পঙ্কজ প্ৰতিম বৰদলৈ
আধুনিক বিশ্বসাহিত্যৰ জটিল, বহুমাত্ৰিক আৰু গভীৰ চিন্তাশীল পৰিসৰত অমিতাভ ঘোষ এক অসামান্য সাহিত্যিক শক্তি, যাৰ ৰচনাসমূহে ভাৰতীয় ইংৰাজী সাহিত্যক বিশ্বমানচিত্রত এক নতুন বৌদ্ধিক উচ্চতালৈ উত্তোলন কৰিছে৷ তেওঁ কেৱল এজন সফল ঔপন্যাসিক নহয়; তেওঁ ইতিহাসৰ পুনৰপাঠক উপনিৱেশবাদৰ কঠোৰ সমালোচক, পৰিৱেশ-সংকটৰ দূৰদৰ্শী ব্যাখ্যাকাৰ, ভাষিক বহুত্বৰ উদযাপক, আৰু বিশ্বায়নৰ যুগত স্থানচ্যুত, প্রান্তিক আৰু নীৰৱ মানুহৰ কণ্ঠস্বৰ৷ অমিতাভ ঘোষৰ সাহিত্যৰ মূল শক্তি ইয়াতেই যে তেওঁ ৰচনাৰ মাজত সভ্যতাৰ অন্তঃসাৰ, ইতিহাসৰ নিস্তব্ধ অঞ্চল, সাম্ৰাজ্যবাদৰ হিংসা, পৰিৱেশৰ কান্দোন আৰু মানুহৰ আত্মপৰিচয়ৰ গভীৰ সংকটসমূহ উন্মোচিত হয়৷ তেওঁৰ সাহিত্য পঢ়া মানে কেৱল উপন্যাসৰ কাহিনী অনুসৰণ কৰা নহয়; ই এক বৃহত্তৰ ঐতিহাসিক, নৃতাত্ত্বিক, দাৰ্শনিক আৰু নৈতিক অভিযাত্ৰাত অংশগ্ৰহণ কৰা৷ অমিতাভ ঘোষৰ সাহিত্যিক সত্তাৰ ভেটিঁ গঢ়ি উঠিছে তেওঁৰ বহুভৌগোলিক জীৱন-অভিজ্ঞতা, একাডেমিক শৃঙ্খলা আৰু ইতিহাস-সচেতন কল্পনাশক্তিৰ মিলনত৷ ১৯৫৬ চনত কলকাতাত জন্মগ্ৰহণ কৰা ঘোষে ভাৰতৰ উপৰিও বাংলাদেশ, শ্ৰীলংকা, ইজিপ্ট, ইংলেণ্ড আৰু আমেৰিকাৰ সামাজিক-সাংস্কৃতিক বাস্তৱৰ সৈতে গভীৰভাৱে সংস্পৰ্শ লাভ কৰিছে৷ এই অভিজ্ঞতাই তেওঁৰ সাহিত্যক এক অনন্য আন্তঃৰাষ্ট্ৰীয়তা প্ৰদান কৰিছে৷ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত শিক্ষা গ্ৰহণৰ পিছত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত সামাজিক নৃতত্ত্বৰ অধ্যয়নে তেওঁৰ সাহিত্যত এক শক্তিশালী anthropological vision সঞ্চাৰিত কৰে৷ সেয়েহে তেওঁৰ উপন্যাসসমূহত মানুহ কেৱল কাহিনীৰ চৰিত্ৰ নহয়; তেওঁলোক বৃহত্তৰ সামাজিক শক্তি, ঐতিহাসিক প্ৰক্ৰিয়া, ভাষিক বিন্যাস আৰু ক্ষমতাৰ গঠনমূলক বলয়ৰ অংশ৷ এই কাৰণেই তেওঁৰ সাহিত্যত ব্যক্তিগত জীৱন সদায় ইতিহাসৰ সৈতে সংলগ্ন, আৰু স্থানীয় অভিজ্ঞতা বিশ্ব-ইতিহাসৰ বৃহত্তৰ ধাৰাৰ সৈতে জড়িত৷
