অন্যযুগ/


‘অনুসন্ধান’ত ৰজত কলিতা

 অমৃত গোস্বামী

 

প্ৰখ্যাত ঔপন্যাসিক শীলভদ্ৰ (ৰেৱতীমোহন দত্ত চৌধুৰী) দেৱৰ ‘অনুসন্ধান’ নামৰ উপন্যাসখন এই অলপতে মই পঢ়ি শেষ কৰিলোঁ। উপন্যাসখন পঢ়ি এক যথাৰ্থ সাহিত্য-অধ্যয়নৰ তৃপ্তি পোৱা যেন লাগিল। উপন্যাসখনৰ বিষয়বস্তু আৰু ৰচনাশৈলী অসচৰাচৰ। উপন্যাসখনত চৰিত্ৰসমূহৰ মাজত ঘনাই হোৱা কথোপকথনৰ চুটি চুটি বাক্যসমূহ অতি মনোগ্ৰাহী।

 

এই উপন্যাসখনৰ ৰজত কলিতা নামৰ চৰিত্ৰটোৱে মোক বিশেষভাৱে আকৰ্ষণ কৰিলে। লিখকে এই চৰিত্ৰটো বেছ সুন্দৰভাৱে উপন্যাসখনত চিত্ৰিত কৰিছে।

 

সকলো সময়তে বহল পায়জামা আৰু আঁঠুলৈকে পৰা পাঞ্জাবী পিন্ধা ৰজত কলিতা সাহিত্যপ্ৰেমী তথা সাহিত্যসেৱী। বিশেষকৈ তেওঁ উপন্যাসখনৰ মূলচৰিত্ৰ সাহিত্যিক ভৃগু চৌধুৰীৰ পৰম ভক্ত। কলিতাৰ মাহেকীয়া আলোচনী এখন উলিওৱাৰ প্ৰৱল ইচ্ছা; এটা বহুদিনীয় সপোন। কলিতাই চাকৰি কৰি থকা কালত কোনোপধ্যেই তেওঁৰ এই ইচ্ছা পূৰণ কৰিব নোৱাৰিলে; আলোচনী এখন প্ৰকাশৰ বাবে প্ৰয়োজনীয় অৰ্থ যোগাৰ কৰা চাকৰি কালত তেওঁৰ পক্ষে সম্ভব নাছিল। অলপতে কলিতাই অৱসৰ ল’লে। এতিয়া আৰু তেওঁৰ আলোচনীখন উলিয়াবৰ বাবে প্ৰয়োজনীয় টকা-পইচাৰ অভাৱ নহ’ব। অৱসৰ কালত পোৱা গ্ৰেটুইটিৰ আটাইকেইটা টকা তেওঁ আলোচনীখনৰ বাবেই ব্যয় কৰাৰ সংকল্প ল’লে। 

 

কলিতা আহি সাহিত্যিক ভৃগু চৌধুৰীৰ কাষ চাপিল। চৌধুৰীক তেওঁৰ ইচ্ছাৰ বিষয়ে জনালে, আৰু তেওঁৰ মানসপুত্ৰ সদৃশ প্ৰস্তাৱিত আলোচনীখনৰ বাবে উপন্যাস এখন লিখিবলৈ চৌধুৰীক টানি অনুৰোধ কৰিলে। কলিতাৰ কথাত ভৃগু চৌধুৰী হতবাক হ’ল। ডেকা কালত হোৱা হ’লেও কথা বেলেগ আছিল। কলিতাৰ এই বয়সত আলোচনী এখন উলিওৱাৰ প্ৰবল ইচ্ছা তেখেতে  সহজভাৱে ল’ব নোৱাৰিলে ।

 

ভৃগু চৌধুৰীয়ে তীক্ষ্ণ দৃষ্টিৰে তেওঁৰ ফালে চালে। মতিভ্ৰম নেকি? ডেকাকালত এইবোৰৰ অৰ্থ হয়, কিন্তু এই বয়সত?

