অন্যযুগ/


মৌন সময় অৱৰুদ্ধ মন

অংগনা ভট্টাচাৰ্য্য

ছাঁ-পোহৰৰ সমান ভিৰ লগা অংশটোত মই থিয় হলোঁ৷ ইয়াৰ পৰা পোহৰত উজলি থকা মুখকেইখন ভালকৈয়ে দেখা পায়৷ মই সেইফালে চালোঁ৷ কিন্তু কথন আৰু পৰ্যালোচনাৰ সেই ক্ষুদ্ৰ বৃত্তটোত সোমাব নুখুজিলোঁ৷ মই মুখখন ঘূৰাই দিলোঁ৷ ইটো ফালে ঘনঘোৰ আন্ধাৰ৷ চকুৰে মনি‍ব নোৱৰা ছায়াঘন তীব্ৰতাত এয়া যেন মোৰেই মুখ৷ মোৰেই প্ৰতিবিম্ব!

এৰা, আন্ধাৰেই ভাল৷ যত মুখা পিন্ধাৰ কোনো দৰকাৰ নাই৷ যত চকুপানীৰ অংক নহয়৷ অংক নহয় মৌনতাৰ৷ ভালেই পালোঁ মই৷ নিৰ্জনতাক আঁকোৱালি কিছু পৰ ৰলোঁ৷ হৃদয়ৰ নৈঃশব্দ্যক প্ৰতিপাল কৰাৰ বাদে মোৰ হাতত আছেনো কি কাম?

‘‘তুমি থাকিয়েই যাবা নেকি ইয়াত?’’— অৰণ্যৰ বিৰক্তিভৰা প্ৰশ্নত মই সাৰ পাই উঠিলোঁ যেন৷

‘‘তোমাক কোনে  ৰখিবলৈ কৈছে?’’— মোৰ নিৰুদ্বেগ উত্তৰ শুনি সি মোক হাতত ধৰি লৈ আহিল৷

‘‘কি হল তোমাৰ অৰণ্য? এনেকুৱা আচৰণ কিয় কৰিছা?’’

‘‘ইয়াৰ পৰা বলা৷ পাছত উত্তৰ দিম তোমাক৷’’

সি মোক অচিনাকি গলিটোৰ পৰা উলিয়াই আনিলে৷ কিছু পৰ পাছত আমি মহানগৰীৰ মূল পথ পালোঁ৷ পোহৰৰ চিক্‌মিকনিত মই তালৈ চালোঁ৷ অসম্ভৱ স্থিৰ এখনি মুখ৷ তেতিয়ালৈ সি মোৰ হাতখনত ধৰিয়েই আছিল৷ আমি আহি সুবিধাজনক ঠাই এখিনিত ৰৈ দিয়াৰ লগে লগেই মই হাতখন তাৰ বান্ধোনৰ পৰা আঁজুৰি আনিলোঁ৷ সি মোলৈ চালে, ‘‘পাগল হৈছিলা তুমি?’’

মোৰ হাতখন মুক্ত হল৷ কিন্তু একে সময়তে অতি অসহায়ভাৱে হাতখনে এক নামহীন ৰিক্ততাহে অনুভৱ কৰিলে যেন৷

‘‘চোৱা অৰুন্ধতী৷ তুমি যি ভাবি আছা, সেয়া সঁচা নহবও পাৰে৷ তোমাৰ অনুমান শুদ্ধ নহবও পাৰে৷’’
‘‘সেয়াই সত্য অৰণ্য৷ অহিৰণ এই গলিলৈ আহে৷ ক্ষণিকৰ সুখ বিচাৰি অজস্ৰ টকা হাতত লৈ সি আহে ইয়ালৈ৷ মই বিশ্বস্ত সূত্ৰৰ পৰাই পাইছোঁ এই খবৰ৷’’

‘‘সঁচা হলেই যেনিবা, মই নাহিলে তুমি অকলে আহিলাহেঁতেন জানো ইয়ালৈ?’’

‘‘অফ কৰ্চ৷’’

‘‘হোৱাট দি হেল ইজ গয়িং অন?’’

‘‘অৰণ্য? মই তোমাক ইয়ালৈ আহিবলৈ জোৰ কৰা নাছিলোঁ৷ নাহিলে নাহিব পাৰা৷ মইতো  আহি থাকিবই লাগিব৷’’

‘‘জানানে কি কথা কৈছা তুমি?’’

‘‘যুদ্ধ আৰু প্ৰেমত সকলো সম্ভৱ৷’’

‘‘প্ৰেম? সাত বছৰ আগতে যি প্ৰেম আৰু বিশ্বাস চিগাৰেটৰ ধোঁৱা হৈ উৰি গৈছিল?’’

