অন্যযুগ/


বিশ্বায়নৰ প্রেক্ষাপটত মাতৃভাষা অসমীয়া

মিত্ৰাবিন্দা বৰা

 

 

বর্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্রেক্ষাপটত ভাষাই কেৱল সহজাত প্রয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ, সেই জাতিৰ কলা-সংস্কৃতি, ইতিহাস তথা জাতিগত সমাজ ব্যৱস্থাৰ পৰিচায়ক আৰু বার্তাবাহক হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷ পৃথিৱীৰ প্রত্যেক সভ্য জাতিৰে আছে এক নিজা ভাষা অর্থাৎ মাতৃভাষা, যি মাতৃভাষাই প্রতিক্ষণে কঢ়িয়াই লৈ ফুৰে জাতিটোৰ জীৱন্ত ইতিহাস৷ 

কবি ৰত্নকান্ত বৰকাকতিয়ে কবিতাৰে সংজ্ঞা দি লিখিছিল- 

       “পৃথিৱীত ভৰি দিয়ে যি ভাষা শিকিলোঁ,

        যি ভাষাৰে প্রথমতে মাতিব শিকিলোঁ

        যি ভাষাৰ ৰস মই কেঁচুৱা কালত

        আই বুলি পিয়াহেৰে চুহিলোঁ ৰঙত

        তেজে স’তে বয় মোৰ শিৰত যি ভাষা

        সেয়ে মোৰ মৰমৰ সেয়ে মাতৃভাষা৷” 

ইয়াৰ দ্বাৰা ক’ব পাৰি যে মাতৃভাষা জীৱনৰ এক অবিচ্ছেদ্য অংগ যাৰ স’তে এজন ব্যক্তি জড়িত থাকে মানসিক, আৱেগিক, আধ্যাত্মিক আৰু কায়িকভাৱে৷ 

আনহাতে বর্তমানৰ যুগ বিশ্বায়নৰ যুগ, এই শতিকা বিশ্বায়নৰ শতিকা৷ বিশ্বায়ন বুলি ক’লে বুজিব পাৰি বিশ্বব্যাপ্ত সাংস্কৃতিক, অর্থনৈতিক, ৰাজনৈতিক তথা প্রায়োগিকী আৰু প্রযুক্তি ব্যৱস্থাৰ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতাৰ লগতে এই ব্যৱস্থাসমূহৰ একীকৰণৰ এক প্রক্রিয়া৷ এই বিশ্বায়নে সাঙুৰি লয় মানৱ জীৱনৰ প্ৰায় সকলো দিশ৷ কোৱা বাহুল্য যে, একবিংশ শতিকাত জনপ্রিয়তা লাভ কৰা এই বিশ্বায়নে পণ্য সামগ্রী, পৰিসেৱা, মূলধন, অর্থ, মত তথা ভাষা-সংস্কৃতিৰ লগতে প্রত্যেক ধৰণৰ তথ্যৰ অবাধ প্রৱাহকে সূচায়৷ বিশ্বায়নৰ এই প্রৱাহক গতি প্রদান কৰিছে ভাষাই৷ কিন্তু এই  ক্ষেত্ৰত একছত্রী সাম্রাজ্য গঢ়ি তুলিছে ইংৰাজীকে আদি কৰি আন তেনেধৰণৰ প্রভাৱী ভাষাই৷ এই ক্ষেত্ৰত পাছ পৰি ৰৈছে আঞ্চলিক ভাষাসমূহ, অর্থনৈতিক, শৈক্ষিক, আধুনিকতাৰ বহল পথাৰৰ  অভাৱত৷ পৃথিৱীত থকা হাজাৰতকৈও অধিক আঞ্চলিক ভাষাসমূহৰ ভিতৰত মাত্র কেইটিমান নির্দিষ্ট ভাষাইহে উচ্চ স্থান লাভ কৰিবলৈ তথা বহুল প্ৰচাৰ আৰু প্রসাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এই খিনিতেই প্রশ্ন উত্থাপিত হয় যে, অসমৰ মুখৰ ভাষা, মাতৃভাষা অসমীয়া আজি কি স্থানত উপৱিষ্ট হ’বলৈ সক্ষম হৈছে? 

