অন্যযুগ/


আপুনি কি কৰে ?

 ৰাতুল মহন্ত

 

 

ভাৰতৰ মানৱ সভ্যতা প্ৰায় চাৰে চাৰিহাজাৰ বছৰৰ পুৰণি৷ কিন্তু এতিয়াৰ পৰা চাৰিহাজাৰ পাঁচশ বছৰৰ আগতেই আৰম্ভ হোৱা এই সভ্যতা-সংস্কৃতিয়ে বিস্তৃতি লাভ নকৰিলে৷ কিয়? ইয়াৰ অন্যতম কাৰণ হ’ল আমি ভাৰতীয় সংস্কৃতি বুলিলে যি বুজো, সেই সমাজ-সংস্কৃতিত সৰ্বস্তৰৰ লোক অন্তৰ্ভুক্ত হোৱা নাছিল আৰু তেনেক্ষেত্ৰত ই সাগৰ-মহাসাগৰ পাৰ হৈ আন দেশতো বিস্তাৰ লাভ কৰাত সফলতা লাভ কৰা নাছিল৷ জাভা, সুমাত্ৰা, বালি, বৰ্ণিঅ’, ইণ্ডোনেছিয়া আদিত ভাৰতীয়ৰ উপনিৱেশ স্থাপন আৰু বিস্তাৰ আছিল ক্ষণস্থায়ীহে, স্থায়ী নাছিল৷ ভাৰতত প্ৰচলিত বৈষম্যপূৰ্ণ সমাজ ব্যৱস্থাই ভাৰতীয় সংস্কৃতিৰ বিস্তাৰত হেঙাৰ হৈ থিয় দিছিল৷ ইমান সোনকালে আৰম্ভ কৰিও যে ভাৰতীয় সভ্যতা-সংস্কৃতি পৃথিৱীৰ চাৰিওফালে বিস্তাৰিত নহ’ল তাৰ অন্যতম কাৰণ আছিল ভাৰতত প্ৰচলিত উচ্চ-নীচ আৰু জাতিভেদ প্ৰথাৰ কঠোৰতা৷ ভাৰতত শ্ৰমৰ মূল্য কেতিয়াও দিয়া নহয়৷ এই দেশত যিয়েই কঠোৰ শাৰীৰিক শ্ৰম কৰে, যিমানেই সাধাৰণ (আচলতে প্ৰয়োজনীয় কোনো কামেই সাধাৰণ নহয়) কাম কৰে, সিমানেই নিম্ন জাতিৰ বুলি পৰিচিত হয়৷ ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰচলিত এই মাৰাত্মক চিন্তা ধাৰাটোৰ কিন্তু সহজেই অৱসান নঘটে৷ এটা উদাহৰণ দিছো – দলিত সম্প্ৰদায়ৰ বহু লোকে মৃত গৰুৰ ছাল এৰুৱাই  জীৱিকা নিৰ্বাহ কৰে আৰু এওঁলোক তথাকথিত উচ্চ সম্প্ৰদায়ৰ বাবে আজিও অস্পৃশ্য৷ কিন্তু ভাৰতৰ পৰা গো-মাংস ৰপ্তানি কৰা কেইবাটাও কোম্পানিৰ, জোতা তৈয়াৰ কৰা কেইবাটাও কোম্পানিৰ মালিক হিন্দু৷ তেওঁলোক সকলোৰে সন্মানীয় কাৰণ তেওঁলোকে কোনো ধৰণৰ শাৰীৰিক শ্ৰম নকৰে৷ মুঠতে আপুনি যিমানেই সমাজৰ দৃষ্টিত নিকৃষ্ট কাম কৰিব সিমানেই আপুনি নীচ জাতৰ হৈ পৰিব৷ কিন্তু ইহুদী জাতিটো ইয়াৰ সম্পূৰ্ণ বিপৰীত৷ সেই ধৰ্মত কামৰ ভিত্তিত উচ্চ-নীচৰ ভাগ নাই৷ সেয়েহে বাৰুখ স্পীনোজাই বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ বিসৰ্জন দি চছমাৰ লেন্স চাফা কৰি জীৱিকা নিৰ্বাহ কৰিছিল৷ কিন্তু আমাৰ সমাজ ব্যৱস্থা ইয়াৰ সম্পূৰ্ণ বিপৰীত৷ আমাৰ ইয়াত, বিশেষকৈ অসমত ব্যক্তিৰ পৰিচয় নিৰ্ণিত হয় তেওঁৰ জীৱিকা নিৰ্বাহৰ উপায়েৰে৷ যিকোনো ৰাজহুৱা অনুষ্ঠান এটাৰ নিমন্ত্ৰণী পত্ৰ এখন চালেই আপুনি দেখিব, নামৰ শেষত লিখা থাকে তেওঁলোকৰ পৰিচয়সূচক অভিধাবিলাক –শিক্ষক, শিক্ষাবিদ, শিক্ষা-বিষয়া, অধ্যাপক, অধ্যক্ষ, আৰক্ষী বিষয়া, এডভকেট, বিশিষ্ট ব্যৱসায়ী, আদৰ্শ কৃষক, সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী বা কোনোবা ৰাজনৈতিক দলৰ পদৰ উল্লেখ আৰু একো নহ’লে ধৰ্মপ্ৰাণ! মুঠতে নামৰ শেষত কিবা নহয় কিবা এটা পৰিচয়সূচক শব্দ লিখা থাকে আৰু সেইটোৱেই হৈ পৰে তেওঁলোকৰ পৰিচয়৷

