সুদৰ্শনা বৰদলৈ
সন্ধ্যাৰাগিণী
বৰুৱা৷ এজনী মৰমলগা অলপমান
উৎপতীয়া অলপমান অভিমানী আৰু শিশুসুলভ ব্যৱহাৰেৰে সকলোৰে মন মুহি নিব পৰা এজনী ছোৱালী৷
সকলোৰে বিপদৰ সময়ত থিয় হোৱা য়ুনিভাৰ্ছিটিৰ কোনোবা এজনী ছোৱালীৰ কিবা এটা হ’লেই সদায়
কাষত থকা ছোৱালীজনীয়েই হৈছে সন্ধ্যা৷ আনে নুবুজা দুখ, আনে মন নকৰা কিছু সৰু সৰু কথাও
তাইৰ আৱেগপ্ৰৱণ মনটোৱে ঢুকি পায়৷ কিন্তু সেই একেজনী ছোৱালীয়েই প্ৰয়োজনত কঠোৰতকৈও কঠোৰো
হ’ব পাৰে৷ দুখবোৰ চেপি ৰাখি শিল হৈ পৰিবও সেই একেজনী সন্ধ্যাই ভালকৈয়ে পাৰে৷ আনহাতে
সময়ে আনি দিয়া নিৰ্মম আঘাতবোৰ সহিব পৰাকৈ শক্তিশালী হৈও উঠিব পাৰে সন্ধ্যাই৷ বিশ্ববিদ্যালয়ৰ
কোনো এটা সময়ত যেতিয়া তাইৰ প্ৰিয় কেইবাগৰাকীও বান্ধৱীয়ে ভুল বুজি তাইৰ পৰা আঁতৰি আছিল,
সেইসময়খিনিতো তাই কাকো প্ৰত্যুত্তৰ নিদি নিৰৱে আতৰি আহিছিল, সহ্য কৰি গৈছিল সকলো৷ আৰু
এদিন সময়ে তাৰ প্ৰত্যুত্তৰ দিছিল আৰু আগৰ সেই বান্ধৱীক তাই পুনৰ ঘুৰাই পাইছিল৷ সকলোৰে
চকুত চঞ্চলা-চপলা হৈ ঘুৰি ফুৰা সন্ধ্যাৰ বাবে প্ৰেম আছিল প্ৰাৰ্থনা আৰু শক্তিৰ দৰেই৷
যি প্ৰেমৰ বাবে অপেক্ষা কৰিব জানিছিল, প্ৰেমৰ এটি প্ৰস্তাৱৰ বাবে বছৰ জুৰি ৰৈ আছিল,
প্ৰেমত বিশ্বাস ৰাখি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গৈছিল৷ আৰু এই বিশ্বাস আৰু অপেক্ষাৰ
বাবেই এদিন সন্ধ্যা আৰু অনুৰণৰ মিলন হৈছিল আৰু প্ৰকৃত প্ৰেমে পূৰ্ণতা লাভ কৰিছিল৷
কেৱল
এয়াই নহয়৷ সন্ধ্যা আছিল প্ৰকৃতিপ্ৰেমী এজনী ছোৱালী৷ প্ৰকৃতিৰ প্ৰতি তাইৰ প্ৰেম ইমান
বেছি আছিল যে সৰি পৰা গছৰ পাতখিনি গচকি যাবলৈও তাই বুকুত বিষ অনুভৱ কৰিছিল৷ ফুলি থকা
কাঞ্চনখিনি তাই মনভৰি চাইছিল৷ গছ-ফুলবোৰৰ লগত নিৰৱে কথা পাতিছিল৷ প্ৰকৃতিৰ/গছ-ফুলবোৰৰ
লগতে সন্ধ্যাই ভাল পাইছিল নৈ বতাহ কিম্বা কিছু নিৰ্জনতা৷ মন বেয়া লাগিলেই যেতিয়া অকলশৰীয়া