বর্তমান দেখা পোৱা গৈছে যে ইংৰাজী, মাণ্ডাৰিয়ান চাইনিজ, স্পেনিছ, ফ্ৰেঞ্চ আদি ভাষা হৈ পৰিছে বিশ্বায়নৰ ভাষা৷ গোলকীয়স্তৰত এই ভাষাসমূহে শীর্ষস্থান লাভ কৰাৰ পাছতো এই ভাষাসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ মাত্রা দিনক দিনে বৃদ্ধি পাই গৈ আছে৷ এই বৃহৎ প্ৰচাৰ আৰু প্ৰসাৰতাৰ মূলতে আছে এই ভাষাসমূহৰ শৈক্ষিক, অর্থনৈতিক, সামাজিক ক্ষেত্রখনত বিশেষ দক্ষতা৷ এই প্ৰসাৰত অৱদান আগবঢ়াইছে ইয়াৰ ভাষিক লোকসকলৰ বৃহৎ সংখ্যক প্রব্রজনে৷ এই ভাষাসমূহৰ সামাজিক আৰু সংবাদ মাধ্যমত পৰিপুষ্ট অভিজ্ঞতাই বিশেষ ভূমিকা পালন কৰি আহিছে৷ এইক্ষেত্ৰত উদাহৰণ দিব পাৰি ইংৰাজী ভাষাৰ৷ বর্তমান এই ভাষাই সামাজিক মাধ্যম, গবেষণা আৰু ব্যবসায়িক যোগাযোগৰ ক্ষেত্ৰখনত নিজৰ প্রভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে বর্তমান এই ভাষাৰ চাহিদা ক্রমাৎ ক্ষিপ্র গতিত বৃদ্ধি পাইছে৷ যিহেতুকে বিশ্বায়নে নিয়োগৰ পথাৰখনতো নিজৰ প্রভাৱ বিস্তাৰ কৰিছে, গতিকে তাৰ বাবে পোৱা বিভিন্ন সুবিধা, সামাজিক গতি আৰু আন্তঃৰাষ্ট্ৰীয় যোগাযোগত সুবিধাৰ বাবে প্রায় সকলো লোকেই এই ভাষাৰ শিকণত আগ্রহ প্রকাশ কৰা দেখা পোৱা গৈছে৷ আনহাতে পৰিলক্ষিত হয় যে বিশ্বৰ বাণিজ্যিক একত্রীকৰণ, গোলকীয় সংবাদ মাধ্যম, সামাজিক মাধ্যম আৰু বহুজাতিক অনুষ্ঠানসমূহৰ ওপৰত কোনো এক শক্তিশালী আৰু বহুল ব্যৱহৃত ভাষাৰ প্রয়োগে এই নির্দিষ্ট ভাষাসমূহৰ বহল প্ৰসাৰৰ গতিক অধিক ক্ষীপ্ৰতৰ কৰি তুলিছে৷ সাংস্কৃতিক, শৈক্ষিক আদি দিশত বুৎপত্তিশালী এই ভাষাসমূহৰ উচ্চ শিক্ষা, ৰাজনীতি, বিজ্ঞান আদি দিশত থকা অভিজ্ঞতাই ইয়াৰ চাহিদা ক্রমাৎ বঢ়াই তুলিছে৷ গতিকে এই ক্ষেত্রত ক’ব পাৰি যে কেৱল মাত্র সাহিত্যিক বা সাংস্কৃতিক দিশত আগবঢ়া হোৱাৰ বাবেই নহয়, লগতে এই ভাষাসমূহৰ গঠনাত্মক সুবিধাৰ বাবেও বিশ্বায়নৰ পৃথিৱীত এই ভাষাসমূহ শক্তিশালী ৰূপত প্রতিষ্ঠিত হৈছে৷  

