মূল : ৰামকুমাৰ
মুখোপাধ্যায়
অনুবাদ : কুমুদ ঘোষ আৰু
সত্যেন চৌধুৰী
(তৃতীয় খণ্ড)
বাস্তু
– ‘বাস’ৰ পৰা ‘বাস্তু’৷ প্ৰত্যেকৰ ঘৰ-সংসাৰৰ এটা
বাস আছে৷ মৌ-মাখিৰ সংসাৰৰ কথাকে ধৰক৷ চাক সাজিছে ঘৰৰ মূধচত বা তেতেলি গছত, বাস্তু এটা থাকিবই৷ পথাৰত সৰিয়হ ফুল ফুলিলে
মৌচাকত সৰিয়হৰ বাস্তু, জিকা ফুল ফুলিলে
জিকাৰ বাস্তু৷
– হয়, যিবোৰৰ ডেউকা আছে সিহঁতৰ বাস্তু ওখত৷ ওখত সুবিধা হ’ল বোকা-পানীৰ ভয় নাই৷ বান
হ’লে পখীৰ বাহ পানীত উটি নাযাব৷ আৰু এটা কথাও আছে, বাহটো দুলিব৷ ধাৰণা হ’ব ওৰে জীৱন মাকৰ কোলাত
দোল খাই আছে৷
– মানুহ ওৰে জীৱন সৰু হৈ নাথাকে, আপুনি হক কথাই কৈছে৷ তেতিয়া ৰাধা-কৃষ্ণ হৈ
দোলনাত দুলিব৷ তবে দোলনটো দৰকাৰ৷ বুঢ়া বয়সত টোপনি নধৰে, অলপ দোলন পালেই টোপনি গ’লোঁহেঁতেন৷ সেই ভাগ্য
মানুহৰ নহ’ল৷ পখীৰ হ’ল৷ ভগৱন্তই পখীক দিলে আকাশ, গৰু-ছাগলী-মানুহক থল আৰু মাছ-কুম্ভীৰ-কাছক
পানী৷ সকলোৱে নিজৰ নিজৰ বাস্তু গঢ়িলে৷
– কোনটো ভাল সুধিছে? হেৰি, ভাল-বেয়া বুলি একো নাই৷ যি যাৰ নিজৰ ঘৰখনতে ভাল৷ মুকুলৰ পৰা মলি আমৰ জনম৷
বাঢ়ি বাঢ়ি পূৰঠ৷ সেউজীয়া ৰং হালধীয়া হ’ল৷ তাৰ পাছত ঠাঁৰিৰ পৰা টুক্কৈ খহি পৰিল৷
তেতিয়া বুটলি আনি খালে৷ তালো সেয়াই৷ সিফালে মাছ পাৰলৈ উঠিলেই আয়ু শেষ৷ মানুহে টেঙা
জলকীয়াৰে গিলিব৷ শিয়াল আৰু ঘঁৰিয়ালৰ কাজিয়াখনৰ কথা শুনা নাই নে আপুনি? শিয়ালৰ ঘৰত ল’ৰাহঁতক পঢ়িবলৈ পঠিয়াই ঘঁৰিয়ালৰ
সকলো কেইটি ল’ৰা শিয়ালৰ পেটলৈ গ’ল৷
– অ’, পানীৰ মাজতো আকৌ যিয়ে যাৰ নিজা মৰ্জি মতে ঘৰ সাজে৷ কোনোবাটো সাগৰত, কোনোবাটো নদীত, কোনোবাটো খালত, কোনোবাটো পুখুৰীত৷ যাৰ যেনে পানীভাগ পছন৷ আকৌ
পুখুৰীৰ পানীতো শিঙি-মাগুৰ আৰু ৰৌ-বাহুৰ বেলেগ বেলেগ সংসাৰ৷ শামুক পুখুৰীত থাকে
