পঙ্কজ প্ৰতিম বৰদলৈ
আপুনি যেতিয়া নিউয়ৰ্কৰ মেট সংগ্ৰহালয়ৰ এটা সুৰক্ষিত আইনাৰ
বাকচত কেইবাশ বছৰ পুৰণি দক্ষিণ ভাৰতৰ চোল সাম্ৰাজ্যৰ যুগৰ ব্ৰঞ্জৰ নটৰাজৰ মূৰ্তি এটা
প্ৰত্যক্ষ কৰে, যিটো হয়তো বহুত দশক পূৰ্বে তামিলনাডুৰ কোনো এখন শান্ত সমাহিত গাঁৱৰ
মন্দিৰৰ পৰা চুৰি কৰা হৈছিল আৰু এই কলাকৃতিটোৰ সন্দৰ্ভত “দক্ষিণ এছীয় কলা” বুলি লিখা এখন সৰু লেবেল
লিখা থাকে, তেতিয়া এক আচৰিত শিহৰণ নিশ্চয়কৈ জাগি উঠে৷ যদিও কলাৰ দৃষ্টিৰে ই এটা অতিশয়
সুন্দৰ কলাকৃতি, একে সময়তে ই এটা অপৰাধৰো নমুনা৷ প্ৰেক্ষাপটটো বুজিবলৈ ইয়াত এটা পৰিসংখ্যা
আগবঢ়োৱা হ’ল : ১৯৪৭ চনৰ পৰা ২০১৪ চনৰ ভিতৰত, ভাৰতে মাত্ৰ ১৩ টা চুৰি হোৱা প্ৰত্নতাত্ত্বিক
সামগ্ৰী ঘূৰাই আনিবলৈ সক্ষম হৈছিল৷ মাত্ৰ ১৩ টা, প্ৰায় সাতোটা দশকত৷ কিন্তু ২০১৪ চনৰ
পাছত, সেই সংখ্যা ৩৫০ অতিক্ৰম কৰি গৈছে আৰু প্ৰতি কেইমাহমানৰ মূৰে মূৰে ই বাঢ়িয়েই
আছে৷ গতিকে কিবা এটা যে নিশ্চিতভাৱে সলনি হৈছে, সেয়া স্পষ্ট৷
ইয়াৰ এটা কাৰণ হৈছে দৃঢ় ৰাজনৈতিক ইচ্ছা— ঐতিহ্য প্ৰত্যাৱৰ্তনৰ
বিষয়টো বিশ্বমঞ্চত এক গুৰুত্বপূৰ্ণ চৰ্চাৰ বিষয় হৈ পৰিল, যাক দ্বিপাক্ষিক বৈঠকত ব্যৱসায়িক
চুক্তি বা ভিছা নিয়মৰ দৰেই উত্থাপন কৰা হ’ল৷ আনটো কাৰণ হৈছে চতুৰ আন্তঃৰাষ্ট্ৰীয়
সহযোগিতা, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে, যিখন দেশ ভাৰতৰ লুণ্ঠিত সম্পদসমূহৰ
একক বৃহত্তম উৎস দেশ হিচাপে প্ৰমাণিত হৈছে৷
অক্সফ’ৰ্ডৰ পিট ৰিভাৰ্ছ মিউজিয়াম (Pitt Rivers Museum)-ত প্ৰায় ৬,৫০০ টা নগা সাংস্কৃতিক বস্তু সংৰক্ষিত হৈ আছে, যিটো সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ সংগ্ৰহ৷ ইয়াত কাপোৰ-কানি, ডলা-চালনী, খেতিৰ সঁজুলি, অস্ত্ৰ-শস্ত্ৰৰ দৰে দৈনন্দিন ব্যৱহাৰ্য বস্তুৰ লগতে এক অতি চিন্তাজনক বিষয়ো আছে : প্ৰকৃত মানৱ দেহাৱশেষ, যেনে এশ বছৰতকৈও অধিক সময় পূৰ্বে নগা পাহাৰৰ পৰা ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসকসকলে সংগ্ৰহ কৰা মূৰৰ লাওখোলা আৰু হাড়৷ ইয়াৰ বহুখিনি ১৯০০ চনৰ আৰম্ভণিতে জন হেনৰী হাটনৰ দৰে