অন্যযুগ/


দুজন কবি গল্পকাৰ

 


 

 অসীম চুতীয়া

 

প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে৷ প্ৰণয় ফুকনৰ ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ আৰু ৰাজীৱ বৰাৰ ‘‘যখিনী খোৰৰ থুই’’ শীৰ্ষক গল্প সংকলন দুয়োখন পৃথক আঙ্গিক আৰু বিষয়বস্তুৰে সমৃদ্ধ হ’লেও, মূলতঃ একেই সময়ৰ অন্তৰ্নিহিত সংকট, মানৱজীৱনৰ দ্বন্দ্ব আৰু সমাজ বাস্তৱতাৰ জটিলতা উন্মোচন কৰিছে৷ দুয়োজন গল্পকাৰে ব্যক্তিগত জীৱনৰ সূক্ষ্ম অনুভৱ আৰু বৃহত্তৰ সামাজিক পৰিবৰ্তনৰ অভিঘাত গল্পসমূহত প্ৰতিফলন ঘটাইছে৷ নগৰীয়া জীৱনৰ নিঃসংগতা, আৰ্থ-সামাজিক বৈষম্য, মূল্যবোধৰ অৱক্ষয়, আৰু মানৱীয় সম্পৰ্কৰ জটিলতা আদি বিষয়বোৰ দুয়োখন সংকলনৰ মাজেৰে বিভিন্ন ৰূপত উন্মোচিত হৈছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, এই গল্পসমূহে পঢ়ুৱৈক সেই সমস্যাসমূহৰ অন্তৰাললৈ চাবলৈ আৰু নিজ নিজ জীৱনৰ সৈতে সেয়া মিলাই চাবলৈ উদ্বুদ্ধ কৰে৷

‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ সংকলনত প্ৰণয় ফুকনে মধ্যবিত্ত জীৱনৰ অন্তদ্বৰ্ন্দ্ব, নিঃসংগতা আৰু মূল্যবোধৰ সংকটক সংবেদনশীল আৰু অন্তৰ্মুখী ভঙ্গীত উপস্থাপন কৰিছে৷ আনহাতে, ‘‘যখিনী খোৰৰ থুই’’ সংকলনত ৰাজীৱ বৰাই গ্ৰাম্য জীৱন, লোকবিশ্বাস, অন্ধকাৰ মনস্তত্ত্ব আৰু সামাজিক বাস্তৱতাৰ তীক্ষ্ণ আৰু কেতিয়াবা অস্বস্তিকৰ চিত্ৰ অংকন কৰিছে৷

প্ৰণয় ফুকনৰ ‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’ শীৰ্ষক গল্প সংকলনত সৰ্বমুঠ ন-টা গল্প সংকলিত হৈছে৷ এই গল্পসমূহৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে– মানুহৰ একাকীত্ব আৰু বিচ্ছিন্নতাৰ গভীৰ অভি:তা, যি সমকালীন সমাজ জীৱনৰ গভীৰ সংকট ৰূপে উন্মোচিত হৈছে৷ ‘‘আপোনজন’’ৰ বৰ্ণালী, ‘‘ভাৰসাম্য’’ৰ প্ৰদীপ বৰদলৈ, অথবা ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ৰ দেৱিকা আদি চৰিত্ৰসমূহ পৃথক পৰিৱেশৰ হ’লেও, তেওঁলোকৰ অন্তৰ্জগতখন একেই নিঃসংগতাৰ অব্যক্ত যন্ত্ৰণাৰে ভৰা৷ এই নিঃসংগতা আধুনিক জীৱনৰ জটিল পৰিণতি৷ মানুহে আজিৰ যুগত বহুত সা-সুবিধা লাভ কৰিছে কিন্তু এইবোৰৰ অন্তৰালত মানৱীয় সম্পৰ্কৰ উষ্ণতা ম্লান হৈ আহিছে৷ বৰ্ণালীৰ জীৱনত এই বৈপৰীত্য বিশেষভাৱে স্পষ্ট৷ তেওঁৰ সন্তান আছে, সামাজিক পৰিচয় আছে, কিন্তু অনুভৱ ভাগ-বতৰা কৰিব পৰাকৈ কোনো ‘‘আপোনজন’’ নাই৷ শেৱালি ফুলৰ দৰে সৰু আৰু কোমল অভি:তাও তেওঁ কাৰোবাৰ লগত ভাগ-বতৰা কৰিব নোৱাৰে৷ একেদৰে, বৰদলৈ ছাৰৰ চৰিত্ৰটোত আমি এই নিঃসংগতাৰ আন এক ৰূপ দেখো৷ জীৱনৰ সৰহভাগ সময় তেওঁ সন্তানক ‘‘সফল’’ কৰি তোলাত নিয়োজিত কৰিছিল, কিন্তু সেই সফলতাই শেষত তেওঁক সম্পূৰ্ণৰূপে একাকী কৰি তোলে৷ এইখিনিতে গল্পটোৱে আধুনিক সামাজিক সত্য উন্মোচন কৰিছে– যেতিয়া সম্পৰ্কবোৰ কেৱল দায়িত্ব আৰু লক্ষ্যৰ ওপৰত নিৰ্ভৰশীল হয়, তেতিয়া তাৰ আবেগিক ভিত্তি ক্ষীণ হৈ পৰে৷ ফলস্বৰূপে, জীৱনৰ অন্তিম পৰ্যায়ত মানুহে নিজকে একেবাৰে নিঃসহায় আৰু নিঃসঙ্গ অনুভৱ কৰিবলৈ বাধ্য হয়৷ দেৱিকাৰ ক্ষেত্ৰতো এই নিঃসংগতা অধিক মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ পাইছে৷ নিজৰ পৰিয়ালৰ মাজতেই তেওঁ লাহে লাহে ‘‘অপ্ৰয়োজনীয়’’ বা অপ্ৰাসংগিক হৈ পৰে৷ শাৰীৰিকভাৱে তেওঁ ঘৰৰ ভিতৰত থাকিলেও মানসিকভাৱে তেওঁ বিচ্ছিন্ন৷ তলৰ মহলালৈ তেওঁক স্থানান্তৰ কৰা প্ৰসংগটো একপ্ৰকাৰৰ সামাজিক আৰু আবেগিক বিচ্ছিন্নতাৰ প্ৰতিনিধি৷ তেওঁৰ স্মৃতি আৰু বৰ্তমানৰ মাজত যি দূৰত্ব সৃষ্টি হৈছে, সেয়াই তেওঁৰ নিঃসংগতাক অধিক গভীৰ কৰি তোলে৷

