অন্যযুগ/


বিংশ শতিকাৰ সুধাকণ্ঠৰ সুৰত একবিংশ শতিকাৰ শ্ৰমিকৰ চিৎকাৰ

 যুগান্তৰ মাধৱ শইকীয়া

 

 

শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি,

সেমেকা শীতৰে ৰাতি

শীতৰে সেমেকা ৰাতি,

বস্ত্ৰবিহীন কোনো খেতিয়কৰ

ভাগিপৰা পঁজাটিৰ ডুঁহজুই একোৰাত

উমি উমি জ্বলি থকা

ৰক্তিম যেন এটি উত্তাপ হওঁ....

ডাৰউইনে জীৱৰ বিৱৰ্তনৰ সূত্ৰত কৈছিল - “যোগ্য ভোগ্য বসুন্ধৰা”, অৰ্থাৎ যি যোগ্য তেৱেঁই ভোগ কৰে৷ কিন্তু আধুনিক মানৱ সমাজ আৰু জীৱন ব্যৱস্থাৰ পৰিৱৰ্তনৰ চক্ৰবেহুত আজিৰ যোগ্যজন তেওঁৰ শ্ৰমৰ মৰ্য্যাদাৰ পৰা বঞ্চিত, শ্ৰমৰ দ্বাৰা সৃষ্ট ভোগ্য উপভোগ কৰিছে কেৱল সুবিধাবাদী তথাকথিত উচ্চশ্ৰেণীয়ে যুগৰ পিছত যুগ, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি৷ শোষণৰ এই চক্ৰবেহুৰ পৰা নিজৰ প্ৰাপ্য বিচাৰি যুগে যুগে সংগ্ৰামত অৱতীৰ্ণ হৈছে শ্ৰমজীৱী, শ্ৰমিক৷ পুঁজিবাদৰ মেৰপাকত বোজা বৈ বৈ কোঙা হৈ পৰা শ্ৰমিকৰ এই হৃদয়বিদাৰক দুখ-যন্ত্ৰণাক তীক্ষ্ণ বেদনাৰে প্ৰতিফলিত কৰি বিশ্বৰ যুগজয়ী গণশিল্পীসকলেও প্ৰান্তে প্ৰান্তে ৰচিলে শ্ৰমৰ মৰ্যাদা বিচাৰি গীত৷ শৃংখল ভাঙিব বিচৰা মুক্তিপিয়াসী জনতাৰ অগ্নিময় সংগ্ৰামক উজ্জীৱিত কৰা অমৰ গীতসমূহ বিশ্বৰ বিপ্লৱী শিল্পীসকলৰ কণ্ঠেৰে যুগৰ পিছত যুগ ধৰি প্ৰবাহিত হৈছে৷ এই শ্ৰমজীৱীৰ আৱেগক নিজৰ অমিয়া সুৰেৰে সজাইছিল অসম সন্তান সুধাকণ্ঠ ড ভূপেন হাজৰিকাই তেখেতৰ কালজয়ী গীতবোৰৰ তৰংগত৷ এই ভাব অতি স্পষ্টৰূপত প্ৰকাশ পাইছে সুধাকণ্ঠৰ “দোলা হে’ দোলা” শীৰ্ষক গীতটিত৷ গীতটোৰ সুৰে কয়, কি দৰে সমাজৰ নিম্ন শ্ৰেণীৰ দোলাভাৰী এজন জীৱনযুদ্ধত অৱতীৰ্ণ হয়৷ গীতটোৱে শোষিত শ্ৰমিক শ্ৰেণীৰ অবিৰত সংগ্ৰাম আৰু ত্যাগক চিত্ৰিত কৰিছে৷ তেওঁলোকে নিজৰ শাৰীৰিক যন্ত্ৰণা, দৰিদ্ৰতা আৰু সন্তানৰ প্ৰতি থকা মৰম সত্ত্বেও, ধনিক শ্ৰেণীৰ বিলাসিতা আৰু সুখৰ বাবে নিজৰ ক্ষুদ্ৰ-ক্ষুদ্ৰ সুখবোৰ অহৰহ বলি দিয়ে৷ তেওঁলোকৰ কান্ধৰ ওপৰতেই সমাজৰ বৰ মানুহৰ “দোলা” (ক্ষমতা, ধন, সুবিধা) চলি আছে৷

