পঙ্কজ প্ৰতিম বৰদলৈ
বহুবছৰৰ পাছত নিজৰ
গৃহ চহৰ যোৰহাটত কিছুদিন দীঘলীয়াকৈ থকাৰ সুযোগ পালোঁ৷ চহৰখন আৰু কাষৰীয়া অঞ্চলটোক জুমি
চালোঁ৷ গুৱাহাটীৰ পাছত যোৰহাট ভৌগলিকভাৱে অতি গুৰুত্বপূৰ্ণ চহৰ৷ যাতায়ত আৰু যোগাযোগৰ
সুচলতা এই চহৰৰ অন্যতম বৈশিষ্ট্য৷ ‘আছাম প্ৰপাৰ’ বুলি কোৱা অংশটোৰ কেন্দ্ৰবিন্দু যোৰহাট৷
মই বিশ্বাস কৰি আহিছো
—এখন চহৰৰো এটা লয় থাকে, নিশ্বাসৰ দৰে, ধীৰ, স্থিৰ, গভীৰ আৰু আপোন৷ উজনি অসমৰ এসময়ৰ
মফচলীয়া মোৰ চহৰ যোৰহাটে যেন এনেদৰে শ্বাস লৈছিল একেলগে, এসময়ত৷ পুৱাবোৰ আহিছিল নিঃশব্দে—বাঁহ
আৰু বনত লাগি থকা কুঁৱলী, সৰু সৰু পথত ভিজা
মাটিৰ গোন্ধ, আৰু লাহে লাহে উজলি উঠা ৰ’দ৷ সূৰ্যটোৱে কেতিয়াও ল’ৰালৰি কৰা নাছিল; আমিও
নকৰিছিলোঁ৷ যোৰহাটৰ শৈশৱ মানে ঘড়ীৰ কাঁটাত ধৰা সময় নাছিল, ই আছিল ঋতুৰ লগত জড়িত—পকা
বগৰীৰ সোৱাদ, ভোগদৈৰ পানীৰ মন-মেজাজ, আৰু ভাদৰ দুপৰীয়াৰ দীঘল ছাঁ, যেতিয়া চহৰখনে
যেন নিজেই ৰৈ নিজক শুনিছিল৷
এতিয়া মই অতিথি অনুভৱ
কৰোঁ—মোৰ নিজৰ চহৰখনত, মোৰ নিজৰ অতীত স্মৃতিৰ মাজত৷ যোৰহাট এতিয়া আগবাঢ়িছে, উচ্চতাত
আৰু শব্দত৷ আগতে য’ত সেউজীয়া গছে আকাশৰ সীমা আঁকি দিছিল, এতিয়া কংক্ৰিটে সেই আকাশ
ছানি ধৰিছে৷ পথবোৰ বহল হৈছে, অঞ্চলবোৰ চাফ-চিকুণ হৈছে, কিন্তু কিবা এটা সংকুচিত হৈছে—আমাৰ
অপেক্ষাৰ ধৈৰ্য আৰু নীৰৱতাৰ সৈতে সহবাসৰ ক্ষমতা৷ আত্মবিশ্বাসেৰে উন্নয়ন আহিছে—ফ্লাইঅ’ভাৰ,
মল, কেফে, এপাৰ্টমেণ্ট, সুবিধা আৰু সুযোগৰ প্ৰতিশ্ৰুতি লৈ৷ কিন্তু প্ৰতিটো নতুন কংক্ৰিটৰ
মহলা আকাশৰ উচ্চতালৈ উঠাৰ লগে লগে মোৰ শৈশৱৰ এটা স্তৰ যেন নিঃশব্দে খহি পৰে স্মৃতিৰ
অটল তলীত৷
কৈশোৰৰ চহৰখনৰ যিবোৰ
ৰাস্তাত খোজ কাঢ়িছিলোঁ, যেন চুবুৰীটোৰে সম্প্ৰসাৰিত ৰূপ আছিল৷ চহৰখনে, ৰাস্তাবোৰে
আমাক চিনি পাইছিল, আমিও চহৰখনক৷ ওচৰ চুবুৰীয়াসকল অচিনাকী নাছিল, আমাৰ উচ্ছল দুপৰীয়া
বিলাকৰ তেওঁলোক আছিল অভিভাৱক৷ যি মাটিত থিয় হৈ আছে সেই মাটিক সন্মান জনায়, ঘৰবোৰত একধৰণৰ
নমনীয়তা আছিল, আধিপত্য স্থাপনৰ অনিচ্ছাৰে স্থাপত্যত আছিল এক ধৰণৰ সৌজন্যতা৷ গছবোৰে
চোতালত হেলান দিছিল, পুখুৰীবোৰে আকাশখন দাপোন কৰিছিল আৰু সন্ধিয়াবোৰে বাৰাণ্ডাত মানুহক
