অমৃত গোস্বামী
কালি ৰাতিপুৱা বিশেষ
ধৰণৰ চৰাই এবিধৰ মাত শুনি নামঘৰটোৰ কাষৰ বেছ কিছু ওখ-ডাঙৰ গছজোপাৰ ওপৰ ভাগৰ ডাল-পাত
বিলাকলৈ ডিঙি মেলি মেলি চাইছিলোঁ — মাতটোনো কি চৰাইৰ হ’ব পাৰে, তাকে ঠাৱৰ কৰিবলৈ৷ কিন্তু
নাই— নোৱাৰিলোঁ! সোধা-পোছা কৰিবলৈও ৰাতিপুৱাৰ সেইখিনি সময়ত নামঘৰীয়াজনৰ বাদে আন কোনো
দেও-মনিচ ওচৰে-পাজৰে নাছিল৷ নামঘৰীয়াজনেও মোক চৰাইৰ বিধৰ নামটো জনাব
নোৱাৰি অনিশ্চিতভাৱে মাথোঁ ক'লে — “কি বা নাম চৰাইটোৰ!”
আজি আকৌ শুনিলোঁ একেবিধ চৰাইৰেই মাত৷ আজি অৱশ্যে চৰাইকেইটাও ভালকৈ দেখিবলৈ পালোঁ৷ এটা-দুটা বা দহোটা-কুৰিটা নহয়— অগণন৷ সমগ্ৰ যজ্ঞডিমৰু গছজোপাৰ ডাল-পাতবোৰ চানি ধৰি অলেখ চৰাই৷ চৰাইবোৰে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই জপিয়াই,তেওঁলোকৰ নিজস্ব মৃদু ‘কু-কু’ ধ্বনি তুলি হৃষ্টচিত্তে গছজোপাৰ গুটিবোৰ খাবলৈ ধৰিছে৷
এনেদৰে চৰাইবোৰে গুটি খাই থাকোতে কোনোবাটোহঁত গুটি টপৰ টপৰকৈ শব্দ কৰি তলত পৰি অলপতে চিকুণাই মেলি পৰিষ্কাৰ কৰি থোৱা নামঘৰটোৰ সমুখভাগৰ নিমজ চোতালখন কিছু পৰিমাণে অপৰিষ্কাৰ কৰি পেলাইছিল যদিও, চৰাইবিলাকে গছজোপাৰ সেই গুটিবোৰ খাই থকাৰ দৃশ্যটো অতি চালে চকু ৰোৱা হৈ পৰিছিল৷
কেইবছৰমানৰ আগৰ কোনোবা এটা বন্ধবাৰৰ দিন এটালৈ হঠাতে মোৰ মনত পৰিল— চৰাই চাই ভাল পোৱা, আৰু ইতিমধ্যে চৰাইৰ ফটো তোলাত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰা ভতিজা এজন ফটো তোলাৰ প্ৰতি সেইদিনাও বেছ আগ্ৰহী হৈ পৰিছিল৷ সেই উদ্দেশ্যে সেইদিনা ভতিজাৰ লগত ময়ো পবিতৰা অভয়াৰণ্যলৈ গৈছিলোঁ৷ ভতিজাৰ উদ্দেশ্য চৰাইৰ ফটো তোলা,ঘূৰি-ফুৰি ভাল পোৱা মই এনেই— ‘ঢোলৰ লগত টেমেকা’৷ পবিতৰাত ভতিজাই গছ এজোপাত জাক পাতি গছৰ গুটি খাই থকা, কালি আৰু আজি দেখিবলৈ পোৱাৰ লেখীয়া চৰাইৰ কেইবাখনো ফটো তুলিছিল৷ মোৰ মনত পৰি গ'ল— এইবোৰো তেনেহলে সেইদিনা পবিতৰাত দেখাৰ নিচিনা চৰাইবিধেই—অৰ্থাৎ গছজোপাত এইবোৰ নিশ্চিতভাৱে ‘হাইঠা’ চৰায়েই৷
খট-খটি কেইটা বগাই
নামঘৰটোৰ দৰ্জাখনৰ ওচৰত ইঘিল-তিঘিল কৰি থকা বাটৰ ফপৰা কুকুৰ এটাক মোৰ চিনাকি নামঘৰীয়াজনে
