অন্যযুগ/


স্বৌৰাং মঞ্জু : বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ পঞ্চাছ বছৰ

 নীলোৎপল বৰুৱা


 

যিখিনি সময়ত ক্ষুদ্ৰ জাতিসত্বাসমূহৰ সকলো ধৰণৰ ভাষিক, সাংস্কৃতিক কুচকাৱাজ লোপ পোৱাৰ লক্ষণ কুৎসিতভাৱে দৃষ্টিগোচৰ হৈছে, ঠিক তেনেকুৱা সময়তে বড়ো ভাষাৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল স্বৌৰাং মঞ্জু থিয়েটাৰে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে৷ এই ভূখণ্ডটোৰ বাবে ই নিশ্চিতি আৰু প্ৰত্যয়ৰ এটা বলিষ্ঠ খৱৰ৷ স্বৌৰাং মঞ্জু থিয়েটাৰলৈ অভিনন্দন৷ অভিনন্দন চন্দ্ৰকান্ত মুছাহাৰী৷

উনৈছ শ চৌসত্তৰতে পাঠশালাৰ পৰা নাতিদূৰৈৰ লেচেৰা গাঁৱৰ চন্দ্ৰকান্ত মুছাহাৰীয়ে চাৰিবছৰ ধৰি চলি থকা ‘খোলাপাৰ্টি’টোক (যাত্ৰাপাৰ্টিৰ চলতি?) ভ্ৰাম্যমাণ নাট্যদললৈ উত্তৰণ ঘটাইছিল৷ খোলাপাৰ্টি হৈ থকাৰ সময়ৰ নাট্যদলটিৰ নাম আছিল- ‘স্বৌৰাং নাইচাব আফাদ’৷ এই নাইচাব আফাদেই কালক্ৰমত ‘স্বৌৰাং মঞ্জু থিয়েটাৰ’লৈ উত্তীৰ্ণ হ’ল৷

সেই দশকত বড়ো ভাষাৰ বাবে এটা সুকীয়া নাট্যদলৰ স্বপ্ন স্বাভাৱিকতেই সহজসাধ্য নাছিল৷ জাতিগঠন প্ৰক্ৰিয়া এটালৈ নিজাববীয়া অৱদানৰ তীব্ৰ অভিপ্ৰেৰণাই ক্ৰিয়া নকৰিলে এনে কাম প্ৰায়েই দুৰূহ৷ বাষষ্ঠি বিঘা পৈতৃক ৰূপিত মাটিৰ আঠাৱন্ন বিঘাই থিয়েটাৰৰ নামত অঞ্জলি দিয়া চন্দ্ৰকান্ত মুছাহাৰীয়ে নিৰৱচ্ছিন্নভাৱে ইয়াক চলাই আনিছে৷ ইয়াক আমি চন্দ্ৰকান্ত মুছাহাৰীৰ জাতিৰ প্ৰতি থকা সাংস্কৃতিক দায়বদ্ধতা হিচাপেই অভিহিত কৰিবলৈ ভাল পাম৷ সীমিত মূলধন, যোগাৰ আৰু চাহিদাৰে কৰা এই যাত্ৰা সাধুবাদৰ প্ৰাপক৷

কিয়নো সাম্প্ৰতিক সময়ত ভ্ৰাম্যমাণৰ জনক ভাষা হিচাপে পৰিগণিত অসমীয়া ভাষাৰ বহুকেইটা অভিজাত নাট্যদল সোণালী জয়ন্তী অতিক্ৰম কৰাৰ আগতেই মৃত্যুমুখত পৰিছে নতুবা মুমূৰ্ষু৷

বড়োসকলৰ আত্মপৰিচয়ৰ আন্দোলনৰ এটা দীৰ্ঘকালীন ইতিহাস আছে৷ এই সময়ছোৱাত বড়ো সকলে ঐক্যৱদ্ধভাৱে দেখুউৱা ত্যাগ আৰু নিষ্ঠা আদৰ্শনীয়৷ ভাষা, সংস্কৃতি, সাহিত্য, শিল্প- প্ৰতিটো ক্ষেত্ৰতে অলেখ লোকৰ সীমাহীন ত্যাগ আৰু অবিৰত কৰ্ম সংগ্ৰামে বড়োসকলক আজিৰ স্থানত অধিষ্ঠিত কৰিছে৷ সহোদৰ হিচাপে অন্য জাতি সত্ত্বাই তেওঁলোকৰ পৰা বহু পৰিমাণে শিকিব লগা আছে৷