এজন ব্ৰিটিছ অসামৰিক কৰ্মচাৰী তথা অপেছাদাৰী নৃতত্ত্ববিদে সংগ্ৰহ কৰিছিল— সেইটো এনে এক যুগ আছিল য’ত প্ৰদৰ্শনীৰ বাবে খিলঞ্জীয়া লোকৰ দেহাবশেষ “সংগ্ৰহ” কৰাটো এক স্বাভাৱিক বিজ্ঞান বুলি গণ্য কৰা হৈছিল৷ ২০২০ চনত এই ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিল৷ সংগ্ৰহালয়টোৱে এসময়ত নমুনাৰ দৰে অধ্যয়ন কৰা মানুহবোৰক কেনেকৈ প্ৰদৰ্শন কৰা হয়, তাৰ এক ব্যাপক পুনৰীক্ষণৰ অংশ হিচাপে প্ৰায় ১২০ টা মানৱ দেহাবশেষ— যাৰ মাজত নগা ট্ৰফী হেড (trophy heads), দক্ষিণ আমেৰিকাৰ সংকুচিত মূৰ (shrunken heads), আনকি এটা মিচৰীয় শিশু মামিও আছিল— নীৰৱে ৰাজহুৱা প্ৰদৰ্শনীৰ পৰা আঁতৰাই আনিলে৷ বৰ্তমান মেলব’ৰ্ন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, এগৰাকী নগা পণ্ডিতা ডলি কিকনে এই সিদ্ধান্তৰ বিষয়ে পঢ়িবলৈ পালে আৰু তেওঁ এটা সৰু কিন্তু শক্তিশালী পদক্ষেপ ল’লে : তেওঁ সংগ্ৰহালয়ৰ সঞ্চালকলৈ পোনপটীয়াকৈ এটা ই-মেইল পঠিয়াই সুধিলে যে এই পূৰ্বপুৰুষৰ দেহাৱশেষসমূহ ঘৰলৈ ঘূৰাই আনিব পৰা যাবনে৷ সেই এটা ই-মেইলে নগা জনজাতীয় জ্যেষ্ঠসকল, ফ’ৰাম ফৰ নগা ৰিকনচিলিয়েচন (FNR) আৰু Recover, Restore and Decolonise(RRaD) নামৰ এটা গৱেষণা গোটৰ মাজত পাঁচ বছৰীয়া সম্প্ৰদায়ভিত্তিক আলোচনাৰ সূচনা কৰিলে৷ ২০২৫ চনৰ জুন মাহত এটা নগা প্ৰতিনিধি দল, জ্যেষ্ঠ নাগৰিক, পণ্ডিত, জনজাতীয় নেতা অক্সফ’ৰ্ডলৈ যাত্ৰা কৰে আৰু তেওঁলোকক সেই দেহাৱশেষসমূহ ব্যক্তিগতভাৱে চোৱাৰ অনুমতি দিয়া হয়৷ সন্মান প্ৰদৰ্শন কৰি তেওঁলোকে সেই বাকচবোৰৰ ওপৰত পৰম্পৰাগত নগা চাদৰ জাপি দিছিল৷ সংগ্ৰহালয়টোৱে এতিয়া ৪১ টা নগা পূৰ্বপুৰুষৰ দেহাৱশেষ আৰু মানুহৰ চুলি থকা ১৭৮ টা বস্তু আনুষ্ঠানিকভাৱে নাগালেণ্ডলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷
এই ঘটনাটো কিমান ব্যতিক্ৰমী, সেয়া অনুভৱ কৰাৰ প্ৰয়োজন আছে৷ এয়া কোনো চৰকাৰে আইনী মাধ্যমেৰে কোনো চুৰি হোৱা মূৰ্তি উদ্ধাৰ কৰা ঘটনা নহয়— এয়া হৈছে এটা সম্প্ৰদায়ে এশ বছৰ ধৰি সংগ্ৰহালয়ৰ প্ৰদৰ্শনীৰ বস্তু হিচাপে ব্যৱহাৰ হোৱাৰ পাছত, নিজৰ চৰ্তত নিজৰ পূৰ্বপুৰুষক পুনৰ দাবী কৰা ঘটনা৷ কিকনে কোৱাৰ দৰে, এয়া হৈছে “নিৰাময়ৰ এক কাৰ্য... আমাৰ পূৰ্বপুৰুষ আৰু নগা লোকসকলৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা৷” এই কাহিনীটোৰ এটা অতি বেদনাদায়ক দিশো আছে: ২০২৪ চনত যুক্তৰাজ্যৰ এক প্ৰত্নতাত্ত্বিক মেলাত ১৯ শতিকাৰ এটা “শিং থকা নগা লাওখোলা” (horned Naga skull) নিলামৰ বাবে ওলাইছিল, যাৰ মূল্য আছিল মাত্ৰ কেই হাজাৰমান পাউণ্ড, আৰু ইয়াক সংকুচিত মূৰ আৰু অন্যান্য মানৱ দেহাবশেষৰ সৈতে “সংগ্ৰহযোগ্য বস্তু” (collectibles) হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল৷ ফ’ৰাম ফৰ নগা ৰিকনচিলিয়েচনে ইয়াক সঠিকভাৱেই এক বিকৃত মানসিকতা বুলি গৰিহণা দিছিল৷ ই আমাক সোঁৱৰাই দিয়ে যে যদিও পিট ৰিভাৰ্ছৰ দৰে প্ৰতিষ্ঠানসমূহে সঠিক কাম কৰিছে, তথাপিও মানৱ দেহাবশেষ আৰু খিলঞ্জীয়া ঐতিহ্যৰ ব্যক্তিগত বজাৰখন সম্পূৰ্ণৰূপে নাইকিয়া হৈ যোৱা নাই৷
পিট ৰিভাৰ্ছ সংগ্ৰহালয়ত ‘গাইডিনলিউ সংগ্ৰহ’ (Gaidinliu
collection) নামৰ আন এটা সংগ্ৰহো আছে— য’ত ১৯৩০ চনৰ আৰম্ভণিতে ব্ৰিটিছৰ
বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া কিশোৰী নগা স্বাধীনতা সংগ্ৰামী ৰাণী গাইডিনলিউৰ পৰা
বাজেয়াপ্ত কৰা টোকা বহী, কাপোৰ, খাৰু আৰু ধৰ্মীয় সামগ্ৰী আছে৷ সেই বস্তুবোৰ এতিয়াও
অক্সফৰ্ডতে আছে, আৰু সেইবোৰ ঘূৰাই অনাৰ প্ৰশ্নটো ব্ৰিটিছ সংগ্ৰহালয়সমূহে কি ৰাখিব
আৰু কি এৰি দিব তাৰ ওপৰত চলি থকা আলোচনাৰ এক গুৰুত্বপূৰ্ণ অংশ৷
নগা লোকসকলৰ কাহিনীটো যদি শান্ত, সাৱধানী সম্প্ৰদায়ভিত্তিক
কূটনীতিৰ বিষয়ে আছিল, তেন্তে এই কাহিনীৰ আমেৰিকাৰ অধ্যায়টো কোনো থ্ৰীলাৰ চিনেমাৰ
দৰে, অৱশ্যে পাৰ্থক্য এটাই যে ডকাইতিটো ইতিমধ্যে দশক দশক পূৰ্বে ঘটিছিল আৰু এতিয়া
সকলোৱে ইয়াক শুধৰাবলৈ চেষ্টা কৰিছে৷
