অন্যযুগ/


চলাপথাৰ যাম, খাইলং খাম

 লুইতজ্যোতি

১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰই বনজ প্ৰাণী তথা উদ্ভিদ সম্পদৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে৷ পৰৱৰ্তীকালত একাধিক সংশোধনৰ সহায়ত এই আইনখনক অধিক শক্তিশালী কৰাৰ প্ৰয়াস বহুকেইখন চৰকাৰে কৰিছে৷ এই আইনৰ আধাৰতেই ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু চিৰিয়াখানাসমূহ পৰিচালিত হয়৷ যিকোনো এটা বনাঞ্চল এই আইনৰ অধীনত সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃত হলে, সেই অঞ্চল চৰকাৰৰ পূৰ্ণ অধিকাৰাধীন হোৱাৰ লগে লগেই জনসাধাৰণৰ কাৰণে অনধিকৃত হৈ পৰে৷ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য পৰিসৰৰ সমূহ সম্পদ এই আইনৰ জৰিয়তে সীমাৰ বাহিৰে-ভিতৰে সুৰক্ষাপ্ৰাপ্ত৷ এনে ধৰণৰ এখন গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন কৰা হেতুকে আমি প্ৰতিখন  চৰকাৰকে ধন্যবাদ দিব লাগিব৷ 

কিন্তু আইন এখনৰ সফল প্ৰণয়ন একমাত্ৰ চৰকাৰী সদিচ্ছাৰ ওপৰতেই নিৰ্ভৰ নকৰে৷ সাধাৰণ জনতাৰ সহযোগ আৰু সংকল্প সদায়েই আইন এখনৰ সফলতাৰ মূল চাবিকাঠি৷ এতিয়া প্ৰশ্ন হয়, আইন প্ৰৱৰ্তনৰ পাছতো কিয় আমি বন্যপ্ৰাণী হত্যা, বনাঞ্চল ধ্বংসৰ খবৰ পাওঁ৷ চোৰাং চিকাৰীয়ে গড়ৰ খৰ্গ কাটি নিয়াৰ দৰে বিব্ৰত কৰি তুলিব পৰা বাতৰিবোৰ শিৰোনামত কিয় ? চৰকাৰী যন্ত্ৰৰ গাফিলতি ইয়াৰ এক কাৰক নোহোৱা নহয়৷ কিন্তু একমাত্ৰ কাৰক নহয়৷ আইনৰ প্ৰতি জনসাধাৰণৰ সহযোগৰ অভাৱ আৰু বনজ সম্পদৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতাৰ অভাৱো এক মুখ্য কাৰণ৷  কৰ্তব্যৰ প্ৰতি পিঠি দি অকল অধিকাৰ সাব্যস্ত কৰাৰ কুপ্ৰথাই আমাক গৰিষ্ঠ সময়ত অসংবেদনশীল কৰি আহিছে আৰু বনাঞ্চল সংৰক্ষণৰ দায়িত্ব চৰকাৰৰ ওপৰত ন্যস্ত কৰিয়েই আমি আমাৰ সামাজিক দায়িত্বৰ পৰা গা এৰা দি আহিছোঁ৷ ই এক অশনি সংকেত৷ এইবোৰৰ উপৰি বন্যপ্ৰাণী সংৰক্ষণ আইনৰ প্ৰণয়ন কালৰ পৰাই একাংশই এই আইনৰ বিৰোধিতা কৰি আহিছে৷ এই আইনৰ অধীনৰ অঞ্চলত জনসাধাৰণৰ অধিকাৰ খৰ্ব হোৱাৰ দাবী সময়ে সময়ে বিভিন্নজনে উত্থাপন কৰি আহিছে৷ আইনগতভাৱে সংৰক্ষিত এই অঞ্চলসমূহত দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ যিকোনো কাম কৰাৰ কোনো কৰ্তৃত্ব নাথাকে৷ বহুক্ষেত্ৰত দেখা যায় যে বনাঞ্চলৰ চাৰিসীমাত বাস কৰা সাধাৰণ ৰাইজ বিভিন্নধৰণে বনাঞ্চলখনৰ ওপৰত নিৰ্ভৰশীল৷ উাহৰণস্বৰূপে শাক-পাচলি, ফল-মূল ইত্যাদি ৰাইজে কাষৰ হাবিৰ পৰা আহৰণ কৰে৷ এনে প্ৰেক্ষাপটত প্ৰতিখন বনাঞ্চলক আইনৰ আওঁতালৈ অনা সম্ভৱ নহয়৷ অৰ্থাৎ আইনৰ অধীনস্থ অঞ্চলৰ সুৰক্ষাৰ হেতু চৰকাৰী ব্যৱস্থাৰ লগতে ৰাইজৰ এশ শতাংশ সহযোগিতাৰ প্ৰয়োজন৷ সমান্তৰালকৈ যিখিনি সেউজভূমি আইনৰ অধীনত সুৰক্ষিত নহয়, সেই অঞ্চলৰ সুৰক্ষাৰ কাৰণে এক সহাৱস্থানৰ আদৰ্শৰ প্ৰয়োজন৷ এনে দৃষ্টিপটত গ্ৰাম্য অভয়াৰণ্যৰ এক বিশেষ গুৰুত্ব আহি পৰিছে৷ গ্ৰাম্য অভয়াৰণ্যৰ জৰিয়তে গাঁৱৰ ৰাইজ ঐক্যৱদ্ধ হৈ তেওঁলোকৰ অঞ্চলৰ বনজ সম্পদ, জীৱ-জন্তু, গছ-বনৰ সংৰক্ষণৰ পৰিকল্পিত পদক্ষেপ লব লাগে আৰু গ্ৰাম্য অভয়াৰণ্যৰ একাংশ সম্পদৰ অপব্যয় নকৰাকৈ নিম্নতম ব্যৱহাৰৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হব লাগে৷

