অন্যযুগ/


মেকবেথ

 শিৱানন্দ কাকতি



একেবোৰ কথাকে সকলো দিশৰ পৰা বাৰে বাৰে শুনি শুনি দেখি দেখি সকলোৰে লগতে কথাবোৰো ভৱেনৰ প্ৰায়ে মুখস্থ হৈ গৈছে৷ কোনটো শাৰীৰ পাছত কি শাৰী, কোনটো শব্দৰ পাছত কোনটো শব্দ, ইটো শব্দৰ লগত আনটো শব্দৰ কিমান বিৰতি– প’জ এই সকলোবোৰৰ ডিটেইল কোনো পৰিশ্ৰম নকৰাকৈয়ে চৌপাশৰ পৰিৱেশৰ মাজত ভীতিগ্ৰস্ত মানসিক স্থিতি এটাৰ সৈতে এতিয়া প্ৰায় সমগোত্ৰীয় হৈ পৰিছে৷ অহৰহ ভয় এটাৰ আৱৰণৰ মাজত এতিয়া কেৱল নিষেধাজ্ঞা, নিৰ্দেশনা আৰু নিৰ্দেশনা৷ বাধা-নিষেধ, সাৱধানী আৰু ৰাজহুৱা হুকুম৷

মাজে মাজে একো একোটা অৱস্থাৰ বাধ্যতামূলক ধাৰাবাহিকতাত দি থকা বা শুনি থকা নিৰ্দেশনাবোৰ ক্ৰমে পাতল আৰু গতানুগতিক হ’বলৈ ধৰিলেও ভৱেনে যেতিয়াই হাত দুখন ভালদৰে ধোৱাৰ কথা শুনে বা টিভিৰ পৰ্দাত দেখা পায় হাত ধোৱাৰ নিয়ম, তেতিয়াই তাৰ মহেন্দ্ৰ গোসাঁইলৈ মনত পৰে৷

গাঁওখনত সিহঁতৰ দুটা নামঘৰ৷ দুয়োটাই আহল বহল আৰু ডাঙৰ৷ গাঁৱত আন কোনো সৰু নামঘৰ নাই যদিও গাঁৱৰ মাজভাগতে থকা নামঘৰটো বৰ নামঘৰ৷ গাঁওখনত ভাগে ভাগে কেইবাটাও খেল থাকিলেও ৰাজহুৱা বা বছৰেকীয়া সেৱা, গুৰু দুজনাৰ তিথি, ভাদমহীয়া সংক্ৰান্তি এই সকলোবোৰ গোটেই ৰাইজখনে একেলগেই পাতে বৰ নামঘৰত৷ বছৰেকীয়া ভাওনাও এই নামঘৰতেই হয়, একেলগে৷

আনটো নামঘৰ গাঁওখনৰ এমূৰে৷ তাত দুঘৰমান মহন্ত মানুহ আছে৷ এই মহন্ত কেইঘৰো মাজে মাজে গোটেই গাঁওখনৰ ৰাজহুৱা বা বছৰেকীয়া সেৱালৈ বৰ নামঘৰলৈ আহে যদিও তেওঁলোকৰ আন কাম-কাজবোৰ তেওঁলোকৰ নিজৰ নামঘৰতে হয়৷ সত্ৰ এখনৰ ঠাল এটা, মাজুলীৰ ডিচিয়াল সত্ৰ৷ সত্ৰৰ এই নামঘৰটোও সমানে ডাঙৰ৷

বৰ নামঘৰৰ ডাঙৰ ডাঙৰ কাঠৰ খুঁটাবোৰ দুহাতেৰে সাবটি ঢুকি নোপোৱা৷ খুঁটাৰ ওপৰত শাল কাঠৰ কেচি-বাটামৰ ওপৰত মজবুত টাটা টিনপাতৰ নামঘৰ৷

