অন্যযুগ/


নগা টেঙা আৰু নগা ঘা

তাজহাৰুল হক

প্রথমে সৰু গল্প এটা কৈ লওঁ। গল্প বুলিও কব পাৰে বা সত্য ঘটনা হিচাপেও ধৰিব পাৰে। এয়া ১৯৫৮/৫৯ চনমানৰ ঘটনা। নগাসকল যোৰহাটলৈ প্ৰায়ে আহিছিল। তেওঁলোকে হোৰাত (পিঠিত লে ফুৰা বাঁহৰ সজা) আদা, হালধি আদি লৈ যোৰহাট চহৰখনত পিয়াপি দি ফুৰিছিল। যোৰহাটৰ মানুহে চাহপাতৰ বিনিময়ত সেই আদা লয়। কিন্তু এনে কিছু ধূর্ত মানুহ আছিল, যিসকলে খোৱা চাহপাতকে ৰদত শুকুৱাই নগাক দি আদা ৰাখি থৈছিল। এইবোৰ তেতিয়া মানুহৰ মুখত শুনা কথা। তেতিয়া যোৰহাটখনৰ বহুতো হোটেল/ দোকান আদি নগাসকলৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল। কিন্তু সেই নগাসকল সহজ-সৰল আছিল আৰু আমাৰ কিছু বেয়া মানুহৰ চতুৰালিৰ বলি হৈছিল। এই সহজ-সৰল নগাসকলে এটা বুদ্ধিমানৰ কাম কৰিছিল। সেয়া হৈছে তেওঁলোকৰ যুৱকসকলে‍ যোৰহাটত পঢ়িবৰ বাবে মানুহৰ ঘৰত চাকৰ (শব্দটো লিখিবলৈ বেয়া) খাটিছিল। তেতিয়া তেওঁলোকৰ অঞ্চলবোৰত স্কুলৰ অভাৱ আছিল। যোৰহাটৰ ভকেশ্বনেল স্কুল আৰু তৰাজান স্কুলত নৈশ শাখাৰ প্রচলন আছিল। নগা যুকবোৰে সেই নৈশ শাখাবোৰত নাম লগাইছিল। থাকিবৰ বাবে তেওঁলোকে মানুহৰ ঘৰ কিছুমান বাছি‍ লৈছিল। দিনটো মানুহঘৰক নানান কামত সহায় কৰি দিছিল। জেওৰা-জপনা দিয়াত তেওঁলোক পাৰ্গত আছিল। ঘৰ সৰা, চোতাল সৰা, বজাৰ কৰা, গছত উঠা, নলা খন্দা আদি সকলো কামকে কৰিছিল। তাৰ বিনিময়ত কিন্তু পইচা নিবিচাৰিছিল। বিচাৰিছিল মাথোঁ আশ্ৰয় আৰু দুবেলা দুমুঠি আহাৰ। আমি তেনে নগা লৰা লগ পাইছোঁ আৰু এতিয়াও কিছু কথা মনত আছে। সেই নগা লৰাবোৰক থাকিবলৈ ঘৰৰ বাহিৰত এটা সৰু কোঠা সাজি দিছিল আৰু তেওঁলোকেও নিজৰ নিজৰ কোঠাবোৰ চাফ-চিকুণ কৰি আটোমটোকাৰিকৈ ৰাখিছিল। কোঠাটোত এখন যীশুখ্ৰীষ্টৰ ফট’ সজাই থৈছিল। আমাৰ ঘৰত থকা নগা লৰাজনৰ নাম আছিল ইটি আও। তেওঁ পাছত নাগালেণ্ডত স্কুল ইনপেক্টৰ হল বুলি শুনিছিলোঁ। তেওঁ বহুবাৰ আমাৰ ঘৰলৈ আহিছিল। আহোঁতে বাৰীত হোৱা নানান শাক-পাচলি লৈ আনিছিল। তেওঁৰ সৈতে আমাৰ এটা মৰমৰ বান্ধোন আছিল। এতিয়া অৱশ্যে তেওঁ জীৱিত নে মৃত জানিব পৰা নাই।

ওপৰৰ গল্পটো কোৱাৰ উদ্দেশ্য হল যে শিক্ষাৰ মূল্য নগাসকলে তেতিয়াই ভালদৰে উপলব্ধি কৰিছিল। শিক্ষাৰ বাবে সকলো কামকে কৰিবলৈ তেওঁলোক সাজু আছিল। প্রশ্ন হয়, আমি বাৰু শিক্ষাৰ বাবে ইমানখিনি কৰিব পাৰিলোঁহেঁতেন নে? এতিয়া বাৰু সেই সিজোৱা চাহপাত দি ঠগি আদা লোৱা আমাৰ ভদ্রলোককেইজন সঁচা অৰ্থত চতুৰ নে সহজ-সৰল নগাসকল চতুৰ? আমি টেঙা বেছি‍ হ’লে নগা টেঙা’, ঘা পুৰণি হলে নগা ঘা বুলি কওঁ।

