অমৃত গোস্বামী
লালু আৰু ভুলু দুয়োজনেই অনাথ, দুয়োজনেই দিব্যঙ্গ। নগৰ এখনৰ একেটা বস্তিতে বাস কৰা দুয়োজনৰ মাজত আছিল অকৃত্ৰিম বন্ধুত্ব; ইজনে সিজনক এৰি থাকিব নোৱাৰে। লালু খোৰা, হ’লেও তেওঁ বৰ ভাল বাঁহী বজাব পাৰে। অন্ধ ভুলুৰ কণ্ঠ অতি শুৱলা, সুন্দৰকৈ গান গাব পাৰে তেওঁ। তেওঁলোক দুয়োজনে একেলগে বাটে-পথে গান-বাজনাৰ অনুষ্ঠান প্ৰদৰ্শন কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। তদুপৰি সেইদৰে গান বাজনা কৰি পোৱা পইছাৰেই লালুৱে কোনোবা এখন স্কুলতো পঢ়া-শুনা কৰি আছিল।
এইদৰে লালু আৰু ভুলুৰ দিনবিলাক অতিবাহিত হৈছিল। কিন্ত ধনী-দুখীয়া নিৰ্বিশেষে মানৱ-জীৱন বিপৰ্যয়পূৰ্ণ। কাৰো দিন সদায় একে নাথাকে। কিছুদিনৰ পাছত ভুলু হঠাতে অসুস্থ হৈ পৰিল। তেওঁলোক দুয়ো আগৰ দৰে পথত গান-বাজনা কৰিব নোৱৰা হৈ পৰিল। সেই সময়ত লালুৱে স্কুলৰ শেষ পৰীক্ষাটো দিবলগীয়া আছিল। অসুস্থ অৱস্থাতে ভুলুৱে জানিব পাৰিছিল যে লালুৰ শেষ পৰীক্ষাটোৰ বাবে স্কুলত দিবলগীয়া মাচুল তেতিয়াও অনাদায় হৈ আছিল। লালুৱে পঢ়া-শুনা কৰাটো ভুলুৰ একান্ত ইচ্ছা আছিল। গতিকে ভুলুৱে তেওঁৰ শৰীৰৰ অসুস্থতাৰ কথা আওকাণ কৰি, আকৌ আগৰ দৰে গান-বাজনা প্ৰদৰ্শন কৰাৰ কাম আৰম্ভ কৰি দিছিল। আৰু তেনেদৰে গান বাজনা প্ৰদৰ্শন কৰি গোটোৱা ধনৰ পৰাই ভুলুৱে লালুৰ স্কুলৰ শেষ পৰীক্ষাটৌৰ মাচুল স্কুলত জমা কৰিছিল।
অতি সংক্ষিপ্ত আকাৰত বৰ্ণনা কৰা উল্লিখিত কাহিনীটো দৰাচলতে এখন বোলছবিৰ কাহিনী; বাংলা বোলছবি ‘লালু-ভুলু’ৰ কাহিনী। “লালু-ভুলু” চিনেমাখনৰ কাহিনীৰ অন্ত পৰিছিল লালুৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ কথাটোত, য’ত দেখা গৈছিল যে অসুস্থ ভুলুৰ সঙ্গত গান গাই পৰীক্ষাৰ মাচুলৰ পইছা অৰ্জন কৰা লালুৱে শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান পাই উত্তীৰ্ণ হৈছে ।
‘লালু-ভুলু’ এসময়ৰ এখন সৰ্বজনসমাদৃত বঙালী ভাষাৰ বোলছবি আছিল। অন্যান্য ঠাইবিলাকৰ দৰে যোৰহাট নগৰতো সেই বোলছবিখনৰ প্ৰৰ্দশন হৈছিল। যোৰহাট নগৰৰ আৰু ওচৰ-পাজৰৰ সকলো লোকেই এই বোলছবিখন চাবলৈ নগৰৰ ‘শঙ্কৰ টকীজ’ নামৰ ছবিঘৰটোত ভিৰ কৰিছিল। আমাৰ বাইদেউহঁতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰা দহোটীয়া হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেও একেলগ হৈ, কোনোবা এজন শিক্ষকৰ তত্ত্বাৱধানত দলে-বলে গৈ সেই বোলছবিখন উপভোগ কৰাৰ কথা মই পাছত জানিব পাৰিছিলোঁ।
