অন্যযুগ/


বাঁহ ফুলাৰ কথাৰে

 অমৃত গোস্বামী

 

অলপতে মোৰ  দাদা এজনে  বন্ধু জনদিয়েকৰ সৈতে মিলি আইজাল‌-মিজোৰাম ফুৰি আহিল৷ মিজোৰামৰ পৰা আহি দাদাই মোক ক’লে “মিজোৰাম বিশেষকৈ আইজলখন বৰ সুন্দৰ৷ মিজোসকল এটা শিক্ষিত, ভদ্ৰ আৰু অমায়িক জাতি৷ তেওঁলোকে  পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি বৰ ভাল পায়৷ বাট-পথবিলাক বৰ চাফচিকুণ কৈ ৰাখে৷ বৰ ভাল পালো আইজলত৷” –‘মিজোসকলৰ পৰা আমি বহুতো কথাই শিকিবলগীয়া আছে’ বুলি কোৱা দাদাৰ মুখৰ কথাষাৰে মোৰ অন্তৰ চুই গ’ল৷

 

দাদাৰ কথা শুনি মোৰ মিজো আন্দোলনৰ কাহিনী কিছুমান মনত পৰিল৷‌ মিজো আন্দোলনৰ সময়ত আমাৰ প্ৰয়াত মাজু ভিনদেৱে (৺মাধৱ চন্দ্ৰ গোস্বামী) মিজোৰামত তেতিয়াৰ অসম চৰকাৰৰ অধীনৰ  উদ্যোগ বিভাগত বিষয়া পৰ্যায়ৰ চাকৰি কৰি আছিল৷‌ এনেয়েও সদায়েই মিঠামুখীয়া,  ভিনদেউৰ আইজলত  থকা চাকৰি কালছোৱাত মিজোসকলৰ লগত তেখেতৰ সম্পৰ্ক মধুৰভাবাপন্ন আছিল৷‌ কিন্তু মিজো আন্দোলনটোৱে ইমানেই ভয়াবহ ৰূপ ধাৰণ কৰিছিল যে  সেই একেজন‌ মানুহেই  আন্দোলনৰ সময়ত প্ৰাণৰ মমতাত ৰাতি ৰাতিয়েই  আইজলৰ পৰা পলাই  গুচি আহিবলৈ বাধ্য হৈছিল৷ পিছত ভিনদেউৰ মুখত সেই আন্দোলনৰ শিহৰণকাৰী ঘটনাসমূহৰ বৃত্তান্ত যথেষ্ট শুনিবলৈ পাইছিলোঁ৷ — সেই আন্দোলনটোত আন্দোলনকাৰী আৰু সামৰিক বাহিনীৰ লোকৰ মাজত ইমানেই  ভীষণ ৰূপত গুলীয়া-গুলী হৈছিল যে বাটৰ কাষৰ টেলিফোনৰ খুঁটা পৰ্যন্ত সেইসময়ৰ ‘থ্ৰি নট্ থ্ৰি’ ৰাইফলৰ গুলী লাগি চালনিৰ দৰে ফুটা ফুটা হৈ শেষত মাটিত বাগৰি পৰিছিল৷ 



বাঁহ ফুলাটো আমাৰ পৰম্পৰাত এক  অশুভ লক্ষণ; অমঙ্গল হিচাপে গণ্য কৰা হয়৷‌ বাঁহ ফুলিলে দেশত দুৰ্ভিক্ষই দেখা দিয়ে বুলি কোৱা হয়৷ অৱশ্যে এই ধাৰণাটোৰ এক বৈজ্ঞানিক ভিত্তি আছে৷‌ সেইটো এনে ধৰণৰ– বাঁহ ফুলিলে বাঁহৰ ফুলবিলাক মাটিত পৰে৷ বাঁহগছৰ ফুল এন্দুৰৰ বৰ প্ৰিয় খাদ্য৷ গতিকে বাঁহ ফুলিলে এন্দুৰবিলাকে প্ৰচুৰ পৰিমাণত খাদ্য খাবলৈ পায়৷ এনেদৰে প্ৰচুৰ খাদ্য খাবলৈ পোৱাৰ বাবে এন্দুৰবিলাকৰ প্ৰজনন ক্ষমতা বৃদ্ধি পায় আৰু তাৰ ফলত এন্দুৰৰ বিস্ফোৰক ৰূপত বংশবৃদ্ধি হয়৷ এইদৰে বৃহৎ পৰিমাণত এন্দুৰৰ বংশ বৃদ্ধি পালে ক্ৰমান্বয়ে এন্দুৰ বোৰে বাঁহফুলৰ লগতে পথাৰৰ শস্যসমূহ আনকি ভঁৰালত মজুত থকা শস্যও  খাবলৈ লৈ সৰ্বনাশ কৰে৷  দেশত খাদ্যৰ নাটনি হৈ দুৰ্ভিক্ষই দেখা দিয়ে৷‌

