অন্যযুগ/


পৰ্যটন উদ্যোগ আৰু নাহৰআটি থানৰ সম্ভাৱনীয়তা

 সত্যেন্দ্ৰ বৰদলৈ
নাহৰআটি থান
মানুহ ভ্ৰমণবিলাসী। সেয়ে সুন্দৰ ঠাই, প্ৰাকৃতিক দৃশ্য, ধৰ্মানুষ্ঠান আদি দৰ্শন কৰি বা তেনে ঠাইত ভ্ৰমণ কৰি মানুহে বিমল আনন্দ লাভ কৰে। মানুহৰ বাবে এইটো এটা আদিম আৰু সহজাত প্ৰবৃত্তিএই সহজাত প্ৰৱতাৰ বাবেই আদিম কালৰে পৰা মানুহে অনেক দুৰ্গম ঠাইলৈকো অশেষ কষ্টৰে গৈ পৰম তৃপ্তি লাভ কৰি আহিছে। অধিক দূৰলৈ নগৈ আমাৰ বুৰঞ্জী বা চৰিতপুথিৰ পৰাই এই কথাৰ সত্যতা প্ৰতিপন্ন কৰিব পাৰি। উচ্চ শিক্ষা লাভৰ বাবে অতীত কালত অসমৰ পৰা ভালেমান লোক বাৰাসী আদি ঠাইলৈ গৈছিল। শংকৰদেৱে তেওঁৰ সুদীৰ্ঘ জীৱনকালত দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰাৰ কথা আৰু প্ৰথমবাৰ বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন ঠাইলৈ যোৱাৰ বিৱৰণ চৰিত পুথিত বৰ্ণিত হৈছে। আধুনিক কালতো বিভিন্ন কাৰণত মানুহে বিভিন্ন ঠাইলৈ যোৱাটো এটা সাধাৰণ কথাত পৰিণত হৈছে। সেই বাবেই বৰ্তমান পৰ্যটন এটা উদ্যোগত পৰিণত হৈছে।
বৰ্তমান বিশ্বৰ সকলো দেশেই পৰ্যটক এটা গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে বাছি‍লৈছে। কাৰণ পৰ্যটনে একোটা জাতিৰ জাতীয় আয় বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰিব পাৰে। পৰ্যটনৰ জৰিয়তে নিবনুৱাক সংস্থাপন কৰি দেশৰ নিবনুৱাৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। দেশৰ উদ্যোগ খণ্ডতো ইয়াৰ প্ৰভাৱ পৰে আৰু উন্নয়ন সাধনত অৰিহণা যোগায়। সমান্তৰালভাৱে যাতায়াত আৰু যোগাযোগ ব্যৱস্থালৈ আনে দ্ৰুত উন্নয়ন। কাৰণ পৰ্যটকৰ আগমন সুচল কৰিবৰ বাবে যাতায়াত ব্যৱস্থা উন্নত হবই লাগিব। বৰ্তমান তথ্য-প্ৰযুক্তিৰ উন্নত ব্যৱস্থাই যোগাযোগ প্ৰক্ৰিয়া ত্বৰান্বিত কৰি তুলিছে যদিও যাতায়াত ব্যৱস্থা যদি সুচল নহয়, তেনেহলে পৰ্যটনথলীলৈ পৰ্যটকক আকৰ্ষণ কৰাটো অসম্ভৱ কথা। পৰ্যটনৰ আন এটা অতি গুৰুত্বপূৰ্ণ সাকাৰাত্মক দিশ হল ইয়াৰ জৰিয়তে বিভিন্ন ৰাষ্ট্ৰৰ মাজত ভ্ৰাতৃত্ববাধ গঢ়ি তোলাটো সম্ভৱ। বিভিন্ন জাতিৰ মাজত সাংস্কৃতিক আৰু সামাজিক সমন্বয় সাধন কৰাত পৰ্যটনে বিশেষ ভূমিকা পালন কৰে। ইয়াৰ জৰিয়তে বিভিন্ন জাতিৰ সমাজ ব্যৱস্থা আৰু সাংস্কৃতিক ক্ৰিয়া-কলাপৰ লগত পৰিচয় হোৱাটো সহজ হৈ উঠে আৰু বিশ্ব ভ্ৰাতৃত্ববোধ জগাই তোলাত সহায়ক হয়। পৰ্যটনক উদ্যোগ হিচাপে লোৱাৰ ফলত জাতিটো বা দেশখনৰ ঐতিহ্যপূৰ্ণ ঠাইসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনত সহায়ক হয়। সকলো জাতিৰে একোটা ইতিহাস আছে, ঐতিহ্য আছে আৰু এই ঐতিহ্য বহনকাৰী কিছুমান স্মাৰক আছে। সেই জাতিৰ ইতিহাস জনাৰ পাছত তাত থকা সেই ঐতিহ্যপূৰ্ণ স্মাৰকেবাৰ স্বচক্ষে চাবলৈ কৌতূহলী লোক আগ্ৰহান্বিত হোৱাটো খুবেই স্বাভাৱিক। পৰ্যটনক উদ্যোগ হিচাপে স্বীকাৰ কৰাৰ পাছত সেই স্মাৰকসমূহ বা ঐতিহাসিকভাৱে মূল্যৱান ঠাইেবাৰ সুন্দৰ আৰু সুচল ৰূপত গঢ়ি তোলা হয়, যাতে পৰ্যটকো অনায়াসে সেই ঠাইবোৰলৈ যাব পাৰে আৰু মনে বিচৰাৰ দৰে উপেভাগ কৰিব পাৰে। ফলস্বৰূপে নিৰ্দিষ্ট স্থান আৰু ঐতিহ্যপূৰ্ণ স্মাৰকসমূহে  নতুনত্ব লাভ কৰে। এটা খড়্গ থকা গঁড়ৰ বাবে অসম বিশ্ববিখ্যাত আৰু এই গঁড় চাবৰ বাবে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা অসমলৈ পৰ্যটকৰ আগমন ঘটে। তেনেদৰে কিছুমান নিৰ্দিষ্ট জীৱ-জন্তু আৰু চৰাই-চিৰিকতি বিশ্বৰ কিছুমান নিৰ্দিষ্ট ঠাইতহে পোৱা যায়। পৰ্যটন উদ্যোগ হিচাপে গঢ়ি তোলাৰ ফলত এই ঠাইবোৰ সুন্দৰ ৰূপত গঢ়ি তোলাৰ লগতে সেই বিশেষ জীৱ-জন্তুবোৰৰ সংৰক্ষণতো গুৰুত্ব আৰোপ কৰা হয়। ফলত পৰিৱেশ সংৰক্ষণ আৰু জীৱ-বৈচিত্ৰ্য বৰ্তাই ৰখাত সহায়ক হয়। টালিবানে ধ্বংস কৰাৰ আগলৈকে আফগানিস্তানৰ সুবৃহ আৰু সৰ্বোচ্চ বুদ্ধমূৰ্তিসমূহ বিশ্বৰ সকলো শিক্ষিত লোকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছিল।
অসম তথা উত্তৰ-পূৰ্বাঞ্চল অতীতৰে পৰা পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থান হিচাপে স্বীকৃত হৈ আহিছে। বিশেষকৈ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ সমাহাৰে নৃতাত্ত্বিকসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। কোৱা হয় যে অসম (বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল) নৃতাত্ত্বিকৰ ভূ-স্বৰ্গস্বৰূপ। সেয়ে এই জাতি-জনগোষ্ঠীসমূহৰ নৃতাত্ত্বিক, সামাজিক, সাংস্কৃতিক আদি দিশবোৰ অধ্যয়ন কৰিবৰ বাবে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত ইয়ালৈ পণ্ডিত-গৱেষকৰ আগমন ঘটি আহিছে। নৃ-গোষ্ঠীসমূহৰ উপৰি পৰ্যটকৰ আকৰ্ষণৰ আন এখন স্থান হল