কিন্তু গছৰ ভঙা ডাল-পাত পালে তাতহে ঘৰ সাজে৷ কেঁকোৰাৰ ভেটি আকৌ ভিন৷ খোঁজকঢ়াৰ
বাবে পানীৰ ভিতৰত তাক থল দৰকাৰ৷
– হয়, এতিয়া থলৰ কথা৷ বাৰু আহক, অলপ হাড়িয়া লওক৷
– থলত বহি পানী খাইছোঁ৷ হেৰি, বৰ গধুৰ কথা ক’লে৷ কিহৰে খাইছে? মুৱা মাছৰ ভঁজাৰে৷ এয়াও হ’ল পানীৰে বস্তু৷
এনেয়ে বাৰু পানীক জীৱন বোলেনে? জীৱন নন্দীয়ে
এডুবতে পুখুৰী ইপাৰ-সিপাৰ হৈছিল৷ পানীত এনেকৈ উপঙিছিল যেন শৱহে উপঙি আছে৷ এবাৰ
কাউৰী এটাই শৱ বুলি ভাবি খুঁটিয়াই দিছিল৷
– নাই নাই, জীৱন নন্দী জী থকা নাই৷ যোৱা বছৰ মৰিল৷ পুখুৰীৰ
পাৰত বহি নিম ডালেৰে দাঁত ঘঁহিছিল৷ বচ্, টুক্কৈ মূৰটো হাউলি গ’ল৷ বাগৰি বাগৰি পুখুৰীত৷ পানীৰ প্ৰাণী পানীত৷ ডাক্টৰে
ক’লে ষ্টক৷ পুখুৰীৰ পানীত প্ৰাণ-বায়ু মিলি গৈ একাকাৰ হ’ল৷
– হয়, থলৰ সংসাৰ বেলেগ৷ কেঁচু গাত খান্দি গুচি গ’ল মাটিৰ তললৈ৷ কদুৱে বাহ সাজিলে ধান
খেৰৰ দ’মৰ তলিত৷ সাপ সোমাল গাঁতত৷ শিয়ালৰ গাটো ডাঙৰ৷ সি পুখুৰীৰ পাৰৰ ডাঙৰ গাঁতত
মূৰ সোমোৱালে৷ ভেকুলীয়ে পানীৰ কলহৰ পাছে পাছে দিলে খোঁজ৷
– হেৰি, তাগিদা নিদিবচোন৷ সংসাৰ বুলি কথা, আপুনিতো সাউৎকৈ আৰু পাতিব নোৱাৰে৷ এই বাবেই শিৱ গোসাঁই স’তে শহুৰেকৰ ঘৰৰ
ফলাফলি৷ শাহু-শহু¸ৰ দুয়োৰেই
জোৱায়েকৰ ওপৰত ভীষণ খং৷ শুনক – ‘গিৰি, এইবাৰ উমা আহিলে, আৰু উমাক নপঠাও৷
মানুহে কওক ইটো-সিটো, কাৰো কথা
নুশুনো৷’
– ঠিক ধৰিছে, শাহুয়েই কৈছে৷ শিৱ গোসাঁইৰ শাহু, উমাৰ মাক৷ কিন্তু ‘নপঠাও’ বুলি ক’লেই মচ্ খাই
নাযায়৷ শিৱ গোসাঁই আহি যদি কাজিয়া কৰে? সেয়াতো তেওঁ কৰিবই পাৰে৷ তোমাৰ ছোৱালী হ’লেও মনত থ’বা তেওঁৰতো ঘৈণী৷ তেওঁৰ হক
নাই বুলি বুলিব নোৱাৰে৷ কেৱল ল’ৰাৰ মাকেই নহয়, ছোৱালীৰ মাকেও সংসাৰ ভাঙে৷ কয় বোলে, ‘মাক-জীয়েকে কাজিয়া কৰিম তথাপি জোঁৱাইক নামানো!’
