অন্যযুগ/


অসমৰ চিত্ৰশিল্পৰ পথিকৃৎ আৰু এখন অনবদ্য গ্ৰন্থ: ননী বৰপূজাৰী


ফাৰহান জাৱেদ
ঘনঘোৰ আন্ধাৰত লুকাই থকা সভ্যতাক কোনে পোহৰৰ বাট দেখুৱায়? পোহৰ নৈকত্যপিয়াসী সাধাৰণ নাগৰিকৰ বাবে কোনে যুঁজ দিয়ে? নিশ্চয়কৈ এজন শিল্পীৰ কথাই আমি কল্পনা কৰিম (তেওঁ এজন কবি-লেখক, সংগীত-নৃত্য, অভিনয়, চিত্ৰ-ভাস্কৰ্য বা অন্য যিকোনো পৰিৱেশ্য শিল্পী হব পাৰে)। এজন শিল্পী ভৱিষ্যদ্ৰষ্টা, বিচক্ষণ, বোধশক্তিসম্পন্ন, দূৰদৃষ্টি, তীক্ষ্নধী আৰু কল্পনাপ্ৰৱণ হয়। সেয়েহে সাধাৰণ মানুহে এজন শিল্পীক পৃথক দৃষ্টিৰে চায় আৰু শিল্পীয়ে লৈ যোৱা বাটেৰে সাধাৰণজনে গতি কৰে, শিল্পীয়ে দেখুৱাই দিয়া পোহৰ দেখা পায়...। শিল্পী সদায় জনতাৰ পক্ষত আৰু শাসক-শোষক যন্ত্ৰ প্ৰায় জনতাবিৰোধী। সেয়েহে শিল্পী শাসকৰ চকুৰ কূটা, দাঁতৰ শূলৰূপে পৰিগণিত হয়। শিল্পী আৰু শাসকৰ প্ৰাচীন এই যুঁজখনত শাসকৰ পৰাক্ৰমৰ সমুখত তিষ্ঠি থাকি শেষত শিল্পীয়েই জয় লাভ কৰে। সেই সম্পৰ্কে প্ৰবাদ-প্ৰবচন, ফঁকৰা, পটন্তৰ অনেক আছেসত্যৰ সদায় জয়। অৰ্থাৎ শিল্পীক কালাতীতৰ পৰাই সততাৰ প্ৰতীক বুলি গণ্য কৰা হয়। সততা যত থাকে তাত জয় নিশ্চিত...।
ননী বৰপূজাৰী
পৃথিৱীৰ আন ঠাইৰ শিল্প আৰু আমাৰ ইয়াৰ শিল্প বুলি বেলেগ কথা কিবা আছে জানো? শিল্পৰ মাধ্যমো একেইসাহিত্য, নৃত্য-গীত, অভিনয়, চিত্ৰ প্ৰভৃতি যিমানবোৰ মাধ্যম আছে, পৃথিৱীৰ প্ৰত্যেকজন শিল্পীয়েই ইয়াৰ অন্তৰ্গত। অৱশ্যে এই লেখাত আমি কেৱল চিত্ৰশিল্প আৰু এগৰাকী পৰাৎপৰ চিত্ৰশিল্পী, ভাস্কৰৰ কথাহে পাতিম। তেওঁ হৈছে অসমীয়া কৃষিনীতিৰ প্ৰতীক কাউৰী ডকোৱাক (Scarecrow) বিশ্ববাসীৰ আগত চিনাকি কৰি দিয়া শিল্পী ননী বৰপূজাৰী।
বৰপূজাৰীৰ ৰঙৰ প্ৰেম জন্মগত। পিতৃৰ চাকৰিসূত্ৰে শ্বিলঙতেই ডাঙৰ-দীঘল হোৱা বৰপূজাৰীৰ মন সৰুৰে পৰাই সৃষ্টিমূলক কৰ্মৰ প্ৰতি উৎসৰ্গিত আছিল। ৰং, ছবিৰ মাধ্যম চিনি নোপোৱা বৰপূজাৰীয়ে সৰুৰে পৰাই ছবি অংক আৰু বিভিন্ন সৃষ্টিমূলক কামৰ প্ৰতি আকৃষ্ট হৈছিল। পুৰণি গ্ৰামন ৰেকৰ্ড, ভলুকা বাঁহৰ চুঙা যি পায়, তাতেই তেওঁ ছবি আঁকিছিল। মজাৰ কথাটো হল তেওঁ অঁকা ছবিবোৰ, তেওঁ সজা আকৰ্ষণীয় শিল্পসমূহ বেছি দিন ঘৰত থব নোৱাৰে, কোনোবাই নহয় কোনোবাই সেইবোৰ লৈ যায় আৰু নিজৰ ড্ৰয়িং ৰুমত সজায় থয়গৈ। মানুহৰ এনেবোৰ অভিব্যক্তিয়েই কোমল মনৰ বৰপূজাৰীক বৰকৈ উৎসাহিত কৰিছিল। তেওঁৰ ছবি অথবা সৃষ্টিমূলক কৰ্মই মানুহৰ সমাদৰ পাবলৈ লোৱাৰ অন্তৰালত আছিল তেওঁৰ শিল্প-নিপুণতা। নতুনকৈ কিবা এটা কৰিবলৈ লোৱা শিশু এটাৰ বাবে ৰং বিচৰা, বুৰুজ কিনি অনাটো সিমান উজু নাছিল। সেয়েহে এঙাৰ, পূৰৈ শাকৰ গুটি আদি যি পাইছিল তাৰেই তেওঁ ছবি আঁকিবলৈ উপযোগী কৰি লৈছিল। আগ্ৰহ আৰু একাগ্ৰতা থাকিলে যিকোনো কামেই টান হৈ নাথাকে। শিশু বৰপূজাৰীৰ একাগ্ৰতাই তেওঁৰ হাতখন নিপুণ কৰি তুলিছিল। সেই সময়ত ছবি সম্পৰ্কে দিহা-পৰামৰ্শ দিওঁতা কোনো নাছিল, নাছিল আনুষ্ঠানিক শিক্ষা লব পৰাকৈ কোনো চিত্ৰশিক্ষাৰ বিদ্যালয়। সেয়েহে সীমিত সা-সুবিধাৰে তেওঁ চৰ্চাত একাগ্ৰচিত্তে মনোনিৱেশ কৰিছিল।