এই গল্পসমূহত উল্লিখিত নিঃসংগতা কেৱল শাৰীৰিক একাকীত্বৰ প্ৰতিনিধি নহয়৷ ই একপ্ৰকাৰৰ আবেগিক আৰু মানসিক অৱস্থা, য’ত মানুহে নিজকে বুজি পোৱা, অনুভৱ কৰা আৰু সংলগ্ন হৈ থকা কোনো মানৱীয় সম্পৰ্ক বিচাৰি নাপায়৷ আধুনিক প্ৰযুক্তিয়ে মানুহক সংযুক্ত কৰাৰ দম্ভ দেখুৱালেও, সেই সংযোগ বহু সময়ত পৃষ্ঠস্থ আৰু যান্ত্ৰিক৷ ফোন, মেছেজ, সামাজিক মাধ্যম –এইবোৰে যোগাযোগ সহজ কৰিছে, কিন্তু আন্তৰিকতা নিশ্চিত কৰিব পৰা নাই৷

প্ৰণয় ফুকনৰ গল্পসমূহত অৰ্থনৈতিক বাস্তৱতা আৰু সামাজিক পৰিবৰ্তনৰ অভিঘাত স্পষ্ট৷ গল্পসমূহত প্ৰতিফলন ঘটা ‘‘উন্নয়ন’’ শব্দটো যিমানেই শুনিবলৈ ভাল লগা নহওক কিয়, তাৰ অন্তৰালে লুকাই আছে গভীৰ বৈষম্য, যি সমাজৰ তলস্তৰৰ মানুহক প্ৰতিনিয়ত আঘাত কৰি থাকে৷ ‘‘পৰ্বান্তৰ’’ গল্পটোত এই বাস্তৱতা নিৰ্মমভাৱে উন্মোচিত হৈছে৷ ৰমেশৰ দৰে এজন সাধাৰণ মানুহৰ জীৱন যেতিয়া হঠাৎ চাকৰি হেৰুৱাৰ ঘটনাৰে কঁপাই তোলে, তেতিয়া আমি বুজি পাওঁ যে অৰ্থনৈতিক স্থিৰতা কিমান গুৰুত্বপূৰ্ণ/ এটা চাকৰিৰ ওপৰত নিৰ্ভৰশীল জীৱনটো মুহূৰ্ততে দিশহাৰা হৈ পৰে৷ এই পৰিস্থিতিয়ে মানুহৰ আত্মসন্মান, সামাজিক পৰিচয় আৰু পাৰিবাৰিক সম্পৰ্ককো বিপৰ্যস্ত কৰি তোলে৷ বন্ধুত্ব লেনদেনলৈ পৰিণত হয়, সহায়-সহযোগৰ ঠাইত সন্দেহ আৰু চাপ আহি যায়৷ অৰ্থাৎ, অৰ্থনৈতিক সংকটে সামাজিক পৰিস্থিতিকো প্ৰভাৱিত কৰে৷ সেই একেই বাস্তৱতাৰ আন এটা ৰূপ দেখা যায় ‘‘মনোমতীৰ মনোবাঞ্ছা’’ গল্পত৷ এই গল্পটোত দৰিদ্ৰতাৰ অভিঘাত দৈনন্দিন জীৱনৰ সৰু সৰু সীমাবদ্ধতাৰ মাজেৰে প্ৰকাশ পাইছে৷ মনোমতীৰ এটা সাধাৰণ ইচ্ছা– এযোৰ মুগাৰ কাপোৰ লোৱা৷ মনোমতীৰ বাবে সেয়া একপ্ৰকাৰৰ দুস্বŸ/ গল্পকাৰে গল্পটোত বৰ্ণনা কৰিছে যে দৰিদ্ৰ মানুহৰ সপোনবোৰো কিমান সৰু, কিন্তু সেই সৰু সপোনবোৰো পূৰণ নোহোৱাৰ বেদনা কিমান গভীৰ৷ ইয়াত উন্নয়নৰ বৃহৎ ভাষ্য আৰু তলস্তৰৰ বাস্তৱতাৰ মাজত থকা দূৰত্ব স্পষ্টকৈ অনুভৱ কৰিব পাৰি৷

আনহাতে, ‘‘গাঁৱলৈ’’ গল্পটোৱে এই অৰ্থনৈতিক আৰু সামাজিক পৰিবৰ্তনৰ আন এক দিশ উন্মোচন কৰিছে৷ সেয়া হৈছে নগৰায়ণৰ কৃত্ৰিমতা আৰু পৰিৱেশ সংকট৷ মহানগৰীয়া জীৱনৰ অন্তৰালত লুকাই থকা অব্যৱস্থাপনা, প্ৰদূষণ, পৰিকল্পনাহীন উন্নয়ন আৰু মানৱীয় বিচ্ছিন্নতাক গল্পটোত অত্যন্ত বাস্তৱধৰ্মীৰূপত চিত্ৰিত হৈছে৷ বিশেষকৈ বানপানীৰ প্ৰসংগৰ জৰিয়তে লেখকে এক শক্তিশালী ৰূপক সৃষ্টি কৰিছে৷ গাঁৱৰ বান প্ৰাকৃতিক আৰু পুনৰুৎপাদনশীল, কিন্তু নগৰৰ বান কৃত্ৰিম আৰু বিধবংসী৷ এই তুলনাই এইটো পতিপন্ন কৰে যে আধুনিক উন্নয়ন বহু সময়ত প্ৰকৃতিৰ সৈতে সাম?স্য ৰক্ষা কৰি কৰা নহয়, আৰু তাৰ ফলত মানুহেই সংকটত পৰে৷