জোতা চিলাইৰ পৰা চণ্ডীপাঠলৈকে সকলো দায়িত্বত থকা চন্দ্ৰকান্ত মুছাহাৰীয়ে আজিকোপতি প্ৰায় আশীখন নাটক ৰচনা আৰু পৰিচালনা কৰিছে৷ তাৰে প্ৰায় ঊনৈছখন মূল অসমীয়া নাটকৰ অনুবাদ৷ তাৰে ‘জাৰা-ফাগ্লা’ নামৰ নাটকখন বড়ো সাহিত্য সভাই গ্ৰন্থাকাৰে প্ৰকাশ কৰিছে৷ অসমৰ এখন অভিজাত নাট্যদল নটৰাজ থিয়েটাৰৰ এখন বহুল সমাদৃত নাটক ‘বেউলা’ৰ বড়ো অভিযোজনা ‘বেৱলা’ স্বৌৰাং মঞ্জু থিয়েটাৰৰ এখন মঞ্চসফল নাটক৷ ‘বিগ্ৰায়াৰী’, ‘গৰায় গৌসৌম’ আদি নাটকেও জনপ্ৰিয়তা লাভ কৰিছে৷

১৯৪৯ চনত জন্মলাভ কৰা প্ৰয়াত মাগন মোছাহাৰী আৰু জঞ্জালী মোছাহাৰীৰ পুত্ৰ চন্দ্ৰকান্ত মোছাহাৰীৰ স্বৌৰাং মঞ্জুৰ প্ৰাক্‌কালৰ চাৰিখন নাটক আছিল ক্ৰমে -‘মা মৌনখৌ’, ‘বহুমা ৰাংনী গুলাম’, ‘বাংগালনি উৎখাত’, ‘চফিয়ানি গ’হ’৷

স্বৌৰাং মঞ্জুৰ জন্মবৰ্ষৰ অভিনেতা অভিনেত্ৰী সকলৰ ভিতৰত - পদ্মধৰ বসুমতাৰী, হৰেণ দৈমাৰী, স্বৰ্গীয় ৰমেশ স্বৰ্গীয়াৰী, চাকি ব্ৰহ্ম, চৰণ বসুমতাৰী, স্বৰ্গীয় নগেন বড়ো, ৰূফাথি ৰামচিয়াৰী, মথুৰী বসুমতাৰী, ৰশ্মি বসুমতাৰী আদি অন্যতম৷ লীলাধৰ নাৰ্জাৰী, মিনতি মুছাহাৰী আদি সুকন্ঠী গায়কসকলে প্ৰয়াত চক্ৰধৰ ব্ৰহ্মৰ সংগীতত কণ্ঠ নিগৰাইছিল৷ আলোক সম্পাতৰ দায়িত্বত আছিল মহেন্দ্ৰ মুছাহাৰী৷ প্ৰয়াত পৰ্দা বসুমতাৰী আছিল প্ৰাথমিক সময়ৰ মঞ্চ আৰু কাৰিকৰী দায়িত্বত৷

ঘাত-প্ৰতিঘাতৰ এটা দীঘল বাটত চন্দ্ৰকান্ত মুছাহাৰীৰ সমস্যা একমাত্ৰ অৰ্থনৈতিকেই নাছিল৷ বহু সময়ত সামাজিক আৰু ৰাজনৈতিক বিভিন্ন দিশৰ পৰা সংকটে দেখা দিছিল৷ এনেকুৱা সময়ো পাৰ কৰিছে যেতিয়া ৰাজনৈতিক সংগঠনৰ হুমকিত থিয়েটাৰ বন্ধ কৰি দিয়াৰ পৰ্যায় পাইছিল৷ বড়ো জাতিগঠন প্ৰক্ৰিয়াত পাৰিৱেশ্য কলাৰ এই ধাৰাক ব্যৱসায়িক হিচাপেই আলোচনাৰ আওতালৈ ননাতো এক ধৰণৰ বৌদ্ধিক কাৰাচাজি৷ তথাপিও নাটকৰ বিশ্বজনীন আৱেদন সম্পৰ্কে চন্দ্ৰকান্ত মুছাহাৰী স্থিতপ্ৰজ্ঞ৷ নাটকৰ আবেদন কি সেয়া তেওঁৰ মতে আশীৰ দশকৰ মাজেৰে অহা মানুহে বুজে৷ হাড়ে হাড়ে সোমাই পৰা বহু জ্বালাময় উদ্দীপ্ত সংলাপৰ জন্মদাতা স্বৌৰাং মঞ্জু থিয়েটাৰ৷