তেওঁৰ নিৰলস প্ৰচেষ্টাৰ বলতেই এদিন প্ৰতিকৃতি অংক কৰাৰ দক্ষতা কণমানি আঙুলিকেইটাই লাভ কৰিছিল। জীৱন্ত মডেলক লৈ ননী বৰপূজাৰীৰ প্ৰথম ছবিখনৰ স্মৃতি আজিও তেওঁ শ্ৰদ্ধাৰে সোঁৱৰে। তেতিয়া তেওঁ শ্বিলং বিদ্যালয়ৰ সপ্তম মানৰ ছাত্ৰ। আৰবী ভাষাটোৰ প্ৰতি আকৃষ্ট হৈ কেইদিনমান ক্লাছ কৰিছিল। শিক্ষক মৌলবী ছাৰ। কলা আঁঠুলৈকে জুৰি থকা চোলা (চাপকন), লা কাশ্মীৰী টুপী, পাইজামা আৰু কেতিয়াবা জহৰ কোটেৰে ওখ-পাখ ধুনীয়া মানুহজনক দেখি তেওঁৰ শৈল্পিক চেতনা প’ৰ্ট্ৰেইট এখন আঁকিবলৈ উৎসাহিত হল আৰু কাঠ-পেঞ্চিলেৰে মৌলবী ছাৰক আঁকি পেলালে। তেওঁৰ সেই ছবিখন দেখি সকলোৱে তবধ মানিছিল আৰু প্ৰশংসা কৰিছিল। সেই সময়ছোৱাত অঁকা কেইখনমান ছবি পাছত অসম বাণী’-ত ছপা হৈ ওলাইছিল। নিজৰ ছবি কাকতত দেখি বৰপূজাৰী বাৰুকৈ উৎসাহিত হৈ পৰিছিল। সেয়াই হয়তো তেওঁৰ শিল্প জীৱনৰ উঁহ।
ছবিৰ কথা পাতিলেই উৎফুল্লিত হৈ পৰা বৰপূজাৰীৰ ছবি অঁকাৰ প্ৰস্তুতিৰ সময়ছোৱাও বৰ ৰসাল আছিল। কিছুমান কথাই আজিও তেওঁক নষ্টালজিক কৰি তোলে। তেতিয়া তেওঁ শ্বিলং হাইস্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত, শ্ৰেণীকোঠাতেই এদিন শিক্ষকৰ কলা কোটটোৰ পিঠিত একে পাকতে, কোনেও টলকিব নোৱৰাকৈ চকুৰ পচাৰতে আঁকি দিলে বিদ্যুৎ পৰিষদৰ সাৱধানপ্ৰতীকটো। বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰসাদ দাস ছাৰ আছিল অত্যন্ত শৃংখলাবদ্ধ আৰু কাঢ়া মানুহ। তেৱোঁ সৌকা বেতেৰে কিশোৰ বৰপূজাৰীৰ দুই হাতৰ তলুৱা ছিৰাছিৰ কৰি দিলে। সৌকাৰ কোবকেইটাই তেওঁক আজিও কাতৰ কৰি তোলে। স্বগতোক্তি কৰে— ‘‘ঘূৰাই পামনে সেই সময়!’’ ঘৰত প্ৰায়ে তেওঁ ইটো-সিটো বস্তু লৈ পৰীক্ষা-নিৰীক্ষা কৰি থাকে। মাকে ৰুটী পুৰিবলৈ কৰা আটাৰ লডাৰে জেঠী, সাপৰ আকৃতি দিয়ে। আকৌ সেইবোৰত ভাতৰ মাৰ সানি দিয়ে চিক্‌মিকাবলৈ। পাছত বেৰত আঁৰি দিয়ে সেইবোৰ, কেতিয়াবা সাপ আৰু জেঠীক মুখামুখি কৰি কাল্পনিক যুদ্ধ এখন ৰচনা কৰে। এই সৰু সৰু কামবোৰতেই তেওঁৰ সৃজনশীলতা প্ৰকাশ পাইছিল।
এইবোৰৰ উপৰি খেলা-ধূলাতো তেওঁৰ ৰাপ আছিল। এবাৰ আঠশ মিটাৰ দৌৰত তেওঁ শ্বিলঙৰ ভিতৰতে প্ৰথম হৈছিল। ক্ৰিকেট খেল আছিল তেওঁৰ প্ৰিয়। শংকৰদেৱ কলেজৰ ক্ৰীড়া-সম্পাদকো হৈছিল। অৱশ্যে তেতিয়া তেওঁক সকলোৱে ননী গোপাল বৰপূজাৰী বুলিহে জানিছিল। শ্বিলং-পাহাৰৰ হেলনীয়াৰে তীব্ৰ বেগত নামি অহা পাইন কাঠৰ সৰু সৰু গাড়ীবোৰ ৰখাবলৈকে তেওঁ উদ্ভাৱন কৰিছিল ব্ৰেক ধৰাৰ অভিনৱ পদ্ধতি। বুদ্ধিমত্তা আৰু কৌশলগতভাৱে গাড়ীৰ চকাবোৰত বল বিয়েৰিং লগাই আগতকৈ গাড়ীবোৰ নিমজভাৱে চলাৰ উপযোগী কৰি তুলিছিল। সেই সময়ছোৱাত লাটুম ঘূৰোৱাটো সকলো কিশোৰৰে এটা নিচা আছিল। বৰপূজাৰীও লাটুম তৈয়াৰ কৰাতো সিদ্ধহস্ত হৈ পৰিছিল। ঘূৰণীয়া, কেইবাকোণীয়াকৈ লাটুমবোৰ সাজি সকলোকে চমক দিছিল।
