিক পৰাস্ত কৰিব পৰা নাছিলোঁ৷ ফলস্বৰূপে আমি দুয়ো ভাতৃয়ে প্ৰায়েই আত্মগোপন কৰিবলগীয়াত পৰিছিলোঁ৷ প্ৰাণৰ মায়াত মথুৰাৰপৰা আঁতৰি থকা কৃষ্ণই পলায়ণকালতো জম্বুদ্বীপৰ আন আন ৰাজ্যৰ ৰাজনীতিত ন ন আকস্মিক তৰঙ্গৰ সৃষ্টি কৰিছিল৷ প্ৰকৃততে অত্যন্ত উচ্চাকাংক্ষী কৃষ্ণ জৰাসন্ধৰ সৈতে যুদ্ধত প্ৰবৃত্ত হৈ হৈ প্ৰচুৰ সাহসী আৰু ৰাজনৈতিকভাৱে কুশলী হৈ উঠিছিল৷ সেয়ে বহু ৰাজ্যৰ ৰজাৰে প্ৰাণ তেওঁ গুপ্তভাৱে হৰণ কৰি সেই ৰাজ্যবোৰত নিজৰ অনুগত ব্যক্তিক ৰজা পাতিছিল৷ ফলস্বৰূপে জৰাসন্ধাদি শত্ৰুৰ আক্ৰমণৰ মাজতো তেওঁ মিত্ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আৰু সমান্তৰালভাৱে আহৰণ কৰিছিল বিপুল পৰিমাণৰ ধনৰাশি৷

আৰু অৱশেষত সাময়িকভাৱে মথুৰা ত্যাগ কৰি আমি আশ্ৰয় গ্ৰহণ কৰা গোমন্ত পৰ্বতত গোপনে জীৱন অতিবাহিত কৰিব নোৱৰা অৱস্থা হোৱাত দীৰ্ঘদিন ধৰি পৰিত্যক্ত পশ্চিমৰ অগভীৰ সমুদ্ৰ মধ্যৱৰ্তী ৰৈৱতক পৰ্বতৰ ওপৰত অৱস্থিত কুশস্থলী নগৰখনৰ সংস্কাৰ সাধন কৰাই কৃষ্ণই দ্বাৰকাৰূপে নামকৰণ কৰিলে আৰু ক্ৰমে ক্ৰমে মথুৰাৰ সকলোকে তালৈ স্থানান্তৰিত কৰিলে৷

দ্বাৰকা নগৰীৰূপে কুশস্থলী নামৰ পৌৰাণিক নগৰখনৰ সংস্কাৰ সাধনত কৃষ্ণই ব্যয় কৰিছিল অগণিত পৰিমাণৰ ধন৷ সংস্কাৰ আৰু নৱনিৰ্মাণৰ কামত নিয়োগ কৰা হৈছিল জম্বুদ্বীপৰ আটাইতকৈ কুশলী শিল্পীসকলক৷

ফলস্বৰূপে মথুৰাবাসী স্বেচ্ছাবিৰোধী হৈও স্থানান্তৰিত হৈ আহি দ্বাৰকাত যি বিলাসিতা আৰু প্ৰাচুৰ্য প্ৰত্যক্ষ কৰিছিলহি সেইখিনিৰ কাৰণে প্ৰায় প্ৰত্যেকেই কৃষ্ণৰ নামত গদগদ হৈ পৰিছিল৷ গতিকে কেইটামান বছৰৰ পূৰ্বে জনবৎসল ৰজা কংসক বধ কৰা কাৰণে কিছু সংখ্যক মথুৰাবাসীয়ে কৃষ্ণ সম্পৰ্কে নেতিবাচক মনোভাৱ পোষণ কৰিছিল যদিও দ্বাৰকাবাসী হৈ সেইসকল ব্যক্তিয়ে কৃষ্ণৰ প্ৰতি সেই একে দৃষ্টিভঙ্গী বহন কৰা নাছিল৷

দ্বাৰকাত কৃষ্ণ প্ৰমুখ্যে সকলোৱে ৰজাৰূপে অভিষিক্ত কৰিছিল মোক৷

কিন্তু মই জানিছিলোঁ, দ্বাৰকাৰ অঘোষিত ৰজা আছিল মোৰ কণিষ্ঠ কৃষ্ণহে৷ কাৰণ কৃষ্ণৰ আকস্মিক বিৱাহৰ ইচ্ছা প্ৰকাশে মোক, স্বয়ং দ্বাৰকাধিপতি বলৰামকে তৎকালিনভাৱে বিৱাহৰ বাবে বাধ্য কৰিলে৷

মই খুব সৰল জীৱনত বিশ্বাসী৷ ৰাজনৈতিক জটিলতাও মই ভাল নাপাওঁ৷ বিৱাহক ৰাজনৈতিক সম্পৰ্কৰ আৱৰণেৰে সম্পৃক্ত কৰিবলৈও মই উৎসাহবোধ নকৰোঁ৷ সেয়ে বৈৱত ককুদ্মীকন্যা মোতকৈ বয়োজ্যেষ্ঠা ৰেৱতীৰ সৈতে জ্যেষ্ঠসকলে মোৰ বিৱাহৰ প্ৰস্তাৱ উত্থাপন কৰাত মই অস্বীকাৰ কৰিব নোৱাৰিলোঁ৷ আৰু ৰেৱতীৰ সৈতে দাম্পত্যজীৱনত মই অতিশয় সুখী৷ কাৰণ ৰেৱতী ব্যক্তিত্ব সৰল অথচ গাম্ভীৰ্যসম্পন্ন, তেওঁ বিদ্যাৱতী আৰু মোক অভ্যন্তৰলৈকে উপলব্ধি কৰিব পৰাকৈ আন্তৰিকতাসম্পন্না৷

