অন্যযুগ/


বিজেপি, অৰ্ণৱ গোস্বামী‌ আৰু ধৈৰ্যৰ বান্ধ

 সুমন মহন্ত

 

চৰকাৰ এখনৰ সফলতা/বিফলতা অথবা কৰ্মদক্ষতা জুখিবলৈ কিমান সময়ৰ প্ৰয়োজন বুলি প্ৰশ্ন কৰিলে, আমাৰ সকলোৰে উত্তৰবোৰ নিশ্চয় ভিন্ন হ’ব; তৎসত্ত্বেও আমি সকলোৱে হয়টো সমৰ্থন কৰিম যে এনেকুৱা ৰাজনৈতিক তথা তাত্ত্বিকভাৱে গধুৰ আৰু সংবেদনশীল বিষয়বস্তুৰ ওপৰত প্ৰকৃতাৰ্থত এটা সুস্থ ধাৰণাৰ বাবে ২/৩ বছৰ তেনেই কম সময়৷ পিছে ১০/১২ বছৰ? নিশ্চয় কম সময় নহয় বোধহয়? এতিয়া তাতোতকৈও খেলিমেলি লগোৱা প্ৰশ্নটো হৈছে যে এই সফলতা বা কৰ্মদক্ষতা জোখাৰ মাপকাঠী কি? আমি যেতিয়া এখন‌ চৰকাৰে ‘ভাল কাম কৰিছে’ বা ‘বেয়া কাম কৰিছে’ জাতীয় মন্তব্য দিওঁ, কিহৰ ভিত্তিত, বা কাৰ লগত তুলনা কৰি দিওঁ? পূৰ্বৰ চৰকাৰৰ কৰ্মৰাজিৰ লগত তুলনা কৰি দিওঁ, অন্যান্য কোনো সমসাময়িক চৰকাৰৰ লগত তুলনা কৰি দিওঁ (ধৰি লওক ৰাজ্য চৰকাৰৰ এখনৰ ক্ষেত্ৰত অন্য এখন ৰাজ্যৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত আন কোনো দেশৰ চৰকাৰৰ লগত তুলনা কৰি), নে আমাৰ নিজৰ মনৰ মাজত থকা নিজা এক কাল্পনিক মানকৰ ভিত্তিত দিওঁ? এনেকুৱা কিছুমান সাধাৰণ যেন লগা প্ৰশ্নৰ উত্তৰ পাবলৈ কঠিন যদিও, বহু ক্ষেত্ৰত ৰাজনৈতিক সমীকৰণ/বিশ্লেষণৰ কাঠগড়াত এইসমূহ প্ৰশ্নৰ অৱতাৰণা লেখমানো কৰা নহয়৷

 

যোৱা এটা দশক জুৰি অৰ্ণৱ গোস্বামীৰ প্ৰাইমটাইম অনুষ্ঠানটো বিজেপিৰ বাবে আছিল এক অভেদ্য দুৰ্গ স্বৰূপ, নিতৌ নিশা চকু চাট মৰা গ্ৰাফিক্স আৰু গোস্বামীৰ উদাত্ত কণ্ঠত শাসকপক্ষৰ জয়গান আৰু বিৰোধী নেতাৰ ঢুলাই চলিছিল৷ কিন্তু শেহতীয়াকৈ এই দৃশ্যপটৰ আকস্মিক পৰিৱৰ্তন হৈছে৷ অৰ্ণৱে যিটো আঙুলি নিৰৱচ্ছিন্নভাৱে সদায় Lutyen’s Delhi (লুটিয়েন্সৰ অভিজাত শ্ৰেণী)  আৰু Vadra Congress (ভাদ্ৰা কংগ্ৰেছ)ৰ ফালে টোঁৱাই আছিল, সেই আঙুলি এতিয়া ক্ৰমান্বয়ে শাসকীয়পক্ষৰ ফালে আক্ৰমণাত্মকভাৱে টোঁৱাবলৈ আৰম্ভ হৈছে৷ সোঁপন্থী শিবিৰৰ ‘পষ্টাৰ বয়’ আৰু তেওঁলোকৰ আটাইতকৈ বিশ্বাসী সমৰ্থকজন এতিয়া তেওঁলোকৰ আটাইতকৈ কঠোৰ সমালোচক হৈ পৰিছে৷ এই সময়ছোৱাত বিজেপিৰ মুখপাত্ৰসকলৰ লক্ষণীয় নিৰৱতাই বহু কথা কৈ যায়৷

 

অৰ্ণৱ গোস্বামীৰ বিৰোধী শিবিৰলৈ গমন নিশ্চয় হোৱা নাই; তেওঁ হয়টো এই সিদ্ধান্তলৈ আহিছে যে বৰ্তমানৰ চৰকাৰখনে তেওঁলোকৰ নিজৰ প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব পৰা নাই৷ অৰ্ণৱৰ মতে হয়তো আমোলাতান্ত্ৰিক প্ৰৱঞ্চনা (Bureaucratic Betrayal)

