অন্যযুগ/


‘আটক চাউল’ৰ আঁত ধৰি :

 অমৃত গোস্বামী

 

মাহঁতৰ মুখত শুনা এটা অদ্ভুত নাম মোৰ আজিও মনত আছে— ‘আটক চাউল’৷ সেই চাউলবিধ  হেনো বৰ মিহি আছিল, আৰু চাউলবিধৰ ভাতো হেনো বৰ ভাল হৈছিল৷ দ্বিতীয় মহাসমৰৰ দিনৰ চাউলৰ নাটনিৰ সময়ত আমাৰ মানুহবোৰে সেই চাউলবিধ ঘৰলৈ ক্ৰয় কৰিছিল৷ তেতিয়াৰ ব্ৰহ্মদেশ, অৰ্থাৎ আজিৰ ম্যানমাৰৰ পৰা আমদানি কৰা হৈছিল সেই চাউল৷ আটকীয়া দিনত বা নাটনিৰ সময়ত উপলব্ধ হোৱাৰ কাৰণেই বোধহয় চাউলবিধে নাম পাইছিল—‘আটক চাউল’৷ 

এইটো কথাৰ উপৰিও দ্বিতীয় মহাসমৰৰ কালৰ সাধু সাধু লগা অনেক কথা/কাহিনী আমি সৰু হৈ থাকোঁতে ডাঙৰসকলৰ মুখত শুনিবলৈ পাইছিলো৷ 

যি কি নহওক কেৱল আমাৰ দেশতে নহয়, দ্বিতীয় বিশ্বযুদ্ধৰ কালত খাদ্যৰ নাটনিয়ে সমগ্ৰ বিশ্বজুৰি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ এই সমস্যা কেৱল যুদ্ধত জড়িত দেশবোৰৰ বাবেই হোৱা নাছিল, প্ৰায় সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিছিল৷ সেই সময়ত মানুহে কেৱল বোমা-বাৰুদৰ আৰু ধ্বংসৰ ভয়তে নহয়, অনাহাৰ আৰু ক্ষুধাৰ যন্ত্রণাতো দিন কটাবলগীয়া হৈছিল৷

 

বিশ্বযুদ্ধৰ কালত উপনিৱেশসমূহৰ খাদ্য সামগ্ৰীবোৰ উপনিৱেশবাদী দেশসমূহে নিজৰ দেশলৈ ৰপ্তানি কৰিছিল৷ সেই সময়ত ব্ৰিটিছৰ  অধীনত থকা ভাৰতবৰ্ষৰ পৰা চাউল আৰু অন্যান্য খাদ্যসামগ্ৰী সংগ্ৰহ কৰি, ব্ৰিটিছে নিজদেশৰ সৈন্যসকলৰ বাবে প্ৰেৰণ কৰিছিল৷ ফলস্বৰূপে ১৯৪৩ চনত বঙ্গদেশত এক ভয়ংকৰ দুৰ্ভিক্ষ হৈছিল৷ এই দুৰ্ভিক্ষৰ ফলত দুই নিযুতৰো অধিক ভাৰতীয় লোক মৃত্যুমুখত পৰিছিল৷ 

বঙ্গদেশত হোৱা সেই দুৰ্ভিক্ষৰ পটভূমিতে বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ ৰচিত কাহিনীৰ ওপৰত ভিত্তি কৰি, প্ৰখ্যাত চলচ্ছিত্ৰ নিৰ্মাতা সত্যজিত ৰায়ে ১৯৭৩ চনত ‘অশনি সংকেত’ নামৰ বিখ্যাত বাংলা ভাষাৰ চলচ্ছিত্ৰখন নিৰ্মাণ কৰিছিল৷  

যুদ্ধকালিন খাদ্যসংকট এক অৰ্থনৈতিক তথা সামাজিক সমস্যা ৰূপে পৰিগণিত হৈছিল৷ তাৰ লগে লগে এই সংকট  নৈতিক বিপৰ্যয়ৰ এটা কাৰণো হৈ পৰিছিল৷ যুদ্ধৰ সময়ত ক্ষুধাক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল– নিঃশব্দ অথচ এক ভয়ংকৰ অস্ত্ৰ৷ 

দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত যুদ্ধৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত দেশসমূহত তীব্ৰ খাদ্যসংকটে দেখা দিয়াৰ কাৰণসমূহ জানিবলৈ ইচ্ছা হৈছিল৷‌ বিচাৰি কিছু কথা পালোঁ৷‌  

যুদ্ধৰ সময়ত বহুতো কৃষিভূমি যুদ্ধভূমিলৈ পৰিণত হৈছিল৷ ইউৰোপ, ৰাছিয়া, চীন আৰু দক্ষিণ-পূৱ এছিয়াৰ বহু অঞ্চলৰ খেতিপথাৰবোৰ বিস্ফোৰক পদাৰ্থ, টেংক আৰু বোমাৰ আক্ৰমণৰ ফলত নষ্ট হৈ সেই অঞ্চলসমূহৰ উৎপাদনক্ষমতা সম্পূৰ্ণৰূপে বিনষ্ট হৈছিল৷

ফ্ৰাঞ্চ, পোলেণ্ড আৰু ইউক্রেইনৰ এক বিশাল অংশ যুঁজৰ মাজত পৰিছিল৷ এইকেইখন দেশত শস্যৰ গুদাম, খেতিপথাৰ আৰু জলসিঞ্চন ব্যৱস্থাবোৰ প্ৰায় ধ্বংস হৈ গৈছিল৷ 

যুদ্ধৰ সময়ত কৃষক সম্প্ৰদায়ৰ এক বৃহৎ অংশক ৰাষ্ট্ৰসমূহৰ চৰকাৰে সেনা বাহিনীত নিয়োগ কৰিছিল৷ তাৰ ফলত খেতিপথাৰত কাম কৰা মানুহৰ নাটনি হৈছিল৷‌ সেইসমূহ দেশত তেতিয়া কেৱল মহিলা আৰু বৃদ্ধসকলেই কৃষিকাৰ্য কৰিবলৈ বাধ্য হৈ পৰিছিল৷ কম অভিজ্ঞ মহিলা আৰু বৃদ্ধ লোকসকলে কৃষিকাৰ্য সম্পন্ন কৰিব লগা হোৱা বাবে কৃষিৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল৷ 

বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিয়ে জাৰ্মানী আৰু জাপানৰ নৌ-পৰিৱহনক অৱৰোধ কৰিছিল৷ মিত্ৰশক্তিৰ নৌ-পৰিৱহনক কৰা অৱৰোধৰ বাবে জাৰ্মানীয়ে খাদ্য আমদানি কৰিব পৰা নাছিল৷ আনহাতে, জাৰ্মানীয়েই আকৌ আটলাণ্টিক মহাসাগৰত মিত্ৰশক্তিৰ, বিশেষকৈ ব্ৰিটেইনৰ দিশে যোৱা খাদ্যবাহী জাহাজবোৰ ডুবাই দিছিল৷ এইবোৰ কাৰণে সমুদ্র পথেদি খাদ্য যোগান ধৰাত যথেষ্ট বাধাৰ সৃষ্টি হৈছিল আৰু লগতে বহু পৰিমাণৰ খাদ্যসামগ্ৰী নষ্টও হৈছিল৷ 

যুদ্ধৰ সময়ত প্ৰায়বোৰ দেশেই খাদ্য, ইন্ধন আৰু অন্যান্য উৎপাদিত সামগ্ৰীৰ এক বৃহৎ অংশ সৈন্যবাহিনীৰ বাবে সংৰক্ষণ কৰি ৰাখিছিল৷ যুদ্ধত বিজয়ী হোৱাটো যিহেতু দেশসমূহৰ মূল লক্ষ্য আছিল সেই হেতুকে সেনাৰ বাবে খাদ্য যোগানেই প্ৰধান্য লাভ কৰিছিল৷ বিশেষকৈ ৰাছিয়া, জাৰ্মানী আৰু ইংলেণ্ডত খাদ্য যোগানৰ অধিকাংশ সেনাৰ বাবেহে সংৰক্ষিত ৰখা হৈছিল৷ এই সংৰক্ষণৰ ফলত সাধাৰণ নাগৰিকে যথেষ্ট পৰিমাণে খাদ্যসংকটৰ সন্মুখীন হৈছিল৷ 