চিঞৰ একোটাহঁত মাৰি আঁতৰাবলৈ চেষ্টা কৰি আছিল৷ এইদৰে চেষ্টা কৰি থকা নামঘৰীয়াজনে এবাৰত
কুকুৰটোৰ অবাঞ্ছিত আচৰণত অতিষ্ঠ হৈ বেছ ডাঙৰ শব্দ হোৱাকৈ আটাহ পাৰি কুকুৰটোক খেদি পঠিয়াবলৈ
চেষ্টা কৰিছিল৷ নামঘৰীয়াৰ সেই আটাহৰ শব্দ সহ্য কৰিব নোৱাৰি চকুৰ পচাৰতে গোটেই হাইঠাৰ জাকটোৱেই পাখি ধপধপাই
উৰা মাৰি কোনোবাফালে গুচি গৈ, নেদেখা হৈ পৰিল৷ নামঘৰটোৰ চৌহদটো একেবাৰে নিজম পৰিল৷
পুৱাতে দেখিবলৈ পোৱা
দৃশ্যাংশৰ বিৱৰণ ভতিজাজনক দিয়াত তেওঁ মোক কৈছিল— হাইঠা পচিছৰ পৰা ত্ৰিশ চেণ্টিমিটাৰ
দৈৰ্ঘ্যৰ,পাৰ চৰাইৰ শ্ৰেণীত অন্তর্ভুক্ত এবিধ দেখিবলৈ সুন্দৰ চৰাই৷ হাইঠাৰো বিভিন্ন
প্ৰজাতি আছে৷ হাইঠাৰ গাৰ ৰংটো হালধীয়া আৰু সেউজীয়াৰ এক সুন্দৰ মিশ্ৰণ৷ আমাৰ অসমত আমি সচৰাচৰ
দেখিবলৈ পোৱা হাইঠা চৰাইবিলাকৰ ঠেং দুখনৰ বৰণ গাঢ় হালধীয়া৷ স্ত্ৰী হাইঠা চৰাইৰ দেহৰ
বৰণৰ উজ্জ্বলতা পুৰুষ হাইঠাৰ দেহৰ বৰণৰ উজ্জ্বলতাৰ তুলনাত কিছু কম হোৱা দেখা যায়৷
হাবি-জংঘল, ফলৰ বাগিছা আদিয়েই হাইঠা চৰাইৰ বাসস্থান৷
আকাৰত কপৌ চৰাই একোটাতকৈ সামান্য সৰু হাইঠা চৰাই বেছিভাগ সময় গছৰ ওপৰভাগতে, ডাল-পাতৰ লগত মিলি থাকে,আৰু সেইবাবেই হাইঠা চৰাই সহজতে মানুহৰ চকুত ধৰা নপৰে৷ হাইঠা এবিধ গছৰ ফল খোৱা চৰাই৷ ডিমৰু গছৰ গুটি হাইঠাৰ যথেষ্ট প্ৰিয় খাদ্য৷ এই চৰাইবিধ অন্যান্য চৰাইবোৰৰ তুলনাত বেছি সামাজিক— দলবদ্ধ হৈ থাকি,দলবদ্ধ হৈ আহাৰ গ্ৰহণ কৰিবলৈ ভাল পায়৷ হাইঠাই এটা বা দুটা কণী পাৰে৷ কণী উমনি দিয়াৰ কামটো আনবিধ চৰাইৰ দৰে মাকজনীৰ একচেটীয়া নহয়৷ বাপেকে-মাকে পালপাতি কণীৰ উমনি দিয়ে৷ ওখ গছৰ ওপৰত বহি সূৰ্যৰ তাপ ল’বলৈ হাইঠা চৰাইয়ে ভাল পায়,আৰু সেইবাবেই হাইঠা চৰাইয়ে ওখ গছৰ ওপৰতহে বাহ সাজে৷
এই হাইঠাবোৰে খাদ্যৰ সন্ধানত জনবসতি অঞ্চললৈ কেতিয়াবা আহি মানুহৰ বাৰীৰ ফলমূল খায় যদিও, মানুহৰ সংস্পৰ্শ মুঠেই সহ্য কৰিব নোৱাৰে — অলপ অসুবিধা অনুভৱ কৰিলেই পলাই পত্ৰং দিয়ে৷
হাইঠা চৰাই বোলে মাটিত নপৰে বা মাটিলৈ নানামে৷ দেখাত আকৰ্ষণীয় এই চৰাইবিধ মাটিত পৰিলে মাটিৰ ধূলি-বালি লাগি লেতেৰা হোৱাৰ আশঙ্কাতে চাগে মাটিলৈ নানামে!