মই থমকি ৰব লাগিছিল৷ এৰা, অৰণ্যৰ শব্দৰ মুহুৰ্মুহু আঘাতত মই স্থৱি‍ৰ হৈ পৰিব লাগিছিল৷ কিন্তু এনে অসহায় মুহূৰ্ততো কি মায়াপাশে মোক মেৰিয়াই ধৰে, মই নাজানো৷ অহিৰণৰ প্ৰতি মোৰ যি মোহ, তাৰ মুক্তি ক?

মৃত্যুৰ পাছত?

তেন্তে, মই জীৱনটোৰ পৰা পালোঁ কি?

উপেক্ষা আৰু বিশ্বাসঘাতকতা?

‘‘লা, চাট্ খাওঁ৷’’— অৰণ্যই কলে৷

‘‘তোমাৰ কোঠালৈয়ে যাওঁ বলা৷ মাংস অলপ লোৱাঁ৷ মই ভাত ৰান্ধিম৷’’

‘‘কিন্তু ৰুমত অভীকো আছে৷’’

‘‘কোনো কথা নাই৷ অভীকৰ প্ৰেয়সীজনীয়েতো তোমাৰ উপস্থিতিতেই ৰাতি কটায়৷’’

‘‘কিন্তু তুমিতো মোৰ...’’

‘‘আৰে প্ৰেয়সী বুলি কৈ দিবানা আজি ৰাতিটোৰ বাবে৷ তোমাৰ সৈতে মোৰ কি বিপদ হব পাৰে? কাষত পৰি থাকিলেও একো কৰিব নোৱাৰা তুমি৷ যোৱানা অকণমান মাংস লৈ আহাগৈ৷’’

মোৰ শব্দই চাবুকতকৈও তীব্ৰ জোৰে হয়তো অৰণ্যক কোবাইছিল৷ অতি নিৰ্মমভাৱে৷ নিৰ্দয়ভাৱে৷ ক্ষণিকৰ বাবে তাৰ চকুলৈ চাবলৈ মোৰ ভয় লাগিছিল৷ তাৰ পৰা কোনো প্ৰতিক্ৰিয়া নাপাই মই তালৈ ভয়ে ভয়ে চালোঁ৷ কিন্তু এয়া কি আচৰিত! স্মিত হাঁহিৰে তাৰ মুখখন দেখি মই অবাক হৈ ৰ’লোঁ

‘‘তুমি যিমান ককৰ্থনা কৰিলেও মই তোমাক নেৰোঁ অৰুন্ধতী৷ সম্ভাৱনাৰ এই অমূল্য ফুলপাহক মই মিথ্যা অনুভৱৰ নামত হেৰাই যাবলৈ নিদিওঁ৷’’

মই অপলক নেত্ৰে তালৈ চাই থাকিলোঁ৷

সি মোক এৰি মাংসৰ বজাৰখনলৈ গল৷ মই তালৈ চাই ৰ’লোঁ৷ কলেজত পঢ়াৰে পৰাই তাৰ মোৰ প্ৰতি এক সজল ভাবনা আছে বুলি মই জানো৷ অথচ জীৱনত হয়তো এনেকুৱা এটা মুহূৰ্ত নোলাব, যিটো মুহূৰ্তত মই তাৰ প্ৰতি শুভবোধৰ বাৰ্তা বিয়পাইছোঁ৷ আস্৷ মোৰ বাবে সি মাত্ৰ এক বিৰক্তি৷ অসহ্যকৰ উপস্থিতি এটা৷ কিছুমানে তাক লেডিজ্ বুলি জোকায়৷ অহিৰণ আৰু মই মুখ টিপি হাঁহো৷ তাৰ সমুখতেই অহিৰণে মোৰ কঁকালত মেৰিয়াই ধৰে৷ গালত চুমা খায়৷ হাত দুখন চুই থাকে৷ সি সেইবোৰলৈ মন নিদিয়ে৷ আমাৰ অন্তৰংগতা বেছি হোৱা যেন পালেই কামৰ অজুহাতত সি আমাৰ পৰা আঁতৰি যায়৷ অহিৰণে মোক কয়,
‘‘ইয়াৰ যিজনী ঘৈণীয়েক হ, তাইলৈ মোৰ দুখেই লাগে জানা৷ বেচেৰীয়ে হিমচেঁচা জীৱন এটা পাব৷ লেডিজ্‌তো’’

অৰণ্যৰ ভাড়াঘৰ পাওঁ মানে সন্ধিয়া আঠ বাজি যায়৷ নিশাটো মই অৰণ্যৰ সৈতে একেখন বিছনাতেই শুবলৈ বিচাৰিছিলোঁ৷ কিন্তু ভাত-পানী খাই উঠাৰ পাছত সি এটা আজৱ কাৰবাৰ কৰিলে৷ অভীকৰ সৈতে একেখন বিছনাতে শুই সি তাৰ বিছনাখন মোলৈ আগ বঢ়াই দিলে৷ অজানিতে কিয় জানো এক অপমানবোধে মোক আৱৰি ধৰিলে৷