বিশ্বায়নৰ কালছোৱাত প্রভুত্ব বিস্তাৰ কৰা এই শক্তিশালী ভাষাসমূহৰ উপস্থিতিত অসমীয়াৰ দৰে আঞ্চলিক মাতৃভাষাৰ গুৰুত্ব, ভূমিকা আৰু বিকাশ সর্ম্পকে চিন্তাৰ উদ্ৰেক ঘটে৷ যদিওবা বিশ্বায়নৰ ভাষা-সমূহে আঞ্চলিক ভাষাসমূহৰ সাংস্কৃতিক বা জ্ঞানভিত্তিক ক্ষেত্রখনত আঞ্চলিক মাতৃভাষাৰ গুৰুত্বক নুই কৰিব নোৱাৰে৷ 

অসমৰ প্রায়সকল লোকৰ মুখৰ ভাষা, মাতৃভাষা অসমীয়াই অতীজৰে পৰা বর্তমানলৈকে অসমৰ সাংস্কৃতিক, সাহিত্যিক, বৌদ্ধিক, আৰু সামাজিক ইতিহাসৰ মধুৰ সাক্ষী বহন কৰি আহিছে৷ অসমীয়া ভাষাই ইয়াৰ ক্রমবিকাশৰ পথত সাহিত্য-সংস্কৃতিৰ সুস্থিৰ প্রবাহ নিশ্চিত কৰিছে৷ অতীজৰে পৰা মৌখিকভাৱে চলি অহা সাহিত্যৰ প্রৱাহে ক্রমাগতভাৱে শংকদেৱৰ সাহিত্যিক সৃষ্টিৰাজিৰে এই গতিৰ অবিচ্ছিন্ন ধাৰা অটুট ৰাখিছে৷ ক্রমাগতভাৱে অতীজসৃষ্ট সাহিত্যিক সমল, বাপতিসাহোন বিহু, লোক-সাংস্কৃতিক উপাদান আদিৰে  সৈতে নিজা সাংস্কৃতিক পৰিচয় অসমীয়া ভাষাই তুলি ধৰিছে৷ অসমীয়া ভাষা কেৱল এক যোগাযোগৰ মাধ্যম হৈ নাথাকি অসমীয়া জাতিৰ ইতিহাসৰ, মূল্যবোধৰ তথা বিশ্বাসৰ প্রজন্ম জোৰা সংৰক্ষণৰ সমল হৈ আছে৷ শংকৰদেৱৰ পৰা বেজবৰুৱালৈকে, বিহুৰ পৰা বৈষ্ণৱ সংস্কৃতিলৈকে অসমীয়া ভাষাৰ শিপা অসমত গভীৰলৈ বিস্তৃত হৈ আছে৷ সাহিত্য, লোকসংস্কৃতি, ডাকৰ বচন, ফকৰা যোজনা, বৰগীত, বিহু গীত, আইনাম, ধাইনাম আৰু মৌখিক কথনকে ধৰি শতিকাজুৰি গঢ় লৈ উঠা সামাজিক জীৱন ধাৰাৰ সফল সংৰক্ষণ অসমীয়া ভাষাই কৰি আহিছে৷ 

