অমৃত গোস্বামী
মই যিটো প্ৰতিষ্ঠানত সুদীৰ্ঘ কালৰ বাবে কৰ্মৰত
আছিলো সেই একেটা প্ৰতিষ্ঠানতে ভাৰতীয় ষ্টেট বেংকৰ এসময়ৰ জ্যেষ্ঠ বিষয়া, শ্ৰীযুত দেৱব্ৰত
দাসদাদাও ডেপুটেশ্বনত থাকি প্ৰায় আঠবছৰ সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০২৫ বৰ্ষৰ
সাহিত্য একাদেমি বঁটা প্ৰাপ্ত গ্ৰন্থ ‘কড়ি খেলাৰ সাধু’ নামৰ উপন্যাসখনৰ লেখক শ্ৰীযুত
দেৱব্ৰত দাসদাদা তেখেতৰ ডেপুটেশ্বনৰ কৰ্মকালৰ সুবাদতে মোৰ একালৰ সহকৰ্মী তথা এজন মোৰ
শুভচিন্তক ব্যক্তি হৈ পৰিছিল৷ শ্ৰদ্ধাৰ শ্ৰীযুত দাসদাদাৰ পৰা ‘কড়ি খেলাৰ সাধু’ উপন্যাসখনৰ
এটা কপি মই উপহাৰস্বৰূপে পাই নথৈ আনন্দিত হৈছোঁ৷ বৰ্তমান উপন্যাসখন মই পঢ়ি আছো; উপন্যাসখন
পঢ়ি মই বৰ ভাল পাইছোঁ৷ উপন্যাসখনৰ ৰচনাশৈলী মই আগতে পঢ়িবলৈ পোৱা অসমীয়া উপন্যাসবোৰত
পঢ়িবলৈ নোপোৱা, এক ব্যতিক্ৰমী ধৰণৰ৷ মোৰ বিশেষতঃ
ভাল লাগিছে উপন্যাসখনৰ কাহিনীৰ অগ্ৰগতিৰ মাজে মাজে লিখক আৰু পাঠকৰ মাজত ‘তোমাৰ সৈতে
মোৰ কথা’ শীৰ্ষক কাল্পনিক আন্তৰিক কথোপকথনৰ
টুকুৰা টুকুৰ অংশসমূহ পঢ়ি৷
শ্ৰীযুত দাসদাদাৰ লগত মোৰ সম্পৰ্ক মধুৰ৷ এনেয়েও
মোক ‘তুমি’ বুলিয়েই মতা দাসদাদাই যেতিয়া ‘তুমি’ বুলি সম্বোধন কৰি পাঠকৰ উদ্দেশ্যে কথাসমূহ
কয়, তেতিয়া মোৰ এনে লাগে যেন দাসদাদাই কথাবোৰ আন কাৰোবাক উদ্দেশ্য কৰি কোৱা নাই, মোকেইহে
কৈছে! মুঠৰ ওপৰত উপন্যাসখন মই বৰ উপভোগ্য ৰূপত পঢ়িবলৈ পাইছোঁ৷
মই দেখিবলৈ পোৱা গুৱাহাটীৰ কথা নহয় সেইবিলাক৷
মই গুৱাহাটীলৈ অহাৰ আগৰ গুৱাহাটীৰ পৰিৱেশৰ তথা সামাজিক বাতাবৰণৰ বিবৰণ ‘কড়ি খেলাৰ সাধু’
নামৰ এই উপন্যাসখনত বৰ উপভোগ্য ধৰণে বৰ্ণিত হৈছে; বৰ্ণনাৰ সেই ছবিবোৰ দাসদাদাই অতি নিখুঁত ৰূপত আঁকিছে৷―
পল্লবী, শ্যামল, সৰোজ আৰু জিতেনে বৰ্তমানে
অস্তিত্বহীন ‘ৰূপায়ন’ চিনেমাহলত ‘মাদাৰ ইণ্ডিয়া’ নামৰ বোলছবিখন চাবলৈ গৈছে৷ স্বাধীনতাৰ
দহবছৰৰ পাছত মেহবুব খানৰ পৰিচালনাত নিৰ্মিত হোৱা, সুনীল দত্ত আৰু নাৰ্গিছ অভিনীত সেই
বিখ্যাত বোলছবিখন নিৰ্মাণ তথা মুক্তিলাভৰ বিশ বছৰৰ পাছত, দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত
প্ৰদৰ্শিত হৈছে, তৎসত্ত্বেও সেই চলচ্চিত্ৰখনৰ টিকট সেইবাৰো ব্লেকত বিক্ৰী হৈছে― এক