তেওঁৰ সাহিত্যৰ অন্যতম মৌলিক অৱদান হৈছে ইতিহাসক নতুনকৈ পঢ়াৰ ক্ষমতা৷ ঔপনিৱেশিক ইতিহাসৰ চৰকাৰী দলিল, সাম্ৰাজ্যবাদী ভাৱধাৰা অথবা ৰাষ্ট্ৰীয়তাবাদী ইতিহাস-চেতনা আদিয়ে নস্যাৎ কৰা সমাজ আৰু পৰিৱেশৰ মাজত ঘোষে সেই নীৰৱ অঞ্চলসমূহত আলোকপাত কৰে৷ তেওঁৰ The Shadow Lines এই ক্ষেত্ৰত এক ঐতিহাসিক সাহিত্যিক মাইলৰ খুঁটি৷ এই উপন্যাসত ভাৰত বিভাজন, সাম্প্রদায়িক হিংসা, ঢাকাৰ ৰাজনৈতিক অস্থিৰতা, কলকাতাৰ স্মৃতি আৰু লণ্ডনৰ সাংস্কৃতিক স্থানসমূহ একধৰণৰ স্মৃতিত একত্ৰিত হয়৷ ঘোষে দেখুৱাইছে যে সীমাৰেখা ভূগোলৰ বিষয় হ’ব পাৰে, কিন্তু স্মৃতিৰ নহয়৷ জাতি, দেশ, সীমা—এইবোৰ আধুনিক ৰাজনৈতিক নির্মাণ; কিন্তু মানুহৰ আৱেগ, সম্পর্ক আৰু স্মৃতি বহু সময়ত এই কৃত্ৰিম সীমাক অতিক্ৰম কৰে৷ এই উপন্যাসত “shadow lines” কেৱল মানচিত্ৰৰ সীমা নহয়; ই মানুহৰ মনোজগত, ইতিহাসৰ বিকৃতি, আৰু জাতীয়তাবাদৰ অন্তঃসাৰশূন্য বিভাজনৰ প্ৰতীক৷ দক্ষিণ এছিয়াৰ বিভাজন-ইতিহাসক বুজিবলৈ এই গ্ৰন্থ এক অনিবার্য সাহিত্যিক পাঠ৷ অমিতাভ ঘোষৰ সাহিত্যৰ অন্যতম বৃহৎ শক্তি হৈছে সাম্ৰাজ্যবাদ আৰু বিশ্ব-পুঁজিবাদৰ গঠনমূলক হিংসাৰ সূক্ষ্ম বিশ্লেষণ৷ Ibis Trilogy—Sea of Poppies, River of Smoke আৰু Flood of Fire—এই দিশত আধুনিক সাহিত্যৰ এক মহাকাব্যিক সৃষ্টি৷ এই তিনিটা খণ্ডত ঘোষে উনবিংশ শতিকাৰ আফিং বাণিজ্য, ভাৰতীয় কৃষকৰ ওপৰত উপনিৱেশিক শোষণ, চীন-ভাৰত-ব্ৰিটেইনৰ বাণিজ্যিক সংঘাত, শ্ৰমিক শোষণ, সমুদ্ৰযাত্ৰা, ভাষিক বহুত্ব আৰু সাম্ৰাজ্যবাদী অর্থনীতিৰ নিৰ্মম গঠনক বিস্ময়কৰ ব্যাপ্তিত উপস্থাপন কৰিছে৷ Sea of Poppies-ত গংগাৰ উপত্যকাৰ কৃষিজীৱন আৰু আফিং-নির্ভৰ ঔপনিৱেশিক অর্থনীতিৰ সংযোগে দেখুৱায় যে সাম্ৰাজ্যবাদ কেৱল ৰাজনৈতিক আধিপত্য নহয়; ই কৃষি, খাদ্য, শ্রম, নৈতিকতা আৰু দৈনন্দিন জীৱনৰ গভীৰতম স্তৰত হস্তক্ষেপ৷ দীতি, কলুৱা, জাছেৰী, লেম্বাৰ্ট, নীল,—এই বহুমাত্রিক চৰিত্ৰসমূহৰ মাজেৰে ঘোষে দেখুৱাইছে যে ইতিহাসৰ বৃহৎ ঘটনাবলী কেবল সম্রাট বা সেনাপতিৰ দ্বাৰা নিৰ্মিত নহয়; প্ৰকৃত ইতিহাস গঢ়ে নীৰৱ শ্রমিক, নাৰী, কৃষক, নাবিক আৰু উদ্বাস্তুকেন্দ্ৰিক জনগোষ্ঠী্য়ে৷