অনুভৱ কৰে তেতিয়াই সন্ধ্যাই নিৰিবিলিৰ সেই বিশেষ পুলটোত বহিছিলগৈ৷
সকলো
পৰিৱেশৰ লগত মিলি পৰিব জনা সন্ধ্যাই শিশুৰ লগতো শিশুৰ দৰেই হৈ পৰিব জানে৷ তাইৰ জন্মদিনত
অনাথ আশ্ৰমখনলৈ যেতিয়া গৈছিল তেতিয়াও সেই শিশুসকলৰ লগত নাচি-বাগি মৰম কৰি কোচত লৈ মৰমবোৰ
সকলোৰে চকুত ভৰাই অহাৰ লগতে নিজৰ বুকুখনো শাঁত পেলাই আহিছিল৷
নিৰিবিলি
উপন্যাসৰ আটাইতকৈ আকৰ্ষণীয় মনোমোহা চৰিত্ৰটোৱেই হৈছে অণুৰণ হাজৰিকা অৰ্থাৎ নিৰিবিলিৰ
অনুৰণ৷ এজন প্ৰেমিক হিচাপে থাকিব পৰা সকলোবোৰ গুণৰে অধিকাৰী অনুৰণ৷ দেখাত নিৰ্জু শান্ত
অলপ লাজকুৰীয়া স্বভাৱৰ ল’ৰাটোৰ মন আৰু দৃষ্টিভংগী আছিল আন দহজনতকৈ পৃথক আৰু সুকীয়া৷
আনে মন নকৰা কিছুমান সৰু সৰু কথাও অনুৰণৰ চকুত ধৰা পৰে, আনে ভাবিবলৈ এৰি দিয়া কিছু
কথাও অনুৰণে দ-কৈ ভাবি চায়৷ বিশেষকৈ সন্ধ্যাৰ প্ৰতিটো বিপদত অনুৰণ সদায় থাকে৷ কেৱল
থকাই নহয় প্ৰতিটো সমস্যাৰে খুউৱ ধুনীয়াকৈ এটা সমাধানৰ পথ দেখুৱায়ো দিয়ে৷ কেতিয়াবা প্ৰিয়জনৰ
বাবে কিছুমান ভাললগা কাম প্ৰিয়জনে গম নোপোৱাকৈ কৰিও আনন্দ পোৱা যায়৷ অনুৰণে কিছুমান
কাম সন্ধ্যাৰ অজানিতেই কৰিছিল৷ বিশ্ববিদ্যালয়ৰ ধুৰ্ত প্ৰকৃতিৰ ল’ৰা কৌশিকে সন্ধ্যাক
ফচাবলৈ সন্ধ্যাৰ বেগত ভৰাই থোৱা ফ্লেকৰ পেকেটৰ ভিডিঅ’টো অনুৰণে কৰি ৰাখিছিল মনে মনে৷
যাৰ বাবে কৌশিকক ধৰা পেলাবলৈ সহজ হৈ পৰিছিল৷ ঠিক তেনেকৈ পৰীক্ষাৰ দিনা এবাৰ হোষ্টেলৰ
ৰুমৰ কোনোবা ৰূমমেটে সন্ধ্যাৰ ৰূমৰ দৰ্জা লক কৰি যোৱাৰ পাছত পৰীক্ষা দিব নোৱাৰা পৰিস্থিতিৰ
সময়তো ৰূমৰ দুৱাৰ খোলাই পৰীক্ষা দিবলৈ সাজু কৰা ল’ৰাটোৱেই হৈছে অনুৰণ৷ কপৌফুল অবিহনে
প্ৰতিযোগিতাত নাচিবলৈ বুলি সাজু হোৱা সন্ধ্যাৰ বাবে গুলপীয়া আৰু বগা ৰঙৰ কাঞ্চন দুপাহ
সন্ধ্যাৰ হাতত গুজি দিয়া সেই অনুৰণ! কাষত থাকিম বুলি কৈ আজীৱন কাষত থাকি যোৱা সেই অনুৰণ৷