গাঁৱৰ মূৰৰ গোসাঁই নামঘৰ, চিমেণ্টৰ ঢালাই কৰা খুঁটা৷ চৰকাৰী অনুদানৰ টকাৰে ডাঙৰকৈ সজোৱা৷

আৰু এটা প্ৰাৰ্থক্য আছে৷ বৰ নামঘৰটো চাৰিওপিনে মুকলি৷ কোনো বেৰ-চকোৱা নাই৷ গোসাঁই নামঘৰটো চাৰিওপিনে বেৰ দি আৱৰা৷ ভিতৰ দেখা নোপোৱা বৰ বৰ কাঠি-কামি কৰা বাঁহৰ জাপ৷

ইয়ালৈকে গোটেই অঞ্চলটোৰ এই সত্ৰত ভজা শিচবোৰ আহে৷ প্ৰায়বোৰে শৰণ ল’বলৈ আহে৷ কিছুমান আহে বিধি-বিধান নিবলৈ৷

গোসাঁয়ে শৰণ দিয়ে৷ বয়সস্থ গৃহস্থী আহে মাজে মাজে ভজন ল’বলৈ৷ এই শৰণ-ভজনৰ বাবেই বোধহয় গোসাঁইৰ নামঘৰ চাৰিওপিনে ঢকা৷ ভিতৰত কি হৈ আছে বাহিৰৰ পৰা ধৰিব নোৱৰা৷

নামঘৰটো এৰিয়েই ডাঙৰ এখন খেলপথাৰ, ৰাজহুৱা৷ এই খেলপথাৰতেই গাঁৱৰ সকলো ডেকা-চেমনীয়াৰ নানান খেল৷ ভাটিবেলা নিয়মিত খেল থাকিলেও দেওবাৰ বা বন্ধবাৰে প্ৰায়ে ভৱেনহঁত দুপৰীয়া ভাগতে আহে৷

দেওবাৰে দুপৰীয়া গোসাঁই নামঘৰত প্ৰায়ে ভিৰ থাকে৷ শৰণ ল’বলৈ অহা মানুহৰ ভিৰ৷ বাপেকহঁতে বিয়া ঠিক হোৱা বা অলপতে বিয়া হৈ যোৱা পুতেকহঁতক বা কেতিয়াবা এনেয়েও ডেকা পুতেক, ভতিজাকহঁতক গোসাঁইৰ ওচৰত শৰণ দিয়াবলৈ লৈ আহে৷ বয়সীয়া দুই এজন আহে ভজন-সাৰ ল’বৰ বাবে৷ মালাবস্তু ল’বলৈ মাজে-মাজেহে কেতিয়াবা আদহীয়া ভকতসকল আহে৷

মাহ-প্ৰসাদ এই সেৱকীসকলেই আনে৷ শৰণীয়াসকলে মন ভৰি প্ৰসাদ-ফলাহাৰ আনে৷ কেতিয়াবা অভগন প্ৰসাদ হয় দেওবাৰে৷

খেলা-ধূলাৰ লগতে এই মাহ-প্ৰসাদৰ লক্ষ্য, দেওবাৰে দেওবাৰে সদায়ে ভৱেনহঁতৰ থাকে৷ সেয়ে দুপৰীয়াতে সিহঁতে খেলা আৰম্ভ কৰে৷ গোসাঁয়েও খেলি থকা ল’ৰাবোৰক উদ্দেশ্য কৰিয়েই প্ৰসাদ সৰহকৈ তিওৱায়৷ আনকি কেতিয়াবা নিৰামিষ একসিদ্ধ হ’লেও সিহঁতে নিমন্ত্ৰণ পায়৷ ঘৰত খাই আহিলেও বা গৈ খাব লগা থাকিলেও কোনো ইতঃস্তত নকৰাকৈয়ে সিহঁতেও শাৰী পুৰাই বহেহি৷

