ৰাতুল মহন্ত
শেষ নিশা ২-৪০ বজাত
কমসংখ্যক যাত্ৰী লৈ উজনিমুৱা বাছখন জখলাবন্ধাৰ হোটেল এখনৰ ওচৰত ৰৈছিলহি৷ সাধাৰণতে সেইসময়ত
নৈশযাত্ৰীৰ বাহিৰে বেলেগ গ্ৰাহক নাথাকে৷ কিন্তু সেইদিনা আছিল সম্পূৰ্ণ ব্যতিক্ৰম৷ হোটেলখনত
বিৰ দি বাট পাবলৈ নাই৷ পথৰ কাষে কাষে পাঁচ শতাধিক মানুহ৷ এবছৰীয়া কেঁচুৱাৰ পৰা চল্লিশ-পঞ্চলিশ
বছৰ বয়সৰ চাহ-মজদুৰসকলক দেখি কথাটো কি জানিবলৈ কোমল বয়সৰ ল’ৰা এজনক সুধিলো কথাটো
কি৷ সি “শিলঘাটত মেলা আছে, গা ধুম” বুলি ক’লে৷ ইতিমধ্যে অষ্টমী পাৰ হৈ নৱমী আৰম্ভ হ’ল৷
সি চাগৈ গমেই পোৱা নাই৷ এজনক সুধিলো ক’ৰ পৰা আহিছে, গাড়ীৰ ভাড়াৰ কিমান আদি কথা সোধাত,
উত্তৰত গোলাঘাট জিলাৰ পৰা অহা বুলি কোৱাৰ লগতে গাড়ী ভাড়াৰ বাবদ গাইপতি ৫০০ টকা বুলি
ক’লে৷ তেওঁলোকৰ উছাহৰ অন্ত নাই, যেন আগতীয়া দুৰ্গা পূজা ! এইবাৰ সুধিলো তোমালোকে কিমান
পইছা পোৱা ? তাৎক্ষণিক উত্তৰ দুই সপ্তাহত ২৯০০
টকা৷ সুধীবৃন্দ, আজিৰ তাৰিখতো এটা পৰিয়ালে
মাহে ৫৮০০ টকাৰে জীৱন যাপন কৰিব লাগে৷ তাৰ লগতে এনেকুৱা ঈশ্বৰৰ সন্ধান লাভ বা পূণ্য
লাভৰ বাবে কৰা খৰচবিলাক আছেই আৰু আটাইতকৈ আচৰিত কথাটো হ’ল এনেদৰে প্ৰত্যেকে ৫০০ টকাকৈ
গাড়ী ভাড়া দি বাকী আনুসংগিক খৰচবিলাক কৰিবলৈয়ো অলপো বেয়া পোৱা নাই ৷ কাৰণ, ইয়াৰ
সৈতে পূণ্য অৰ্জনৰ কথাটো জড়িত হৈ আছে৷ আপুনি বছৰটোত কৰা সকলো পাপ যদি অশোকাষ্টমীৰ
পুৱা বাবা ব্ৰহ্মপুত্ৰত স্নান কৰিলেই নাইকিয়া হৈ যায়, তেন্তে পাপ কৰাত আপত্তি কি? এনেদৰেই ৰজাঘৰৰ পৃষ্ঠপোষকতাত
সাধাৰণ খাটিখোৱা মানুহৰ মাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পোহাৰ মেলি যুক্তিবাদী হোৱাৰ
পৰা শতযোজন দূৰলৈ ঠেলি দিয়া হৈছে৷
এখন ৰাষ্ট্ৰৰ জনগণ
যিমানেই যুক্তিবাদী হ’ব সিমানেই মেলা, পূজা আদিৰ আদৰ কমিব, মানৱৰ কল্পনাপ্ৰসূত ভগৱানতকৈ
মানুহৰ মূল্য বৃদ্ধি পাব, মানুহৰ প্ৰতি মানুহৰ শ্ৰদ্ধা-সন্মান বৃদ্ধি পাব, তেনে কল্পনাপ্ৰসূত
ভগৱানক বিচাৰি মন্দিৰলৈ যাওঁতে পদপিষ্ট হৈ মানুহৰ অকাল মৃত্যু নহব, মন্দিৰসমূহত অৰ্থহীনভাৱে
শ শ কোটি টকা পৰি নাথাকিব আৰু ৰামায়ণ মহাভাৰতৰ
কাল্পনিক কাহিনীৰে ৰাষ্ট্ৰখন চলাবলৈয়ো কোনো আগবাঢ়ি নাহিব৷ যিখন ৰাষ্ট্ৰত ক্ষুধাৰ