মাতৃভাষা হিচাপে অসমীয়া ভাষাৰ গুৰুত্ব কেৱল সাহিত্য-সংস্কৃতিত সীমাৱদ্ধ নহয় ,ই জ্ঞানভিত্তিক আৰু শৈক্ষিক ক্ষেত্রখনলৈও  প্রসাৰিত৷ এটি শিশুৰ মনস্তাত্তিক, আধ্যাত্মিক তথা শিশুটিৰ সর্বাংগীন বিকাশ কেৱল মাতৃভাষাৰ যোগেদিহে সম্পূর্ণভাৱে হোৱাটো সম্ভৱ৷ গতিকে যেতিয়া মাতৃভাষাৰ শিক্ষাৰে এটি শিশু শিক্ষিত হয় ই শিশুৰ বিশ্লেষণাত্মক, জটিল চিন্তা-ভাৱনা তথা আবেগিক ক্ষমতা বৃদ্ধি কৰাত অৰিহণা যোগোৱা দেখা যায়৷ মাতৃভাষাৰে শিক্ষিত শিশুসকল পৰৱৰ্তীকালত জীৱনৰ তথা সমাজৰ সকলো দিশতে অধিক সক্রিয় অংশগ্রহণকাৰী আৰু আত্মবিশ্বাসী ৰূপত নিজকে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হয়৷ এই গুণসমূহে পাছলৈ ব্যক্তিৰ শৈক্ষিক উত্তৰণতো বিশেষভাৱে অৰিহণা যোগায়৷ আনহাতে মাতৃভাষাত ব্যুৎপত্তিয়ে আন ভাষা শিক্ষা সহজ আৰু শিকণৰ পথ প্রশস্ত কৰি তোলে৷ ই আন ভাষা শিক্ষাৰ বাবে গঠনাত্মক ক্ষমতাও গঢ়ি তোলা পৰিলক্ষিত হয়৷ গতিকে ক’ব পাৰি যে অসমীয়া ভাষা বা মাতৃভাষাই কেৱল সাংস্কৃতিক বা নিম্ন স্তৰীয় শিক্ষাকে প্রাধান্য নিদি বৌদ্ধিক আৰু শৈক্ষিক উত্তৰণতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে আৰু উচ্চ শিক্ষাৰ প্রশস্ত পথ নির্মাণত সহায় কৰে৷ 

এই আঞ্চলিক মাতৃভাষাই কেৱল সাংস্কৃতিক বা সাহিত্যিক দিশতে গুৰুত্ব আৰোপ নকৰি অঞ্চলৰ ৰাজনৈতিক দিশতো সমানে গুৰুত্ব আৰোপ কৰে৷ অসমীয়া ভাষাক কেৱল যোগাযোগৰ মাধ্যম  হিচাপে পৰিগণিত নকৰি, সামুহিক অভিকথন আৰু আঞ্চলিক পৰিচয়ৰ মাধ্যম হিচাপে পৰিণত কৰাটোহে গ্ৰহণযোগ্য৷ অতীজৰে পৰা চলি অহা অসমীয়া ভাষা সংৰক্ষণৰ যত্নৰ ফালে চালে দেখা যায় যে যদিও সম্পূৰ্ণৰূপে নহয় তথাপি বহু পৰিমাণে এই ক্ষেত্ৰত সফলতাপ্ৰাপ্তি আজি পৰ্যন্ত হৈছে৷ অসমীয়া ভাষাৰ একত্ৰিকৰণৰ বাবে সামাজিক আৰু ভৌগোলিকতাৰ সীমা চেৰাই ভাষাপ্ৰেমী আৰু ভাষাৰ প্ৰতি সচেতন লোকসকল যত্নপৰ হোৱা দেখা পোৱা গৈছে৷ উল্লেখিত প্ৰেক্ষাপটত দেখিবলৈ পোৱা যায় যে অসমীয়া ভাষাক কেৱল এক সাংস্কৃতিক ভাষা হিচাপেই সমাদৃত নকৰি, ভাষাটিক বিস্তৃত অঞ্চলটোৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিৰ ৰূপত আৰু আঞ্চলিক সচেতনতাৰ প্রশ্নৰ সৈতে সংযুক্ত কৰা হৈছে৷ মাতৃভাষা হিচাপে আসমীয়া ভাষাই সার্বজনিক সত্তা আৰু সহযোগিতাৰ বাবে এক সুদৃঢ় প্রাঙ্গণ প্রদান কৰিছে৷ বিশ্বায়নৰ যুগত য’ত নেকি ভাষাৰ পৰিচয় গঠনত বাহ্যিক কাৰকসমূহে প্রচুৰ প্রভাৱ বিস্তাৰ কৰা দেখা গৈছে, তেনেস্থলত অসমীয়া ভাষাই ইয়াৰ শিপা নেৰাকৈয়ে আৰু বহুতো ধ্বংসাত্মক বাহ্যিক কাৰকক প্ৰতিহত কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত এক সুদৃঢ় স্থানত অৱতীর্ণ হৈছে৷ 