নিৰিবিলিৰ পাতে পাতে এনে অনেক সৰু বৰ উদাহৰণ আৰু কাহিনী আছে য’ত অনুৰণ-সন্ধ্যাৰ প্ৰেমৰ
যি গভীৰতা, যি বুজা-বুজি, যি আদৰ যত্ন সেয়া বুজিবলৈ যথেষ্ট৷ ঠিক হীৰুদাই কোৱাৰ দৰেই
-প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰায়৷
নিৰিবিলিৰ
আন এটি অন্যতম বিশেষ চৰিত্ৰ হৈছে ময়ুৰ চৰিত্ৰটি৷ যি জীৱনৰ এখিনি এন্ধাৰ সময় অতিক্ৰম
কৰি আহিছে৷ কম বয়সতেই জীৱনৰ খলা-বমাবোৰ দেখি অহাৰ বাবেই কিজানি ময়ুৰৰ ব্যক্তিত্বও আনতকৈ
পৃথক৷ শান্ত নিৰ্জু ভাবুক প্ৰকৃতিৰ ল’ৰাটোৱে সদায় সকলোৰে পৰা আঁতৰি থাকিছিল,ভাল পাইছিল
নিৰ্জনতা আৰু নিৰৱতা৷নিৰ্জনতাৰ মাজতেই নিজেই নিজৰ বাবে এখন পৃথিৱী গঢ়ি তুলিছিল ময়ুৰে৷
নিৰ্জনতাৰ বুকুত সি ৰাধাৰ সৈতে কথা পাতিছিল৷ মনৰ মাজত,কল্পনাৰ মাজত সি ৰাধা নামেৰে
এটি চৰিত্ৰ আঁকি লৈ বুকুত কঢ়িয়াই ফুৰিছিল৷ গান-কবিতা-কিতাপৰ মাজত অহৰহ ডুবি থকা ময়ুৰৰ
মাজত আছিল জীৱন আৰু প্ৰেমৰ ওপৰত এক গভীৰ সংজ্ঞা৷ যি সময়ত অভিমন্যুৱে সন্ধ্যাৰ সান্নিধ্যলৈ
আহি ভালপোৱা আৰু বন্ধুত্বৰ মাজৰ পাৰ্থক্য বুজি নাপাই হাবাথুৰি খাই পৰিছিল ঠিক সেইসময়তেই
ময়ুৰে অভিমন্যুৰ সন্মুখত প্ৰেম আৰু বন্ধুত্বৰ মাজত থকা পাৰ্থক্যখিনি তথা প্ৰেমৰ প্ৰকৃত
স্বৰূপ দাঙি ধৰি অভিমন্যুৰ চকু মুকলি কৰি দিছিল৷ যাৰ বাবে শেষ হোবাৰ পৰা ৰক্ষা পৰিছিল
সন্ধ্যা আৰু অভিমন্যুৰ প্ৰকৃত বন্ধুত্ব৷ প্ৰকৃত বন্ধুৰ মূল্য দিব জনা ময়ুৰে যেতিয়া
অনুৰণ, সন্ধ্যা কিম্বা অভিমন্যু কোনো এজন সমস্যাত পৰা দেখে, তাৰ সমাধানৰ পথ আৰু সুযোগবোৰ
সি আঙুলিয়াই দিব জানিছিল৷ বাহিৰৰ ৰংচঙীয়া পৃথিৱীখনৰ পৰা দূৰত কেৱল নিৰলে থাকি ভাল পাইছিল
ময়ুৰে৷ যাক টেক্সেত্ৰাৰ বলিয়া বতাহে কঁপাব
পৰা নাছিল, ডি জে নাইটৰ ৰঙীন পোহৰে পোহৰাব পৰা নাছিল মুখমণ্ডল৷ আন সকলো এইবোৰত ব্যস্ত
হৈ থাকোতে ময়ুৰে পাটকাইৰ চাদত বহি কুকুৰৰ পোৱালিক বিস্কুট খুৱাই আছিল নতুবা লাইব্ৰেৰীৰ
