অন্যযুগ/


ব্যক্তি, ব্যক্তিত্ব, সমাজ আৰু প্ৰতিষ্ঠান

 পংকজ প্ৰতিম বৰদলৈ

  

একবিংশ শতিকাৰ আৰম্ভণিৰ বৰ্ষকেইটাত ৰাজ্যখনৰ এখন মফচলীয় চহৰৰ গ্ৰাম্য অঞ্চল এটাৰ পৰা পোনেই আহি দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু এখন প্ৰকৃত মহানগৰৰ বাসিন্দা হৈছিলোঁহি৷ নীৰৱে-নিজানে বৈ থকা এখন নদী’-ৰ পৰা আহি এসাগৰপানীত ককবকাই থকা এমুঠি মাছৰ দৰে অৱস্থা হৈছিল৷ প্ৰায় দুই দশক পূৰ্বৰ সেই সময়ৰ লগত বৰ্তমান সময় আৰু পৰিস্থিতিৰ পাৰ্থক্য আছে৷ দিল্লী চহৰত তেতিয়া দ্ৰুত গতিত কিছু উন্নয়নৰ কাম চলি আছিল আৰু অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰাজয়ৰ পাছত ড মনমোহন সিঙে শপত গ্ৰহণ কৰাৰ কিছুদিন পাছতে আমি ছাত্ৰ হিচাপে দিল্লী চহৰত উপস্থিত হৈ, প্ৰথম আকৰ্ষণ অনুভৱ কৰা বিষয়টো আছিল, চহৰখনৰ বিভিন্ন অঞ্চলত সেউজীয়া বৰ্ড লগাই চলি থকা নিৰ্মাণ কাৰ্য৷ দিল্লী মেট্ৰৰ নিৰ্মাণকাৰ্য চলি আছিল আৰু ২০০৫ চনলৈ দ্বিতীয় পৰিসৰৰ কামৰ প্ৰকল্প সামৰি ৰাইজৰ ব্যৱহাৰৰ বাবে দিয়াৰ আঁচনি গ্ৰহণ কৰা হৈছিল৷ খুউব শৃংখলাবদ্ধভাৱে আৰু নিয়াৰিকৈ দিল্লী মেট্ৰৰ কামবোৰ হৈ থকা দেখিছিলোঁ৷ সেই তেতিয়াৰে পৰা দিল্লী চহৰৰ পূৰ্ণকালীন নিবাসী হোৱালৈকে এই সময়ছোৱাত দিল্লী মেট্ৰৰ কাম-কাজ অতি ওচৰৰ পৰা পৰ্যৱেক্ষণৰ সুযোগ পাইছোঁ৷ দিল্লী মেট্ৰৰ সফলতাৰ মূল কাৰণ আছিল প্ৰতিষ্ঠানটোৰ নিয়মানুৱৰ্তিতা তথা প্ৰতিষ্ঠানটিৰ নিজস্ব এক ৱৰ্কিং মডেলগঢ়ি উঠাটো আৰু সৰ্বোপৰি ইয়াৰ মূল স্থপতি ব্যক্তিজন আৰু তেওঁৰ ব্যক্তিত্ব৷ তেখেত আছিল ই. শ্ৰীধৰণ৷ প্ৰতিষ্ঠান এটা গঢ়ি তোলাত ইয়াৰ নেতৃত্বপ্ৰাপ্ত লোকৰ কিমান গুৰুত্ব থাকে সেই কথা দিল্লী মেট্ৰআৰু শ্ৰীধৰণৰ সম্পৰ্কটোৱেই সোঁৱৰাই দিয়ে৷ নতুন ধৰণৰ প্ৰকল্প এটাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা, ইয়াৰ প্ৰায়োগিক প্ৰয়োগ আৰু ৰাজহুৱা স্বাৰ্থৰ সংৰক্ষণ আদি বহু দিশ জড়িত হৈ থাকে, এনে বিষয়ত দক্ষ আৰু দূৰদৰ্শী নেতৃত্বৰ প্ৰয়োজনীয়তা সৰ্বাধিক৷

 