জাৰ্মানী, জাপান আৰু অন্যান্য একাধিক দেশৰ সৈন্যবাহিনীয়ে তেওঁলোকৰ দ্বাৰা অধিকৃত অঞ্চলসমূহৰ পৰা খাদ্য লুট কৰিছিল৷ চীন, কোৰিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত এনে ধৰণৰ সামৰিক লুট বৃহৎ পৰিমাণত হৈছিল৷  

ইউক্রেইন, বেলাৰুছ আৰু ৰাছিয়াৰ পৰা বিশাল পৰিমাণত শস্য জাৰ্মানীলৈ পঠোৱা হৈছিল৷ ফলস্বৰূপে সেই দেশসমূহৰ স্থানীয় জনগণে খাদ্য সংকটৰ সন্মুখীন হৈ অনাহাৰ আৰু মৃত্যুৰ মুখামুখি হ’ব লগাত পৰিছিল৷ 

যুদ্ধৰ সময় বহু দেশত ‘ৰেশ্বনিং’ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল৷ ৰেশ্বনিং পদ্ধতিৰে প্ৰতিজন নাগৰিকক চেনি, গম, চাউল, মাংস ইত্যাদি খাদ্য সীমিত পৰিমাণতহে দিয়া হৈছিল৷ তদুপৰি ৰেশ্বন কাৰ্ড থকাসকলৰ বাবেও খাদ্য সহজলভ্য হৈ থকা নাছিল ৷ 

যুদ্ধৰ সময়ত ক’লা বজাৰে গঢ় লৈ উঠিছিল, য’ত খাদ্যৰ দাম বহুগুণ বৃদ্ধি পাইছিল৷ মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ বাবে খাদ্য ক্ৰয় কৰাটো অসম্ভৱ কৰি তুলিছিল৷

বিমান আক্ৰমণ, টেংকৰ আগ্ৰাসন আৰু সামৰিক কৌশল প্ৰয়োগৰ ফলত বহু ঠাইত ৰে’লপথ, বন্দৰ, বাট-পথ আৰু গুদামঘৰ আদি ধ্বংস হৈ পৰিছিল৷ ফলস্বৰূপে গাঁও অঞ্চলৰ পৰা নগৰ-চহৰলৈ খাদ্য পঠিওৱাত অসুবিধাৰ সৃষ্টি হৈছিল৷ বহুকেইখন দেশৰ আভ্যন্তৰীণ পৰিৱহন ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল৷ 

সৰ্বোপৰি, মানৱতাক লজ্জিত কৰি যুদ্ধৰ সময়ত কিছুমান ৰাষ্ট্ৰই ক্ষুধাক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল৷‌ লক্ষ লক্ষ লোকে লোক অনাহাৰে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল৷ 

ইতিহাসৰ অন্যতম ভয়ংকৰ দৃষ্টান্ত আছিল লেনিনগ্ৰাডৰ অৱৰোধ৷ বৰ্তমান চহৰখনৰ নাম ছেণ্ট পিটাৰ্ছবাৰ্গ, আগতে নাম আছিল লেনিনগ্ৰাড৷ জাৰ্মানীয়ে দ্বিতীয় মহাসমৰৰ কালত ৰাছিয়াৰ এই দ্বিতীয় বৃহত্তম চহৰ, শিল্প-বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঠাইখন প্ৰায় আঢ়ৈ বছৰ সময় ধৰি অৱৰোধ কৰি ৰাখিছিল৷ এই অৱৰোধৰ প্ৰভাৱত দহ লক্ষৰো অধিক লোকে অনাহাৰত মৃত্যু বৰণ কৰিবলগীয়া হৈছিল ...৷ 

যুদ্ধৰ ইতিহাসৰ এই অংশ মানৱ সভ্যতাৰ কলঙ্কবোৰৰ এটাত পৰিণত হৈছে৷

 ***

 

ভ্ৰাম্যভাষ : ৯৪৩৫০ ১৪৪৫৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