প্ৰয়াত সদা লহকৰ, অচ্যুত লহকৰ, ৰতন লহকৰৰ দ্বাৰা প্ৰভাৱিত চন্দ্ৰকান্ত মুছাহাৰীয়ে কুৰি বছৰ বয়সতে অতি সীমিত সাধনেৰে খোলাপাৰ্টি আৰম্ভ কৰিছিল৷

সেই সময়ত বড়ো ভাষাত থিয়েটাৰ আৰম্ভ কৰাৰ বাবে স্বজাতিৰ পৰাই ঠাট্টা বিদ্ৰুপৰ সন্মুখীন হৈছিল৷ নিজৰ ভাষাত নাটক কৰাৰ এক তীব্ৰ অভিপ্ৰেৰণাইহে তেওঁক বাট বুলিবলৈ শক্তি প্ৰদান কৰিছিল৷

অসমৰ বাদেও পশ্চিম বংগ, নেপাল আদি ঠাইত নাট প্ৰদৰ্শন কৰা স্বৌৰাং মঞ্জুয়ে বহুবাৰ আৰ্থিক সংকটত ভুগি বন্ধ হোৱাৰ পৰ্যায় পাইছে৷ কেবাজনো ৰাজনৈতিক নেতাৰ আৰ্থিক সহায় সহযোগিতা তেখেতে আন্তৰিকতাৰে সোঁৱৰে৷

অঞ্চলটোত ‘চেখা’ নামেৰে পৰিচিত চন্দ্ৰকান্ত মুছাহাৰী এসময়ত দুৰ্দান্ত ফুটবলাৰ হিচাপে জনাজাত৷ অসমৰ বাদেও ভাৰতৰ বিভিন্ন ঠাইত খেলিবলৈ আমন্ত্ৰিত হোৱা ‘চেখা’ৰ ক্ৰীড়া কুশলতাক জনাই জানে৷

ইণ্টাৰনেটৰ পাছৰ‌ পৃথিৱীৰ দ্ৰুত আৰু সহজলভ্য মনোৰঞ্জনমূলক পাৰিৱেশ্য উপাদানে তুলনামূলক ভাৱে স্থৱিৰ কিছু শিল্পলৈ ভাবুকি আনিছে৷ নাটক তাৰ ভিতৰত অন্যতম৷ গণসংযোগ হিচাপে ভ্ৰাম্যমাণৰ সেই প্ৰাচীন প্ৰতিপত্তি এতিয়া নাই৷ নথকাতো স্বাভাৱিক৷



স্বৌৰাং মঞ্জুৰ পৰিসৰ সীমিত৷ সম্পৰীক্ষাৰ বাবে জনমানসো প্ৰতিকুল৷ এটা জাতীয় প্ৰীতিৰ সুবাদত অথৱা অভ্যাসবশতঃ দৰ্শকে এতিয়াও ভ্ৰাম্যমাণৰ তম্বুৰ তলত ভিৰ কৰে৷ কিন্তু সেই নষ্টালজিয়া সম্প্ৰতি নতুন প্ৰজন্মত গঢ়ি নুঠাটো স্বাভাৱিক৷ তাৰ পাছতো বিপ্ৰতীপ ক্ৰিয়া এটাৰ দৰে দৰ্শক থিয়েটাৰলৈ গৈয়েই আছে৷ আৰ্থিক লাভালাভৰ বাবে ক্লীছে’ৰ আশ্ৰয় লৈ বৈতৰণী পাৰ হ’ব খোজা বহু নাট্যদলে এতিয়া ইচ্ছা কৰিলেও উচ্চ ৰুচিৰ, মূলসূঁতিৰ নাটকলৈ ঘুৰি আহিব নোৱাৰে৷ জানোচা থিয়েটাৰ নচলা হয়৷

এই সকলোবোৰ প্ৰতিকুলতাৰ মাজতে স্বৌৰাং মঞ্জু থিয়েটাৰে পঞ্চদশ বৰ্ষ অতিক্ৰম কৰাতো এটা শুভংকৰ সংবাদ৷ এই শুভক্ষণত আমি স্বৌৰাং মঞ্জু থিয়েটাৰ প্ৰযোজক, কলা-কুশলী, সকলো কুশীলৱলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো৷ আমি ভাবোঁ, এই ভূখণ্ড‌ই যাত্ৰাটোক মনত ৰাখিব৷ আমাৰ অভিনন্দন৷

 ***

 

ফোন : ৯৮৫৪৫৬৬৪২৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