অমৃত গোস্বামী
জীৱন মানে কেৱল জীয়াই
থকাটো নুবুজায়৷ মানুহে জন্মগ্ৰহণ কৰে– শাৰীৰিক জন্মগ্ৰহণ৷ কিন্তু প্ৰকৃত মানুহ বা
‘মানৱ’ এজনৰ জন্ম হয় নৈতিক চেতনা আৰু বোধ-বুদ্ধিৰ জ্ঞানৰ দ্বাৰাইহে৷ মানুহ এজনে তেওঁৰ
প্রকৃত পৰিচয় দাঙি ধৰে তেওঁৰ বিৱেচনা শক্তি, দায়িত্ব, আদৰ্শ, আনৰ প্ৰতি সহানুভূতি,
সৎ চিন্তা ইত্যাদিৰ যোগেদি৷ সেইবোৰৰ দ্বাৰাইহে বাস্তৱিকতে মানুহ
এজনৰ প্ৰকৃত পৰিচয় পাব পাৰি৷
জীৱনত প্ৰত্যেক মানুহৰে বিভিন্ন সময়ত অনেক
সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰে৷ এই ল’বলগীয়া অনেক সিদ্ধান্তবোৰৰ কোনটো শুদ্ধ বা
সঠিক, কোনটো ভুল, কোনটো কামে নিজক আনন্দ দিব পাৰে, কোনটো কামে বা
আচৰণে অন্যজনৰ মনত আঘাত দিব পাৰে; জীৱনত কোনদিশে আগবাঢ়িলে সমাজৰ মঙ্গল হয় ইত্যাদিবোৰৰ সিদ্ধান্ত
লোৱাৰ প্ৰয়োজন জীৱন কালৰ প্ৰতিটো স্তৰতে অনেক বাৰ আহি পৰে৷ কিন্তু এইবোৰৰ বিচাৰ সঠিকভাবে কৰাটো বৰ এটা সহজ কাম নহয়৷ এইবোৰৰ সঠিক
বিচাৰ কৰিব পাৰে কেৱল সেইসকল ব্যক্তিয়েহে, যিসকলৰ
অন্তৰত নীতিবোধ গঢ়ি উঠিছে, আৰু যাৰ অন্তৰত মূল্যবোধে ইতিমধ্যে স্থিতি লৈছে৷
মূল্যবোধ হ’ল মানুহৰ
হৃদয়ৰ নৈতিক সত্তা৷ মূল্যবোধ বুলিলে কোনো ব্যক্তি বা সমাজৰ বিশ্বাস, নীতি, আৰু
আদৰ্শৰ সমষ্টিক বুজায় যিয়ে আচৰণ আৰু কাৰ্যাৱলীক নিৰ্দেশনা দিয়ে৷ মূল্যবোধ সমাজৰ বাবে আদৰ্শ, চৰিত্ৰ
গঠনৰ ভেটি, মানুহৰ আচৰণৰ চালিকা শক্তি৷ মূল্যবোধেই মানুহৰ কোনবিলাক আচৰণৰ দ্বাৰা মানৱতাক
শ্ৰদ্ধা কৰা হয়, কোনবিলাক আচৰণে কোনো এজন ব্যক্তিক লজ্জিত কৰি তোলে, কোনবিলাক আচৰণ
অন্যায় আৰু অবিচাৰৰ কাৰণ হৈ পৰে তাক নিৰ্ধাৰণ কৰি মানুহ এজনক সেইবোৰৰ নিয়ন্ত্ৰণত ৰাখে৷ নৈতিকতাহীন জীৱনে মানুহক পশুতুল্য
কৰি তোলে৷ তাৰ পৰিবৰ্তে মূল্যবোধেৰে সমৃদ্ধ
ব্যক্তি এজন পৰিয়াল তথা সমাজৰ গৌৰৱ, আৰু মানৱতাৰ আদর্শ স্বৰূপ৷
মূল্যবোধৰ সূচনা
হয় পৰিয়াল একোটাৰ পৰাই৷ শিশুৱে নিজৰ মাতৃৰ আচৰণ, পিতৃৰ শৃংখলা, ঘৰৰ সংস্কৃতি, স্নেহ,
সন্মান, দায়িত্ববোধ আদি গুণৰাশি দেখিয়েই নৈতিকতাৰ আদিপাঠ লয়৷ কোনোবা শিশু দৰিদ্ৰ ঘৰত জন্ম
হোৱা মানে তেওঁৰ মূল্যবোধো দৰিদ্ৰ নহয়; যদি সেই পৰিয়ালে সন্মান, কৰুণা, সত্য আৰু মনুষ্যত্ব
শিকায়, তেন্তে সেই সন্তানেই ভবিষ্যতৰ উজ্জ্বল ৰত্ন স্বৰূপ হয়৷ পৰিয়ালেই নৈতিক শিক্ষাৰ
প্ৰাথমিক বিদ্যালয়৷
পৰিয়ালৰ পিছতে মূল্যবোধ
গঠনত ভূমিকা গ্ৰহণ কৰে বিদ্যালয়হমূহে৷ বিদ্যালয় কেৱল কিতাপৰ জ্ঞান দিয়া স্থান নহয়৷
বিদ্যালয় হৈছে নৈতিকতাৰ শিক্ষা দিয়া সামাজিক পাঠশালা৷ এজন আদর্শ শিক্ষকৰ সহানুভূতি,
সততা, শৃংখলাবোধ, দায়িত্ব আৰু ন্যায়বোধ আদি গুণেৰে শতাধিক কিতাপৰ জ্ঞানকো অতিক্ৰম কৰি
