অন্যযুগ/


সুধাকণ্ঠৰ এটি গীত আৰু কিছু পুৰণি স্মৃতি

অমৃত গোস্বামী

 

“বৰহাটৰ সোৱাদ তামোল

 এখন খালে, 

 দুখন খাবলৈ মন যাব…”

সন্দীপা শৰ্মা আৰু হিতেশ দেৱ শৰ্মা নামৰ স্বামী-স্ত্ৰীয়ে সুধাকণ্ঠ ড°ভূপেন হাজৰিকাদেৱ আৰু ৰুণুমী ঠাকুৰৰ দ্বৈতকণ্ঠৰ ‘কহিমাৰে আধুনিকা ডালিমী’ শীৰ্ষক সেই বিখ্যাত গানটোৰ নতুনকৈ ভিডিঅ' এটা প্ৰস্তুত কৰিছে৷ এই নতুনকৈ বাণীবদ্ধ কৰা গীতটোৰ বাদ্যযন্ত্ৰৰ প্ৰযোজনা কৰিছে পলাশ শিৱমে৷ পুৰণি গীতটোৰ এই নতুন দৃশ্য-শ্ৰাৱ্য সংস্কৰণটো মোৰ বৰ ভাল লাগিছে৷

তেখেতসকল দুয়োৰে কণ্ঠ সুললিত৷ এনেয়েও ভূপেন হাজৰিকাদেৱ আৰু ৰুণুমী ঠাকুৰৰ দ্বৈত কণ্ঠৰ এই গীতটো মোৰ সৰুকালৰে পৰাই এটা প্ৰিয় গীত৷‌ যদিও শৰ্মা দম্পতীৰ কণ্ঠ আৰু মৌলিক গানটোৰ কণ্ঠৰ মাজত স্বাভাৱিকতেই যথেষ্ট পাৰ্থক্য আছে, নতুনকৈ প্ৰস্তুত কৰা শৰ্মা দম্পতীৰ এই গানটোও মোৰ সমানেই ভাল লাগিছে৷ বিশেষকৈ শৰ্মা দম্পতীৰ কণ্ঠস্বৰ, আৰু দৃশ্যাংশত উভয়ৰে দেহভংগিমাও মোৰ দৃষ্টিত আকৰ্ষণীয়৷  

আজি যথেষ্ট পুৱাৰ ভাগতে উত্তৰ গুৱাহাটীলৈ যাবলগীয়া হৈছিল৷  দুপৰীয়া এঘাৰমান বজাত ঘূৰি আহি ঘৰ সোমোৱাৰ ঠিক পাছৰে পৰাই এই পৰ্যন্ত শৰ্মাদম্পতীৰ গানৰ ভিডিঅ’টোকে মই বাৰম্বাৰ চাই-শুনি আছোঁ৷ এনেদৰে বাৰে বাৰে শুনাৰ পাছতো  মোৰ আমনি লগা নাই৷ 

গীতটো বাৰে বাৰে শুনি থাকোঁতে, ‘লামডিং-ডিফুৰে বিস্ফোৰণ/ মনত আছেনে কিছু বছৰ আগৰ’, এই বিশেষ কলিটোৱে মোৰ নিজৰ সৰুকালৰ এক উৎকণ্ঠাজনক অভিজ্ঞতাৰ কথা অকস্মাতে জলজল পটপটকৈ মনত পেলাই দিছে৷  

গানটোত উল্লেখ কৰা বিস্ফোৰণটোৰ কথা মোৰ ৰিণিকি ৰিণিকি মনত পৰে৷ 

ঘাই কথাটো হ’ল এয়ে যে সুধাকণ্ঠৰ গানটোত অবিস্মৰণীয় ৰূপত উল্লিখিত হোৱা “লামডিং-ডিফুৰে বিস্ফোৰণ” -ৰ অবাঞ্চিত ঘটনাৰ সৈতে মোৰ লৰালিৰ ৺মা-দেউতা সহিত এক ৰে’লভ্ৰমণ কালৰ অভিজ্ঞতা বিজড়িত হৈ আছে 

বাস্তৱিক বিস্ফোৰণটো ঘটাৰ ঠিক পিছতে অসমৰ উজনিমুৱা সকলো ট্ৰেইনৰে নকচাৰি নে চেলেংহাট কোনোবা এটা ষ্টেচন অতিক্ৰম কৰা মাত্ৰকে জৰুৰী সুৰক্ষাৰ প্ৰয়োজনত ট্ৰেইনৰ বাহিৰ-ভিতৰৰ সকলোবোৰ লাইট নুমুৱাই দি চলোৱাৰ ব্যৱস্থা এটা কৰা হৈছিল৷ অৰ্থাৎ আন্ধাৰৰ মাজেদিয়েই সেই সময়ত ট্ৰেইনবোৰ চলিছিল৷ এই ব্যৱস্থাটো অৱশ্যে কিছুদিনৰ  দিনৰ‌ কাৰণেহে  বাহাল থাকিল৷ পৰিস্থিতি স্বাভাবিক হোৱাৰ পাছত লাইট নুমুৱাৰ সিদ্ধান্তটো  প্ৰত্যাহাৰ কৰা হৈছিল৷

যি কি নহওক এবাৰ তেনেকৈ লাইটবোৰ নুমুৱাই ট্ৰেইন চলোৱাৰ সময়ৰে কোনোবা এদিন আমাৰ  ৺মা-দেউতাৰ লগত মই যোৰহাটৰ মৰিয়নি জংচনত ট্ৰেইনত উঠি, তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ একেবাৰে শেষৰটো ষ্টেচন, অৰ্থাৎ বৰহাট ষ্টেচনত নামিছিলোঁগৈ৷ সেইদিনা তেনেদৰে আন্ধাৰ-মুন্ধাৰ পৰিৱেশ এটাত যাত্ৰা কৰোঁতে তেতিয়াৰ মোৰ শিশু মনত স্বাভাৱিকতে এক আতংকৰ ভাৱ আহি পৰিছিল৷

সেই সময়ত আমাৰ বাইদেউ এগৰাকী ভিনদেউৰ কৰ্মসূত্ৰে বৰহাটত আছিল৷ সময়টো আমাৰ মৰমৰ ভাগিন এজনৰ জন্মৰ ঠিক পাছৰ সময় আছিল৷ 

তেতিয়াও গোটেই দেশতে খেলিমেলি হৈ থকা ব্যক্তিগত মালিকনাৰ অধীনত থকা সৰু-ডাঙৰ কয়লা খনিবোৰ একত্ৰিত কৰি ‘ক’ল ইণ্ডিয়া লিমিটেড’  নামৰ এতিয়াৰ বৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো গঠন কৰা হোৱাই নাছিল৷ তেতিয়াৰ ব্যক্তিগত খণ্ডৰ কয়লাখনিৰ মালিক বিলাকে বিষয়া-কৰ্মচাৰীবোৰক বৰ শোষণ কৰিছিল৷ তেনে ব্যক্তিগত মালিকীস্বত্বৰ অধীনত থকা কয়লা খনি এটাতে মোৰ প্ৰয়াত ভিনদেউজনে  চাকৰি কৰি আছিল৷ 

যদিও ভিনদেউৰ চাকৰিটো এজন মেনেজাৰৰ চাকৰিয়েই আছিল, ব্যক্তিগত মালিকৰ অধীনৰ ‘বিমলাপুৰ কলিয়ৰি’ত ভিনদেউৰ খাটনি আছিল যথেষ্ট৷ বহু সময় জুৰি কাম কৰিবলৈ বাধ্য হৈছিল৷ কামত ব্যস্ত হৈ থাকোতে কোনোবা দিনা ৰাতি হৈ যায়৷ ৰাতি বেছি হ’লে  আকৌ ভিনদেউ সেই সময়ৰ অগাইধনি হাবিৰ মাজৰ  ৰাস্তাৰে ঘৰলৈ আহিবকে নোৱৰা অৱস্থা মাজে-সময়ে সৃষ্টি হৈছিল৷ আনহাতে ঘৰলৈ কিবা খবৰ পঠিওৱাৰো তেতিয়া কোনো সুবিধাজনক ব্যৱস্থা নাছিল৷ 