তেওঁ সমগ্ৰ জীৱন মোক আৱৰি ৰাখিছে৷

সি যি নহওক, কৃষ্ণই দ্বাৰকাৰ প্ৰায় সৰ্বদিশতে নেতৃত্ব গ্ৰহণ কৰাত মোৰ মনত অশেষ আনন্দ সৃষ্টি হৈছিল৷ কাৰণ ৰাজনীতি কিংবা প্ৰশাসনৰ জটিলতা মই সমূলি ভাল নাপাওঁ৷ সেইখিনি দায়িত্ব কৃষ্ণই পালন কৰিবই, মই জানো৷ তেনে দায়িত্বৰ বিপৰীতে কৃষি আৰু বাণিজ্যৰ জৰিয়তে মানুহৰ সম্পদ বৃদ্ধি কৰি জীৱন যাপনৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰিবলৈহে মই আগ্ৰহী৷

সেয়ে সমুদ্ৰৱৰ্তী ৰাজ্য দ্বাৰকাৰ ৰজাৰূপেই নহয়, এজন সাধাৰণ নাগৰিকস্বৰূপে মোৰ লক্ষ্য হ’ল দূৰ-দূৰণিৰ, আমাৰ অগম্য ৰাজ্যবোৰৰ সৈতে বাণিজ্যিক সম্বন্ধ স্থাপন কৰাটো৷

দ্বাৰকা জৰাসন্ধৰ আশঙ্কামুক্ত হ’ল৷ মই দ্বাৰকাবাসীৰ উদ্দেশ্যে বৈদেশিক বাণিজ্যৰ পথো উন্মুক্ত কৰিলোঁ আৰু সমান্তৰালভাৱে কৃষিকাৰ্যতো মনোনিৱেশ কৰিলোঁ যাতে দ্বাৰকা স্বয়ংসম্পূৰ্ণ এখন ৰাজ্যৰূপে জিলিকি উঠিব পাৰে৷ পৰমুখাপেক্ষী হৈ অলস জীৱন যাপন কৰাতকৈ কৃষি আৰু বাণিজ্যৰ দিশত উদ্যমী হৈ জীৱনটোক উপভোগ কৰাৰ আনন্দ ল’বলৈ মই দ্বাৰকাবাসীসকলক অনুপ্ৰেৰণা যোগাবলৈ যত্ন কৰিলোঁ৷

কিন্তু মই মোৰ আশানুৰূপ ফল লাভ কৰিব নোৱাৰিলোঁ৷

কাৰণ দ্বাৰকাত ইতিমধ্যে এটা অঘটন সংঘটিত হ’ল৷ অষ্ট সংঘমুখ্যৰে এজন সত্ৰাজিতে দূৰ বিদেশৰপৰা আহৰণ কৰা এটা অমূল্য মণিৰ কাৰণে সমগ্ৰ দ্বাৰকাবাসীয়ে নানান কথা চৰ্চা কৰিবলৈ ধৰিছিল৷ মানুহৰ মতে সেই মণিটো স্বয়ং সূৰ্যদেৱতাই সত্ৰাজিতক দিছিল৷ অৱধাৰিতভাৱেই সত্ৰাজিতক এবাৰ কৃষ্ণই মণিটো খুজি বঞ্চিত হৈছিল৷ পাছত সত্ৰাজিতৰ ভাতৃ প্ৰসেন সেই মণিৰ বাবেই অকালমৃত্যুৰ কবলত পৰিল আৰু কৃষ্ণই মণি উদ্ধাৰ কৰি আনি সত্ৰাজিতক প্ৰত্যাৰ্পণ কৰিলে৷ মণিটোৰ কাৰণেই ৰুক্মিণীৰ পাছত কৃষ্ণৰ জীৱনলৈ ক্ৰমে জাম্বৱন্তী আৰু সত্যভামাৰো প্ৰৱেশ ঘটিল৷

পিছে আন এজন সংঘমুখ্য আমাৰে পিতৃব্য অক্ৰুৰে কৰা ষড়যন্ত্ৰৰ ফলত দ্বাৰকাৰ প্ৰধান সেনাপতি কৃতবৰ্মাৰ ভাতৃ শতধন্বাই সত্ৰাজিতৰ গৃহৰপৰা মণিটো চুৰি কৰিলে৷ কৃষ্ণই দ্বাৰকাপতিৰ দ্বায়িত্বৰূপেই হওক অথবা সত্ৰাজিতে পুনৰ এবাৰ সন্দেহ কৰাৰ আশঙ্কাতে হওক অনুসন্ধান কৰি শতধন্বাক বধ কৰিলেগৈ৷ পিছে বিপদ আসন্ন বুলি উপলব্ধি কৰিয়ে সম্ভৱতঃ শতধন্বাই মণিটো গোপনে অক্ৰুৰক দি দিছিল৷ যি মণিৰ কাৰণে কৃষ্ণই শতধন্বাক হত্যা কৰিলে সেই মণিৰ সন্ধান শতধন্বাৰ ওচৰত পোৱা নগ’ল৷

সেই সমগ্ৰ ঘটনাক্ৰমত মই অত্যন্ত অস্বস্তিকৰ অৱস্থাত পৰিছিলোঁ৷ সামান্য এক পাৰ্থিৱ মণিৰূপী সম্পদৰ বাবেই স্ববংশৰ ভিতৰতে ইমান দ্বন্দ্ব-সংঘাতে মোক ভিতৰি ভিতৰি অপমানিত বোধ কৰাইছিল৷ মোৰ সন্দেহ হৈছিল, স্বয়ং কৃষ্ণই মণিটো গোপনে হস্তগত কৰিছে৷

