পঙ্কজ প্ৰতিম বৰদলৈ
শিক্ষাত কম্পিউটাৰ প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ ব্যৱহাৰৰ বাবে ভাৰতে যি সুদূৰপ্ৰসাৰী আঁচনি হাতত ল’লে, সেই প্ৰচেষ্টাই যে বিদ্যালয়-মহাবিদ্যালয়সমূহত শিক্ষাৰ অন্য এক দিশৰ সূচনা কৰিলে ইয়াক নুই কৰিব নোৱাৰি৷ উন্নত শিক্ষণ সামগ্ৰী, ব্যক্তিগতকৃত অনুশীলন, সহজ বিদ্যালয় ব্যৱস্থাপনা, আৰু সকলো শিক্ষাৰ্থীৰ বাবে অধিক প্ৰৱেশাধিকাৰৰ দৰে সুযোগ সৃষ্টি কৰি ভাৰতৰ শিক্ষাখণ্ড পৃথিৱীৰ উন্নত শিক্ষাখণ্ডৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে৷ তৎসত্ত্বেও ক’ব পাৰি যে, প্ৰযুক্তিৰ বহুল ব্যৱহাৰে শিক্ষাখণ্ডত অনেক প্ৰত্যাহ্বানো কঢ়িয়াই আনিছে৷ সময় থাকোঁতেই এই প্ৰত্যাহ্বানসমূহ বাচি উলিয়াই সমাধানৰ পথ নিৰ্ধাৰণ কৰিলেহে প্ৰযুক্তিয়ে শিক্ষণত ক্ষতি কৰাৰ পৰিৱৰ্তে সহায় কৰিব৷
ডিজিটেল শিক্ষাৰ প্ৰত্যাহ্বানৰ কথা ক’বলৈ যাওঁতে প্ৰথমতেই ডিজিটেল ব্যৱধানৰ বিষয়ে ক’ব পাৰি, অৰ্থাৎ প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ সকলোৰে বাবে সমান নহয়৷ এয়া কেৱল এটা কম্পিউটাৰ, এখন ডিজিটেল ব’ৰ্ডৰ মালিক হোৱাৰ কথা নহয়৷ শিক্ষাৰ্থীসকলক নিৰ্ভৰযোগ্য বিদ্যুৎ, সুলভ ইণ্টাৰনেট, অনলাইন শ্ৰেণীকক্ষৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু অধ্যয়নসুলভ ঠাইৰ প্ৰয়োজন৷ গ্ৰাম্য আৰু নিম্ন আয়ৰ নগৰ অঞ্চলত, পৰিয়ালবোৰে প্ৰায়ে এটা স্মাৰ্টফোন শ্বেয়াৰ কৰে আৰু নাৰীশিক্ষাৰ গুৰুত্ব কম থাকিলে তেনে পৰিয়ালত ছোৱালীবোৰৰ বাবে ইণ্টাৰনেটযুক্ত শিক্ষা এক বিলাসী আঁচনি হ’ব পাৰে৷ যদি কম্পিউটাৰ প্লেটফৰ্মসমূহ সকলোৰে বাবে ডিজাইন কৰা নহয় তেন্তে বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলেও সমস্যাৰ সন্মুখীন হয়৷
মহামাৰীৰ সময়ত আমেৰিকা
যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনত একে ধৰণৰ সমস্যা দেখা গৈছিল৷ ডিজিটেল সঁজুলিসমূহ প্ৰদান
কৰাৰ পাছতো ভাল ইণ্টাৰনেট বা অধ্যয়নসুলভ স্থান নথকা শিক্ষাৰ্থীসকল পিছ পৰি গৈছিল৷
দ্বিতীয়তে, শিক্ষাদানৰ পদ্ধতিত এক আঁসোৱাহ দেখা যায়৷ ডিজিটেল ৱৰ্কশ্বীট বা প্ৰেজেণ্টেশ্যন
শ্লাইডৰ অত্যধিক ব্যৱহাৰৰ ফলত শিক্ষণ ৱ্যবস্থা আমনিদায়ক হোৱাৰ থল থাকে৷ সঠিক প্ৰশিক্ষণ
অবিহনে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ অনুসন্ধিৎসা, অন্বেষণ, আলোচনা বা সঁহাৰিক উৎসাহিত