এবাৰ অৰুণাচলৰ দুজনমান বৃদ্ধৰ সৈতে কথা পাতি থাকোঁতে তেওঁলোকে ক’লে আমি হ’লে হিন্দীতকৈ অসমীয়া মাতটোহে বেছি ভাল পাইছিলোঁ। তাৰে দুজন বৃদ্ধই ডিব্ৰুগড়ত থাকি অসমীয়া মাধ্যমত পঢ়ি মেট্রিক পাছ কৰিছিল আৰু তেতিয়া তেওঁলোকৰ সমাজত সেয়া বৰ সন্মানৰ কথা আছিল। অলপ দিনৰ আগতে শ্বিলঙলৈ যাওঁতে কং বাইদেউক লগ কৰিছিলোঁ৷ কং বাইদেৱে বিছনাত পৰি মৃত্যুৰ ক্ষণ গণিছে। কং বাইদেউৰ মাক আমাৰ বংশৰে বোৱাৰী আছিল। কং বাইদেউৰ সমাজখন মাতৃপ্রধান হোৱাৰ বাবে তেওঁ শ্বিলঙতে ৰৈ গ’ল। মাকে লগ পাই বহুতৰে কথা সুধিছিল। ইফালে এজন বন্ধুৱে কৈছিল যে মিজোৰামতো অসমীয়াৰ এখন বস্তি আছে, যিসকল এতিয়া আৰু অসমীয়া হৈ থকা নাই। বাংলাদেশতো অসমীয়া গাঁও আছে। ঢাকাৰ পৰা প্রায় ৩৫০ কি.মি. নিলগত ৰাঙামাটিত এখন অসমীয়া মানুহৰ বস্তি আছে। এওঁলোকে পেটৰ দায়ত দেশ বিভাজনৰ আগতেই তাত গৈ বসতি কৰিবলৈ লৈছিল। আৰু বৰ্তমানৰ প্রজন্মটো তেওঁলোকৰে নাতি-পৰিনাতি। এওঁলোক বড়ো, ৰাভা মূলৰ লোক। এওঁলোকে এতিয়াও নামৰ পিছত উপাধি হিচাপে ‘অসম’ বুলি লিখে। এওঁলোকৰ দুৰ্বাৰ ইচ্ছা অসমীয়া ভাষা শিকাৰ। কিন্তু অসমীয়াৰ আওকণীয়া স্বভাৱৰ বাবেই এওঁলোকে নিজৰ ইচ্ছা থকা সত্ত্বে‍ও অসমীয়া ভাষা শিকিব পৰা নাই। এওঁলোকে বাংলা পঢ়ে আৰু কয়। এইসকল লোকে তেওঁলোকৰ বস্তিত এখন অসমীয়া স্কুল বিচাৰিছে। যোৰহাটৰ এঘৰ সম্ভ্ৰান্ত পৰিয়ালৰ এজন ব্যক্তি এতিয়া বাংলাদেশৰ প্রসিদ্ধ গায়ক। নাম তেওঁৰ মেক হক (Mac Haque) য়ুটিউবত পোৱা যায়। দেশ বিভাজনৰ আগতেই এওঁলোক তেতিয়াৰ পূব পাকিস্তান আৰু এতিয়াৰ বাংলাদেশলৈ গুচি গৈছিল। এওঁৰ মুখত অসমীয়া গীত শুনিলে মনটো পুলকিত হৈ উঠে। এওঁৰ আচল নাম মকচুদুল হক। 

এইখিনি কথাৰ পাছত এটা কথাই আমাৰ মনলৈ আহে। সেয়া হৈছে আত্মসমালোচনা। আমি বাৰু অসমীয়াক ভাল পোৱা মানুহবোৰক আঁকোৱালি ল’ব জনা নাই নেকি? আমাৰ পৰা দেখোন লাহে লাহে সকলো পৃথক হৈ গ’ল। এওঁলোক এসময়ত অসমীয়া হৈয়ে আছিল। বাংলাদেশৰ সেই অসমীয়া বস্তিৰ বাবে অসম সাহিত্য সভাৰ বহুতো দায়িত্ব আছে।

এটা কথা সত্য যে অসমীয়া বৃহৎ জাতিলৈ পৰিৱর্তন হ’বলৈ হলে আঁকোৱালি ল’ব জানিব লাগিব। আমি আত্মসমালোচনা কৰিবৰ হল। আমি বুদ্ধিজীৱীসকলক উচিত মূল্য দিবই লাগিব। কেৱল ৰাজনীতিৰে আমি এটা জাতি, এটা ভাষা বচাব নোৱাৰোঁ, যদিহে বুদ্ধিজীৱীসকলক আওকা ৰোঁ। সকলো ৰাজনীতি কৰা ব্যক্তিয়ে বুদ্ধিজীৱী নহয়। যদিহে সমন্বয়ৰ উচিত পদক্ষেপ নলওঁ, তেনেহলে বিষাক্ত হোৱা বায়ুক নির্মল কৰিবলৈ বহু বছৰৰ প্রয়োজন হব। ভৱিষ্যতে ফলাফল ভোগ কৰিব লাগিব আমাৰ নতুন প্রজন্মই।


ঠিকনা:
ৰজাবাৰী, যোৰহাট - ১৪
ভ্ৰাম্যভাষ: ৯৪৩৫৩ ৫২৪২৫
email - tazharul 54@gmail.com 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