শ্ৰীধৰণৰ সময়ত সম্পূৰ্ণ নিবিদাৰ প্ৰক্ৰিয়া (হেজাৰ কোটি টকীয়া নিবিদা), নিয়োগৰ ব্যৱস্থা তথা মানদণ্ড আৰু কৰ্ম সম্পাদনৰ সময়ৰ আদিৰ নিৰীক্ষণ আদি অত্যন্ত  স্বচ্ছ প্ৰক্ৰিয়া আছিল৷ জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৱেও যথেষ্ট গুৰুত্ব পাইছিল৷ দিল্লীৰ মেট্ৰনিৰ্মাণত, যদিও ই এক বৃহৎ প্ৰকল্প আছিল, কোনো বিশেষ বৃহৎ দুৰ্ঘটনা হোৱা নাছিল৷ এবাৰ কোনো এঠাইত নিৰ্মিয়মান কোনো ফ্লাইঅভাৰ খহি দুই এজন শ্ৰমিকৰ মৃত্যু আৰু আঘাতপ্ৰাপ্ত হৈছিল৷ শ্ৰীধৰণে ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল৷ পাছত দিল্লীৰ তদনীন্তন মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ অনুৰোধত পদত্যাগ উঠাই লৈছিল৷ শ্ৰীধৰণৰ সেই আদৰ্শ মডেলৰ আধাৰতে আজিও দিল্লী মেট্ৰচলি আছে৷ শ্ৰীধৰণৰ ব্যক্তিত্ব, প্ৰতিভা, নেতৃত্বৰ গুণ, বিষয়বস্তুৰ জ্ঞান আদি দিল্লী মেট্ৰৰ সফলতাৰ অন্যতম কাৰণ৷ এইটোও এক অতি বিচাৰ্যৰ বিষয় যে যেনেধৰণে ৰাজহুৱা ব্যৱস্থা আৰু উন্নয়নৰ দৰে এক স্পৰ্শকাতৰ বিষয় বা প্ৰতিষ্ঠানৰ সফলতা বহুসময়ত এজন ব্যক্তিৰ ওপৰতেই আওপকীয়াকৈ নিৰ্ভৰ কৰে, ঠিক তেনেদৰে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশেষকৈ পাৰমাণৱিক শক্তি, ক্ষেপণাস্ত্ৰ নিৰ্মাণ বা অন্যান্য ক্ষেত্ৰতো এই সকলো প্ৰগতিৰ অন্তৰালত আছিল একো একোটা প্ৰতিষ্ঠানৰ অৱদান৷ আকৌ, এনে প্ৰতিষ্ঠানবোৰৰ নিৰ্মাণ, গঠনকে ধৰি সকলো ক্ষেত্ৰতে এচাম পুৰোধালোকৰ অৱদান আছিল উল্লেখনীয়৷ যেনে হোমি জাহাংগীৰ ভাৱা, বিক্ৰম চাৰাভাই, ড০ এ.পি.জে আব্দুল কালাম, পি.চি. মহলানবিশ, আন বহুতো৷ এইসকলৰ পাছৰ পৰ্যায়তো এই অনুষ্ঠানসমূহক নিজৰ গৰিমাৰে চলাই যোৱা পাছৰ কালৰ লোকসকলো সমানেই প্ৰয়োজনীয়৷ গতিকে, প্ৰতিষ্ঠান এটাৰ প্ৰতিষ্ঠাৰে পৰা তাক সগৌৰৱে চলাই ৰখাৰ দায়িত্ব বহুপৰিমাণে সেই সংস্থাৰ নেতৃত্বপ্ৰাপ্ত লোকসকলৰ বিচক্ষণতাৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰে৷ আকৌ, শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আদিৰ বাবেতো এনে বিষয়সমূহ অতিকৈ প্ৰয়োজনীয়৷ বিশেষকৈ উচ্চ শিক্ষাৰ অনুষ্ঠান, যেনে বিশ্ববিদ্যালয়, মাবিদ্যালয় আদিৰ সফলতা বহু পৰিমাণে ইয়াৰ মূল কাণ্ডাৰীজনৰ ওপৰত নিৰ্ভৰশীল৷