এই গল্পসমূহত মূল্যবোধৰ সংকট আৰু নৈতিক দ্বন্দ্ব বিশেষভাৱে প্ৰতিধবনিত হৈছে৷ আধুনিক সমাজৰ পৰিৱৰ্তিত বাস্তৱতাত ‘‘সঠিক’’ আৰু ‘‘ভুল’’ৰ সীমাৰেখা আগৰ দৰে স্পষ্ট হৈ নাথাকে; বহুক্ষেত্ৰত মানুহে পৰিস্থিতি অনুসৰি এনে সিদ্ধান্ত ল’বলৈ বাধ্য হয়, যিটো নৈতিকভাৱে সঁচা বুলি মানি লোৱা কঠিন৷ এই জটিলতাই মানুহৰ অন্তৰ্জগতত এক অবিৰত সংঘাত সৃষ্টি কৰে– য’ত আত্মসন্মান, দায়িত্ব, স্বাৰ্থ আৰু সামাজিক চাপ একেসময়তে ক্ৰিয়া কৰি থাকে৷ ‘‘পুনৰ্জন্ম’’ গল্পটো এই নৈতিক সংকটৰ স্পষ্ট উদাহৰণ৷ এই গল্পটোৰ স্যামন্তৰ চৰিত্ৰত আমি দেখো– এজন আদৰ্শবাদী সাংবাদিক কিদৰে সময়ৰ লগে লগে আপোচ কৰিবলৈ বাধ্য হৈ পৰে৷ সংবাদ মাধ্যমৰ ক্ষেত্ৰত প্ৰতিযোগিতা, ক্ষমতাৰ নিকটতা আৰু আৰ্থিক সুবিধাৰ মোহে স্যামন্তক ধীৰে ধীৰে মূল সত্যৰ পৰা আঁতৰাই নিয়ে৷ কিন্তু এই আপোচকামিতাই বাহ্যিকভাৱে সফলতা আনিলেও, অন্তৰ্দৈহিক শান্তি নষ্ট কৰে৷ তেওঁৰ মনত লুকাই থকা আদৰ্শবাদী সত্তাই অবিৰত প্ৰশ্ন কৰে, আৰু সেই অন্তদ্বৰ্ন্দ্বই শেষত স্যামন্তক আত্মসমালোচনাৰ পথলৈ লৈ যায়৷ গল্পকাৰৰ মতে যিকোনো নৈতিক পতন হঠাৎ নাহে; ই লাহে লাহে ঘটে, আৰু সেই পতনৰ পৰা উভতি অহাও একপ্ৰকাৰৰ মানসিক সংগ্ৰাম৷

একেদৰে, ‘‘মেঘৰ সিপাৰে’’ গল্পত আদৰ্শবাদৰ বিকৃতিৰ জৰিয়তে নৈতিক সংকটৰ আন এক ৰূপ প্ৰতিফলিত হৈছে৷ সমীৰৰ দৰে সংবেদনশীল আৰু শিল্পমনা মানুহ এজন কেনেকৈ সামাজিক অন্যায়ৰ প্ৰতি ক্ষোভৰ ফলত হিংসাত্মক পথত আগবাঢ়ে– এই প্ৰক্ৰিয়াটো গল্পটোৱে অত্যন্ত সংবেদনশীল ৰূপত বৰ্ণনা কৰিছে৷ আৰম্ভণিতে যি আদৰ্শ মানৱীয় আৰু ন্যায়সংগত যেন লাগে, সময়ৰ লগে লগে সেয়া নিষ্ঠুৰ আৰু ধবংসাত্মক ৰূপ লয়৷ সমীৰে নিজে বুজি পায় যে সি যি পথ বাছি লৈছে, সেয়া তাৰ অন্তৰ্মনৰ সৈতে সাম?স্যপূৰ্ণ নহয়৷ ফলস্বৰূপে, তাৰ মনৰ মাজত তীব্ৰ মানসিক সংঘাতে জন্ম লয়, যি শেষত তাৰ ব্যক্তিত্ব আৰু অস্তিত্বক তছনচ কৰি দিয়ে৷ ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ গল্পত এই নৈতিক সংকট অধিক সূক্ষ্ম আৰু দৈনন্দিন জীৱনৰ মাজেৰে প্ৰকাশ পাইছে৷ ইয়াত কোনো ডাঙৰ নাটকীয় ঘটনা নাই, কিন্তু মূল্যবোধৰ অৱক্ষয় প্ৰত্যক্ষ৷ দেৱিকাৰ পুতেকে বিয়াৰ ক্ষেত্ৰত আৰ্থিক মানদণ্ড আৰু সামাজিক মৰ্যাদাক অগ্ৰাধিকাৰ দিয়ে, য’ত মানৱীয়তা, স্বাভাৱিক গুণ আৰু সম্পৰ্কৰ উষ্ণতা পিছ পৰি ৰয়৷ সুৰভিৰ দৰে যোগ্য আৰু স্নেহশীল ছোৱালীক কেৱল দাৰিদ্ৰ্যৰ বাবে অগ্ৰাহ্য কৰে– এইটো আধুনিক সমাজৰ নিৰ্মম সত্য৷ ইয়াত নৈতিকতা কোনো উচ্ছ আদৰ্শ নহয়; ই সুবিধা আৰু লাভৰ সৈতে জড়িত এক আপেক্ষিক ধাৰণা৷ দেৱিকাৰ অন্তদ্বৰ্ন্দ্ব এইখিনিতে গভীৰ হয়– এফালে মাতৃ হিচাপে সন্তানৰ সিদ্ধান্ত মানি লোৱাৰ বাধ্যবাধকতা, আনফালে নিজৰ মূল্যবোধৰ সৈতে লিপ্ত হোৱা সংঘাত৷