টকা পছিচ পইচাৰ টিকট পাঁচ টকাত বিক্ৰী হৈছে৷ শ্যামলহঁতে অৱশ্যে টিকট ব্লেকত কিনা নাছিল৷
ৰাতিপুৱা চিনেমা হললৈ গৈ এডভাঞ্চ বুকিং কৰি আহিছিল৷ সুদূৰ ৰাজস্থানৰ পৰা আহি গুৱাহাটীৰ
উজানবজাৰৰ ঘৰত স্কুলৰ বন্ধৰ দিন কটোৱা পল্লবীয়ে অতি কাঢ়া শিক্ষয়িত্ৰী মাকক চিনেমা চাবলৈ
যোৱা বুলি কৈ, মাকৰ অনুমতি লৈ চিনেমা চাবলৈ অহা নাছিল― বান্ধবী সৰোজৰ ঘৰলৈ ফুৰিবলৈ যোৱা বুলিহে মাকক কৈছিল৷
তেওঁলোক চাৰিওজনে চিনেমা শেষ হোৱাৰ পাছত, ফাঁচীবজাৰৰ ‘ৰবিন কেবিন’ত মাংস আৰু পৰঠা খাই,
চিনেমাখনৰ কথাকেই আলোচনা কৰিছিল৷ চাৰিও চিনেমাখনৰ ভূয়সী প্ৰশংসাত মুখৰ হৈ পৰোতে বাহিৰখন
বেছ আন্ধাৰেই হৈ পৰিছিল৷ পল্লবীয়ে মাকৰ কথা মনত পেলাই পেটে পেটে ভয় খাইছিল৷ আনহাতে
দুপৰীয়া চিনেমা আৰম্ভ হোৱাৰ আগেয়ে হলৰ বাহিৰৰ ৰাস্তাত থিয় হৈ থাকোতে পল্লবীক যে তেওঁলোকৰে
ঘৰতে থাকি অফিচ এটাত সৰু চাকৰি এটা কৰি থকাৰ লগতে মাককো ইটো-সিটো কামত সহায় কৰি দিয়া
ৰত্নেশ্বৰে দেখা পাই গৈছিল, সেইকথা পল্লবীৰ জ্ঞাত নাছিল!
গুৱাহাটীৰ ফাঁচীবজাৰ উজানবজাৰ অঞ্চলৰ ১৯৪৭+১০+২০,
অৰ্থাৎ ১৯৭৭ চনৰ পৰিবেশৰ আৰু পল্লবী, শ্যামল ইত্যাদি উপন্যাসখনৰ চৰিত্ৰসমূহৰ ছবি শ্ৰীযুত
দেৱব্ৰত দাসদাদাই তেখেতৰ ‘কড়ি খেলাৰ সাধু’ নামৰ উপন্যাসখনত কি যে সুন্দৰকৈ আঁকিছে!
মোৰ শব্দজ্ঞানৰ সীমাবদ্ধতাৰ বাবে সেইসময়ৰ
পৰিবেশটো ভালধৰণে উপস্থাপন কৰিব নোৱাৰিলো–মই অতি দুঃখিত৷
যি কি নহওক উপন্যাসখনত বৰ্ণনা কৰা পল্লবী,
সৰোজহঁতে তেতিয়াৰ গুৱাহাটীৰ ৰূপায়ন চিনেমা হলত উপভোগ কৰা সেই ‘মাদৰ ইণ্ডিয়া’ নামৰ বোলছবিখনৰ
আলোচনা ঔপন্যাসিক দাদাই পাঠকৰ লগত হোৱা কথোকথন―
‘তোমাৰ সৈতে মোৰ কথা’ত কেইবাবাৰো উল্লেখ কৰাৰ উপৰিও এবাৰত চলচ্চিত্ৰখনৰ এক দীঘলীয়া
সমালোচনামূলক বিশ্লেষণও আগবঢ়াইছে৷ উপন্যাসখনৰ এজন সাধাৰণ পাঠক হিচাপে সেই বিখ্যাত বোলছবিখনৰ
বিষয়ে জানিবৰ নিমিত্তে মইও আগ্ৰহান্বিত হৈ পৰিলোঁ৷ ‘মাদাৰ ইণ্ডিয়া’ৰ বিষয়ে গোটোৱা তথ্য
অনুসৰি চলচ্চিত্ৰখনৰ কাহিনীটো আছিল এনে ধৰণৰ―
উনৈছ শ সাতাৱন্ন চনত মুক্তি লাভ কৰা মাদাৰ ইণ্ডিয়া কেৱল ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ
এক মাইলৰ খুঁটি নহয়, এইখন হ’ল স্বৰাজোত্তৰ ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু নৈতিক আবহাৱা
সম্বন্ধীয় এক প্ৰভাৱশালী কলাত্মক দস্তাবেজ৷ পৰিচালক মেহবুব খানে নিৰ্মাণ কৰা এই ছবিখনে
এক সাধাৰণ গাৱঁলীয়া মহিলাৰ জীৱনসংগ্ৰামক এনে এক উচ্চতালৈ উন্নীত কৰিছে যে সেইয়া শেষত
সমগ্ৰ ভাৰতীয় জাতিটোৰ প্ৰতীক হিচাপে পৰিগণিত হৈছিল৷ চলচ্চিত্ৰখন মুক্তি পোৱাৰ সময়ত
আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা দহবছৰহে
মাথোন অতিক্ৰম হৈছিল৷ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ দেশখনে তেতিয়া নতুন ভৱিষ্যতৰ সন্ধানত
বাট বুলিছিল৷ দাৰিদ্ৰ্য, নিৰক্ষৰতা, কৃষিভিত্তিক অৰ্থনীতিৰ সংকট আৰু সামাজিক বৈষম্যৰ
মাজতে নতুন ভাৰত গঢ়াৰ প্ৰয়াস তেতিয়া পূর্ণোদ্যমে চলি আছিল৷ এই বৃহৎ ঐতিহাসিক পটভূমিতেই ‘মাদাৰ ইণ্ডিয়া’ৰ
কাহিনী গঢ় লৈ উঠিছিল৷
চলচ্চিত্ৰখনৰ কেন্দ্ৰীয় চৰিত্ৰ ৰাধা― অসাধাৰণ অভিনয় প্ৰতিভাৰ অধিকাৰী, অভিনেত্ৰী নাৰ্গিছে
এই চৰিত্ৰতটোত তেখেতৰ যি অভিনয় প্ৰতিভাৰ পৰিচয় দি গৈছে, সেয়া ভাৰতীয় চলচ্চিত্ৰৰ
ইতিহাসত এক অনন্য উদাহৰণ হিচাপে বিবেচিত হয়৷ ৰাধা এগৰাকী সাধাৰণ কৃষক পৰিয়ালৰ বোৱাৰী৷
বিয়াৰ পিছতেই তেওঁ ঋণৰ বোজাত জৰ্জৰিত এক সংসাৰৰ দায়িত্ব ল’বলৈ বাধ্য হৈ পৰে৷ গাঁৱত মহাজন সুখীলালৰ শোষণ, খেতিপথাৰৰ ক্ষতি,
বানপানী, দৰিদ্ৰতা আৰু এটাৰ পিছত আন এটা ব্যক্তিগত
বিপৰ্যয়ে তেওঁৰ জীৱনক জুৰুলা কৰি পেলাইছিল৷ তথাপিও তেওঁ ভাঙি পৰা নাছিল৷ জীৱনৰ প্ৰতিটো
আঘাত তেওঁ সহ্য কৰিছিল আৰু নিজৰ সন্তানক ডাঙৰ-দীঘল কৰাৰ লগতে পৰিয়ালৰ মৰ্যাদা অক্ষুণ্ণ
ৰাখিবলৈ তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল৷ এই অদম্য মানসিক শক্তি আৰু নৈতিক দৃঢ়তাই ৰাধাক
কেৱল এজন মাতৃৰ ৰূপতে সীমাবদ্ধ নাৰাখি ‘ভাৰতমাতৃৰ প্ৰতীক’ লৈ ৰূপান্তৰিত কৰিছিল৷
চলচ্চিত্ৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য
হ’ল চিনেমাখনত চিত্ৰিত গ্ৰামীণ ভাৰতৰ প্ৰতিচ্ছবিবোৰৰ জীৱন্ত অঙ্কন৷ স্বাধীনতাৰ সময়ত
ভাৰতৰ অধিকাংশ জনসাধাৰণে গাঁৱতেই বাস কৰিছিল আৰু কৃষিকাৰ্যই আছিল তেওঁলোকৰ জীৱিকাৰ
মূল আধাৰ৷ মাদাৰ ইণ্ডিয়াই সেই বাস্তৱতাক অত্যন্ত সংবেদনশীলভাৱে উপস্থাপন কৰিব পাৰিছে৷
