অন্যযুগ/


উৰুকা নিশাৰ সম্প্ৰীতি

নিৰু দত্ত


শীতকালীন উৎসৱ মাঘবিহু অসমৰ কৃষি ভিত্তিক উৎসৱ৷ শাওণত গোজ মৰা কঠীয়াই  আঘোণত সোণগুটিৰ ৰূপত কৃষকৰ ভঁৰালত সোমায়৷ প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে ভৰি উঠে একোখন ঘৰ৷ অসমৰ পলসুৱা মাটিত এই সময়তে উভৈনদী হৈ থোৰ মেলে নানাবিধ শাক-পাচলি, মাটিৰ তলত বাঢ়ে কাঠ-আলু, মোৱা-আলু, মিঠা-আলু আৰু লোমালোমে গুটি আলু৷ হাড়-ভগা পৰিশ্ৰমৰ অন্তত ৰাইজ অকণমান মুকলিমূৰীয়া হয়৷ অসমীয়া ৰাইজে ভোগৰ উপচাৰসমূহ লগেভাগে ভোগ কৰিবলৈ ভোগালী উৎসৱ পাতে পুহ আৰু মাঘৰ দোমাহীত৷

মাঘ বিহু মাঘৰ মূৰত, অৰ্থাৎ পুহ মাহৰ অন্তিম দিনত (চান্দ্ৰ বৰ্ষপঞ্জী অনুসৰি) পালন কৰা হয়৷ সেয়ে ইয়াক দোমাহী  বুলিও কোৱা হয়৷ এই দিনটো হিন্দু চান্দ্ৰ বৰ্ষত শুভ বুলি গণ্য কৰা হয় আৰু ইয়াক মকৰ সংক্ৰান্তি বুলি কোৱা হয়৷ যেতিয়া সূৰ্যই ইয়াৰ উত্তৰায়ণ আৰম্ভ কৰে আৰু মকৰ হিন্দু ৰাশিচিহ্নলৈ পৰিৱৰ্তন হয়, এই দিনটোত ভাৰতৰ বিভিন্ন প্ৰান্তত সূৰ্য দেৱতাক  বিভিন্ন উৎসৱ যেনে পোংগল (তামিলনাডু), মাঘী (পঞ্জাৱ) আৰু উত্তৰায়ণ (গুজৰাট)ৰ ৰূপত পূজা কৰা হয়৷  অসমত পালন কৰা হয় মাঘ বিহু ৰূপত৷

আঘোণত সোণগুটিৰে ভৰা পথাৰখনৰ সপোন কৃষিজীৱী অসমীয়াৰ বছৰ জোৰা হাবিয়াস৷ দাৱনীয়ে মুঠিয়ে মুঠিয়ে কাটে পজালি ঠোক৷ পাহুৱাল ডেকাৰ কান্ধত উঠি জিৰিক্ জিৰিক্ নাচোনেৰে ধানৰ ডাঙৰি গৃহস্থৰ চোতাল পোৱালৈ পথাৰখন সাগৰ হয় ফেহুৰঙী শুকান নৰাৰে৷ নৰাই কটা ভৰিৰ চিতচিতনি মিঠাতেলৰ প্ৰলেপত শাঁত পেলাই ডেকাৰ আড্ডাত আলচ হয় উৰুকা নিশালৈ খাব খোজা ভোজৰ হিচাপ-নিকাচ৷ সেই ভোজটোক আমাৰ যোৰহাটত ভাণ্ডনা বুলি কোৱা মনত পৰে যিটো শব্দ আন ক’তো শুনা মনত নপৰে৷ ভোজ-ভাত খাই ৰাতিটো কটাবলৈ ডেকাসকলক লাগে ভেলাঘৰ৷ ভেলাঘৰ প্ৰস্তুতিৰ বাবে  নৰা কটাৰ ভাৰ পৰে দুজনমানৰ ওপৰত৷ নৰাৰ সাগৰৰ পৰা কাচিৰে প্ৰয়োজনীয় নৰা কাটি দ'মাই যায় ডেকাহঁতে৷ বিহুৰ সপ্তাহ-পষেকৰ আগৰ পৰা ডেকাহঁত লাগি যায় ভেলাঘৰ নিৰ্মাণ কৰাত৷ বিভিন্ন নক্সাৰ ভেলাঘৰৰ সাজোনত ডেকাহঁতৰ মনৰ শিল্পগুণ প্ৰকাশ পায়৷ ঐতিহাসিক প্ৰসিদ্ধ মন্দিৰ, প্ৰসাদ আদিৰ অনুকৰণ কৰি, সমসাময়িক সমস্যা প্ৰতিফলিত কৰা শৈলীৰ ভেলাঘৰ নৰা আৰু বাঁহ-বেতেৰে তৈয়াৰ কৰা দেখা যায়৷ বৰ্তমান ভেলাঘৰ সাজোনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাও দেখা গৈছে৷ দল বান্ধি কৰা এই কাৰ্যত ডেকাহঁতৰ মাজত একতাই বাহ সাজে৷ এই একতাই এখন সবল সমাজ গঢ়াত সহায় কৰে৷ বাঁহ-বেত চাঁচি-মাজি থাকোতে কোনো উদ্ভিন্ন যৌৱনৰ ডেকাৰ মনলৈ অকলশৰীয়া ভাব এটাই কোবাই যায়৷ স্বতঃফুৰ্তভাৱে মুখেৰে ওলাই আহে এফাঁকি বিহু নাম -

          “দেহি ঐ

           ভেলাঘৰ সাজোতে টমালে কাটিলে 

           হাতৰে ঐ আঙুলি ,

           তুমি আহিবানে বান্ধি মোক দিবলৈ

           চাদৰৰ আঁচল ফালি৷”       