তেওঁৰ এই শিল্পীসত্তা এদিনতেই গঢ় লোৱা নাছিল। কঠোৰ পৰিশ্ৰম, অধ্যৱসায়ৰ ফলত তেওঁ আজি আহি আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেহি। শ্বিলঙত থকাৰ কালছোৱাতেই তেওঁ প্ৰয়াত শশী বৰদলৈৰ মঞ্চসজ্জাৰ প্ৰতি আকৃষ্ট হৈছিল। তেওঁৰ কামৰ আনুগত্যতেই হাত দিছিল মঞ্চসজ্জাত। লাবান নামঘৰৰ দুৰ্গাপূজাত বন্ধুবৰ্গৰ সৈতে এখন নাটকো কৰিছিল, তেতিয়া তেওঁ নৱম শ্ৰেণীত। কিশোৰ অৱস্থাতেই পৰিচালনা, মঞ্চসজ্জা, ৰূপসজ্জা সকলো বৰপূজাৰীয়ে কৰিছিল।
আজিৰ দৰে প্ৰচাৰ, যোগাযোগৰ সুলভ তেনে কোনো মাধ্যম নাছিল যদিও শিল্পৰসিক কিছু মানুহৰ সংস্পৰ্শই বৰপূজাৰীক উৎসাহিত কৰিছিল আৰু শংকৰদেৱ কলেজৰ ছাত্ৰ হৈ থকা অৱস্থাতেই ১৯৬৮ চনত প্ৰথমবাৰলৈ তেওঁ এখন চিত্ৰ প্ৰদৰ্শনীত ভাগ লৈছিল। কলেজৰ বহু ছাত্ৰই সেই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল। সেই সময়লৈকে কেনভাছ নেদেখা বৰপূজাৰীৰ হাৰ্ডব’ৰ্ডত অঁকা ছবি আছিল ৪০খন। তেতিয়া হাৰ্ডবৰ্ডত অঁকা এখন ছবি দেৰগাঁৱৰ ঘৰত আজিও সংৰক্ষিত হৈ আছে। শ্বিলঙত থাকোঁতেই লগ পাইছিল সেই সময়ৰ অতিকে জনপ্ৰিয় শিল্পী টটৱালং, ৰাজেশ্বৰ বৰদলৈ আৰু শ্বেৰ চৌধুৰীক। বিষ্ণুপুৰৰ কেনছেনট্ৰেছৰ সৰস্বতী পূজাত বাদ্যযন্ত্ৰী, গায়ক ভাস্কৰ দাসে এযোৰ আচৰিত বংগো বজাইছিল। পাছত কথাটো সকলোৱে গুণাগঁথা কৰিছিল। সেইযোৰ বংগো বৰপূজাৰীয়ে ডালডাৰ টেমাৰে সাজি উলিয়াইছিল, লগতে সাজিছিল ক্লেপষ্টিকো। কঠোৰ অনুশীলন আৰু অধ্যৱসায়ৰ বল ভাস্কৰ দাস পাছলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে বংগোবাদক হব পাৰিছিল।
লাহে লাহে কিশোৰ ননীৰ সত্তা শিল্পগুণেৰে সমৃদ্ধ হৈ আহিবলৈ ধৰিলে। ঠিক তেনেতেই দেউতাকৰ চাকৰি বদলি হল নগাঁৱলৈ। শ্বিলঙৰ প্ৰাকৃতিক পৰিৱেশ, ন্ধু-বান্ধৱ এৰি আহিবলগীয়া হোৱাত তেওঁ কিছু পৰিমাণে ব্যথিত হল। সেয়া ১৯৭০ চনৰ কথা। তেওঁলোকে ৰাজ্যিক পৰিবহ নিগমৰ কোৱাৰ্টাৰত থাকিবলৈ ললে। এদিন দুপৰীয়া কোৱাৰ্টাৰৰ আগচোতালতে অন্যমনস্কভাৱে বহি থাকোঁতেই দেখা পালে অদ্ভুত-আচহুৱা মানুহ এজনকলা ফ্ৰেমৰ ছশ্‌মা, ডিঙিত ৰুদ্ৰাক্ষ মালা, দীঘল চুলি, ৰঙীন ফুলাম চোলা পৰিহিত। কেইদিনমানৰ পাছত তেখেতৰ লগত চিনাকি হল। তেখেতেই হল ননী বৰপূজাৰীৰ শিল্পীসত্তাক শিল্প-নৈপুণ্যৰে গঢ় দিয়া অন্যতম অনুঘটক শিল্পী প্ৰণৱ বৰুৱা। ননী বৰপূজাৰীৰ মাজত প্ৰণৱ বৰুৱাই এগৰাকী প্ৰকৃত আৰু সম্পূৰ্ণ শিল্পীৰ স্থিতি দেখা পালে। প্ৰণৱ বৰুৱাক লগ পোৱা পাছৰে পৰাই বৰপূজাৰীৰ শৈল্পিক সত্তাই পৰিপূৰ্ণতা পালে, অত দিনে যেন প্ৰণৱ বৰুৱাকহে তেওঁ বিচাৰি আছিল...। প্ৰণৱ বৰুৱাক লগ পাই বৰপূজাৰীয়ে ছবি আঁকিবলৈ এক ঐশ্বৰিক শক্তি পোৱা যেন বোধ হল। ননী বৰপূজাৰীয়ে নগাঁও কলেজত নামভৰ্তি কৰিলে আৰু প্ৰণৱ বৰুৱাৰ শিষ্যত্ব গ্ৰহণ কৰি চিত্ৰকলাৰ অধ্যয়নো আগুৱাই নিলে। মাথোঁ তিনিটা ৰঙৰ ব্যৱহাৰেৰে কলেজৰ সেইবাৰ আলোচনীৰ প্ৰচ্ছদ আঁকিছিল বৰপূজাৰীয়ে। বাল্মীকি আৰু ক্ৰৌঞ্চ হত্যাৰ দৃশ্যৰ অৱতাৰণাৰে সাঁচিপাতৰ দৰে আখৰেৰে লিখিছিল মা নিষাদশ্লোকটো। প্ৰচ্ছদটি সকলোৱে বিৰাট ভাল পালে। কলেজতো বৰপূজাৰীৰ পৰিচিতি বাঢ়ি গল। সেইবাৰেই প্ৰথম গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ আৰম্ভ হয়। সেয়া ১৯৭০ চনৰ কথা। আমিনুল হক, ধ্ৰুৱ ডেকা আৰু বৰপূজাৰী তাত পুৰস্কৃত হয়।