গুৱাহাটীৰ কামাখ্যা মন্দিৰ। স্বাভাৱিকতেই এই পৰ্যটন ধৰ্মকেন্দ্ৰিক। কাজিৰঙাৰ এটা খড়্গযুক্ত গঁড়ৰ প্ৰসংগ ওপৰত উল্লেখ কৰি অহা হৈছে। হিন্দু ধৰ্মৰ প্ৰধান তিনিটা শাখা— বৈষ্ণৱ, শাক্ত আৰু শৈৱৰ তিনিওটা ধাৰাৰে ভালেমান মঠ-মন্দিৰ প্ৰাগৈতিহাসিক কালৰে পৰা অসমত বিদ্যমান, আৰু ইয়াৰে ভালেমান স্থানলৈ দেশী-বিদেশী পৰ্যটকৰ বিভিন্ন সময়ত আগমন ঘটে। লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান এখন বিশেষভাৱে উল্লেখযোগ্য পৰ্যটনথলী। প্ৰকৃতাৰ্থত নাৰায়ণপুৰ অসমৰ সাংস্কৃতিক মানচিত্ৰৰ এখন বিশেষভাৱে উল্লেখযোগ্য ঠাই। অসমৰ মধ্যযুগীয় ইতিহাসত এই নাৰায়ণপুৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে বিশেষ স্থান লাভ কৰি আহিছে। ৰাজনৈতিক ক্ষেত্ৰত মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ, কোচ-আহোমৰ সংঘা আদিৰ বিভিন্ন স্মাৰকৰ লগতে আহোম যুগৰ ভাস্কৰ্য-কলাৰ সাক্ষ্য এই নাৰায়ণপুৰে এতিয়াও বহন কৰি আছে। শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰো অলেখ সাক্ষী এই নাৰায়ণপুৰত  সিঁচৰতি হৈ আছে। মাধৱদেৱৰ উপৰি আন দুগৰাকী উল্লেখযোগ্য মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আৰু শ্ৰী শ্ৰী হৰিদেৱ পুৰুষৰ এই নাৰায়ণপুৰতে জন্ম হৈছিল। অসমৰ সাংস্কৃতিক জীৱনলৈ এই গুৰুসকলৰ অনদ্য অৱদানৰ কথা ইয়াত নতুনকৈ নকলেও হব। এই গুৰুসকলৰ জন্মস্থান তথা তেখেতসকলৰ লীলাভূমিসমূহ স্বচক্ষে চাবৰ বাবে অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত ভক্তসকলৰ আগমন ঘটে
নাৰায়ণপুৰৰ এখন বিশেষভাৱে উল্লেখযোগ্য ঠাই হল নাহৰআটি থান। বিহপুৰীয়া নগৰৰ পৰা প্ৰায় সাত কিলমিটাৰ পূত অৱস্থিত এই স্থানতে অসমৰ মোৱামৰীয়া বৈষ্ণৱ সম্প্ৰদায়ৰ ধৰ্মগুৰু অনিৰুদ্ধদেৱে‍প্ৰতিষ্ঠা কৰা সত্ৰ আছিল আৰু ইয়াতে সেইগৰাকী মহাপুৰুষ বৈকুণ্ঠী হৈছিল। ১৫৪৩ খৃষ্টাব্দত নাৰায়ণপুৰৰ সমীপৰ বিষ্ণুবালিকুঞ্ছিত জন্মলাভ কৰা এইগৰাকী মহাপুৰুষে ভৱানীপুৰীয়া গোপাল আতাৰ শিষ্যত্ব গ্ৰহণ কৰাৰ পাছত ভালেমান বৈষ্ণৱ শাস্ত্ৰ ৰচনা কৰে। চৰিতপুথি অনুসৰি তেখেতে ভাগৱতৰ চতুৰ্থ আৰু পঞ্চম স্কন্ধৰ পদ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও ভক্তিভাবাত্মক আৰু কাব্যিক গুণবিশিষ্ট ন কুৰি গীত ৰচনা কৰা বুলি জানিব পাৰি। গোপাল আতাই মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰৰ বাবে নিয়োগ কৰা বাৰগৰাকী ধৰ্মাচাৰ্যৰ ভিতৰত অনিৰুদ্ধদেৱ এগৰাকী প্ৰধান আচাৰ্য আছিল।
