অন্যযুগ/


মহাকবি কালিদাস– “নীৰস তৰুবৰ পুৰতো ভাতি”

 অমৃত গোস্বামী

 

সুক্ষ্ম তাঁৰ একোডালতে সঙ্গীতৰ সাতোটা সুৰ বাজি উঠে; জন্তুৰ শুকান ছাল এখনেৰে সাজি উলিওৱা বাদ্য-যন্ত্ৰ একোটাত শিল্পী এজনে সুন্দৰ তাল‌ একোটাৰ সৃষ্টি কৰিব পাৰে; নিৰস ধাতু এডোখৰে শিল্পীৰ হাতৰ পৰশ‌ পাই মধুৰ সংগীতৰ ধ্বনি তোলে৷ ঠিক একেটা ধৰণতে, এনেয়ে অকলশৰীয়া অৱস্থাত নিৰস যেন বোধ‌ হোৱা শব্দ কিছুমান একত্ৰিত কৰি সাহিত্যিকে তেওঁৰ নিপুণ লেখাৰ যোগেদি সৰস, যুগজয়ী, কালজয়ী সাহিত্যকৰ্মৰ‌ সৃষ্টি কৰে৷‌ 

ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগ- গুপ্তযুগৰ আটাইতকৈ জ্ঞানী, পৰাক্ৰমী আৰু প্ৰতিপত্তিশালী ৰজা, মহাৰাজ বিক্ৰমাদিত্য আছিল‌ জ্ঞান আৰু বিদ্যাৰ পৃষ্ঠপোষক৷‌‌ তেওঁৰ ৰাজসভাত আছিল ন-জনকৈ বিশেষভাৱে গুণী-জ্ঞানী তথা প্ৰতিভাসম্পন্ন ব্যক্তি, যাক বুৰঞ্জীৰ পুথিত “নৱৰত্ন” বুলি উল্লেখ আছে৷  আৰু, সেই নৱৰত্নৰে অন্যতম এক অমূল্য ৰত্ন আছিল মহাকবি কালিদাস৷

সংস্কৃত ভাষাৰ কাব্য-সাহিত্যিক সৃজনশীলতাৰ সৰ্বশ্ৰেষ্ঠ সাধক, কিংবদন্তিস্বৰূপ মহাকবি কালিদাস আছিল জ্ঞান আৰু বুদ্ধিৰ ভঁৰাল৷ সেইবাবেই তেওঁক জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী তথা বাগ্দেবী সৰস্বতীৰ সন্তান বুলিও কোৱা হয়৷ কালিদাসে ৰচনা কৰিছিল সংস্কৃত সাহিত্যৰ অমৰ সৃষ্টিৰাজি৷ সাহিত্যানুৰাগীৰ বাবে অমৃতসদৃশ কেইবাখনো কাব্য– মেঘদূত, কুমাৰ সম্ভৱ, ৰঘুবংশ, ঋতুসংহাৰ আৰু অভিজ্ঞান শকুন্তলম ইত্যাদি কেইবাখনো নাটক৷ কালিদাসৰ এই সৃষ্টিৰাজি কেৱল ভাৰতবৰ্ষতেই নহয় সমগ্ৰ বিশ্বতে সাহিত্য অনুৰাগীসকলৰ মাজত বিশেষভাৱে আদৰণীয়৷ মৃত্যুৰ প্ৰায় দুহাজাৰ বছৰৰ পাছতো, এতিয়াও মহাকবি কালিদাসৰ কাব্যসমূহ সমানেই সমাদৃত হৈ আছে৷‌ 

গুণী-জ্ঞানী লোকক যথেষ্ট সন্মান তথা ৰাজকীয় পৃষ্ঠপোষকতা আগ বঢ়োৱা মহাৰাজ বিক্ৰমাদিত্যৰ ৰাজসভাৰ নিৰ্বাচিত গুণী-জ্ঞানী শ্ৰেণীভুক্ত হ’বৰ বাবে দেশৰ আন আন পণ্ডিতসকলেও সততে চেষ্টা কৰিছিল৷ ৰাজকীয়ভাৱে গৃহীত গুণী-জ্ঞানী তাৰকামণ্ডলীৰ সদস্যভুক্ত হ’বৰ বাবে তেওঁলোকেও মনত উচ্চাকাঙ্ক্ষা পোষণ কৰিছিল৷ 

‘নৱৰত্ন’ত অন্তৰ্ভুক্ত হ’বৰ‌ বাবে দেশৰ অনান্য পণ্ডিত, গুণী-জ্ঞানী লোকসকলে অহৰহ চেষ্টা চলোৱাৰ লগতে, তেওঁলোক নৱৰত্নৰ সদস্যসকলৰ প্ৰতি স্বাভাৱিকতে ঈৰ্ষান্বিতও হৈছিল৷ সেইবাবে মহাকবি কালিদাসৰ দৰে সৰ্বমান্য গুণীলোকেও নিজৰ শ্ৰেষ্ঠত্ব অটুট ৰাখিবলৈ নতুন প্ৰাৰ্থীৰ সৈতে প্ৰতিযোগিতা কৰাৰ বেলিকা অলপো হেমাহি নকৰিছিল৷  

কালিদাস মহাৰাজ বিক্ৰমাদিত্যৰ স্নেহভাজন‌ হোৱাৰ উপৰি, নৱৰত্নৰ অন্যকেইজন ‘ৰত্ন’ৰ তুলনাত মহাৰাজে কালিদাসক বিশেষভাৱে গুৰুত্ব দিছিল৷ আৰু সেইটোৱেই কালিদাস সকলোৰে যথেষ্ট ঈৰ্ষাৰ পাত্ৰ হৈ পৰাৰ এটা অন্যতম কাৰণ আছিল৷‌ কালিদাসক অতিকৈ ঈৰ্ষা কৰিছিল বিদ্যাপতি বোলা পণ্ডিত এজনে৷  