কিতাপবোৰৰ মাজত ডুবি আছিল৷ জীৱনলৈ অহা কিছুমান ঘটনা পৰিঘটনাৰ পৰিণতিত ময়ুৰৰ ব্যক্তিত্বটো
অনন্য আৰু পৃথক ৰূপে পৰিগণিত হৈছিল৷ প্ৰেমৰ পৰিভাষা বুজি পোৱা শান্ত ল’ৰাটোৰ গভীৰ জীৱনবোধে
প্ৰতিজন পাঠকৰেই মন যে চুই যাব সেয়া সঁচা কথা৷
তেজপুৰ
বিশ্ববিদ্যালয়ৰ অভিমন্যু৷ কি নাই অভিমন্যুৰ মাজত৷ পঢ়া-শুনা, নাটক, অভিনয় সকলোতে যেন
অভিমন্যু নহ’লেই নহয়৷ দেখাই-শুনাই বিশ্ববিদ্যালয়ৰ ভিতৰতে ধুনীয়া বহু ছোৱালীৰ আকৰ্ষণৰ
বিন্দু অভিমন্যু৷ কথাই বতৰাই ফুৰ্তিবাজ ল’ৰাটোৱে সকলোকে সুখী কৰি ৰাখিব জানে৷ উপন্যাসখনৰ
প্ৰথমৰ পৰা শেষলৈ এই বিশেষ চৰিত্ৰটোৱে মনটো বান্ধি ৰাখিলে৷ বিশেষকৈ সৰু সৰু কথাত সন্ধ্যা
আৰু অভিমন্যুৰ মাজত হোৱা কাজিয়াবিলাক, কথাই কথাই হোৱা মুখ চুপতিবোৰ, ইটোৱে সিটোক ধেমালিতে
মাৰিবলৈ যোৱা, লৰা-ঢপৰাবোৰে যেন সকলোকে কলেজৰ সেই দিনবোৰলৈ লৈ যাব পাৰে৷ যিবোৰ দিনত
সকলোৱে নিজৰ কৈশোৰক বিচাৰি পাব পাৰে৷ কি নিঃস্বাৰ্থ অকৃত্ৰিম বন্ধুত্ব৷ বন্ধুত্ব কি
বুলি যদি কোনোবাই বুজিব খোজে, শংকা জাগে মনত, তেনে পৰিস্থিতিত সন্ধ্যা আৰু অভিমন্যুৰ
উদাহৰণেই যেন যথেষ্ট৷
নিৰিবিলিয়ে
শিকাব সঁচা বন্ধুত্ব কি, নিৰিবিলিয়ে শিকাব সঁচা প্ৰেমৰ সংজ্ঞা৷ কেৱল সেয়াইনে, প্ৰতিটো
ঋতুৰ কথা, প্ৰতিটো উৎসৱৰ বতৰা ইমান সুন্দৰকৈ ইমান মনোমোহাকৈ লেখকে দাঙি ধৰিছে যে পাঠকে
এবাৰ যদি কিতাপখন হাতত তুলি লয় সহজে এৰিব নোৱাৰে৷ ৰাসৰ সময়ৰ ৰাসৰ গীতসমূহৰ কথাই ক’ম,
নে বিহুৰ সময়ৰ সেই থলুৱা বিহু নাম কেইফাঁকিৰ কথাই ক’ম, নে ভাদমাহৰ সেই ঘোষা-পদখিনিৰ
কথাই ক’ম৷ কি সৰ্বাংগসুন্দৰ ৰূপত দাঙি ধৰিছে লেখকে উপন্যাসৰ ভাঁজে ভাঁজে সেয়া সঁচাকৈয়ে
প্ৰশংসনীয়৷ উপন্যাসৰ দুটি সফল প্ৰেমৰ বিশেষ