গুৰুত্বপূৰ্ণ কথাটো হৈছে– এই গল্পসমূহে নৈতিক সংকটৰ কোনো সহজ সমাধান আগবঢ়োৱা নাই৷ কেৱল পাঠকক চিন্তাৰ অৱকাশ দিছে৷ মানুহে কিয় আপোচ কৰে? সমাজৰ গাঠনিক পৰিবৰ্তনে নৈতিকতা কিদৰে প্ৰভাৱিত কৰে? আৰু ব্যক্তিগত সততা ৰক্ষা কৰি জীৱনত আগবাঢ়ি যোৱাটো কিমান দূৰ সম্ভৱ? এই প্ৰশ্নসমূহৰ উত্তৰ গল্পকাৰে পঢ়ুৱৈৰ মাজত সন্ধান কৰিছে৷

এই সংকলন গল্পসমূহত পৰিয়াল আৰু সম্পৰ্কৰ পৰিবৰ্তন এক গভীৰ আৰু সময়োপযোগী আলোচ্য বিষয় হিচাপে প্ৰতিফলিত হৈছে৷ এসময়ত অসমীয়া সমাজত পৰিয়াল মানে আছিল এক যৌথ সত্তা– য’ত সান্নিধ্য, সহমৰ্মিতা আৰু পাৰস্পৰিক নিৰ্ভৰতা জীৱনৰ মূল আধাৰ আছিল৷ কিন্তু আধুনিকতা, নগৰায়ণ আৰু বিশ্বায়নৰ প্ৰভাৱত সেই পৰম্পৰাগত গাঁথনি লাহে লাহে শিথিল হৈ পৰিছে৷ এই গল্পসমূহত দেখা যায়– একেই ছাতিৰ তলত বসবাস কৰিলেও মানুহবোৰৰ মাজত মানসিক দূৰত্ব বাঢ়িছে, আৰু সম্পৰ্কবোৰ সৰু সৰু কথাতে ছিন্ন-ভিন্ন হৈ পৰিছে৷ ‘‘ভাৰসাম্য’’ গল্পটোত এই পৰিবৰ্তন মৰ্মান্তিক ৰূপত প্ৰতিফলিত হৈছে৷ প্ৰদীপ বৰদলৈ ছাৰে জীৱনৰ সমগ্ৰ সময় সন্তানদ্বয়ৰ সফলতাৰ বাবে উৎসৰ্গা কৰিছিল৷ তেওঁলোক প্ৰকৃততেই ‘‘সফল’’ হৈছে– বিদেশত প্ৰতিষ্ঠিত, আৰ্থিকভাৱে স্বচ্ছল৷ কিন্তু এই সফলতাৰ বিনিময়ত যি মূল্য পৰিশোধ কৰিব লগা হ’ল, সেয়া হৈছে পিতৃ-মাতৃৰ নিঃসংগতা৷ বৃদ্ধ বয়সত অসুখত কাতৰ এই মানুহজনৰ ওচৰত সন্তানৰ শাৰীৰিক বা আবেগিক উপস্থিতি নাই৷ যি সফলতাৰ বাবে পিতৃ-মাতৃয়ে সকলো ত্যাগ কৰিছিল, সেই সফলতাই শেষত তেওঁলোককেই অকলশৰীয়া কৰি তুলিছে৷ এই ঘটনাই আধুনিক জীৱনত মানৱীয় সম্পৰ্কলৈ প্ৰশ্ন উত্থাপন কৰিছে৷ সেইদৰে ‘‘আপোনজন’’ গল্পটোত এই একাকীত্বৰ অনুভৱ অধিক সূক্ষ্ম আৰু আবেগঘন ৰূপত প্ৰকাশ পাইছে৷ বৰ্ণালীৰ সন্তানে মাকক যে ভাল নাপায় এনে নহয়; কিন্তু তেওঁলোকৰ জীৱন ইমানেই ব্যস্ত আৰু সময়-নিয়ন্ত্ৰিত যে মাকৰ অনুভৱৰ সৈতে সংযোগ স্থাপন কৰিবলৈ তেওঁলোকৰ কোনো অৱকাশ নাই৷ ফোনত হোৱা কথোপকথনবোৰত এই দূৰত্বৰ স্পষ্ট অনুভৱ হয়– য’ত কথাবোৰ থাকে, কিন্তু আন্তৰিকতা নাথাকে৷ এইটো কথা ঠিক যে আধুনিক যোগাযোগ প্ৰযুক্তিয়ে মানুহক সংযুক্ত কৰিলেও, আবেগিক সান্নিধ্য নিশ্চিত নকৰে৷ ফলত, ‘‘আপোনজন’’ৰ ধাৰণাটোই এক নতুন অৰ্থ লাভ কৰিছে– য’ত ৰক্ত-সম্পৰ্ক থাকিলেও, মানসিক আন্তৰিকতা নাথাকিবও পাৰে৷ ‘‘উপসংহাৰ’’ গল্পটোত পৰিয়াল আৰু দাম্পত্য সম্পৰ্কৰ আন এক জটিল দিশ উন্মোচিত হৈছে৷ প্লাবিতা আৰু ইন্দ্ৰজিতৰ জীৱনত প্ৰেম, পাৰস্পৰিক সন্মান আৰু বৌদ্ধিক সমতা থাকিলেও, তেওঁলোকৰ কিছু সিদ্ধান্ত– বিশেষকৈ কেৰিয়াৰক অগ্ৰাধিকাৰ দিয়া আৰু সন্তানৰ বিষয়টো পিছুৱাই দিয়াৰ পাছত এক গভীৰ অনুতাপৰ ৰূপ লয়৷ এই অনুতাপ সময়ৰ বাবে প্ৰত্যাহ৩ান হৈ পৰিছে৷ গল্পকাৰৰ মতে জীৱনৰ কিছুমান সিদ্ধান্ত তৎকালীনভাৱে যুক্তিসংগত যেন লাগিলেও, সময়ৰ সোঁতত তাৰ অভিঘাতে একেই সম্পৰ্কত বিশেষ প্ৰভাৱ পেলাব পাৰে৷ দম্পত্য সম্পৰ্কত এই ধৰণৰ প্ৰসংগই আধুনিক জীৱনৰ এক গুৰুত্বপূৰ্ণ বাস্তৱতা৷