তথাপি সূক্ষ্ম পর্যবেক্ষণৰ যোগেদি ধৰিব পাৰি যে সাংস্কৃতিক, সাহিত্যিক আৰু শৈক্ষিক ক্ষেত্রত গুৰুত্ব থাকিলেও বিশ্বায়নৰ যুগত অর্থনৈতিক আৰু প্রযুক্তিৰ আদান-প্রদানত অসমীয়াৰ দৰে আঞ্চলিক মাতৃভাষাসমূহৰ স্থান বর্তমানেও সন্দিহান হৈ আছে৷ যদিও অসমীয়া ভাষা অসমৰ বৌদ্ধিক বা সাংস্কৃতিক ক্ষেত্রত ইয়াৰ পৰিচয় গঠনত সহায়কাৰী হৈছে তথাপি বিশ্বায়নে নগৰীয়া অঞ্চল আৰু বৰ্তমান প্ৰজন্মৰ ভাষিক প্ৰাথমিকতাই বিশেষ ভাৱে অসমীয়া ভাষাৰ চিত্রপট সলনি কৰিছে৷  বর্তমান অসমীয়া ভাষাৰ প্রধান প্রত্যাহ্বানেই হৈছে ইংৰাজী ভাষাৰ প্রাধান্যলাভ৷ মূলতে অসমত বা আন যিকোনো প্রান্ততে বিশ্বায়নৰ ভাষাসমূহকে প্রাধান্য দিয়া দেখা গৈছে যাৰ ফলত আঞ্চলিক ভাষাসমূহৰ ব্যৱহাৰ প্ৰায় কমি গৈছে৷ আনহাতে নগৰীয়া পৰিয়ালৰ প্রেক্ষাপটতো অসমীয়া ভাষাৰ দৈনন্দিন ব্যৱহাৰ ক্ৰমাৎ হ্রাস পাইছে৷ তদুপৰি বর্তমান আধুনিতাৰ যুগত বৈদুতিন মাধ্যমসমূহত ব্যৱহৃত বিশ্বায়নৰ ভাষাসমূহৰ ব্যৱহাৰ বৃদ্ধি পাই আহিছে৷ প্ৰব্ৰজনেও এইক্ষেত্রত বাধা ৰূপে ঠিয় দিছে কিয়নো ঠাইৰ সলনিৰ লগতে ন পৰিৱেশপ্ৰাপ্তিৰ ফলত মাতৃভাষাৰ ব্যৱহাৰ ক্রমাগতভাবে হ্রাস পাই  আহিছে৷ আন্তৰ্জাতিক অনুষ্ঠানসমূহৰ বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত নিয়োগৰ সুবিধাৰ বাবে বিশ্বায়নৰ ভাষাসমূহক বিশেষভাৱে প্রাধান্য দিয়া দেখা গৈছে৷ সামাজিক মাধ্যমৰ যোগেদি সাংস্কৃতিক বৈষম্য ক্রমাৎ হ্রাস পোৱাৰ ফলত সাংস্কৃতিক একীকৰণ দেখা পোৱা গৈছে৷ আনহাতে শক্তিশালী ভাষাসমূহৰ লগতে সেই ভাষাসমূহৰ সংস্কৃতি আৰু সাহিত্যইও মাতৃভাষাৰ ব্যৱহাৰত বিশেষ প্ৰভাৱ পেলোৱা দেখা গৈছে৷ বর্তমান যুৱ প্ৰজন্মৰ হাইব্রিডাইজেচন অর্থাৎ দুটা ভাষাৰ সান-মিহলি ব্যৱহাৰে আঞ্চলিক ভাষাসমূহৰ পৰিচয় ভাল আৰু বেয়া দুয়ো ধৰণেৰে প্রভাৱ পেলাইছে৷ 