কিন্তু গীতটোত এটা সূক্ষ্ম সতৰ্কবাণীও আছে,

“অ’ ওখকৈ পাহাৰৰ টিংটি উঠিছো

ভালকৈ খোজটি মিলা,

আমাৰ কান্ধৰপৰা পিছলিব লাগিলে

বাগৰি পৰিব দোলা,

অ’ ৰাজা মহাৰাজাৰ দোলা

বৰ বৰ মানুহৰ দোলা হে দোলা”

অৰ্থাৎ যদি শ্ৰমজীৱীৰ কান্ধৰ পৰা দোলা এবাৰ পিছলি যায় বা শ্ৰমজীৱীয়ে দোলা আঁতৰাই পেলায় তেন্তে সেই বৰ বৰ মানুহৰ সকলো সুখ-স্বাচ্ছন্দ্য বাগৰি পৰিব৷ শ্ৰমিকসকলে নিজৰ যন্ত্ৰণা সহ্য কৰি, চকুলো গিলি, সমাজৰ বোজা কান্ধত তুলি লৈ আগবাঢ়ি যায়৷ দোলাভাৰীয়ে দোলাৰ চহকী পাটৰ তিৰবিৰণিত অনুভৱ কৰিছে সন্তানক অত পৰিশ্ৰমৰ অন্তত এটি সূতাৰ চোলাও দিব নোৱাৰাৰ বেদনা৷

তাহানিৰ শোষণৰ এই পাশৱিক ব্যৱস্থা একবিংশ শতিকাত আজিও একেই আছে, সলনি হৈছে যদি কেৱল তাৰ ৰেহ-ৰূপ৷ বহুজাতিক প্ৰতিষ্ঠানসমূহে আজিৰ ডিজিটেল শ্ৰমিকক নিতৌ কৰে নিত্য নতুন লঘু লাঞ্ছনা৷ বাহিৰে ৰং চং হ’লেও এনে প্ৰতিষ্ঠানসমূহ ভিতৰে কোৱাভাতুৰী৷ শ্ৰম, উৎপাদন আৰু মজুৰীৰ সমবিতৰণ ইয়াতো নাই৷ সামগ্ৰিকভাৱে ই এক বঞ্চনাৰ পুঁজিপতি নিয়ন্ত্ৰিত সমাজ, যাৰ বিৰুদ্ধে এই গীতটিৰ ভাষাৰে সুধাকণ্ঠই প্ৰতিবাদ কৰিছিল সৌ তাহানিতেই, সেই ক’লা সমাজ আজিৰ পটভূমিতো ৰেহ-ৰূপ সলনি কৰি পূৰ্বতকৈও প্ৰৱলভাৱে প্ৰৱৰ্তিত হৈ আছে৷ অমিয়া কণ্ঠৰ অধিকাৰীজনৰ অসমৰ জনজীৱনত দুৰ্বল শ্ৰেণীৰ ওপৰত ধনীৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে লিখা আন এটি গীত হ’ল - “এন্ধাৰ কাতিৰ নিশাতে” ৷ গীতটোৱে এগৰাকী দুখী মাতৃ (পানেই) আৰু তাইৰ ক্ষুধাতুৰ, জ্বৰত ভুগি থকা সন্তানৰ কাহিনীৰ মাজেৰে সমগ্ৰ শোষিত শ্ৰমিক শ্ৰেণীৰ যন্ত্ৰণা, ত্যাগ আৰু শেষত জাগি উঠা বিদ্ৰোহী চেতনাক চিত্ৰিত কৰিছে৷ গীতটিত উৰুখা পঁজাত পানেইৰ সন্তানটিয়ে কান্দি কান্দি চিঞৰি উঠিছে:

আই ভোক লাগিছে

আই ভাত দে

আই পিয়াহ লাগিছে

আই গাখীৰ দে

আই ডিঙি মোৰ শুকায়ে যায় আই

এন্ধাৰ দেখিছো আই৷ এই চিঞৰবোৰে শ্ৰমজীৱী পৰিয়ালৰ নিৰ্মম বাস্তৱতাক উন্মোচিত কৰে৷ শ্ৰমিক শ্ৰেণীয়ে যুগ যুগ ধৰি কঠোৰ পৰিশ্ৰম কৰি সমাজৰ বোজা বহন কৰে, কিন্তু তেওঁলোকৰ নিজৰ ঘৰ তেনেই উদং৷ তেওঁলোকে সন্তানৰ মুখৰ আগত নূন্যতম প্ৰয়োজনীয়খিনি, যেনে: ভাত, গাখীৰ, ঔষধ এটিও যোগান ধৰিব পৰা নাই৷ একবিংশ শতিকাত এই একেই দৃশ্য দেখা পাওঁ আজিৰ অনানুষ্ঠানিক শ্ৰমিক, গিগ ৱৰ্কাৰ (এপৰ দ্বাৰা পৰিচালিত শ্ৰমিক) আৰু চুক্তিভিত্তিক শ্ৰমিকসকলৰ জীৱনত৷ ২০২৬ চনত ভাৰতত শ্ৰমিকৰ প্ৰায় ৯০% ই অনানুষ্ঠানিক খণ্ডত কাম কৰে৷ তেওঁলোকৰ আয় অনিয়মিত, কোনো সামাজিক সুৰক্ষা নাই, চিকিৎসাৰ ব্যৱস্থাও নাই৷ গিগ ৱৰ্কাৰসকলে দিনৰ দিনটো কাম কৰি, ৰাস্তাত-দুৰ্ঘটনাত নিজৰ জীৱন বিপদাপন্ন কৰিও পৰিয়ালৰ সকলো প্ৰয়োজনীয়তা পূৰাবলৈ অসমৰ্থ৷

গীতটিৰ আন এটি হৃদয়স্পৰ্শী পংক্তি হ’ল -

আমাৰে মইনা শুৱ এ’

সোণালী ধাননি দাৱ এ’

ন-চাউলৰে চিৰা ভাজি দিমে

বাতি ভৰি ভৰি খাব৷

অয় বাচা টোপনি যা৷

শোষিত মাতৃয়ে সন্তানক সোণালী ধাননিৰ সপোন দেখুৱায়, য’ত অভাৱ নাই, ক্ষুধা নাই, আছে কেৱল পূৰ্ণতা আৰু আনন্দ৷ সুধাকণ্ঠই গীতটিত দেখুৱাইছে যে শ্ৰমজীৱী শ্ৰেণীয়ে সপোনকেই একমাত্ৰ আশ্ৰয় কৰি বাচি থাকে৷ “সঠিক মজুৰি, স্বাস্থ্য বীমা, পেনচন, চাকৰিৰ সুৰক্ষা”, এইবোৰ আজিৰ শ্ৰমিকৰ সপোন, যিবোৰ কেৱল সপোন হৈয়ে ৰৈ গৈছে৷ অসম সন্তান ভাৰতৰত্ন হাজৰিকাই সৌ তাহানিতেই নিজৰ গীত কথাৰ মাজেৰে অমাৰ সমাজৰ আটাইতকৈ অৱহেলিত হালুৱা-কৃষক সকলৰ জীৱন যন্ত্ৰণাৰ কথা তুলি ধৰিছিল –