মাটি, পথাৰ, খেতি, খৰাংবতৰ, বানপানী আৰু শ্ৰম—এই সকলোবোৰ উপাদান কেৱল কাহিনীৰ পটভূমিতেই
নাছিল, বৰং চৰিত্ৰসমূহৰ ভাগ্য নিৰ্ধাৰণ কৰা শক্তিও আছিল৷ ৰাধাৰ বাবে মাটি কেৱল জীৱিকাৰ
উৎস নহয়; ই তেওঁৰ অস্তিত্ব, আত্মসম্মান আৰু সাংস্কৃতিক পৰিচয়ৰ আধাৰ৷ এই কাৰণেই অসীম
কষ্টৰ মাজতো তেওঁ নিজৰ ভূমিস্বত্ব আনক দিবলৈ বা নিজৰ মাটি এৰি যাবলৈ অস্বীকাৰ কৰিছিল৷
চলচ্চিত্ৰখনত সামাজিক শোষণৰ বিষয়টোও অত্যন্ত
শক্তিশালীভাৱে উপস্থাপন কৰা হৈছে৷ সুখীলাল নামৰ মহাজনৰ চৰিত্ৰটোৱেই আছিল সেই সময়ৰ
গ্ৰামীণ সমাজত চলি থকা অৰ্থনৈতিক শোষণৰ এক প্ৰতীক স্বৰূপ৷ অনবৰতে ঋণ আৰু সূদৰ জালৰ
বন্দীত্বৰ জীৱন কটোৱা কৃষকসকলে কেনেকৈ জীৱনজুৰি কষ্ট ভোগ কৰিবলৈ বাধ্য হৈছিল, চলচ্চিত্ৰখনে
তাৰ এক মর্মস্পৰ্শী চিত্ৰ অংকন কৰিছে৷ কিন্তু এই শোষণৰ মাজতো ৰাধাই নিজৰ সততা, নৈতিকতা
আৰু আত্মমৰ্যাদা বিসৰ্জন দিয়া নাছিল৷ তেওঁ দেখুৱাই দিছিল যে দৰিদ্ৰতাই মানুহৰ সন্মান
কেতিয়াও কাঢ়ি নিব নোৱাৰে, যদি মানুহে নিজৰ নৈতিক শক্তি অক্ষুণ্ণ ৰাখিব পাৰে৷
মাতৃত্বৰ বিষয়টো মাদাৰ ইণ্ডিয়াৰ মূল কেন্দ্ৰবিন্দু৷
ৰাধাৰ সমগ্ৰ জীৱন সন্তানক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে৷ কিন্তু চলচ্চিত্ৰখন মাতৃত্বক
কেৱল স্নেহ আৰু মমতাৰ মাজতে সীমাবদ্ধ কৰি ৰখা নাছিল; বোলছবিখনত মাতৃত্বৰ নৈতিক আৰু
সামাজিক দায়িত্বৰ কথাও গভীৰভাৱে উত্থাপন কৰা হৈছে৷ ৰাধাৰ পুত্ৰ বিৰ্জু শৈশৱৰ অপমান
আৰু বঞ্চনাৰ ফলত বিদ্ৰোহী আৰু হিংস্ৰ হৈ উঠে৷
সমাজৰ অন্যায়ৰ বিৰুদ্ধে তেওঁৰ ক্ষোভ স্বাভাৱিক
হ’লেও সেইটোৱে লাহে লাহে বিনাশকাৰী বা ধ্বংসাত্মক
ৰূপ ধাৰণ কৰিছিল৷ শেষত যেতিয়া বিৰ্জুৱে সমাজৰ নৈতিক সীমাৰেখা অতিক্ৰম কৰিছিল, তেতিয়া
ৰাধাই মাতৃৰ মৰম আৰু সমাজৰ ন্যায়ৰ মাজত এক কঠিন সিদ্ধান্ত ল’ব লগা হৈছিল৷
বোলছবিখনত নিজৰ সন্তানকে গুলীয়াই হত্যা কৰাৰ
যিটো দৃশ্য দেখুউৱা হ’ল সেই দৃশ্য ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শক্তিশালী মুহূৰ্তৰ
দৃশ্য৷ এইটো ঘটনাই দেখুৱাই দিয়ে যে ব্যক্তিগত সম্পৰ্কতকৈ ন্যায় আৰু সামাজিক দায়িত্ব
অধিক গুৰুত্বপূৰ্ণ৷