১৮৬৯ চনত বৰ্তমানৰ চৰাইদেউ জিলাত চলাপথাৰ শ্যাম গাঁৱৰ জন্ম হৈছিল৷ অতীজৰে পৰাই এই গাওঁ খিলঞ্জীয়া টাই খাময়াং জনগোষ্ঠীয় লোকৰ আবাস৷ এই গাঁৱৰ লগত সংলগ্ন হৈ আছে ৬৮৩.১৭৩ হেক্টৰ ভূমিৰে চলা সংৰক্ষিত বনাঞ্চল৷ প্ৰকৃতিৰ কৃপাদৃষ্টিত সম্পদেৰে চহকী এই বনাঞ্চলত বিভিন্ন ঔষধি বনদৰৱ, পৰম্পৰাগত ব্যঞ্জন সামগ্ৰী, জলাশয়ত মাছ-পুঠি উভৈনদী৷ এইসমূহ সম্পদৰ ভিতৰত অন্যতম এবিধ হল নেটাম (বৈজ্ঞানিক নাম Gnetum)৷ অতি আপুৰুগীয়া এই নেটামচলা বনাঞ্চলৰ এক বিশেষত্ব৷ নেটাম স্বাস্থ্যৰ পক্ষে অতি উপকাৰী আৰু চলা বনাঞ্চলৰ কাষৰীয়া অঞ্চলৰ ৰাইজৰ খাদ্যাভ্যাসত নেটামে অতীজৰে পৰাই এক বিশেষ স্থান পাই আহিছে৷ একেদৰে জনসাধাৰণ অন্যান্য শাক-পাচলি, ফল-মূলখৰি-খেৰমাছ আদিৰ কাৰণেও চলা বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল৷ এনে আৰ্থ-সামাজিক কাৰণৰ লগতে মাটিকালি তথা লুপ্তপ্ৰায় বন্যজীৱৰ পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি চলা বনাঞ্চলক আইনগতভাৱে ৰাষ্ট্ৰীয় উদ্যান অথবা অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া সম্ভৱ নহয়৷ সেয়েহে সংৰক্ষিত বনাঞ্চল হলেও কালক্ৰমত এই অঞ্চল লুণ্ঠনকাৰীৰ কবলত পৰি ধ্বংসৰ গৰাহত পৰিছিল৷ বন বিভাগৰ দুই-তিনিজন কৰ্মীৰদ্বাৰা এই বিশাল বনাঞ্চলৰ সুৰক্ষা সম্ভৱ নহয়৷ চলা বনাঞ্চলৰ ক্ৰমবৰ্ধমান লুণ্ঠন অঞ্চলটোৰ সচেতন মহলৰ কাৰণে এক চিন্তাৰ বিষয় হৈ পৰিছিল৷

বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ ধ্বংসলীলাই সমগ্ৰ অঞ্চলৰ কাৰণে ভৱিষ্যতে আনিব পৰা অনাকাংক্ষিত পৰিৱৰ্তনৰ বিষয়ে এক বিশেষ শ্ৰেণীৰ ৰাইজক উৎকণ্ঠিত কৰি তুলিছিল৷ এনে এক সন্ধিক্ষণতেই ২০১৮ চনত চলাপথাৰ শ্যাম গাঁৱৰ ১৫০ বছৰীয়া জয়ন্তী বছৰযোৰা কাৰ্য্সূচীৰে আয়োজন কৰা হৈছিল৷ বছৰটোৰ প্ৰতিটো মাহতে গাঁওখনৰ একোটা বিশেষত্বক লৈ একোটা বিশেষ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছিল৷ ইয়াৰ লগত সংগতি ৰাখিয়েই ২০১৮ চনৰ ছেপ্তেম্বৰ মাহত এক সভা অনুষ্ঠিত কৰা হৈছিল৷ সেই সভাতে চলাপথাৰ শ্যাম গাঁৱৰ লগতে চলা বনাঞ্চলৰ নিকতৱৰ্তী সকলো গঞা ৰাইজৰ সহযোগ আৰু সংকল্পৰে তথা নেচাৰ্ছ বেকনৰ তত্ত্বাধানত এই বনাঞ্চলৰ সংৰক্ষণৰ কাৰণে অধিকাৰ আৰু কৰ্তব্যৰ যথোপযুক্ত সমন্বয়েৰে চলা গ্ৰাম্য অভয়াৰণ্যআনুষ্ঠানিকভাৱে আৰম্ভ হয়৷ লগতে গঠিত হয় চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতি৷ ৰাইজৰ এই অনুষ্ঠানে চলা বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, অপব্যয় নকৰাকৈ বনাঞ্চলৰ সম্পদ উপভোগ কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি তথা বনাঞ্চলত বিভিন্ন ইতিবাচক কাৰ্য্যসূচীৰে ইয়াক এক আদৰ্শ গ্ৰাম্য অভয়াৰণ্যৰূপে গঢ়িবলৈ অঙ্গীকাৰবদ্ধ হয়৷ মাৰ্চ মাহৰ পৰা জুন মাহলৈ নেটামৰ সময়৷ নেটামৰ পৰা বনোৱা খাইলং’ (নেটাম ব্যৱহাৰ কৰি তৈয়াৰ কৰা এবিধ সুস্বাদু খাদ্য৷) খাবলৈ চলাপথাৰলৈ মানুহৰ সমাগম হয়৷ বনাঞ্চলৰ সম্পদৰ অত্যধিক বাণিজ্যিক ব্যৱহাৰে সম্পদৰ ধ্বংসৰ পথ মুকলি কৰে৷ গ্ৰাম্য অভয়াৰণ্যৰূপে ঘোষণা কৰাৰ পাছৰে পৰা ৰাইজ এই বিষয়ত সজাগ হল আৰু সম্পদ ক্ষয় নকৰাকৈ প্ৰয়োজন অনুসৰি নিম্নতম ব্যৱহাৰৰ কাৰণেহে সম্পদ আহৰণ কৰিবলৈ সংকল্প ললে৷ লগত বনাঞ্চলৰ সুৰক্ষাৰ কাৰণে সুসংগঠিতভাৱে কামত লাগিল৷ বন বিভাগৰ সুৰক্ষা কৰ্মীৰ লগত এতিয়া আঠজনকৈ গ্ৰাম্য বন সুৰক্ষা কৰ্মীও কৰ্মৰত৷ এই গ্ৰাম্য বন সুৰক্ষা কৰ্মীসকলৰ নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰী বন বিভাগে যোগান ধৰিছে৷ চৰকাৰী বনকৰ্মী আৰু গ্ৰাম্য সুৰক্ষা কৰ্মী একেলগে চলা গ্ৰাম্য অভয়াৰণ্যৰ সুৰক্ষাৰ কৰ্মত ব্ৰতী৷ একে সময়তে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজেও বহু হাজাৰ গছপুলি ৰোপণ তথা প্ৰতিপালনৰ কাম কৰি আহিছে৷ চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিয়ে ওচৰ-পাজৰৰ বিদ্যালয়সমূহত সজাগতা সভাৰ আয়োজন কৰি এই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰি তুলিছে৷ সমিতিয়ে গ্ৰাম্য অভয়াৰণ্যৰ এই প্ৰকল্পক পৰ্যটন ক্ষেত্ৰৰ লগত সংযোগ কৰিবলৈও প্ৰচেষ্টা হাতত লৈছে৷ অনাগত দিনত পৰ্যটকৰ কাৰণে বিশেষ সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত সমিতি সফল হব বুলি আমি আশাবাদী৷

প্ৰণালীবদ্ধ পদক্ষেপৰ জৰিয়তে গ্ৰাম্য অভয়াৰণ্যসহাৱস্থান, সুৰক্ষা তথা পৰ্যটনৰ এক নতুন ধাৰাৰূপে প্ৰতিস্থিত হব৷ এইক্ষেত্ৰত চলা গ্ৰাম্য অভয়াৰণ্য বাটকটীয়া হব৷ অসমৰ বিভিন্ন প্ৰান্তত বহুতো হাবি, আৰ্দ্ৰভূমি আৰু জলাশয় আছে৷ এইসমূহৰ দাঁতিৰ ৰাইজো সজাগ হওক আৰু সংকল্প লওক অধিকাৰ আৰু কৰ্তব্যৰ বিনিময়ৰ বাবে৷ এনে এক দূৰদৰ্শী প্ৰচেষ্টাৰ কাৰণেই আজি আমি চলাপথাৰ যাম, খাইলং খামৰ সলনি কব পাৰিছো চলাপথাৰ যাম, আদৰ্শ গ্ৰাম্য অভয়াৰণ্য চাম

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