ভাগে ভাগে খেল৷ বয়স অনুসৰি বহল খেলপথাৰখনত খেল চলি থাকে৷ ভৱেনহঁতৰ ফুটবল খেল৷ ফুটবল মানে ৰবাৱ টেঙাৰ বলৰ ফুটবল খেল৷

কোনোবা এটাৰ ভৰিৰ চুটৰ জোৰত এবাৰত গোসাঁই নামঘৰৰ মূধচ পাৰ হৈ আনটো পাৰে বলটো পৰিলগৈ৷

সকলোৱে ভৱেনলৈকে চালে৷ ভৱেন নামঘৰৰ কাষতে চেণ্টাৰ ফ’ৰৱাৰ্ড৷

সিয়েই দৌৰি গ’ল বল আনিবলৈ৷ ল’ৰাহঁতে প্ৰায়েই দুই-তিনিটা ৰবাৱ টেঙা লৈ খেলিবলৈ আৰম্ভ কৰে৷ এইটো নাপালেও ক্ষতি নাই৷ পালেও বেয়া নহয়৷ ভৱেন নামঘৰটোৰ ইটো পাৰে আগবাঢ়ি গ’ল, বল বিচাৰি৷ ভৱেন আহি পায় মানে বাকীবোৰৰ খেলো আন এটা নতুন বলেৰে চলি থাকিল৷

ভৱেন অলপ সময় ৰ’ল৷ অলপ সময় লাগিল বলটো বিচাৰিবলৈ৷ সি আৰু অলপ আগুৱাই গ’ল মণিকূটটোৰ পিনে৷ বল বোধহয় মণিকূটৰ কাষত পৰিছেগৈ৷

মণিকূটৰ পিনে নামঘৰটোৰ ডাঙৰ জাপ এখন ডাং এডাল দি থোৱা আছে৷ আজি মানুহ কম৷ নামঘৰত মাত্ৰ এজন শৰণীয়া৷

ভৱেনৰ নামঘৰটোৰ মজিয়ালৈ চকু গ’ল৷

শৰণীয়াজন নামঘৰৰ মজিয়াত মণিকূটৰ থাপনাৰ পিনে প্ৰসাৰিত হাত মূৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ শৰীৰটোৰে সাষ্টাংগে সেৱা কৰি তললৈ মূৰ কৰি থিৰ হৈ পৰি আছে৷ মূৰটোৰ কাষতে মাত্ৰ অলপ দূৰত পথালিকৈ কঠ এখনত ভৱেনৰ পিনে পিঠি দি বহি আছে মহেন্দ্ৰ মহন্ত, মহেন্দ্ৰ গোসাঁই৷

গোসাঁইৰ মুখেৰে ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, হৰি হৰি শব্দ ফুটি আছে অহৰহ৷ শৰণৰ মূল পৰ্ব বোধহয় শেষ হ’বৰ হৈছেহি৷

ভবেন ৰৈ গ’ল৷ এনেয়ে৷ নামঘৰৰ ভিতৰত শৰণত কি হয় নহয় সেইবোৰ জানিবৰ আগ্ৰহ তাৰ একেবাৰে নাছিল৷ এতিয়ালৈকে তাৰ মাহ প্ৰসাদ বা একসিদ্ধৰ বাহিৰে আন একোৰে আকৰ্ষণো নাছিল৷ কিন্তু আজি হঠাং দেখা পোৱা এই দৃশ্যই তাক অলপ সময়ৰ বাবে হ’লেও এনেয়ে কিনো কৰে জানিবৰ বাবে কিছু যেন আগ্ৰহান্বিত কৰি তুলিলে৷ গোসাঁইৰ মুখৰ কথা স্পষ্টকৈ শুনিব পৰা দূৰত্বত সি৷ ভৱেন ৰৈ গ’ল৷