‘‘তুমি মোক অলপো ভাল নোপোৱা অৰুন্ধতী৷ তেন্তে কি সম্পৰ্কৰ দোহাই দি তুমি মোৰ সৈতে শুবলৈ বিচাৰিছা? তোমাৰ মুখলৈ অহা যিকোনো শব্দ মই গ্ৰহণ কৰিম৷ সেইখিনি সামৰ্থ্য মোৰ আছে৷ কিন্তু মই ইমান সস্তীয়া নহয়৷ আৰু সেয়া মোৰ দুৰ্বলতা বুলি ভুল নকৰিবা৷’’

নিশা মোৰ টোপনি নাহিল৷ কাৰো পৰা মই কেতিয়াও বিমুখ হোৱা নাই৷ দুখীয়া পিতাই হষ্টেলত ৰাখি পঢ়ুৱাব পৰা নাছিল৷ সঁচা কথা, অৰ্থৰ তাড়নাত মই অহিৰণৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিলোঁ৷ যথেষ্ট সকাহ পাইছিলোঁ মই৷ কিন্তু সময়ৰ সোঁতত মই সঁচাকৈয়ে অহিৰণৰ প্ৰেমত পৰিছিলোঁ৷ সম্ভৱ এগৰাকী নাৰীয়ে বিচৰা সকলো মই তাৰ মাজতেই বিচাৰি পাইছিলোঁ৷ শৰীৰ আৰু মন দুয়োটাই তৃপ্ত হৈছিল মোৰ অহিৰণৰ সংগত৷

কিন্তু এটা সময়ৰ পৰা অহিৰণে মোক মাথোঁ এটা শৰীৰ বুলি গণ্য কৰিবলৈ ধৰিলে৷ অথচ অনেক উচ্‌পিচনি আৰু মানসিক সংঘাতৰ মাজতো মই প্ৰতিবাৰেই তালৈ আগ বঢ়াই দিলোঁ মোৰ শৰীৰ৷
এয়া যেন সৌ সিদিনাৰ কথাহে৷ সাতটাকৈ বছৰ পাৰ হৈ যোৱাৰ পাছতো সেই ক্ষণবোৰ মোৰ বাবে আলফুল ৰতন যেন৷

... ক্লাছ শেষ হোৱাৰ লগে লগেই অহিৰণৰ বাইকত গা লগাই তাৰ ফ্লেট পাওঁহি৷ ভোক আৰু মূৰৰ বিষত আতুৰ হৈ মই ছ’ফাখনতেই আউজি বহোঁ৷ আৰু মোক আচৰিত কৰি তেনে অৱস্থাতেই সি মোৰ কাপোৰ খুলিবলৈ ধৰে...৷

‘‘মোৰ খুব ভোক লাগিছে৷ কি আছে খাবলৈ দিয়া৷ আগতে খাই লওঁ৷’’

‘‘মোৰো বৰ ভোক লাগিছে৷’’

এঘণ্টামান পাছত ধোঁৱা বলি থকা মেগী লৈ দুয়ো মুখামুখিকৈ বহোঁ৷ ইতিমধ্যে মোৰ ভোক আৰু ভাগৰত দেহা লেবেজান হৈ পৰে৷ খোৱা শেষ হয় নে নহয়, সি পুনৰ মোৰ দেহাটো জপটিয়াই ধৰে৷  মই কেনেবাকৈ উশাহ লবলৈ চেষ্টা কৰোঁ৷

কেনেবাকৈ অহিৰণক মোৰ প্ৰেম বুলি মনতে সামৰি ৰাখোঁ৷

মোৰ শৰীৰৰ পৰা মোৰ চাৰিমহীয়া সন্তানটোক কাঢ়ি নিওঁতেও মই তাক ভাল পাই থাকোঁ৷ সি মোক কোনোপধ্যেই বিয়া কৰাব নোৱাৰোঁ বুলি কওঁতেও মই তাক ভাল পাই থাকোঁ৷ মুঠতে তাক মই ভাল পাবলৈ নেৰোঁ৷

সি মোৰ জীৱনৰ পৰা গুচি যাওঁতে  মই বিশেষ আপত্তি কৰিব নোৱাৰিলোঁ৷ কাৰণ তাৰ হাতত মোক বিয়া নকৰোৱাৰ হাজাৰটা অজুহাত আছিল৷

‘‘কথাটো সঁচা৷ তাৰ সংসাৰখন সুখৰ নহয়৷ তাৰ অতি উচ্চাকাংক্ষী পত্নীয়ে বিয়াৰ অত বছৰৰ পাছতো সন্তান নিবিচাৰে৷ ভুলবশতঃ গৰ্ভধাৰণ কৰা সন্তানটোও অহিৰণৰ অজানিতেই তাই শেষ কৰি পেলায়৷’’
অৰণ্যই কৈছিল তাইক এদিন অহিৰণ আৰু এৰিকাৰ সংসাৰৰ কথা৷

‘‘অহিৰণে সন্তানটো হেৰাই যাওঁতে দুখ কৰা নাছিল নে?’’