 

পূৰ্বতে আমাৰ অসমৰে এখন জিলা, ‘মিজোপাহাৰ জিলা’  নামেৰে পৰিচিত আৰু বৰ্তমানে ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পোৱা মিজোৰামতো এসময়ত এনেধৰণে সৃষ্টি হোৱা দুৰ্ভিক্ষই দেখা দিছিল৷ 

 

নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে এক বিশেষ প্ৰজাতিৰ বাঁহবোৰ ফুলিবলৈ ধৰে৷ ১৯৫৯-৬০ চনত মিজোপাহাৰ জিলা অঞ্চলত এই বাঁহফুলা ঘটনাটো সংঘটিত হৈছিল৷ ইয়াৰ ফলত এন্দুৰৰ সংখ্যাৰ আকস্মিক বিস্ফোৰণ ঘটে আৰু এন্দুৰে পথাৰৰ ধানকে আদি কৰি সকলো শস্য আনকি ভঁৰালত মজুত থকা খাদ্যও খাই শেষ কৰিছিল৷ ফলস্বৰূপে সেই সময়ত মিজো পাহাৰত ভয়ঙ্কৰ খাদ্য সংকটে দেখা দিছিল; অনাহাৰত মানুহৰ মৃত্যুকে  আৰম্ভ কৰি এক সম্পূৰ্ণ সামাজিক বিপর্যয়ে দেখা দিছিল৷

 

উত্তৰ-পূব ভাৰত ভূ-ৰাজনৈতিক, সামাজিক-সংস্কৃতিক আৰু জাতিগত বৈচিত্ৰ্যৰ এক সমৃদ্ধ সংযোগস্থল৷ এই অঞ্চলৰ বহু উপজাতীয় জনজাতিৰ মাজত মিজো জাতিও অন্যতম৷ আজিৰ মিজোৰাম ৰাজ্যখন এক শান্তিপূৰ্ণ, উন্নত আৰু উচ্চ সাক্ষৰতাৰ অঞ্চল হিচাপে পৰিচিত হলেও, মিজোৰামে আজিৰ অৱস্থালৈ আহিবলৈ ষাঠি দশকৰ পৰা আশী দশকলৈকে এক দীঘলীয়া বিদ্ৰোহ, সামৰিক অভিযান, ৰাজনৈতিক দমন আৰু সামাজিক উত্তেজনাৰ পথ অতিক্ৰম কৰি আহিছে৷ সেই দীঘলীয়া বিদ্ৰোহটো ‘মিজো আন্দোলন’ নামে পৰিচিত, আৰু ইয়াৰ শান্তিপূৰ্ণ নিষ্পত্তিয়েই ‘মিজো চুক্তি ১৯৮৬’ হিচাপে ইতিহাসত স্থান পাইছে৷

 

ঔপনিৱেশিক শাসনকালত বৃটিছসকলে মিজোপাহাৰ অঞ্চলক এক পৰিত্যক্ত অঞ্চল হিচাপেহে গ্ৰাহ্য কৰিছিল৷  বৃটিছসকলে মিজো জনজাতিক সাংস্কৃতিকভাৱে স্বতন্ত্ৰ আৰু জীৱনধাৰাৰ দিশত মূল ভূখণ্ডৰ পৰা পৃথক হিচাপে ধৰি চলিছিল৷ ভাৰতৰ স্বাধীনতাৰ পিছত এই অঞ্চলক অসমৰ অন্তৰ্গত কৰা হ’ল৷ কিন্তু বহু মিজোলোকৰ মনত ইতিমধ্যে এক গভীৰ সাংস্কৃতিক-বিচ্ছিন্নতা আৰু শাসন ব্যৱস্থাৰ ওপৰত অনাস্থা আহি পৰিছিল৷



মিজোপাহাৰ জিলাৰ দুৰ্ভিক্ষৰ সেই বিপজ্জনক সময়ত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ উভয়ৰে ভূমিকা অতিশয় দুৰ্বল আছিল৷ প্রশাসনিক উদাসীনতাই মিজো জনগণৰ মনত গভীৰ ক্ষোভ জন্মাইছিল৷

 

মিজোপাহাৰৰ এই দুৰ্ভিক্ষৰ সময় চোৱাতে স্থানীয় লোকসকল লাল ডেংগা নামৰ এজন লোকৰ নেতৃত্বত ‘মিজো নেশ্বনেল ফামিন ফ্ৰণ্ট’ নামৰ এটা সংস্থা গঠন কৰিছিল স্থানীয় ৰাইজক সহায় কৰিবৰ নিমিত্তে৷ অতি কমদিনৰ ভিতৰতে এই সংস্থাটোৱে বিশাল গণ সমৰ্থন লাভ কৰিছিল৷ এই সংস্থাটোৱেই পিছত ‘মিজো নেশ্বনেল ফ্ৰণ্ট’ নামেৰে পৰিচয় লাভ কৰিছিল৷ 