River of Smoke-ত কেণ্টন-ৰ বাণিজ্যিক জগত আৰু Flood of Fire-ত সাম্ৰাজ্যবাদী যুদ্ধৰ বিকাশে বিশ্বায়নৰ প্ৰাৰম্ভিক ৰূপক স্পষ্ট কৰে৷ ঘোষে দেখুৱাইছে যে আধুনিক গোলকীয় বিশ্বায়নৰ ভিতৰতেই নিহিত আছিল শোষণ, আসক্তি, যুদ্ধ আৰু নৈতিক বিপর্যয়৷ আজিৰ বিশ্বায়নৰ যুগত, য’ত বহুজাতিক বাণিজ্য, সম্পদ-শোষণ আৰু বৈষম্য নতুন ৰূপত অব্যাহত, Ibis Trilogy-ৰ সাহিত্যিক সত্য আৰু অধিক তীক্ষ্ণ৷ অমিতাভ ঘোষৰ সাহিত্যিক চিন্তাৰ কেন্দ্ৰত পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাই বিশেষভাৱে স্থান লাভ কৰিছে৷ The Hungry Tide এই ক্ষেত্ৰত তেওঁৰ অন্যতম গভীৰ সৃষ্টি৷ সুন্দৰবনৰ জলভূমি, জোৱাৰ-ভাটা, বাঘ, নদী, ভাষা, উদ্বাস্তু আৰু উন্নয়ন-ৰাজনীতিৰ সংঘাতে এই উপন্যাসক পাৰিপাৰ্শ্বিক উপন্যাসৰ এক অনন্য উচ্চতালৈ লৈ গৈছে৷ ইয়াত প্ৰকৃতি কোনো নীৰৱ পটভূমি নহয়; ই জীৱন্ত, অনিশ্চিত আৰু নিজস্ব শক্তিসম্পন্ন৷ মানুহৰ উন্নয়নমূলক উচ্চাকাঙ্ক্ষা, ৰাষ্ট্ৰৰ হস্তক্ষেপ, উদ্বাস্তু-বাস্তৱতা আৰু জৈৱ-বৈচিত্ৰ্যৰ সংঘাতে ঘোষে দেখুৱাইছে যে পৰিৱেশ-সংকট সামাজিক ন্যায়বিচাৰৰ সংকটৰ পৰাও পৃথক নহয়৷ পিয়া-ৰ বৈজ্ঞানিক অনুসন্ধান, ফকীৰ-ৰ স্থানীয় জ্ঞান আৰু কানাই-ৰ ভাষিক-সাংস্কৃতিকবোধৰ সমন্বয়েৰে এই উপন্যাসে আধুনিক বিজ্ঞান আৰু লোকজ্ঞানৰ মাজত এক গভীৰ যুক্তিপূৰ্ণ অধ্যয়নৰ সৃষ্টি কৰিছে৷
Gun Island আৰু The Great Derangement-ত ঘোষৰ পাৰিপাৰ্শ্বিক উদ্বেগে বিশ্বজনীন ৰূপ লাভ কৰিছে৷ জলবায়ু পৰিৱর্তন, প্রাকৃতিক বিপর্যয়, জলবায়ু উদ্বাস্তু, আৰু সাহিত্যৰ নৈতিক দায়িত্বক কেন্দ্ৰ কৰি তেওঁ আধুনিক সভ্যতাক প্ৰশ্ন কৰিছে৷ তেওঁৰ মতে, জলবায়ু বিপর্যয় কেৱল বৈজ্ঞানিক বা ৰাজনৈতিক সংকট নহয়; ই কল্পনাশক্তিৰ সংকটও৷ আধুনিক বাস্তৱ উপন্যাস বহু সময়ত জলবায়ু সংকটৰ-ৰ বিশালতাক গ্ৰহণ কৰিবলৈ ব্যর্থ৷ এই তত্ত্ব আধুনিক সাহিত্য সমালোচনাৰ ক্ষেত্ৰত ঘোষৰ অন্যতম গুৰুত্বপূর্ণ অৱদান৷