‘‘সি পাগল হৈ গৈছিল অ৷ নিজৰ সন্তান এটাৰ মৃত্যু অমানুহ এজনেহে সহ্য কৰিব পাৰে অৰুন্ধতী৷’’
‘‘মোৰ সন্তানটোও তাৰে আছিল অৰণ্য৷ অথচ সি সিদিনা সকাহ পাইছিল৷’’

অৰণ্যই কি ভাবিছিল নাজানো, কিন্তু থাউকতে মই অংক এটা পাতি লৈছিলোঁ৷
সিদিনাৰ পৰাই মই অহিৰণক লগ পাবলৈ বিচাৰি আছোঁ৷ কিন্তু সি মোক কোনোপধ্যেই লগ নিদিয়ে৷ মোৰ ফন নুঠায়৷ কথাৰ ঘন ঘন টুকুৰাবোৰে মোৰ কৰ্ণকুহৰ স্পৰ্শ কৰে৷ মই অশেষ যত্নৰে স্থিৰ হৈ ৰওঁ৷ অৰণ্যৰ অৱশ-আকুল চকুযোৰ মোৰ সহচৰ হৈ থাকে৷ তথাপি সি নুবুজে মোৰ হৃদয়ৰ আৰ্তৰাও৷ হয়তো বুজিও নুবুজে৷

‘‘অপত্য স্নেহ সৃষ্টিৰো কাৰক নতুবা ধ্বংসমুখী বাটৰো৷’’

ঈশ্বৰলৈ যোৱা বাট কিমান দূৰ?

যেতিয়ালৈকে জীৱনলৈ নাহে কোনো পয়গম্বৰ অথবা ঈশ্বৰপুত্ৰ?

হয় চাগে৷ হয়েই চাগে৷

গণিকালয়বোৰ মোৰ চিনাকি হৈ পৰে৷ সমাজ-বিবৰ্জিত প্ৰায়বোৰ কাৰ্যই মোৰ প্ৰিয়৷ মোৰ মনত সিহঁতলৈ কোনো ঘৃণা নজন্মে৷ জীৱিকাহে সেয়া সিহঁতৰ৷ ব্যভিচাৰ নহয়৷ কিন্তু পত্নীক ফাঁকি দি জীৱন উপভোগ কৰিবলৈ যোৱা মুখাধাৰী পুৰুষসকলহে ঘৃণাৰ যোগ্য৷ পুতৌৰ পাত্ৰ৷

‘‘এৰিকাই মডেলিঙৰ ভাল অফাৰ এটা পাই মুম্বাইলৈ গুচি গৈছে৷ মাকৰ সৈতে অহিৰণ ঘৰতে ৰৈ গৈছে৷ অৱশ্যে সি ঘৰত থাকেনো কিমান সময়? তাৰ আচল ঠিকনা...’’

‘‘মই এটা কথা বুজি পোৱা নাই, হাই প্ৰফাইল হটেলৰ সুবিধা এৰি তাৰ দৰে পুৰুষ এজনে সাধাৰণ গণিকালয়ত খোজ থৈছে কিয়?’’

‘‘কাৰণটো তই শুনিলে আচৰিত হবি৷’’

‘‘কি কাৰণ?’’

‘‘সি সন্তানৰ পিতৃত্ব বিচাৰে৷ সেই কাম মাত্ৰ গণিকালয়ৰ নিয়মীয়া গণিকা এগৰাকীয়েহে কৰিব পাৰে৷ পেটৰ ক্ষুধা নিৰ্বাপণৰ বাবে গণিকালয়ত থকা নাৰীবোৰহে গণিকা৷ লাহ-বিলাহ পূৰাবলৈ নামী-দামী হটেলত ৰাত্ৰি যাপন কৰা বিলাসী গণিকাবোৰ গণিকা জানো?’’

মই এটা হুমুনিয়াহ কাঢ়োঁ৷ আৰু অহিৰণক লগ কৰাৰ মোৰ বাসনাটো তীব্ৰৰ পৰা তীব্ৰতৰ হয়৷
‘‘তই এতিয়াও ভাল পাৱ বিশ্বাসঘাতকটোক?’’

মোৰ চূড়ান্ত সিদ্ধান্তটো শুনি অৰণ্যই এক প্ৰকাৰে‍ চিঞৰিছিল৷ আৰু মোৰ চকুত জিলিকি উঠিছিল চাৰিমহীয়া সামান্য স্ফীত মোৰ উদৰটো৷

কথাবোৰ সহজ নাছিল৷ যিদৰে সহজ নহয় জীৱন৷ মৃত্যুৰ দৰে সহজ হয়তো একোৱেই নাই৷

জীৱনৰ দম্ভ!