“হাইঠা মাটিত পৰিল” বুলি আমাৰ ভাষাৰ এষাৰ জতুৱা ঠাঁচৰ বাক্য আছে, যাৰ অৰ্থ — সাধাৰণতে নঘটা কোনো ঘটনা ঘটা বা কাৰ্য এটা সম্পন্ন হোৱাটোক বুজায়৷ সচৰাচৰ ঘৰলৈ নহা কোনোবা আলহী, বিশেষকৈ মহিলা আলহী,কোনোবা এদিন কোনোবা এঘৰ মানুহলৈ আহিলে,ঘৰৰ গৃহস্থনী গৰাকীয়ে এই জতুৱা ঠাঁচটো আগৰদিনত ব্যৱহাৰ কৰা বৰকৈ শুনিবলৈ পাইছিলোঁ — “অ’,নেওঁগনী দেখোন! আজিনো কি ‘হাইঠা মাটিত পৰিল’৷ আজি আমাৰ কি ভাগ্য! নিশ্চয় বেলেগ কোনোবা ফালে আহিছিল,? আমাৰ ঘৰৰ আগেদি যাবলগীয়া হ’লতো, দেখাটো দি যাবলৈ বুলি সোমাল, নহয়? নহ’লে যে বেয়া দেখিব!”
কোনোবা এঘৰ মানুহলৈ সচৰাচৰ নহা আলহী হঠাতে এদিন আহি ওলোৱাৰ দৰে,সচৰাচৰ মাটিলৈ নামিবলৈ বেয়া পোৱা বা মাটিত নপৰা হাইঠা চৰাইবিধকো কেতিয়াবা কিন্তু মাটিত পৰা দেখিবলৈ পোৱা যায়৷ হাইঠা চৰায়ে ওখ গছৰ ৰসাল গুটি খাই ভাল পায়৷ এনেদৰে ৰসাল গুটি খোৱাৰ বাবে হাইঠা চৰাইৰ সাধাৰণতে পানী খোৱাৰ প্ৰৱণতা যথেষ্ট পৰিমাণে কম,আৰু সেইবাবেই হাইঠাৰ মাটিত নমাৰ প্ৰয়োজন নাথাকে৷ কিন্তু পোৱালি জগোৱাৰ পিছত হাইঠা এজনীয়ে পোৱালিৰ লালন-পালনত ব্যস্ত থকাৰ বাবে আগৰ দৰে ৰসাল গুটি খাবলৈ সক্ষম নহ’বও পাৰে৷ এনে অৱস্থাত পোৱতী হাইঠাক মাটিত নামি পানী খোৱা বা পানী খোৱাৰ নিমিত্তে মাটিত নমা দেখিবলৈ অৱশ্যে পোৱা যায়৷
ভাবি আচৰিত লাগে — এতিয়াৰ পৰা কিছু বছৰৰ আগলৈকে, প্ৰকৃতিৰ দান স্বৰূপ এই নিমাখিত প্ৰাণীবিধক মানুহে গছৰ ওপৰত জাল পাতি ধৰি বা বন্দুকেৰে নিধন কৰিছিল কেৱল মাংস ভক্ষণৰ উদ্দেশ্যে৷ এতিয়া যেনিবা আইন বলৱৎ কৰি অনান্য জীৱ-জন্তুৰ লগতে চৰাই চিকাৰ কৰাটোও একেবাৰে নিষিদ্ধ কৰা হ’ল৷
***
ঠিকনা :
চাৰ্ভে, চন্দন নগৰ,
গুৱাহাটী -২৮
ফোন নং - ৯৪৩৫০ ১৪৪৫৫