 

১৯৬১ চনত মিজো নেশ্বনেল ফ্ৰণ্ট গঠন হোৱাৰ পিছত সংগঠনটোৱে প্ৰথমে অধিক স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰিছিল৷ কিন্তু শীঘ্ৰেই ই সম্পূৰ্ণ স্বাধীন মিজো দেশ গঠনৰ লক্ষ্যতো যুঁজ আৰম্ভ কৰে৷ মিজোলোকসকল জাতিগত আৰু সাংস্কৃতিকভাৱে স্বতন্ত্র পৰিচয়ৰ অধিকাৰী বুলি মিজো নেশ্বনেল ফ্ৰণ্টে যুক্তি প্ৰদৰ্শন কৰে৷



১৯৬৬ চনৰ ১ মাৰ্চৰ দিনা মিজো নেশ্বনেল ফ্ৰণ্টে ভাৰত চৰকাৰ বিপক্ষে আগ্নেয় অস্ত্ৰৰে যুদ্ধ আৰম্ভ কৰে৷ এম.এন.এফে. বহু প্ৰশাসনিক কাৰ্যালয়, পুলিচ থানা, টেলিগ্ৰাফ-কেন্দ্ৰ ইত্যাদি আক্রমণ কৰে৷ কিছুমান অঞ্চলত তেওঁলোকে সাময়িকভাৱে তেওঁলোকৰ নিজৰ নিয়ন্ত্ৰণো সাব্যস্ত কৰে৷

 

এই ঘটনাই মিজো পাহাৰত সশস্ত্ৰ বিদ্ৰোহৰ পূর্ণৰূপ লয়৷‌ এই বিদ্ৰোহ দমন কৰিবলৈ ভাৰত চৰকাৰে সেনাবাহিনী প্ৰেৰণ কৰে৷ চৰকাৰে অতি কঠোৰ স্থিতি গ্ৰহণ কৰে৷ কিছুমান অঞ্চলত সেনাবাহিনী আৰু বিচ্ছিন্নতাবাদীসকলৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়৷ কোনো কোনো অঞ্চলত বিমান বাহিনীয়েও অংশগ্ৰহণ কৰে বুলি শুনিবলৈ পোৱা যায়৷ এই সংঘাত ১৯৭৯ চন পৰ্যন্ত চলি থাকিল৷

 

দীঘলীয়া উত্তেজনা, ৰক্তপাত আৰু সামৰিক অভিযানৰ পাছত ভাৰত চৰকাৰে  ১৯৭২ চনৰ জানুৱাৰি মাহত মিজোপাহাৰক অসমৰ পৰা পৃথক কৰি এখন ইউনিয়ন টেৰিটৰি হিচাপে ঘোষণা কৰে৷

 

কিন্তু এম.এন.এফ. তাত সন্তুষ্ট নহ'ল৷ তেওঁলোক সম্পূৰ্ণ স্বায়ত্তশাসনৰ পক্ষপাতী আছিল৷

 

মিজোৰামৰ গিৰ্জাসমূহ, সমাজসেৱী, ছাত্র সংগঠনসকলেও শান্তিৰ দাবীত আগবাঢ়ি আহিছিল৷ ১৯৭৪ চনৰ পৰা ১৯৮৪ পৰ্যন্ত বহু পৰ্যায়ৰ শান্তি-আলোচনা অনুষ্ঠিত হৈছিল৷ একে সময়তে ভাৰত চৰকাৰেও উপলব্ধি কৰিছিল যে সামৰিক শক্তিয়ে সমস্যাৰ স্থায়ী সমাধান আনিব নোৱাৰে৷



অৱশেষত ১৯৮৬ চনত দুয়ো পক্ষই এক সন্মানজনক চুক্তি কৰিবলৈ সক্ষম হৈছিল৷ এই চুক্তিৰ ফলতে মিজোৰামত স্থায়ী শান্তি স্থাপন সম্ভৱ হৈছিল৷ 



বৰ্তমান মিজোৰাম ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ শান্ত, শিক্ষিত  সজীৱ আৰু ৰাজনৈতিক ভাৱে সচেতন  ৰাজ্যসমূহৰ ভিতৰত অন্যতম৷



শেষত ‘মিজোসকলৰ পৰা আমি বহুতো কথাই শিকিবলগীয়া আছে’  বুলি কোৱা দাদাৰ মুখ‌ৰ সেই বাক্যটো দোহাৰিয়েই‌ মোৰ এই সামান্য লেখাটোৰ সামৰণি মাৰিলোঁ৷ 

---

লেখকৰ ঠিকনা:

চাৰ্ভে, গুৱাহাটী -২৮

ফোন নং : ৯৪৩৫০ ১৪৪৫৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