প্ৰত্যেক মানুহেই জীৱন যাপন কৰিবলৈ কিবা নহয় কিবা এটা কাম কৰিবলগীয়া হয়৷  মানুহ অনুসৰি এই কাম ভিন্ন হ’ব পাৰে, কিন্তু সকলোৱে এইটো কৰিবলৈ বাধ্য৷ চিকাৰী জীৱনত, যেতিয়া জুইৰ আৱিষ্কাৰো হোৱা নাছিল, মানুহ আৰু জন্তুৰ মাজত বিশেষ পাৰ্থক্য নাছিল৷ তেতিয়া মাথো চিকাৰৰ সন্ধান আৰু ভোক নিবাৰণতেই মানুহৰ চিন্তা সীমাবদ্ধ আছিল৷ কিন্তু জুইৰ আৱিষ্কাৰৰ লাগে লগে মানৱ সভ্যতালৈ আমূল পৰিৱৰ্তন আহিল আৰু অনুমান কৰিব পাৰি, তেতিয়াই সংস্কৃতিৰো প্ৰথমবাৰৰ বাবে বিকশিত হৈছিল৷ লাহে লাহে সমাজৰ বিবৰ্তন হৈ হৈ আজিৰ উত্তৰ-আধুনিক সমাজে গঢ় লৈ উঠিছে৷ কিন্তু আদিম সমাজ আৰু উত্তৰ-আধুনিক সমাজ দুয়োখন সমাজৰে এটা বস্তুৰ মিল আছে যিটো পৃথিৱীত মানৱ সমাজ বৰ্তি থাকে মানে থাকিব আৰু সেইটোৱেই হ’ল মানুহে ক্ষুধা নিবৃত্তিৰ বাবে কিবা এটা কাম কৰে – যাক কোৱা হয় “জীৱিকা নিৰ্বাহৰ উপায়”–ইংৰাজীত প্ৰফেছন, জাপানীত ছকুগ্যু, চীনা ভাষাত ঝীয়ে, ৰুছ ভাষাত প্ৰফেছিয়া  ইত্যাদি৷ অসমীয়া ভাষাত আমিএই কথাটো বেলেগ ধৰণেও সোধো – “আপুনি কি কৰে?”