বর্তমান অসমীয়া ভাষাৰ আন এক সীমা হ’ল যথাযোগ্য অনুষ্ঠানৰ প্ৰসাৰ, প্ৰচাৰৰ বাবে অভাৱ৷ বৰ্ত্তমান অসমীয়া ভাষাৰ কেৱল ধ্রুপদী ভাষাৰ স্বীকৃতি প্রাপ্তিয়ে ভাষা পৰিচয় সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণ ৰূপে সক্ষম হোৱা নাই৷ আনহাতে ২০১১ চনৰ জনগণনা অনুসৰি অসমৰ সর্বমুঠ জনসংখ্যাৰ ১.৫ কোটি জনসংখ্যাই অর্থাৎ প্ৰায় ৪৮ শতাংশইহে অসমীয়া ভাষা ক’ব আৰু লিখিব পাৰে, যি চাবলৈ গলে সংখ্যাত তেনেই কম আৰু কেৱল ইয়াৰ দ্বাৰা ভাষা পৰিচয় সুৰক্ষিত কৰাৰ প্ৰশ্নই নুঠে৷ 

কিন্তু বিশ্বায়নৰ প্রেক্ষাপটত বিভিন্ন সহযোগিতাৰে অনুপ্রাণিত হৈ ভাষাৰ আধুনীকিকৰণৰ মাত্রা ক্রমাৎ বৃদ্ধি পাইছে৷ ইউনিক’ড, ৱিকিপিডিয়া ,সামাজিক মাধ্যম আদিত অসমীয়া ভাষাৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হৈছে৷ আনহাতে চিনেমা, সঙ্গীত, অ টি টি, প্রৱাসী অসমীয়া লোকসকলৰ অসমীয়া ভাষাৰ ব্যৱহাৰে অসমীয়া ভাষাৰ প্ৰসাৰত অৱদান আগবঢ়াইছে৷ এইক্ষেত্ৰত বিশ্বায়নৰ ভাষা  উদাহৰণস্বৰূপে ইংৰাজী ভাষাৰ সৈতে অসমীয়া ভাষাৰ ব্যৱহাৰে দ্বিভাষীকতাৰ বিভিন্ন সুবিধাসমূহ প্রদান কৰিছে৷ কিন্তু আনফালে দেখা পোৱা গৈছে যে বিশ্বায়নে আঞ্চলিক ভাষা সম্পর্কে  সচেনতা  বৃদ্ধিত সহায় কৰিছে৷   

মাতৃভাষাভিত্তিক শিক্ষণ আৰু দ্বিভাষিক পাঠ্যক্রমে মাতৃভাষাৰ বিকাশ আৰু প্রচাৰ-প্ৰসাৰৰ বৃদ্ধি কৰাত সহায় কৰিছে৷ বর্তমান অসমীয়া ভাষাৰ সমলসমূহৰ আধুনিকীকৰণে ইয়াৰ প্ৰসাৰত সুবিধা কৰি দিছে৷ যুৱ প্ৰজন্মৰ সাহিত্য-সংস্কৃতিত সহযোগে ভাষাৰ ব্যৱহাৰ বৃদ্ধি কৰাত সহায়ক হৈছে৷ আনহাতে চৰকাৰে গ্রহণ কৰা বিভিন্ন কাৰ্যপন্থাৰ বাবে অসমীয়া ভাষাই ক্রমাগতভাৱে বহল পথাৰ লাভ কৰিছে৷ অসমীয়া ভাষাৰ সংৰক্ষণৰ বাবে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ লগতে ব্যক্তিগত পৰ্যায়ত বিভিন্ন কাৰ্য পন্থা হাতত লোৱাৰ বাবে ভাষাটি অধিক সুৰক্ষিত হৈছে৷ কিন্তু ইয়াতে গুৰুত্ব  প্রদান কৰিবলগীয় যে কেৱল সংৰক্ষণে নহয়, অংশগ্রহণেহে ভাষাৰ বিকাশত সহায়ক হ’ব৷ 

