অন্যযুগ/


ঘৰখনক সুন্দৰ কৰি তোলোঁ আহক

 নৱনীতা ভট্টাচাৰ্য্য

 

“সমাজখন যিবোৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয় সেইবোৰৰ মূল উৎস হ’ল ঘৰখন৷ বিধি বা নিয়ম হ’ল ঘৰখনৰ প্ৰতিফলন৷ ঘৰুৱা জীৱনত সৰুতে ল’ৰা-ছোৱালীৰ মনত সিঁচি দিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ কথা কিছুমানেই পিচত বৃহত্তৰ জগতখনত ব্যাপ্ত হয় আৰু ৰাজহুৱা মতামতৰ স্থান লয়গৈ৷” – ছেমুৱেল স্মাইলছ৷

 

ঐতিহাসিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে দেখা যায় যে ঘৰখনেই হ’ল সমাজৰ সবাতোকৈ প্ৰাচীন আৰু শক্তিশালী অনুষ্ঠান৷ গৃহই হ’ল শিক্ষাৰ আৰম্ভনি বিন্দু৷ সমাজত বিদ্যালয় স্থাপন হোৱাৰ আগতে শিশুক আখৰৰ লগত চিনাকি কৰাই দিয়াৰ পৰা আৰম্ভ কৰি সামাজিক, নৈতিক, বৃত্তিমূলক সকলো প্ৰকাৰৰ শিক্ষা দিছিল ঘৰখনেই৷ ঘৰখনৰ পৰাই আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি সকলো আয়ত্ত কৰা হয়৷ ঘৰখনেই আমাক সামাজিক হ’বলৈ শিকায়; সহযোগী, ন্যায়পৰায়ণ, সহানুভুতিশীল, সত্যবাদী, শৃংখলাবদ্ধ আদি গুণসমূহ বিকাশ হোৱাত সহায় কৰে৷ ঘৰখনৰ বাবেই এই পৰিৱৰ্তনশীল সমাজত আজিও পাৰিবাৰিক মৰম-চেনেহ, দয়া, প্ৰীতি, সদ্ভাৱ, প্ৰেম, ত্যাগ আদি অপৰিৱৰ্তনীয় হৈ আছে৷ ঘৰখন হৈছে এটা পৱিত্ৰ অনুষ্ঠান।৷ এই ঘৰখনক সুখ-সন্তোষেৰে পৰিপূৰ্ণ কৰি তুলি পৰিয়ালৰ বান্ধোন অটুট ৰাখিবলৈ চেষ্টা কৰিব লাগে৷ অৱশ্যে সুখ-সন্তোষেৰে ভৰা পৰিয়াল বুলিলে সকলো সদস্য একেলগে থকাটোকে নুবুজায়৷ পৰিয়ালৰ সদস্যসকল দূৰে দূৰে থাকিও ইয়াৰ বান্ধোন অটুট ৰাখিব পাৰি৷ ইয়াৰ বাবে লাগিব পাৰস্পৰিক সদ্ভাৱ, মৰম-চেনেহ, সহানুভুতি, এজনৰ আনজনৰ প্ৰতি অনুগত্য, মিলা-প্ৰীতি, সহায়-সাৰথি হোৱাৰ ইচ্ছা ইত্যাদি৷ 

পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ মাত-কথা, আচৰণ বা কাৰ্যত সংযম ৰক্ষা কৰি চলিলে পাৰিবাৰিক সম্বন্ধবোৰ সুন্দৰ হৈ পৰে৷ তাকে নকৰি নিজৰ ইচ্ছা-আকাংক্ষা পূৰণত অধিক গুৰুত্ব দিলে বা মনলৈ ভাব অহা মাত্ৰকে প্ৰকাশ কৰিলে পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ সেইবাবে ঘৰত থকা সময়চোৱাত বাকসংযমী আৰু সংযত হৈ আচৰণ কৰা উচিত৷ কথাতে কয় নহয়, ভাতৰ তিতা খাব পাৰি মাতৰ তিতাহে খাব নোৱাৰি বুলি৷ কিন্তু প্ৰতিটো পৰিয়ালতে এনে কিছুমান সদস্য থাকে যিয়ে আনক ঠাট্টা-বিদ্ৰুপ কৰি ভাল পায়, কিবা সুধিলেও আওপকীয়াকৈ উত্তৰ দিয়ে, কথাই কথাই খুঁট ধৰে৷ গেঙেৰাই উঠা বা ডাঙৰ ডাঙৰকৈ কথা কোৱাটো তেওঁলোকৰ অভ্যাস৷ অৱশ্যে আমি অকল জিভাক সংযত ৰাখিলেই নহ’ব, আমাৰ আচৰণসমূহো সংযত কৰিব লাগিব৷ এৰা-ধৰাৰ মাজেৰে চলিবলৈ শিকিব লাগিব৷ দোষ-ত্ৰুটিবোৰত সদায় লাগি নাথাকি ক্ষমাৰ দৃষ্টিৰেও চাব লাগিব৷ অনিচ্ছাসত্ত্বেও কিছু কাম কৰিবলৈ আগবাঢ়ি যাব লাগিব আৰু ত্যাগ কৰিবলৈও সাজু থাকিব লাগিব৷ আগবাঢ়ি যাবলৈ এটাই আন এটাক সুৰুঙা উলিয়াই দিয়াটোৱে হ’ল পৰিয়ালৰ সদস্যৰ দায়িত্ব৷