গোসাঁয়ে শৰণৰ আন আন কথা আৰু দীক্ষাবোৰ বোধহয় কৈ শেষ কৰিছিল৷ এতিয়া মাত্ৰ অশৌচ, সদাচাৰ আৰু পৰিষ্কাৰ হৈ থকাৰ অন্যান্য বিধান আৰু কথা৷

গম্ভীৰ স্বৰেৰে গোসাঁয়ে এটা কাহিনী আৰম্ভ কৰিলে, সমুখত সাষ্টাংগে পৰি থকা শৰণীয়াজন– মধুকৈতভ নামৰ এটা অতিকায় দৈত্যক প্ৰভূৱে হত্যা কৰিছিল দেৱতাসকলক ৰক্ষা কৰিবৰ বাবে৷ এই মধুকৈতভ অসুৰে বাৰে-বাৰে স্বৰ্গপুৰী আক্ৰমণ কৰিছিল৷ দেৱতাসকলৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা কৰিছিল৷ অৱশেষত অসুৰ নিধন হ’ল৷ কিন্তু এই মধুকৈতভ অসুৰৰ বপু ইমান বিশাল আছিল যে প্ৰভূৱে ইয়াক বধ কৰাৰ পাছত পৃথিৱীত এই দৈত্যৰ আকাৰে ঠাই নোজোৰা হ’ল৷ সেয়ে এই মধুকৈতভ দৈত্যৰ দেহাটোৰে অৱশেষত গোটেই পৃথিৱীৰ ভূখণ্ডত এটা প্ৰলেপ দিয়া হ’ল, এবেগেত এমুঠন এটা তৰপ৷ সেই কাৰণেই পৃথিৱীৰ আন এটা নাম মেদিনী আৰু মধুকৈতভৰ গাৰ মঙহেৰে আবৃত এই পৃথিৱীখনৰ মাটিৰ এবেগেত বা এমুঠন৷ অসুৰৰ মঙহৰ প্ৰলেপৰ এই এবেগেত অশুচি৷

সেই কাৰণেই পুৱা প্ৰাতঃকৃত্য কৰাৰ পাছত মাটি-পানী সদায় এবেগেত মাটিৰ তলৰ মাটিৰেহে ল’বি৷ মাটি-পানী ল’বিও ল’বি মুঠতে একৈছ বাৰ৷   

হাত দুখনেৰে নামঘৰৰ মজিয়াতে এখন হাতৰ আঙুলি মাটিত লগাই আনখন হাতৰ তলুৱাত আঙুলিবোৰ লগাই মাটি-পানী লোৱাৰ নিয়ম এটা যেন গোসাঁয়ে কেইবাবাৰো দেখুৱাই থাকিল শৰণীয়াজনক৷

*** 

সেই যে সৰুতে বল বিচাৰিবলৈ গৈ শুনা মহেন্দ্ৰ গোসাঁইৰ শৰণৰ উপৰঞ্চি অশৌচ বাক্য ভৱেনে আজিও পাহৰিব পৰা নাই৷ মহানগৰত এতিয়া মাটি নাই৷ মধুকৈতভ দৈত্যৰ মঙহ আবৃত মেদিনীৰ গাত চিমেণ্ট কংক্ৰিটৰ বহু তৰপীয়া প্ৰলেপ৷ ভৱেন নিজেও এতিয়া ওখ এটা বহুমহলীয়া ফ্লেটৰ ভিলেজৰ সাত নম্বৰ মহলাত থাকে৷ মজিয়া তাৰ মানবিশিষ্ট কোম্পানি আৰু ব্ৰেণ্ডৰ টাইলছ্‌-মাৰ্বল-গ্ৰেনাইটৰ – য’ত, যেনেকৈ লাগে তাৰ জোখাৰে তৰপবোৰ৷ ইয়াত মাটি ক’ত! কিন্তু পানী আছে আৰু ৰাতিপুৱাৰ সময়ত পানীৰ সৈতে তাৰ মনত ভাহি থাকে মাটি – মাটি-পানী৷