‘লালু-ভুলু’ নামৰ এই বোলছবিখন যোৰহাটৰ ‘শঙ্কৰ টকীজ’ত প্ৰদৰ্শন কৰা কালত মই চিনেমা চাব পৰা হোৱা নাছিলোঁ, বা আন কোনোবাই মোক চিনেমাখন দেখুৱাবলৈ বুলি নিব পৰা বয়সো মোৰ তেতিয়া হোৱা নাছিল। বোলছবিখনৰ বিষয়ে, আৰু ছবিখনৰ কাহিনীটোৰ বিষয়ে পাছত মই দাদাহঁতৰ পৰাহে শুনিবলৈ পোৱা।
আমি প্ৰথম পৰ্দাত বোলছবি চোৱা আৰম্ভ কৰিছিলোঁ ভাৰত চৰকাৰৰ ‘ফিল্ম ডিভিজন’ নামৰ বিভাগটোৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰবোৰৰ প্ৰদৰ্শন চাইহে। সেই ছবিবোৰ সাধাৰণতে ‘স্বাধীনতা দিৱস উদযাপন’ৰ দিনাৰ বা ‘গণতন্ত্ৰ দিৱস পালন’ৰ দিনাৰ নিৰ্দিষ্ট কাৰ্যক্ৰমণিকাৰ অন্তত, সন্ধিয়া পৰত কোনো স্কুল বা আন কোনো ৰাজহুৱা অনুষ্ঠানৰ কাষতে থকা মুকলি পথাৰবোৰত আমাৰ ৰাজ্যৰ সমাজ কল্যাণ বিভাগটোৱে প্ৰৰ্দশনৰ ব্যৱস্থা কৰিছিল। আমি সৰুকালত পঢ়া ‘৪৩৯নং ঢাপকটা বেছিক এল. পি. স্কুল’ৰ সন্মুখৰ মুকলি পথাৰখনত, আৰু আমাৰ ঘৰৰ কাষৰে ‘আঞ্চলিক গবেষণাগাৰ’ৰ মূল গেটখনৰ কাষতে থকা বল খেলা পথাৰখনত তেনেকুৱা তথ্যচিত্ৰ চোৱাৰ স্মৃতি মোৰ এতিয়াও সজীৱ হৈ আছে।
কাহিনীচিনেমা চোৱা
আৰম্ভ কৰিছিলো হাইস্কুলৰ শেষৰ শ্ৰেণীকেইটাত পঢ়ি থকা কালৰ পৰাহে। কিন্তু এই চিনেমা
চোৱা কামটো আমাৰ দেউতাৰ একেবাৰে অপছন্দৰ কাম আছিল।
দেউতাই বেয়া পালেও মই কিন্তু হাইস্কুলীয়া জীৱনৰ শেষৰ ফালৰ পৰা আৰম্ভ কৰি গোটেই কলেজীয়া কালছোৱাত যথেষ্ট সংখ্যক চিনেমা চাইছিলো। পাছলৈ সকলো বন্ধু-বান্ধৱ একগোট হৈ যোৰহাটৰ ইলি, জ্যোতি, শঙ্কৰ টকীজ আৰু লহপহীয়া নামৰ চাহ বাগিচাখনৰ মাজেদি ৰৰৈয়ালৈ যোৱা বাটটোৰে গৈ, ৰৰৈয়াৰ ‘ডিফেঞ্চ চিনেমা’ হলত আমি চিনেমা চাইছিলোঁ। মাহেকত তিনি-চাৰিখনকৈ চিনেমা চোৱাটো তেতিয়া আমাৰ এটা নিচাত পৰিণত হৈছিল। দেউতাই যিহেতু চিনেমা চোৱা কাৰ্যটো ভাল নাপাইছিল, এই চিনেমাবোৰ চাওঁতে মই ঠিক দেউতাই নজনাকৈ, গোপনে চোৱাৰ দৰেহে চাইছিলোঁ।
আজি কিছুদিনৰ আগতে আমাৰ পৰিয়ালৰ হোৱাটছ্এপ গ্ৰুপটোৰ কৃপাত পুৰণি কথাৰ মহলা মাৰি থাকোঁতে, এটা কথা শুনি মই এক প্ৰকাৰে বিস্মিত হৈ পৰিছিলো– এক আমোদজনক সম্ভেদ! সেই কথাটো এয়ে যে এই ‘লালু-ভুলু’ নামৰ একালৰ জনপ্ৰিয় বাংলা ছবিখন স্বয়ং আমাৰ দেউতায়ো হেনো চাইছিল! মোৰ কাৰণে তাতোকৈও বিস্ময়কৰ কথাটো হ’ল সেই ছবিখন অকল দেউতাই নিজেই চোৱা নাছিল, মোৰ ওপৰৰ দুজন দাদাকো লগত লৈ গৈছিল ছবিখন দেখুৱাবলৈ বুলি। আৰু তেওঁলোক তিনিও সেই জনপ্ৰিয় বোলছবিখন, একালৰ যোৰহাটৰ বিখ্যাত ছবিঘৰ ‘শঙ্কৰ টকীজ’-ত একেলগে উপভোগ কৰিছিল।
“লালু-ভুলু” বোলছবিৰ মূল বাংলা কাহিনীৰ ভিত্তিতেই পৰৱৰ্তী কালত প্ৰযোজিত
সৰ্বভাৰতীয় পৰ্যায়ৰ অতি জনপ্ৰিয় হিন্দী বোলছবি “দোস্তি”-ৰ সমান সঙ্গীত-মধুৰ বোলছবি
একালত অতি বিৰল আছিল !