“আপুনি কি কৰে ?”– এই প্ৰশ্নটোৰ উত্তৰ ভিন্ন হ’ব পাৰে৷ দিনটোৰ চৌবিছ ঘণ্টাৰ শোৱা সময়কণ বাদ দি বাকী ১৬/১৭ ঘণ্টা আপুনি বিভিন্ন কামত ব্যস্ত থাকিব পাৰে৷ আপুনি যদি চৰকাৰী বা কোনো কোম্পানিৰ অধীনত কাম কৰে তেনে হ’লে তাৰ বাবে নিৰ্ধাৰিত ৬/৭ ঘণ্টা বাদ দি বাকী সময়খিনিয়ো আপুনি উপভোগ কৰিব পাৰে ভিন্ন ধৰণে৷ পুৱাৰ সূৰুযৰ হেঙুলীয়া আভা, জিলিৰ মাতে গহীন কৰা দুপৰীয়াৰ গহীনতা, আবেলিৰ ৰান্ধনী বেলিৰ কোমল পোহৰ, সন্ধ্যাৰ পোহৰ আৰু আন্ধাৰৰ মায়াৱী মুহূৰ্ত, মাজ-নিশাৰ নীৰৱতা, শেষনিশা নিশাচৰ চৰাইৰ কলৰৱ, নিয়ৰৰ টোপ টোপ চকুলো, দূবৰিয়ে আকোঁৱালি লোৱা শেৱালীৰ পাহি, ৰজনীগন্ধাৰ হাঁহি, গোলাপ-তগৰৰ মন মতলীয়া কৰা সুগন্ধি, বসন্তৰ কুঁহিপাত, শৰীৰ ডেই যোৱা গৰমত গা জুৰ পৰা মলয়া, বাৰিষাৰ চিকমিক বিজুলী, শাওনৰ চিপচিপ বৰষুণৰ গান, বোকাময় পথাৰত বগলীৰ জাক, নৈ পাৰৰ নিৰ্জনতা, শৰতৰ শুকুলা কঁহুৱা, আঘোণত কুঁৱলিৰ আমনি, শীতৰ জঠৰতা, শুকান নৰাৰ বিননি, দূৰৈত জিলিকি থকা নীলা পাহাৰ, প্ৰিয় উপন্যাসৰ নায়কৰ কাৰ্য্যাৱলী, শ্যেলী-টেনিচন, দেৱকান্ত, নৱকান্ত, হেমবৰুৱা, হৰি বৰকাকতিৰ মন ৰঙীন কৰা কবিতা, অজান ঠাইৰ বিষয়ে লিখা সুখপাঠ্য ৰচনা, জীৱনটোক নতুন দৃষ্টিভংগীৰে চাবলৈ, কথাবিলাক নতুন ধৰণে ভাবিবলৈ শিকোৱা নাতিদীৰ্ঘ ৰচনা, কোনো ভাবুকৰ স্থিৰ চিত্ৰ, চিৰসেউজ গান ৰূপোৱালী জোনাক, তৰাৰ ধেমালি–এইবিলাক আপুনি উপভোগ কৰেনে? যদি কৰে আপুনি এজন পৰিপূৰ্ণ ব্যক্তি৷ আপোনাৰ জীৱন সম্পৰ্কে থকা ইতিবাচক ধাৰণাই আন দহ জনকো  আকৰ্ষিত কৰিব৷ কিন্তু আপোনাক যেতিয়া কোনোবাই সোধে “আপুনি কি কৰে?” বুলি তেতিয়া আপোনাৰ পৰা এইবিলাক কথা জানিবলৈ  নিবিচাৰে, তেওঁ বিচাৰে আপোনাৰ জীৱিকা কি৷ অৰ্থাৎ আমাৰ বেছিভাগ মানুহে জীৱিকা নিৰ্বাহৰ বাবে কৰা কামটোৱেই প্ৰথম কিম্বা শেষ বুলি ভাবি লয় আৰু বুজি পায়৷ আপুনি জীৱন আৰু জীৱিকা একে নহয় বুলি ভাবিলেও বহুতে তেনেদৰেই ভাবে৷ আজিৰ বেছিভাগ মানুহেই নিজকে পৰিচয় দিয়ে, নিজৰ জীৱিকাটোৰে–শিক্ষক, চিকিৎসক, অধ্যাপক... বিশিষ্ট ব্যৱসায়ী, প্ৰাক্তন বিধায়ক...ৰাজনৈতিক নেতা ...যিমানেই পদবী উচ্চ হ’ব অৱধাৰিতভাৱে সিমানেই তেওঁৰ স্থান উচ্চ হৈ গৈ থাকিব আৰু ৰাইজেও তেনেকৈয়ে লয়৷ কিন্তু “জীৱন নিৰ্বাহৰ বাবে” আপুনি কৰা কামটোৱেই আপোনাৰ প্ৰথম কিম্বা শেষ পৰিচয় নেকি? আপোনাৰ আৰু বেলেগ পৰিচয় নাই নেকি? আপুনি নিশ্চয় এটা সংকীৰ্ণ পৰিসৰৰ বাসিন্দা নহয়৷ সেয়েহে আপুনি জীৱনটোক ওপৰত উল্লেখ কৰা বিবিধ উপকৰণসমূহৰ উপৰিও নামোল্লেখ নকৰা আন অজস্ৰ উপকৰণৰ উপভোগেৰে   জীৱনটোক সমৃদ্ধিশালী কৰিছে৷ গতিকে আপুনি আপোনাৰ জীৱিকাৰে নিজকে পৰিচয় দি কিয় সংকীৰ্ণ কৰি পেলাব আপোনাৰ বিশাল পৰিচয়? “আপুনি শিক্ষক” – কেৱল এই পৰিচয়টোৱেই আপোনাৰ ব্যক্তিত্বৰ সকলো দিশ প্ৰকট কৰে নে ? কিন্তু আমাৰ সমাজ ব্যৱস্থাই সেইবিলাক দিশ চাব পৰাকৈ এতিয়াও পৰিপক্ক হৈ উঠা নাই৷