এই সংকলনৰ গল্পসমূহৰ নাৰীচৰিত্ৰৰ উপস্থিতি কাহিনীৰ নৈতিক, আবেগিক আৰু বৌদ্ধিক কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠিত৷ প্লাবিতা, দেৱিকা, বৰ্ণালী, মনোমতী, নিমিষা আদি প্ৰত্যেকজনী নাৰীয়েই একোটা পৃথক জীৱন-অভি:তাৰ বাহক, যাৰ মাজেৰে আধুনিক অসমীয়া সমাজত নাৰীৰ বহুমাত্ৰিক অস্তিত্ব স্পষ্টভাৱে প্ৰতিফলিত হৈছে৷ তেওঁলোক কেৱল দুখ-দুৰ্দশাৰ চিকাৰ নহয়; তেওঁলোক চিন্তাশীল, আত্মসচেতন আৰু নিজৰ পৰিস্থিতিৰ সৈতে সক্ৰিয়ভাৱে মোকাবিলা কৰা ব্যক্তিত্ব৷

‘‘উপসংহাৰ’’ৰ প্লাবিতা এই ক্ষেত্ৰত এক জটিল আৰু গভীৰ চৰিত্ৰ৷ জীৱনৰ এটা দীৰ্ঘ পৰ্যায়ত তেওঁ যুক্তিবাদী, কেৰিয়াৰমুখী আৰু আত্মনিয়ন্ত্ৰিত সিদ্ধান্ত লোৱা নাৰী হিচাপে দেখা যায়৷ কিন্তু সংকটৰ মুহূৰ্তত– স্বামীৰ জীৱন-মৃত্যুৰ সীমাৰেখাত থিয় হৈ– তেওঁৰ মনৰ মাজত আৰম্ভ হয় এক তীব্ৰ আত্মসমালোচনা৷ এই আত্মসমালোচনা প্লাবিতাৰ গভীৰ মানসিক পৰিপক্বতাৰ প্ৰকাশ৷ শেষত ভেণ্টিলেটৰ আঁতৰোৱাৰ দৰে কঠিন সিদ্ধান্ত ল’ব পৰা প্লাবিতাৰ যোগেদি গল্পকাৰে পতিপন্ন কৰিছে যে নাৰীচৰিত্ৰ কেৱল আৱেগপ্ৰণ নহয়, তেওঁলোক যুক্তিসংগত আৰু নৈতিক দৃঢ়তাৰে ভৰা৷ নাৰীৰ মাতৃত্ববোধো নতুন ৰূপত প্ৰকাশ পায়– তুলি লোৱা কন্যা ইন্দ্ৰানীৰ সৈতে তেওঁৰ সম্পৰ্কই নাৰীত্বৰ এক বিকল্প আৰু বিস্তৃত সংজ্ঞা আগবঢ়ায়৷ একেদৰে, ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ৰ দেৱিকা হৈছে সময় আৰু স্মৃতিৰ মাজত বন্দী এক নাৰী, যাৰ চৰিত্ৰত দেখা যায় মৰ্যাদা, সংযম আৰু  প্ৰতিবাদী সত্তা৷ পৰিয়ালত নিজৰ স্থান হেৰুৱাৰ পিছতো তেওঁ বিধস্ত হৈ পৰা নাই; বৰং নিজৰ অভ্যন্তৰীণ শক্তিৰে সেই অৱস্থাক প্ৰত্যাহ৩ান ৰূপে গ্ৰহণ কৰিছে৷ সুৰভিৰ দৰে এজনী ছোৱালীক বোৱাৰী হিচাপে মানি লোৱাৰ প্ৰস্তাৱত তেওঁৰ মানৱীয়তা আৰু মূল্যবোধ অধিক স্পষ্ট৷ যদিও তেওঁ নিজৰ মত প্ৰচলিত কৰিব নোৱাৰে, তথাপিও তেওঁৰ নীৰৱতা এক ধৰণৰ প্ৰতিবাদ– যি প্ৰতিবাদ শব্দত নহয়, অনুভৱত প্ৰকাশ পায়৷ এই নীৰৱতাই দেৱিকাক একধৰণৰ স্মৰণীয় চৰিত্ৰত পৰিণত কৰিছে৷ ‘‘আপোনজন’’ৰ বৰ্ণালী আধুনিক শিক্ষিতা, স্বনিৰ্ভৰশীল নাৰীৰ প্ৰতিচ্ছবি৷ বাহ্যিকভাৱে সকলো সুবিধা থাকিলেও তেওঁৰ অন্তৰ্দৈহিক শূন্যতা গভীৰ৷ স্বামীৰ মৃত্যুৰ পাছত তেওঁ উপলব্ধি কৰে যে জীৱনৰ আচল মূল্য সম্পৰ্ক আৰু অনুভৱৰ মাজত নিহিত৷ শেষত বৃদ্ধাশ্ৰমলৈ যোৱাৰ সিদ্ধান্তত বৰ্ণালীৰ আত্মসন্মান আৰু বাস্তৱবোধ প্ৰকাশ পায়৷