কিয় নামানিব? শিৱই
শ্মশান-তচানত ঘূৰি ফুৰে, সেয়ে শাহু-শহুৰৰ
বৰ ঠেহ৷
– হয়, আজিকালিৰ দিন হোৱা হ’লে ‘ইন্দিৰা আৱাস’ হৈ গ’লহেঁতেন৷ তবে, বিচাৰিলেই বাৰু হ’বনে? নিজা মাটি লাগিব৷ পঞ্চায়তৰ মুৰব্বীয়েতো শ্মশানৰ
মাটিত ঘৰ সাজিবলৈ নিদিব৷ আকৌ মাটি থাকিলেও যে হ’ব তেনে কথা নাই৷ কাষৰ গাঁৱৰ পঞ্চায়তৰ মুৰব্বীয়ে টকাৰ নামত দিলে
চাৰিভাগৰ এভাগ৷ ক’লে প্ৰথমেই আধাখিনি দিলে খাই পেলাবি৷ কথাটো মিছা কোৱা নাছিল৷
কিয়নো মানুহটোৱে চাৰিভাগৰ এভাগো খাই পেলালে৷ সিফালে চাৰিভাগৰ এভাগ খালে পঞ্চায়তৰ
মুৰব্বীয়ে৷ বাকী আধাখিনি ভাগ ভাগ হ’ল৷ বচ্, ইন্দিৰা আৱাস গছৰ তলত৷ আজি নিচাটো ভাল জমিছে,
কি কয়?
– হয়, নিচা দৰকাৰ৷ নিচা নাই সেইজন লোক একা-চেকা৷ কেৱল খালে আৰু শুলেই নচলিব৷ মনৰ
সংসাৰ ঠিক ৰাখিবলৈ হ’লে নিচা এটাৰ দৰকাৰ৷ সেয়া আপুনি নাটক, যাত্ৰা, গীত-মাত, ৰাজনীতি কৰক নাইবা হাড়িয়া খাওঁক৷ নিচা এটা
থাকিবই লাগিব৷ ৰামপ্ৰসাদৰ মদৰ নিচা নাছিল কিন্তু কালি গোসাঁনীৰ ভাবত বিভোৰ আছিল৷
– হয়, কালি গোসাঁনী জীয়েক হিচাপে প্ৰসাদৰ ঘৰলৈ আহিছিল৷ জেওৰা বান্ধোতে টঙাল ধৰিছিল৷
গোসাঁনীয়ে টঙাল ধৰিলে সেই জেওৰা পাৰ হয় কোনে! ভেটি বন্ধা হৈ গ’ল৷ মাখিও আৰু সোমাব
নোৱাৰিব৷ এইবাৰ কওকচোন বাৰু প্ৰসাদে জেওৰা দিছিল কিয়?
– গৰু-ছাগলী নোসোমাবলৈ বুলি কৈছে? সেয়াতো হয়েই৷ জেওৰা নিদিলে গৰু-ছাগলীয়ে লাউৰ আগ
খাব, পূৰৈ শাকৰ শিপালৈকে উঘালি
দিব৷ জিকা গছৰ গুৰি-গোষ্ঠী শেষ কৰিহে এৰিব৷ জলকীয়া গছৰ মূৰবোৰ ভাঙিব৷ ভজা কমাৰৰ
বলধটো বিনোদ ৰায়ৰ সুখৰ সংসাৰত সোমাল৷ সব একেবাৰে তচনছ৷ বিনোদে বলধটোক পাউনত দিলে?
তাৰ পাছত সেইয়া দুই দলৰ
টোকোনৰ যুঁজ হ’লগৈ৷ বলধটোৱে থিয় হৈ চালে৷ কিয় চালে কওঁকচোন বাৰু?