মই অতিশয় ক্ষতবিক্ষত হৈ পৰিছিলোঁ মানসিকভাৱে৷ সেয়ে অস্থিৰ হৈ উঠিছিলোঁ৷ তেনে অস্থিৰতাৰপৰা পৰিত্ৰাণ লাভৰ আশাত মই দ্বাৰকা ত্যাগ কৰি উদ্দেশ্যহীনভাৱেই মিথিলাত উপস্থিত হ’লোঁগৈ৷

মিথিলাত মই প্ৰায় তিনি মাহ ব্যাপ্তিৰ এক অৱসৰ কাল উদ্‌যাপন কৰিলোঁ৷ সেই সুদীৰ্ঘ অৱসৰে মোৰ মনটো ক্ৰমে ক্ৰমে সুস্থিৰ কৰি তুলিলে৷ মোৰ বাবে সেই সময়খিনিক অধিক উপভোগ্য কৰি তুলিছিল অনুসন্ধিৎসু তথা জ্ঞানান্বেষী হস্তিনাপুৰৰ জ্যেষ্ঠ ৰাজকুমাৰ সুযোধনে৷

মই মিথিলাত বাস কৰা বুলি বাৰ্তা লাভ কৰিয়েই সুযোধনে মোৰ সমীপলৈ আহি গদাযুদ্ধৰ শিক্ষা ভিক্ষা কৰিলেহি৷ ময়ো আনন্দ মনে তেওঁক গদাযুদ্ধৰ সমস্ত কৌশল, নৈতিক দায়িত্ব আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিলোঁ৷

সুযোধনৰ আগ্ৰহ আৰু নিষ্ঠাই মোক মোহিত কৰিছিল৷ মই স্বপ্ৰশিক্ষিত বলৰামে সুযোধনক অত্যন্ত নিষ্ঠাৰে প্ৰশিক্ষণ দিছিলোঁ গদাযুদ্ধৰ ক্ৰমে আহত, প্ৰবৃত, কমলাসন, ঊধ্বৰ্গৰ্ত, নমিত, বামদক্ষিণ, আবৃত্ত, পৰাবৃত্ত, পদোদ্ধৃত, অৱপ্লত, হংসমাৰ্গ আৰু বিভাগৰ মুদ্ৰা তথা কৌশলবোৰ৷

পৰৱৰ্তী সময়ত কনিষ্ঠ কৃষ্ণৰ ইচ্ছাত মই পাণ্ডুপুত্ৰ ভীমকো গদাযুদ্ধৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ৷ কিন্তু শৰীৰী শক্তিত ভীম অতুলনীয় হ’লেও গদাযুদ্ধৰ বাবে প্ৰয়োজনীয় তৎপৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰি সেই সিদ্ধান্তক কাৰ্যত পৰিণত কৰাৰ ক্ষমতা সুযোধনৰ তুলনাত ভীমৰ যথেষ্ট কম আছিল৷ সমান্তৰালভাৱে মই লক্ষ্য কৰিছিলোঁ, ভীমৰ মাজত যেন কিবা এক জিঘাংসু শক্তিৰ উপস্থিতি আছে যিকাৰণে ভীম সকলো সময়তে যুদ্ধৰ নৈতিকতা ৰক্ষা কৰিবলৈ বাধ্য নহ’বও পাৰে৷ সেয়ে মই গদাযুদ্ধৰ সকলো কৌশলৰ প্ৰশিক্ষণ ভীমক প্ৰদান কৰা নাছিলোঁ৷

মিথিলাৰপৰা প্ৰত্যাৱৰ্তন কৰি মই দ্বাৰকা পালোঁহি পুনৰ৷

দ্বাৰকাত তেতিয়া কৃষ্ণ নাছিল৷

মোৰ প্ৰত্যাৱৰ্তনে দ্বাৰকাবাসীক আনন্দিত কৰিলে৷ কিন্তু কৃষ্ণৰ অবৰ্তমানত মই আনন্দিত হ’ব নোৱাৰিলোঁ৷ আঠগৰাকীকৈ পত্নীক এৰি থৈ কৃষ্ণ তেতিয়া ক’ত কি কামত ব্যস্ত হৈ আছিলগৈ কোনেও নাজানিছিল৷

আৰু ক্ৰমশঃ মই দ্বাৰকাত কৃষ্ণৰ ধাৰাৱাহিক অনুপস্থিতিৰ বাবে আচৰিত হ’বলৈ ধৰিলোঁ৷ বহুদিনৰ মূৰত হঠাতে ভূমিকম্পৰ দৰে দ্বাৰকাত কৃষ্ণ আহি ওলায়হি যদিও গৰিষ্ঠ সংখ্যক দিন তেওঁ দ্বাৰকাত নাথাকে৷

মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ কেৱল কয়–

‘মোৰ সম্মুখত সম্প্ৰতি অনেক দায়িত্ব, জ্যেষ্ঠ৷ জম্বুদ্বীপক মহাভাৰতৰূপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অদৃষ্টই মোৰ শিৰতে আৰোপ কৰিছে৷ দ্বাৰকাৰ প্ৰশাসনিক, পাৰিবাৰিক তথা অন্যান্য দায়িত্ববোৰ তুমিয়ে পালন কৰাঁ৷ মোক সেইবোৰলৈ আকৰ্ষিত নকৰিবা৷ কেৱল অন্য ৰাজ্যৰদ্বাৰা দ্বাৰকাৰ সমস্যা সৃষ্টি হ’লে মোক স্মৰণ কৰিবা৷’