শিক্ষাৰ্থীৰ হৃদয়ত মানৱতাৰ বীজ অংকুৰিত কৰিব পাৰে৷ বিদ্যালয়েই দায়িত্বশীল নাগৰিক গঢ়ি
তোলে,যি নিজে আদৰ্শবান হোৱাৰ উপৰিও অন্যকো আদৰ্শবান কৰি তুলিব পাৰে৷
সংস্কৃতি আৰু ধৰ্ম
হ’ল মানৱসমাজৰ আত্মা৷ সকলো ধৰ্মই সমাজলৈ দয়া, ত্যাগ, সত্য, অহিংসা, স্নেহ আৰু সম্প্রীতিৰ
বাণী বিয়পায়৷ অসমীয়া সংস্কৃতি মূল্যবোধেৰে ভৰি আছে৷ নামঘৰ, বয়োজ্যেষ্ঠৰ প্ৰতি সন্মান প্ৰদৰ্শন, অতিথিক দেৱজ্ঞান
কৰা, সকলোৰে সহাৱস্থান, এইবোৰে সমাজত মানৱতাৰ বীজ অঙ্কুৰিত কৰে৷
জীৱনৰ অভিজ্ঞতা হ’ল মূল্যবোধৰ দ্বিতীয় পৰ্যায়৷ সফলতাই নম্ৰতা শিকায়, ব্যর্থতাই ধৈৰ্য শিকায়, দুখে শিকায় সহানুভূতি, আনন্দই শিকায় ভাগ-বতৰাৰ স্বভাৱ৷ যিজনে অবিচাৰ দেখিছে তেওঁ ন্যায়ৰ মূল্য দুগুণে বুজিব পাৰে৷ জীৱন মাটিৰে বা শিলত গড়া এক মূৰ্তিৰ দৰে; তাতেই মূল্যবোধৰ আকাৰ সবল হয়৷
যি সমাজত সত্য, ন্যায়,
দায়িত্ব, দেশপ্রেম আৰু সমতাৰ ভাৱ থাকে, সেই সমাজে অগ্ৰগতি লাভ কৰে; আৰু যদি লোভ, অন্যায়,
দুর্নীতি আৰু হিংসা প্ৰবল হয় সেই সমাজ ধ্বংস হয়৷ গান্ধীৰ অহিংসা আৰু সত্যাগ্ৰহ এই মহাবাণীৰ
উজ্জ্বল দৃষ্টান্ত৷ অস্ত্ৰতকৈ শক্তিশালী হৈছে নৈতিক আদর্শ, যি গুলী-বাৰুদকো পৰাজিত
কৰিব পাৰে৷
বৃত্তিয়াল জীৱনতো
ক্ষেত্রতো মূল্যবোধ সমানেই প্ৰয়োজনীয়৷ নৈতিকতা নাথাকিলে কোনো বৃত্তিতেই উন্নতি কৰিব
নোৱাৰি৷ উকীলৰ দায়িত্ব সত্য বাহাল ৰখা, চিকিৎসকৰ লক্ষ্য সেৱা আগবঢ়োৱা, শিক্ষকৰ আদর্শ প্ৰতিষ্ঠা কৰা, আৰক্ষীৰ সমাজত
শান্তি-শৃংখলা বৰ্তাই ৰখা,সাংবাদিকৰ সত্য উদঘাটন কৰা ইত্যাদি ইত্যাদি৷
বৰ্তমানৰ আধুনিক
যুগত মূল্যবোধৰ সংকটে দেখা দিছে৷ যান্ত্ৰিকতা, অর্থলোভ, সামাজিক মাধ্যমৰ কৃত্ৰিম গৌৰৱ,
পুঁজিবাদী প্রতিযোগিতা, মানুহৰ বস্তুবাদী চিন্তা আদিয়ে মূল্যবোধৰ সংকট আনিছে৷ চাকৰিমুখী
শিক্ষাৰ ধাৰণাই নৈতিক শিক্ষাক পিছলৈ ঠেলিছে৷
তথাপিও আশা নিঃশেষ
হোৱা নাই৷ আজিও বহু বিদ্যালয়, সামাজিক প্রতিষ্ঠান, সাহিত্য-সাংস্কৃতিক গোষ্ঠীয়ে মূল্যবোধৰ
প্ৰদীপৰ শিখা জ্বলাই ৰাখিছে৷
শিক্ষা-প্ৰসাৰণ,অসহায়ৰ প্ৰতি সহায়, বৃক্ষৰোপণ, পৰিষ্কাৰ-পৰিচ্ছন্ন অভিযান, ৰক্তদান
শিবিৰ, আৰ্তজনলৈ সেৱা ইত্যাদিবোৰৰ ভিতৰতে সমাজ বৰ্তি আছে, মানৱতা বাচি আছে৷
মানুহ জন্ম হয়, কিন্তু মানৱতাৰ জন্ম আৰু
পুষ্টি সাধন হয় মূল্যবোধৰ পৰিসৰত৷ মূল্যবোধ এক অনিৰ্বাপিত প্ৰদীপৰ শিখা স্বৰূপ৷ সেয়ে
প্রত্যেক পৰিয়াল, বিদ্যালয়, সমাজ আৰু ৰাষ্ট্ৰৰ দায়িত্ব মূল্যবোধৰ শিখা সদায়েই জলন্ত
অৱস্থাত ৰখাটো৷
মূল্যবোধ থাকিল সমাজ
থাকে,
সমাজ থাকিলে সভ্যতা
থাকে,
আৰু সভ্যতা থাকিলে
মানৱতাৰ জ্যোতি চিৰদিন উজ্জ্বল হৈ থাকে৷
***