বৰৰুচিয়ে কালিদাসক এনেদৰে ঈৰ্ষা কৰাৰ বিষয়টো মহাৰাজ বিক্ৰমাদিত্যৰ দৃষ্টিত পৰিছিল আৰু মহাৰাজে এই কথাটো সমূলি ভাল নাপাইছিল৷ তদুপৰি মহাৰাজে কি কাৰণেনো  অনান্য সকলৰ তুলনাত কালিদাসক বেছি স্নেহ আৰু শ্ৰদ্ধা কৰে সেই কথাটোও সকলোকে, বিশেষকৈ বৰৰুচিক গাজত লগাকৈ বুজাই দিবৰ উপায় চিন্তি আছিল৷ সেইটো উদ্দেশ্য আগত ৰাখিয়েই মহাৰাজ বিক্ৰমাদিত্যই এদিনাখন তেওঁৰ সম্পূৰ্ণ মন্ত্ৰীমণ্ডল, অন্যান্য সভাসদসকল  আৰু আন কেইবাজনো বিদ্বানলোকক  লগত  লৈ  নগৰ পৰিভ্ৰমণৰ  উদ্দেশ্যে ওলাই গৈছিল৷ এই যাত্ৰাত মহাৰাজে ইচ্ছাকৃতভাৱেই বৰৰুচিকো দলটোত অন্তৰ্ভুক্ত কৰিছিল৷ 

এইদৰে নগৰ পৰিভ্ৰমণ কৰি কিছুদূৰ বাট অতিক্ৰমি মহাৰাজে এডাল শুকান  কাঠ এঠাইত পৰি থকা দেখিবলৈ পালে৷ সমুখত শুকান কাঠডাল দেখি মহাৰাজে পণ্ডিত বৰৰুচিক প্ৰশ্ন কৰিলে, -“এই যে আমাৰ সন্মুখত পৰি আছে, সেয়ানো কি?” পণ্ডিত বৰৰুচিয়ে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ নিমিত্তে সুযোগ বিচাৰিহে আছিল৷ গতিকে তেওঁ অকণো বিলম্ব নকৰি উত্তৰ দিছিল – “শুষ্কং কাষ্ঠং তিষ্ঠতি অগ্রে”, অৰ্থাৎ এডাল শুকান কাঠ সন্মুখত পৰি আছে৷ এইবাৰ মহাৰাজে একেটা প্ৰশ্নকে কালিদাসক কৰাত কালিদাসে উত্তৰ  দিছিল এইবুলি – “নীৰস তৰুবৰ পুৰতে ভাতি”, অৰ্থাৎ এডাল ৰসহীন কাঠ চকুৰ আগত ভাহি উঠিছে৷ 

তেতিয়া মহাৰাজে উপস্থিত সকলোকে উদ্দেশ্য কৰি সুধিলে, “বৰৰুচি আৰু কালিদাস এই দুয়োজনকে মই কৰা প্ৰশ্নটোৰ উত্তৰ আপোনলোক সকলোৱে শুনিলে৷‌ এতিয়া কওকচোন এই দুয়োটা উত্তৰৰ মাজৰ কোনজনৰ উত্তৰটো আপোনালোকৰ বাবে বেছি মনোগ্ৰাহী বা আপোনালোকৰ মতে কোনজনৰ উত্তৰটো বেছি শ্ৰুতিমধুৰ?”  মহাৰাজৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী আৰু সভাসদগণৰ সকলোৱে একেমুখে ক’লে যে পণ্ডিত বৰৰুচিৰ তুলনাত কালিদাসৰ উত্তৰটোহে বেছি কাব্যিক, বেছি শ্ৰুতিমধুৰ৷ সকলোৱে সমস্বৰে তেনেদৰে কোৱাৰ পাছত পণ্ডিত বৰৰুচিয়েও কালিদাসৰ ভাষা-ৰচনা প্ৰতিভাৰ শ্ৰেষ্ঠত্ব সম্বন্ধে পতিয়ন গ’ল৷ তেৱোঁ কালিদাসকে শ্ৰেষ্ঠ বুলি মানিবলৈ বাধ্য হ’ল৷ আৰু ইয়াৰ পাছৰে পৰা বৰৰুচিৰ কালিদাসৰ প্ৰতি থকা ঈৰ্ষাৰ মনোভাৱ ক্ৰমান্বয়ে আঁতৰি গ’ল৷‌ 

মহাৰাজ বিক্ৰমাদিত্যৰ নগৰ পৰিভ্ৰমণৰ অন্তৰ্নিহিত উদ্দেশ্য সফল হ’ল৷

মহাকবি কালিদাসৰ  শব্দচয়ন অনন্য৷ তেওঁৰ সৃষ্টি অমৃত সদৃশ –এই কথাটো আকৌ এবাৰ প্ৰতিপন্ন হ’ল৷‌

লেখাটোৰ জৰিয়তে এই কাহিনী আমাক প্ৰথম কৈ শুনোৱা আমাৰ প্ৰয়াত দেউতা, আৰু আমি হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা যোৰহাট দহোটীয়া হাইস্কুলৰ প্ৰাক্তন সংস্কৃত বিষয়ৰ শিক্ষক স্বৰ্গীয় ধৰ্মেশ্বৰ গোস্বামী ছাৰক  শ্ৰদ্ধা সহকাৰে সুঁৱৰিছোঁ৷

 

 ঠিকনা :

অমৃত গোস্বামী,

চাৰ্ভে, বেলতলা, গুৱাহাটী৷

ভ্ৰাম্যভাষ - ৯৪৩৫০১৪৪৫৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