পূৰ্বৱৎ মই কৃষ্ণৰ অমানৱীয় যান্ত্ৰিক আচৰণত পুনৰ আহত হ’লোঁ৷ একে সময়তে আচৰিতো হ’লোঁ, কাৰণ কৃষ্ণই মোৰ ওপৰতে সকলো দায়িত্ব এৰা বুলি ক’লেও সকলো সময়তে ধূমকেতুৰ দৰে ক’ৰবাৰপৰা আহি তেওঁ মোৰ সিদ্ধান্তৰ ওপৰত নিজা সিদ্ধান্ত আৰোপ কৰেহি য’ত আনেহে নালাগে স্বয়ং ময়ো বিৰোধ কৰিব নোৱাৰোঁ৷

উপায়ান্তৰ হৈ মই দ্বাৰকা আৰু দ্বাৰকাবাসীক লৈয়ে মোৰ পৰৱৰ্তী জীৱন যাপন কৰিবলৈ মনস্থ কৰিলোঁ৷ অৱশ্যে আমাৰ শৈশৱ আৰু কৈশোৰৰ মানসিক আশ্ৰয়সদৃশ ব্ৰজবাসীসকলৰ স্মৰণত মাজে মাজে মোৰ মন ব্যথিত হৈ পৰা বাবে তালৈ গৈ পিতা নন্দ আৰু মাতা ক্ৰমে যশোদা আৰু ৰোহিণীকে ধৰি গোপ-গোপীসকলৰ কৰুণ-মধুৰ সান্নিধ্যৰে নিজকে স্নান কৰালোঁ৷

ক্ৰমে-অনুক্ৰমে বাৰ্তা আহি থাকিল কৃষ্ণৰ৷

আৰু কি দৈৱপাকত– মই বুজিবলৈ জটিলতা অনুভৱ কৰোঁ, মোৰ কনিষ্ঠ কৃষ্ণ প্ৰৱেশ কৰিলেগৈ হস্তিনাপুৰৰ সিংহাসনক লৈ আৰম্ভ হোৱা ভাতৃঘাতী গৃহকলহৰ মাজত৷

কৃষ্ণই প্ৰথমে বনবাসী পাণ্ডুপুত্ৰ পাঁচজনৰ সৈতে পাঞ্চাল কুমাৰী দ্ৰৌপদীৰ বিৱাহ সংঘটিত কৰালে৷ সি আছিল সম্পূৰ্ণৰূপেই নাভূত-নাশ্ৰুত ঘটনা৷

জম্বুদ্বীপৰ যিকোনো স্থান বা দেশত ইতিপূৰ্বে নঘটা ধৰণৰ কিবা নতুন ঘটনা সংঘটিত হ’লেই মই অন্ততঃ বুজি পোৱা হৈছোঁ যে তাৰ অন্তৰালত সম্ভৱতঃ কৃষ্ণৰে হাত আছে৷ প্ৰথমে মই পঞ্চপাণ্ডৱৰ সৈতে দ্ৰৌপদীৰ বিৱাহ সম্পৰ্কে কৃষ্ণক সন্দেহ কৰা নাছিলোঁ যদিও পৰৱৰ্তী সময়ত মোৰ চৰবাহিনীৰপৰা আহৰণ কৰা তথ্যৰ ভিত্তিত বিশ্লেষণ কৰি চাই দেখিছোঁ, সেই ঘটনাটোৰেই কৃষ্ণ হস্তিনাপুৰৰ গৃহকন্দলত প্ৰৱেশ কৰিছিল৷

ক্ৰমে ক্ৰমে সত্যক মিথ্যাৰ ৰূপ প্ৰদান কৰাত আৰু স্বপ্ৰণোদিত সংঘটনক ধৰ্মৰ সমৰ্থন দিয়াত কৃষ্ণই অশেষ অৰ্হতা প্ৰকাশ কৰিবলৈ ধৰিলে৷ ময়ো অৱলীলাক্ৰমে উপলব্ধি কৰিব পৰা হ’লোঁ যে কৃষ্ণই ইতিমধ্যে দ্বাৰকাৰ মোহত আৱদ্ধ নাথাকি কিবা এক গোপন উদ্দেশ্যত সমগ্ৰ জম্বুদ্বীপক লৈ চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে৷

তৎপৰৱৰ্তী কালত কৃষ্ণৰ কাৰ্যকলাপসমূহে মোৰ মনত কেৱল সন্দেহেই সৃষ্টি কৰিলে– কৃষ্ণ বাৰু মোৰ বা অপৰ কোনো ব্যক্তিৰ দৰে ৰক্ত-মাংসৰ মানুহ নহয় নেকি? তেওঁ বাৰু গোকূলৰ সমস্ত স্মৃতি মন প্ৰক্ষালন কৰি আঁতৰাই পেলোৱাৰ দৰে দ্বাৰকাকো পৰিত্যাগ কৰিব খুজিছে নেকি?