কৰাৰ পৰিৱৰ্তে পুনৰাবৃত্তিমূলক অনুশীলন বা মৌলিক সঁজুলিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে৷ উদাহৰণস্বৰূপে,
পেৰুদেশৰ ‘প্ৰতি শিশুৰ বাবে এটা লেপটপ কাৰ্যসূচী’ আৰু কেনিয়াৰ ‘ডিজিটেল সাক্ষৰতা কাৰ্যসূচী’য়ে
সামান্যও উন্নতি দেখুৱাব পৰা নাছিল কাৰণ উন্নত শিক্ষণ পদ্ধতিৰ সৈতে সঁজুলিবোৰক সংপৃক্ত
কৰা হোৱা নাছিল৷ আনকি প্ৰযুক্তিৰ জ্ঞান থকা দক্ষিণ কোৰিয়াতো, প্ৰযুক্তিৰ জৰিয়তে শিক্ষাৰ্থীৰ
চাপ বা শিকণ দক্ষতাৰ অভাৱৰ
দৰে সমস্যাসমূহ সমাধান হোৱা নাই৷ গতিকে ক’ব পাৰি যে শিক্ষকসকলে কেনেকৈ ডিজিটেল সঁজুলি
ব্যৱহাৰ কৰে সেয়া সঁজুলিতকৈ অধিক গুৰুত্বপূৰ্ণ৷
ভাৰতত, য’ত পৰীক্ষাব্যৱস্থাটোৱে
শিক্ষাৰ্থীৰ ভৱিষ্যতক যথেষ্ট প্ৰভাৱিত কৰে, ইয়াত শিক্ষাৰ এপসমূহক শিক্ষাৰ্থীৰ মাজত
বিস্তৃত দক্ষতা গঢ়ি তোলাৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে কিমান ভালদৰে প্ৰস্তুত
কৰে তাৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা হয়৷ অনলাইন সঁজুলিসমূহে গোপনীয়তা আৰু ন্যায্যতাৰ অভিযোগ
উত্থাপন কৰিব পাৰে৷ ব্ৰিটেইনৰ ২০২০ বৰ্ষৰ গ্ৰেডিং এলগৰিথম সমস্যাটোৱে দেখুৱাইছে যে
ডিজিটেল সমাধানসমূহে কিদৰে ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ মাজত বৈষম্য বৃদ্ধি কৰিব পাৰে৷ ডিজিটেল
মাধ্যমে আনি দিয়া পৰীক্ষাৰ ওপৰত এই গুৰুত্বই ভাৰতৰ প্ৰয়োজনীয় কলা, ক্ৰীড়া বা বৃত্তিমূলক
দক্ষতাৰ দৰে বিষয়বোৰক আঁতৰাইশিক্ষাব্যৱস্থাটো কেৱল পৰীক্ষাৰ প্ৰস্তুতিক্ষেত্ৰলৈ সংকোচন
ঘটাব পাৰে৷
আজিৰ ডিজিটেল জগতত শিক্ষাৰ্থীসকলৰ মনোযোগ ম’বাইল ফোনৰ এপসমূহৰ ন’টিফিকেশ্বন আৰু মাল্টিটাস্কিঙৰ দ্বাৰা ব্যাহত হৈ পৰিছে৷ ৱাটছআপৰ দৰে এপসমূহৰ জৰিয়তে ডিজিটেল স্ক্ৰীনত বিদ্যালয়ৰ কাম যোগ কৰাৰ ফলত পঢ়াত মনোযোগ কেন্দ্ৰীভূত কৰাটো কঠিন হৈ পৰে৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ অধ্যয়নসমূহে দেখুৱাইছে যে শ্ৰেণীকোঠাত থকা ডিজিটেল সঁজুলিয়ে শ্ৰেণীকক্ষৰ সকলোৰে বাবে শিক্ষাৰ মনোযোগ হ্ৰাস কৰিব পাৰে৷ ফ্ৰান্সে কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলক সামাজিকভাৱে মনোনিৱেশ আৰু মত বিনিময় কৰাত সহায় কৰিবলৈ বিদ্যালয়সমূহত স্মাৰ্টফোন নিষিদ্ধ কৰিছিল৷ বহুতো ডিজিটেল শিক্ষাৰ ছফ্টৱেৰে শিক্ষাৰ্থীসকলৰ বিশদ তথ্য সংগ্ৰহ কৰে৷ ভাৰতৰ ২০২৩ চনৰ তথ্য সুৰক্ষা আইনে তথ্য