ননী বৰপূজাৰী আৰু প্ৰণৱ বৰুৱা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰিছিল। খুব ঘনিষ্ঠতা দুয়োৰে মাজত। বৰপূজাৰীয়ে যিদৰে প্ৰণৱ বৰুৱাক আদৰ-ভক্তি কৰিছিল, ঠিক সেইদৰে প্ৰণৱ বৰুৱায়ো ননী বৰপূজাৰীক মৰম-চেনেহ কৰিছিল। নগাঁৱত কটোৱা সময়ছোৱা কলেজ, ছবি আৰু প্ৰণৱ বৰুৱাৰ বাবেই মধুৰ হৈ পৰিছিল বৰপূজাৰীৰ। নগাঁৱতেই বৰপূজাৰীয়ে প্ৰথম কেনভাছত তৈল ঙৰ ব্যৱহাৰ কৰি ছবি আঁকিছিল। লগত ব্ৰজেন বৰা।
জাতীয়তাবাদৰ পীঠস্থান নগাঁৱতেই তেওঁ জাতীয় জীৱনৰ সৈতেও অতি নিবিড়ভাৱে জড়িত হৈ পৰে। কলেজত থকা সময়ছোৱাতেই তেওঁ ছবিৰ প্ৰদৰ্শনী পাতিছিল। ভাষা আন্দোলনত অংশগ্ৰহণ কৰিছিল। অনিল বৰা ছহিদ হোৱাৰ দিনা একেখন গাড়ীতে তেৱোঁ আছিল, সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰিল...। প্ৰণৱ বৰুৱাৰ দিহা-পৰামৰ্শত নগাঁৱত তেতিয়া ছেগা-ছোৰোকাকৈ শিল্প-আন্দোলন এটা গঢ় লৈ উঠিছিল। নৌশাদ আখতাৰ হাজৰিকাৰ নেতৃত্বত কেইজনমান ডেকা লৰা লগ লাগি এটি সংস্থা গঢ়াৰ যো-জা কৰিছিল আৰু নেহৰুবালিত কলা-সংস্কৃতিৰ অনুষ্ঠান কল্লোল’-ৰ জন্ম দিছিল। ননী বৰপূজাৰী, বদন বৰা, লুইত কলিতা, জয়ন্ত দাস, আমজাদ হুছেইন, প্ৰদীপ গোস্বামী, ভৱেশ বৰৱা, মুৰলী শৰ্মা, গুণজিত দেৱ গোস্বামী, পৱিত্ৰ শৰ্মা, আৰিফ, কৃষ্ণকান্ত হাজৰিকা, ৰাজা হাজৰিকা, নিৰঞ্জন বেজবৰুৱা, প্ৰবীৰ বেজবৰুৱা আদিয়ে আগভাগ লৈছিল সেই প্ৰচেষ্টাত। সুখৰ কথা যে সেই তেতিয়াৰে পৰা আজিও কল্লোল’-ৰ যাত্ৰা অব্যাহত আছে।



ননী বৰপূজাৰীৰ চিত্ৰকৰ্ম
কলেজীয়া শিক্ষা শেষ কৰি ১৯৭৩ চনত বৰপূজাৰীয়ে আত্মবিশ্বাসেৰে গুৱাহাটীত পদাৰ্পণ কৰিছিল। উদ্দেশ্য— শিল্পৰ মাজেৰে জীৱিকাৰ সন্ধান কৰা। শিল্প-সম্পৰীক্ষাৰে শিল্পাকাশত ন-চানেকিৰ উন্মেষ ঘটোৱা। উলুবাৰীৰ খুৰাকৰ ঘৰত বেগটো থৈয়েই আছাম ফাইন আৰ্ট এণ্ড ক্ৰাফ্‌ট ছচাইটিৰ অসম আৰ্হিৰ ঘৰটোলৈ। তাত এসপ্তাহৰ এটি কৰ্মশালা চলি আছে। আশুদেৱ, বেণু মিশ্ৰ, পুলক গগৈ, শোভা ব্ৰহ্মা, প্ৰসেনজিৎ দুৱৰা, হেলা দাস, অতুল বৰুৱা আদিয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। নীলপৱন বৰুৱা, ৰাজেশ্বৰ শৰ্মা আৰু ৰাজেন হাজৰিকাৰ তত্ত্বাৱধানত চলিছে কৰ্মশালা। নীলপৱন বৰুৱাই সুধিলে— ‘‘ছবি আঁকিবা নেকি?’’ কোনোদিনে কেনভাছত ছবি আঁকি নোপোৱা বৰপূজাৰীয়ে সেইবাৰেই প্ৰথম কেনভাছত ছবি আঁকিছিল আৰু তেওঁ অঁকা ছবিখন বিক্ৰী গল। সেইখনেই আছিল ননী বৰপূজাৰীৰ জীৱনৰ প্ৰথম আৰু কৰ্মশালাটিত বিক্ৰী হোৱা একমাত্ৰ ছবি। ছবিখন উজান বজাৰৰ লাবণ্য প্ৰেছৰ স্বত্বাধিকাৰী পৱিত্ৰ তালুকদাৰে কিনিছিল— ৩৫০ টকাত।