 

এই সম্পৰ্কত ফাঁট মেলাৰ আটাইতকৈ স্পষ্ট কাৰণ হৈছে অৰ্ণৱে সদায় তেওঁৰ দৰ্শকক এখন “ছুপাৰপাৱাৰ ইণ্ডিয়া”ৰ সপোন দেখুৱাই আহিছে, যাৰ মূল বুনিয়াদ আছিল ক্ষিপ্ৰতা, দক্ষতা আৰু কঠোৰ শাসন ব্যৱস্থা৷ কিন্তু ২০২৪ চনৰ শেষৰ ফালৰ পৰা ২০২৫ চনলৈকে বাস্তৱ ছবিখনে ইয়াৰ এক বিপৰীত দৃশ্যহে দাঙি ধৰিছে: পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, ভাগি পৰা দলং আৰু প্ৰদূষণত উশাহ ল’ব নোৱাৰা মহানগৰীসমূহ অৰ্ণৱৰ বাবে যেন এক অশকুন স্বপ্নভংগ৷ তাৰ ফলশ্ৰুতিতেই দৰ্শকৰ বাবে এয়া এক নতুন অভিজ্ঞতা হ’ল যেতিয়া অৰ্ণৱে বিজেপিৰ মন্ত্ৰীসকলক তেওঁলোকৰ আদৰ্শৰ বাবে নহয়, বৰঞ্চ তেওঁলোকৰ ব্যৱস্থাপনাৰ ব্যৰ্থতাৰ বাবে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে৷ মন কৰিবলগীয়া যে তেওঁ এতিয়াও ‘নেতা’জনক (যাক তেওঁ এতিয়াও কিছু পৰিমাণে ৰেহাই দিয়ে) আৰু ‘ব্যৱস্থা’টোৰ (যাক তেওঁ এতিয়া তীব্ৰ সমালোচনা কৰে) মাজত পাৰ্থক্য কৰিবলৈ লৈছে৷ এইটো এক প্ৰকাৰৰ নতুন ৰাজনৈতিক ফৰ্মূলা৷ সেয়ে এতিয়া যেতিয়া তেওঁ চৰকাৰক সমস্যা এটা ‘সমাধান’ কৰাৰ পৰিৱৰ্তে কেৱল সমস্যাটো ‘মেনেজ’ কৰিব বিচৰা বুলি অভিযোগ কৰে, তেতিয়া তেওঁ প্ৰকৃততে মধ্যবিত্ত শ্ৰেণীৰ পুঞ্জীভূত ক্ষোভক প্ৰকাশ কৰে৷ এই আক্ৰমণত উৱাদিহ নাপাই বিজেপিৰ মুখপাত্ৰসকলে যেতিয়া কংগ্ৰেছৰ আমোলাৰ উদাহৰণ দি নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিছে, অৰ্ণৱে তেওঁলোকক পোনচাটেই বাধা দিছে৷ তেওঁৰ বাৰ্তা স্পষ্ট: আপোনালোকক বিপ্লৱী হ’বলৈ নিৰ্বাচন কৰা হৈছিল, পূৰ্বৰ চৰকাৰতকৈ কেৱল অলপ ভাল ‘আমোলা’ হ’বলৈ নহয়৷ এইখিনিতে আমি আৰম্ভণিতে উল্লেখ কৰা ‘মাপকাঠী আৰু সময়’ সংক্ৰান্তীয় খেলিমেলি লগোৱা প্ৰশ্ন কেইটাৰ পুনৰ উদ্ৰেক হয়!

 

ৰিপাব্লিক টিভিৰ স্ক্ৰীণত ৰজাঘৰীয়াৰ কাণতাল মৰা নিৰৱতা আৰু ‘মোদী ৩.০’ চৰকাৰৰ মিত্ৰজোঁটৰ ৰাজনীতিৰ হেঁচাত অৰ্ণৱৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱা যেন লাগিছে৷ যিগৰাকী এংকৰে প্ৰায় এক দশক জুৰি, প্ৰত্যেক দিনাই ভালে বেয়াই চৰকাৰৰ সমূহ একচ্ছত্ৰী আৰু কঠোৰ সিদ্ধান্তক সমৰ্থন কৰি আহিছে, আজি তেওঁ সেই চৰকাৰক মিত্ৰদলৰ ভয়ত পেপুৱা লগা দেখি অস্বস্তিত পৰিছে৷ আভ্যন্তৰীণ সংকটৰ সময়ত প্ৰধানমন্ত্ৰীৰ কৌশলগত নিৰৱতাক অৰ্ণৱ গোস্বামীয়ে এসময়ত “মৰ্যাদাপূৰ্ণ” বুলি বৰ্ণনা কৰিছিল, কিন্তু এতিয়া তেওঁ সেই একেই নিৰৱতাক “পলায়ণবাদী” বা “অনুপস্থিতি” বুলি প্ৰশ্ন কৰিবলৈ লৈছে৷ শেহতীয়া বিতৰ্কসমূহত, যেতিয়া বিজেপিয়ে মিত্ৰদলসমূহক (যেনে TDP বা JD(U)) সন্তুষ্ট কৰিবলৈ ৱাকফ ব’ৰ্ডৰ সংশোধনী বা ইউচিচি (UCC)ৰ দৰে মূল আদৰ্শগত বিষয়বোৰত নৰম স্থিতি গ্ৰহণ কৰিছিল, তেতিয়াই অৰ্ণৱৰ খং স্পষ্ট হৈ পৰিছিল৷