উত্ৰাৱল আকাংক্ষা!

মই মিচিকিয়াই হাঁহো৷ মোৰ কোঠাত তলাটো মাৰি মই কৰ্মস্থলীলৈ ওলাওঁ৷ অফিচ ছুটীৰ পাছত মোৰ এটা বিশেষ কাম আছে আজি৷ পিতাৰ অসুখ বেছি হৈছে৷ বয়সো বাঢ়িছে৷ মোৰ জীৱনটোৰ গতি নলগা দেখি তেওঁলোকে চকুলো টোকে৷ অহিৰণৰ নামটোকেই ঘৃণা কৰে তেওঁলোকে৷ মই জনকল্যাণ বিভাগৰ চাকৰিটো পাওঁতেই যি এবাৰ হাঁহিছিল তেওঁলোকে! এৰা, মোৰ কৰণীয়খিনি সোনকালেই কৰিব লাগিব৷
অনেক প্ৰতীক্ষাৰ অন্তত একমাত্ৰ অৰণ্যৰ সহায়ত
  অহিৰণে মোক লগ ধৰিবলৈ মান্তি হল৷ ৰেষ্ট্যুৰে‍ণ্টখনত মই তাৰ সৈতে মুখামুখিকৈ বহিলোঁ৷

‘‘অৰণ্যৰ প্ৰস্তাৱটো কেনে পালা?’’

‘‘মই তোমাৰ অপৰাধী অৰুন্ধতী৷ জীৱনৰ চৰম সত্য উপলব্ধি কৰাৰ পাছত মই জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলাইছোঁ৷’’

‘‘জীৱনৰ প্ৰতি মোহ হেৰুৱালে তুমি সমাজৰ নিষিদ্ধ অঞ্চল এটাত এডোখৰ ৰত্ন বিচাৰি কেতিয়াও নগলাহেঁতেন৷ তুমি মোহ হেৰুৱাইছা সম্পৰ্কৰ প্ৰতি৷’’

‘‘হয়তো তোমাৰ কথাই শুদ্ধ৷ তুমি মোক কিয় বিচাৰি আছিলা নাজানিছিলোঁ৷ কিন্তু তোমাৰ সমুখত থিয় হোৱাৰ সাহস মোৰ নাছিল৷ পলাই আছিলোঁ তোমাৰ পৰা৷ ৰেৱতীয়ে কৈছিল মোক, কিদৰে মোক বিচাৰি হাবাথুৰি খাইছিলা তুমি৷’’

‘‘ৰেৱতী?’’

‘‘তাইৰ সৈতেই মই বেছিভাগ সময় কটাওঁ৷ তাইক নাপালেহে নূপুৰৰ ওচৰলৈ যাওঁ৷ দুয়োজনী খুব ভাল। আচৰিত হওঁ সেইখন জগতত থাকিও কিদৰে সিহঁতে ঈশ্বৰৰ আৰাধনা কৰে৷ প্ৰেমক পূজা কৰে৷ নিজৰ জীৱনলৈ প্ৰেম আহিব বুলি অন্তঃকৰণেৰে হেঁপাহ পুহি ৰাখে৷’’

‘‘সেয়াই আশা৷ আশা নোহোৱাকৈ কোন মানুহ সুস্থভাৱে জীয়াই থাকিব পাৰে কোৱা৷’’
‘‘হয় অৰুন্ধতী৷ আচলতে জীৱনটোৱেই আমাক বিভিন্ন শিক্ষা দিয়ে৷ জীৱনৰ প্ৰকৃত অৰ্থ বুজায়৷ এতিয়াৰ জীৱনটো মোৰ বাবে বৰ অৰ্থপূৰ্ণ আৰু সহজ হৈ পৰিছে৷ এৰিকাই মোৰ পৰা শুহি নিয়া জীৱনৰ ৰংবোৰ নূপুৰ, ৰেৱতীহঁতে ওভতাই দিছে৷ মই সুখী অৰুন্ধতী৷ সমাজ বিবৰ্জিত মানুহবোৰেই মোক আটাইতকৈ বেছি সুখী কৰি তুলিছে৷’’

‘‘আৰু মই? দেখা নাই তুমি মোক? ইমানটা বছৰ বাগৰি গল৷ অথচ মই অন্য এজনক জীৱনটো নিদিলোঁ৷’’

‘‘কিয় নিদিলা? কিয় নিজৰ প্ৰতি ইমান অন্যায় কৰিলা?’’