কিন্তু দ্বাৰকাৰ ওপৰতো তেওঁ নিজা প্ৰভাৱ অব্যাহত ৰাখিলে অতিশয়  কৌশলেৰে৷ বিশেষকৈ দ্ৰৌপদীৰ সৈতে পাণ্ডৱৰ বিৱাহৰ প্ৰায় এটা বছৰ অতিক্ৰম কৰাৰ পূৰ্বেই সকলোকে স্তম্ভিত কৰি কৃষ্ণই অৰ্জুনক দ্বাৰকালৈ আনি তেওঁৰ দ্বাৰা আমাৰ ভগ্নী হস্তিনাপুৰৰ জ্যেষ্ঠ ধাৰ্তৰাষ্ট্ৰ কুমাৰ সুযোধনৰ সুদীৰ্ঘদিনৰ প্ৰেয়সী সুভদ্ৰাক হৰণ কৰালে৷

মই সেই সময়ত ক্ৰোধত আত্মসম্বৰণ কৰিব নোৱৰা হৈ পৰিছিলোঁ৷ কাৰণ কুমাৰ সুযোধনক তেওঁ উদাৰ মানসিকতা, যুক্তিপূৰ্ণ চিন্তন, জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা, প্ৰজাসকলৰ প্ৰতি স্নেহ আদি বিভিন্ন গুণৰ বাবে মই ভাল পাইছিলোঁ আৰু আজিও পাওঁ৷ তেওঁৰ প্ৰতি যিহেতু সুভদ্ৰাৰ অন্তৰতো আকৰ্ষণ আছিল পূৰ্বৰেপৰাই, তেনে অৱস্থাত কৃষ্ণৰ প্ৰৰোচনাত অৰ্জুনে প্ৰদৰ্শন কৰা স্পৰ্ধাই মোক পৃথিৱীখনকে তল-ওপৰ কৰি পেলাবলৈ স্পৃহা যোগাইছিল৷

কিন্তু আকৌ কৃষ্ণ! কৃষ্ণৰ সম্মুখত কিয় জানো মোৰ সকলো ক্ৰোধ মুহূৰ্ততে পানী হৈ পৰে৷

জ্যেষ্ঠজন হৈও, দ্বাৰকাৰ অধিপতি হৈও কণিষ্ঠ কৃষ্ণৰ প্ৰভাৱত অকৰ্মণ্য হৈ পৰা মনটোৱে মোক বাৰম্বাৰ আহত কৰিছিল৷ যিকোনো এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতো কৃষ্ণই নানান কৌশলেৰে প্ৰভাৱ বিস্তাৰ কৰি সেই সিদ্ধান্ত পৰিৱৰ্তন কৰিবলৈ মোক বাধ্য কৰিছিল৷

কেৱল বাণিজ্যৰ ক্ষেত্ৰত মোৰ কোনো উদ্যোগতে কৃষ্ণই প্ৰভাৱান্বিত কৰিবলৈ যত্ন কৰা নাছিল৷

কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত যে মই বাৰে বাৰে পৰাস্ত আৰু অপমানিত হৈছিলোঁ কৃষ্ণৰ ওচৰত৷

এনে অৱস্থাত কাৰ্যতঃ দ্বাৰকাত নিস্কৰ্মা জীৱন এটা যাপন কৰি আৰু ব্ৰজবাসীসকলৰ বাবে একো কৰিব নোৱৰা অৱস্থাই মোক ক্ৰমে ক্ৰমে যেন মানসিকভাৱে দুৰ্বল কৰি তুলিছিল৷

অৱশষত আহত মনটোক মই আশ্ৰয় দিবলৈ আৰম্ভ কৰিছিলোঁ বাৰুণী আৰু কাদম্বৰী সুৰাৰ৷ যিকোনো অৱস্থাতে মোৰ কাষত সৰ্বদা মোৰ আত্মাৰ আশ্ৰয়স্বৰূপে আছিল কেৱল মোৰ সহধৰ্মিনী ৰেৱতী৷ 

মোৰ আশ্ৰয় আছিল কেৱল মোৰ প্ৰেয়সী, মোৰ পত্নী, মোৰ অশেষ শ্ৰদ্ধাৰ পাত্ৰী ৰেৱতী। আনকি মদ্যপানতো তেওঁ আছিল মোৰ সঙ্গিনী।

 

 

৩৮ বেদব্যাস৷

স্ববংশৰ অনেক উত্থান-পতন, অনেক ইচ্ছা-আকাংক্ষা, অজস্ৰ স্বপ্ন আৰু বাস্তৱৰ সাক্ষী হৈ সম্প্ৰতি মই সম্পূৰ্ণ ব্যৰ্থ, অথৰ্ব হৈ পৰিছোঁ৷ কায়িক দুৰ্বলতাতকৈও মানসিক চাপে মোৰ সকলো উদ্দীপনাকে যেন শোষণ কৰি আনিছে এফালৰপৰা৷

অথচ এই কাব্য মই ৰচনাত প্ৰবৃত্ত হ’বলগীয়া হৈছে মোৰ ৰক্তপ্ৰৱাহ সম্পূৰ্ণৰূপে নিঃচিহ্ন হোৱাৰ অন্ততহে৷ মই জানো মোৰ ৰক্তৰ অমৰত্ব কামনা কৰা নাছিলোঁ? মই সুদীৰ্ঘকাল মোৰ পৌত্ৰ-প্ৰপৌত্ৰগণে ভাৰত ৰাজ্য শাসন কৰাৰ সপোন দেখা নাছিলোঁ জানো?

কি লিখিলোঁ মই? কি বাণী মই সংক্ৰমিত কৰিব খুজিছিলোঁ এই গ্ৰন্থত লিপিৱদ্ধ লক্ষ লক্ষ শব্দসম্ভাৰৰ মাজেদি?