 

অৰ্ণৱৰ মতে, এয়া কোনো “ৰাজধৰ্ম” নহয়; এয়া দুৰ্বলতা৷ তেওঁৰ মতে এই ‘নৰম হিন্দুত্ব’ৰ অৱস্থানটো জনাদেশৰ প্ৰতি এক প্ৰৱঞ্চনা৷ সেয়ে তেওঁ এতিয়া বিজেপিৰ সোঁপন্থী স্থানটো নিজেই দখল কৰি প্ৰশ্ন কৰিছে যে কিয় ২৪০ খন আসনৰ বাস্তৱতাত বন্দী হৈ ‘বাঘ’টোৱে নিজকে ‘পোহনীয়া’ হ’বলৈ দিছে৷ অৰ্ণৱে বিজেপিক ধ্বংস কৰিবলৈ আক্ৰমণ কৰা নাই; তেওঁ আক্ৰমণ কৰিছে কাৰণ তেওঁ বিশ্বাস কৰে যে তেওঁৱেই একমাত্ৰ ব্যক্তি যিয়ে দলটোক বচাব পাৰে৷

 

টিভিত তেওঁৰ চিঞৰবোৰ এতিয়া এক “বন্ধুত্বপূৰ্ণ সতৰ্কবাণী”ৰ দৰে হৈ পৰিছে৷ তেওঁ ধৰি লৈছে যে চৰকাৰখন এতিয়া কিছুমান ‘দৰবাৰী’ বা তোষামোদকাৰীৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে, যিসকলে শীৰ্ষ নেতাসকলক বেয়া খবৰ দিবলৈ ভয় কৰে৷ অৰ্ণৱে এই তোষামোদকাৰীৰ বেহুটো ভাঙিব বিচাৰিছে৷ তেওঁ চিঞৰিছে কাৰণ তেওঁ ২০২৯ চনৰ ভৱিষ্যত দেখা পাইছে৷ তেওঁৰ যুক্তি সৰল: যদি বিজেপিয়ে নিজৰ ভুল-ত্ৰুটিবোৰৰ বিষয়ে অহংকাৰী হৈ থাকে আৰু নিজৰ আদৰ্শৰ বিষয়ে ভীতিগ্ৰস্ত হৈ থাকে, তেন্তে বিৰোধীৰ সেই “অৰাজকতা” পুনৰ ঘূৰি আহিব৷ চৰকাৰক এতিয়া সমালোচনা কৰি তেওঁ বিশ্বাস কৰে যে তেওঁ ভৱিষ্যতৰ পৰাজয়ৰ পৰা তেওঁলোকক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে৷ এই পৰিস্থিতিয়ে সেয়ে এক আচহুৱা দৃশ্যৰ সৃষ্টি কৰিছে৷ বিৰোধীয়ে বিভ্ৰান্তিকৰ আনন্দেৰে এইবোৰ চাই আছে, আৰু বিজেপিয়ে উদ্বিগ্নতাৰে পৰিস্থিতিটো পৰ্যৱেক্ষণ কৰিছে৷ চৰকাৰে উপলব্ধি কৰিছে যে বৰ্তমান সময়ত তেওঁলোকৰ আটাইতকৈ বিপজ্জনক সমালোচকজন বিৰোধীৰ আসনত বহি থকা কোনো ৰাজনেতা নহয়, বৰঞ্চ সেইজন এংকৰহে, যাক তেওঁলোকে তেওঁলোকৰ ‘ষ্টাৰ কেম্পেইনাৰ’ বুলি ভাবিছিল৷ অৰ্ণৱৰ ধৈৰ্যৰ বান্ধ চিঙি গৈছে, আৰু যোৱা দহ বছৰত পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ ষ্টুডিঅ’ৰ পোহৰত শাসকীয় দলটো ঘামিবলৈ আৰম্ভ কৰিছে৷

***

ম’বাইল: ৯৭০৬২৬০৯১৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