‘‘এইখিনি মনোকষ্ট পোৱাটো মোৰ বাবে দৰকাৰ আছিল অহিৰণ৷ কিয় তুমি নুবুজিবা৷ মোৰ প্ৰস্তাৱটো মানি লোৱা৷ তাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ তোমাৰ থাকিব৷ মাত্ৰ মোৰ সৈতেও এটা দূৰ সম্পৰ্ক বজাই ৰাখিবলৈ দিবা৷ মোৰ পৰিচয় অজ্ঞাতে ৰাখিও মই তাৰ খবৰ ৰাখিম৷ মাত্ৰ মোক সেই সৌভাগ্যৰ অধিকাৰী হবলৈ দিয়া৷’’

‘‘তুমি কোৱাৰ দৰে এইবোৰ ইমান সহজ নহয়৷ ভুল এটাৰ শুধৰণি কৰিবলৈ নতুনকৈ মই এটা ভুল কৰিব নোৱাৰোঁ৷’’

নাৰী হেনো নদীৰ দৰে৷ নিৰলস৷ যাত্ৰামুখী৷ তেন্তে মই হব নোৱাৰিম কিয়?
শুধৰণিৰ এটাই জানো বাট? উপেক্ষাৰ অজুহাত?

অহিৰণৰ স্পষ্ট মত সলনি কৰাৰ শক্তি মোৰ আছিল৷ অথচ মই দুখোজ পিছুৱাই আহিলোঁ৷ ইয়াৰ পাছত অহিৰণে যি কলে, সেয়া মোৰ বাবে এক পৰম আশ্চৰ্য৷

‘‘প্ৰতিশোধৰ সলনি প্ৰতিশোধ নলবা অৰুন্ধতী৷ নহলে দ্ৰৌপদীৰ নিচিনাকৈ বিশাল সাম্ৰাজ্যৰ সম্ৰাজ্ঞী হৈও সন্তানৰ মৃত্যুশোক বুকুত সামৰি প্ৰতিপল জ্বলি জ্বলি  মৰিব লাগিব৷’’

‘‘মই হেৰুওৱা সন্তানটোক ওভতাই বিচাৰিছোঁ অহিৰণ৷ এয়া কোনো ধ্বংসযজ্ঞৰ আখৰা নহয়৷’’

‘‘যদি প্ৰতিশোধেই নহয়, তেন্তে মোক বিচাৰি হাবাথুৰি খাইছা কিয়? তাকো মাতৃ পৰিচয় লুকুৱাই ৰাখি সন্তানক পালন কৰাৰ দায়িত্ব দিছা মোক? যদি সঁচাকৈয়ে তুমি সন্তানটো ওভতাই বিচাৰা, তেন্তে আমন্ত্ৰণ কৰা তোমাৰ পয়গম্বৰক, যিয়ে তোমাক ঈশ্বৰমুখী বাটেৰে লৈ গৈ সন্ধান দিব ঐশ্বৰিকতাৰ৷ কাৰণ যত ঈশ্বৰ নাই, তাত শিশুও নাই৷ দুটাকৈ সন্তান হেৰুৱালোঁ মই৷ এটা সন্তান হেৰুৱাই নিজক হেৰুৱাই পেলালোঁ যেন৷ আৰু আনটো সন্তান হেৰুৱাই ময়েই জানো কিৰীলি পৰা নাছিলোঁ? জীৱনে শিকাইছে মোক৷ যন্ত্ৰণাই জনাইছে মোক সন্তান কি? ত ব্যভিচাৰ থাকে, তাত অনুভূতি অথবা যাতনা নাথাকে৷ নাথাকে হৃদয় আৰু শৰীৰৰ স্বৰ্গীয় শ্বাস-প্ৰশ্বাস৷’’

এৰা, সময় বহু আগুৱাই গল৷ সময়ৰ মন্ত্ৰণাক মুঠি মাৰি ধৰি মই প্ৰাপ্তি অথবা প্ৰতিশোধৰ ৰং চাব বিচাৰিছিলোঁ৷ অথচ কি সৰলভাৱে অহিৰণে কৈ গল মোক জীৱনৰ অচিনাকি অথচ সুমধুৰ সত্য সেই চিৰন্তন ৰঙৰ  কথা...