যুদ্ধত বিজয়ী পক্ষৰদ্বাৰা সংঘটিত প্ৰতিটো অন্যায়-অনৈতিক পদক্ষেপক ধৰ্মৰ আৱৰণ দি ন্যায়ৰূপে প্ৰতিষ্ঠা কৰিবলৈ মোৰ ওপৰত বাৰম্বাৰ চাপ প্ৰয়োগ কৰা হৈছে৷ প্ৰতিটো অকাৰ্যকে দেৱবাক্য, ব্ৰহ্মবাক্য কিংবা গুৰুবাক্যৰূপে বৰ অথবা অভিশাপৰ ৰূপ দিবলৈ যত্ন কৰিবলগীয়া হোৱাত মানসিকভাৱে মই সম্প্ৰতি ভগ্নস্বাস্থ্য হৈ পৰিছোঁ৷ প্ৰতিটো অকাৰ্যৰ অন্তৰালত অতীতত সংঘটিত বুলি প্ৰদৰ্শন কৰিব পৰাকৈ একোটা কাহিনীৰ সৃষ্টি কৰিবলগীয়া হৈছে৷ কৰিবলগীয়া হৈছে কাৰোবাৰ প্ৰতিজ্ঞা বা সংকল্প গ্ৰহণৰ কাহিনী নিৰ্মাণ অথবা আনিবলগীয়া হৈছে অলিখিত ইতিহাসৰ কষ্টকল্পিত প্ৰসঙ্গ৷

সতক অসৎ আৰু অসতক সৎ বুলি প্ৰতিষ্ঠা কৰিবলৈ বিগত প্ৰায় অৰ্ধশতিকা কাল যি প্ৰয়াস চলিছিল তাৰ ফলতে ক্ষুদ্ৰ ভাৰত ৰাজ্য ধ্বংস হ’ল আৰু জন্ম হ’ল বিশাল ভাৰতবৰ্ষ, যাক আখ্যায়িত কৰিব পাৰি মহাভাৰতৰূপে৷ সম্প্ৰতি যুদ্ধবিধ্বস্ত ভাৰতবৰ্ষতো সত্যক মিথ্যা আৰু মিথ্যাক পৰম সত্য বুলি প্ৰতিষ্ঠা কৰাৰ যি মহায়োজন আৰম্ভ হৈছে সিয়ে যদি শতবৰ্ষ অথবা সহস্ৰবৰ্ষৰ পৰৱৰ্তীকালত ভাৰতবাসীৰ স্বভাৱ হৈ পৰেগৈ? আৰু মই আশঙ্কা কৰিলেও বিজয়ীসকলৰ সূত্ৰসংকেতত এক নিঃপ্ৰাণ পুত্তলিকাসদৃশ হৈ নৃত্য কৰিবলৈ যেন মই বাধ্য হৈছোঁ!

মোৰ সপোন কি আছিল? কি আছিল মোৰ ব্ৰত?

যি ক্ষত্ৰিয়প্ৰধান ৰাজধৰ্মই জম্বুদ্বীপত ঐতিহাসিকভাৱে সৰ্বসাধাৰণৰ জীৱনক দুৰ্বিসহ কৰি আহিছে মই সেই ক্ষত্ৰিয়প্ৰাধান্যৰ অৱসান ঘটাব পাৰিলো জানো? যি ব্ৰাহ্মণ্যবাদে মানুহক শিক্ষা প্ৰদান কৰিছে মানুহকে ঘৃণা কৰিবলৈ সেই ব্ৰাহ্মণ্যবাদৰ শিপা দেখোন ক্ৰমশঃ শক্তিশালী হোৱাৰ লক্ষণহে প্ৰস্ফূটিত হৈছে৷

মই বাৰু কাৰোবাৰ অদৃশ্য সংকেতত পৰিচালিত হ’ব খুজিছিলোনে? মই নিজেহে সমগ্ৰ ভাৰতবৰ্ষকে প্ৰজ্ঞালোকেৰে বিধৌত কৰা বুলি সৰ্বত্ৰ প্ৰচাৰিত!

তেন্তে মই কি? মই কোন? ইতিহাসত মোৰ ভূমিকা কি?

দশ সহস্ৰ শ্লোকেৰে সমৃদ্ধ এই বিপুলায়তন গ্ৰন্থ জয়কাব্য সংকলন কৰি মই কি লাভ কৰিবলৈ অভীপ্সা কৰিছোঁ?

অমৰত্ব?

অমৰত্ব! জন্মৰপৰা সাম্প্ৰতিক কালৰ এই বিষণ্ণ মুহূৰ্ত পৰ্যন্ত সমগ্ৰ জীৱন ক্ষত-বিক্ষত হৈ মৃত্যুপৰৱৰ্তী অমৰত্ব মোৰ কাম্য জানো?

মই অমৰত্বৰ প্ৰতি আগ্ৰহী নহওঁ৷ প্ৰকৃততে কোনো জাগতিক অস্তিত্বৰে অমৰত্বত মই বিশ্বাস নাৰাখোঁ৷ কিন্তু মোৰদ্বাৰায় এই কাব্য লিখোৱাই অমৰ হ’বলৈ যত্ন কৰাসকলৰ বিৰোধিতা কৰিবও মই নোৱাৰোঁ৷ গতিকে মই লিখি গৈছোঁ মোৰ জ্ঞাত সকলোখিনি৷ অৱশ্যেই কৌশলপূৰ্বক, যাতে প্ৰখৰ ভৱিষ্যতৰ কোনো কালত বুদ্ধিমান কোনো মানৱে মই ৰাখি যোৱা ছিদ্ৰবোৰেদি প্ৰকৃত সত্যক লক্ষ্য কৰিব পাৰে৷

কিন্তু মোৰ এটা আশঙ্কাও আছে৷ যদি শক্তিশালীসকলে মোৰ কাব্যখন পঢ়ি বা শুনি আনন্দ লাভ কৰে তেন্তে ই হ’বগৈ ইতিহাস৷ তাৰ বিপৰীতে মোৰ কাব্যখনে যদি কোনোবা ক্ষমতাসীনৰ স্বাৰ্থ হানি কৰে তেন্তে নিশ্চয় কোনোবা কবি বা লেখকক নিয়োগ কৰা হ’ব মোৰ কাব্যৰ ঘটনাৱলীৰ সংবৰ্ধন বা সম্পাদনাত৷ এনে ব্যৱস্থা যদি দূৰ ভৱিষ্যতলৈকে অব্যাহত হ’বলৈ হয় তেন্তে দেখোন সদায়ে ক্ষমতাশালীসকলেই ধৰ্মাত্মাৰূপে প্ৰতিষ্ঠা লাভ কৰিব৷ মোৰ ধাৰণা হৈছে, মই আশঙ্কা কৰাটোৱেই ঘটিব ভৱিষ্যতৰ পৃথিৱীত৷

