অন্যযুগ/


বিহামজ’ মংলী

 নীলোৎপল বৰুৱা




 

পৱিত্ৰ ৰাভাৰ প্ৰতিখন নাটকেই বিশালাকাৰ, আয়তনযুক্ত আৰু মহাকাব্যিক। কাহিনী বৃত্তান্ত নাটকীকৰণ কৰোঁতে তেখেতে একোটা বিৰাটাকায় ফ্ৰেম তৈয়াৰ কৰি লয়। প্ৰতিটো নাটকীয় উপাদান অথবা উপৰিসৌধটোক প্ৰক্ষেপ কৰোঁতে কৃপণালি নকৰে নতুবা বিব্ৰত নহয়। সাধাৰণতে পৰিচালকে ভয় কৰা লাৰ্জ স্কেলৰ দৃশাংশ্য বা একোটা ফ্ৰেমক পৱিত্ৰ ৰাভাই বাজী হিচাপে লয় আৰু নিশ্চিতভাৱে বাজীমাৎ কৰে।

এই লাৰ্জ স্কেলৰ কাৰবাৰটো একমাত্ৰ কাহিনী নিৰ্মাণেই নহয়, পোহৰ, সাজ-সজ্জা, পোছাক আনকি মঞ্চত চৰিত্ৰ উপস্থাপন এই সকলোতে দেখা যায়। নেৰেটিভ একোটাক সামৰি থ’ব খোজোঁতে বৃহৎ বৃত্তান্তৰ অপৰিসীম সম্ভাৱনাক তেখেতে নিজৰ কৰি লয়। সেইমতেই খেলে।

‘আচিক আচং’, ‘ডুকন’, ‘পুৱা আঠটা একৈশ’, ধৰ্মবীৰ ভাৰতীৰ -’অন্ধযুগ’ৰ বড়ো অভিযোজনা-’ খৌমচি মুগা’, ‘ডাক’, ‘ঘাট’, এইবোৰ পৱিত্ৰ ৰাভাৰ নাটকসমূহৰ ভিতৰত অন্যতম। এই সকলোবোৰ অভিযোজনাতে আমি উল্লেখ কৰা বৈশিষ্ট্যসমূহ লক্ষণীয়।

এই নিৰ্মাণসমূহত ৰাভাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ তালিম সুস্পষ্ট। প্ৰতিখনেই বিশালাকাৰ আয়োজনযুক্ত আৰু মহাকাব্যিক আবেদনময়।

বৰণময়তা বা Colour Contrast পৱিত্ৰ ৰাভাৰ এটা সুকীয়া আৰু নিজা বিষয়। জনজাতীয় লোক-কথা আৰু স্পে’চ বাছি লোৱাৰ বাবেই বৰণময়তা আৱশ্যম্ভাৱী। জনজাতীয় পোছাক, পিন্ধাৰ কৌশল, ট্ৰেপেজি, নক্সাসমূহৰ শিল্পময় উপস্থাপনে বৰণ বিন্যাসক এক অনন্য  মাত্ৰা প্ৰদান কৰা দেখা যায়।


পৱিত্ৰ ৰাভা


‘আচিক থিয়েটাৰ’ - ২০০৪ চনত পৱিত্ৰ ৰাভাই গাৰো পাহাৰৰ তুৰাত প্ৰতিষ্ঠা কৰিছিল। গাৰো ভাষাৰ প্ৰথম নাট্যগোষ্ঠীৰ ভিতৰত আচিক থিয়েটাৰ অন্যতম। গাৰো পাহাৰৰ স্বাধীনতা সংগ্ৰামী টগান নিগমিঞ্জাৰ জীৱন আধাৰিত ‘আচিক আচং’ নাটকখনে ভাৰতীয় দৰ্শকলৈ বহু নুশুনা সংবাদ মুকলি কৰি দিছে।

একেদৰে ‘ডু-কন’ও গাৰো ভাষাৰ নাটক। একেদৰে- ‘ইজ দেয়াৰ এনিবডী’ নাগালেণ্ডৰ মাংক’লেম্বাত মঞ্চায়ন কৰা নাগামিজ আৰু ইংৰাজী ভাষাৰ নাটক। শেহতীয়াকৈ কাশ্মীৰত কৰি থকা কাশ্মিৰী ভাষাৰ নাটকখনো জনজাতীয় ৰেশযুক্ত। প্ৰতিখন নাটকেই বা প্ৰায়বোৰ নাটকেই দৃশ্যসজ্জাৰ ফালৰপৰা নৃগোষ্ঠীয় আশীৰ্বাদপুষ্ট। কষ্টিউমৰ ক্ষেত্ৰত যথাযথ উপস্থাপন, সঠিক চয়ন আৰু মাত্ৰা আৰোপণৰ বাদে আন কাম কমেই থাকে। সেয়ে স্বাভাৱিকতে পৰিশীলিত, শান্ত-শিথিল এটা মায়াময় বৰণ বিন্যাস দৰ্শকলৈ ট্ৰান্সফিউজ্ হয়। মেটাফ’ৰসমূহ নিৰ্মাণৰ ক্ষেত্ৰতো ৰাভাই বৰণক আকৃতিতকৈ অগ্ৰাধিকাৰ দিয়া দেখা যায়। প্ৰতিটো বৰণেই ৰূপায়ণসৰ্বস্ব আৰু কাৰ্যক্ষম।


পৱিত্ৰ ৰাভাই মহাকাব্যিক উপস্থাপনেৰে এক সৰলৰৈখিক কাহিনীকল্প আগবঢ়াই নিয়ে। ‘অন্ধযুগ’ বা ‘খৌমচি মুগা’ৰ মঞ্চায়নৰ ক্ষেত্ৰত প্ৰেক্ষাগৃহৰ ভিতৰৰ দহোটা স্থানত দহোটা দৃশ্যাংশৰ মঞ্চায়ন কৰা হৈছিল। প্ৰয়োজন অনুসৰি দহোটাকৈ জ’ন লাইট। বড়ো লোকসংস্কৃতিৰ যথাযথ ৰূপায়ণৰ উদ্দেশ্য আগত ৰাখি সেইমতে অভিযোজনা কৰা হৈছিল। প্ৰ’পাৰ্টিজসমূহ তৈয়াৰ কৰোতে বাঁহ, তামোলৰ ঢকুৱা আদি ব্যৱহাৰ কৰা হৈছিল। একেদৰেই সংগীতৰ ক্ষেত্ৰতো কৰা হৈছিল এটা বিশাল আয়োজন। যুদ্ধৰ বিভীষিকাৰ আৱহ তৈয়াৰ কৰিবলৈ দহযোৰ ভোৰতাল একেলগে বাজি উঠিছিল।



 শেহতীয়াকৈ পৱিত্ৰ ৰাভাৰ ‘বিহামজ’ মংলী’য়ে আকৌ সেই বৃহদাকাৰ অভিযোজনাৰ সোৱাদ দিছে। ‘বিহামজ’ মংলী’ প্ৰায় নব্বৈ মিনিটৰ ওচৰে পাজৰে থকা এখন বড়ো ভাষিক নাটক। মংলীৰ একেবাৰে শেহতীয়া মঞ্চায়ন জয়ৰংগম নাট মহোৎসৱৰ অন্তৰ্গত প্ৰবৃষ্টিত যোৱা নৱেম্বৰ মাহত ওদালগুৰি জিলাৰ টংলাত হৈ যায়। ‘বিহামজ’ মংলী’ৰ প্ৰথমতো মঞ্চায়ন প্ৰায় ২০০৯ চন মানতে কৰা হৈছিল।

টংলাত জন্ম গ্ৰহণ কৰা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পৱিত্ৰ ৰাভা কেইবাটাও সাংস্কৃতিক ৰেশৰ মাজৰে আগ বাঢ়ি আহিছে। জন্মসূত্ৰে ৰাভামূলীয়, ওদালগুৰিত জন্ম আৰু বসবাস সূত্ৰে বড়ো আৰু শৰণীয়া হোৱা হেতু শংকৰী কৃষ্টিৰ উপাদানে তেওঁৰ মঞ্চায়নসমূহত ভৰ কৰে।

‘বিহামজ’ শব্দৰ অৰ্থ ‘বোৱাৰী’। তদৰ্থৰে বিহামজ মংলীৰ অৰ্থ হ’ব বোৱাৰী মংলী। কাহিনীকথন অতি সৰলৰৈখিকভাৱে আগবঢ়াই নিয়া হৈছে। জাৰা-ফাগ্লাৰ পাঁচজনী বোৱাৰীৰে নুমলীয়াজনী মংলী। বুঢ়াৰ‌ প্ৰিয়পাত্ৰী। আন কেইজনীৰ অত্যাচাৰত তিষ্ঠিব নোৱৰা মংলীয়ে ঘৰ এৰি গুচি যায়। অৰণ্যৰ মাজত মংলীক বিচাৰিবলৈ যোৱা জাৰাফাগ্লাৰ বাট হেৰায়। গছৰ তলত চিলমিলিয়া টোপনিত সপোনতে বাথৌৱে দেখা দিয়ে। কয়- সিজু কাঁইটৰ  তলত জাতিৰ সমূহ বাদ্যযন্ত্ৰ বজাই বাথৌক পূজা কৰিলেই মংলী ঘুৰি আহিব। ‘মাইনাঅ’ (লখিমী) হৈ। জাৰা-ফাগ্লা ঘুৰি আহি পূজা আৰম্ভ কৰে। কুকুৰা কাটি উছৰ্গা কৰি দেওলৈ উপচাৰ আগবঢ়াই। কালক্ৰমত সিয়েই খেৰাই পূজা হয়গৈ।