ইয়াৰ মূল খলনায়কজন হৈছে সুভাষ কাপুৰ, এসময়ৰ সন্মানীয়, ভাৰতত জন্মগ্ৰহণ কৰা কলা ব্যৱসায়ী, যিয়ে নিউয়ৰ্কৰ মেডিছন এভিনিউৰ পৰা Art of the Past নামৰ এখন গেলাৰী চলাইছিল৷ বছৰ বছৰ ধৰি তেওঁ প্ৰত্নতাত্ত্বিক জগতৰ এক পৰিচিত নাম আছিল, যিয়ে কোনো প্ৰশ্ন নোসোধাকৈ সংগ্ৰহালয় আৰু সংগ্ৰাহকসকলক সুন্দৰ চোল ব্ৰঞ্জ আৰু শিলৰ ভাস্কৰ্য যোগান ধৰিছিল৷ কিন্তু পাছলৈ ওলাই পৰিল যে সেইবোৰৰ এক বৃহৎ অংশ তামিলনাডুৰ মন্দিৰসমূহৰ পৰা পোনপটীয়াকৈ চুৰি কৰা হৈছিল, য’ত প্ৰায়ে স্থানীয় চোৰে দুৰ্নীতিপৰায়ণ লোকৰ সৈতে মিলি কাম কৰিছিল, তাৰ পাছত জাহাজৰ নেটৱৰ্কৰ জৰিয়তে সৰবৰাহ কৰা হৈছিল আৰু ম্যানহাটনৰ গ্লেমাৰাছ গেলেৰীত উপস্থিত হোৱাৰ আগতে ভুৱা কাগজ-পত্ৰৰে সেইবোৰ বৈধ কৰা হৈছিল৷ কাপুৰক অৱশেষত ২০১১ চনত জাৰ্মানীত গ্ৰেপ্তাৰ কৰা হয়, ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হয় আৰু বৰ্তমান তেওঁ এক দীৰ্ঘম্যাদী কাৰাদণ্ড ভোগ কৰি আছে৷ কিন্তু তেওঁ পশ্চিমীয়া সংগ্ৰহসমূহত, সংগ্ৰহালয়সমূহকে ধৰি, যিবোৰ প্ৰত্নতাত্ত্বিক সামগ্ৰী যোগান ধৰিছিল, সেইবোৰ এতিয়াও এটা এটাকৈ উদ্ধাৰ কৰা হৈছে৷
ইয়াৰ পৰিসৰ সঁচাকৈয়ে আচৰিত ধৰণে ব্যাপক আছিল৷ কেৱল ২০২৪ চনৰ নৱেম্বৰ মাহতে মানহাটনৰ জিলা এটৰ্নীৰ কাৰ্যালয়ে আমেৰিকাৰ হ’মলেণ্ড ছিকিউৰিটি ইনভেষ্টিগেচনৰ সৈতে মিলি নিউয়ৰ্কৰ এটা অনুষ্ঠানত ভাৰতীয় কৰ্তৃপক্ষক প্ৰায় ১০ নিযুত ডলাৰ মূল্যৰ ১,৪৪০ টা প্ৰত্নতাত্ত্বিক সামগ্ৰী আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে৷ ইয়াৰে কিছুমান সামগ্ৰী মেট্ৰ’পলিটিন মিউজিয়াম অৱ আৰ্টত (Metropolitan Museum of Art) বছৰ বছৰ ধৰি প্ৰদৰ্শিত হৈ আছিল, যেনে ১৯৮০ চনত মধ্যপ্ৰদেশৰ এটা মন্দিৰৰ পৰা লুটি নিয়া বালিচন্দৰৰ এগৰাকী স্বৰ্গীয় নৃত্যশিল্পীৰ মূৰ্তি, যাক সৰবৰাহ কৰিবলৈ আধা কাটি দুটুকুৰা কৰা হৈছিল আৰু নিউয়ৰ্কত উপনীত হোৱাৰ পিছত পুনৰ জোৰা দিয়া হৈছিল৷ তাৰ পূৰ্বে, ২০২৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰায় ৩০০ টা সামগ্ৰী ঘৰলৈ ঘূৰি আহিছিল, যিবোৰ খ্ৰীষ্টপূৰ্ব ২০০০ চনৰ টেৰাক’টাৰ পৰা আৰম্ভ কৰি ১৯ শতিকাৰ কাঠৰ শিল্পলৈকে বিস্তৃত আছিল৷ আৰু ২০২১ চনত একেলগে ১৫৭ টা সামগ্ৰী ঘূৰাই অনা হৈছিল, যাৰ বহুতো কাপুৰৰ নেটৱৰ্কৰ সৈতে পোনপটীয়াকৈ জড়িত আছিল৷
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ২০২৪ চনৰ জুলাই মাহত ভাৰত আৰু