এহিমানৰ কথাখিনি এহিমানে থওঁ

হালোৱা- হজুৱাৰ কথাখিনি কওঁ

ইফালেদি লথিয়াই তোক নাজিতৰা

সিফালেদি লথিয়াই তোক

ৰঙালী বিহুটিক কঙালী কৰিলে

পেটৰ নুগুচে ভোক

নাজিতৰা পেটৰ নুগুচে ভোক ৷

তেওঁ এই গীতৰ মাজেদি দেখুৱাইছে যে কেনেকৈ কৃষক-হালোৱাই নিজৰ মাটিত ঘাম পেলাই খেতি কৰি আমাৰ থালত ভাত মুঠিটো যোগাৰ কৰিছে, কিন্তু নিজৰ শ্ৰমৰ মূল্যৰ অভাৱত হয়তো নিজৰ থালৰ ভাত মুঠি যোগাৰ পৰা নাই৷ ৰঙালীত ৰঙ আৰু ভোগালীত ভোগটো সকলোৰে গৃহলৈ আহে কিন্তু এই শ্ৰমজীৱী লোকসকলৰ বাবে বছৰটো মাথো কেৱল কঙালীৰ কঙালৰ মাজেৰেই পাৰ হয়, তেওঁলোকৰ কৰ্মই কেৱল আনৰ বাবেহে ৰঙ গোটাই দিয়ে নিজৰ বাবে নহয়৷

বৰ্তমান সামাজিক মাধ্যমৰ ভুৱা পৃথিৱী আৰু অতিমাত্ৰা ভোগবাদী জীৱনৰ মাজত মানুহে নিজৰ মন প্ৰাণ বিলীন কৰি পাহৰাই পেলাইছে নূন্যতম মানৱতাখিনিও৷ আজি আমি ঘৰত বহি এখন ৰেষ্টোঁৰাৰ পৰা কিবা খাদ্য অৰ্ডাৰ দিলে সদায় খাদ্যখিনি সোনকালে আমাৰ হাতত পৰাটো বিচাৰোঁ আৰু নপৰিলে হয়তো অৰ্ডাৰ যোগানধৰোঁতাজনক নানা কৰ্কথনা কৰোঁ৷ কিন্তু, সেই যোগানধৰোঁতাজনে বাহিৰৰ সকলো শীত উষ্ণতা নেওচি আমাৰ আগত যি খাদ্য যোগান ধৰি তুলিছে কিন্তু তাৰ বিনিময়ত তেওঁ যে নিজৰ পাবলগীয়া মজুৰী নাই পোৱা, সেই কথা আমি দেখিও নেদেখাৰ ভাও ধৰোঁ৷ বজাৰ সমাৱত কাপোৰ, পাচলি তথা যিয়ে নহওক কিয় সকলোতে আমি কেৱল পদপথৰ বিক্ৰেতাসকলৰ লগত বস্তুৰ মূল্যৰ দৰদাম কৰিবলৈ চাও এটি ক্ষুদ্ৰ পৰিমাণৰ ধন ৰাহি কৰিবৰ বাবে৷ একে সময়তে কিন্তু আমি নিজৰ সামাজিক প্ৰস্থিতি উন্নতকৰণৰ বাবে কোনো উচ্চ কোম্পানিৰ মোহৰ থকা বিলাসী বস্তু এটি বৃহৎ ধন ভাঙি ক্ৰয় কৰিবলৈ কিন্তু অলপো কুণ্ঠাবোধ নকৰো, যাৰ লাভ কিন্তু এটা কোম্পানিত ১৩-১৪ ঘণ্টালৈকে কাম কৰা এগৰাকী শ্ৰমিকে ভুগিবলৈ নাপায়৷

তেখেতৰ আন এটি গীতত আমি দেখা পাওঁ শ্ৰেণী বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদৰ সুৰ:

“প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি

জীৱন-ৰে’লৰ দবাত আমি

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি”