ভাষাৰ ক্ষেত্ৰত অমিতাভ ঘোষৰ শিল্পদক্ষতা বিশেষ উল্লেখযোগ্য৷ তেওঁৰ সাহিত্য বহুভাষিক, আৰু সাংস্কৃতিকভাৱে ভিন্ন তৰপ থকা৷ ইংৰাজী ভাষাৰ ভিতৰত বঙালী, হিন্দী, আৰবী, ভোজপুৰী, ফৰাচী, বাৰ্মিজ, চীনা আদি বহু ভাষাৰ ছাঁপ তেওঁৰ ৰচনাত এক বহুমাত্ৰিক জগত সৃষ্টি কৰে৷ এই ভাষিক কৌশল কেৱল বাস্তৱধর্মিতা সৃষ্টিৰ বাবে নহয়; ই উপনিৱেশিক ভাষিক আধিপত্যৰ বিপৰীতে এক নান্দনিক প্ৰতিবাদ৷ ইংৰাজী ভাষাক “ভাৰতীয়কৰণ” কৰি ঘোষে দেখুৱাইছে যে ভাষা ক্ষমতাৰ যন্ত্ৰ হ’ব পাৰে, কিন্তু সৃষ্টিশীলতাই তাক মুক্তিও দিব পাৰে৷ তেওঁৰ নাৰী চৰিত্ৰসমূহো সমানভাৱে শক্তিশালী৷ ঘোষৰ সাহিত্যত নাৰী কেৱল উপন্যাসৰ আবেগিক অলংকাৰ নহয়; তেওঁলোক ইতিহাসৰ কেন্দ্ৰস্থ শক্তি৷ The Glass Palace-ৰ ডলি, Sea of Poppies-ৰ দীতি, The Hungry Tide-ৰ পিয়া—প্ৰত্যেকেই পিতৃতান্ত্রিক, ঔপনিৱেশিক আৰু সামাজিক সীমাবদ্ধতাৰ ভিতৰত নিজৰ সত্তা গঢ়ে৷ বিশেষকৈ দীতিৰ আত্মৰক্ষামূলক যাত্ৰা নিম্নবৰ্গীয় ভাৰতীয় নাৰীৰ এক শক্তিশালী উদাহৰণ৷ ঘোষে নাৰীক কেৱল শোষিতৰ শ্ৰেণীতে সীমাবদ্ধ নকৰে; তেওঁলোক প্ৰতিবাদী, অভিযোজিত আৰু ইতিহাস-নির্মাতা৷
অমিতাভ ঘোষৰ সাহিত্যৰ আন এক কেন্দ্ৰীয় দিশ হৈছে বা প্রান্তীয় কণ্ঠস্বৰৰ প্ৰকাশ৷ তেওঁৰ সাহিত্যত ইতিহাসৰ তলস্তৰৰ মানুহ, দাস, নিম্নবৰ্গীয় কৃষক, উদ্বাস্তু মানুহ, ভাষাহীন শ্রমিক আদিৰ কথাই স্থান পায়৷ এই ক্ষেত্ৰত তেওঁৰ সাহিত্য উত্তৰ উপনিৱেশিক নৈতিকতাৰ এক শক্তিশালী ৰূপ৷ গায়ত্ৰী স্পিভাকে সোধা “ Can subaltern speak?’ প্ৰশ্নৰ উত্তৰত যেন ঘোষে কয়—হয়, নিম্নবৰ্গই কথা কয়, যদি সাহিত্যই সঠিকভাৱে শুনিব পাৰে৷ তেওঁৰ ননফিকশ্যন ৰচনাসমূহ—In an Antique Land, Dancing in Cambodia, At Large in Burma, The Imam and the Indian, The Nutmeg’s Curse—সমানভাৱে উল্লেখযোগ্য৷ এই গ্ৰন্থসমূহত তেওঁ ইতিহাস, নৃতত্ত্ব, ৰাজনীতি আৰু ব্যক্তিগত পর্যবেক্ষণৰ সমন্বয়ে বিশ্ব-ব্যৱস্থাৰ অদৃশ্য শক্তিসমূহ বিশ্লেষণ কৰিছে৷ বিশেষকৈ The Nutmeg’s Curse-ত ইউৰোপীয় উপনিৱেশবাদ, সম্পদ-লুণ্ঠন আৰু পাৰিপাৰ্শ্বিক হিংসা-ৰ আন্তঃসম্পর্কৰ বিশ্লেষণে আধুনিক উন্নয়ন-চিন্তাক গভীৰভাৱে প্ৰশ্নবিদ্ধ কৰিছে৷ সাহিত্যিক শৈলীৰ ক্ষেত্ৰত ঘোষৰ গদ্য এক অনন্য সমন্বয়—গৱেষণাধর্মিতা, কাব্যিকতা, বৌদ্ধিক গভীৰতা আৰু আড়ম্বৰপূৰ্ণ কথকতা৷ তেওঁৰ উপন্যাসসমূহত বিশাল তথ্যভাণ্ডাৰ থাকিলেও কাহিনী কেতিয়াও শুষ্ক নহয়৷ তেওঁ আর্কাইভক কল্পনাৰ সৈতে, ইতিহাসক আবেগৰ সৈতে, আৰু ৰাজনীতিক মানৱিক অভিজ্ঞতাৰ সৈতে যুক্ত কৰে৷ এই কাৰণেই তেওঁৰ সাহিত্য বুদ্ধিদীপ্ত আৰু মানৱীয়৷
সমকালীন বিশ্বত অমিতাভ ঘোষৰ সাহিত্যৰ
প্ৰাসংগিকতা ক্রমবর্ধমান৷ উদ্বাস্তু সংকট, জলবায়ু পৰিৱর্তন, নৱ-ঔপনিৱেশিক অর্থনীতি,
সাম্প্রদায়িকতা, সীমা-ৰাজনীতি আৰু সাংস্কৃতিক মেৰুকৰণৰ যুগত তেওঁৰ সাহিত্য এক বৌদ্ধিক
সমালোচনা৷ তেওঁ প্ৰমাণ কৰেযে যে অতীত কেতিয়াও সম্পূর্ণ অতীত নহয়; ই বৰ্তমানৰ ভিতৰত
সক্ৰিয়৷ উপনিবেশবাদ শেষ হোৱা বুলি ধৰা হলেও তাৰ গঠনমূলক ছাঁয়া বিশ্ব-অর্থনীতি, ভাষা,
জাতিগত বৈষম্য আৰু পৰিৱেশ সংকটতত আজিও বিদ্যমান৷ সাৰ্বিকভাৱে, অমিতাভ ঘোষৰ সাহিত্য
এক গভীৰ সভ্যতামূলক সংলাপ—য’ত ইতিহাস, স্মৃতি,
উপনিবেশ, ভাষা, পৰিবেশ, প্ৰান্তিকতা আৰু বিশ্বায়ন এক বৃহৎ মানৱিক মানচিত্রত মিলিত
হয়৷ তেওঁ সাহিত্যৰ পৰিসৰক কেবল কাহিনী-কেন্দ্ৰিক নাৰাখি, তাক নৈতিক, বৌদ্ধিক আৰু সভ্যতামূলক
অনুসন্ধানলৈ ৰূপান্তৰিত কৰিছে৷ অমিতাভ ঘোষক পঢ়া মানে কেবল এজন লেখকক পঢ়া নহয়; ই
ইতিহাসৰ গোপন স্ৰোত, সাম্ৰাজ্যবাদৰ অন্তৰ্হিত নক্সা, পৰিবেশৰ নীৰৱ চিঞৰ আৰু মানুহৰ
অস্তিত্বগত যাত্ৰাক নতুনকৈ অনুধাবন কৰা৷ আধুনিক সাহিত্যৰ ইতিহাসত তেওঁ এনে এজন স্রষ্টা,
যাৰ শব্দসমূহে আমাক কেৱল চিন্তা কৰিবলৈ নহয়, পুনৰায় দায়িত্বশীলভাৱে জীয়াই থকিবলৈও
আহ্বান জনায়৷
ঠিকনা:
উপ-সঞ্চালক
ৰাষ্ট্ৰপতি ভৱন
নতুন দিল্লী-১১০০০৪
ফোন নং-৮৮০০৯৪৮৮০৮
