(পূৰ্ণাংগ নাটক)
পঞ্চম দৃশ্য
(মঞ্চৰ down
right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ
সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে)
সুৰজিৎ - দেৱী!
দেৱী – ওঁ
সুৰজিৎ - কি কৰিছা?
দেৱী = একো কৰা নাই
৷
সুৰজিৎ - একো কৰা
নাই মানে! (দেৱীৰ কাষলৈ আহে) এইবোৰ কি? গাত শাৰীখন মেৰিয়াই লৈছা যে?
দেৱী – এইখন মাৰ
শাৰী
সুৰজিৎ - ক’ত পালা?
দেৱী – মই লৈ ল’লোঁ!
খুজি ল’লোঁ!
সুৰজিৎ - মানে?
দেৱী – দেউতা, মাৰ
কাপোৰবোৰ কিয় বিক্ৰী কৰি দিব লাগে?
সুৰজিৎ – হ’ব দিয়াঁ৷
এইবোৰ কথাক লৈ তুমি দুখ কৰিব নালাগে৷ (Music) কিন্তু তুমি এই শাৰীখন পালা ক’ত ? কাক
খুজি ল’লা?
দেৱী – ধনীৰাম নামৰ
বেপাৰীজনক৷ মাহীদেৱে আলমাৰীত সযত্নে থৈ দিয়া সকলোবোৰ কাপোৰ বেপাৰীজনক দি দিলে৷(Music)আনকি
মায়ে সামৰি থোৱা বিছনা চাদৰ কেইখনো দি দিলে৷ বিছনা চাদৰৰ ফুলবোৰ দেখি মোৰ দুখ লাগিল৷
সুৰজিৎ - সেই ফুলবোৰ
জয়াই নিজেই তুলিছিল৷ ৰঙা-নীলা কিমান যে ৰঙৰ সূতা! প্ৰতিদিনেই মই বেজী-সূতাৰ যোগাৰ দিছিলোঁ৷(Music)হ’ব
দিয়াঁ! তুমি এইবোৰক লৈ চিন্তা নকৰিবা৷ যোৱা শাৰীখন খুলি থোৱাঁগৈ!
দেৱী – দেউতা৷ মই
মাহীদেৱে নেদেখাকৈ বেপাৰীজনৰ পৰা এইখন শাৰী খুজি ল’লোঁ৷ পদূলিমুখত তেওঁৰ চাইকেলখন আগচি
ক’লোঁ – এইখন শাৰী মোক দিয়ক, এইখন মাৰ মৰমৰ শাৰী৷
সুৰজিৎ - দেৱী!
দেৱী – মোক প্ৰথমে
শাৰীখন দিবলৈ বিচৰা নাছিল৷ (এনেতে ভিতৰৰ পৰা বেদনাথ বৰুৱা ওলাই আহে)
বেদনাথ – তাই যেতিয়া
ফেঁকুৰি ফেঁকুৰি কান্দিলে ধনীৰামে শাৰীখন তাইক দি গ’ল৷ শাৰীখন দিওঁতে তাইক ক’লে – মোৰ
নামটোহে ধনীৰাম৷ ধন-পইচা বেছি নাই, কিন্তু হৃদয়ৱান!
সুৰজিৎ - দেউতা
বেদনাথ – এইবোৰ ভাল
কথা হোৱা নাই৷ ঘৰৰ সম্পদবোৰ কাটি ধ্বংস কৰা, এপদ এপদকৈ বিক্ৰী কৰা কামবোৰ মই তিলমানো
পচন্দ কৰা নাই!
দেৱী – ককা! এইখন
শাৰী পিন্ধি মায়ে মোক কেইবাদিনো স্কুলত থ’বলৈ গৈছিল৷ [Music, (sad)] মাক বৰ ধুনীয়া
লাগিছিল৷ মোৰ লগৰ কস্তুৰী, পূৰ্ণিমাহঁতে কৈছিল, শাৰীখন পিন্ধিলে মাক হেনো দেৱী যেন
লাগে৷ (Music)
সুৰজিৎ - দেৱী
দেৱী – দেউতা! এইখন
শাৰী মই ভালকৈ আকৌ থৈ দিম৷ মই ডাঙৰ হ’লে পিন্ধিম৷ তেতিয়া চাগৈ মোৰ লগৰবোৰে ক’ব – বাঃ
দেৱী, তোক বৰ ধুনীয়া লাগিছে৷ তোকো তোৰ মাৰ দৰেই দেৱী যেন লাগিছে (কান্দে)(Music)
বেদনাথ+সুৰজিৎ -
দেৱী!
দেৱী – ককা, দেউতা!
মই জানো কেতিয়াবা মাক লগ পাম? মায়ে জানো মোক আহি কোলাত বহুৱাই মৰম কৰি পৰীৰ সাধু ক’ব?
দেৱী দেৱী বুলি মাতিব?
সুৰজিৎ - দেৱী!
দেৱী – (হঠাৎ mood
সলনি কৰি) মই কিন্তু মাক বৰ বেয়া পাইছোঁ৷ মোক এনেদৰে এৰি যাব নালাগিছিল৷ মই বেয়া পাইছোঁ৷
(একেখিনি কথাকে কৈ কৈ দেৱী ভিতৰলৈ সোমাই যায়, (Music) Direction.
বেদনাথ – কণমানিজনীৰ
কথা শুনিলি?
সুৰজিৎ - দেউতা
!
বেদনাথ – জয়াই জানো
তাইক এৰি যাব বিচাৰিছিল? পাষণ্ডবোৰেহে জয়াক তাইৰ কাষৰপৰা আঁতৰাই লৈ গ’ল৷ Coward, পৰিৱৰ্তন অনাৰ নামত ইহঁতে
মানুহ হত্যা কৰে৷ হিংসাৰ সহায়ত শান্তি আনিব বিচাৰে৷
সুৰজিৎ - দেউতা৷
বেদনাথ – দেৱীক বুজাবি৷
মৰম কৰিবি৷ যদি পাৰ, মাকৰ মৰমৰ অভাৱ হ’ব পৰা পৰিৱেশ এই ঘৰখনত সৃষ্টি নকৰিবি৷
(Music) (বেদনাথ সোমাই যায়৷ সুৰজিৎ লাহে লাহে মঞ্চৰ মধ্য zone ত অৱস্থান কৰিব৷ এটা
কৰুণ সুৰ ভাহি আহিব৷ লাইট মাথোঁ সুৰজিতৰ গাত পৰিব৷ বাহিৰৰ পৰা জয়াৰ মাত ভাহি আহে
– “দেৱীক আমি দেৱীৰ দৰে গঢ় দিম৷ দেউতাই তাইৰ নামটো এনেয়ে ৰখা নাই৷ তাই সঁচাকৈ দেৱী
হ’ব লাগিব৷ বহুত মৰম কৰিম তাইক …৷”)
সুৰজিৎ - জয়া!
(সুৰজিৎ freeze হ’ব৷
কৰুণ সুৰ এটা ভায়’লিনত বাজি উঠিব৷ লাহে লাহে লাইট কমিব৷)
(আগলৈ)
