অন্যযুগ/


ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক)

জ্যোতি প্ৰসাদ শইকীয়া


পঞ্চম দৃশ্য

 

(মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে)

সুৰজিৎ - দেৱী!

দেৱী – ওঁ

সুৰজিৎ - কি কৰিছা?

দেৱী = একো কৰা নাই ৷

সুৰজিৎ - একো কৰা নাই মানে! (দেৱীৰ কাষলৈ আহে) এইবোৰ কি? গাত শাৰীখন মেৰিয়াই লৈছা যে?

দেৱী – এইখন মাৰ শাৰী

সুৰজিৎ - ক’ত পালা?

দেৱী – মই লৈ ল’লোঁ! খুজি ল’লোঁ!

সুৰজিৎ - মানে?

দেৱী – দেউতা, মাৰ কাপোৰবোৰ কিয় বিক্ৰী কৰি দিব লাগে?

সুৰজিৎ – হ’ব দিয়াঁ৷ এইবোৰ কথাক লৈ তুমি দুখ কৰিব নালাগে৷ (Music) কিন্তু তুমি এই শাৰীখন পালা ক’ত ? কাক খুজি ল’লা?

দেৱী – ধনীৰাম নামৰ বেপাৰীজনক৷ মাহীদেৱে আলমাৰীত সযত্নে থৈ দিয়া সকলোবোৰ কাপোৰ বেপাৰীজনক দি দিলে৷(Music)আনকি মায়ে সামৰি থোৱা বিছনা চাদৰ কেইখনো দি দিলে৷ বিছনা চাদৰৰ ফুলবোৰ দেখি মোৰ দুখ লাগিল৷

সুৰজিৎ - সেই ফুলবোৰ জয়াই নিজেই তুলিছিল৷ ৰঙা-নীলা কিমান যে ৰঙৰ সূতা! প্ৰতিদিনেই মই বেজী-সূতাৰ যোগাৰ দিছিলোঁ৷(Music)হ’ব দিয়াঁ! তুমি এইবোৰক লৈ চিন্তা নকৰিবা৷ যোৱা শাৰীখন খুলি থোৱাঁগৈ!

দেৱী – দেউতা৷ মই মাহীদেৱে নেদেখাকৈ বেপাৰীজনৰ পৰা এইখন শাৰী খুজি ল’লোঁ৷ পদূলিমুখত তেওঁৰ চাইকেলখন আগচি ক’লোঁ – এইখন শাৰী মোক দিয়ক, এইখন মাৰ মৰমৰ শাৰী৷

সুৰজিৎ - দেৱী!

দেৱী – মোক প্ৰথমে শাৰীখন দিবলৈ বিচৰা নাছিল৷ (এনেতে ভিতৰৰ পৰা বেদনাথ বৰুৱা ওলাই আহে)

বেদনাথ – তাই যেতিয়া ফেঁকুৰি ফেঁকুৰি কান্দিলে ধনীৰামে শাৰীখন তাইক দি গ’ল৷ শাৰীখন দিওঁতে তাইক ক’লে – মোৰ নামটোহে ধনীৰাম৷ ধন-পইচা বেছি নাই, কিন্তু হৃদয়ৱান!

সুৰজিৎ - দেউতা

বেদনাথ – এইবোৰ ভাল কথা হোৱা নাই৷ ঘৰৰ সম্পদবোৰ কাটি ধ্বংস কৰা, এপদ এপদকৈ বিক্ৰী কৰা কামবোৰ মই তিলমানো পচন্দ কৰা নাই!

দেৱী – ককা! এইখন শাৰী পিন্ধি মায়ে মোক কেইবাদিনো স্কুলত থ’বলৈ গৈছিল৷ [Music, (sad)] মাক বৰ ধুনীয়া লাগিছিল৷ মোৰ লগৰ কস্তুৰী, পূৰ্ণিমাহঁতে কৈছিল, শাৰীখন পিন্ধিলে মাক হেনো দেৱী যেন লাগে৷ (Music)

সুৰজিৎ - দেৱী

দেৱী – দেউতা! এইখন শাৰী মই ভালকৈ আকৌ থৈ দিম৷ মই ডাঙৰ হ’লে পিন্ধিম৷ তেতিয়া চাগৈ মোৰ লগৰবোৰে ক’ব – বাঃ দেৱী, তোক বৰ ধুনীয়া লাগিছে৷ তোকো তোৰ মাৰ দৰেই দেৱী যেন লাগিছে (কান্দে)(Music)

বেদনাথ+সুৰজিৎ - দেৱী!

দেৱী – ককা, দেউতা! মই জানো কেতিয়াবা মাক লগ পাম? মায়ে জানো মোক আহি কোলাত বহুৱাই মৰম কৰি পৰীৰ সাধু ক’ব? দেৱী দেৱী বুলি মাতিব?

সুৰজিৎ - দেৱী!

দেৱী – (হঠাৎ mood সলনি কৰি) মই কিন্তু মাক বৰ বেয়া পাইছোঁ৷ মোক এনেদৰে এৰি যাব নালাগিছিল৷ মই বেয়া পাইছোঁ৷ (একেখিনি কথাকে কৈ কৈ দেৱী ভিতৰলৈ সোমাই যায়, (Music) Direction.

বেদনাথ – কণমানিজনীৰ কথা শুনিলি?

সুৰজিৎ - দেউতা !

বেদনাথ – জয়াই জানো তাইক এৰি যাব বিচাৰিছিল? পাষণ্ডবোৰেহে জয়াক তাইৰ কাষৰপৰা  আঁতৰাই লৈ গ’ল৷ Coward, পৰিৱৰ্তন অনাৰ নামত ইহঁতে মানুহ হত্যা কৰে৷ হিংসাৰ সহায়ত শান্তি আনিব বিচাৰে৷

সুৰজিৎ - দেউতা৷

বেদনাথ – দেৱীক বুজাবি৷ মৰম কৰিবি৷ যদি পাৰ, মাকৰ মৰমৰ অভাৱ হ’ব পৰা পৰিৱেশ এই ঘৰখনত সৃষ্টি নকৰিবি৷ (Music) (বেদনাথ সোমাই যায়৷ সুৰজিৎ লাহে লাহে মঞ্চৰ মধ্য zone ত অৱস্থান কৰিব৷ এটা কৰুণ সুৰ ভাহি আহিব৷ লাইট মাথোঁ সুৰজিতৰ গাত পৰিব৷ বাহিৰৰ পৰা জয়াৰ মাত ভাহি আহে – “দেৱীক আমি দেৱীৰ দৰে গঢ় দিম৷ দেউতাই তাইৰ নামটো এনেয়ে ৰখা নাই৷ তাই সঁচাকৈ দেৱী হ’ব লাগিব৷ বহুত মৰম কৰিম তাইক …৷”)  

সুৰজিৎ - জয়া!

(সুৰজিৎ freeze হ’ব৷ কৰুণ সুৰ এটা ভায়’লিনত বাজি উঠিব৷ লাহে লাহে লাইট কমিব৷)

 

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