 ১৬০২ খৃষ্টাব্দত তেখেতে বিষ্ণুবালিকুঞ্ছিত সত্ৰ প্ৰতিষ্ঠা কৰে। কিন্তু ৰাজনিগ্ৰহত পৰি তেখেতে বিষ্ণুবালিকুঞ্ছি ত্যাগ কৰি ১৬০৭ খৃষ্টাব্দত নাহৰআটিলৈ স্থানান্তৰ হয়। বিহপুৰীয়াৰ মৰনৈৰ ওচৰৰ মোৱামৰা বিলৰ পাৰত থকা শিষ্যসকলক লৈ সত্ৰ স্থাপন কৰাৰ বাবে তেখেতৰ সম্প্ৰদায়টোৱে  মোৱামৰীয়ানামেৰে প্ৰসিদ্ধি লাভ কৰে বুলি জনশ্ৰুতি আছে। শাৰী শাৰীকৈ নাহৰ গছ ৰুই স্থাপন কৰাৰ বাবে এই থানখন নাহৰআটি বা নাহৰনি থান বুলি অতীতৰে পৰা প্ৰসিদ্ধ। ইয়াত থকা অনিৰুদ্ধদেৱৰ সমাধি স্থান এতিয়াও কেয়োফালে গড় মাৰি থোৱা এটা গহ্বৰৰ দৰে আছে। মান-মৰাণৰ আক্ৰমণকালত এই ঠাই জনশূন্য হৈ পৰিছিল। এই স্থানলৈ অসমৰ বিভিন্ন ঠাইৰ উপৰি বিদেশৰ পৰাও বিভিন্ন সময়ত পৰ্যটকৰ আগমন ঘটে। কিন্তু ইয়ালৈ যাতায়াতৰ সুব্যৱস্থা আৰু উপযুক্ত পৰ্যটক নিৱাস এতিয়াও পৰ্যাপ্ত নহয়।
নাহৰআটি থানখন এখন পৰ্যটনথলীলৈ‍ ৰূপান্তৰ কৰিবলৈ ভালেমান সুবিধা আছে। অসমৰ বৈষ্ণৱসকল, বিশেষকৈ মোৱামৰীয়া বৈষ্ণৱ সকলৰ বাবে এই স্থান অতি পৱিত্ৰ। সেয়ে থানখনি দৰ্শনৰ বাবে সকলোৱে আগ্ৰহ প্ৰকাশ কৰে। কিন্তু ইয়ালৈ সংযোজিত পথৰ অৱস্থা এতিয়াও উন্নত বুলি কব নোৱাৰি। চৰকাৰী অনুদানেৰে কীৰ্তনঘৰ অতিথিশালা স্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত নহয়। আনহাতে থানখনৰ যিখিনি মাটি আছে, এয়া প্ৰয়োজনীয় অতিথিশালা, উদ্যান আদি নিৰ্মাণৰ বাবে যথেষ্ট। থানৰ চৌপাৰ প্ৰাকৃতিক পৰিৱেশো অতি সুন্দৰ। সেয়ে থানখনলৈ যাতায়াতৰ ব্যৱস্থা উন্নত কৰি আৰু পৰ্যটকৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ সংযোজনেৰে ইয়াক এখন উল্লেখযোগ্য পৰ্যটনথলীলৈ উন্নীতকৰণৰ পূৰ্ণ সম্ভাৱনীয়তা আছে। এই ক্ষেত্ৰত থানৰ পৰিচালনা সমিতি আৰু চৰকাৰৰ পৰ্যটন বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থা সকলোৰে কাম্য।
লেখকৰ ঠিকনা:
সহযোগী অধ্যাপক, অসমীয়া বিভাগ
বিহপুৰীয়া মহাবিদ্যালয়
ডাক:  বিহপুৰীয়া— ৭৮৪১৬১
ক্ষীমপুৰ, অসম।
ভ্ৰাম্যভাষ: ৭০০২৪২৫৩৬৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