 

: ‘ৰ’ব, আলোচনী এখন চলোৱা বৰ সহজ কথা নহয়। নিজৰ প্ৰেছ নাথাকিলে কেনেকৈ কি কৰিব?’

 

: ‘গ্ৰেট ইষ্টাৰ্ন প্ৰেছৰ মালিকৰ লগত কথা হৈছোঁ। তেওঁ সময়মতে চপাই দিয়াৰ দায়িত্ব লৈছে৷’

: ‘ছপালেইতো নহ’ব। বিক্ৰীৰ প্ৰশ্নও আছে৷’

 

ৰজত কলিতা কিন্তু দৃঢ়সঙ্কল্প, তেওঁ আলোচনী উলিয়াবই। চৌধুৰীয়ে বুজিলে কলিতাক হকাবাধা কৰি কোনো লাভ নাই। 

 

উপায়ন্তৰ হৈ ভৃগু চৌধুৰীয়ে কলিতাৰ মাহেকীয়া আলোচনীখনৰ বাবে উপন্যাস এখন লিখাৰ কাম হাতত ল’লে। যদিও কলিতাই কিস্তি কিস্তিকে লিখি দিলেও হ’ব বুলিয়েই কৈছিল, ভৃগু চৌধুৰীয়ে উপন্যাসখন সম্পূৰ্ণকৈয়ে লিখি পেলালে। কামটো শেষ কৰি চৌধুৰীয়ে মনত আনন্দ অনুভৱ কৰিলে; লেঠা এটা মৰাৰ আনন্দ। 

 

এৰাব নোৱাৰা বিয়া এখন খাই, সন্ধিয়া হোৱাৰ পিছত ঘৰলৈ উভতি আহিবৰ সময়ত বাটত চিটিবাছ-ৰিক্সাৰ বাবে অপেক্ষা কৰি থকা ভৃগু চৌধুৰী আৰু তেওঁৰ পৰিবাৰক ৰাজেন নামৰ চৌধুৰীৰ (চৌধুৰীয়ে কৰ্মজীৱনত শিক্ষকতা কৰিছিল) প্ৰাক্তন ছাত্ৰ এজনে আথেবেথে গাড়ীত তুলি ঘৰত নামাবলৈ বুলি লৈ আনিছিল। ৰাজেনৰ লগত হোৱা কথোপকথনত ৰজত কলিতাৰ প্ৰসংগ ওলাল। 

 

‘আমাৰ ঘৰৰ ওচৰতে ঘৰ। চিনি পায় নহয়, ছাৰ? আপোনাৰ কথা কৈ থাকে। আপোনাৰ খুব ভক্ত। অৱসৰ লোৱাৰ পিছত আলোচনী এখন উলিয়াবৰ কাৰণে উঠি-পৰি লাগিছে৷’

 

: ‘তোমাৰ ওচৰতে থাকে নেকি? ভালেই হ’ল তেনেহ’লে। তেওঁৰ আলোচনীখনৰ কাৰণে মোক এখন উপন্যাস লিখিবলৈ দিছিল। মইনো আৰু ক’ত ইমান দূৰ যাম? তেওঁৰো ইমান দূৰ অহাৰ দৰকাৰ নাই। তোমাৰ হাততে পঠিয়াই দিওঁ। তেওঁক দিবা৷’

 

: ‘ৰ’ব ছাৰ। বৰ ছেড ঘটনা এটা হৈছে নহয়। এনেয়ে মানুহজনৰ প্ৰোষ্টেট গ্লেণ্ডৰ কিবা ট্ৰাবল্ আছিল। তদুপৰি আলোচনী সংক্ৰান্ত কামত দিনে-ৰাতি ঘূৰি ফুৰিছিল। কালি দুপৰীয়া ক’ৰবাৰ পৰা ঘূৰি আহি থাকোঁতে ঘৰৰ কাষৰ দলং এখনৰ ওচৰত ফিট হৈ পৰি আছিল। ভাগ্যে মোৰ চকুত পৰিল। গাড়ীত তুলি তেওঁৰ ঘৰলৈ লৈ গ’লো৷’

 

: ‘কেনে পাইছে এতিয়া?’

