অন্যযুগ/


ব্যৱসায় ভিত্তিত বাঁহ খেতি

 সত্যজিৎ গগৈ


 

অসম এখন কৃষিপ্ৰধান ৰাজ্য। ইয়াৰ জলবায়ু খেতিৰ বাবে বৰ উপযোগী। অসমত কেৱল যে ধান বা চাহ খেতিয়েই কৰা হয়, এনে নহয়। ধান বা চাহৰ উপৰি কল, মৰাপাট, কুঁহিয়াৰ, নেমু আদিৰ খেতিও যথেষ্ট পৰিমাণে কৰা হ। অসমত বাঁহ খেতি ব্যৱসায় ভিত্তিত কৰিলে যথেষ্ট পৰিমাণে লাভৱান হোৱাৰ স্থল আছে। “যাৰ নাই বাঁহ, তাৰ নাই সাহ” বুলি অসমীয়াত এষাৰ কথা আছে। এই কথাষাৰলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া সমাজ জীৱনত বাঁহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেই দিশলৈ লক্ষ্য কৰি ব্যৱসায়িকভাৱে বাঁহ খেতিৰে অসমৰ লগতে বিদেশতো এখন বজাৰ দখল কৰিব পাৰি। অসমীয়া গ্ৰাম্য জীৱনত বাঁহেই সহচৰ। মানৱ জীৱন নিৰ্বাহৰ প্ৰতিটো স্তৰতে বাঁহৰ ভূমিকা উল্লেখযোগ্য। বাঁহৰ পৰা কেৱল কাগজ প্ৰস্তুত কৰাই নহয়। বাঁহে মানৱ সমাজৰ আৰ্থিক দিশতো উল্লেখযোগ্য অৰিহণা যোগায় আৰু পৰিৱেশ সুৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাঁহ অসমীয়া সমাজত বহুলভাৱে ব্যৱহাৰ হোৱা দেখা যায়। বাঁহৰ গাজৰ পৰা এছাৰিলৈকে, কাঠি-কামিৰ পৰা জেং আৰু পাতলৈকে সকলো ব্যৱহাৰ হয়। অসমীয়া কবিতা, প্ৰৱচন, ডাকৰ বচন, যোজনা, লোকবিশ্বাস, লোকউৎসৱ, লোকগীত, স্থাপত্য-ভাস্কৰ্য আদিৰ লগতে খাদ্যশিল্প আৰু সুকুমাৰ কলাতো বাঁহৰ গুৰুত্বপূৰ্ণ ভূমিকা দেখা যায়। সেয়েহে বাঁহক “সেউজীয়া সোণ” বুলিও অভিহিত কৰা হয়।


বাঁহ খেতিৰ বাবে অসমৰ মাটি সাৰুৱা আৰু উপযোগী। বাঁহ ৰোৱাৰ পাছত গৰু-ছাগলীয়ে অনিষ্ট কৰিব নোৱৰাকৈ বেৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে। ফ্ৰেব্ৰুৱাৰি/ মাৰ্চ মাহত বাঁহৰ গুৰিত গোবৰ-জাবৰ আদি দি অলপ মাটি চপাই দিব লাগে যাতে বহাগত নতুন গজালি মেলিব পাৰে। বাঁহৰ গজালিত সাধাৰণতে পোকে ধৰে। সেই সময়খিনিত ঔষধ প্ৰয়োগ কৰিলে বাঁহডাল ৰক্ষা পৰে। খেতি আৰম্ভ কৰাৰ চাৰি বছৰৰ পাছতহে বাঁহ কাটিব লাগে। তেতিয়াহে বাঁহ পূৰঠ হোৱা বুলি ধৰিব পাৰি। অসমৰ  ভিতৰত ডিমা হাচাও জিলাত সৰ্বাধিক বাঁহ উৎপাদন হয়। অসমত প্ৰায় ২৭ প্ৰকাৰৰ বাঁহ পোৱা যায়। তাৰে ভিতৰত উজনি অসমত প্ৰায় ৫ বিধ বাঁহৰ অৱস্থিতি সম্পৰ্কে জনা যায়। সেই সমূহ হল ক্ৰমে - ভলুকা, জাতি, কাক, কোটোহা আৰু মকাল বাঁহ।


মাঘ বিহু, ভঠেলি, লামজাকৰা, পচতি, মৃত্যু সংক্ৰান্তীয় কৰ্ম, বিৱাহ আদি অসমৰ বাঁহকেন্দ্ৰিক উৎসৱ। পথালিকৈ বাঁহ বান্ধি বিয়া কৰাবলৈ অহা দৰাক ভেটাটো অসমীয়া সমাজৰ পুৰণি পৰম্পৰা। ঠিক তেনেকৈ মহোহো আৰু হোলী উৎসৱতো বাঁহৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ।