ওপৰোক্ত উদাহৰণসমূহ কেৱল ভাল উদাহৰণ৷ কিন্তু একেসময়তে এনে বহু উদাহৰণ ওলাব, ত এজন অদক্ষ ব্যক্তিৰ অদূৰদৰ্শিতাই আৰু অন্যান্য অনিয়ম, অনীতি, কেলেংকাৰীয়ে এটা বৃহৎ অনুষ্ঠানৰ গৰিমা লাঘৱ কৰাৰ লগতে ইয়াৰ ভৱিষ্যতে বেয়া কৰি দিয়ে৷  কোনো এক প্ৰতিষ্ঠানৰ প্ৰতি থকা সাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাসক বৰ্তাই ৰখা যিমান সহজ নহয়, আকৌ কোনো প্ৰতিষ্ঠানক পুনৰ প্ৰতিষ্ঠাও সহজ নহয়৷ টি এন শেষাণৰ পূৰ্বে নিৰ্বাচন আয়োগৰ ক্ষমতা আৰু শক্তিৰ বিষয়ে সাধাৰণ জনতা ভালকৈ অৱগতই নাছিল৷ শেষাণে নিৰ্বাচন আয়োগক এক স্বকীয় মৰ্যাদা দিয়াত সফল হল৷  তাৰ পাছৰ পৰ্যায়তো বহুবোৰ দিশত নিৰ্বাচন আয়োগৰ মাজলৈ বহু পৰিৱৰ্তন আহিছে৷

 

প্ৰতিষ্ঠানসমূহৰ নেতৃত্বৰ লগতে যিকোনো ধৰণৰ সমস্যাৰ মোকাবিলা কৰিবৰ বাবেও বহু সময়ত বিচক্ষণতা আৰু দক্ষতাৰ লগতে সৱল নেতৃত্বৰ প্ৰয়োজন আছে৷ আকৌ যদি সেই ধৰণৰ সংকট সম্পূৰ্ণ নতুন আৰু পূৰ্বতে নঘটা ধৰণৰ হয়, তেতিয়া প্ৰয়োজনতকৈও অধিক দক্ষতাৰ প্ৰয়োজন হয় আৰু প্ৰয়োজন হয় কেৱল সৱল নেতৃত্বৰ৷ কভিড মহামাৰীৰ সময়ত এনেধৰণৰ সমস্যাৰ সন্মুখীন জনসাধাৰণ হৈছিল৷ বহুসময়ত চৰকাৰে জাৰী কৰা জাননী বা কভিডবিধিসমূহৰ মাজত সামঞ্জস্য নাছিল৷ অসমত ৰাস্তাৰৰ ইপাৰৰ দোকান খোলা, সিপাৰৰ বন্ধ, এটা চুবুৰী বন্ধ, আন এটা খোলা৷ চহৰ এখনৰ এক অংশ বন্ধ, একাংশ খোলা আদি বহুধৰণৰ টোগলকীবিধি জাৰী কৰা দেখা গৈছিল৷ এইবোৰ আছিল ওপৰৰ পৰ্যায়ৰ বিষয়াৰ নেতৃত্বৰ গুণ আৰু দূৰদৰ্শী দক্ষতাৰ অভাৱ৷ যদিও কথাটো লৈ অলপ তৰ্ক-বিতৰ্ক আছে তৎসত্বেও, প্ৰায় নিশ্চিত হোৱাৰ পাছতো চীনে ভাৰত আক্ৰমণ নকৰাৰ এটা মূল কাৰণ আছিল ভাৰতৰ বিদেশমন্ত্ৰী এছ. জয়শংকৰৰ বিচক্ষণ কূটনীতি৷ এছ. জয়শংকৰৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত থকা নেটৱৰ্কিংআৰু দক্ষ কূটনীতিয়ে দেশক সহায় কৰিছিল বুলি জনা যায়৷ গতিকে, সৱল নেতৃত্ব আৰু দক্ষতাই কেনেকৈ এক গভীৰ সংকটৰ পৰা দেশক উদ্ধাৰ কৰিলে(বৰ্তমানলৈকে!), এছ. জয়শংকৰ তাৰ উদাহৰণ৷

 

