(২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে)
ড° জোনালী পাটোৱাৰী বৰা
আমাৰ
বাবে কিতাপ বুলিলেই দেউতা৷ নতুন কিতাপ এখন খুলিলেই আজিও দেউতা-দেউতা গোন্ধ এটা পাওঁ৷
মাকে
ধৰি আমাৰ চাৰিওটা ল’ৰা-ছোৱালীৰে জন্মদিনত অথবা আন কিবা বিশেষ উপলক্ষত আৰু কেতিয়াবা
একো বিশেষ কাৰণ নোহোৱাকৈও দেউতাই আমাক কিতাপ উপহাৰ দিছিল৷ লোকৰ বিয়া-সবাহতো সদায় কিতাপ
আৰু প্ৰয়োজনবোধে অৰ্থ সাহায্য কৰিছিল আৰু আমাকো সেই শিক্ষাই দিছিল৷ তিনিজনীকৈ ছোৱালীৰ
“কন্যাদায়গ্ৰস্ত পিতৃ” হৈও এদিনলৈও আমাৰ বিয়ালৈ বুলি পাট বা মুগাৰ কাপোৰ অথবা আ-অলংকাৰ
কিনি থোৱাৰ কথা নিজেও নাভাবিলে আৰু মাকো ভাবিবলৈ নিদিলে৷ “ভালদৰে পঢ়া-শুনা কৰক, সিহঁত
এদিন নিজেই নিজৰ সম্পদ হ’ব৷” -এয়াই আছিল মা-দেউতাৰ বিশ্বাস৷
সাতাইশ
বছৰ বজালী মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত চাকৰি জীৱনৰ শেষৰ নটা বছৰ দেউতাই বৰনগৰ
মহাবিদ্যালয়ত অধ্যক্ষৰ আসনত আছিল৷ এদিনলৈও গাড়ী চলাবলৈ নিশিকিলে, সদায় বাছতেই অহাযোৱা
কৰিলে৷ হাতৰ বেগখনত অইন কিবা থাকক নাথাকক, কিতাপ দুখন থাকিবই৷ মেজত মেলা কিতাপ এখন,
মিহি-মিহিকৈ চোবাই থকা তামোলেৰে গহীন-গম্ভীৰ মুখখন আৰু ডাঠ ফ্ৰেমৰ চছমাৰ আঁৰত গভীৰ
নিমগ্ন দুটা চকু – বহি থকা চকীখন অধ্যক্ষৰেই হওক অথবা হাজাৰ হাজাৰ মাইল ওপৰেদি উৰি
থকা উৰাজাহাজৰ বিলাসী আসনখনেই হওক৷ মানুহ একেজনেই৷ হাতত কিতাপখন সহিতে পৃথিৱীৰ আটাইতকৈ
সুখী মানুহজন৷
এইবেলি
বিহুৰ বতৰতে পাঠশালাৰ ঘৰলৈ গৈ পুৰণি আলমাৰি চাফা কৰোঁতে পোৱা কিছুমান কিতাপৰ ফটো (দেউতাৰ
স্বাক্ষৰিত৷) মোৰ তলৰ ভনীজনীয়ে মোলৈ পঠাই দিছিল৷ “বিশ্ব গ্ৰন্থ দিৱস” বুলি (যদিওবা
কালিয়েই পাৰ হৈ গ’ল৷) তাৰে কেইখন আজি Share কৰিবলৈ মন গ’ল৷
প্ৰথমখন
কিতাপ পূজ্যপাদ হোমেন বৰগোহাঞি ছাৰৰ “উচ্চাকাংক্ষা”৷ আমাৰ একমাত্ৰ ভাইটো (Dr Kaustuv Patowary )ক দেউতাই দিছিল ১৯৯৮ ইং চনৰ
ডিচেম্বৰৰ বাৰ তাৰিখে৷ হিচাপ কৰি দেখিছোঁ সেই সময়ত তাৰ বয়স আছিল দহ বছৰ৷ বেচেৰাটোৱে
কি বা বুজি পাইছিল ! অথচ বুজা-নুবুজাৰ মাজতে সিও কিতাপখনৰ শেষৰ পৃষ্ঠাটোত তাৰ তেতিয়াৰ
নাম আৰু ধাম লিখি থৈছিল (খুব সম্ভৱ দেউতাক অনুসৰণ কৰিয়েই৷) দ্বিতীয়খন কিতাপো বৰগোহাঞি
ছাৰৰেই, “স্বাস্থ্যৰ সাধনা”৷ তাকেই দিছিল দুহেজাৰ ষোল্ল চনৰ নৱেম্বৰৰ তিনি তাৰিখে৷
অৰ্থাৎ আজিৰ পৰা ঠিক দহ বছৰৰ আগেয়ে৷ উল্লেখিত দুয়োটা দিনৰ এটাও কিন্তু তাৰ জন্মদিন
নহয়৷ উভতি চাই দেখিছো – তাৰে কেইমাহমানৰ আগেয়ে মাত্ৰ নতুন দিল্লীৰ গংগাৰাম হস্পিটেলত
দেউতাৰ প্ৰথমটো মেজৰ অপাৰেচন হৈ গৈছিল৷
সঁচাকৈয়ে
কিতাপত কি যে এক সন্মোহিনী শক্তি লুকাই আছিল দেউতাৰ বাবে! জীৱন জীয়াবলৈ৷ জীৱন জিনিবলৈ৷
নিজৰো৷ লগতে আনৰো৷
দেশৰ
দক্ষিণ-পশ্চিমৰ আটকধুনীয়া মহানগৰী এখনত সপৰিয়ালে থকা নুমলীয়া ভনীজনীক বাদ দি আমি তিনিটা
এতিয়া কৰ্মসূত্ৰে একেখন মহানগৰীতে ওচৰা-উচৰিকৈ থাকোঁ৷ ঘনাই লগালগি হোৱাৰো সুবিধা পাওঁ৷
ভাইটিৰ মুখখন দেখিলেই মোৰ একেবাৰে “উলাহে নধৰে হিয়া”৷ তালৈ আগবঢ়াই দিয়া হৰেকৰকম ব্যঞ্জনৰে
ভৰা ভাতৰ কাঁহীখনলৈ চাই সি প্ৰায়েই কয় – “বাইদেউ, আমি খোৱাটো, বিশেষকৈ ৰাতিৰ সাজ এৰিবৰ
হ’ল আৰু৷” মই বোলো, হয়তো আকৌ! নহ’লেনো দেউতাই তোমাক সেই তেতিয়াই সেইখন কিতাপ দি থৈছে
নে! ভাতৰ গৰাহটো মুখত ভৰাই সি ওপৰলৈ চাই মিচিককৈ হাঁহে৷ ময়ো হাঁহো৷ অথচ মই জানো –
তাৰ অন্তৰখনে কান্দে৷ মোৰো৷ কোনেও কাকো নকওঁ৷ কোনেও কাকো নেদেখুৱাওঁ৷
এৰা,
কিতাপে হঁহুৱায়৷
কিতাপে
কন্দুৱায়৷
কিতাপেই
জীৱন৷
নে জীৱনেই
কিতাপ ?
(ফটোত সেয়া আমাৰ পাঠশালাৰ ঘৰৰ বাৰাণ্ডাত কণমানি ভাইটি--চছমা আৰু চেণ্ডেল বেলেগৰ, হাতৰ কিতাপখন নিজৰ৷)

.jpeg)