যোৱা ছটা বছৰত আমালৈ বিভিন্ন ঠাইৰ পৰা দ্বি-সহস্ৰাধিক পঢ়ুৱৈয়ে লেখা প্ৰকাশ পালে ফ’ন কৰি আহিছে৷ সেইসকলৰ ৯০ শতাংশ পঢ়ুৱৈয়ে সোধা প্ৰশ্নটো হ’ল “আপুনি কি কৰে?” বহুতে মনৰ ভাৱ দমাব নোৱাৰি সুধিয়ে পেলায় শিক্ষক-অধ্যাপক নেকি৷ নহয় বুলি কোৱাৰ লগে লগে পুনৰ প্ৰশ্ন– “কি কৰে?”  অৰ্থাৎ আপুনি কাকতত লেখে বুজিলোঁ বাৰু কিন্তু “কি কৰি খায়” আৰু সেই “কি কৰি খায়” তাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ স্থান ক’ত !

সকলো মানুহৰে জীৱিকা নিৰ্বাহ পদ্ধতি ভিন্ন৷ কিন্তু সকলো জীৱিকাৰে সমানে গুৰুত্ব আছে – সেইটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগে৷ প্ৰাত্যহিক জীৱনত আমি দেখি থকা নাপিত, ধুবী, চমাৰ, কমাৰ, কুমাৰ, ফলমূল আৰু পাছলি ব্যৱসায়ী, দোকানী, পানী মিস্ত্ৰী, বাঢ়ৈ, ৰাজমিস্ত্ৰী, ঘৰৰ ৰং কৰা মানুহ, গাড়ী চালক, যানবাহন মেৰামতি কৰা লোক, ইলেকট্ৰিচিয়ান, টিভি মেৰামতি কৰা লোক, শিক্ষক, কেৰাণী, অধ্যাপক, চিকিৎসক, চাফাই কৰ্মী, হকাৰ, কৃষক –সকলোৰে কাম ভিন্ন ভিন্ন কিন্তু এজন আনজনৰ পৰিপূৰক৷ বিহুৰ বতৰত নাচিবলৈ ঢোলটো ঠিক কৰি দিয়া চমাৰজনক কোনেও কোনো কাৰণতে হেয় বুলি প্ৰতিপন্ন কৰিব নোৱাৰে৷ ৰাতিটো গাড়ী চলাই ত্ৰিছ/পইত্ৰিছ জন যাত্ৰীক নিৰ্বিঘ্নে গন্তব্যস্থলত উপনীত কৰোৱা চালকজনক কেতিয়াও সাধাৰণ বুলি ভাবিব নালাগে৷ প্ৰদূষণ মুক্ত পৰিবেশৰ নীৰৱ কৰ্মী হৰিজনসকলক কেতিয়াও হীন চকুৰে চাব নোৱাৰি, গাত ৰ’দ বৰষুণ নপৰা কৃষকজন কেতিয়াও গুৰুত্বহীন, কোনো কাৰণতে অসন্মানীয় নহয়৷ আমাৰ শৰীৰটোত বিভিন্ন প্ৰকাৰৰ ২০০ টা অংগ আছে৷ ইয়াৰে কোনো এটাৰ বিসংগতি হ’লেই শৰীৰটোৱে সঠিকভাৱে কাম কৰিবলৈ অপাৰগ হয়৷ ঠিক তেনেদৰে এখন সমাজ মসৃণভাৱে আগুৱাই যাবলৈ সমাজৰ সকলো বৃত্তিৰ মানুহৰ প্ৰয়োজন আছে আৰু কোনো এটা বৃত্তিধাৰী ব্যক্তিৰ অভাৱ হ’লেই সমাজখনত বিশৃংখলতাৰ সৃষ্টি হ’ব৷ এখন সমাজক বাট দেখুৱাবলৈ শিক্ষকৰ যিমান প্ৰয়োজন, সেই সমাজখনক ৰোগমুক্ত কৰি ৰাখিবলৈ সমানেই প্ৰয়োজন চিকিৎসকসকলক৷ কৃষকৰ শ্ৰম অবিহনে আমি ভোক নিবাৰণ কৰিব নোৱাৰোঁ৷ সমাজত যাতে সকলোৱে ন্যায় পায় তাৰ বাবে যেনেদৰে এডভোকেটসকলৰ প্ৰয়োজন তেনেদৰে সমাজখনক সঠিক পথৰ সন্ধান দিবলৈ প্ৰয়োজন চিন্তাবিদ- বুদ্ধিজীৱীৰ৷ সেয়েহে আমি সকলোৱে সকলোৰে বৃত্তিটোক সন্মান কৰিবলৈ শিকিব লাগে আৰু “আপুনি কি কৰে?”ৰ নিচিনা অবান্তৰ প্ৰশ্ন সুধি নিজৰে বৌদ্ধিক দৈন্যৰ পৰিচয় দিব নালাগে৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