পঙ্কজ প্ৰতিম বৰদলৈ
বৰ্তমান সময়ত উচ্চশিক্ষাৰ ক্ষেত্ৰখনত চলি থকা বিভিন্ন ঘটনাৰাজিয়ে উচ্চশিক্ষাৰ উদ্দেশ্যৰ সংকটক ঘনীভূত কৰিছে৷ শিক্ষাৰ উদ্দেশ্য আৰু ব্যৱস্থাপনাৰ সংমিশ্ৰণৰে চলি থাকিব লগা বিশ্ববিদ্যালয়সমূহ, যিবিলাক মূলতঃ চিন্তা-চেতনা আৰু আদৰ্শৰ প্ৰশিক্ষণাগাৰ আৰু ভৱিষ্যতৰ মানৱ সম্পদৰ জন্মভূমি হিচাপে চিহ্নিত, সেয়া কেতিয়াবা নিজই নিজৰ ধ্বংসৰ প্ৰয়োগশালাত পৰিণত হ'বগৈ নেকি? এই চিন্তা কৰাটো প্ৰয়োজনীয়৷ এই অৱক্ষয়ৰ প্ৰক্ৰিয়া গভীৰ, আৰু আত্মসৃষ্ট—প্ৰশাসনিক আলস্য, ৰাজনৈতিক হস্তক্ষেপ, অস্পষ্ট নিয়োগ-পদ্ধতি, আৰু শিক্ষক, কৰ্তৃপক্ষ আৰু শিক্ষাৰ্থীৰ মাজত থকা সাংস্কৃতিক বিভাজনৰ মিশ্ৰিত ফল৷ দেশজুৰি হোৱা এনে সাম্প্ৰতিক ঘটনাসমূহ যেনে উত্তেজনাপূৰ্ণ ছাত্র আন্দোলন বা পৃষ্ঠপোষকতা আৰু কুশাসনৰ দীর্ঘদিনৰ অভিযোগ, ছাত্ৰ শিক্ষকৰ সংঘাট আদিয়ে এই কথাটো স্পষ্ট কৰিছে যে উচ্চ শিক্ষাৰ এই অনুষ্ঠানবোৰ কিদৰে চলি আছে, কোনে চলাইছে, আৰু কিহৰ উদ্দেশ্যে চলাইছে, সেই বিষয়ে পুনৰ চিন্তা কৰাৰ একান্ত প্ৰয়োজন৷
অলপতে অসমৰ আগশাৰীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
তেজপুৰ বিশ্ববিদ্যালয়ত
মৰমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সময়ত হোৱা ঘটনাৰ পাছত বিশ্ববিদ্যালয়খনৰ
আন বহু প্ৰশাসনীয় অনিয়মৰ বিৰুদ্ধে ছাত্ৰ শিক্ষক সমাজে ব্যাপক প্ৰতিবাদ অব্যাহত ৰাখিছে৷
এই সংকট সাম্প্ৰতিক সময়ত এক ৰাষ্ট্ৰীয় ধাৰাৰ এটা স্থানীয় প্ৰতিচ্ছবিৰূপে প্ৰতিফলিত
হৈছে৷ প্ৰায়বোৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সংগঠন আৰু শিক্ষার্থীৰ আন্দোলনে অৰ্থনৈতিক অনিয়ম,
বেআইনী নিয়োগ, আৰু স্বৈৰাচাৰী প্রশাসনিক সংস্কৃতিৰ অভিযোগ উত্থাপন কৰিছে; বিশ্ববিদ্যালয়ৰ
প্ৰশাসনে তাৰ প্ৰতি উত্তৰ দিছে, শিক্ষক নিলম্বন,
ছাত্ৰ-ছাত্ৰীক বৰ্খাস্ত, ভুৱা গোচৰ ৰুজু আদি প্ৰতিশোধকামী ব্যৱস্থা গ্ৰহণ কৰি৷
বাকী সামাজিক সংগঠন, চৰকাৰ আদিয়ে নিৰৱ প্ৰত্যক্ষদৰ্শীৰ ভূমিকা লৈ আৰু বহু সময়ত ফিৰিঙতিৰ
পৰা খাণ্ডৱদাহ হয়৷ তেজপুৰত এই সংকটৰ জনপ্ৰতিক্ৰিয়া স্পষ্ট আছিল—পুতলা দাহ, বিক্ষোভ