গুৱাহাটীত থাকিবলৈ লৈ তেওঁ বিভিন্ন কমাৰ্চিয়েল আৰ্টৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিল। অৱশ্যে চাকৰিত সোমাইছিল যদিও শিল্পৰ প্ৰতি থকা অনুৰাগৰ বাবেই বেছি দিন চাকৰি কৰিব নোৱাৰিলে। শিল্পীসকলে সদায় মুক্ত মন এটা আৰু নিজৰ বাবে অপৰ্যাপ্ত সময় বিচাৰে। বহুতো শিল্পীয়ে চাকৰি অথবা অন্য যিকোনো বেতনভোগী কামত মকৰল হলে নিজে কৰিব বিচৰা কামবোৰ কৰিবলৈ সময় উলিয়াব নোৱাৰিম বুলিয়েই সকলো বান্ধোনৰ পৰা মুক্ত হৈ থাকিব বিচাৰে। গুৱাহাটীত থকাটো ইমান সহজ নহয়। থাকিবলৈ এটা ঘৰ, খাবলৈ খাদ্য আৰু ছবি আঁকিবলৈ কেনভাছ, ইজেল, ৰঙৰ প্ৰয়োজন। গান্ধীবস্তিত মাহে বিছ টকা ভাড়াৰ চটাইবেৰৰ এটা ঘৰৰ যোগাৰ কৰিলে। দিনটো কমাৰ্চিয়েল ছবি আঁকি যি পইচা পায়, তাৰে ছবি অঁকা সঁজুলি কিনোতেই যায়। গতিকে টনা-আঁজোৰাৰেই তেওঁ চলিবলগাত পৰিছিল। শৰাইঘাট গ্ৰাফিকছ আৰ্ট’-ৰ মালিক যোগেশ শৰ্মাই মাতি নি প্ৰেছৰ নক্সা অঁকা কাম দিছিল। শৰাইঘাটৰ লগতে বৰপূজাৰীয়ে গুৱাহাটী ক্লাবৰ সীমান্তিকা, মালিগাঁৱৰ শ্ৰীগুৰু প্ৰেছ, আছাম ট্ৰিবিউন, বিস্ময় আদিত নক্সা অঁকাৰ কাম কৰি কিছু পইচা পাইছিল। সীমান্তিকা প্ৰিণ্টাৰ্ছৰ আধাফাল লফ আৰু এপিয়লা চাই খোৱাটো সেই সময়ত তেওঁৰ ৰুচিয়েই নহয়, প্ৰয়োজন হৈ পৰিছিল। কিয়নো তেতিয়া ভাত এমুঠিৰ যোগাৰেই নহয়গৈ। প্ৰায় সেই চাহকাপেই হয়গৈ নিশাৰ আহাৰ। ননী বৰপূজাৰী শিল্পী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ এই সংগ্ৰামখনত প্ৰেছকেইটাৰ যথেষ্ট অৰিহণা আছে।
পাছলৈ জু-ৰড তিনিআলিত বৰপূজাৰীৰ দেউতাকে ঘৰ সাজি নিগাজীকৈ থাকিবলৈ লয়। ডেকা শিল্পী ননীৰ মন উগুল-থুগুল। শিল্পকলাৰ বিভিন্ন শৈলীৰ কথা ভাবিয়েই নিজৰ ভাত তন্ময় হৈ থাকে। তেওঁলোকৰ ঘৰৰ পৰা তিনিঘৰমান পাৰ হলেই হীৰুদাৰ ঘৰ। প্ৰায়ে দেখা-দেখি হয়। কথা-বতৰা হয়। হীৰুদাৰ ঘৰত যেতিয়া ৬ ইঞ্চি পানী হয়, তেতিয়া বৰপূজাৰীৰ ঘৰত এফুট পানী হয়। এয়া হীৰুদাৰ হিচা। পানীৰ কথা ওলালেই হীৰুদাই এইদৰেই পানীৰ হিচাপ দিয়ে। এটা সময় এনেকুৱাও হৈছেগৈ যে হীৰুদাই যদি পূলৈ মূৰ ঘূৰায়, তেন্তে ননী বৰপূজাৰীয়ে পশ্চিমলৈ মূৰ ঘূৰা। তেওঁলোকে ইমানেই কথা পাতিছিল যে আৰু কথা পাতিবলৈ নাছিল একো। এদিন পুৱাবেলা বৰপূজাৰীৰ ঘৰলৈ হুৰমূৰকৈ সোমাই আহিল হীৰুদা। সেইদিনা দেওবাৰ। আহিয়েই ড্ৰয়িং ৰুমত বহি চিঙৰা আনিবলৈ দিলে। চাহ-চিঙৰা খাই বিৰাট ছিৰিয়াছ মুডত বৰপূজাৰীক কলে— ‘‘মোৰ কবিতাৰ পুথি এখন ছপা কৰিম, তুমি বেটুপাতটো আঁকি দিব লাগে।’’ বৰপূজাৰী আনন্দত আত্মহাৰা হ— ‘‘যিগৰাকী কবিৰ খ্যাতি বিয়পি পৰিছে তেওঁৰ কিতাপৰ বেটুপাত মোক আঁকিবলৈ দিছে!’’ বৰপূজাৰীয়ে আগ্ৰহেৰে কলে— ‘‘আপোনাৰ পুথিত মোৰ ছবি এখন থাকিব, এয়া মোৰ সৌভাগ্য। হব হীৰুদা। কিন্তু কেতিয়াকৈ দিব লাগিব?’’ বৰপূজাৰীয়ে ভাবিছিল যে কিছু দিন সময় পাব গতিকে হীৰুদাৰ কিতাপৰ বেটুপাতখন ভালদৰে আঁকি দিব। কিন্তু বৰপূজাৰীক আচৰিত কৰি হীৰুদাই কলে— ‘‘১ বজাত মই কলিকতালৈ যাম গতিকে বেটুপাতটো লৈ যাম।’’ বৰপূজাৰী বিমোৰত পৰিল— ‘‘আপুনি ১ বজাত কলিকতালৈ‍ যাব আৰু মোক বেটুপাত আঁকিবলৈ দিছে ৯ বজাত। এয়া কেনেকৈ সম্ভৱ?’’ ‘‘মই সেইবোৰ নাজানো। মুঠতে ১ বজাত বেটুপাত লৈ মই কলিকতালৈ যাব লাগিব।’’ হীৰুদাৰ আঁকোৰগোঁজ। বিমুখ কৰিব নোৱাৰি— ‘‘আপুনি চাহ-চিঙৰা খাই যাওক হীৰুদা, মই আঁকিবলৈ বহোঁ।’’ হীৰুদা গল আৰু বৰপূজাৰীয়ে‍আঁকিবলৈ বহি ভাবিলে— ‘‘পাল মাৰি আঁকো নে ভালদৰে আঁকো?’’ ‘সুগন্ধি পখিলা’-টো বেঁকাকৈ আঁকিলে বৰপূজাৰীয়ে। ১২ বজাত হীৰুদা হাজিৰ হৈয়েই সুধিলে— ‘‘লনে?’ বৰপূজাৰীয়ে আগবঢ়াই দিলেসেউজীয়া ৰঙেৰে‍ অঁকা আখৰকেইটা আৰু এটা পখিলা। তেওঁ বেটুপাতটো ওপৰলৈ দাঙি চাই কাগজখন ঠিক মাজত ফালি দিলে, আখৰ থকা ফালটো চাৰিটামান ভাঁজ কৰি পকেটত সুমুৱাই ললে আৰু বাকী অংশ লাডু কৰি খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলে। তাৰ পাছত ঘৰৰ পৰা ওলাই গল। সেই সময়ত বৰপূজাৰীৰ পেটে পেটে বিৰাট খং উঠিছিল। অপমানিত হোৱা যেন অনুভৱ কৰিছিল যদিও হীৰুদাক একো কব পৰা নাছিল। দহ-পোন্ধৰ দিনমানৰ পাছত হীৰুদা আহি বৰপূজাৰীৰ হাতত কিতাপ এখন তুলি দিলে। সেইখনেই সুগন্ধি পখিলা
জীৱন-জীৱিকাৰ তাড়নাত এবাৰ তেওঁ চাকৰি কৰিবলৈ মন মেলিলে। চাকৰি বিচৰাৰ সময়ছোৱাতেই কাকতত চিট ফাণ্ডৰ মেনেজাৰ পদৰ চাকৰিৰ বাবে বিজ্ঞাপন ওলাইছে। তেওঁ সাক্ষাৎকাৰত অৱতীৰ্ণ হল। ১৫০ জন প্ৰাৰ্থীৰ ভিতৰত প্ৰথম হৈ চাকৰিৰ বাবে নিৰ্বাচিত হল। ৰাতি দেউতাকক কথাটো কলে। দেউতাকে সেই চাকৰিত যোগ নিদিবলৈ বাৰম্বাৰ মানা কৰিলে। তেওঁ দেউতাকৰ বাধা নামানি পাছদিনা ওলাই গৈছিল মেনেজাৰৰ চাকৰিত যোগদান কৰিবলৈ। যোৰহাট পায়েই কাৰ্যালয়ৰ পৰা কিছু দূৰৰ দোকানী এজনক সুধিলে কাৰ্যালয়টোৰ ঠিকনা। কিন্তু তেওঁক আচৰিত কৰি দোকানীজনেও কটু কথাই শুনাই কাৰ্যালয়টো দেখুৱাই দিলে। তেওঁৰ পেটে পেটে খঙো উঠিল। ৰাতি দেউতাকে বাধা দিছে আৰু এতিয়া এই দোকানীজনে। তেওঁ কোবাকোবিকৈ কাৰ্যালয়লৈ বুলি বাট ললে। কাৰ্যালয় পোৱা মাত্ৰকে সকলোৱে তেওঁক আদৰণি জনাই তেওঁৰ চকীখন দেখুৱাই দিলে। কিছু সময়ৰ পাছতেই এগৰাকী মহিলাই ডাঙৰ বহী এখন আগবঢ়াই দি তেওঁক চহী কৰিবলৈ দিলে। বৰপূজাৰীৰ ষষ্ঠ ইন্দ্ৰিয়ই কিবা বুজি পালে। সেয়ে তেওঁ পঢ়ি লৈহে চহী কৰিম বুলি কলে। কাৰ্যালয়ৰ পৰা ওলা আহি আৰু কোনোদিনেই চাকৰি নকৰোঁ বুলি মনতে সংকল্প ললে। পাছলৈ গম পালে সেই কাৰ্যালয়টোত ডাঙৰ বিত্তীয় কেলেংকাৰী হৈছে। কাৰ্যালয়টোত কৰ্মৰত সকলোকে গ্ৰেপ্তাৰ কৰিছে। তেওঁ মনতেই দেউতাক আৰু দোকানীজনক ধন্যবাদ জনালে। তাৰ পাছত তেওঁ একমাত্ৰ চিত্ৰশিল্পকে জীৱন-জীৱিকাৰ সমল কৰাৰ মানসেৰে আগুৱাই গল। চিত্ৰশিল্পৰ অনিশ্চয়তাৰ ক্ষেত্ৰখনত তেওঁ অশেষ ত্যাগ স্বীকাৰ কৰিছে যদিও দৃঢ়মনা বৰপূজাৰীয়ে কোনোদিন পিছহুঁহকি অহা নাই। তেওঁৰ দৃঢ় স্থিতিৰ বাবেই আজি তেওঁ নিজৰ ঠাইত জিলিকি উঠিছে।
বৰপূজাৰীৰ শিল্প চেতনা আছিল অতি প্ৰখৰ। যিকেইজন শিল্পীৰ তৎপৰতাত অসমত চিত্ৰকলা-ভাস্কৰ্যৰ বিকাশ, অগ্ৰগতি আৰু আধুনিক বিশ্বৰ সৈতে সমন্বয় ঘটাৰ সুযোগ আহিল, তাত ননী বৰপূজাৰীৰ অৱদানৰ কথা নিশ্চিতভাৱে শ্ৰদ্ধাৰে লিপিবদ্ধ হব। অসমতো একাডেমিক আৰু নন-একাডেমিক আৰ্টিষ্টসকলৰ মাজত অঘোষিত সংঘাত চলি আহিছে। ১৯৮০ চনত তেওঁ পশুপালন বিভাগৰ চাকৰিত যোগদান কৰিছিল। কিন্তু সৌভাগ্যই হাতবাউল দি মাতি থকা বৰপূজাৰীয়ে ললিত কলা একাডেমিৰ গাৰ্হি ষ্টুডিঅলৈ গ্ৰাফিক্স্ শিকাৰ সুযোগ পালে। বিদেশৰ প্ৰখ্যাত চিত্ৰশিল্পীয়ে শিল্পচৰ্চা কৰা গাৰ্হি ষ্টুডিঅত শিকিবলৈ সুযোগ পোৱা সেই সময়ৰ তেৱেঁও একমাত্ৰ অসমীয়া শিল্পী। লাহে লাহে তেওঁৰ শিল্পকৰ্মৰ কথা চৰ্চালৈ আহিবলৈ লৈছে। তেওঁৰ নামটোও পৰিচিত হৈছে আৰু ১৯৮১ চনৰ ১৬-২০ মেলৈকে নেপালৰ কাঠমাণ্ডুত নেশ্যনেল অকাডেমি অৱ ফাইন আৰ্টছে অনুষ্ঠিত কৰা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। ১৯৮৩ চনত প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় প্ৰিণ্ট মেকিঙৰ শিল্পী পল লিংগ্ৰেনৰ নেতৃত্বত য়ুনাইটেড ষ্টেট্‌ছ ইনফৰমেশ্যন চেণ্টাৰৰ এটা দল শিল্পকলাৰ জৰীপ কৰিবলৈ ভাৰতলৈ আহিছিল। ললিত কলা একাডেমিত বৰপূজাৰীৰ শিল্পকৰ্ম দেখি তেওঁ আকৰ্ষিত হয় আৰু ইণ্টাৰনেশ্যনেল আৰ্ষ্টিষ্ট ইন ৰেছিডেন্স ইন প্ৰিণ্ট মেকিং’-লৈ বিশ্বৰ ২০ গৰাকী শিল্পীৰ সৈতে তেওঁক আমন্ত্ৰণ জনায়। কৰ্মশালাটিৰ আয়োজক আছিল দক্ষিণ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়। চিত্ৰশিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ সৰু ঠাই এখনৰ পৰা গৈ বিদেশত শিল্পচৰ্চাৰ বিশেষ জলপানি মুখৰ কথা নাছিল। আনহাতে কৰ্মশালাটিত সুযোগ পোৱা এছিয়াৰ ভিতৰত তেৱেঁই একমাত্ৰ কম বয়সীয়া শিল্পী।  তাতেই তেওঁ সমকালীন চিত্ৰকলাক লৈ মুধাফুটা শিল্পীসকলে কৰা কাম দৰ্শনৰ সুযোগ পাইছিল, তেওঁলোকৰ লগত কাম কৰাৰ অভিজ্ঞতা আহৰণ কৰাৰ লগতে বিশ্ববিশ্ৰুত চিত্ৰশিল্পী, মাই লাইফ উইথ পিকাছ-ৰ লেখিকা, পিকাছ’ৰ প্ৰাক্তন প্ৰেয়সী-পত্নী ফ্ৰেংকইছ গিলক লগ পা
তাৰ পাছতো অনেকবাৰ বিদেশ ভ্ৰমণৰ সুযোগ পাইছে। স্বদেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰ্মশালাবোৰত অংশগ্ৰহণ কৰিছে। এই কিংবদন্তী শিল্পীগৰাকীৰ শিল্পকৰ্মৰ বিভিন্ন দিশ সামৰি ননী বৰপূজাৰী নামৰ বৃহৎ কলেবৰৰ গ্ৰন্থ এখনি ২০১৯ বৰ্ষত প্ৰকাশ পায়।
শিল্পৰ প্ৰচাৰ-প্ৰসাৰৰ দিশত যিমানবোৰ অনুষ্ঠান হৈছে, লিখন সামগ্ৰী প্ৰকাশ হৈছেসেয়া পৰ্যাপ্ত নহয়। স্থায়ী স্বাক্ষৰ উত্তৰ-প্ৰজন্মৰ বাবে দি যোৱাৰ তাড়নাত বিশিষ্ট কবি, কলাৰসিক চন্দন গোস্বামীয়ে ননী বৰপূজাৰীৰ জীৱন আৰু কৰ্মৰ কেয়োটা দিশ সামৰি সম্পাদনা কৰি উলিয়াইছেননী বৰপূজাৰী। গ্ৰন্থখনিৰ পাতনিত সম্পাদকে লিখিছে‘‘ননী বৰপূজাৰীৰ শিল্প কৰ্মত এহাতে যি ৰূপভেদ, প্ৰমাণ লাভৰ লাবণ্য, যোজনা, সাদৃশ্য আৰু বৰ্ণিকা শিল্পৰ বিধি যথাযথ প্ৰয়োগৰ সমান্তৰালভাৱে লোকশিল্প চৰ্চা, প্ৰথাগত চিত্ৰৰীতি সৰ্বজনীন চিন্তাৰে মহিমামণ্ডিত কৰি আমাৰ চিত্ৰভাষাক বিশ্বৰ দুৱাৰডলিত থিয় কৰে। গ্ৰাফিক্স (ছাপ ছবি)ৰ মাধ্যমেৰে আশী দশকতে ছপা ছবি কৰা (Print Maker’s) তৰুণ অসমীয়া ননী বৰপূজাৰী (জন্মঃ ১৯৫০)য়ে স্ব-শিক্ষিত, অৱশ্যে ললিত কলাৰ গাৰ্হি (Garhi) ষ্টুডিঅত প্ৰশিক্ষণপ্ৰাপ্ত। ইয়াতে নতোন্নত (ReliefCameo), তক্ষণযতক্ষক (Intaglio), কাঠখোদাই (Woodcut) আৰু সমতলীয় পদ্ধতি(Surface)ৰ প্ৰাথমিক অভ্যাসৰ যোগেদি সৃষ্টিশীল শৈলীৰ উদ্ভাৱনৰ সাধনাত ব্যস্ত হয়।...’’