ঘৰখনক সুন্দৰ কৰি তোলাৰ আন এটা নিয়মটো হ’ল সৌহাদ্যপূৰ্ণ আচৰণ বা শিষ্টাচাৰ৷ শিষ্টাচাৰ মানে হ’ল সজ গুণ বা আচৰণ৷ আনে আমাৰ প্ৰতি যেনে আচৰণ কৰিলে আমি ভাল পাওঁ, আনৰ প্ৰতিও আমি ঠিক তেনে আচৰণ কৰা উচিত৷ যিয়ে আনৰ কথা শুনে, ধৈৰ্য আৰু সহিষ্ণুতাৰ মোল বুজি পায়, আনৰ কথা চিন্তা কৰে সেয়াই হ’ল শিষ্টাচাৰ৷ শিষ্টাচাৰী লোকসকল বিনয়ী হয়৷ বিনয় মানে হৈছে নম্ন, ভদ্ৰ আচৰণ৷ বিনয়ী লোক সকলে কেতিয়াও নিজক আনকৈ ডাঙৰ, জনা বা ওপৰত বুলি নাভাবে৷ যিজনলোকে নিজৰ বিচাৰ-বুদ্ধিৰ উপৰিও আন চাৰিজনৰ অভিমতো মানি চলে, জনা-বুজা লোকৰ দিহা-পৰামৰ্শ শুনি কাম কৰে৷ ঘৰখনৰ পৰিৱেশ সুন্দৰ কৰি তুলিবলৈ হ’লে আমিও সন্তানক বিনয়ী হ’বলৈ শিকাব লাগিব৷ সদায় শান্ত আৰু সৰু দূৰদৰ্শী হ’বলৈ শিকাবলৈ লাগিব৷ প্ৰশ্ন এটা সুধিলেই লগে লগে উত্তৰ দিয়াৰ সলনি ভাবি-চিন্তি, ধৈৰ্যসহকাৰে উত্তৰ দিবলৈ শিকাব লাগিব৷ অৱশ্যে আজিকালি বিনয়ী আৰু নিৰৱতাক দুৰ্বলতা বুলি ধৰি লোৱা হয়৷ চিঞৰ-বাখৰ কৰি কৰ্তৃত্বৰ সুৰত কথা কোৱাটোক পুৰুষালিৰ লক্ষণ বুলি ধৰা হয়৷ আজিকালি পশ্চিমীয়া আদব-কায়দাৰে সাজ-পাৰ পিন্ধি নিজকে বৰ জনাটো বুলি দেখুওৱা লোককে সংসাৰত ডাঙৰ বুলি জ্ঞান কৰা যায়৷ এই ধাৰণাটোৱে আজিৰ যুৱক-যুৱতীসকলক উচ্ছৃংখল কৰি তুলিছে৷ প্ৰকৃততে ভদ্ৰ আচৰণে ব্যক্তিত্বক উজ্জ্বল কৰি তোলে৷ ই ব্যক্তিজনৰ অন্তঃশক্তিৰ পৰিচয় দিয়ে৷ বিনয়ী লোকসকলৰ আচৰণত উদাৰতাৰ প্ৰকাশ পায়৷ আমি প্ৰায়ে উদাৰতা বুলি ক’লে বেহিচাপী লোক বুলি ভুল কৰো৷ উদাৰতা মানে হ’ল বহল ওখ মনৰ লোক, সংস্কৃতিবান লোক৷ এনে লোকসকলে কেতিয়াও আনৰ অহিত চিন্তা নকৰে, ধনাত্মক চিন্তাধাৰাৰ গৰাকী হয়, আনৰ কথাৰ ভাল দিশটোকে দেখে আৰু সন্দেহপ্ৰৱণতা বা অন্ধবিশ্বাসক প্ৰশ্ৰয় নিদিয়ে৷ 

যি ব্যক্তিয়ে পৰিয়ালৰ সুখৰ কথা চিন্তা কৰে তেওঁ সদায় সহানুভুতিশীল হয়৷ ই এটা এনে গুণ যিটো ব্যক্তিগত জীৱন আৰু সামাজিক জীৱনৰ বাবে আটাইতকৈ দৰকাৰী৷ সহানুভুতিয়ে ঘৰ এখনক পৱিত্ৰ কৰি তোলে, সম্বন্ধৰ বান্ধোন শক্তিশলী কৰি তোলে৷ পৰিয়ালৰ প্ৰতিজন সদস্যৰ ভাব-অনুভুতি, কাম-কাজ, আগ্ৰহ-ইচ্ছা সকলো পৃথক পৃথক হ’ব পাৰে, সহানুভুতিয়ে কিন্তু এই বিভিন্নতাৰ মাজতো সকলোকে একতাৰ দোলেৰে বান্ধি ৰখাত সহায় কৰে৷ সংসাৰত সমস্যা সৃষ্টি হোৱাৰ মূল কাৰণে হ’ল সহানুভুতিশীলতাৰ অভাৱ৷ পৰিয়ালৰ প্ৰতিজন সদস্যৰ মাজত সহানুভুতিয়ে পৰিয়াল সুখ দুগুণ বৃদ্ধি কৰাত সহায় কৰে৷

 

ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