‘‘মনোমতীৰ মনোবাঞ্ছা’’ৰ মনোমতী একেবাৰে ভিন্ন সামাজিক স্তৰৰ প্ৰতিনিধি৷ তেওঁ দৰিদ্ৰ, সীমাবদ্ধ পৰিসৰত বাস কৰা নাৰী; কিন্তু তেওঁৰ অন্তৰ্জগত তেনেই সমৃদ্ধ৷ তেওঁ নিজৰ আকাংক্ষা প্ৰকাশ কৰাত সংকোচ বোধ কৰে, কিন্তু সেই আকাংক্ষা দমন কৰোঁতে তেওঁৰ আত্মসংযম আৰু দায়িত্ববোধ স্পষ্ট হয়৷ ‘‘পুনৰ্জন্ম’’ৰ নিমিষা হৈছে নৈতিকতাৰ দৃঢ় কণ্ঠস্বৰৰ প্ৰতিনিধি৷ তেওঁ স্বামীৰ ভুলক স্বীকাৰ কৰি লোৱাৰ পৰিৱৰ্তে সাহসেৰে প্ৰশ্ন কৰে, সমালোচনা কৰে৷ তেওঁৰ এই স্পষ্টবাদিতা আৰু নৈতিক দৃঢ়তাই স্যামন্তৰ আত্মজাগৰণৰ পথ মুকলি কৰে৷ গল্পটোত নিমিষা স্যামন্তৰ কেৱল সহধৰ্মিনী নহয়, বৌদ্ধিক আৰু নৈতিক সহযাত্ৰীও, যিয়ে সত্যৰ পথত থিয় দিয়াৰ সাহস যোগায়৷

এই সকলো চৰিত্ৰৰ মাজত এটা সাধাৰণ সূত্ৰ হৈছে– অন্তদ্বৰ্ন্দ্ব আৰু আত্মসমালোচনা৷ তেওঁলোকে নিজৰ সিদ্ধান্ত, নিজৰ সীমাবদ্ধতা আৰু নিজৰ অনুভৱৰ সন্মুখীন হয়৷ এই সন্মুখীনতা সহজ নহয়; কিন্তু এইটোতেই তেওঁলোকৰ চৰিত্ৰৰ গভীৰতা নিহিত৷ তেওঁলোকৰ জীৱনত দুখ আছে, সীমাবদ্ধতা আছে; তথাপিও তেওঁলোকে প্ৰত্যাহ৩ান গ্ৰহণ কৰিব পৰাকৈ সাহসী হৈ ৰৈছে৷ সেই অভি:তাবোৰৰ মাজেৰে তেওঁলোকে নিজক অধিক সচেতন, অধিক মানৱীয় হৈ উঠিছে৷

সামগ্ৰিকভাৱে, এই গল্পসমূহ পঢ়ি ধাৰণা হয় যে সমকালীন অসমীয়া গল্পসাহিত্য এক সংক্ৰম ণকালৰ সাহিত্য৷ কিয়নো এই গল্পসমূহে অতীতৰ স্মৃতি আৰু বৰ্তমানৰ সংকটক ধৰি ৰাখিছে, আৰু ভৱিষ্যতৰ প্ৰতি কিছুমান প্ৰশ্ন উত্থাপন কৰিছে৷ এইবোৰ গল্পসমূহে আমাক আমাক ভাবিবলৈ বাধ্য কৰিছে–আমাৰ জীৱনৰ অগ্ৰাধিকাৰ কি? উন্নয়ন মানে কি? সম্পৰ্কৰ মূল্য কিমান? আৰু শেষত, মানুহ হিচাপে আমাৰ দায়বদ্ধতা ক’ত?

ৰাজীৱ বৰাৰ ‘যখিনী খোৰৰ থুই’ শীৰ্ষক গল্প সংকলনত সৰ্বমুঠ তেৰটা গল্প সংকলিত হৈছে৷ এই সংকলনৰ ‘‘ৰাঘ বৰালি’’ শীৰ্ষক গল্পত মানুহ আৰু প্ৰকৃতিৰ মাজৰ অন্তহীন সংঘাত প্ৰতিফলিত হৈছে৷ এই গল্পৰ পটভূমি মাজুলী৷ মাজুলী একপ্ৰকাৰৰ জীৱন্ত বাস্তৱতাৰ প্ৰতীক৷ য’ত বান আৰু গৰাখহনীয়াই মানুহৰ জীৱনক দুৰ্বিসহ কৰি ৰাখিছে৷ এই গল্পত বৰ্ণিত প্ৰকৃতি নিৰ্লিপ্ত যদিও প্ৰভাৱশালী শক্তি– যি মানুহক একে সময়তে জীৱিকা প্ৰদান কৰাৰ সমান্তৰালভাৱে জীৱনক ধবংস কৰাৰ ক্ষমতাও নিজৰ হাতৰ মুঠিত ৰাখি থৈছে৷ এই দ্বৈত দৃষ্টিকোণেই গল্পটোৰ মূল কেন্দ্ৰস্থ ভাৱ৷ গল্পকাৰে গল্পটোত বান-বিধবস্ত জীৱনৰ চিত্ৰ অংকন কৰাৰ লগতে মানুহৰ অন্তৰজগতত সৃষ্টি হোৱা অনি(য়তা আৰু ভয়-আশংকাকো সূক্ষ্মভাৱে উন্মোচন কৰিছে৷ চাংঘৰ, নাৱৰে কৰা যাতায়াত, শিবিৰত আশ্ৰয়– এই সকলোবোৰ মানুহৰ জীৱনৰ অবিৰত সংগ্ৰামৰ প্ৰতীক৷ এই পৰিপ্ৰেক্ষিতত ‘বেজীয়াৰ’ চৰিত্ৰ বিশেষভাৱে¸ তাৎপৰ্যপূৰ্ণ৷ ‘বেজীয়াৰ’ এজন দায়িত্বশীল পিতা আৰু এজন মাছুৱৈ৷ মাছ ধৰাটো বেজীয়াৰ একপ্ৰকাৰৰ চখ৷ কিন্তু এই চখেই লাহে লাহে আসক্তিত পৰিণত হৈ ‘বেজীয়াৰ’ বিচাৰশক্তিক আচ্ছন্ন কৰে৷ ঘটনাক্ৰমে বেজীয়াৰ এনে এক অৱস্থাত উপনীত হয়, য’ত তেওঁৰ চাৰিওফালে অন্ধকাৰ, ভয় আৰু মানসিক উত্তেজনা বেছি হৈ যায়৷ সেই সময়ত তেওঁ সঠিকভাৱে চিন্তা কৰিব নোৱাৰে৷ মাছ ধৰাৰ লোভ আৰু আতংকৰ মাজত তেওঁ ভুলকৈ এটা বস্তু চিনাক্ত কৰে– যিটো বস্তু মাছ বুলি ভাবি প্ৰচণ্ড আঘাত সানে, কিন্তু বাস্তৱিকতে সেয়া আছিল নিজৰেই ছোৱালীজনী৷ এই কৰুণ পৰিণতি পঢ়ুৱৈৰ আশাহত কৰি তোলে৷ মূলতঃ ‘‘ৰাঘ বৰালি’’ গল্পটো প্ৰকৃতি বনাম মানুহৰ সংঘাতৰ ভিত্তিত ৰচিত৷ শেষ পৰ্যন্ত গল্পটোৱে মানৱীয় ট্ৰেজেডি কঢ়িয়াই আনে– য’ত মানুহে নিজেই সৃষ্টি কৰা পৰিস্থিতিৰ চিকাৰ হৈ পৰে৷