বৰ্তমান সময়ৰ এক তৎকালীন উদাহৰণ হৈছে মণিপুৰ৷ বিফল নেতৃত্ব, অদক্ষতা আৰু দূৰদৰ্শিতাৰ অভাৱৰ বাবেই আজি মণিপুৰৰ জুই জ্বলিছে আৰু সাধাৰণ জনতাই জীয়াতু ভূগিছে৷ বীৰেণ সিঙৰ নেতৃত্বাধীন অদক্ষ মন্ত্ৰীসভা আৰু বিষয়া-অমাত্যবৰ্গৰ নেতৃত্বৰ অভাৱে এখন অতি সম্ভাৱনাপূৰ্ণ ৰাজ্যক আৰু পঞ্চাছবছৰ পিছুৱাই লৈ গল৷ ই কেৱল মণিপুৰৰ দুৰ্ভাগ্য নহয়, ই সমূহীয়াভাৱে আমাৰ সমাজ আৰু দেশৰে দুৰ্ভাগ্য৷

 

ইতিবাচক আৰু মানসম্পন্ন পৰিৱৰ্তনৰ বাবে এক ভিচনআৰু তাৰ প্ৰায়োগিক দিশবোৰৰ প্ৰয়োজনীয়তা আছে৷ এইক্ষেত্ৰত এক সবল নেতৃত্বইহে যিকোনো প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰয়োজনীয় গতিশীলতা প্ৰদান কৰিব পাৰে৷ প্ৰকৃত নেতৃত্বইহে এটা প্ৰতিষ্ঠানৰ মূল্যবোধ, চৰিত্ৰ আৰু সংস্থাগত প্ৰমূল্যৰ সুৰক্ষা আৰু সময়সাপেক্ষ পৰিৱৰ্তনক গ্ৰহণ কৰি মূল কাঠামোক একেই ৰাখে৷ ‘Good leaders build good institutions, outstanding leaders developes institutes that last long! নেতৃত্বৰ দক্ষতাৰ ওপৰতেই যে বহুসময়ত প্ৰতিষ্ঠান এটাৰ চৰিত্ৰ নিৰ্ণিত হয়৷

 

এইখিনিতে পাঠকৰ বাবে ইংৰাজী ভাষাৰ Organization আৰু Institution শব্দ দুটাৰ অসমীয়া প্ৰতিশব্দ সংস্থাআৰু প্ৰতিষ্ঠানৰ মাজত থকা পাৰ্থক্যটো অলপ কৈ লওঁ৷ সংস্থা এটা এক নিৰ্দিষ্ট উদ্দেশ্য লৈ এক ব্যক্তিসমষ্টিৰ দ্বাৰা স্থাপন হয়। সংস্থা এটাই আন্তৰিক প্ৰচেষ্টা, আভ্যন্তৰীণ নীতি-নিয়ম আদিৰ মাজেৰে এক প্ৰক্ৰিয়াৰ অংশীদাৰ হয়৷ নিৰ্দিষ্ট লক্ষ্যত সফলভাৱে উপনীত হলে বা এই প্ৰক্ৰিয়াৰ মাজভাগতো সংস্থাৰ বিলুপ্তি ঘটিব পাৰে৷ কিন্তু প্ৰতিষ্ঠান এটা বেছি স্থায়ী অনুষ্ঠান৷ বহুসময়ত প্ৰতিষ্ঠান এটা সামাজিক প্ৰয়োজনীয়তা, চাহিদা বা ৰাজহুৱা দাবীৰ ভিত্তিতো প্ৰতিষ্ঠা হয়৷ Esman and Blaire য়ে প্ৰতিষ্ঠানক ‘Organizations which incorporate, foster and protect normative relationships and action patterns and perform functions and sevices which arevalued in the environment’ বুলি মন্তব্য কৰিছিল৷ গতিকে প্ৰতিষ্ঠান স্থাপন কৰা সহজ হলেও, প্ৰতিষ্ঠান এটাক সুচাৰুৰূপে চলাই নিয়াৰ যি এক প্ৰক্ৰিয়া, সেয়া নিতান্তই প্ৰতিষ্ঠানৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰশীল৷ বহুতো সংস্থাও পৰ্যায়ক্ৰমে প্ৰতিষ্ঠানলৈ পৰিগণিত হ্য৷ সেয়াও এক নিৰন্তৰ প্ৰক্ৰিয়াৰ মজেৰেহে সম্ভৱ হৈ উঠিব পাৰে৷

 

