অংকুৰণ আৰ্ফ
বেদত আছে - “যথা দৃষ্টি তথা সৃষ্টি৷” অৰ্থাৎ আমাৰ দৃষ্টিভংগী বা মন-মগজুৰ চিন্তাধাৰা যেনে হ’ব এই জীৱন আৰু জগতক আমি তেনেদৰেই দেখিম৷ গতিকে নতুন বৰ্ষ এটাক আদৰাৰ আগমুহূৰ্তত আমাৰ জীৱন আৰু পৃথিৱীখনক চোৱাৰ দৃষ্টিভংগী নতুন হ’ব লাগিব৷ কিয়নো, নতুন মানেই এক আৰম্ভণি, নতুন মানেই এক আশা, নতুন মানেই দুচকুত ৰঙীন সপোনৰ ৰামধেনু, নতুন মানেই সৃষ্টিৰ এক কঠিয়াতলি, নতুন মানেই সকলোফালে এক নৱ উদ্যম, নতুন মানেই নতুনকৈ জীৱন আৰু পৃথিৱীক সজাই তোলাৰ দুৰ্বাৰ হেঁপাহ৷ নতুন বুলিলেই আমাৰ চকুত ভাহি উঠে এখন প্ৰেম, প্ৰত্যাশা, প্ৰাচুৰ্যময় পৰিপূৰ্ণ পৃথিৱী৷ নতুন সকলোতে আছে যেনেদৰে আমাৰ জীৱনটো আছে ঠিক তেনেদৰে প্ৰকৃতিৰ সময়ৰ বুকুত নতুনৰ আগমন ঘটে আৰু বিদায় দিয়ে পুৰণিক৷ নতুনক আদৰিবলৈ যাওঁতেই পুৰণিৰ বিস্মৃতিৰ অটল গৰ্ভত বিলীন হয় জীৱনৰ এৰি অহা স্বপ্নময় মধুময় সময়বোৰ৷ হৈ পৰে চিৰকালৰ বাবে স্মৃতি৷ স্মৃতিৰ নদীৰ পাৰত বহি কোনো কবিয়ে বিষাদৰ কবিতা লিখে, কোনো গায়কে বেজাৰৰ গীতত সুৰৰ লহৰ তোলে৷ আৰু নিৰবধি এখন নদীৰ দৰে নিৰ্মোহ কাল চেতনা লৈ সময় আগলৈ গৈ থাকে কেৱল গৈ থাকে…৷ সময়ৰ মহাকালৰ এই প্ৰৱহমান অনিৰুদ্ধ গতিক ৰোধ কৰাৰ শক্তি কাৰোৰেই নাই৷ সময় নিজৰ ছন্দত তাল মিলাই নিৰন্তৰ কেৱল অগ্ৰসৰ হ’ব খুজিছে আগলৈ আৰু এনেদৰে সময় গৈয়ে আছে গৈয়ে আছে আৰু কেৱল গৈ আছে৷ আমিও সময়ৰ খোজত খোজ মিলাই প্ৰতি বছৰে একোটা বৰ্ষক আদৰণি জনাওঁ নৱবৰ্ষ হিচাপে৷ পুনৰ বিদায় দিও এটা বৰ্ষক৷ ক্ৰমশঃ পৌনঃপৌনিক অংকৰ দৰে এটা বছৰক আদৰা আৰু এটা বছৰক বিদায় দিয়া এই পৰ্ব চলিয়ে থাকিব প্ৰতি বছৰে৷ সময়ৰ এই সনাতন নিয়ম মানি এইবাৰো আগমন ঘটিছে এটা নৱবৰ্ষৰ৷ হয় আমাৰ সন্মুখত ৰৈ আছেহি এক নতুন পুৱা, এক নৱ প্ৰত্যুষ৷ এইয়া নৱবৰ্ষ৷ এটা নতুন আৰম্ভণি, এটা নতুন বাঁহীৰ মাত, এখন নতুন ভায়লীনৰ সুৰ, এটা নতুন চৰাইৰ স্নিগ্ধ মাত অথবা এটা নতুন শিশুৰ নিষ্পাপ সুগন্ধি হাঁহি এই নতুন বৰ্ষ৷ নৱবৰ্ষ বুলি ক’লেই ফুলি উঠা কুঁৱলী কোমল পুৱাত আলফুলীয়া সৰিয়হ ফুলনি ডৰালৈ মনত পৰে, নৱবৰ্ষ বুলি ক’লেই ধুনীয়া ধুনীয়া গীত বাজি থকা বনভোজৰ স্থলীবোৰলৈ মনত পৰে, নৱবৰ্ষ বুলি ক’লেই ৰঙীন গ্ৰিটিংছকাৰ্ডবোৰলৈ মনত পৰে, নৱবৰ্ষ বুলি ক’লেই এক নতুন আনন্দ, নতুন সপোনৰ কল্লোলৰ ধ্বনি আমাৰ চেতনাত বাজি উঠে৷ নৱবৰ্ষক আদৰাৰ পৰম্পৰা বহু প্ৰাচীন৷ মানৱ সভ্যতাই অঘৰী জীৱন যাপন এৰি যিদিনাই সভ্য জীৱন যাপন কৰিবলৈ শিকিলে মানুহে নিজৰ জীৱনত সময়ৰ গুৰুত্ব আৰু সময়ৰ প্ৰয়োজনীয়তা অথবা সময়ক প্ৰকৃত মূল্য দিবলৈ ভালদৰে হৃদয়ঙ্গম কৰি আহিছে ৷ চিন্তাশীল বিবেকৱান জীৱ শ্ৰেষ্ঠ মানুহে এই কথা ভালদৰে বুজি উঠিছে যে জীৱন কেৱল সময়ৰ সমষ্টি৷ সৰু সৰু মুহূৰ্ততবোৰেই জীৱন, মৰি মৰি অহা সমষ্টিয়ে জীৱন৷ সেয়েহে সময়ৰ মূল্য বুজি প্ৰতিটো মূহূৰ্তক আমি অতি সুন্দৰকৈ সজাই তুলিব লাগে৷ প্ৰতিটো মূহূৰ্তক মানুহৰ প্ৰেম আন্তৰিকতা শ্ৰদ্ধা ইত্যাদি মানৱীয় গুণেৰে সজাই তুলিব লাগে৷ এইখন মানুহৰ সমাজ য’ত কেৱল মানৱতাৰ স্থান আছে মানৱতাৰ নামত দানৱতাৰ স্থান নাই৷ যিখন সমাজত মানুহে প্ৰতিৰূপ ঈশ্বৰ সৃষ্টিকাৰী অন্য এক প্ৰাণী অৰ্থাৎ অন্য এজন মানুহক মৰম আন্তৰিকতা, চেনেহ, দয়া, ক্ষমা ইত্যাদি প্ৰদান কৰি নিজৰ অপূৰ্ব মানৱ সংস্কৃতিক জীয়াই ৰাখিবলৈ সদায় চেষ্টা কৰি আহিছে৷ আৰু এই গুণসমূহ আমাৰ মাজত জীয়াই ৰখাতো আমাৰ কাৰণে মানৱ ধৰ্ম পালন কৰাই এক প্ৰকৃত নিদৰ্শন হ’ব৷ কিন্তু সময়ৰ দস্তাবেজ মেলিলে দেখা যায় যে বৰ্তমান সময়বোৰত মানুহে যিমানেই জ্ঞান বিজ্ঞানেৰে সমৃদ্ধ হৈছে সিমানেই মানুহে মানুহৰ মানৱতা ৰক্ষাৰ নামত অমানৱীয়তা আৰু অশুভ অপসংস্কৃতিক এই পৃথিৱীত বৰ্তাই ৰখা দেখা যায়৷ যিটো সময়ত মানুহে জ্ঞান বিজ্ঞানেৰে চহকী হৈ নিজকে এই ভূমণ্ডলত জীৱ শ্ৰেষ্ঠৰ ধ্বজা উৰুৱাবলৈ সকলোফালৰ পৰা চেষ্টা অব্যাহত ৰাখিছে৷ তেনে সময়ত বিবেকৱান মানুহে প্ৰকৃতি তথা অন্য প্ৰাণী জগতৰ ওপৰত যি নিৰ্মম অত্যাচাৰ তথা এই পৃথিৱীৰ ওপৰত যি অবৰ্ণনীয় ধ্বংসলীলা কৰিছে সেয়া সমগ্ৰ মানৱৰ লগতে প্ৰকৃতিৰ সকলো প্ৰাণীকুলৰ বাবেই অস্তিত্বৰ ৰক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতৰ বাবে প্ৰশ্ন হৈ থিয় দিছে৷ সেয়ে সময়ৰ কথা কওঁতেই আমি সময় থাকোতেই জীৱশ্ৰেষ্ঠৰ প্ৰকৃত ভূমিকা পালন কৰা ভাল৷ নৱবৰ্ষক আদৰাৰ এই শুভক্ষণত বহুখিনি কথাই মনলৈ আহিছে ৷ তাৰ ভিতৰত প্ৰথমেই অসমীয়া ভাষাকে কৈছো অসমীয়া ভাষাটো বৰ্তমান ধ্ৰপদী ভাষা ৰূপে চিহ্নিত হৈছে সন্মানিত হৈছে সেয়া আমাৰ গৌৰৱৰ ক্ষণ, ঐতিহাসিক মুহূৰ্ত হ’লেও সাতামপুৰুষীয়া এক ভাষা ইমান গৰিমামণ্ডিত এক ভাষা৷ যিয়ে নকওঁ কিয় তথাপিও আমাৰ ভাষাটো যদি প্ৰকৃত শুদ্ধ ৰূপত লিখা কোৱা ক্ষেত্ৰত যদি সতৰ্ক নহওঁ অথবা আমাৰ অসমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাটোক মাধ্যম হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰহণ কৰিবলৈ অভিভাৱক