গোসাঁয়ে কোৱা দিহা সি একোকে নকৰে একৈছবাৰ সি হাত নোধোৱে৷ কিন্তু পুৱা ফ্লাছ কৰি হেণ্ডস্প্ৰেডাল ধৰাৰ সময়ত কিয় জানো আজিলৈকে এদিনো সেই গহীন গোসাঁইজনে হাত দুখনেৰে শৰণীয়াজনক দেখুৱাই থকা মাটি-পানীৰ ডেমনষ্ট্ৰেশ্বন সি পাহৰা নাই৷ স্প্ৰেডাল ধৰাৰ মুহূৰ্ততে প্ৰতিটো কথা তাৰ মনত পৰে৷

এই যে একৈছবাৰ হাত ধোৱা, এবেগেত এমুঠন মেদিনী ভেদ কৰি অশুচি পৃথিৱীৰ তলৰ শুচি মাটিৰে মাটি-পানী লোৱাৰ দৃশ্য আৰু অৰ্থ এতিয়া যেন ভৱেনৰ বাবে অতি প্ৰৱল৷ গোসাঁয়ে তাৰ পিনে পিঠি দি আছিল৷ সি কিন্তু গোসাঁইৰ ধীৰ-গম্ভীৰ হাতদুখনৰ মৃদু অথচ অহৰহ প্ৰক্ষালন দেখা পাইছিল৷

এতিয়া আন বহু কথাৰ মাজত কথাই কথাই হাত ধোৱা, হাতৰ ধোৱা-পখলা৷ ইয়াৰ মাজতে টেলিভিশ্বনৰ পৰ্দাত ৰজাৰ হাত ধোৱাৰ দৃশ্যত সি ৰৈ গ’ল৷

কিছুমান বিজ্ঞাপন ইচ্ছা নাথাকিলেও চাব লগা হয়, একোটা বাধ্যবাধক চোৱা৷ ইয়াৰ মাজতে সাধাৰণ ৰাইজক সচেতন কৰিবৰ বাবে ৰজাৰ এই হাত ধোৱা নিয়ম আৰু ধোৱা-পখলা৷

বিজ্ঞাপনৰ দহ-পোন্ধৰ ছেকেণ্ড অতিক্ৰম কৰি এই এটা হাত ধোৱা বিজ্ঞাপন বহু সময় চলি থাকে৷ সুশোভিত সুসজ্জিত বাথৰুম আৰু অতি মনোমোহা বেছিনত ক্ল’জ শ্বটত দুখন হাত মোহাৰি মোহাৰি হাত ধুয়েই থাকে বহুপৰ৷

হঠাং ভৱেনৰ ভাব হ’ল– কি লাগি আছে এই হাতদুখনত!

ভৱেনৰ নিজৰ ৱাশ্ব্ বেছিনত হাত দুখন ধোৱাৰ লগে লগে আন দুখন হাতলৈ তাৰ মনত পৰি যায়৷ প্ৰফেছৰ জানকী বল্লভ চৌধুৰীছাৰৰ হাত৷

প্ৰিভিয়াছত আছিল নেকি ক্লাছটো! চৌধুৰীছাৰে শ্বেক্সপীয়েৰ পঢ়াইছিল– মেকবেথ৷ কি যে এখন জগতলৈ ছাৰে লৈ গৈছিল গোটেই ক্লাছটোক! ক্লাছবোৰ এঘণ্টাৰ আছিল৷ কিন্তু চৌধুৰী ছাৰৰ ক্লাছ যেন আৰম্ভ হ’ল আৰু শেষ হ’ল৷ সন্মোহিত সকলো৷

কিতাপ এখন হাতত আনিছিল৷ ‘মেকবেথ’-খন মেলি প্লেটফৰ্মৰ ওপৰত থকা বহল টেবুলখনত ওলোটাই ৰাখিছিল৷ ছাৰে কেতিয়াও কিতাপখন চাব লগা নহৈছিল৷ প্ৰায়ে তেওঁ চকীত নবহিছিল, ছাত্ৰ-ছাত্ৰীৰ এটেনডেঞ্চো নলৈছিল৷

