অন্যযুগ/


‘লাষ্টগেট’ৰ এটি সন্ধিয়া

 অমৃত গোস্বামী

 


“ভাড়া কিমান দিম?”

অটোৰিক্সাখনৰ পৰা নামি চালকজনক সুধিছিলোঁ৷ তেখেতে হাঁহি এটা মাৰি ক’লে—

“এনেয়ে এশ টকা হয়৷ আপোনাকনো আৰু কি ভাড়াৰ কথা ক’ম? আপুনি সকলো জানেই দেখোন—দিয়কচোন যি দিয়ে৷”

এটা গতানুগতিক সন্ধিয়া৷ পৰিবাৰৰ সৈতে লাষ্টগেটৰ ফালে যাবলগীয়া হৈছিল, তেওঁৰ কাপোৰৰ  লেঠা এটাত৷ ঘৰতে কৰা বন্দোবস্ত অনুসৰি অট্টালিকাটোৰ ওপৰ মহলাত থকা কাপোৰৰ দোকানখনৰ ভিতৰলৈ মই নগ’লো, বাটতে ৰৈ থাকিলো৷ পৰিবাৰ দোকানৰ ভিতৰলৈ সোমোৱাৰ  আৰু অটোচালক জনক ভাড়াটো আদায় দিয়াৰ পিছত, মোৰ দ্বাৰা উৎসাহিত হৈ কথা প্ৰসংগত অটোচালকজনে নিজৰ জীৱনটোৰ বিষয়ে কিছু কথা মোক কৈছিল—তেখেতৰ উপাধি হুছেইন৷ পুৰণি অভ্যাসৰ বাবেই এতিয়াও অটোৰিক্সা চলাই আছে৷ নচলালেও চলে, কোনো অসুবিধা নাই৷ এতিয়া কেৱল আবেলি পৰতহে অটোৰিক্সা চলাবলৈ বুলি ওলাই আহে তেখেত; দিনটো পৰিবাৰৰ লগত ঘৰতে কটায়৷

তেখেতৰ পত্নীয়ে আগতে মহানগৰৰে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষয়িত্ৰীৰ চাকৰি কৰিছিল৷ এতিয়া নকৰে৷ তেখেতসকল এই অঞ্চলৰেই  ফ্লেট এটাত থাকে, নিজৰ ফ্লেট৷ দুগৰাকী ছোৱালীৰ এগৰাকীৰ বিয়া ঠিক হৈছে৷ দুয়োগৰাকী ছোৱালীয়েই চৰকাৰী খণ্ডৰ বেংকৰ বিষয়া—এগৰাকী গুৱাহাটীৰে বেংকৰ শাখা এটাৰ পৰিচালক, আনজনী আন এটা বেংকৰ বিষয়া৷

“দুয়োজনীয়েই এবাৰতে এবাৰতে বেংকৰ পৰীক্ষা পাছ কৰিছিল, এতিয়া দুয়োজনীয়েই লাখৰ ওপৰত পায়৷” এইষাৰ কথা কওঁতে তেখেতৰ মুখত যি গৌৰৱৰ হাঁহি দেখা পাইছিলো, সেয়াই মোৰ চকুত দিনটোৰ আটাইতকৈ চকুতলগা দৃশ্য আছিল৷ অচিনাকি মানুহ এজনৰ সাফল্যই মোকো আনন্দিত কৰি তুলিলে—এনেবোৰ আনৰ জীৱনৰ সাফল্যৰ কাহিনী জানিবলৈ পোৱাৰ মুহূৰ্তই হয়তো জীৱনৰ একোটাহঁত অতি সুখৰ মুহূৰ্ত৷

কথাবতৰাৰ মাজৰেই বহুখিনি সময় পাৰ হৈ গৈছিল যদিও‌ পৰিবাৰ দোকানখনৰ পৰা ওলাই অহা নাছিল৷ মই ফুটপাথতে ইফাল-সিফাল কৰি থাকোঁতেই হঠাৎ এজনী মম’ ইত্যাদি বিক্ৰী কৰা দোকানীছোৱালী দেখা পালোঁ, আৰু তেওঁৰ লগতো কিছু কথা পাতিলোঁ৷

হাজৰিকা উপাধিৰ ছোৱালীজনীৰ আচল ঘৰ মঙলদৈৰ ফালে, গুৱাহাটী-মঙ্গলদৈৰ বাটৰ কাষৰ  মন্দিৰটোৰ ওচৰতে৷ মাক-দেউতাকৰ সৈতে তেওঁলোক এতিয়া গুৱাহাটীৰ বাসিন্দা৷ সন্ধিয়া অফিচ চুটিৰ পাছত ফুটপাথতে মম’কে আদি কৰি অন্যান্য কিছু খাদ্য বিক্ৰী কৰে৷ লগত এজন সহায়কাৰী আছে৷

ছোৱালীজনী কম্পিউটাৰ ছাইন্সত বি.ই.—আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰা৷ বৰ্তমান চৰকাৰী বিভাগ এটাত বিষয়া পৰ্যায়ৰ চাকৰিত কৰ্মৰত৷ দোকানৰ কামৰ পৰা অলপ আজৰি পালেই ফুটপাথৰ অস্থায়ী দোকানৰ টেবুলতেই তেওঁ কিতাপৰ পাত লুটিয়াই —আবেলি-সন্ধিয়া সময়ত;  ইউ.পি.এছ.চি. পৰীক্ষাৰ বাবে প্ৰস্তুতি৷

ব্যস্ততাৰ মাজতো তেওঁ অধ্যৱসায় চলাই আছে৷ মই উৎসাহিত কৰিলো—

“তুমি পাৰিবা৷ এদিন তুমি দৰংৰ আয়ুক্ত হ’বা৷”

সন্ধিয়াটোৰ অটোচালক হুছেইন, আৰু মম’-দোকানী ছোৱালীজনী—দুটা সম্পূৰ্ণ পৃথক পৃথক জীৱন, দুয়োৰে দুটা পৃথক পৃথক বাট৷ তথাপিও দুয়োটাৰ মাজত মিল আছে,আশাৰ মিল! 

আন এখন অটোৰিক্সাৰে ঘৰলৈ উভতি আহোঁতে ভাবিছিলোঁ—চহৰৰ ব্যস্ততাৰ মাজতেই কিমান নীৰৱ কাহিনী লুকাই থাকে৷ কেতিয়াবা অলপ ৰৈ চাব জানিলে, সেইবোৰে আনকো স্পৰ্শ কৰে৷

---

 

লেখকৰ ঠিকনা:

 চাৰ্ভে, গুৱাহাটী -২৮

ফোন নং - ৯৪৩৫০ ১৪৪৫৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