ইতিহাসৰ সংজ্ঞা সলনি হ’ব৷

সংসাৰত ক্ষমতাই সৰ্বস্ব, সৰ্বোচ্চ লক্ষ্য হৈ উঠিব৷

ক্ষমতাসীনৰ ইচ্ছাই ন্যায় হিচাপে গৃহীত হ’ব, বিধৃত হ’ব৷

মোৰ আশঙ্কা হৈছে, ক্ষমতাসীনৰ ইচ্ছাতে এসময়ত ইতিহাসো ৰচিত হ’বগৈ! যিটো হ’ব ভয়াৱহ৷

কি দিম মই এই মহাগ্ৰন্থৰ যোগেদি ভৱিষ্যতৰ মানুহক? মই যি সত্য প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছোঁ সেই সত্য দেখোন বিভিন্ন অসত্যভাষণৰ আৱৰণৰ ছায়াত সুপ্তপ্ৰায় হৈ পৰিছে৷ মোৰ অভীপ্সিত সত্যৰ সমীপলৈ আগ বাঢ়িবলৈ ভৱিষ্যতৰ কোনোবা পাঠক সক্ষম হ’বনে? ঘটনাক্ৰমৰ বৰ্ণনাৰ মাজে মাজে মই অৱলীলাক্ৰমে অনেক তত্ত্বকথা উদ্ধৃত কৰিবলৈও যত্ন কৰিছোঁ, বিভিন্ন স্থানত ধৰ্মাৰ্থকামমোক্ষৰ প্ৰলেপ দিবলৈও যত্ন কৰিছোঁ৷ মোৰ অসহায় অথচ আন্তৰিক প্ৰয়াস হৈছে এই বৃহদায়তন গ্ৰন্থৰ মাজতে অনেক মিথ্যাৰ মাজতো মই প্ৰকৃত সত্যৰ ইঙ্গিত ৰাখি থৈ যোৱা যাতে উপযুক্ত পাত্ৰই যথা সময়ত প্ৰকৃত সত্য উদ্ধাৰ কৰিব পাৰে৷

মানুহে বাৰু কোনখিনি গ্ৰহণ কৰিব?

‘জয়’ নামৰ এই ইতিহাস গ্ৰন্থখন সম্প্ৰতি সমাপ্ত কৰিম৷ প্ৰকৃততে পৃষ্ঠপোষকসকলৰ স্বৰ্থৰক্ষা কৰিবলৈ গৈ তথা তেওঁলোকক গৰিমামণ্ডিত কৰিবলগীয়াত পৰি মই এই গ্ৰন্থত বহু মিথ্যাৰ আশ্ৰয় ল’বলৈ বাধ্য হৈ ক্ষতবিক্ষত হৈ পৰিছোঁ৷ ভৱিষ্যতৰ কোনো ব্যক্তিয়ে যে এই ইতিহাসৰ বিস্তাৰ নঘটাব তাৰ কোনো নিশ্চয়তা নাই৷ কাৰণ মই প্ৰত্যক্ষ কৰি আহিছোঁ যে সদায়ে বিজয়ীসকলে ইতিহাসক নিজৰ অনুকূলে সজাই তুলিবলৈ যত্নপৰ হয়৷ তেনেকৈ বিভিন্ন সময়ত বিভিন্ন বিজয়ীৰ পৃষ্ঠপোষকতাত যদি এই গ্ৰন্থৰ বৰ্ণনাক বাৰংবাৰ প্ৰক্ষিপ্ত কৰা হৈ থাকে তেন্তে এনে সময়ো নিশ্চয় আহিব যেতিয়া ইয়াৰ শীৰ্ষকেই পৰিৱৰ্তিত হৈ পৰিব৷

‘জয়কাব্য’ মই ভাৰতবৰ্ষৰ সম্ৰাট যুধিষ্ঠিৰৰ হাতত অৰ্পণ কৰিম৷ মহাযুদ্ধখনে গঙ্গা উপত্যকাৰ উত্তৰে-দক্ষিণে বিস্তৃত অতি ক্ষুদ্ৰৰাজ্য ভাৰতক কেন্দ্ৰ কৰি সমগ্ৰ জম্বুদ্বীপসমন্বিতে বৃহত্তৰ সাম্ৰাজ্য ভাৰতবৰ্ষৰ সম্ভাৱনা সূচিত কৰিলে৷ সেই ভাৰতবৰ্ষৰে সম্ৰাট যুধিষ্ঠিৰে এই গ্ৰন্থ সংৰক্ষণৰ ব্যৱস্থা নিশ্চয় কৰিব৷

যুধিষ্ঠিৰে নিশ্চিতভাৱে এই গ্ৰন্থৰ প্ৰতিটো বৰ্ণনা সূক্ষ্মাতিসূক্ষ্মভাৱে অধ্যয়ন কৰিব আৰু নিজকে ধৰ্মপুত্ৰ কিম্বা ধৰ্মৰাজ বুলি প্ৰতিষ্ঠা কৰাৰ সামান্যও আশঙ্কাগ্ৰস্ত বৰ্ণনা দৃষ্টিগোচৰ হ’লেই নিশ্চয় সেইখিনি পৰিৱৰ্তিত কৰাব৷

নিজকে শ্ৰীকৃষ্ণ বুলি প্ৰকাশ কৰা প্ৰৱল প্ৰতাপী একমেৱদ্বিতীয়ম্‌ স্বয়ম্ভু ভগৱান কৃষ্ণই যে ইয়াক প্ৰক্ষিপ্ত নকৰাব কোনে জানে!