সমাবেশ, উপাচাৰ্যৰ অপসাৰণৰ দাবী, আৰু অধ্যাপকমণ্ডলীৰ দ্বাৰা ঊর্ধ্বতন অধিকাৰীৰ ওপৰত
অস্পষ্টতা আৰু শত্রুভাৱাপন্ন কাৰ্যক্ষেত্ৰ সৃষ্টি কৰাৰ অভিযোগ৷ ফলস্বৰূপে, এই আন্দোলনে
একাধিক চৰকাৰী তদন্তৰ সূচনা কৰিছে, আৰু বহুকেইটা বিষয়ত গোচৰ ৰুজু হৈছে৷ এই ঘটনাবোৰে
অভিযোগসমূহৰ গম্ভীৰ স্বৰূপ আৰু বিশ্ববিদ্যালয় এখনৰ অন্তৰ্ভাগত থকা ক্ষোভক প্ৰকাশ কৰিছে৷
ভাৰতৰ বিভিন্ন খ্যাতনামা বিশ্ববিদ্যালয়—যেনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এনে সংঘাতৰ বিন্যাস প্ৰায় একেই৷ এফালে কঠোৰ আৰু স্বৈৰাচাৰী
প্রশাসনিক ব্যৱহাৰ, আনফালে শিক্ষাৰ্থীৰ আন্দোলন৷ ২০১৬ চনত JNU-ৰ তথাকথিত দেশদ্ৰোহ বিতৰ্কই
প্ৰদৰ্শন কৰিছিল যে কিদৰে প্রশাসনিক সিদ্ধান্ত, ঘটনাৰ বিভিন্ন গণমাধ্যমত হোৱা প্ৰকাশ
আৰু ৰাজনৈতিক চাপৰ যোগফলত কেম্পাছৰ মতভেদ অতি স্বল্প সময়ৰ ভিতৰতে কিদৰে অপৰাধমূলক বিতৰ্কত
পৰিণত হ’ব পাৰে, আৰু
কিদৰে বিশ্ববিদ্যালয়ৰ শাসন ব্যৱস্থা একে সময়তে শৈক্ষিক স্বাধীনতা ৰক্ষা আৰু ৰাজনৈতিকীকৰণৰ
প্ৰৱাহ নিয়ন্ত্ৰণৰ বাবে অক্ষম হৈ পৰে৷ বিশ্ববিদ্যালয়সমূহত বহু সময়ত আলোচনা বিলোচনাতকৈ
নিয়ন্ত্ৰণ, আৰু শাস্তিক প্ৰাধান্য দিয়া হয়৷
বহু বিশ্ববিদ্যালয় সংকটৰ কেন্দ্ৰত আছে মানব সম্পদৰ সমস্যা৷
উপাচাৰ্য, ৰেজিষ্ট্ৰাৰ, আৰু আন শীৰ্ষ বিষয়াসকলৰ নিয়োগ কেৱল প্রশাসনিক প্ৰক্ৰিয়া নহয়— এই পদবীসমূহে
প্ৰতিষ্ঠানৰ নৈতিক আৰু শৈক্ষিক সংস্কৃতিক নিৰ্ধাৰণ
কৰে৷ বহু সময়তে এই নিৰ্বাচন পদ্ধতি ৰাজনৈতিক পৃষ্ঠপোষকতা, স্বজন তোষণৰে পূৰ্ণ সন্ধান
সমিতি, বা শৈক্ষিক গুণৱতাৰ সলনি কেৱল ব্যৱস্থাপনাগত দক্ষতাৰ মাপকাঠিত সীমাৱদ্ধ হৈ পৰে৷
ফলস্বৰূপে, কেতিয়াবা এনে ব্যৱস্থাপকৰ নিযুক্তি হয় যি দক্ষ কিন্তু সহকৰ্মীৰ সহযোগিতাৰ
প্ৰতিশ্ৰুতি নলয়, আকৌ শৈক্ষিকভাৱে যোগ্য ব্যক্তি কিন্তু প্রশাসনিক কৌশল সীমিত৷ সৰ্বনাশ
অৱস্থা তেতিয়া হয় যেতিয়া যোগ্যতা বা স্বচ্ছতা কোনোটোৱেই উপস্থিত নাথাকে আৰু এনে লোকে
যোগদান কৰে যিসকলে বিশ্ববিদ্যালয় প্রশাসনক ৰাজনৈতিক পুৰস্কাৰ বা সুবিধাজনক পদ ৰূপে
গ্ৰহণ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এক সাম্প্ৰতিক বিশ্লেষণে