 

: ‘ভাল নহয়। আজি ময়েই মেডিকেল কলেজত ভৰ্তি কৰাই দি আহিলোঁ। এতিয়ালৈকে জ্ঞান অহা নাই৷’ 

 

ৰজত কলিতা আৰু ভাল হৈ উঠাৰ কোনো আশা নাই। আলোচনী এখন উলিউৱা তেওঁৰ পক্ষে কোনোদিনেই সম্ভৱ হৈ নুঠিব। এজন পৌঢ় ব্যক্তিৰ জীৱনৰ একমাত্ৰ হাবিয়াস পূৰণ নহ’ল। 

 

“তেনেহ’লে এয়েই হ’ল কথা। কলিতাৰ কাৰণে চৌধুৰীৰ বৰ দুখ লাগিল। মানুহজনৰ জীৱনত এটা মাত্ৰ হাবিয়াস আছিল, সেইটোও পূৰ্ণ নহ’ল। এজন বয়সিয়াল মানুহৰ কিমান আকিঞ্চিৎকৰ হাবিয়াস। আলোচনীৰ প্ৰথম পাতত স্পষ্টকৈ ছপা হ’ব; সম্পাদক– শ্ৰীৰজত চন্দ্ৰ কলিতা। 

 

ৰজত কলিতাই বিছনাৰ পৰা উঠি কোনোদিনাই তেওঁৰ আলোচনী প্ৰকাশ কৰিব নোৱাৰে। ইয়াৰ মাজতে ইমান কষ্টকৈ অৰ্জা ধনখিনি এইদৰে নষ্ট নহ’ব বুলি তেওঁৰ পৰিবাৰ আৰু ল’ৰা-ছোৱালীয়ে হয়তো স্বস্তি পাবও পাৰে। ঘৰৰ বাতাবৰণত দাৰিদ্ৰৰ চিন স্পষ্ট। ভৃগু চৌধুৰীৰ পিচে বেয়া লাগিল।”

 

ৰজত কলিতাৰ এই কাহিনীটো উপন্যাসখনত বৰ্ণিত কেইবাটাও সৰু-ডাঙৰ কাহিনীৰ ভিতৰৰ, এটা মাত্ৰ কাহিনী। 

 

সু-সাহিত্যিক শীলভদ্ৰ ডাঙৰীয়াৰ ‘অনুসন্ধান’ নামৰ এই উপন্যাসখনৰ মুখ্য চৰিত্ৰ ভৃগু চৌধুৰী এজন গদ্যলিখক বা কথা সাহিত্যিক। উপন্যাসখনত ভৃগু চৌধুৰীয়ে অতীতৰ আপোন জীৱনৰ সোঁৱৰণি আৰু পাৰিপাৰ্শ্বিক অনেক টুকুৰাটুকুৰ ঘটনাৰ ছবি বা কাহিনী তেওঁৰ প্ৰাত্যহিক পৰিচিত সমাজ-চেতনাৰ উন্মোচনৰ ৰূপত পাঠকক অবগত কৰাইছে। উপন্যাসখনৰ এই সৰু-বৰ কাহিনী উপকাহিনীসমূহ অতি বাস্তৱধৰ্মী। 

 