জন্মগত প্ৰতিভাৰে ছবি আঁকি থকা বহু চিত্ৰকৰ্মীৰ প্ৰতিভাক শিল্প-নৈপুণ্য কৰিব পৰা নাই, শিল্প-সমৰ্পণ নোহোৱাৰ বাবে বহু শিল্পী কালৰ সোঁতত হেৰাই গৈছে। সমৰ্পণ শিল্পৰ বাবে অতি প্ৰয়োজনীয়। সমৰ্পণ নোহোৱাৰ বাবেই বহু চিত্ৰকৰ্মীৰ বিষয়বস্তুগত ধাৰণাৰ পৰা মনোসংযোগ বিচ্ছিন্ন হৈছেসেইবাবেই সমাদৃত হব পৰা নাই বহু চিত্ৰকৰ্মী। নীলমণি ফুকনদেৱে ননী বৰপূজাৰী সন্দৰ্ভত কৈছে‘‘তেওঁৰ শিল্পৰ সত্য এগৰাকী তিৰোতাৰ জুয়ে পোৰা সপোনতাৰ উজ্জ্বলতম নিদৰ্শন। এই এচিং বা ধাতুপাত খোদাইখন। ননীৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি আৰু আধুনিক অসমীয়া চিত্ৰকলাৰ অনন্য সম্পদ।’’
° হীৰেন গোহাঁইদেৱে লিখিছে‘‘... তেওঁৰ ছবিবোৰ ঘাইকৈ বিশ্লেষণাত্মক নহয়, জগতখন কাটি-মেলি ফঁহিয়াই চোৱাতকৈ তাৰ বিভিন্ন উপাদানৰ যোগাযোগ ঘটোৱাতহে তেওঁৰ ৰাপ। অৰ্থাৎ তেওঁৰ ছবিত ভাবাৱেগৰ এক নিৰ্ণায়ক ভূমিকা আছে। বিশেষকৈ ঘনকৃষ্ণ বা উজ্জ্বল সোণালী বা ৰঙচুৱা ৰঙৰ মাজেৰে তেওঁ ফুটাই তুলিছে বিচিত্ৰ গভীৰ ভাবানুভূতি আৰু উপলব্ধি। মৃত্যু বিষয়টো লৈ তেওঁৰ এলানি ছবি আছেমৃত্যুৰ অমানুষিক বিস্ময়, ভয়, সান্ত্বনাহীন শোক আৰু অপ্ৰতিৰোধ্যতা তেওঁ নাটকৰ এলানি দৃশ্যৰ দৰে ফুটাই তুলিছে।’’
গ্লছি  পেপাৰত মুদ্ৰিত ৩৬০ পৃষ্ঠাৰ সুগঢ়ি গ্ৰন্থখনিৰ পৃষ্ঠাবোৰ ৰঙীন আৰু উন্নত ছপাকামে পঢ়ুৱৈক নান্দনিক প্ৰশান্তি দিব পাৰিছে। গ্ৰন্থখনিত ননী বৰপূজাৰীদেৱৰ জীৱনৰ কেতবোৰ দিশ বীক্ষণ কৰাৰ উপৰি তেওঁৰ শিল্পকৰ্মৰ সম্পৰ্কত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে আলোকপাত কৰিছে ভাৰতবৰ্ষ তথা অসমৰ কেইবাজনো কৃতবিদ্য লোকে। অসমীয়া প্ৰবন্ধকেইটি সজাইছেনীলমণি ফুকন, ° হীৰেন গোহাঁই, মৌচুমী কন্দলী, অংকুৰ ডেকা, জ্যোতি খাটনিয়াৰ, অনুৰাধা শৰ্মা পূজাৰী, পৰাগ কুমাৰ দাস, শান্তনু বৰুৱা, হেমন্ত বৰ্মন, পদ্ম বৰকটকী, ° পুষ্প গগৈ, নৱ ঠাকুৰীয়া, অৰ্ণৱ শইকীয়া, উৎপল দত্ত, মধুকৰ, গীতালি বৰা প্ৰভৃতি কেইবাগৰাকীও কলাৰসিকে। আৰু ইংৰাজী প্ৰবন্ধকেইটা সজাইছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইবাজনো বিশিষ্ট কলা-সমালোচকে। তেওঁলোক হৈছে— Nilamani Phookan, Pranabranjan Ray, Rajen Bali, Dr. Raj Kumar Mazinder, Dnyaneshwar Nadkarni, Roshan Shahani, Debashish Bezbaruah, Rupanjali Baruah, Sanjib Sabhapandit প্ৰভৃতি কেইবাগৰাকীও কলাৰসিকে। বিশিষ্ট কলা-সমালোচক Dnyaneshwar Nadkarni-এ বৰপূজাৰী সন্দৰ্ভত লিখিছে‘‘Borpuzari offers some superb etchings sporting a variety of imagery and dramatic textures. In the graphics we come to another pet theme, imbued with deep symbolism the scarecrow. Diversely manipulated this image figures in varying contexts.’’
তদুপিৰ গ্ৰন্থখনিত এশৰো অধিক ননী বৰপূজাৰীৰ ৰঙীন চিত্ৰকৰ্ম আৰু ৰেখাচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে। নগাঁৰ বনচাই প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনিৰ পুথিভঁৰাল সংস্কৰণ১৫০০/- টকা। সাধাৰণ সংস্কৰণ১০০০/- টকা। বিশিষ্ট গ্ৰাফিক্স ডিজাইনাৰ মনজিৎ ৰাজখোৱাই অলংকৰণ কৰা গ্ৰন্থখনি চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহীসকলে সংগ্ৰহ কৰাটো প্ৰয়োজনীয় বুলি ভাবিব পাৰে।

ঠিকনা : শিকলি প্ৰিণ্টিং প্ৰেছ
বিহগুৰি, তেজপুৰ
ভ্ৰাম্যভাষ: ৮৮৭৬০১৩৪৫৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