– নোৱাৰিলে নহয়নে? মনে মনে কলি এটা আওৰাইছিল৷ কি কওকচোন? ‘আহিছিল দমৰা কাৰ গোহালিত খাবলৈ দানা?’ ভাবটো বুজিলেনে? হেৰি, বিনোদ ৰায় কাৰ গোহালিত দানা খাইছে সেইয়া বাৰু তেওঁ নিজেই জানেনে? খাব লাগে সেয়ে খোৱা, শুব লাগে সেয়ে শোৱা৷ কোনে যে কাৰ সংসাৰত খাইছে
তাৰ হিচাপ আছেনে? মাজৰ পৰা বলধটো
পৰিল পাউনত৷
– তেনেহ’লে গোসাঁনীয়ে প্ৰসাদৰ জেওৰা বান্ধি দিছিল
কিয় সুধিছে? হক কথা কৈছে৷ গোসাঁনীয়ে
বান্ধিছিল নে খুলিছিল কোনে জানে! তবে কি জানে, বান্ধোন লাগিব৷ বান্ধোন নাথাকিলে মুচাফিৰ হৈ
পৰিব৷ আকৌ জেওৰাখন বেছি মজবুত হ’লে আপুনি নিজেই আটক হৈ পৰিব৷ তেতিয়া জেইলৰ কয়েদী৷
বান্ধোনটো টান হ’লেও কিন্তু গাঁঠিটো চুঁচনি গাঁঠি হ’ব লাগিব৷
– ঘটনাটো খেলিমেলি যেন লাগিছে নহয়নে? আঁত বিচাৰি পোৱা নাই নেকি? হেৰি, নিচা তালুত উঠিলে এনে হয়েই৷ বিনোদ খাঁয়ে যোৱাটো বজাৰবাৰত এনেকৈ গিলিলে যে খোজ
দিওঁতে এনে লাগিছিল যেন ভৰা কলহৰ কাণেদি পানী চিটিকি পৰিছে৷ ওৰে ৰাতি সেয়ে গাঁওখন
ঘূৰি-ফুৰিয়ো ঘৰ বিচাৰি নাপালে৷ শেষত ঘূৰি ফুৰি মোৰ ঘৰলৈ আহিল৷ চালা কুকুৰে কয় বোলে
গাঁৱৰ প্ৰতিটো ঘৰেই নিজৰ যেন লাগিছে৷ কিয় বাৰু তেনেকৈ কৈছে কওকচোন? আঁত হেৰুৱাইছে৷
– মোৰ ভেটি কেনেকুৱা সুধিছে নহয়নে? কোনো গোলমাল নাই৷ দক্ষিণমুৱা ঘৰ৷ গৰমত বতাহ পাব,
জাৰত ৰ’দ৷ প্ৰসাদে জেওৰা
দিছিল, মই হ’লে নাই
দিয়া৷ গতিকে ৰ’দ-বতাহ সোমোৱাৰ সকলো বাট খোলা৷ আমাৰ চুবুৰীৰ কাৰো ঘৰতে বেৰ নাই,
সেয়ে বতাহ আপোন-মনে বলে৷
আৰু বেছিকৈ ৰ’দ লাগিলে পুখুৰীৰ পাৰত বহেগৈ৷
– হয় হয়, শলখা লাগিবই৷ পথাৰৰ কাষতে ঘৰ, সন্ধিয়া পৰত
শিয়াল ওলায়৷ সেয়ে হাঁহ-কুকুৰাৰ গৰালৰ শলখা লগাই দিওঁ৷ গাহৰিৰ বেলেগ ব্যৱস্থা৷
ছাগলী দুটাৰো সেই একে ব্যৱস্থা৷ এজনী গৰু আধিত পুহিছোঁ৷ সেইজনীয়েই চলাই আছে৷ বাৰী
ৰখীয়া সাপ এডালো আছে৷
– নাই নাই, ভয়ৰ কোনো কথা নাই৷ একোৱেই অপকাৰ নকৰে৷ নিজৰ ঘৰত