দেখুৱাইছে যে বিতৰ্কিত নিয়োগ আৰু স্বজনতোষণৰ প্ৰৱণতাৰ ফলত প্ৰতিষ্ঠানৰ ৰেংকিং হ্ৰাস
পাইছে আৰু ব্যাপক অভিযোগ উত্থাপন হৈছে৷ শ্বিলংস্থিত নেহু বিশ্ববিদ্যালয় ইয়াৰ এক উদাহৰণ৷
নেতৃত্বৰ
এনে অদক্ষতাই বিশ্ববিদ্যালয়ৰ আন দুর্বলতাবোৰ অধিক তীব্ৰতৰ কৰে৷ বিত্তীয় বেমেজালি, সন্দেহজনক
ক্ৰয়-বিক্ৰয়, আৰু অনিয়ন্ত্রিত প্ৰশাসনিক ব্যয় আদিয়ে অধ্যাপক আৰু কৰ্মচাৰী সমাজৰ মনোবল
ভাঙে, আৰু জটিল আইনী প্ৰক্ৰিয়াৰ সৃষ্টি কৰে৷ নিয়ন্ত্ৰক সংস্থাসমূহে যেতিয়া স্থগিতাদেশ,
অনুসন্ধান বা দীঘল তদন্তৰ দৰে কঠোৰ পদক্ষেপ লয়, তেতিয়া শৈক্ষিক কাম-কাজৰ ধাৰা ব্যাহত
হয় আৰু শিক্ষাৰ্থীসমাজৰ সমান্তৰাল ক্ষতি হয়৷ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ৰোহিত ভেমুলাৰ
দুঃখজনক ঘটনাই (প্ৰায় এক দশকৰ পূৰ্বে) প্রশাসনিক পদক্ষেপ, জাতিগত জটিলতা আৰু প্ৰাতিষ্ঠানিক
নিৰাসক্তিকে প্ৰতিফলন কৰে আৰু বিশ্ববিদ্যালয় যে শিক্ষাৰ্থীক ৰক্ষা কৰিবলৈ ব্যৰ্থ সেইটো
প্ৰতীয়মান কৰে৷
শিক্ষক-প্ৰশাসনৰ সংঘাতক বিশেষ গুৰুত্বেৰে পৰ্যালোচনা কৰিব লাগে,
কাৰণ ই এটা গলিত ব্যৱস্থাৰ তীব্ৰতৰ উপসৰ্গ৷ পাঠদানৰ অভিভাৱক হিচাপে শৈক্ষিক সিদ্ধান্ত
যেনে—পাঠ্যক্ৰম পৰিৱর্তন, নিয়োগ, গৱেষণা আদি বিষয়সমূহৰ পৰিৱৰ্তে যদি শাস্তিমূলক
পদক্ষেপ আদি লোৱা হয় তেন্তে ই শিক্ষকৰ মানসিক
দৃঢ়তাক মষিমূৰ কৰি পেলোৱা অনুভৱ কৰে, তেতিয়া পৰামৰ্শমূলক প্ৰশাসনিক ব্যৱস্থাৰ সলনি একক প্রশাসনিক আদেশে প্ৰাধান্য লাভ কৰে৷ আনহাতে,
আধুনিকীকৰণৰ চাপত থকা প্ৰশাসনে দক্ষতাৰ নামত এই পৰামৰ্শমূলক কাঠামোক উপেক্ষা কৰে৷ ফলত
এক ধৰণৰ প্ৰশাসনিক সংকট দেখা দিয়ে—য'ত সিদ্ধান্তবোৰৰ বৈধতা হ্ৰাস পায় কাৰণ সেয়া অংশগ্ৰহণমূলক
নহয়৷ শিক্ষাৰ্থীসকলে এই প্ৰশাসন আৰু শিক্ষকৰ নাটকত নিজৰ ভৱিষ্যৎ বা মৰ্যাদা সংকিত বুলি
অনুভৱ কৰিলে সহজে তীব্ৰভাৱে প্ৰতিক্ৰিয়া কৰে৷ এই প্ৰক্ৰিয়া পুনৰাবৃত্তি হৈ থাকে- বিতৰ্কিত
প্রশাসনিক সিদ্ধান্ত, তাৰ বিপক্ষে শিক্ষকৰ প্ৰতিক্ৰিয়া, তাৰ পিছত শিক্ষাৰ্থীৰ প্ৰতিবাদ,
আৰু তাৰ বিপৰীতে শাস্তিমূলক পদক্ষেপ এই প্ৰতিটো প্ৰক্ৰিয়াই প্ৰতিষ্ঠানৰ ভিতৰস্থিত আস্থাক