জগতস্ৰষ্টাজন আজি হ’ল তৃতীয় শ্ৰেণীৰ যাত্ৰী, য’ত অভাৱেই জীৱন আৰু জীৱনেই অভাৱৰ মাজত আৱদ্ধ হৈ ককবকাই থকাৰ বাহিৰে অন্য গত্যন্তৰ নাই৷ অতি-আধুনিকতাবাদৰ মাজতো এই পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা পৰিলক্ষিত নহয়৷ য’ত নেকি তেজাল বয়সত এজন উদ্দিপ্ত যুৱকক নিজৰ জীৱন আৰিস্কাৰ কৰা, অভিজ্ঞতা গোটোৱা আদিৰ দৰে কৰ্মত লিপ্ত হৈ জীৱনৰ মূল বুজিব লাগে, সেই বয়সত আজিৰ ব্যৱস্থাত তেওঁ চহৰৰ ওখ ওখ কংক্ৰিটৰ অট্টালিকাৰ মাজত আৱদ্ধ হৈ কম্পিউটাৰৰ স্ক্ৰিনৰ সন্মুখত বহি দিনৰ পাছত দিন কটাবলগীয়া হৈছে৷ এই দাসত্বই এটি প্ৰজন্মৰ জীৱনক লৈ সম্পূৰ্ণ দৰ্শনেই পৰিৱৰ্তন কৰি তুলিছে য’ত ধনেই হৈ পৰিছে মূল৷ কিন্তু অপ্রিয় সত্য এয়াই যে সপ্তাহত ৭০ ঘণ্টা কাম কৰিও প্ৰকৃত মূল্য নোপোৱাৰ বাবে এই কংক্ৰিটৰ আৱদ্ধ মূলক জীৱন সমাজৰ আন শ্ৰমিকতকৈ কোনো বিশেষ পৃথক নহয়, য’ত পুনৰ অভাৱ আৰু দায়িত্বয়েই হৈ পৰে জীৱন৷

তেখেতৰ কণ্ঠৰেই নিগৰিত এটি কালজয়ী গীত হ’ল,

কুঁহিয়াৰ পেৰাদি আমাৰ যি পেৰিছে

চান কঢ়া ধনৰে বলত বোলোঁ বলত

বিহুটো যাওক গৈ, সিহঁতক চাই ল’ম

খাই ল’লোঁ আজিয়েই শপত হে’

ইতিহাস সাক্ষী, পৃথিৱীৰ কোণে কোণে হৈ আহিছে শাসকৰ দ্বাৰা শোষিতজনৰ কেৱল আৰু কেৱল নিত্য শোষণ৷ কিন্তু ইতিহাস এইক্ষেত্ৰতো সাক্ষী যে যিদৰে এটি ঘটনাৰ আৰম্ভণি আছে, ঠিক সেইদৰেই আছে অন্তও৷ শ্ৰমজীৱীসকলৰ ওপৰত হৈ থকা এই শোষণৰো অন্ত আনিব এটি মহাবিপ্লৱে যাৰ প্ৰতাপী কণ্ঠৰ আগত হৈ উঠিব এই শোষণৰ অৱসান, যি মহাবিপ্লৱক আধুনিক যুগৰ প্ৰখ্যাত দাৰ্শনিক কাৰ্ল মাৰ্ক্সে তেওঁৰ সাম্যবাদী লেখাত ‘ঐতিহাসিক দান্দ্বিকতাবাদ’ হিচাপে আলোচনা কৰিছে৷ সুধাকণ্ঠয়ো নিজৰ গীতৰ কলিৰ মাজেৰে সকলো জগতস্ৰজনকৰ্তা শ্ৰমজীৱীকে নিজৰ প্ৰাপ্ত অধিকাৰ আহৰণৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনাইছে৷

এই প্ৰাপ্যৰ বাবে কৰা সংগ্ৰামে মহাবিপ্লৱৰ ৰূপ লয় নে নলয়, সেয়া সময়ে নিৰ্ধাৰণ কৰিব৷ কিন্তু যিদিনাই একবিংশ শতিকাৰ শ্ৰমিকৰ এই চিৎকাৰক আমি দেখিও চকু মুদা কুলিৰ ভাও ধৰিম, তেওঁলোকৰ অধিকাৰৰ বাবে মাতিব পাৰিও নামাতিম সেইদিনাই বাজিব এই সমাজ ব্যৱস্থাৰ মৃত্যুঘণ্টা৷

 

লেখক

যুগান্তৰ মাধৱ শইকীয়া

জেলেহুৰা গাওঁ, দেৰগাঁও, গোলাঘাট

দূৰভাষ - ৬০০০৮৯১৮৮৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