চৰিত্ৰ সিদ্ধাৰ্থ আৰু শিখাৰ বিবাহৰ সময়ৰ বিয়ানামখিনিৰ কথা কেতিয়াও পাহৰিব নোৱাৰি৷ মুঠতে লেখকে চৰিত্ৰবোৰ উপস্থাপন কৰোঁতে চৰিত্ৰবোৰৰ লগত
মিলাই এটা নিটোল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিছে৷ ইয়াতেই প্ৰতিটো কথা-চৰিত্ৰৰ নিখুঁত আৰু
নিকা উপস্থাপনৰ প্ৰতিফলন ঘটিছে৷
নিৰিবিলিৰ
মাজত সামাজিক আৰু ৰাজনৈতিক কিছু প্ৰেক্ষাপটো শেষৰফালে দেখিবলৈ পোৱা যায়৷ ক’ভিড মহামাৰীয়ে
ছাত্ৰ-ছাত্ৰী শিক্ষা জীৱনত কিদৰে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল কিদৰে অনিশ্চয়তাৰ
কবলত পৰিছিল অগণন ছাত্ৰ-ছাত্ৰী, কিদৰে মানুহৰ জীৱনবোৰ জটিলতকৈ জটিল হৈ পৰিছিল, এইখিনি
কথা নিৰিবিলিয়ে সামৰি লৈছে৷ ক’ভিডৰ বাবেই বিশ্ববিদ্যালয়ৰ আটাইতকৈ সোণসেৰীয়া শেষৰ সময়খিনি
সন্ধ্যাহঁতে হেৰুৱাব লগা হৈছিল৷
কা আন্দোলনৰ
সময়ৰ বিক্ষোভৰ জুইকুৰায়ো সন্ধ্যাহঁতৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছিল৷ জাতি-মাটি-ভেটি
ৰক্ষাৰ বাবে ৰাতি ৰাতি হাতত জোঁৰ লৈ প্ৰতিবাদ কৰিবলৈ ওলাই গৈছিল৷ আইৰ মুখৰ ভাষাটো ৰক্ষা
কৰাৰ স্বাৰ্থত সন্ধ্যাহঁত চূড়ান্ত পৰীক্ষাৰ আগতো ওলাই আহিছিল৷ হাড় কঁপোৱা জাৰকো নেওচি
এজাক ল’ৰা ছোৱালী ওলাই আহিছিল, প্ৰতিবাদৰ ধ্বনিৰে মুখৰিত কৰিছিল চৌপাশ৷ ছাত্ৰ সংগঠনৰ
ছাত্ৰনেতা অবিহনে কৰা এই উত্তাল প্ৰতিবাদৰ খবৰ বাতৰি কাকত, টি.ভি চেনেল, ফেইচবুক আদি
সকলোতে তোলপাৰ লাগিছিল৷ এইখিনিতে অনুমান কৰিব পাৰি যে উপন্যাসখন লিখি থকা সময়ছোৱাত
হয়তো লেখকে ক’ভিড মহামাৰীৰ ভয়াবহ পৰিৱেশ সন্মুখৰ পৰা দেখা পাইছিল, সেয়ে কথাখিনি উপন্যাসৰ
পাততো খুউৱ স্পষ্ট আৰু সুন্দৰকৈ প্ৰতিফলিত হৈছে৷
পৰিশেষত
ক’ব পাৰি যে জীৱনত যদি কেতিয়াবা জঠৰতা আহিছে, জীৱনে যদি আপোনাৰ জীৱনত কেতিয়াবা অৱসাদ
নমাই আনিছে, তেন্তে ‘নিৰিবিলি’ক তুলি লওক৷ ৰসাল হৈ পৰিব সময়বোৰ৷ ডুবি থাকিব পাৰিব ভালপোৱাৰ
এপিয়লা ৰাগীত৷
ম’বাইল
: ৮৮৭৬৯১৮৯৬৩