প্ৰদানৰ ক্ষেত্ৰত কিছুমান নিয়ম বান্ধি দিছে৷ সেয়েহে বিদ্যালয়সমূহে তথ্য সংগ্ৰহ সীমিত কৰাৰ লগতে পিতৃ-মাতৃৰ সন্মতি লাভ কৰা, বিক্ৰেতাসকলক পৰীক্ষা কৰা, আৰু আৰু প্ৰয়োজন নোহোৱা সময়ত তথ্য মচি পেলোৱাৰ ক্ষেত্ৰত স্পষ্ট নিৰ্দেশনা মানি চলিব লাগে৷ ডিজিটেল শিক্ষা আৰু স্ক্ৰীন টাইমৰ ওপৰত চীনৰ কঠোৰ নিয়মে বাণিজ্যিক স্বাৰ্থৰ ওপৰত শিক্ষাৰ্থীসকলৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়াৰ গুৰুত্ব দেখুৱায়৷
আকৌ দেখা যায়, বহুতো ডিজিটেল শিক্ষণ সামগ্ৰী ইংৰাজী
বা কেইটামান মুখ্য ভাৰতীয় ভাষাত থাকে, যাৰ ফলত আন মাতৃভাষা কোৱা শিক্ষাৰ্থীসকলৰ বাবে
ডিজিটেল মাধ্যমত সীমিত সমল থাকে৷ ইয়াৰ ফলত তেওঁলোকৰ বাবে আন ছাত্ৰ-ছাত্ৰীৰ সমানে সমানে
ফলপ্ৰসূভাৱে শিকিবলৈ কঠিন হৈ পৰে৷
এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাটো ভাৰতৰ সকলো শিক্ষাৰ্থীৰ বাবে প্ৰযুক্তিয়ে শিক্ষা উন্নত কৰাটো নিশ্চিত কৰাৰ মূল চাবিকাঠি৷ প্ৰথমতেই ক’ব পাৰি উৰুগুৱেৰ প্লেন চেইবেলৰ বিষয়ে৷ উৰুগুৱেৰ প্লেন চেইবেলে দেখুৱাইছে যে কেনেকৈ শিক্ষকৰ দ্বাৰা সৃষ্টি কৰা সমল আৰু শিক্ষণৰ সৈতে ডিজিটেল সঁজুলি সংযোজন কৰিলে শিক্ষণৰ নিৰপেক্ষতা উন্নত কৰিব পাৰি৷ এস্ত’নিয়াৰ ই-স্কুল প্ৰণালীয়ে শক্তিশালী শিক্ষক প্ৰশিক্ষণ আৰু দায়িত্বশীল ডিজিটেল ব্যৱহাৰৰ পাঠৰ সৈতে মুকলি প্ৰযুক্তিৰ মানৰ সংমিশ্ৰণ কৰি প্ৰমাণ কৰে যে বিষয়বস্তু, শিক্ষক আৰু দক্ষতাক সমান্তৰালভাৱে প্ৰয়োগ কৰিব লাগিব৷ দ্বিতীয়তে ভাবিব পাৰি যে, শিক্ষা-প্ৰযুক্তিৰ কোম্পানীসমূহে বিদ্যালয়সমূহক তেওঁলোকৰ হাতৰ মুঠিত আৱদ্ধ কৰি ৰাখিব পাৰে বাণিজ্যৰ লাভৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব পাৰে৷ বিনামূলীয়া এপে শিক্ষাৰ্থীৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিব পাৰে, আনহাতে দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে পেইড এপবোৰ অতি ব্যয়বহুল হ’ব পাৰে৷ অনলাইন পৰীক্ষাৰ প্ৰতি অষ্ট্ৰেলিয়াৰ পৰিৱৰ্তনে দেখুৱাইছে যে কেনেদৰে কাৰিকৰী সমস্যা আৰু সীমাবদ্ধ অনুজ্ঞাপত্ৰই এই ব্যৱস্থাৰ প্ৰতি বিশ্বাস ভংগ কৰিব পাৰে৷ ইয়াৰ পৰা হাত সাৰিবলৈ ভাৰতে মুকলি ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে, এপবোৰে নিৰ্ভৰযোগ্যভাৱে কাম কৰাটো নিশ্চিত কৰিব লাগে, আৰু ছপা কৰিব পৰা সামগ্ৰীৰ দৰে বিকল্প পৰিকল্পনা থাকিব লাগে৷