আপোনমনে শুই থাকে৷ মন গ’লে পথাৰৰ পৰা ভেকুলী এজনী ধৰি আকৌ গাঁতৰ ভিতৰ সোমায়গৈ৷
জাৰত কোনোদিনেই দেখিবলৈ নাপাব৷ জাৰত বৰকৈ কেঁকোৰা লগা জাত৷ পাক লাগি শুই থাকে৷
টিকা ফটা ৰ’দ পালেই এবাৰ গা গৰম কৰি আকৌ সাউৎকৈ গাঁতৰ ভিতৰ পায়গৈ৷
– নহয় বুইছে, সব সাপ বাৰীৰখীয়া সাপ নহয়৷ পথাৰৰ সাপো আছে৷
ধুন্দুলী ফেঁটী পথাৰতো থাকে, ধান খেৰৰ মেজিৰ
তলতো থাকে৷ অজগৰ থাকে হাবিত৷ শালগছত পাক দি ৰ’দ লয়, পখীৰ পোৱালী গিলে৷ তেনেহ’লে চাওঁক সাপৰো আকৌ কত
বাস্তু৷ বাস্তু সাপৰো আকৌ বেলেগ বেলেগ ঘৰ৷ বামুণীসাপ থাকে দেৱালৰ ফাঁকত, মেকুৰী সাপ গাঁতত, মাৰলি সাপ ঘৰৰ চালত আৰু সেউজীয়া লতা সাপ জিকা
কোমোৰাৰ লগত৷
– হয়, মানুহৰ ভেটি৷ কেৱল ভেটি হ’লেই নহ’ব, ঘৰ সাজিব লাগিব৷ যাৰ টকা-পইচা বেছি তেওঁৰ দালান৷ পঞ্চায়তৰ পইচা বেছি সেয়ে
দালান৷ ডাঙৰ ইচকুলৰ পইচা বেছি সেয়ে পকীঘৰ৷ পঞ্চায়তৰ মুৰব্বীৰ ধন বেছি সেয়ে পকা
ৰাস্তাৰ কাষতে ইটাৰ নতুন ঘৰ৷ পকা ঘৰ সাজে ডাক্টৰ, ধান-মিলৰ মালিক আৰু যিসকলৰ ল’ৰা-ছোৱালী
আমেৰিকাত থাকে৷ বাৰাণ্ডা দিয়া মাটিৰ ঘৰবোৰ হ’ল পঞ্চু মৰল, বিছু বামুন...
– কি ক’লে, পঞ্চু মৰলক চিনি নাপায়? পাঠশালাৰ মাষ্টৰ৷ পাঠশালাখনো মাটিৰ, পঞ্চু মৰলৰ ঘৰখনো মাটিৰ৷ তবে টিনপাতৰ চাল আৰু
বাৰাণ্ডা আছে৷ চালি উৰি যোৱাৰ ভয় নাই, ব’হাগ-জেঠত সেই ঘৰৰ বাৰাণ্ডাত মিঠা বতাহ৷ আৰু কিছু বামুনৰ আছে চাহ-ঘূগনিৰ
দোকান৷ আবেলি পৰত দুকেজি মটৰৰ ঘূগনি ৰান্ধে৷ কিমতে ৰান্ধে ক’ব নোৱাৰিম, কিন্তু এনে সোৱাদ আপুনি আপোনাৰ মাংসৰ আঞ্জাতো
নাপাব৷ শালপাতৰ বাটিত দিয়ে৷ এবাটি এটকা৷ ধাৰ নিদিয়ে, নগদ৷ তাৰ দেউতাকৰ এখোটালিৰ ঘৰ আছিল৷ এতিয়া
দুমহলীয়া৷ ডাঁৰত ভাটৌ চৰাইৰ পিঞ্জৰা৷ ভাটৌৱে বোলে, ‘কৃষ্ণ কৃষ্ণ’৷ হেৰি ঘূগনি বিকি কোনোবাই
বাৰাণ্ডা দিয়া ঘৰ সাজে আৰু কোনোবাই কাঠফলা কল পাতি ভেটি মাটিৰ আধাখিনি বেচে৷ নফৰ
মাইতিৰ কথা ভাবক৷ ইচ্ ৰাম, কথা এষাৰ
পাহৰিয়েই আছিলোঁ৷ বাৰাণ্ডা দিয়া ঘৰ সাজিলে মূধৰ তলত পাৰ চৰাইৰ বাবে বাহ সাজি দিব৷