ইয়াৰ বিপৰীতে, ‘‘যখিনী খোৰৰ থুই’’ গল্পটোা এক অলৌকিক আৰু ৰহস্যময় কাহিনী যেন লাগিলেও, বাস্তৱিকতে ই মানুহৰ মনস্তত্ত্ব, সমাজ আৰু লোকবিশ্বাসৰ জটিল আন্তঃসম্পৰ্কক প্ৰতিনিধিত্ব কৰে৷ গল্পটো স্মৃতিপ্ৰৱণ প্ৰথম পুৰুষত বৰ্ণিত৷ য’ত শৈশৱৰ অভি:তা, ভয় আৰু কল্পনাৰ সংমিশ্ৰণ ঘটিছে৷ নিস্তব্ধ দুপৰ, গছ-গছনিৰে আৱৰা পৰিৱেশ আৰু ‘‘যখিনী খোৰ’’ নামটোৱে স্বাভাৱিকতে আতংকময় পৰিৱেশ সৃষ্টি কৰে৷ বিশেষকৈ, শৈশৱতে মনৰ মাজত গঢ় লোৱা ভয়ৰ স্বভাৱটো ইয়াত সুন্দৰভাৱে ধৰা পৰিছে যে য’ত অ:তা আৰু কল্পনাই বাস্তৱতকৈ অধিক শক্তিশালী হৈ উঠিছে৷

গল্পটোৰ কেন্দ্ৰীয় শক্তি হৈছে একধৰণৰ অস্পষ্টতা– কিয়নো পঢ়ুৱৈয়ে নিশ্চিতকৈ ক’ব নোৱাৰে, যখিনী সত্য নে কল্পনা/ কিন্তু কাহিনীৰ অগ্ৰগতিত এই অলৌকিক আৱৰণ খোল খাই পৰে আৰু তাৰ ঠাইত উন্মোচিত হয় এক কঠোৰ সামাজিক সত্য৷ গুঁইয়ে কেঁচুৱা লৈ যোৱা দৃশ্য আৰু বগীবাইৰ গোপন গৰ্ভধাৰণৰ ইংগিতে এইটো স্পষ্ট কৰি দিয়ে যে ‘‘যখিনী’’ কোনো বাস্তৱ সত্তা নহয়; ই সমাজে সৃষ্টি কৰা এক ব্যাখ্যাহে– যাৰ জৰিয়তে অস্বস্তিকৰ সত্যক ঢাকি ৰখা যায়৷

এইখিনিতে গল্পটোৱে সামাজিক সমালোচনা আগবঢ়াইছে৷ বিশেষকৈ, নাৰী-সম্পৰ্কীয় গোপনীয়তা, অবিবাহিত মাতৃত্বৰ সৈতে জড়িত লাজ আৰু সমাজৰ মিথ্যাচাৰ– এইবোৰ বিষয় অত্যন্ত সূক্ষ্মভাৱে গল্পটোত উন্মোচিত হৈছে৷ একেদৰে, গল্পটোত ভয়ৰ মনস্তত্ত্বও গভীৰভাৱে বিশ্লেষিত হৈছে৷ ভয় হৈছে মানুহৰ অন্তৰ্জাত– নিস্তব্ধতা, অ:তা আৰু কল্পনাৰ পৰা জন্ম লোৱা একধৰণৰ মানসিক অৱস্থা৷ মূলতঃ ‘‘যখিনী খোৰৰ থুই’’ গল্পটো ভয়ৰ উৎস আৰু তাৰ সামাজিক ব্যৱহাৰৰ সূক্ষ্ম অনুসন্ধান বুলিব পাৰি৷

‘‘কাল’’ গল্পটো এই সংকলনৰ অন্যতম গুৰুত্বপূৰ্ণ গল্প৷ কাৰণ ইয়াত ব্যক্তিগত জীৱন আৰু বৃহত্তৰ ৰাজনৈতিক বাস্তৱতাৰ মাজত সংঘাত তীব্ৰতৰ হৈ উঠিছে৷ এই গল্পত প্ৰেম, অসমতা আৰু সশস্ত্ৰ হিংসা– এই তিনিটাও ইটোৱে সিটোক প্ৰভাৱিত কৰি ধবংস মুখলৈ ঠেলি দিছে৷