মিনতি-সত্যজিতৰ কাহিনীটো উপন্যাসখনৰ আন এটা মূল কাহিনী। বেংকৰ একেটা শাখাতে কাম কৰা, আৰু সত্যজিতৰ স্কুটাৰতে দৈনিক বেংকটোলৈ অহা-যোৱা কৰা মিনতি আৰু সত্যজিতৰ যথেষ্ঠ মিলামিছা। সত্যজিত মিনতিৰ সুখ-দুখৰ লগৰীয়া; সকলো সমস্যাৰে পৰামৰ্শদাতা। মিনতিৰ বিপথে যোৱা ভনীয়েক প্ৰণতিক সুপথলৈ আনি প্ৰতিষ্ঠা কৰোৱাৰ নেপথ্যৰ মানুহজন আছিল সত্যজিত। সত্যজিতৰ ভায়েক দাদুল। ককায়েক-ভায়েকৰ খুব মিলাপ্ৰীতি; দুয়ো বন্ধুৰ দৰে।  দাদুলে মিনতি তেওঁৰ বৌৱেক হ’ব বুলিয়েই আশা কৰি আছিল। প্ৰণতিয়েও বায়েক মিনতি আৰু সত্যজিতৰ বিয়া হোৱাটো একান্তই বিচাৰিছিল। আৰু, সত্যজিতে নিজেও তেনে এটি আশাকেই মনত ইমানদিনে পুহি ৰাখিছিল। কিন্তু মিনতিৰ মন সত্যজিতৰ প্ৰতি আছিল অন্য এক ধৰণৰ। মিনতিৰ মনত সত্যজিত তাইৰ কেৱল এজন বন্ধু, ঘনিষ্ঠতম বন্ধু। ‘তাৰ বাহিৰে আন একো নহয়’। ভৰি এখন লেঙেৰা হোৱাৰ বাবে সদায় এক হীনমন্যতাত ভূগি থকা সত্যজিতে কোনোদিনেই মুখ ফুটাই ক’ব নোৱাৰিছিল যে মিনতি তেওঁৰ কেৱল ঘনিষ্ঠতম বন্ধুৱেই নহয়, তেওঁ মিনতিক বিয়া কৰাবলৈকো বিচাৰে। এই উপকাহিনীত সত্যজিতৰ চৰিত্ৰটো অতীব আকৰ্ষণীয়। লিখকে সত্যজিতৰ ভায়েক দাদুল আৰু মিনতিৰ ভনীয়েক প্ৰণতিৰ মনত সৃষ্টি হোৱা মিনতি-সত্যজিত সম্পৰ্ক বিষয়ক আশাভঙ্গৰ ছবি বৰ সুন্দৰভাৱে আঁকিছে। 

 

তদুপৰি লিখকে এই উপন্যাসখনত  আড্ডাবাজ আৰু স্খলিত চৰিত্ৰৰ  শৈলেন বৰুৱা আৰু সুভদ্ৰাৰ কাহিনী, অজীনপাতকী, স্বাৰ্থপৰ মহেন্দ্ৰ দাস আদিৰ উপকাহিনীসমূহো অতি সুন্দৰভাৱে চিত্ৰিত কৰিছে।  

 

‘অনুসন্ধান’ নামৰ এই উপন্যাসখনৰ বিষয়ে আগতে মই অন্য কোনো লোকৰে পৰা একো শুনিবলৈ পোৱা নাছিলোঁ, বা উপন্যাসখনৰ বিষয়ে লিখিত ৰূপত ক’ৰবাত কিবা আছে যদিও মই অৱগত নহয়। সেয়েহে ‘অনুসন্ধান’ নামৰ এই উপন্যাসখনৰ বিষয়ে মোৰ এই অনুভৱৰ এক সামান্য অংশ এইদৰেই  লিপিবদ্ধ কৰিছোঁ। 

 

শেষত কওঁ যে শীলভদ্ৰ ডাঙৰীয়াৰ ‘অনুসন্ধান’ এক সুখপাঠ্য উপন্যাস। অত্যন্ত বাস্তৱধৰ্মী আৰু অগতানুগতিক ঠাচত লিখা এই উপন্যাসখন উপন্যাসপ্ৰমী সকলো লোকেই পঢ়াটো বাঞ্ছনীয়।

 

অমৃত গোস্বামী,

চাৰ্ভে, চন্দননগৰ, বেলতলা, গুৱাহাটী -৭৮১০২৮।

ভ্ৰাম্যভাষ : ৯৪৩৫০ ১৪৪৫৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