পাৰই যিমানে বক্ম বক্ম কৰিব সংসাৰত সিমানে সুখ৷ আকৌ ভেটিত কপৌৱে বাহ সাজিলে
জানিব কলহৰ তলি ফুটিল৷ দিনে-ৰাতিয়ে পানী কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰিব, তথাপি সংসাৰৰ পিয়াহ নাতৰিব৷
– হয় হয়, মাটিৰ ঘৰ, ঠিক মোৰটোৰ দৰে৷
চালত খেৰ৷ খেৰৰ ঘৰৰ নিচিনা সুখ আৰু ক’তো নাপাব৷ জাৰত গৰম, গৰমত ঠাণ্ডা৷ পখী পোহাৰ দৰকাৰ নাই৷ ঘৰ চিৰিকাই
নিজে আহি বাহ সাজিব৷ লাউৰ আগটো কামিৰে পোনাই দিলেই সংসাৰখন পাতি ল’ব৷ দালানেই কওক
বা টিন-এচবেষ্টাচৰ কথাই কওক, খেৰৰ চালৰ নিচিনা
সুখ সেইবোৰত নাই৷
– হয়, খেৰৰ ঘৰত দালানৰ দৰে ছাদ নাপাব৷ বাৰান্দ থকা ঘৰৰ বতাহছাটিও তাত নাই৷ তবে সব
বতাহ গাত লগা ভাল নহয়৷ পুৰন্দৰপুৰৰ গকুল বেচৰ নাতিনীৰ গাত বতাহ লাগিল৷ এবাৰ তাই
কান্দিবলৈ ধৰিলে আৰু সেয়া একেৰাহে চলি আছিল৷ কান্দি কান্দি সকলোখিনি গাখীৰ
উকুলিয়াই দিছিল৷ তাৰ পাছত সেয়া এনে অৱস্থা যে মাকৰ পিয়াহো চুপি ধৰা নাছিল৷
লোদোৰ-পোদোৰ ছোৱালীজনীৰ অৱস্থা লেকেচি যেন হ’ল৷ পুৱা-গধূলি যোৱা-থোৱা অৱস্থা৷
ভোমোৰা গছত যেন এটা ফল ওলমি আছে, এবাৰ বতাহ দিলেই
সৰি পৰিব৷
– নাই নাই, সৰি পৰা নাই৷ সৰি পৰা হ’লে ইমানখিনি কথা কিহলৈ?
আমবোৰ যতদিন গছত থাকে
ততদিনলৈকে কথা৷ সৰি পৰিলে ধুই-পখালি খাই দিব৷ তেতিয়া আৰু কোনো কথা নাই৷
– কৈছোঁ৷ আপোনালোক তেলত চলে, থিয় হ’বৰ ফুৰচৎ নাই৷ ঘড়ীয়ে আপোনালোকক দৌৰাই
ফুৰাই৷ মন গ’লেই অলপ যে আড্ডা মাৰি গল্প-গুজৱ কৰিব তাৰো উপায় নাই৷ আবেলি হ’ল কি
নহ’ল, হালৰ গৰুৰ মতি-গতি এবাৰ
চাওক৷ কান্ধৰ পৰা যুৱলি নমা মাত্ৰেই নেজ দাঙি দে দৌৰ৷ গোহালিত সোমাইহে শান্তি৷
এয়াই হ’ল ঘৰৰ গোলমাল৷ ভেটিত এবাৰ মন বহিলে জগৎসংসাৰৰ পৰা মন ফুউচ্৷
– হয়, গকুল বেজৰ নাতিনী৷ ‘পেনেৰা আই, পেনেৰা আই বহিনো
কি কৰা, তোমাৰ আইজনীয়ে
কান্দি আছে আহি চাই যোৱা৷’ ভাল হৈ গ’ল৷
– হয় হয়, বুঢ়ীৰ থান হ’ল পকী পুখুৰীৰ উত্তৰপাৰৰ গছৰ তলত৷ তেনেহ’লে এইখনো এখন ঘৰেই হ’ল,