গোটাইছিল য’ত চাহৰ দৰে সহজে গল্পবোৰ বৈ গৈছিল৷ মোৰ মাৰিয়া ৰিল্কেৰ কথা মনলৈ আহিছে
“একমাত্ৰ যাত্ৰা হ’ল অন্তৰ্মুখী যাত্ৰা৷” ৰিল্কেই বাহ্যিক ভ্ৰমণতকৈ গভীৰ আত্ম-আৱিষ্কাৰ,
আধ্যাত্মিক পূৰ্ণতা আৰু বিবেকৰ প্ৰাধান্যতাক গুৰুত্ব দিছিল৷ এই অন্তৰ্নিহিত অন্বেষণৰ
বাবে আৰু প্ৰজ্ঞা লাভ কৰিবলৈ নিজৰ প্ৰকৃত চিন্তা, আৱেগ আৰু অসম্পূৰ্ণতাৰ সন্মুখীন হ’বলৈ
সাহসৰ প্ৰয়োজন৷ মই সেই সাহস যোৰহাটত অনুভৱ কৰোঁ৷ যোৰহাটত বাহ্যিক যাত্ৰা ইমানেই কোমল
আছিল যে ৰিল্কেৰ সেই অন্তৰ্মুখী গতিৰ অনুমতি দিছিল৷
মফচলীয়া চহৰখনৰ সময়ৰ
নিজস্ব ব্যাকৰণ আছিল৷ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে দোকান বন্ধ; খালী হৈ পৰা ৰাস্তা৷
ৰাজপথত শিশু-কিশোৰে উৎসাহেৰে অধিকাৰ সাব্যস্ত কৰিছিল৷ চহৰখনৰ আশ্বাসতে আমি বৰষুণে ভৰ্তি
ডাৱৰৰ তলত খেলিছিলোঁ৷ ৰাতি সোনকালে আৰু গভীৰভাৱে নামিছিল, আন্ধাৰক নিয়ন লাইটেৰে পৰাস্ত
কৰাৰ কথাই নাছিল, কথা আছিল আন্ধাৰ পোহৰৰ বাংময় সহাৱস্থানৰ৷ জোনাকী পৰুৱাবোৰ ৰূপক নাছিল—সিহঁত
আছিল সংগী৷ নিস্তব্ধতা শূন্যতা নাছিল— নীৰৱতাৰ উপস্থিতিৰে সৰৱ আছিল৷
আমাক কোৱা হৈছে যে—নগৰীকৰণ
অনিবাৰ্য৷ অগ্ৰগতি মানেই উন্নতি, উন্নতিৰ বিস্তাৰ মানেই সফলতা৷ ৰাস্তা-ঘাট, চিকিৎসালয়,
বিশ্ববিদ্যালয়, জীৱিকাৰ প্ৰয়োজনীয়তাক মই অস্বীকাৰ নকৰো৷ যোৰহাট এই সকলোবোৰৰ যোগ্য৷
কিন্তু মই ভাবোঁ প্ৰগতিয়ে ইমান সঘনাই স্মৃতি মচি পেলোৱাৰ দাবী কিয় কৰে? উন্নয়ন এক
সফল আলোচনাৰ পৰিৱৰ্তে বিচ্ছিন্নতা হিচাপে কিয় আহিব লাগিব? চহৰখনৰ নতুন উলম্ব উচ্চাকাংক্ষাই
যেন পাহৰি গৈছে ইয়াৰ অনুভূমিক সম্পৰ্কবোৰ—ভূমি, পানী আৰু মানুহৰ সৈতে৷
আজিও মই তেনেকুৱা
ঠাইত থিয় দিওঁ, য’ত এসময়ত চাহবাগিচাই বতাহৰ লগত ফুচফুচাই কথা পাতিছিল৷ সেই সেউজীয়া
ধাৰাবাহিকতাক এতিয়া দেৱাল আৰু বিজ্ঞাপনৰ ফলকে ঢাকি পেলাইছে৷ চাহপাতৰ সুঘ্ৰাণৰ ঠাইত
ধূলি আৰু ডিজেলৰ দুৰ্গন্ধ৷ আকাশখন সৰু যেন লাগে, বিদ্যুতৰ বিভিন্ন তাঁৰ আৰু মোবাইল
টাৱাৰে স্তব্ধ কৰিছে আকাশলৈ চোৱাৰ প্ৰৱণতা৷ এই মুহূৰ্তবোৰত মনত পৰে টি. এছ. এলিয়টৰ
নিস্তব্ধ দুখ—“Where is the life we have lost in living?” হয়তো আমি এইটোও সুধিব পাৰোঁ:
চহৰখন নিৰ্মাণত আমি হেৰুৱাই পেলোৱা চহৰখন ক’ত?