প্ৰতিষ্ঠান স্থাপন আৰু তাক কাৰ্যকৰীভাৱে সফলতাৰে চলাই নিয়াৰ ক্ষেত্ৰত উৎকৃষ্ট নেতৃত্বৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল বিশিষ্ট বিজ্ঞানী বিক্ৰম ছাৰাভাই্য়ে৷ ১৯৪৭ চনৰ পৰা ১৯৭১ চনত মৃত্যুৰ সময়লৈকে তেখেতে প্ৰায় প্ৰতিবছৰ এটাকৈ প্ৰতিষ্ঠান স্থাপন কৰিছিল৷ কেৱল প্ৰতিষ্ঠান নিৰ্মাণ কৰাই নহয়৷ ইয়াৰ প্ৰকৃত ব্যৱস্থাপনা, পুঁজিৰ ব্যৱস্থা আদি দিশৰো গুৰুত্ব দিছিল৷ বিক্ৰম ছাৰাভাইয়ে স্থাপন কৰা এই প্ৰতিষ্ঠানসমূহো আকৌ বিভিন্ন ক্ষেত্ৰত বাবে প্ৰতিষ্ঠা কৰা৷ ইয়াৰ বহুকেইটা প্ৰতিষ্ঠান বৰ্তমান দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে সমাদৃত৷ বিক্ৰম ছাৰাভাইয়ে প্ৰতিষ্ঠা কৰা কেইটামান প্ৰতিষ্ঠান হফিজিকেল ৰিছাৰ্চ লেবৰেটৰি, আহমদাবাদ, ইলেকট্ৰনিকছ্ কৰপৰেশ্বন অব ইণ্ডিয়া, বিক্ৰম ছাৰাভাই স্পেচ চেণ্টাৰ, আহমদাবাদ টেক্সটাইল ইণ্ড্ৰাষ্টিজ ৰিছাৰ্চ এছশ্বিয়েশ্বন, দৰ্পণ একাডেমি অব পাৰ্ফৰ্মিং আৰ্ট, আই.আই.এম, আহমদাবাদ আদি৷

 

গতিকে এজন প্ৰকৃত প্ৰতিষ্ঠান চলোৱাৰ দক্ষতা থকা ব্যক্তিৰ কেৱল বিষয়গত জ্ঞান থাকিলেই নহব৷ মানৱীয় প্ৰমূল্যসমূহো থাকিব লাগিব৷ এইটো প্ৰকৃত দক্ষ নেতৃত্বৰ এক প্ৰয়োজনীয় গুণ৷ লক্ষ্য আৰু প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিব পৰা হোৱাৰ লগতে, একেসময়তে বিষয়া কৰ্মচাৰী সকলৰ উন্নয়ন, অগ্ৰগতি আদিৰ প্ৰতিও প্ৰকৃত ধ্যান দিব পৰা হব লাগিব৷ নিজৰ বিষয়া-কৰ্মচাৰীৰ মাজত এক বিশ্বাস আৰু আস্থাৰ পৰিৱেশ গঢ়ি তুলি, এক বিচক্ষণ কৰ্ম পৰিৱেশ গঢ়িব পৰাটোও সমানেই প্ৰয়োজনীয়৷ ভাৰতৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত টাটা গ্ৰুপক চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই৷ এক গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী টাটা গ্ৰুপৰ বৰ্তমানৰ বিকাশ আৰু উন্নয়ন ৰতন টাটাৰ দক্ষতা আৰু নেতৃত্বৰ ওপৰত বহুদূৰ পৰিচালিত আছিল৷ আজি কেইবছৰ মানৰ আগতে টাটা গ্ৰুপে ৰতন টাটাৰ উত্তৰসূৰী বিচৰাৰ এক কামত নিয়োজিত হৈছিল আৰু বহু বিচাৰ-খোচাৰ কৰি শ্বাপূৰজী পালনজী গ্ৰুপৰ চাইৰাছ মিস্ত্ৰীক এই দায়িত্ব দিছিল৷ কিন্তু টাটা গ্ৰুপৰ লক্ষ্য আৰু উদ্দেশ্যক লৈ চাইৰাছ মিস্ত্ৰীৰ বিফলতাই পাছত তেওঁক টাটা গ্ৰুপৰ মূখ্য কাৰ্যবাহী বিষয়াৰ পদৰপৰা অব্যাহতি দিয়াইছিল৷ এই লৈ আদালতত গোচৰ আদিও চলিছিল৷ গতিকে কোনো এটা প্ৰতিষ্ঠানৰ নেতৃত্ব নিৰ্বাচন এক অতি প্ৰয়োজনীয় দিশ৷ বিক্ৰম ছাৰাভাই, যি নিজেই এজন বিশিষ্ট নেতৃত্বৰ গুণ থকা ব্যক্তি আছিল, তেখেতে নিজে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানসমূহৰ নেতৃত্বৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা আৰু সাৱধানতা গ্ৰহণ কৰিছিল৷ এটা উদাহৰণ দিব বিচাৰিছোঁ৷