কি কয়৷ গছৰ তলতো এখন ঘৰ৷
সেইটোও ভেটি৷ ভিখাৰীহঁতৰ সংসাৰ গছৰ তলত৷
– ঠিক কথা কৈছে, গছ কাটি দিলে সংসাৰ উঠি যাব৷ হেৰি, তথাপি জানো সংসাৰ উঠি যায়! আকৌ নতুন গছ বিচাৰি
ল’ব৷ তালগছ কাটি পেলালে টোকোৰাৰ বাহ মাটিত৷ পেন্দুকণা ল’ৰাবোৰে সেই বাহ ভৰিত জোতা
কৰি পিন্ধিলে৷ সেই বুলিয়েই বাৰু টোকোৰা চৰাইৰ বাহ নাইকিয়া হ’বনে? তালগছৰ অভাৱ নাই৷ আকৌ বেলেগ এজোপা তালগছত বাহ
বান্ধে৷ বামুন চুবুৰীৰ মুখাৰ্জীহঁতৰ সংসাৰ ভাঙি গ’ল৷ শহুৰৰ সম্পত্তি পাই ডাঙৰজন
ককায়েক আৰামবাগলৈ গ’ল৷ মাজু ককায়েকে দুৰ্গাপুৰৰ কাৰখানাত চাকৰি পালে৷ সৰুজন থাকিল
গাঁৱত৷ এতিয়া ঘৰৰ মণিকূটৰ হ’ব কি? মণিকূটত বন্তি
সৰু ভায়েকে অকলে জ্বলাব কিয়? সেয়ে মণিকূট চাৰি
মাহকৈ তিনিজনৰ লগত বছৰটোলৈ থাকে৷
– হয় হয়, শুনিছোঁ নগৰ-চহৰত মানুহৰ এনে ব্যৱস্থা৷ বৰ আপদৰ কথা! ডাঙৰজনী বোৱাৰীৰ হাতখন
মিঠা আৰু সৰুজনীৰ নিমখীয়া৷ হেৰি, বুঢ়া-বুঢ়ীৰ
জিভাত বেমেজালি নালাগিবনে?
– ঠিক কথা, আহোঁতে-যাওঁতে সহজ হৈ যাব৷ সুফল মেটেই হাজিৰা
কাম কৰে কিন্তু ব’হাগ-জেঠ আৰু ভাদ মাহত সি কাম নাপায়৷ তথাপি কি বহি থাকিব পাৰে,
নে বহি থাকিলে চলে?
তেতিয়াই চুৰি-ডকাইতি৷
তিনি-চাৰিবাৰ জেলো হৈছে৷ সুফল মোৰ গ্ৰাহক৷ তাৰ জেলত কেনে লাগিল সুধিছিলোঁ৷ ক’লে
প্ৰথমবাৰত বৰ বেয়া লাগিছিল৷ ঘৰৰ ভিতৰত পোহৰ নাই, বতাহ নাই৷ উশাহ-নিশাহ প্ৰায় বন্ধ হোৱা অৱস্থা৷
তাৰ পাছত যাওঁতে যাওঁতে সহজ হৈ পৰিল৷ এতিয়া আকৌ জেলৰ বাহিৰখনতে বৰ কিবাকিবি লাগে৷
– হয়, লাগিবই৷ ধৰক মই পাঁচহতীয়া ধূতি পিন্ধো, এতিয়া এখন এঘাৰহতীয়া কাপোৰ দিলে বাৰু চম্ভালিব
পাৰিমনে? ভাব হ’ব এতিয়াই
যেন ভৰিত সাৱট মাৰি ধৰিব৷ অক্ষয় চেটাৰ্জীহঁত কলিকতাত থাকে৷ সিহঁতৰ দালানত শুবলৈ
মোক কৈছিল৷ এদিন শুইয়েই পলাই আহিলোঁ বুজিছেনে৷ আঠ খোঁটালিৰ বিয়াগোম ঘৰ আৰু মই
অক’লে৷ নিশা ভাব হ’ল যেন বিয়াগোম ঘৰখনে মোক গিলিবলৈ আহিছে৷ এৰাপৰলীয়া ঘৰ পালেই সৰু