চলচ্চিত্ৰখনৰ প্ৰতীকী তাৎপৰ্যও গভীৰ৷ ৰাধা
হৈছে ভাৰতৰ প্ৰতিমূৰ্তি—এনে এক মাতৃ, যিয়ে অসীম কষ্ট সহ্য কৰিও নিজৰ সন্তানক লালন-পালন
কৰিব পাৰে আৰু ভবিষ্যতৰ বাবে আশাও জীয়াই ৰাখিব পাৰে৷ ৰাধাৰ জীৱনৰ দুখ-কষ্ট স্বাধীনোত্তৰ
ভাৰতীয় মানুহৰ জীৱন সংগ্ৰামৰ লগত একাত্ম হৈ পৰিছিল৷ এই কাৰণেই মাদাৰ ইণ্ডিয়া নামটো
কেৱল এজন মহিলাক নুসূচাই সমগ্ৰ জাতিৰ এক প্ৰতীকী পৰিচয় বহন কৰিছে৷
চলচ্চিত্ৰখনৰ শেষৰ দৃশ্যত গাঁওখনলৈ জলসিঞ্চনৰ
নলাৰ পানী আহি পোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ৷ এই দৃশ্যই নতুন ভাৰতৰ উন্নয়ন, আধুনিকীকৰণ
আৰু আশাৰ প্ৰতীক হিচাপে কাম কৰে৷ বহু দুখ-কষ্ট আৰু ত্যাগৰ পিছত উন্নতিৰ পথ মুকলি হোৱাৰ
এই চিত্ৰই স্বাধীনোত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় স্বপ্নক প্ৰতিফলিত কৰিছে৷
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মাদাৰ ইণ্ডিয়াই
বিশেষ স্বীকৃতি লাভ কৰিছিল৷ একাডেমী বঁটা বা অস্কাৰৰ “Best Foreign Language Film”
শাখাত মনোনয়ন লাভ কৰা এইখন আছিল প্ৰথম ভাৰতীয় চলচ্চিত্ৰ৷ এই সাফল্যই বিশ্বদৰবাৰত
ভাৰতীয় চলচ্চিত্ৰৰ মৰ্যাদা বহুগুণে বৃদ্ধি কৰিছিল আৰু প্ৰমাণ কৰিছিল যে ভাৰতীয় কাহিনী
আৰু অভিজ্ঞতাও সৰ্বজনৰ বাবে এক মানৱিক মূল্যবোধৰ বাহক হ’ব পাৰে৷
প্ৰায় সাত দশক অতিক্ৰম কৰাৰ পিছতো মাদাৰ
ইণ্ডিয়া আজিও প্ৰাসংগিক৷ ইয়াৰ কাহিনী, চৰিত্ৰ, নৈতিক দ্বন্দ্ব আৰু সামাজিক বাৰ্তাই
নতুন নতুন প্ৰজন্মক চিন্তিত কৰিছে৷ এই চলচ্চিত্ৰ কেৱল এক বিনোদনমূলক সৃষ্টি নহয়; ই
স্বাধীনোত্তৰ ভাৰতৰ আত্মসন্ধান, সংগ্ৰাম আৰু আশা-আকাংক্ষাৰ এক দলিল৷ ৰাধাৰ জীৱনগাথাৰ মাজেৰে মাদাৰ ইণ্ডিয়াই মানুহৰ
সহনশীলতা, আত্মত্যাগ, ন্যায়বোধ আৰু আশাৰ এক চিৰন্তন কাহিনী ৰচনা কৰিছে, যি আজিও ভাৰতীয়
সংস্কৃতিৰ অন্যতম শক্তিশালী শিল্প-অভিব্যক্তি হিচাপে স্বীকৃত৷
শ্ৰীযুত দাসদাদাই ৰচনা কৰা “কড়ি খেলাৰ সাধু নামৰ” উপন্যাসখন পঢ়া মোৰ এতিয়াও সমাপ্ত হোৱা নাই৷ উপন্যাসখন পঢ়া শেষ
হ’লে উপন্যাসখনৰ বিষয়ে আৰু দুই-চাৰিটা কথা আপোলোকক জনাম বুলি মই মনতে পাঙি থৈছোঁ৷
লেখকৰ ঠিকনা:
চাৰ্ভে, চন্দননগৰ,
গুৱাহাটী ২৮
ফোন নং : ৯৪৩৫০ ১৪৪৫৫