বাইদেউ-ভিনদেউৰ মফছলীয়া ঘৰ ট্ৰেইন লাইনটোৰ কাষতে, ঠিক গাতে লাগি থকা ধৰণৰ আৰু বৰহাট ৰেলষ্টেচনটোৰ পৰা  চকুৰে দেখি থকা দূৰত্বতে আছিল৷ কোনোবা এজন চিনাকি মানুহৰ মাটিত ভিনদেউৱে নিজৰ খৰচতে ঘৰটো সজোৱাই লৈছিল– বাঁহ-বেতৰ ঘৰ৷  সেইটো ঘৰতে কেঁচুৱা ভাগিনটোক লৈ, ভিনদেউ এই আহিব এই আহিব বুলি ৰাতি বাইদেৱে বাট চাওঁতে চাওঁতে কোনোবা দিনা পোহৰ হৈ যায়! 

ঠাইখিনিৰ পৰিৱেশটো একেবাৰে নিৰ্জন৷ ট্ৰেইন লাইনটোত ট্ৰেইনবোৰ সেই অঞ্চলেৰে বৰ কম চলিছিল৷ ৰাতি এপৰত কেতিয়াবা কয়লা ইঞ্জিনৰ ট্ৰেইন এখন ভীষণ শব্দ কৰি আহি বৰহাট ষ্টেচনটোত ৰয়হি৷ ট্ৰেইনখন ষ্টেচন আহি পোৱা মাত্ৰকে ষ্টেচনত কোলাহল পৰিবেশ এটাৰ সৃষ্টি হয়৷ কিন্তু কিছু সময়ৰ পাছতে আকৌ সেই আগৰ নিৰ্জন পৰিৱেশ৷ ট্ৰেইনখন গুচি যোৱাৰ লগে লগে কোলাহল নোহোৱা হয়৷  আনকি তামোল-পাণ বিক্ৰী কৰা বিহাৰী সম্প্ৰদায়ৰ ফেৰিৱালাটোৰ– 

“আহক, 

তামোল খাওক

বৰহাটৰ সোৱাদ তামোল!

এখন খালে 

দুখন খাবলৈ মন যাব,

দুখন খালে আৰু 

এখন খাবলৈ মন যাব৷” –

সেই সময়ৰ বৰহাট ৰেলষ্টেচনৰ সেই বিখ্যাত চিঞৰটোও এটা সময়ত নোহোৱা হয়৷ –কেতিয়াবা সেইবোৰৰো বহুদেৰিৰ  পাছতহে  ভিনদেউ কোনোমতে আহি ঘৰ সোময়হি৷ কিছু সময়ৰ বাবে জিৰণি লোৱাৰ পাছতে আকৌ পিছদিনাৰ কামলৈ বুলি যাবলৈ ভিনদেউ সাজু হ’বৰ হয়েই !!

বিশেষ ভাল লগা গানটোৰ লগত লামডিং-ডিফুৰ বিস্ফোৰণটোৰ  যথেষ্ট সম্পৰ্ক আছে৷ এসময়ত উজনিমূৱা ট্ৰেইনত লাইট নুমুৱাই দি চলোৱাৰ ব্যৱস্থাটোৰো গানটোৰ লগত সম্পৰ্ক আছে বুলিব পাৰি৷ কিন্তু বক্তিগত মালিকানাধীন কয়লা খনিৰ বিষয়া-কৰ্মচাৰীৰ কামৰ বোজাৰ গানটোৰ‌ লগত কোনো সম্পৰ্ক অৱশ্যে নাই৷ এই কথাটো মোৰো জ্ঞাত৷ তথাপিও আজি গানটো কেইবাবাৰো‌ শুনাৰ পাছত ব্যক্তিগত চেতনাৰ ধাৰাবাহিকতাৰ অনুক্ৰমতে কথাবোৰ লিপিবদ্ধ কৰি ৰাখিলোঁ৷ 

ত্ৰুটি মাৰ্জনীয়৷‌

---

ঠিকনা :

চাৰ্ভে, বেলতলা, গুৱাহাটী -২৮

ভ্ৰাম্যভাষ - ৯৪৩৫০ ১৪৪৫৫

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