শৈশৱৰ স্মৃতি কেৱল
নষ্টালজিয়া নহয়; ই এক নৈতিক কাঠামোও৷ ই আমাক মনত পেলায়—এসময়ত কিমান কম বস্তু বা
সা-সুবিধাই যথেষ্ট আছিল৷ যোৰহাটত যথেষ্ট মানে আছিল নিশ্বাস ল’ব পৰা ঠাই, আৰু থমকি থাকিব
পৰা সময়৷ আজি গতিশীলতাৰ তীব্ৰতাই সৰ্বোচ্চ গুৰুত্ব পাইছে৷ কেফে বাঢ়িছে, কিন্তু কথা-বাৰ্তা
কমিছে, বুজাবুজি কমিছে৷ এপাৰ্টমেণ্টৰ নিৰ্মাণ বৃদ্ধি হৈছে, কিন্তু খিৰিকীবোৰ খুব কমেই
খোলা থাকে৷ চহৰখনৰ অধিক গতিময় শব্দত, নিজেই যেন চহৰখন মূক হৈ পৰিছে৷
তথাপিও স্মৃতি নোহোৱা
হৈ যোৱা নাই৷ ই হঠাতে সাৰপাই উঠে—পুৰণি পথৰ ভাঁজ এটাত৷ আকাশৰ এটা খণ্ড প্ৰতিফলিত কৰা
বাচি থকা পুখুৰী এটাত, জেদীভাৱে নিজৰ মাটি খামুচি থকা বটগছ এজোপাত৷ এই অৱশিষ্টবোৰ আধা
মচি পেলোৱা কবিতাৰ পংক্তিৰ দৰে৷ পাব্লো নেৰুদাই লিখিছিল—“I want to do with you
what spring does with the cherry trees.” মোৰ অনুভৱ হয় আমাৰ এই নগৰীকৰণৰ প্ৰক্ৰিয়াই
নিজৰ চহৰবোৰৰ সৈতে সংহতভাৱে যদি কাম কৰিলে হেতেঁন৷ ধ্বংস নকৰাকৈ নবীকৰণ আৰু স্মৃতিবিলোপ
নোহোৱাকৈ ৰূপান্তৰকৰণ৷
এখন নিদ্ৰালু নগৰে
সপোন নেদেখা এখন চহৰ এখনলৈ পৰিৱৰ্তিত হৈ উঠা দেখি এক বিশেষ দুখ অনুভৱ হয়৷ যোৰহাটৰ
সৌন্দৰ্যত কেতিয়াও আড়ম্বৰতা নাছিল; ই আছিল অন্তৰংগ, সৰল৷ তাৰ মাধুৰ্য আছিল সংযমত৷
নদীৰ পাৰ, চাহবাগিচা, সাধাৰণ ঘৰবোৰ, ধীৰ স্থিৰ জীৱন, এই সকলোৱে মিলি এক অনুভৱৰ পৰিৱেশ
সৃষ্টি কৰিছিল৷ আজি উন্নয়নে ভূমিক সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে, ইয়াৰ লগত জড়িত স্মৃতি
ইয়াৰ বাবে অপাংক্তেয়৷ পুখুৰী পুতি এপাৰ্টমেণ্ট নিৰ্মাণ হয়, গছ কটা হয়, আৰু তাৰ লগে
লগে সেই ঠাইবোৰত জড়িত কাহিনীবোৰো অন্তৰ্হিত হয়৷
কেতিয়াবা অনুভৱ
হয় মোৰ সন্মতি নোলোৱাকৈ মোৰ নিজৰ শৈশৱেই যেন খহি পৰিছে চপৰাচপৰ ইটাৰ দৰে৷ মই জানো