          

আহমদাবাদ টেক্সটাইল ইণ্ডাষ্ট্ৰি ৰিছাৰ্চ এছশ্বিয়েশ্বনৰ প্ৰথমজন ফুলটাইম সঞ্চালক বিচৰাৰ বাবে বিক্ৰম ছাৰাভাইয়ে বহুবছৰ সময় লৈছিল৷ ১৯৫৬ চনত Helmut Wakeham নামৰ এজন আমেৰিকান বিশেষজ্ঞক প্ৰথম সঞ্চালক নিয়োগ কৰা হৈছিল৷ এই নিৰ্বাচনৰ বাবে বিক্ৰম ছাৰাভাইয়ে কেৱল বিষয়গত ব্যুৎপত্তি আৰু ব্যৱস্থাপনাৰ গুণৰ ওপৰত ভৰষা কৰা নাছিল৷ প্ৰাৰ্থীজনৰ দূৰদৰ্শিতা, প্ৰতিষ্ঠানক লৈ থকা সপোন বা আগ্ৰহ আদি বহুবোৰ দিশ চোৱা হৈছিল৷ এই প্ৰতিষ্ঠান বৰ্তমান বিশ্বৰে এক আগশাৰীৰ প্ৰতিষ্ঠান৷ এইবোৰ একো একোটা উদাহৰণহে৷ মিছাইল আৰু পৰমাণু পৰীক্ষাৰ ক্ষেত্ৰখনত এ.পি.জে. আব্দুল কালামৰ নেতৃত্ব আৰু দক্ষতাৰ কথা নিশ্চয় পুনৰাই কোৱাৰ প্ৰয়োজন নাই৷ তেনেকৈ আমাৰ দেশত স্থাপন হোৱা আগশাৰীৰ বিশ্ববিদ্যালয় বা কলেজবোৰৰ প্ৰতিষ্ঠা আৰু পৰৱৰ্তী সময়ৰ ইয়াৰ উৎকৰ্ষৰ মাজত একোজন যোগ্য ব্যক্তিৰ সৱল নেতৃত্বই সেই প্ৰতিষ্ঠানৰ বৰ্তমান আৰু ভৱিষ্যৎ গঢ়াত প্ৰভাৱ পেলায় আহিছে৷ প্ৰতিষ্ঠান একোটাই দেশৰ ভৱিষ্যৎ গঢ়ে৷ প্ৰতিষ্ঠান একোটাৰ সফলতাত দেশৰ সফলতা নিহিত থাকে৷ গতিকে সৱল নেতৃত্বৰ বলতহে দেশে এনে সফল প্ৰতিষ্ঠান গঢ়াত সফল হয়৷ আমাৰ বিদ্যালয়-মহাবিদ্যালয়ৰ পৰ্যায়ত নেতৃত্বগুণক লৈ বিশেষ গুৰুত্ব দিয়া দেখা নাযায়৷ প্ৰকৃততে এনে দক্ষতা আৰু গুণ আহৰণৰ প্ৰাৰম্ভিক ব্যৱস্থা ছাত্ৰ অৱস্থাৰ পৰাই আৰম্ভ হলে ভাল হয়৷ নিজৰ ইচ্ছাৰ ব্যুৎপত্তিগত জ্ঞান লাভ কৰাৰ লগতে সমাজ আৰু দেশক নেতৃত্ব দিব পৰা জ্ঞানে নিঃসন্দেহে আমাৰ ভৱিষ্যতৰ বাবে সহায়ক হব৷

 

ঠিকনা :

উপ সঞ্চালক,

ৰাষ্ট্ৰপতি সচিবালয়, ৰাষ্ট্ৰপতি ভৱন,

নতুন দিল্লী৷

ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