‘‘ৰেৱতীৰ লগত মোৰ খুব ভাল বুজা-পৰা আছে৷ প্ৰেম বুলি নকওঁ৷ কিন্তু শৰীৰ আৰু পইচাৰ মাজতেই আমাৰ সম্পৰ্কটো বান্ধ খাই থকা নাই৷ কাচিৎহে তাই আজিকালি অন্য গ্ৰাহক উঠায়,  যদিও মই তাইৰ ওচৰলৈ দৈনিক নাযাওঁ৷ মোৰ সমস্যা আৰু জীৱনৰ বিষয়ে তাই বিতংকৈ জানে৷ বুজে মোক৷ সিহঁত বৰ ভাল অঅৰুন্ধতী৷ পইচাৰ লগতে অকণমান বিশ্বাস আৰু মৰম ঢালি দিয়া৷ সৰ্বোচ্চ দি দিব তোমাক৷ চিকিৎসকৰ পৰামৰ্শ লৈছিলোঁ আমি৷ তাইৰ শৰীৰ নিৰোগী৷ কোনো ইনফেক্‌শ্বন বা অন্য শাৰীৰিক সমস্যা নাই৷ দুদিনমান শৰীৰটোৰ যত্ন লবলৈ কৈছোঁ মই৷ ঈশ্বৰে বিচাৰিলে তায়েই মোৰ সন্তানৰ মাতৃ হব৷’’
হাউলি পৰি যাব খোজা মোক অহিৰণে সাবটি ধৰিলে৷

‘‘জীৱনৰ ওপৰত কেৱল নিজৰ নিয়ন্ত্ৰণ থকা উচিত অৰুন্ধতী৷’’

মই দীঘলকৈ উশাহ ল’লোঁ৷ তালৈ চালোঁ মই৷ মোক সাবটি ধৰিয়েই সি কলে,
‘‘অকণমান পানী খোৱা৷ পানীয়েহে জুই নুমুৱাব পাৰে৷ জন্ম দিব পাৰে নতুন সম্ভাৱনাৰ৷’’

‘‘আৰু কি সম্ভাৱনা থাকিল মোৰ জীৱনটোৰ? কিঞ্চিত আশাৰ চাকিগছো তুমিয়েই নুমুৱাই দিলা?’’

‘‘সম্ভাৱনাত সচেতনতা থাকে অৰুন্ধতী৷ অৰণ্যক আঁকোৱালি লোৱা৷ আমন্ত্ৰণ কৰা তাক তোমাৰ জীৱনলৈ৷ সিয়েই সিঁচি দিব তোমাৰ জীৱনত সম্ভাৱনাৰ বাট৷ নক্ষত্ৰৰ ফুল সিঁচৰতি‍ব সেই বাটত৷’’

‘‘সেই লেডিজটোক?’’

‘‘লেডিজ বুলিলেই লেডিজ হৈ যায়নে এগৰাকী পুৰুষ৷ যি প্ৰাজ্ঞ৷ যি স্থিৰ৷ যি পোহৰ৷ যি সত্য৷’’
আৰু তাৰ পাছত অহিৰণে যি কলে, তাৰ পাছৰ অনুভৱ মাথোঁ এক সোণোৱালী সুপথ৷ ককৰ্থনা, অৱহেলা আৰু উপেক্ষাৰে যাক মই প্ৰতিটো পল হানি-খুঁচি নেফানেফ কৰি থাকিলোঁ, সিয়েইতো আৱৰি থাকিল মোৰ চৌপাশ৷ প্ৰতিনিয়ত৷ প্ৰতিপল৷ জীৱনৰ গভীৰ ঔদাহ্য বুকুত ওলোমাই সিয়েইতো শুনাই গল মোক যীশুৰ বাণী৷

‘‘যিটো ভুল মই তোমাৰ সৈতে কৰিলোঁ, সেই ভুল তুমি অৰণ্যৰ লগত নকৰিবা অৰুন্ধতী৷ মই তোমাৰ হৃদয়ৰ লগত সহবাস কৰা নাছিলোঁ হয়তো৷ শৰীৰৰ টানহে আছিল চাগে সেয়া৷ নহলে পৰিয়ালৰ আপত্তি নেওচি তোমাক নিজৰ কৰি লোৱাৰ সাহস মোৰ বুকুত থাকিলহেঁতেন৷ আমাৰ সন্তানক স্বীকাৰ কৰাৰ সাহস মোৰ থাকিলেহেঁতেন৷ কিন্তু অৰণ্য অহিৰণ নহয়৷ সহস্ৰবাৰ সি তোমাৰ শব্দত অপদস্ত হৈছে৷ তথাপি তোমাকেই মাত্ৰ বুকুত ভৰাই ৰাখিছে সি৷ আজি সমাজত তাৰ যিটো প্ৰতিষ্ঠিত স্থান, সেই স্থানত থাকিও সি প্ৰেমৰ আৰাধনা কৰিছে৷ প্ৰতিটো নিঃসংগ সময়ত নিঃসংকোচে তোমাক সংগ দিছে৷ আচলতে ঈশ্বৰমুখী বাটটোৱেই নিৰ্জন, নিসংগ৷ একমাত্ৰ৷ প্ৰতিটো ভুলৰ বাবে শুধৰণিৰ বাট এটা নিশ্চিত নাথাকে অৰুন্ধতী৷ মই ভুল কৰিছিলোঁ৷ তোমাৰ লগতে অৰণ্যৰ সৈতেও অন্যায় কৰিছিলোঁ৷ কিন্তু জীৱনৰ সত্যই শিকাইছে মোক পুৰুষত্বৰ সংজ্ঞা৷ পুৰুষ মানেই নাৰীক শাৰীৰিকভাৱে সন্তুষ্ট কৰিব পৰা এটা শৰীৰ মাত্ৰ নহয়৷ প্ৰতিটো শব্দৰ সত্যতা বিশাল৷ উদাৰ৷ অৰণ্যৰ দৰে৷ তোমাৰ জীৱনলৈ কেতিয়াবাই তোমাৰ পয়গম্বৰৰ প্ৰৱে‍‍শ ঘটিছে অৰুন্ধতী৷ তুমি মাথোঁ তেওঁক চিনা৷ আৱাহন কৰা তেওঁক৷ প্ৰেম সৱাতোকৈ সুন্দৰ৷ সৱাতোকৈ সত্য৷ উপলব্ধি কৰা জীৱনৰ শ্ৰেষ্ঠতম সত্যক৷’’