আমেৰিকাই এক আনুষ্ঠানিক Cultural Property Agreement (সাংস্কৃতিক সম্পত্তি চুক্তি)
স্বাক্ষৰ কৰে, যিখন দুয়োখন দেশৰ মাজত এই ধৰণৰ প্ৰথম চুক্তি যাৰ উদ্দেশ্য হৈছে কেৱল
অপৰাধৰ পাছত পৰিস্কাৰ কৰাৰ সলনি, আৰম্ভণিতেই আমেৰিকাত ভাৰতীয় প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ
চোৰাং চিকাৰ প্ৰতিহত কৰা৷
২০১৪ চনত অষ্ট্ৰেলিয়াৰ নেচনেল গেলাৰীয়ে বাতৰিৰ শিৰোনাম দখল
কৰিছিল, অৱশ্যে ভাল কাৰণত নহয়, যেতিয়া তেওঁলোকে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে লাখ
লাখ ডলাৰ দি ক্ৰয় কৰা একাদশ শতিকাৰ এটা মূল্যৱান ব্ৰঞ্জৰ “নৃত্যৰত শিৱ” (Dancing
Shiva) মূৰ্তি আচলতে চুৰি কৰা আছিল, যিটো আকৌ কাপুৰৰ নেটৱৰ্কৰ সৈতে জড়িত আছিল৷ গেলাৰীটোৱে
সঠিক পদক্ষেপ লৈ ইয়াক ভাৰতক ঘূৰাই দিয়ে৷ তেতিয়াৰ পৰা অষ্ট্ৰেলিয়াৰ প্ৰতিষ্ঠানসমূহে,
যাৰ ভিতৰত আৰ্ট গেলাৰী অৱ নিউ ছাউথ ৱেলছ (Art Gallery of New South Wales) অন্তৰ্ভুক্ত,
কেইবাটাও গুৰুত্বপূৰ্ণ মূৰ্তি ঘূৰাই দিছে, যাৰ ভিতৰত এতিয়া সুনথিভুক্ত ‘বৃদ্ধাচলম
অৰ্ধনাৰী’ (Vriddhachalam Ardhanari) আৰু গুপ্ত যুগৰ এটা বুদ্ধ মূৰ্তি অন্যতম৷ বিগত
দশকত অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ কেইবা ডজন প্ৰত্নতাত্ত্বিক সামগ্ৰী উভতি আহিছে আৰু কেনবেৰাই
নতুন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত তাৰ ইতিহাস (provenance) পৰীক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে
সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে৷
এই কাহিনীটোৰ আটাইতকৈ সন্তোষজনক কথাটো হ’ল যে এই সমগ্ৰ
পুনৰুদ্ধাৰ কাৰ্যসূচী কোনো চৰকাৰী টাস্ক ফ’ৰ্চৰ দ্বাৰা আৰম্ভ হোৱা নাছিল৷
ই আৰম্ভ হৈছিল ছিংগাপুৰৰ এগৰাকী জাহাজ কোম্পানীৰ কাৰ্যবাহী এছ. বিজয় কুমাৰৰ দ্বাৰা,
যিয়ে নিজৰ আজৰি সময়ত India Pride Project (ইণ্ডিয়া প্ৰাইড প্ৰজেক্ট) নামৰ এটা গোট
চলায়৷