অসমীয়াৰ প্ৰাণত উছাহৰ ঢল নামে বিহু নামৰ সুৰত৷ ৰঙত, আৱেগত অথবা দুখত বুকুৰ বাকৰিত জাগি উঠে বিহু নাম এফাঁকি নাইবা একুত বনঘোষা৷ সেয়া লাগিলে বসন্তৰ বা লাগি উচাতন ৰঙালী বিহুৱেই হওক কিম্বা ঠেঁটুৱৈ ধৰা শীতৰ ভোগালী বিহু৷            

ঠেঁটুৱৈ ধৰা পুহৰ দিনবোৰ গৃহস্থালি চম্ভালা জীয়ৰী-বোৱাৰীৰ গাতে পাৰ হয়৷ ন  জহা-বৰা ধানৰ মোক খা মো খা মিহি গোন্ধ এটা গাঁৱৰ বতাহত ওপঙি ফুৰে৷ তাৰে এগাল মিলত অথবা ঢেঁকী-শালত বানি সাজু কৰা হয় না না বিধ উপাদেয় জা-জলপান, পিঠা-পনা তৈয়াৰ কৰিবলৈ৷ অসমীয়া জা-জলপানৰ এক সুকীয়া মৰ্যাদা আছে তাৰ সোৱাদ আৰু উপাদেয় গুণৰ বাবে৷ সেয়ে আবতৰটো ইয়াৰ আদৰ সমানে থাকে৷ আমাৰ জলপানে সুমিষ্টতা গুণৰ বাবে বাহিৰৰ বজাৰ দখল কৰিবলৈও সক্ষম হৈছে৷ বহল ভিত্তিত ব্যৱসায় কৰাসকলে এই জলপান আৰু পিঠা-পনাৰ খাদ্য গুণৰ সংযুতি অন্য পেকেটিং ফুডৰ দৰে বিজ্ঞান সন্মতভাৱে উল্লেখ কৰি থলে অনা-অসমীয়া লোকসকলে ক্ৰয় কৰিবলৈ সুবিধা পাব৷       

মাঘ বিহুৰ উৰুকা নিশালৈ অসমীয়াসকলৰ বছৰ জোৰা অধীৰ অপেক্ষা৷ চাকৰি-বাকৰিৰ সংক্ৰান্তত দূৰৈত থকাসকলেও ছুটী লৈ ঘৰখনলৈ আহে উৰুকাৰ দিনা পোৱাকৈ৷   ভেলাঘৰ নসজাসকলেও উৰুকাৰ নিশা এসাজ লগভাত খায়৷ খৰালি কালৰ তৰাং নদী আৰু বিলত সমূহীয়াকৈ মাছ ধৰা কাৰ্য এই বিহুৰ এৰাব নোৱাৰা অংগ৷ মাছ-মঙহেৰে এসাজ দকচি খাবলৈ দুখীয়াজনেও এই নিশাৰ বাবে সাঁচনত ৰাখে এমুঠি ধন৷            

পৰম্পৰা অনুসৰি অসমৰ বিভিন্ন সম্প্ৰদায়ে উৰুকাৰ ভোজ-ভাত নিজৰ নিয়ম-কাৰণৰ মাজেৰে উপভোগ কৰে৷ মই আহোমৰ বোৱাৰী৷ আমাৰ ভেলাঘৰত উৰুকাৰ ভোজ মৃতকৰ নামত চাকি জ্বলাই উৎসৰ্গা কৰাৰ পাছত গ্ৰহন কৰা নিয়ম দেখিছো৷ “ শলিতা জ্বলোৱা পকা পন্থা” ৰ এই লগভাতৰ লগত সাঁজৰ বাটি এৰাব নোৱৰা ভোগ৷   

উৰুকা নিশাৰ কিছুমান পৰম্পৰাগত নিৰ্দোষ ধেমালিৰ বাবেও মাঘ বিহু মানুহৰ আদৰণীয়৷ সেই  নিশা মানুহৰ জেওৰা-জপনা চুৰি কৰি ডেকাহঁতে আনন্দ লয়৷ গোটেই নিশা পিঠা ভাজি থকা নবৌ বা খুৰীহঁতৰ পিঠা চুৰি  কৰা, বাৰীৰ শাক-পাচলি,  আমৰলীয়া হাঁহ, কুকুৰা আদি চুৰি কৰা এসময়ত ধৰা-বন্ধা নিয়মৰ দৰেই আছিল৷ তাৰে সুযোগ লৈ বহুতো তৰলমতীয়াই শাকনি বাৰী তহিলং কৰা, পীয়ন ধৰা গৰুপোৱালি মেলি পুৱালৈ গাখীৰটোপাৰ মুদা  মৰাৰ দৰে অপকৰ্মও কৰে৷          

ইংৰাজী নৱবৰ্ষ তথা চৰকাৰী কাৰ্যালয়ত নতুন বছৰক আদৰিয়ে আমি অসমীয়াসকলে মাঘ বা ভোগালী বিহু পাতো৷ ভোগালীক আদৰিবলৈ ঠায়ে ঠায়ে মাঘী-মেলাৰ আয়োজন কৰে৷ মাঘী-মেলাত না না পৰম্পৰাগত খেল-ধেমালিৰ লগতে পণ্যবস্তুৰ মেলা পাতে৷ ই গাঁৱৰ অৰ্থনীতি সবলীকৰণতো সহায় কৰে৷          

 বিহু সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক৷ উৰুকা নিশাই এই সম্প্ৰীতিৰ এনাজৰীডাল দৃঢ় কৰে৷ 

 

 

ঠিকনা :

সৰুপথাৰ-৭৮৫৬০১

গোলাঘাট

ভ্ৰাম্যভাষ : ৭০০২২৪১১৪৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