যি কৃষ্ণই ব্যক্তিগত শত্ৰুতা নোহোৱা সত্তেও শতজন কৌৰৱ ৰাজকুমাৰক হত্যা কৰাই সেই সন্তানগণৰ ধৰ্মমাতৃ গান্ধাৰীক শীতল অন্তৰেৰে সাক্ষাৎ কৰিবগৈ পাৰে আৰু সাক্ষাৎকালত সেই শতজন ব্যক্তিৰ অধাৰ্মিক কাৰ্যকলাপ সম্পৰ্কে কোনো হৃদকম্প নোহোৱাকৈ সাৱলীল বক্তৃতা প্ৰদান কৰিবগৈ পাৰে তেওঁ অদূৰ ভৱিষ্যতে আৰু যে কি কি কৰিব নোৱাৰিব কোনে জানে! যি কৃষ্ণই নিজৰ পুত্ৰবধুৰ পিতৃ সুযোধনক অন্যায় উপায়েৰে হত্যা কৰাব পাৰে, তেওঁ আৰু কি কৰিব নোৱাৰিব মই সাধাৰণ অৰণ্যবাসী ব্যাসে কেনেকৈ কল্পনা কৰিম?

কৃষ্ণৰ সৈতে মোৰ প্ৰথম সাক্ষাতৰপৰা স্মৰণ কৰি মোৰ উপলব্ধি এয়ে যে কৃষ্ণ যিদৰে আমাৰ সময়ৰ জম্বুদ্বীপৰ আটাইতকৈ প্ৰতিভাশালী, কৌশলী, শ্ৰমসহিষ্ণু, দূৰদৰ্শী, মৃদুভাষী আদি সকলো ভাল গুণৰ অধিকাৰী সেইদৰেই তেওঁ সৰ্বাধিক কপট, স্বাৰ্থান্বেষী, মিথ্যাচাৰী, ক্ৰূৰ, লোভী, সুযোগসন্ধানী তথা আত্মমৰ্যাদাহীন ব্যক্তিও৷ তেওঁ স্বয়ং নিজকে ভগৱান বুলি কোৱা মই একাধিকবাৰো শুনিছোঁ৷ বিৰাট ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰি থকা পাণ্ডুপুত্ৰগণৰ হৈ দৌত্যকাৰ্য সাধিবলৈ গৈ কুৰু ৰাজসভাত তেওঁ ভয়ঙ্কৰ বিশ্বৰূপ ধাৰণ কৰা বুলি কৌশলেৰে নিজে প্ৰচাৰ কৰা সম্পৰ্কেও বহুজন জ্ঞাত৷ কুৰুক্ষেত্ৰৰ ৰণত তেওঁৰ পৃষ্ঠপোষকতাত পাণ্ডৱসকলে কত অন্যায় পন্থাকে যে অৱলম্বন নকৰিলে!

সেই সকলোখিনি নিশ্চয় এই গ্ৰন্থতে ন্যায়ৰূপেও প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিব কোনোবাই৷ তেতিয়ালৈ মই শাৰীৰিকভাৱে এই জগতত নাথাকিম৷ থাকিলেও ৰচনাৰ পাছততো এই কাব্যৰ ওপৰত মোৰ অধিকাৰ নাথাকিব! এই কাব্য মই হস্তান্তৰ কৰিবগৈ লাগিব হস্তিনাপুৰৰ সিংহাসনাধিষ্ঠিত নৱনিৰ্মিত ভাৰতবৰ্ষৰ সম্ৰাট মহামান্য যুধিষ্ঠিৰৰ ওচৰত৷ ভাৰত ৰাষ্ট্ৰৰ সম্ৰাটে নিশ্চয় এই গ্ৰন্থ সূক্ষ্মাতিসূক্ষ্মভাৱে পৰীক্ষণৰ ব্যৱস্থা কৰিব আৰু ৰাষ্ট্ৰৰ প্ৰসঙ্গ উল্লেখ কৰি স্বমহিমা প্ৰকাশ হোৱাকৈ ইয়াৰ সংশোধনো কৰাব৷ 

অথবা হয়তো এই গ্ৰন্থই ইতিহাসৰ চৰিত্ৰ ত্যাগ কৰি কাব্য অথবা ইয়াৰ বিপুলায়তনৰ বাবে মহাকাব্যৰ চৰিত্ৰ আহৰণ কৰিব৷

উঃ! অসহ্যকৰ!

তথাপি সময় নিৰৱধি, নিৰ্বিকাৰ৷ সময়ে জগতৰ গতি নিয়ন্ত্ৰণ কৰিবই৷ সময়ক নিয়ন্ত্ৰণত ৰখাৰ সামৰ্থ্য মানৱৰ নাই৷ তথাপি এই গ্ৰন্থৰ আদিপৰ্বত ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিজয়ৰ বাবে যিসকল ইচ্ছুক সেইসকলে এই গ্ৰন্থ পাঠ কৰা উচিত৷

কিন্তু মানুহে বাৰু বুজি পাবনে, সামৰিক ক্ষেত্ৰৰ যুদ্ধত অৱতীৰ্ণ হৈ যে অদ্যাপি কোনেও জয়লাভ কৰিব পৰা নাই আৰু কদাপি নোৱাৰিবও?

(সমাপ্ত)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