কুমাৰৰ এই যাত্ৰা আৰম্ভ হৈছিল ২০০৭ চনত এটা ব্লগৰ জৰিয়তে, যিটো আছিল মূলতঃ সাধাৰণ মানুহৰ বাবে ভাৰতীয় মন্দিৰৰ কলাকৃতি বুজি পোৱাৰ এক সহজ মাধ্যম, তেওঁ চোলা যুগৰ ব্ৰঞ্জৰ মূৰ্তিৰ প্ৰতি অতি আকৰ্ষিত আছিল আৰু বিচাৰিছিল যে সাধাৰণ মানুহে কলা ইতিহাসত পি. এইছ. ডি. নকৰাকৈও কলাৰ প্ৰশংসা কৰিব পৰা হওক৷ এদল সমভাৱাপন্ন উৎসাহী লোকৰ সৈতে তামিলনাডুৰ বিভিন্ন মন্দিৰৰ স্থানসমূহ নথিভুক্ত কৰাৰ সময়ত তেওঁ এটা কথা লক্ষ্য কৰিলে: পুৰণি ৰেক’ৰ্ড আৰু কিতাপত থকা মূৰ্তিবোৰ আচলতে য’ত থাকিব লাগিব, তাত নাছিল৷ ইয়াৰ বিষয়ে সোধা-পোছা কৰিলে অস্পষ্ট উত্তৰ পোৱা গৈছিল— “সংগ্ৰহালয়ত আছে,” “ষ্ট’ৰেজত আছে”— যিবোৰ কেতিয়াও সঠিক বুলি প্ৰমাণিত নহ’ল৷ সেই সন্দেহে অৱশেষত এক পূৰ্ণ পৰ্যায়ৰ অনুসন্ধানৰ ৰূপ ল’লে৷
২০১৪ চনলৈকে কুমাৰ অনুৰাগ চাক্সেনাৰ সৈতে মিলি আনুষ্ঠানিকভাৱে ইণ্ডিয়া প্ৰাইড প্ৰজেক্ট মুকলি কৰে আৰু যিটো কাম এটা চখ হিচাপে আৰম্ভ হৈছিল, সেয়া সম্পূৰ্ণৰূপে স্বেচ্ছাসেৱকৰ দ্বাৰা পৰিচালিত এক আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা অভিযানত পৰিণত হ’ল৷ তেওঁলোকে বিদেশী সংগ্ৰহালয়, গেলাৰী আৰু নিলাম কেন্দ্ৰসমূহত সিঁচৰতি হৈ থকা ভাৰতীয় কলাৰ এক বিশাল ফটোগ্ৰাফিক আৰ্কাইভ গঢ়ি তুলিলে, যাক পুৰণি মন্দিৰৰ তালিকা, চুৰিৰ ৰিপ’ৰ্ট আৰু দশক পুৰণি শৈক্ষিক ফটোগ্ৰাফৰ সৈতে ক্ৰছ-ৰেফাৰেন্স কৰা হৈছিল৷ ইয়াৰ এটা আমোদজনক উদাহৰণ হ’ল : কুমাৰে কেৱল গুগল ষ্ট্ৰীট ভিউৰ (Google Street View) জৰিয়তে নিউয়ৰ্কৰ এখন গেলাৰী জুম কৰি প্ৰায় ৮.৫ নিযুত ডলাৰ মূল্যৰ দুটা চুৰি হোৱা ব্ৰঞ্জৰ মূৰ্তি চিনাক্ত কৰিছিল৷
কুমাৰৰ এই নিখুঁত আৰ্কাইভেল ফটো মিলোৱাৰ প্ৰচেষ্টাই অৱশেষত
সুভাষ কাপুৰক ধৰা পেলোৱাত সহায় কৰিছিল, তেওঁ প্ৰমাণ কৰিছিল যে কাপুৰে মনে মনে বিক্ৰী
কৰা মূৰ্তিবোৰ ১৯৯০ চনৰ দৰে শেহতীয়া সময়ছোৱাতো নিৰ্দিষ্ট মন্দিৰৰ ভিতৰত ফটোগ্ৰাফ
কৰা হৈছিল, যিটো আদালতে প্ৰমাণ হিচাপে গ্ৰহণ কৰিছিল৷ তেওঁৰ ২০১৮ চনৰ কিতাপ The
Idol Thief-অত এই সমগ্ৰ কাহিনীটো বৰ্ণনা কৰা হৈছে, যিখন এখন থ্ৰীলাৰ উপন্যাসৰ দৰে পঢ়িব
পাৰি, অৱশ্যে পাৰ্থক্য এটাই যে ইয়াৰ মন্দিৰ আৰু চুৰিবোৰ দুৰ্ভাগ্যবশতঃ একেবাৰে সঁচা৷