বিঘ্নিত কৰে৷
পৰিৱর্তন সহজ নহয়— ই কেৱল প্ৰযুক্তিগত নহয়, সাংগঠনিক আৰু সাংস্কৃতিক দুয়ো ফালৰ পৰাই হ’ব লাগিব৷ প্ৰথমতে, শীৰ্ষ পদৰ নিয়োগ অৰাজনৈতিক কৰিবলৈ স্বচ্ছ, মেধাভিত্তিক নিৰ্বাচন সমিতিৰ ব্যৱস্থা কৰিব লাগিব, য’ত বিভিন্ন বিভাগৰ অধ্যাপক, শিক্ষাৰ্থীৰ প্ৰতিনিধি আৰু স্বতন্ত্ৰ বিশেষজ্ঞ অন্তৰ্ভুক্ত থাকিব লাগিব৷ স্থিৰ মিয়াদকালীন চাকৰিৰ চুক্তি, বদলি, সুস্পষ্ট কাৰ্যদক্ষতাৰ মানদণ্ড নিৰ্ধাৰণ আৰু জনতাৰ সন্মুখত জবাবদিহিৰ ব্যৱস্থা স্থাপন হ’ব লাগিব৷ দ্বিতীয়তে, অৰ্থনৈতিক স্বচ্ছতা অনিবার্য হ’ব লাগিব: পৰীক্ষিত হিচাব, নিয়োগ আৰু ক্ৰয়-বিক্ৰয়ৰ বিষয়ে জনতাই ডিজিটেল বাবে জনাৰ ব্যৱস্হা, আৰু এই বিষয়ে তথ্য দিয়াজনৰ সুৰক্ষাৰ বাবে সবল নীতি প্ৰণয়ন কৰিব লাগিব৷ তৃতীয়তে, প্ৰতিষ্ঠানিক প্ৰশাসন মজবুত কৰিব লাগিব—অধ্যাপক পৰিষদ আৰু ছাত্ৰ ইউনিয়নক শৈক্ষিক আৰু শাস্তিমূলক বিষয়ত পৰামৰ্শ দিয়াৰ বাস্তৱ ক্ষমতা দিব লাগিব, লগতে সমস্যা আৰু বিবাদ নিষ্পত্তিৰ পদ্ধতিও আধুনিকীকৰণ কৰিব লাগিব যাতে ই সঠিক সময়ত আৰু ন্যায্যভাৱে সমাধান হয়৷ চতুৰ্থতে, বিশ্ববিদ্যালয় প্রশাসনৰ মূল পদবী সমূহৰ কাৰ্যদক্ষতা বৃদ্ধিৰ বাবে পদবীধাৰী সকলৰ প্ৰশিক্ষণত বিনিয়োগ কৰিব লাগিব—ৰাজহুৱা বিত্ত ব্যৱস্থাপনা আৰু সংঘাত-মধ্যস্থতা আদিৰ প্ৰশিক্ষণ শীৰ্ষ পদৰ বাবে আবশ্যক কৰা উচিত৷
এই গঠনমূলক সংস্কাৰৰ লগত সাংস্কৃতিক পুনর্গঠনো একান্ত প্ৰয়োজন৷
বিশ্ববিদ্যালয়ক পুনৰ সেই স্থানত পৰিণত কৰিব লাগিব য’ত মুক্ত বিতৰ্কৰ বাবে স্থান আছে, কিন্তু প্ৰতিশোধৰ ভয় নাই৷ তাৰ বাবে
সাৰ্বজনীন প্ৰক্ৰিয়া— মধ্যস্থতা কোষ আৰু সংঘাতৰ আগজাননী ব্যৱস্থা—গঢ়ি তোলা প্ৰয়োজন,
লগতে নেতৃত্বৰ নৈতিক দৃষ্টিভংগী পুনৰ সংজ্ঞায়িত হ’ব লাগিব—উপাচাৰ্যৰ বৈধতা কেৱল প্ৰশাসনিক নহয়, নৈতিকও যে বুজিব
আৰু বুজাবও লাগিব৷ নেতৃত্বত সফল সেইজনহে, যিয়ে মতভেদক তথ্য হিচাপে গ্ৰহণ কৰে, বিশ্বাসঘাতকতা
হিচাপে নহয়৷ কেন্দ্ৰীয় সংস্থাসমূহ—যেনে বিশ্ববিদ্যালয় অনুদান আয়োগ, শিক্ষা বিভাগ, মান্যতা
প্ৰদানকাৰী সংস্থা আদিয়ে ইয়াৰ দায়িত্ব ল’ব