বিশ্বায়নৰ ভাষাসমূহ যদিও কোনো কোনো ক্ষেত্ৰত অসমীয়াৰ দৰে মাতৃভাষাসমূহৰ বিকাশত অন্তৰায় হিচাপে থিয় দিছে , তথাপি ই কোনোপধ্যে এই স্বকীয় ভাষাসমূহক পঙ্গু কৰি পেলোৱা নাই৷ বৰঞ্চ দেখিবলৈ পোৱা গৈছে যে আধুনিকতাৰ পৃথিৱীখনত শিপা খামুচি ধৰি থাকিবলৈ যিখিনি আহোৱাঁহ আঁতৰোৱাৰ অসমীয়া ভাষাৰ প্ৰয়োজন আৰু যিখিনি ন-সংযোজন ইয়াৰ দৰকাৰ সেইসমূহ গ্ৰহণ কৰিবলৈ বিশ্বায়নে সহায় কৰিছে৷ সেয়েহে এই কথা যুক্তিসংগত যে বিশ্বায়নৰ ভাষাসমূহৰ পৰা ভাবুকি অনুভৱ নকৰি সহযোগিতাৰে আগবাঢ়িলেহে অসমীয়া ভাষাই এই বিশ্বায়নৰ যুগত শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হব৷ তাৰোপৰি বিশ্বায়নৰ সমূহ কু-প্রভাৱ নস্যাৎ কৰি সু-প্রভাৱ সমূহ পৰিগ্ৰহণ কৰিব পাৰিলেহে  অসমীয়া ভাষাৰ ভেটি অধিক সুদৃঢ় হ’ব৷ যাৰ বাবে প্ৰয়োজন হব প্ৰতিজন অসমীয়া ভাষীৰে সক্ৰিয় সহযোগ৷ সেইহেতু অসমীয়া ভাষাৰ এই সোণসেৰীয়া যাত্ৰাত সহযোগিতা আগবঢ়াটো প্ৰতিজন অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য৷ প্ৰত্যেক অসমীয়াই যদি আজি জ্যোতি-বিষ্ণুৰ প্ৰদৰ্শিত পথৰ পথিক হৈ আগবাঢ়ে তেহে অসমীয়া ভাষাই বাঞ্চিত স্থান লাভ কৰিব৷ সদৌ শেষত ইয়াকে কব পাৰি যে এই আদৰ্শ সাৰোগত কৰি কৰ্মত অগ্ৰসৰ হ’লেহে জ্যোতিপ্ৰসাদৰ সেই সাৰুৱা বাণীষাৰ বাস্তৱত ৰূপায়িত হ’ব, য’ত তেওঁ লিখিছিল – 

                “কামৰূপা মোৰ সুৱদী সুৰীয়া

                 অসমীয়া ভাষা জগৎ-সভালৈ যাব

                 উজ্জ্বল সুজ্জ্বল ক’হিনূৰ পিন্ধি

                 হাঁহি জ্যোতিৰূপা হ’ব৷”

***


ঠিকনা :

চতুৰ্থ ষান্মাসিক,    ৰাজনীতি বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়   

দূৰভাষ: ৯৩৬৫১১৭৩০০

                                                                                      

 

 

 

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