অমৃত গোস্বামী
শ্ৰীমদ্ভাগৱত পুৰাণৰ
একাদশ স্কন্ধত বৰ্ণনা কৰা ‘নিমি–নৱসিদ্ধ সংবাদ’ ধৰ্মগ্ৰন্থখনৰ এক এক বিশেষ ব্যাখ্যাযোগ্য
অংশ৷ ইয়াত সংবাদ শব্দটো প্ৰশ্নোত্তৰৰ বা সংলাপৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই
‘সংবাদ’ মিথিলাৰ ৰজা, ৰাজর্ষি নিমি আৰু ন-গৰাকী যোগসিদ্ধ
পুৰুষৰ মাজত হোৱা এক আধ্যাত্মিক ভক্তি-তত্ত্বৰ আলোচনাধৰ্মী কথোপকথন৷ নিমি আৰু নৱসিদ্ধসকলৰ ব্ৰহ্মজ্ঞান
সম্পৰ্কৰ এই আলোচনাত মানৱ জীৱনৰ ‘অন্তিম
লক্ষ্য’ৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা হৈছে৷
মিথিলাৰ ৰজা নিমি
ক্ষমতাৰ মোহত মোহাচ্ছন্ন ৰজা বা শাসক নাছিল, বৰঞ্চ তেওঁ আছিল এজন সত্যসন্ধানী ৰাজর্ষি৷
সংসাৰত থাকিও তেওঁ সদায় মুক্তিৰ পথ অন্বেষণ কৰি আছিল৷
এবাৰ ৰজা নিমিয়ে
এক বৃহৎ যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছিল৷ সেই যজ্ঞ উপলক্ষে বিষ্ণুৰ আংশিক অৱতাৰ ঋষভদেৱৰ
নজন পুত্ৰ—কবি, হৰি, অন্তৰীক্ষ, প্ৰবুদ্ধ, পিপ্পলায়ন, অৱিৰহোত্র, দ্ৰুমিল, চমস আৰু
কৰভাজন যজ্ঞস্থলীত উপস্থিত হৈছিল৷ ঋষভদেৱৰ এই পুত্ৰসকলক নৱসিদ্ধ বুলি কোৱা হয় এই কাৰণেই
যে তেওঁ লোক আছিল যথেষ্ট জ্ঞানী, সংসাৰৰ প্ৰতি সম্পূৰ্ণ বৈৰাগ্যভাৱসম্পন্ন৷ তেওঁ
লোক প্ৰত্যেকৰে জীৱনেই আছিল একো একোটা জীৱন্ত উপদেশ সদৃশ৷
ৰজা নিমিয়ে নৱসিদ্ধসকলক
কিছুমান প্ৰশ্ন কৰিছিল৷ এই প্ৰশ্নসমূহ সাধাৰণজ্ঞানৰ
সীমাৰ বাহিৰৰ কথা৷ তেওঁ ভক্তিৰ স্বৰূপ, ভগৱান উপলব্ধিৰ উপায়, সংসাৰৰ মায়া আৰু মুক্তিৰ
পথ ইত্যাদিৰ বিষয়ে নৱসিদ্ধসকলৰ পৰা জানিব বিচাৰিছিল৷ ৰাজৰ্ষি নিমিৰ প্ৰশ্ন আৰু নৱসিদ্ধসকলৰ উত্তৰসমূহে শিকায় যায় যে সত্য অনুসন্ধানত ৰাজা-প্ৰজা,
গৃহস্থ-সন্ন্যাসীৰ মাজত কোনো পাৰ্থক্য নাথাকে৷
নৱসিদ্ধসকলৰ উত্তৰত
স্পষ্ট হয় যে ভক্তি কোনো আড়ম্বৰপূৰ্ণ আচাৰ-ব্যৱহাৰ নহয়, বৰঞ্চ হৃদয়ৰ এক সম্পূৰ্ণ সমৰ্পণ৷
তেওঁলোকে কৈছিল—জ্ঞানে অহংকাৰ জন্মাব পাৰে, কৰ্মই বন্ধন দৃঢ় কৰিব পাৰে, কিন্তু শুদ্ধ
ভক্তিয়ে সদায় হৃদয় শুদ্ধ কৰে আৰু মানৱক ভগৱানৰ ওচৰ চপায়৷ ভক্তিৰ বাবে জাতি, বৰ্ণ
বা আশ্ৰমৰ কোনো প্ৰয়োজন নাই; প্ৰয়োজন মাথোঁ একাগ্ৰতা আৰু ভগৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধা৷
এই সংবাদৰ এক গুৰুত্বপূৰ্ণ
দাৰ্শনিক দিশ হ’ল—ভগৱান বাহিৰত নহয়, সকলো জীৱৰ অন্তৰতে ভগৱান বিৰাজমান৷ সেই বাবে প্ৰকৃত
ভক্তই সকলো জীৱক ভগৱানৰ ৰূপত দেখে, তেওঁৰ অন্তৰত বিদ্বেষ, হিংসা বা অহংকাৰ নাথাকে৷ এই দৃষ্টিভংগীয়ে
ভক্তিক কেৱল আধ্যাত্মিক নহয়, সামাজিক আৰু নৈতিক আদৰ্শলৈ উন্নিত কৰিছে৷
নিমি–নৱসিদ্ধ সংবাদে
আমাক শিক্ষা দিয়ে যে মুক্তি কোনো দূৰ গন্তব্য নহয়, ই এক অন্তৰৰ এক যাত্ৰা৷ সংসাৰৰ মাজতেই
থাকি, কৰ্তব্য পালন কৰিও, ভগৱানত শৰণ লৈ মানুহে আত্মমুক্তি লাভ কৰিব পাৰে৷ এই কাৰণে
এই সংবাদক কেৱল ধৰ্মীয় কাহিনী নহয়, মানৱ জীৱনৰ চিৰন্তন পথনির্দেশক বুলিও ক’ব পাৰি৷
ভাগৱতৰ ‘নিমি নৱসিদ্ধ সংবাদ’ আজিও প্ৰাসংগিক—কাৰণ আধুনিক
মানুহৰ অস্থিৰ মন, ভোগবাদী জীৱন আৰু আত্মিক শূন্যতাৰ মাজত নিমি–নৱসিদ্ধ সংবাদে ভক্তি,
সংযম আৰু অন্তৰাত্মাৰ অগ্ৰগতিৰ পথ দেখুৱাই দিয়ে৷
—
ভ্ৰাম্যভাষ - ৯৪৩৫০
১৪৪৫৫