বাদুলী আৰু দেও-ভূতৰ ৰাজত্ব৷ এৰাপৰলীয়া ঘৰ নিম-কেতেকী-কথবেল গছৰ পছন্দৰ ঠাই৷
– ভাল ঘৰ কোনটো সুধিছে? হেৰি, ভাল-বেয়া বুলি একো নাই৷ যাৰ বাবে যিটো বিধান৷ ধৰক মা-মনসাৰ মূৰৰ ওপৰত চাল
নাথাকে৷ তেৰাৰ কপালত ৰ’দ-বৰষুণহে লেখা আছে৷ কালবীৰৰো সেয়ে৷ ভোলানাথৰ আকৌ চুবুৰীয়ে
চুবুৰীয়ে সংসাৰ৷ ষোল্ল অনাৰ শিৱমন্দিৰটো পকা৷ পালচুবুৰীৰ শিৱমন্দিৰটো মাটিৰ,
চাল খেৰৰ৷ আৰু নাপিত
চুবুৰীৰ ভোলানাথ থাকে ৰাস্তাৰ ওপৰত৷
– হেৰি, মানুহ বাৰু দেৱতাতকৈ বেলেগনে সুধিছে? দেৱতা, মানুহ, গৰু সকলোৱে নিজৰ নিজৰ কপাল লৈহে আহে৷
চৌধুৰীহঁতৰ জাৰ্চি গৰুৰ বাবে পকী গোহালি৷ এবাৰত আঠ সেৰ গাখীৰ দিয়ে৷ এতিয়া কওকচোন
বাৰু তিনিপোৱা গাখীৰ দিয়া দেশী গৰুৰ গোহালি বাৰু পকা হ’বনে? যিজন ভগৱন্তই যিমানে ডাঙৰ ইচ্ছা পূৰণ কৰিব
পাৰিব তেওঁৰ মাননি সিমানে বেছি৷ তেৰাৰ সকলোতো আছেই, আকৌ সোণৰ নাকফুলো আছে – যেনে ভগৱন্ত তেনে
প্ৰণামী৷ যেনে প্ৰণামী তেৰাৰ তেনেকুৱাই ঘৰ৷
– ঘৰ মেৰামতি কৰিবলৈ টকা পালে কি কৰিম সুধিছে?
হেৰি, পঁচা খেৰ আঁতৰাই নতুন চাউনি দিম৷ পঁচা খেৰত বৰ
কেৰেলুৱা হয়৷ বাৰাণ্ডাখন অলপ ওখ কৰিম৷ ঘৰৰ পাছফালেও বাৰাণ্ডা দিম৷ আকৌ যেতিয়া আহিব
সেই বাৰাণ্ডাত বহি সন্ধিয়া পৰত হাড়িয়া খাব৷ পথাৰ, পুখুৰী, শ্মশান, জাবৰণি দেখিলে ভাবনা আঁতৰি মনলৈ ভাব আহিব৷ আৰু
বাকী টকাৰে ঘৰৰ সন্মুখত চূণ দিম৷ তাৰ পাছত নাতিটোৱে লিখি দিব – মা মোৰ আনন্দময়ী,
মই নিৰানন্দৰে বিদায় ল’ম কিয়?
– আনন্দেৰে আছোঁনে নাই সুধিছে? হয়, আছোঁ৷ যতদিনলৈকে ফুলু আছে ততদিনলৈকে কোনো চিন্তা নাই৷ হেৰি চাওক, আকৌ বটল আহি গ’ল৷ আহক, আৰু অলপ ধৰোঁ৷ আপুনি যি ঘৰতেই নাথাকক কিয়,
ঘৈণী ভাল হ’লে যিকোনো
ঘৰেই ভাল হ’ব, তলাৰ লগত চাবিৰ
মিল নাথাকিলেই গণ্ডগোল৷
– মোৰ তলাচাবিৰ কথা সুধিছে? নহয় হে’, মোৰ দুৱাৰত আঙঠি নাই৷ তলা থাকিলে দুটা পক্ষ -
গৃহস্থ আৰু চোৰ৷ নাথাকিলে সকলোবোৰ শুক্লপক্ষ৷ জোনৰ পোহৰত বাৰু কোন চালা কুকুৰে
চুৰি কৰিবলৈ ওলাব?
(আগলৈ)