ইণ্ডিয়া প্ৰাইড প্ৰজেক্টে তেতিয়াৰ পৰা যুক্তৰাজ্য, আমেৰিকা, জাৰ্মানী, ছিংগাপুৰ আৰু
তাৰ বাহিৰৰ পৰাও বিভিন্ন সামগ্ৰী বিচাৰি উলিয়াবলৈ আৰু উদ্ধাৰ কৰিবলৈ সহায় কৰি আহিছে,
য’ত
তেওঁলোকে প্ৰায়ে বিদেশী আৰক্ষী, ভাৰতীয় আইন প্ৰয়োগকাৰী সংস্থাৰ আইডল ৱিং (Idol
Wing) আৰু আৰ্ট ৰিকভাৰী ইণ্টাৰনেচনেলৰ ক্ৰীষ্টফাৰ মাৰিনেলোৰ দৰে আন্তঃৰাষ্ট্ৰীয় কলা-অপৰাধ
বিশেষজ্ঞৰ সৈতে মিলি কাম কৰে, যিয়ে কেইবাবাৰো এই কাম সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিছে৷
ইয়াৰ পৰা অলপ আঁতৰি বিশ্বজনীন প্ৰেক্ষাপটত চকু ফুৰালে দেখা
যায় যে ভাৰতৰ এই ঐতিহ্য প্ৰত্যাৱৰ্তনৰ প্ৰয়াস এক বৃহৎ গোলকীয় পৰিৱৰ্তনৰ অংশ৷ মানচেষ্টাৰ
সংগ্ৰহালয়ে অষ্ট্ৰেলিয়াৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহক পৱিত্ৰ বস্তু ঘূৰাই দিছে৷ নিউজিলেণ্ডে
ইউৰোপীয় সংগ্ৰহালয়সমূহৰ পৰা বছৰ বছৰ ধৰি মাওৰী (Maori)
পূৰ্বপুৰুষৰ দেহাৱশেষ, যাৰ ভিতৰত টেটু কৰা সংৰক্ষিত মূৰো আছে, ঘূৰাই পাইছে৷ ট্ৰিনিটি
কলেজ ডাবলিনে কাউণ্টি গেলৱেৰ মঠৰ স্থানৰ পৰা নিয়া লাওখোলাসমূহ ঘূৰাই দিবলৈ সন্মত হৈছে৷
আনকি ব্ৰিটিছ মিউজিয়াম (যি কোনো বস্তু ঘূৰাই দিয়াৰ ক্ষেত্ৰত কুখ্যাতভাৱে প্ৰতিৰোধী,
য’ত
এলগিন মাৰ্বলৰ বিতৰ্ক এতিয়াও অমীমাংসিত হৈ আছে), তেওঁলোকেও হেঁচাৰ বাবে কিছুমান বস্তু
নিৰৱে ঘূৰাই দিছে৷ মূলত ইউৰোপত সংগ্ৰহালয়সমূহ এতিয়া এটা অস্বস্তিকৰ প্ৰশ্নৰ মুখামুখি
হ’বলৈ
বাধ্য হৈছে: কেৱল আপোনাৰ ককা-আজোককাৰ অভিযানে কিবা এটা “সংগ্ৰহ” কৰিছিল বাবেই আপুনি
ইয়াক চিৰদিনৰ বাবে নিজৰ ওচৰত ৰাখিব পাৰিবনে?
বিদেশী সংগ্ৰহালয়ৰ গোপন কোঠা আৰু প্ৰদৰ্শনীৰ বাকচত এতিয়াও
বহুতো বস্তু আছে, এই কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই৷ কিন্তু চৰকাৰে এই বিষয়ত গুৰুত্ব
দিয়া, সংগ্ৰহালয়সমূহে নিজৰ ঔপনিৱেশিক উত্তৰাধিকাৰৰ ওপৰত সঁচাকৈয়ে পুনৰ চিন্তা কৰা
আৰু কেইগৰাকীমান জেদী ব্যক্তিগত নাগৰিকৰ প্ৰচেষ্টাত, ভাৰতীয় ঐতিহ্য, লাহে লাহে হ’লেও নিজৰ ঘৰলৈ
উভতি অহাৰ পথ বিচাৰি পাইছে৷ এই প্ৰক্ৰিয়া চলি থকাটোও জৰুৰী৷