শিক্ষকসকলে যদি চেষ্টা অব্যাহত নাৰাখে তেতিয়া হ’লে অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা লাভ কৰিও ইয়াৰ প্ৰকৃত মৰ্যাদা নাপাব বা ইয়াৰ অস্তিত্ব নাথাকিবগৈ৷ গতিকে নৱবৰ্ষত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক সকলোফালে সঁচাকৈ জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰতিজন অসমীয়াই দায়বদ্ধভাৱে চেষ্টা কৰি আৰু নিজৰ নিজৰ কৰিবলগীয়া কৰ্তব্যখিনি কৰাটো নতুন বৰ্ষত আমাৰ এক নৱ জাতীয় দায়িত্ব ৰূপে চিহ্নিত হ’ব বুলি মই ভাবোঁ৷ দ্বিতীয়তে, যিসমূহ সাহিত্য সংস্কৃতি তথা ৰাজনীতিৰে হওঁক সংগঠন অনুষ্ঠানে বা দলে অসমৰ জাতীয় জীৱনক বিভিন্ন ধৰণে বিভিন্নস্তৰত প্ৰতিনিধিত্ব কৰি অসমীয়া জাতীয় জীৱনক আগুৱাই নিবলৈ তাহানি দিনৰে পৰা চেষ্টা কৰি আহিছে, তেনে কিছু দল- সংগঠন অনুষ্ঠানে বৰ্তমান সময়ত কিছুমান নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে যি অশুভ আৰু বিশৃংখল পৰিৱেশ সৃষ্টি কৰি সেই মহান অনুষ্ঠানসমূহৰ মৰ্যাদা হেৰুৱাইছে তেনে অনুষ্ঠানসমূহৰ তাহানি দিনৰে পৰা চলি অহা প্ৰকৃত গৰিমা অটুত ৰাখি শৃংখলাবদ্ধভাৱে সেই অনুষ্ঠানসমূহে নিজৰ কৰ্তব্য কৰি জাতীয় দায়িত্ব পালন কৰিবৰ বাবে নৱবৰ্ষতে সংকল্প লোৱা ভাল বুলি ভাবোঁ৷ লগতে আমি ভাবো অসমৰ উঠি অহা প্ৰজন্মৰ যিসমূহে বাইক, মোবাইল ইত্যাদিৰ অপপ্ৰয়োগৰ ফলত নিজৰ লগতে সমাজ জীৱনকো বিকলাংগ কৰি তুলিছে৷ অকালতে নিজৰ জীৱন পৰিয়াল সমাজ জীৱনক পংগু কৰিছে৷ সেই উঠি অহা নতুন প্ৰজন্মক আহ্বান যে নৱবৰ্ষত তেওঁলোকে এইটো কথা ভবা উচিত যে জীৱনটো কেৱল নিজৰ৷ জীৱনটো ভালদৰে জীয়াই থাকিবৰ বাবে আমি সুস্থভাৱে নিজৰ স্বাস্থ্যসন্মতভাৱে পাৰিবাৰিক আৰু সামাজিকভাৱে সুস্থ কৰি ৰাখিব লাগিব৷ আৰু জীয়াই থাকিলেহে জীৱনটো উদযাপন কৰিব পাৰিম৷ কুমলীয়া বয়সতে যদি জীৱনটোক বিকলাংগ কৰা হয় তেতিয়া হ’লে সেয়া নিজৰ লগতে সমাজৰ বাবেও বা পৰিয়ালৰ বাবেও ক্ষতিকাৰক হৈ পৰে৷ সেয়ে বাইক, মোবাইল ইত্যাদি যান্ত্ৰিক সঁজুলিসমূহ আমাৰ জীৱনত প্ৰয়োজন আছে হ’লেও ইয়াৰ প্ৰকৃত ব্যৱহাৰ কৰিবলৈ সুস্থ ব্যৱহাৰ কৰিবলৈ কৰিবলৈ শিকা উচিত৷ নৱবৰ্ষত নতুন প্ৰজন্মৰ বাবে আহ্বান যে নিজৰ জীৱনৰ লগতে সমাজ জীৱনকো তেওঁলোকে ভৱিষ্যতৰ বাবে জীয়াই ৰাখিব লাগিব৷ গতিকে তেওঁলোক সকলো দিশে সতৰ্ক হৈ নিজৰ জীৱনক প্ৰকৃত দিশত নিজৰ শক্তি সামৰ্থ্য আৰু প্ৰতিভাক নিয়োগ কৰি দেশ জাতিৰ মান উজ্বলাই তুলিবৰ বাবে আহ্বান জনাম৷ ক’বলৈ বহুখিনি কথাই থাকে আজি নৱবৰ্ষ নতুন প্ৰভাতত বিশেষ আৰু কথা নকওঁ নতুন যিহেতু নতুন প্ৰতিশ্ৰুতি, নতুনে যিহেতু এক নতুনৰেই দুচকুত আশাৰ ৰ’দালি সানি নতুনক আদৰিবৰ বাবেই আমাৰ অন্তৰত অমৃত প্ৰাৰ্থনাৰ জোৱাৰ উঠে, যি প্ৰাৰ্থনাৰ প্ৰেম-প্ৰত্যাশা আৰু প্ৰাচুৰ্যময় অনাগত জীৱনৰ কথা অনুৰণিত হয়, সেই প্ৰাৰ্থনাকে আমি সকলোৰে বাবে কৰিম পৰম পুৰুষৰ ওচৰত, যাতে নৱবৰ্ষই আপোনালোক সকলোৰে জীৱন সুখ-শান্তি-সমৃদ্ধিৰে উপচাই পেলায়৷ আপোনালোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সকলো ফালে মংগল হওক৷ অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে কেঞ্চাৰৰূপে দেখা দিয়া অপকৰ্ম, অপসংস্কৃতিসমূহ বিনাশ হৈ শুভ আৰু সুন্দৰ কৰ্মৰে শৃংখলাবদ্ধ সমাজ জীৱনেৰে অসমীয়া জাতীয় জীৱন জিলিকি উঠিব৷ অসমীয়া আই মাতৃৰ মণিকূটত মৰম চেনেহৰ মানৱীয়তা ইত্যাদি প্ৰকৃত মানৱীয় গুণেৰে প্ৰয়োভৰ হ’ব৷ ইয়াকে আমি অন্তঃকৰণেৰে কামনা কৰিম৷ এখন নতুন কেলেণ্ডাৰ অথবা এখন নতুন ডায়েৰীয়ে নৱবৰ্ষ নহয় ৷ যদিওবা আমি পুৰণি কেলেণ্ডাৰ আঁতৰাই এখন বেৰত নতুন কেলেণ্ডাৰ আঁৰি দিও বা টেবুলৰ পুৰণি ডায়েৰীখন আঁতৰাই এখন নতুন ডায়েৰী এখন লিখিবলৈ আৰম্ভ কৰোঁ৷ সেয়া সময়ৰ নতুনৰ আৰম্ভণিৰ চিন হ’লেও যদি আমি আমাৰ মনত আমাৰ আত্মাত যদি নতুনৰ চেতনা, নতুনৰ চিন্তাধাৰাৰ নতুনৰ সংকল্পৰ সাধনা যদি সঁচাকৈয়ে দিঠকত কৰিব নোৱাৰো, তেতিয়াহ’লে নতুন নতুনকৈ চিঞৰি থকাৰ কোনো অৰ্থ নাথাকিব৷ নতুনক নতুনকৈ তুলিবলৈ আমি আমাৰ অন্তৰৰ চেতনাৰ চাকিগছ জগাই তুলিব লাগিব নতুনকৈ৷ য’ত নেকি পুৰণিক বিদায় দিও পুৰণিৰ ঋণাত্মক বা অশুভ দিশসমূহৰ পৰা বা বিফল অধ্যায়ৰ পৰা আমি প্ৰকৃত ধনাত্মক আৰু সফল হ’বলৈ শিক্ষা আহৰণ কৰি ভৱিষ্যতে সৰ্বাংগ-সুন্দৰভাৱে জীয়াই থাকিবৰ বাবে, আগুৱাই যাবৰ বাবে আমি এই নতুনৰ পদূলিমুখতে আমি প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব৷ সেয়ে আহক আমি সকলোৱে নতুনক আদৰাৰ এই শুভ ক্ষণত সকলো ফালেই নতুন হওঁ, আমাৰ মন নতুন হওক, আমাৰ সংকল্প নতুন হওক, আমাৰ জীৱনত জীৱনক সজাই তোলাৰ পৱিত্ৰ বাসনাসমূহ সুন্দৰ সাধনাসমূহ নতুন হওক, সমাজ জীৱন অসমৰ এই লুইতপৰীয়া অসমী আইৰ বুকুৰ প্ৰতিটো সময় নতুন হওক, সকলো ফালে নতুন হওক, কেৱল নতুন হওক কেৱল নতুন হওক ইয়াকে আমি কামনা কৰিম৷ সকলোলৈকে পুনৰ নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছো৷ আপোনালোক কুশলে থাকক৷
ফোন-৮৬৩৮০৭৪২৭৮