অৰণ্য এৰি কৃষিমুখী হোৱাৰ দিনাৰে পৰাই অসমীয়া মানুহে বনৰীয়া প্ৰাণী চিকাৰ কৰিবলৈ সহায়ক হিচাপে বাঁহ ব্যৱহাৰ কৰিছিল। তেতিয়াৰ পৰাই হয়তো বাঁহ অসমীয়াৰ শিল্পকৰ্মৰ প্ৰধান আহিলা হৈ পৰিল। তদুপৰি অসমীয়া লোকসকলৰ থলুৱা পদ্ধতিত গৃহনিৰ্মাণৰ বাবে প্ৰায় প্ৰতিটো সামগ্ৰীয়েই বাঁহৰ পৰা প্ৰস্তুত কৰা হয়। যেনে খুঁটা, তি, মাৰলি, ৰুৱা, কাঠি-কামি, গাধৈ, টঙাল, কঁকিলা, জেঠী, ঢাপলিকা, কুকুৰ, খবুৱা, কোবা, বহিখোৱা, বগলী বাঁহ, চালি, পাভতি, বৰচাং আদি। তাঁতশালত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ, যেনে চেৰেকী, উঘা, মহুৰা, মহুৰা থোৱা খোৰোং, লেটাই, ব-চূঙা, শলি, চালিমাৰি, জখলামাৰি, গৰকা, ডাংমাৰি, নাচনি, কাণমাৰি, ৰাঁচ, চিৰি, ফুলতোলা কাঠি আদিও বাঁহেৰে নিৰ্মিত। অসমীয়াৰ জাপিটোও লোককলাৰ এক সুন্দৰ নিদৰ্শন। বিভিন্ন ধৰণৰ জাপি যেনে হালোৱা জাপি, সৰুদৈয়া জাপি, বৰদৈয়া জাপি, পিঠাজাপি আৰু কাণজাপিও বাঁহৰ পৰাই নিৰ্মা কৰা হয়। বহাগ বিহুৰ সময়ত সৰুদৈয়া আৰু বৰদৈয়া জাপিৰ ব্যৱহাৰ অত্যধিক হয়। সেই সময়খিনিতে ব্যৱসায়ীসকল অধিক লাভৱান হোৱা দেখা যায়। তদুপৰি কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সামগ্ৰী যেনে, ভঁৰাল, ডুলি, পাচি, খৰাহি, দো, যুঁৱলি, জবকা, ওখোন, মৈ, শলমাৰি, কোৰৰ নাল, কানমাৰি, বিৰিয়া আদিৰ লগতে বিভিন্ন সময়ত ঘৰুৱা কামত ব্যৱহাৰ হোৱা কুলা, পাচি, খৰাহী, ডলা, চালনী, ঢাৰি, বিচনী আদি অজস্ৰ বস্তুৰ উপৰি বিছনা, জেওৰা, জপনা, নঙলা, দলং আদি সজাত বাঁহ ব্যৱহাৰ কৰা হয়। তদুপৰি মাছ ধৰা সামগ্ৰী বা সঁজুলিবোৰৰ ভিতৰত জাকৈ বা জকাই, খালৈ, পল, জুলুকি, খোকা, চেপা, ঠোঁহা আদিও বাঁহেৰেই তৈয়াৰ কৰা হয়। নগৰৰ ডাঙৰ ডাঙৰ অট্টালিকাসমূহ নিৰ্মাণ কৰিবলৈও বহু পৰিমাৰ বাঁহ প্ৰয়োজন হয়। মুঠৰ ওপৰত বাঁহৰ পৰা নিৰ্মিত সামগ্ৰীয়ে অসমীয়া সমাজ আৰু সাংস্কৃতিক জীৱনক এক সুকীয়া মৰ্যাদা তথা বৈশিষ্ট্য প্ৰদান কৰিছে।


বাঁহগাঁজ আৰু খৰিচা অসমীয়াসকলৰ থলুৱা খাদ্যৰ অন্তৰ্গত আৰু জনজাতীয় লোকসকলে বাঁহৰ চুঙাতেই স্থানীয়ভাৱে তৈয়াৰী পানীয় সেৱন কৰে।


গতিকে ইমানবোৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়িকভাৱে বাঁহ খেতি কৰিলে নিশ্চয়কৈ অসমৰ অৰ্থনৈতিক দিশটো অলপ হলেও টনকিয়াল হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে চৰকাৰৰ সদিচ্ছা, উপযুক্ত সা-সুবিধা তথা সহযোগিতাৰ একান্তই প্ৰয়োজন হব।

 

ঠিকনা : 

প্ৰযত্নে : ৺তুলন গগৈ,

২ নং দেওধাই গাওঁ,

ডাক - চাচনি - ৭৮৬৬১০, নাহৰকটীয়া,

ডিব্ৰুগড়, অসম।

ভ্ৰাম্যভাষ : ৭৩৯৯৬৬২৮৬৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