আকৌ দেখা যায়, যেতিয়া বিদ্যালয়সমূহে নিৰন্তৰ ডিজিটেল কাগজ-পত্ৰৰ দাবী কৰে, শিক্ষকসকলে শিক্ষাদানতকৈ কম্পিউটাৰ তথ্যভৰ্তিৰ ওপৰত অধিক সময় ব্যয় কৰে৷ ফিনলেণ্ডৰ দৰে দেশসমূহে শিক্ষকৰ স্বাধীনতা আৰু দলীয় কৰ্মক মূল্য দিয়ে, আনহাতে কিছুমান কানাডিয়ান বিদ্যালয়ে শিক্ষকসকলক একেলগে ডিজিটেল পাঠ সৃষ্টি কৰিবলৈ সময় দিয়ে৷ ভাৰতৰ শিক্ষক প্ৰশিক্ষণসমূহ ব্যৱহাৰিক আৰু নিৰ্দিষ্ট বিষয়ভিত্তিক কেন্দ্ৰীভূত হোৱা উচিত৷ প্ৰতিটো ডিজিটেল প্ৰকল্পত কেৱল হাৰ্ডৱে’ৰেই নহয়, শিক্ষকৰ পৰামৰ্শ আৰু সহযোগিতাৰ বাবে পুঁজি অন্তৰ্ভুক্ত কৰিব লাগে৷ তাৰোপৰি, দৃষ্টিশক্তি, শ্ৰৱণ বা চলন ক্ষমতাৰ প্ৰত্যাহ্বান থকা শিক্ষাৰ্থীসকলৰ বাবে ডিজিটেল সঁজুলিবোৰে কাম কৰিব লাগিব৷ আমেৰিকা যুক্তৰাষ্ট্ৰত আইনসমূহে বিদ্যালয় আৰু কোম্পানীসমূহক সঁজুলিবোৰ সকলোৰে বাবে সুলভ কৰি তুলিবলৈ বাধ্য কৰে৷ ভাৰতে নিশ্চিত কৰিব লাগে যে এনে অন্তৰ্ভুক্তিৰ ফলত হোৱা অতিৰিক্ত খৰচৰ বাবে সঁজুলিসমূহ নিম্নমানেৰে নিৰ্মিত নহয়৷
ডিজিটেল সুৰক্ষা আন এক প্ৰয়োজনীয় বিষয়৷ জাপানৰ গিগা স্কুল প্ৰ’গ্ৰেমে সঁজুলি প্ৰদান কৰাৰ সমান্তৰালভাৱে ডিজিটেল সুৰক্ষাৰো পাঠ শিকায় আৰু অভিভাৱকসকলক জড়িত কৰে৷ ভাৰতে বয়স অনুপাতে ডিজিটেল সুৰক্ষা পাঠৰ অন্তভুৰ্ক্তকৰণ, হেল্পলাইন, আৰু সকলো প্লেটফৰ্মত সমস্যাৰ প্ৰতিবেদন দিয়াৰ স্পষ্ট উপায় যোগ কৰি কিছু চিন্তা কৰিব পাৰে। আনহাতে শিক্ষকসকলক অনলাইন সমস্যাবোৰ চিনাক্ত কৰিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশিক্ষণ দিব পাৰে৷ এক নিৰ্ভৰযোগ্য আন্তঃগাঁথনি ডিজিটেল শিক্ষাৰ প্ৰধান উপাদান৷ ইণ্টাৰনেট ব্যৰ্থ হ’লে, বিদ্যালয়ৰ ৱাই-ফাই দুৰ্বল হ’লে বা বেটাৰি শেষ হ’লে কিছু কিছু শিক্ষানুষ্ঠানত শিক্ষা বন্ধ হৈ যায়৷ ছিংগাপুৰৰ শিক্ষা প্ৰণালীয়ে বে’কআপ সমলৰ সমানে অফলাইন প্ৰৱেশাধিকাৰো ৰাখে, আৰু প্ৰযুক্তিগত বিফলতাৰ বাবে প্ৰয়োজনীয় অনুশীলন কৰি এই সমস্যাবোৰৰ বাবে পৰিকল্পনা কৰে৷ ভাৰতীয় এপবোৰে মন্থৰ ইণ্টাৰনেটৰ উপযোগী হোৱাকৈ কাম কৰিব লাগে, তথ্যসমূহ মচ খাই নাযাবলৈ স্বয়ংক্ৰিয়ভাৱে তথ্য সংৰক্ষণৰ সুবিধাও ৰাখিব লাগে ৷