প্ৰথমে মাত্ৰ কিতাপখনৰ পৃষ্ঠাটো মেলি টেবুলখনত ওলোটাই ৰাখি কেই ছেকেণ্ডমানৰ মৌনতাৰ পাছত ছাৰে লেক্‌চাৰ আৰম্ব কৰিছিল৷

ইতিমধ্যে ৰজা ডানকানৰ হত্যা হৈছে৷ ৰক্তাক্ত মৃত ডানকান শোৱাপাটীত পৰি আছে নিথৰ হৈ৷

চৌধুৰী ছাৰে ক্লাছৰূমটোত এটা পৰিৱেশ সৃষ্টি কৰে৷ কি অসাধাৰণ! কোনো ছাত্ৰ-ছাত্ৰীয়েই যেন সেই শ্ৰেণীকোঠাটোত আৰু নাথাকে– সকলোবোৰ পায়গৈ শোৱনিকোঠা, য’ত থাকে মেকবেথ আৰু লেডী মেকবেথ৷

ডানকানক হত্যা কৰাৰ পাছত লেডী মেকবেথে নিজৰ ঘৰতে আলহীক হত্যা কৰাৰ দুঃখ, দেশৰ ৰজা আৰু স্বজন ডানকানক হত্যা কৰাৰ দুঃখ আৰু বিবেকৰ দংশনত জৰ্জৰিত মেকবেথক সান্ত্বনা দিয়ে– চৌধুৰী ছাৰে অনুচ্চ স্বৰে কয়, ঠিক লেডী মেকবেথে কোৱাদি– যোৱা পানীৰে ধুই পেলোৱাঁ৷ অলপ মাত্ৰ পানীয়ে, এ লিট্‌ল ৱাটাৰে ধুই পেলাব সকলোবোৰ৷

ইমান তেজ আছিলনে এই বুঢ়া ৰজাজনৰ গাত– ইমান তেজ থাকিব পাৰে– এই বুঢ়াজনৰ গাত!

মেকবেথে দুই হাত ধুবলৈ যত্ন কৰে৷

হাত দুখন ধুই ধুই– অতি সন্তৰ্পণে, দুঃখেৰে, নিৰৱে আৰু অন্তৰতম দংশনেৰে বাৰে-বাৰে হাত দুখন ধুই থাকে৷

ক্লাছৰ প্লেটফৰ্মত সকলোৱে মাত্ৰ চৌধুৰী ছাৰৰ কোমল যেন হাতদুখনৰ তলুৱাৰ সৌতে দীঘল আঙুলিবোৰ দেখা পায়৷ অলপ সময় একো শব্দ নকৰাকৈ ছাৰে হাত দুখন মোহাৰি মোহাৰি ধুই ধুই এটা সময়ত অৱশ যেন হৈ পৰি স্বগতোক্তি কৰি যায়– গোট গোট শব্দৰে –

দেৱতা নেপচুনৰ পৃথিৱীত যিমানবোৰ বিশাল মহাসাগৰৰ পানী আছে, সেই সকলোবোৰ পানীয়েও এই দুহাতত লাগি থকা তেজৰ দাগবোৰ আঁতৰাব পাৰিবনে! ধুই নাইকিয়া কৰিবনে! পাৰিবনে নাইকিয়া কৰিব এই দাগবোৰ!