এইবাৰ মই হুক্‌হুকাই কান্দিলোঁ৷ মোৰ গৰ্ভত হাতখন থৈ মৰম কৰি থাকিলোঁ৷ বহু পৰ৷ যেন কোনোবাই মোক ভিতৰৰ পৰা ৰিঙিয়াইহে মাতিব৷ মোৰ আকুলতাই, মোৰ বিৱশতাই জীৱনৰ অন্য এটা বিন্দু স্পৰ্শ কৰিলে যেন৷ সুখ-দুখৰ অচিনাকি কেঁকুৰিটোত ৰৈ থাকিলোঁ মই কিছু পৰ৷ একান্ত হৈ৷ মৌন হৈ৷

অৰণ্য!

মোৰ তীক্ষ্ণ বাক্যবাণে থকা-সৰকা কৰা লৰাটো!

এৰা, ক্ষমাৰো থাকে এক সুৰীয়া বাট৷

প্ৰতিশোধবিহীন জীৱন এটাৰো থাকিব পাৰে প্ৰাপ্তিৰ মহৎ লক্ষ্য৷ নতুন সম্ভাৱনাৰ সঁজাল মুকুতা৷
অন্তহীন শুভ ইচ্ছাৰে মই জীৱনটোক জীৱনৰ সেই পংকিল যন্ত্ৰণাৰ পৰা মুক্তি দিব লাগিব৷ নব্যচেতনাৰে নতুন হেঁপাহ এটা বুকুত সাঁচিব পাৰিব লাগিব৷

এইবাৰ মই স্থিৰ হ’লোঁ৷ নিজক চম্ভালি ল’লোঁ৷ নিজতকৈ উত্তম সংগী আছেনো কোন? মানুহ নিজেই নিজৰ অন্তিম সাহস৷ এই সত্যৰ গত্যন্তৰ নাই৷

দুজন পুৰুষ বন্ধুৰে আবৃত মোৰ চৌত্ৰিশ বছৰীয়া নাৰী জীৱন৷ এজনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক৷ আনজনৰ সৈতে বন্ধুত্বৰ লগতে আছিল অসহজ সম্পৰ্ক এটা৷ বন্ধু হৈও মই যেন তাৰ বন্ধু নাছিলোঁ৷ দুয়োজনৰ মাজত আজি মই আৰু এটা সম্পৰ্ক গঢ়ি তুলিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিলোঁ৷ দুয়োজনেই বন্ধু হৈ থাকক মোৰ৷ মাত্ৰ প্ৰেমিক-বন্ধুক মাত্ৰ বন্ধু হিচাপে ৰাখি আনজন বন্ধুৰ সৈতে থকা অসহজ  সম্পৰ্কটোক সহজ কৰা যাওক৷ সৰলতা আৰু বিশ্বাসৰ সেই বাটত থাকিব মাত্ৰ সততাৰ সুগন্ধ৷

জীৱনটো প্ৰেমৰ বাবে৷ মোৰ হৃদয়তো প্ৰেমৰ বিপুল বৈভৱ৷ ভালপোৱাৰ সজল-সুমেঘ প্ৰাপ্তি৷ প্ৰেমতকৈ স্নিগ্ধ সুবাস আছেনো ক? তৰা-জিল্‌মিল্‌ আকাশৰ অভিনৱ জ্যোৎস্নাই মোৰ সুকোমল মনটোক এখন সাতোৰঙী আলোৱানৰ নিচিনাকৈ আলফুলকৈ মেৰিয়াই ললে৷

মৌন সময়ক জয় কৰিবলৈ ইয়াতকৈ উৎকৃষ্ট উপায় মই বিচাৰি নাপালোঁ৷ বিচাৰি নাপালোঁ ইয়াৰ অন্য কোনো সৰল সমাধান৷

শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