আমাৰ শিক্ষা ব্যৱস্থা এক সম্পৰীক্ষামূলক ব্যৱস্থা৷ বিভিন্ন দেশৰ অধ্যয়নসমূহে দেখুৱাইছে যে কেৱল প্ৰযুক্তিয়ে শিক্ষণত বেছি উন্নতি নকৰে, যদিহে ইয়াক ভাল শিক্ষণ আৰু মতামতৰ সৈতে সংপৃ্ক্ত কৰা নহয়৷ জেনেৰিক সঁজুলিবোৰে প্ৰকৃততে কি কাম কৰে চাবলৈ স্থানীয় ভাষা আৰু শিক্ষা প্ৰযুক্তিৰ সঁজুলিসমূহ পৰীক্ষা কৰিবলৈ ভাৰতক এক ৰাজহুৱা ব্যৱস্থাৰ প্ৰয়োজন৷ ফলপ্ৰসূ শিক্ষণৰ বাবে ‘শিক্ষণৰ পাছতহে প্ৰযুক্তি’ এই ফৰ্মূলাটো মানি চলিব লাগিব৷ নিৰ্দিষ্ট বিষয়ভিত্তিক শিক্ষণ আৰম্ভ কৰিহে শিক্ষণৰ সহায় হোৱাকৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগিব৷ সঁজুলি ভাগ-বতৰা কৰাৰ বাবে সময়সূচী তৈয়াৰ কৰিব লাগিব৷ স্থানীয় অনুষ্ঠানসমূহত সামূহিক প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰাৰ লগতে অফলাইন ব্যৱহাৰৰ বাবে বিদ্যালয়ৰ ছাৰ্ভাৰত শিক্ষণসামগ্ৰী সংৰক্ষণ কৰিব পাৰে৷ শৈক্ষিক প্লে’টফৰ্মসমূহত বিনামূলীয়া প্ৰৱেশাধিকাৰ সুনিশ্চিত কৰিবলৈ টেলিকম কোম্পানীসমূহৰ সৈতে কাম কৰিব লাগিব৷ শ্ৰেণীকক্ষত ন’টিফিকেশ্যনসমূহ অফ কৰা, সম্পৰ্কিত টেবসমূহ ব্লক কৰা আদি ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ ব্যাহত সীমিত কৰিবলৈ এপসমূহ ডিজাইন কৰা উচিত৷ শিক্ষকসকলক একেলগে পৰিকল্পনা কৰিবলৈ, বিষয়-নিৰ্দিষ্ট পৰামৰ্শদাতা গোট সৃষ্টি কৰিবলৈ আৰু শ্ৰেণীকোঠাৰ পৰ্যৱেক্ষণ আৰু মতামতৰ সৈতে প্ৰযুক্তিগত প্ৰশিক্ষণ সংযোগ কৰিবলৈ প্ৰশিক্ষণ দিয়া উচিত৷ ডিজিটেল সমল সৃষ্টি কৰাৰ বাবে শিক্ষকসকলক স্বীকৃতি দিয়াক আৰু ইয়াক মূল্যৱান কাম হিচাপে গণ্য কৰা উচিত৷ মুক্ত-উৎসপ্ৰণালী নিৰ্মাণ কৰি শিক্ষাৰ্থীৰ তথ্য আৰু সমল পৰিচালনাৰ বাবে সাধাৰণ মানদণ্ড নিৰ্ধাৰণ কৰা উচিত আৰু বিদ্যালয়সমূহে এটা কোম্পানীৰ সৈতে আবদ্ধ হোৱাৰ পৰা হাত সাৰিবলৈ বিভিন্ন প্লেটফৰ্মৰ মাজত তথ্য সহজে স্থানান্তৰ কৰিব পাৰে বুলি নিশ্চিত কৰা উচিত৷ আলোচনা, পৰীক্ষাগাৰৰ পৰীক্ষা-নিৰীক্ষা আৰু ক্ষেত্ৰ ভ্ৰমণৰ দৰে ব্যক্তিগত কাৰ্যকলাপবোৰত শিক্ষাৰ্থীক কেন্দ্ৰীভূত প্ৰাক-পাঠ, অনুশীলন আৰু মতামতৰ সৈতে ইয়াক সমৰ্থন কৰিবলৈ প্ৰযুক্তিব্যৱহাৰ কৰা উচিত৷
শিক্ষাৰ প্ৰকৃত সফলতা
পৰিমাপ জুখিবলৈ কেৱল কেৱল এপ লগ-ইন বা স্ক্ৰীন টাইম অনুসৰণ কৰিলেই নহ’ব৷ পঠন আৰু লিখনৰ
সমানে গাণিতিক সক্ষমতা, সমালোচনামূলক চিন্তা, শিক্ষানুষ্ঠানত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ
উপস্থিতি, শিক্ষাৰ্থীৰ কল্যাণমূলক চিন্তাইহে শিক্ষাৰ মান নিৰ্ণয় কৰিব৷ এই মান নিৰ্ণয়
হ’ব শিক্ষাৰ্থীৰ লিংগ, জাতি, বৰ্ণ তথা শাৰীৰিক ক্ষমতা নিৰ্বিশেষে৷