লাগিব৷ শাস্তি নহয়, সক্ষম প্ৰশাসন আৰু উত্তম শাসনৰদ্বাৰাহে সংঘাত নিৰাময় কৰিব পাৰি৷
প্ৰেৰণাদায়ক দৃষ্টান্তও আছে৷ কেইবাখনো
বিশ্ববিদ্যালয়ে ইতিমধ্যে অৰ্থ আৰু ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত open data নীতি গ্ৰহণ কৰিছে,
আন কেইবাখনেও নিয়োগ সমিতিত শিক্ষাৰ্থীৰ অংশগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ শাসনৰ গুণগত
মানক মূল্যায়ন কৰি মান্যতা আৰু ৰেংকিং প্ৰণালী গঠন কৰিলে এক নতুন উৎসাহ সৃষ্টি হ’ব পাৰে৷ দায়িত্বশীল
অধ্যাপক সংগঠন আৰু শিক্ষাৰ্থী সংগঠন—যেতিয়া ক্ষমতাপ্ৰাপ্ত হয়—তেতিয়া কঠিন
ৰাজনৈতিক পৰিৱেশতো সফলভাৱে সংস্কাৰ সাধন কৰিব পাৰে৷ মূল কথা হ’ল অসন্তোষৰ ক্ষণস্থায়ী প্ৰতিক্ৰিয়াৰ পৰা স্থায়ী প্ৰতিষ্ঠানিক সংস্কাৰৰ
দিশে আগবঢ়াটো৷
যদি ভাৰতৰ ৰাজহুৱা বিশ্ববিদ্যালয়সমূহে নিজৰ গৌৰৱ পুনৰ উদ্ধাৰ
কৰিব বিচাৰে, তেন্তে তেওঁলোকক দুটা দিশৰ পৰা মুক্ত কৰিব লাগিব: ৰাজনীতিকৰণ, যি বিশ্ববিদ্যালয়ৰ
পৰিসৰক অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰে, আৰু অতিব্যৱস্থাপনামূলক মনোভাৱ, যি বিশ্ববিদ্যালয়ক
কেৱল এক কৰ্পোৰেট সংস্থাৰ দিশে আগবঢ়ায়৷ দুয়োটা দিশেই বিশ্ববিদ্যালয়ৰ মূল কাম—জিজ্ঞাসাৰ বিকাশ
আৰু জটিল চিন্তাশীল নাগৰিক গঢ়ি তোলাৰ প্ৰাকৃতিক প্ৰক্ৰিয়াটোক ধ্বংস কৰে৷ তেজপুৰৰ উপাচাৰ্যৰ
অনিয়ম আৰু অৰ্থনৈতিক অস্পষ্টতাৰ অভিযোগ বা JNU-ৰ ৰাজনৈতিক শাস্তিমূলক নাটক, এই সকলো
ঘটনাই একেই সংকেত দিয়ে, বিশ্ববিদ্যালয়ৰ আস্থাৰ
যি সূক্ষ্ম গঠন, যি শৈক্ষিক কামকাজৰ ভেঁটি তাতেই ধ্বংস হৈছে৷ সমাধান কোনো কল্পিত সোণালী
যুগৰ ভ্ৰমত নহয়, বৰং আধুনিক যুগৰ বাবে স্পষ্ট প্ৰক্ৰিয়া —স্বচ্ছতা, যোগ্যতা আৰু সহযোগিতা মানি
চলাৰ ওপৰতহে নিৰ্ভৰ কৰিব৷ এই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলে, অৱক্ষয় নহয়, পুনৰুজ্জীৱনেই
হব আগলৈ—এনে এক প্ৰজন্মৰ বিশ্ববিদ্যালয় যি একাধাৰে দক্ষ ব্যৱস্থাপনা আৰু মানৱীয়
শিক্ষাৰ ক্ষেত্ৰ হ’ব৷ চূড়ান্ত সিদ্ধান্তটো প্ৰতিষ্ঠানৰ নিজৰ তেওঁলোকে
নিজকে জনকল্যাণৰ ক্ষেত্ৰ ৰূপে প্ৰচাৰ কৰিব, নে পক্ষপাত আৰু ব্যৰ্থতাৰ আন এটা ৰূপ হিচাপে
চিনাকি দিব৷