বাবে প্ৰতি মিনিটত পাঁচজন লোকৰ মৃত্যু হয় সেইখন দেশৰ মন্দিৰৰ এটা মূৰ্তিৰ বাবে খৰচ
কৰা হয় ১১৩ কোটি টকা৷ যিখন ৰাষ্ট্ৰৰ ২০ কোটি লোকে ৰাতিৰ সাজ নোখোৱাকৈ পাটীত পৰে, সেইখন
ৰাষ্ট্ৰই ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে ১৮০০ কোটি টকা খৰচ কৰিব পাৰে৷ মহা আড়ম্বৰেৰে
পালন কৰিব পাৰে কবিৰ কল্পনাপ্ৰসূত এটা চৰিত্ৰৰ জন্মদিন আৰু দুগ্ধেৰে স্নান কৰাব পাৰে
সেই কাল্পনিক চৰিত্ৰৰ প্ৰতিমূৰ্তিক৷
হাইস্কুল শিক্ষান্ত
পৰীক্ষা শেষ কৰিয়ে ফলাফল ওলোৱালৈকে এদিনো বিৰতি নোলোৱাকৈ যিবিলাক কিতাপ পঢ়িছিলো সেইবিলাকৰ
ভিতৰত কাঞ্চন বৰুৱাৰ “অসীমত যাৰ হেৰাল সীমা”খনো আছিল৷ সেই সময়ত মোৰ এটা প্ৰধান দুৰ্বলতা
আছিল উপন্যাসৰ কথাবিলাক সঁচা বুলি ভাবিছিলোঁ আৰু লেখকসকলকো লগ কৰিবলৈ দুৰ্বাৰ হেঁপাহ
জন্মিছিল৷ কাঞ্চন বৰুৱাই তেৰ শ বছৰৰ আগৰ কাল্পনিক কাহিনী এটা উপন্যাসখনত বৰ মনোমোহাকৈ
তুলি ধৰিছিল আৰু ১৯৮৫ চনতে পঢ়া উপন্যাসখনৰ চৰিত্ৰবিলাকে এতিয়া চাৰিটা দশকৰ পাছতো
মনৰ মাজত অগা-ডেৱা কৰি থাকে – উমা, চন্দন, গৌৰী, অশোক, কমল নগৰ আৰু কিমান যে স্থান
আৰু চৰিত্ৰ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এজন অপৈণত ল’ৰাই সেই উপন্যাসৰ চৰিত্ৰবিলাক,
কাহিনীটো সঁচা বুলি ভৱা কথাটো বৰ বেছি দূষণীয় নহয়৷ ভাৰতৰ দুই মহাকাব্য – ৰামায়ণ
আৰু মহাভাৰতো কবিৰ কল্পনাত প্ৰাণ পাই উঠা কাহিনীহে৷ অথচ এতিয়া সেইবিলাক চৰিত্ৰই ভাৰতবৰ্ষৰ
ৰাজনীতি নিয়ন্ত্ৰণ কৰে৷ ৰাষ্ট্ৰনেতাসকলে, একাংশ বিজ্ঞানীয়ে যেতিয়া কাল্পনিক কাহিনীকে
সঁচা বুলি বিশ্বাস কৰে তেনে ক্ষেত্ৰত এজন সৰু ল’ৰায়ো “অসীমত যাৰ হেৰাল সীমা”ৰ স্থান
আৰু চৰিত্ৰবিলাক সঁচা বুলি ভাবিব পাৰে৷ কিন্তু উপন্যাসৰ কাহিনীৰ সঁচা ৰূপ বিচাৰি চলাথ
কৰাটো যেনেদৰে অনৰ্থক ঠিক তেনেদৰে ভৱিষ্যত কালত লিখা ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাকো
সঁচা বুলি ভবাটো বাতুলতা মাথোন৷ অথচ গৰিষ্ঠসংখ্যক ভাৰতীয়ই এনেবিলাক কথাকেই বিশ্বাস
কৰি আহিছে প্ৰশ্নাতীতভাৱে৷
দুই ভাৰতীয় মহাকাব্য
যে কল্পনাপ্ৰসূত সেয়া গ্ৰন্থ দুখনৰ প্ৰথমতেই উল্লেখ আছে৷ – “মহাভাৰত মহাকাব্যৰ পৰিকল্পনা