চহৰবোৰো মানুহৰ দৰে সময়ৰ এটা পলত ৰৈ যাব নোৱাৰে৷ প্ৰত্যাহ্বানটো হৈছে স্মৃতিক জীপাল
কৰিও কিদৰে উন্নয়নক আকোৱালি ল’ব পাৰি৷৷ কেনেকৈ স্মৃতিক জীয়াই ৰাখি নিৰ্মাণ কৰিব পাৰি
আৰু আৰু আমাৰ শিপা বিচ্ছিন্ন নকৰাকৈ অগ্ৰগতি লাভ কৰিব পাৰি৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা
বাক্য মনলৈ আহিছে, “The highest education is that which does not merely give us
information but makes our life in harmony with all existence.” যোৰহাটৰ উন্নয়ন যদি
এই অৰ্থত আগবাঢ়িব পাৰে, তেন্তে কেনেকুৱা হ’ব? নিজৰ নদী, গছ, ইতিহাস আৰু অনাগত প্ৰজন্মৰ
শিশুবোৰৰ সৈতে সামঞ্জস্য থাকিব পৰা উন্নয়ন৷
মই যেতিয়া পৰিৱৰ্তিত
ৰাস্তাবোৰেৰে খোজ কাঢ়োঁ, মোৰ ভিতৰত দুখন যোৰহাট বহন কৰি লৈ ফুৰোঁ৷ এখন আজিৰ—উচ্চকাংক্ষী,
বিস্তৃত আৰু অশান্ত৷ আনখন মোৰ শৈশৱৰ—নীৰৱ, সেউজীয়া আৰু ধৈৰ্যশীল৷ এই দুখনৰ মাজত স্মৃতিৰ
এখন ভঙ্গুৰ দলং আছে৷ মই বাৰে বাৰে সেই দলংখন পাৰ হওঁ, এই আশাত যে এদিন বৰ্তমানৰ চহৰখনে
থমকি ৰৈ পুৰণি চহৰখনলৈ উভতি চাব পাৰে আৰু উপলব্ধি কৰিব যে অগ্ৰগতি অৰ্থপূৰ্ণ হ’বলৈ
কোলাহল হোৱাৰ প্ৰয়োজন নাই৷
সম্ভৱতঃ উন্নয়নৰ
প্ৰকৃত মাপকাঠি এইটো নহয় যে এখন নগৰ কিমান উচ্চতালৈ উঠিল, বৰঞ্চ এইটোহে যে নিজৰ অতীতক
কিমান আন্তৰিকতাৰে বুকুত সামৰি ৰাখিব পাৰিলে৷ সাৰ পাবলৈ শিকিও যদি যোৰহাটে নিজৰ অতীত
আৰু স্মৃতিক মনত ৰাখিব পাৰে, তেন্তে হয়তো কিছু কথা বাছি থাকিব৷ তেতিয়ালৈকে মই স্মৃতিলৈ
উভতি গৈ থাকিম পুৰণি নীৰৱ কথকতা শুনি, কংক্ৰিটৰ তলত এতিয়াও চহৰখন শ্বাস লৈ আছে বুলি
বিশ্বাস কৰি৷
পুনৰোক্তিঃ এইয়া
কমবেছি পৰিমাণে প্ৰতিখন মফচলৰ পৰা মহানগৰমুখী চহৰৰ কাহিনী৷ যোৰহাট এক ৰূপকহে মাত্ৰ৷