নিশ্চিতভাৱে লোককথাৰ পৰা তুলি অনা কাহিনীটোৱে পৰিচালকক অলেখ সম্ভাৱনা প্ৰদান কৰিছে। সেই সম্ভাৱনা বৃহদাকাৰ। বেকড্ৰপত ৰঙা বৰণৰ পোহৰৰে আৰম্ভ কৰা প্ৰথম দৃশ্য‌ই দৰ্শকক নিমিষতে সন্মোহিত কৰি অন্য এক মায়াৱী যাত্ৰাৰ বাবে সাজু কৰি তোলে। আটাইকেইজনী বোৱাৰীয়ে চক্ৰাকাৰে ওকণি চোৱাৰ দৃশাংশ্য নতুবা বিলত মাছ মৰাৰ সংৰচনা‌ অতি নান্দনিক আৰু সুদক্ষ। খেৰাই পূজাৰ সংৰচনাই দৰ্শকক বড়ো কৃষ্টিৰ চাক্ষুস অভিজ্ঞতা প্ৰদান কৰিব। পৰিচালক‌ নিজে এজন সুদক্ষ বাদ্যযন্ত্ৰী হোৱাৰ সুবাদত লোকসংগীত মৰ্মস্পৰ্শী। সমূহ বড়ো জনগোষ্ঠীয় বাদ্যৰ অৰ্কেষ্ট্ৰা এটা অনবদ্য অভিজ্ঞতা হ’ব বুলি ন- দি ক’ব পৰা যায়। অসমৰ বাহিৰৰ দৰ্শকৰ বাবে ই এক তেজ ম‌ঙহৰ তথ্য চিত্ৰ।




প্ৰপাৰ্টিজৰ ক্ষেত্ৰত পৰিচালকৰ নন্দনতাত্ত্বিক হাত চকুত পৰা। জুপুৰি ঘৰ, মৰাপাটৰ ৰছী পকোৱা যতন, উঘা-চেৰেকী, জকাই - স্ক্ৰীপ্টৰ দাবী অনুসৰি ৰুচিশীলভাৱে উপস্থাপিত হৈছে। প্ৰপছ্সমূহ আয়তনযুক্ত যদিও ভোটাৰুচিৰ নহয়। খ্ৰাম, ছেৰেজা, ব্ৰাংশীৰ মন পৰশা নটেশ্বন অনবদ্য।

এই লেখকে পৰিচালকৰ প্ৰায়বোৰ নাটক চোৱাৰ অভিজ্ঞতাৰে মংলীক এক উচ্চতম অভিযোজনাৰ স্থান দিব বিচাৰিব। আচিক আচং, ডু-কন বা খৌমচি মুগাও একো জনগোষ্ঠীয় প্ৰতিনিধিত্বমূলক উৎপাদন যদিও মংলীত সমূহ ৰস নিসন্দেহে সম্পাদিত হৈছে। বলীউড আৰু হলীউডৰো ফিল্মৰ অভিনয়ৰ অভিজ্ঞতাৰে পুষ্ট পৱিত্ৰ ৰাভাই নাটকৰ মাৰ্গীয় আৰু ৰুচিশীলতা আৰু চিনেমেটিক ট্ৰিটমেণ্ট দুয়োটাৰে সঠিক সামঞ্জস্য ৰক্ষা কৰা দেখা গৈছে।

‘দাপোণ- দা মিৰ’ৰ’ স্থাপন কৰি নিৰৱচ্ছিন্ন‌ নাটকৰ চৰ্চা কৰাৰ লগতে অন্য এক মানৱীয় কৰ্মকাণ্ডৰ বাবেও পৱিত্ৰ ৰাভা দেশজুৰি সমাদৃত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বহু খৰ্বকায় লোকক একত্ৰিত কৰি টংলাত দাপোণে এখন থিয়েটাৰ ভিলেজ তৈয়াৰ কৰি তুলিছে। এই আৱাসিক নাট্যক্ষেত্ৰত নিৰন্তৰ নাটকৰ অনুশীলনৰ উপৰি সমাজৰদ্বাৰা প্ৰায় উপেক্ষিত লোকসকলক কুটিৰ শিল্পৰে স্বাৱলম্বী কৰি তুলিছে। খৰ্বকায় লোকসকলৰ দ্বাৰা অভিনীত ‘কিনো ক‍ওঁ’ নামৰ নাটকখনে দেশজুৰি ভূয়সী প্ৰশংসা লাভ কৰিছে। এয়া নিশ্চিতভাৱে এক শুভংকৰ কৰ্মকাণ্ড। 

আমি পৰিচালকৰ পৰা ‘বিহামজ’ মংলী’ৰ দৰে অন্য নাটক দাবী কৰিম।

 

 

ভ্ৰাম্যভাষ : ৯৮৫৪৫৬৬৪২৯


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