মনে মনে কৰি উঠি ব্যাসদেৱে ভাবিলে এই পৰম পবিত্ৰ কাহিনী জগতত প্ৰচাৰ কৰা যায় কেনেকৈ৷
ব্ৰহ্মাক ধ্যান কৰি দৰ্শন পাওঁতেও ব্যাসে তেওঁক “প্ৰভু মই এক অনুপম মহাকাব্যৰ পৰিকল্পনা কৰিছোঁ” বুলিহে কৈছিল, ক’তো
সেয়া সঁচা বুলি উল্লেখ কৰা নাছিল৷ “ৰাম জন্ম নহওঁতেই ৰামায়ণৰ জন্ম” বুলি জনসমাজত
প্ৰচলিত হৈয়ো আহিছে৷ অথচ এতিয়া ভাৰতৰ সকলো কথাতে এই দুই মহাকাব্যৰ একছত্ৰী অধিকাৰ৷
ভাৰতৰ প্ৰখ্যাত মহাবিজ্ঞানীৰ পৰা প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতি সকলোকে নিয়ন্ত্ৰণ কৰে এই
দুই মহাকাব্যই৷ এইক্ষেত্ৰত অসমৰ একাংশ বিজ্ঞানীও পিছ পৰি থকা নাই আৰু তেওঁলোকে আনকি
ইয়াৰ কাল নিৰ্ণয়ো কৰিছে আৰু তেওঁলোকৰ সেই কাল নিৰ্ণয়ৰ ফল দেখি সাধাৰণ পঢ়ুৱৈয়েও
মূৰে-কপালে হাত দিব লগা হৈছে৷ এইয়াচোন প্ৰস্তৰ যুগৰো আগৰ ঘটনা ! বিজ্ঞানীয়েও এনেকুৱা
কল্পনা কেনেকৈ কৰে !
ৰাষ্ট্ৰসংঘৰ খাদ্য
আৰু কৃষি সংস্থা(Food and Agriculture Organization)-ৰ২০১৯ চনৰ তথ্য অনুসৰি ১৫ ৰ পৰা ৪৯ বছৰৰ অন্তৰ্গত ৫১.৪% মহিলা
ৰক্তহীনতাত আক্ৰান্ত৷ ইউনিচেফৰ তথ্য অনুসৰি ২০১৮ চনত ৫ বছৰৰ তলৰ ৮ লাখ ৮০ হাজাৰ শিশুৱে খাদ্যাভাৱত মৃত্যুমুখত পৰিছিল৷
তাৰ পাছতো ভাৰত বিশ্বগুৰু হ’বলৈ গৈ আছে বুলি একাংশ ৰাজনৈতিক নেতা মন্ত্ৰীৰ অৰ্থহীন
ঘোষণা৷ যি সময়ত ৰাষ্ট্ৰখনত বছৰি ২৫ লাখ লোকৰ খাদ্যাভাৱত মৃত্যু হয়, সেইখন ৰাষ্ট্ৰৰ
ভাগ্যনিয়ন্তাসকলে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে মন্দিৰ নিৰ্মাণৰ বাবে ! ইয়াতোকৈ আৰু
পৰিতাপৰ কথা কিবা থাকিব পাৰেনে ? ৰাষ্ট্ৰযন্ত্ৰই সচেতনভাৱেই বিচাৰে, ৰাষ্ট্ৰখনৰ বৃহৎ
সংখ্যক জনগণ সাধাৰণ ভাত-কাপোৰৰ চিন্তাত ব্যস্ত হৈ থাকক আৰু তেওঁলোকক পতিয়ন নিয়ায়
যে তেওঁলোকৰ এই দুৰ্দশাৰ একমাত্ৰ কাৰণ ৰাষ্ট্ৰ আৰু পুঁজিবাদী গোষ্ঠীৰ শোষণ নহয়, ইয়াৰ
একমাত্ৰ কাৰণ তেওঁলোকৰ পূৰ্বজন্মৰ ফল৷ সেয়েহে পৰজনমত সুখ পাবলৈ তেওঁলোকৰ প্ৰধান কাম
হ’ল এই জনমত পূণ্য অৰ্জন কৰা আৰু তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত নিজকে সমৰ্পণ কৰা৷ এনেধৰণৰ
এক অদ্ভুত, অবাস্তৱ আৰু কাল্পনিক ব্যাখ্যাৰে সাধাৰণ জনগণৰ মন-মগজুক আলোড়িত কৰা হৈছে