হাতদুখন বাৰে বাৰে মোহাৰি চৌধুৰীছাৰে ধুই থাকে৷ অনেক সময় মৌনতা৷ এটা সময়ত মৌনতা ভংগ কৰি তেজৰ দাগ, মহাসাগৰৰ পানী আৰবৰ সুগন্ধি আৰু ডানকানৰ তেজৰ গোন্ধ এই সকলোবোৰৰ ৰূপক আৰু প্ৰতীকী ব্যাখ্যা ছাৰে আগবঢ়াই যায়৷ মেকবেথৰ হাতৰ দাগ– মেকবেথৰ পাপ নে পৃথিৱীৰ পাপ৷

মেকবেথৰ পাপ নে পৃথিৱীৰ পাপ; সাহিত্যৰ প্ৰতীক অথবা ৰূপক সেইবোৰ ভৱেনৰ ভালদৰে মনত নাই৷ কিন্তু ডানকান হত্যাৰ পাছত হত্যাকাৰী এজনে দাগ আঁতৰাবলৈ কৰা বৃথা চেষ্টাৰ অহৰহ হস্ত প্ৰক্ষালন, হাত ধুই থকা চৌধুৰী ছাৰৰ সমৰ্পিত মুদ্ৰাৰ সেই সৰু হাতদুখন মেকবেথৰ হাততকৈ যেন স্পষ্টভাৱে তাৰ চকুৰ সমুখত ভাহি আছে৷ এতিয়াও৷

পৃথিৱীৰ পাপ; সেয়ে এতিয়া চৌদিশে কেৱল হাতধোৱা, হাতধোৱা আৰু হাতধোৱা৷ কিহৰ দাগ মানুহৰ এই হাতবোৰত? মধুকৈতভ দৈত্যৰ মঙহৰ ওপৰত আধুনিক মানুহৰ তৰপে তৰপে শিল-বালি৷ তাৰ সপ্তম তলাৰ মজিয়াত গ্ৰেণাইট, মাৰ্বল, টাইলছ্‌ – ভয় কিহৰ! কিন্তু দাগ ক’ৰবাত এতিয়াও ৰৈ আছে নেকি! ক’ৰবাত ৰৈ আছে নেকি এতিয়াও পৃথিৱীখনত অতি ভয়াৱহ দাগবোৰ, তেজৰ গোন্ধ বা চমকা-চমক চেঁকুৰা! সমগ্ৰ আৰবৰ সুগন্ধি বা মহাসাগৰৰ অনন্ত জলৰাশিয়ে শেষ কৰিব নোৱৰা, মচিব নোৱৰা বা ধুই নিকা কৰিব নোৱৰা!

টিভিটোৰ ডাঙৰ স্ক্ৰীণখনত ৰজাই হাত ধুয়েই আছে৷ কেনেকৈ ধুব লাগে হাত, কেনেকৈ আঁতৰাব লাগে দাগ৷ কিয় জানো, ভৱেনে মনোযোগেৰে চাই ৰ’ল৷ সিংহাসনখন পাবৰ বাবে কিমান কি কৰিব লগা হৈছিল মহাৰাজে! কিমান দাগ লগাব লগা হৈছে দুহাতত?

এতিয়া যেন পৃথিৱীৰ সকলো মানুহেই ধুব লগা হৈছে দুহাত৷

হঠাং সি ভাবিলে, এই যে সপ্তম মহলা সি অতিক্ৰম কৰিলেহি, তাৰো ক’ৰবাত আছে নেকি কাৰোবাক কৰা হত্যা বা ৰক্তপান? কাক কিমান কি কৰি সি আহি পাইছেহি এই ঠাই! মজিয়া তাৰ আপাত তেজহীন, মসৃণ৷ কিন্তু তথাপি আছে নেকি এতিয়াও ক’ৰবাত কিবা দুৰ্গন্ধ, আছে নেকি তাৰ দুহাতৰ আঙুলিত তেজৰ দাগ!

চিৰামিকৰ বেছিনৰ আলসুৱা শব্দহীন পানীৰ ধাৰাত সি কিমান সময় জানো তাৰ হাতদুখন ধুই থাকিল৷

***

ভ্ৰাম্যভাষ : ৯৪৩৫০৬০৫১৩  

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