যাতে ৰাষ্ট্ৰই নিৰ্বিবাদে শোষণ বঞ্চনা চলাই যাব
পাৰে৷
হিন্দু শাস্ত্ৰসমূহে
যেনেদৰে পৰজনমত সুখ পাবলৈ, কাল্পনিক ভগৱানৰ সৈতে মিলন হ’বলৈ সাধাৰণ মানুহক এই জনমত
পূজা সেৱাত প্ৰবৃত্ত হ’বলৈ প্ৰলুব্ধ কৰে, ঠিক তেনেদৰে সাম্ৰাজ্য বিস্তাৰৰ লালসাত খলিফাসকলে
যুদ্ধক্ষেত্ৰত মৃত্যু হ’লে স্বৰ্গত পৰীৰ সংগসুখ পাব বুলি যোদ্ধাসকলৰ মাজত প্ৰচাৰ চলাইছিল৷
খলিফাসকলে কৈছিল যে যুদ্ধত মৃত্যু হোৱাটো গৌৰৱৰ কথা আৰু এনেদৰে মৃত্যুবৰণ কৰিলে বেহেস্তত
এগৰাকী দুগৰাকী নহয় বাসত্তৰ গৰাকী হুৰ বা পৰীৰ
সংগ সুখ লাভ কৰিব৷ নিজৰ সাম্ৰাজ্য বিস্তাৰৰ লালসা পূৰণৰ স্বাৰ্থত চগাৰ দৰে সাধাৰণ
মানুহক যুদ্ধক্ষেত্ৰত জাহ যাবলৈ কেনেধৰণৰ মিছা
কথাৰে লালায়িত কৰে এইটো মাত্ৰ উদাহৰণহে৷
মহাভাৰতৰ যুদ্ধলৈ
মন কৰক৷ যুদ্ধৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত যেতিয়া পাৰ্থই দেখিলে, তেওঁ যাৰ বিৰুদ্ধে
গাণ্ডীৱ ধাৰণ কৰিব খুজিছে সকলোৱেইচোন আপোন! কোন সতে তেওঁ কৰে যুদ্ধ? সেয়েহে ৰথৰ সাৰথি
জনাৰ্দনক যেতিয়া ক’লে –
“স্বজনৰ হৃদয়ৰ ৰক্ত-পলাশেৰে
নকৰোঁ ৰাঙলী হাত,
ঢেৰ ভাল, হ’ব যদি
পাৰোঁ মই আপুনি নিহত ;
নাই মোৰ স্বৰ্গ-মৰ্ত্য-পাতালৰ ৰাজত্ব -বাসনা,৷
পৃথিৱীৰ এচুকৰ আধিপত্য?
– সিতো অতি তুচ্ছ,
বাসনাৰে মহা অপমান৷ ( মহেন্দ্ৰ বৰাৰ ভাঙনি)
ক্ষত্ৰিয় অৰ্জুনৰ
এই কথা শুনি কৃষ্ণই অৰ্জুনক ক’লে –
“ইযে মাথোঁ মোহ,
একেবাৰে অনাৰ্যসুলভ কথা (যেন অনাৰ্যই যুদ্ধ নকৰে!)
পৰলোক মাথোন বিপন্ন
কৰা, ইহলোক অপযশে ভৰা৷”
এনে অনেক পংক্তিৰে
গীতাখন ভৰি আছে, য’ত মৃত্যু মানে আত্মাই নতুন সাজ পিন্ধাৰ আৰম্ভণি বুলি কৈ যুদ্ধত প্ৰবৃত্ত
হ’বলৈ বাধ্য কৰাইছে৷
এটা সময়ত অসমৰ জনসাধাৰণে
ধৰ্ম মানে কেৱল মহাপুৰুষৰ তিথিকেইটা পালন কৰা, ব’হাগ মাহত ভোগ শৰাই, আঘোনত ন-চাউলৰ
শৰাই দিয়া আৰু কিছুমানে চ’ত মাহত পালনাম আৰু কিছুমানে জেঠমাহত সবাহ-ভাওনা অনুষ্ঠিত
কৰে৷ বাকী সকলো দিনতেই কৰ্মব্যস্ত জীৱন কটাবলগীয়া হয়৷ কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ
বিপৰীত দৃশ্যহে সকলোতে প্ৰতিফলিত হৈছে৷ এতিয়া
প্ৰতিখন গাঁৱতে অখণ্ড ভাগৱতৰ ভয়াবহতা, ভাওনাক পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিযোগিতা
আৰু গোটেই ভাদমাহটো ঈশ্বৰ চিন্তাতে পাৰ কৰি দিয়ে আৰু তেওঁলোকৰ চিন্তা ভাৱনাৰ সৈতে
আনকো সম্পৃক্ত হ’বলৈ জোৰ কৰি বাধ্য কৰে অনুভাষ যন্ত্ৰৰ কাণতাল মৰা শব্দৰ জৰিয়তে৷ একেৰাহে
এটা মাহ কেৱল ঈশ্বৰ চিন্তাতে কটাই দিয়া জাতি পৃথিৱীৰ ক’ৰবাত বিচাৰি পাব নে? ইয়াৰ
লগতে আজিকালি শাওণ মাহৰ বলব’ম যাত্ৰা৷ সকলোৱে ত্ৰিশূলধাৰীৰ ছবি সম্বলিত পোছাক পিন্ধাৰ
প্ৰতিযোগিতা৷ অসমলৈ নতুনকৈ আমদানি হোৱা এই উৎসৱত শিৱৰ ছবিযুক্ত বস্ত্ৰৰ বিক্ৰী হয়
কোটি কোটি টকাৰ৷ মুঠতে সকলোতে ঈশ্বৰ চিন্তাৰ, ঈশ্বৰৰ কৰুণা আদায়ৰ অঘোষিত প্ৰতিযোগিতা
অথচ জীয়াই থকা মানুহৰ দুখ-দুৰ্দশাৰ প্ৰতি তিলমাত্ৰও অনুকম্পা নাই৷ পথ দুৰ্ঘটনাত এজন
মানুহ মৃতপ্ৰায় অৱস্থা, আমি তৎক্ষণাৎ ১০৮ লৈ খবৰ দিয়াৰ পৰিৱৰ্তে তেওঁৰ যন্ত্ৰণাকাতৰ
অৱস্থাৰ ভিডিঅ’ কৰি সামাজিক মাধ্যমত এৰি দিবলৈ ভাল পাওঁ৷ এনেধৰণৰ ঘটনা ঘটিয়ে আছে সকলোতে৷
ব্যস্ততাপূৰ্ণ বাংগালুৰু
চহৰ৷ দিনটোৰ ঘৰ্মাক্ত পৰিশ্ৰমৰ অন্ততঃ যুৱকজন পদব্ৰজে ঘৰমুৱা হৈছিল৷ হঠাতে এখন ট্ৰাকে
পিছফালৰ পৰা তীব্ৰ বেগেৰে আহি খুন্দা মাৰি গুচি গ’ল৷ মুহূৰ্ততে শৰীৰটো দুটুকুৰা হৈ
পৰিল৷ সেই সময়ত সকলোৰে দায়িত্ব আছিল মৃত্যু সন্নিকট বুলি জানিও তেওঁৰ চিকিৎসাৰ ব্যৱস্থা
কৰা৷ সংকট মুহূৰ্তত লোৱা সিদ্ধান্তইহে মানুহৰ প্ৰকৃত চৰিত্ৰ নিৰ্ধাৰণ কৰে৷ কিন্তু তাত
গোটখোৱা মানুহ বিলাকে দ্বি-খণ্ডিত শৰীৰটোৰ বীভৎস ভিডিঅ’ কৰাত ব্যস্ত হৈ পৰিল৷ মানুহবিলাকৰ
বাবে সেয়া হৈ পৰিছিল বিৰল আনন্দৰ অন্যতম উৎস৷ বহু দেৰিকৈ যেতিয়া যুৱক জনৰ দ্বি-খণ্ডিত
শৰীৰটো এম্বুলেন্সত উঠোৱা হৈছিল তেওঁ জানিছিল, তেওঁৰ জীৱন বন্তি এইমাত্ৰ নুমাব৷ সেয়েহে
চিকিৎসকক সেহাই সেহাই কৈ অন্তিম ইচ্ছা পূৰণ কৰিবলৈ ক’লে৷ তেওঁ চিকিৎসকক কৈ গ’ল তেওঁৰ
শৰীৰৰ কাৰ্য্যক্ষম অংগবিলাক দান কৰাৰ ইচ্ছাৰ কথা৷ কিন্তু তেতিয়ালৈ তেওঁৰ চকু দুটাৰ
বাহিৰে কোনো অংগই অক্ষত অৱস্থাত নাছিল৷ হৰিশ নানাযাপ্পা নামৰ তেইছ বছৰীয়া যুৱকজনে
এনেদৰেই জীৱনৰ অন্তিম মুহূৰ্ততো দি গ’ল মানৱতাৰ শিক্ষা৷ অথচ আমি ! মানুহক লথিয়াই কাল্পনিক
ঈশ্বৰ চিন্তাত পাৰ কৰো ওৰেটো জীৱন !