‘‘কাল’’ শব্দটো গল্পটোৰ তাৎপৰ্যপূৰ্ণ বহুমাত্ৰিক প্ৰতীক৷ প্ৰথম দৃষ্টিত এই শব্দটো সময়ৰ সূচক যেন লাগিলেও, গল্পৰ অগ্ৰগতিত ই হৈ পৰিছে নিয়তি, পাপৰ ফল আৰু অনিবাৰ্য ধবংসৰ এক সংহত ৰূপ৷ অতীতৰ নিষ্পাপ, কল্পনাময় প্ৰেম আৰু বৰ্তমানৰ নিষ্ঠুৰ বাস্তৱতাৰ মাজৰ সংঘাতে এই ‘‘কাল’’ক অধিক গাঢ় কৰি তোলে৷ যি সম্পৰ্ক একালত হৃদয়ৰ স্বাভাৱিক প্ৰকাশ আছিল, সেয়া পাছত বন্দুকৰ জোৰত, ভয় আৰু ক্ষমতাৰ অধীনত বলপূৰ্বক ‘‘সম্পৰ্ক’’ত পৰিণত হয়– যি আচলতে প্ৰেমৰ বিকৃতি আৰু অপমানৰ স্বৰূপ৷ গল্পটোত সামাজিক অসমতাৰ ভূমিকাও বিশেষভাৱে তাৎপৰ্যপূৰ্ণ৷ দৰিদ্ৰ আৰু ধনী, শক্তিশালী আৰু অসহায় অৱস্থা আদিয়ে আৰম্ভণিতে প্ৰেমক বাধা দিয়ে, আৰু পিছলৈ সেয়াই বৃহৎ বিপৰ্যয়ৰ উৎস হিচাপে কাম কৰে৷ ইয়াৰ ওপৰত সশস্ত্ৰ হিংসাৰ ছাঁ পৰাত ব্যক্তিগত জীৱনৰ সকলো স্বাভাৱিকতা অস্বাভাৱিক হৈ পৰে৷ গল্পটোৰ কাহিনীত উল্লিখিত বন্দুক হৈছে ক্ষমতা, ভয় আৰু নৈতিক শূন্যতাৰ প্ৰতীক৷ এই ক্ষমতাৰ বলতেই ব্যক্তিগত সিদ্ধান্ত, বিশেষকৈ নাৰীৰ জীৱন, সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত আৰু লংঘিত হয়৷

পুতুমাইৰ চৰিত্ৰ এই দিশত গুৰুত্বপূৰ্ণ উদাহৰণ৷ পুতুমাই নিষ্পাপ, অত্যাচাৰ আৰু প্ৰতিবাদৰ প্ৰতীক৷ বলপূৰ্বক যৌন নিৰ্যাতন আৰু তাৰ ফলত হোৱা অবাঞ্ছিত গৰ্ভধাৰণ –এইবোৰ হৈছে সামাজিক-ৰাজনৈতিক ব্যৰ্থতাৰ প্ৰতীক৷ তাইৰ ‘‘মই পাপী নহওঁ’’ কথাষাৰ নৈতিক প্ৰতিবাদৰ ধবনি– যি সমাজৰ অন্যায় আৰু ভণ্ডামিক প্ৰশ্নৰ সন্মুখীন কৰে৷ কিন্তু এই প্ৰতিবাদৰো শেষ পৰিণতি আত্মধবংসত উপনীত হয়, য’ত পুতুমাই আৰু তাইৰ গৰ্ভস্থ সন্তান দুয়োটা নিঃশেষ হৈ যায়৷ এই পৰিণতি মানৱীয় ট্ৰেজেডিৰ চূড়ান্ত নিদৰ্শন৷

‘‘নিছলা চকুৰ সপোন’’ গল্পটো সম্পূৰ্ণ ভিন্ন পৰিৱেশৰ হ’লেও, ইয়াৰ অন্তৰ্নিহিত সংকট সমানেই গভীৰ আৰু ভয়ংকৰ৷ এই গল্পত দাৰিদ্ৰ্য, অ:তা, অন্ধবিশ্বাস আৰু বিকৃত যৌনতাৰ সমাহাৰ ঘটিছে৷ এই সমাহাৰে মানৱীয় বিপৰ্যয়ৰ ছবিখন উন্মোচিত কৰিছে৷ গল্পটোৰ আৰম্ভণিত আমি এক সাধাৰণ গাঁওজীৱনৰ ছবি এখন দেখোঁ৷ য’ত মানুহে দুখ-কষ্টৰ মাজত থাকিলেও সেই জীৱনটো তেওঁলোকৰ বাবে তেনেই স্বাভাৱিক৷ অৰ্থাৎ, অভাৱ আছে, কিন্তু সেইটো লৈ তেওঁলোক অভ্যস্ত; জীৱনটো চলি থাকে নিজৰ নিয়মেৰে৷ কিন্তু কাহিনীৰ অগ্ৰগতিত এই স্বাভাৱিক অৱস্থাটো ক্ৰমাi¤য়ে সলনি হ’বলৈ ধৰে৷ আগতে যিটো জীৱন সাধাৰণ আৰু পৰিচিত যেন লাগিছিল, সেয়া পৰ্যায়ক্ৰমে অস্বস্তিকৰ আৰু ভয়ংকৰ হৈ উঠে৷ এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে দ্ৰৰিদ্ৰতা৷ দ্ৰৰিদ্ৰতা মানসিক আৰু নৈতিক অৱক্ষয়ৰো মূল কাৰণ৷

বুধুৱাৰ চৰিত্ৰটো এই অৱক্ষয়ৰ জীৱন্ত উদাহৰণ৷ দ্ৰৰিদ্ৰতাৰ চাপ, অসহায় অৱস্থা আৰু হতাশাই বুধুৱাক যুক্তি-বাস্তৱৰ পৰা বহুযোজন দূৰলৈ আঁতৰাই লৈ যায়৷ বুধুৱা বন্দী হৈ পৰে অন্ধবিশ্বাস আৰু নিচাগ্ৰস্ততাৰ গ্ৰাসত৷ গল্পটোত ধৰ্মীয় বিশ্বাস হৈ পৰিছে ভয়, লোভ আৰু প্ৰতাৰণাৰ বিবৃত ব্যৱস্থা৷ অঘোৰীৰ চৰিত্ৰটো এই বিকৃত ব্যৱস্থাৰ প্ৰতীক– যি ধৰ্মৰ আশ্ৰয় লৈ অসহায় মানুহক শোষণ কৰে৷ গল্পটোৰ অন্যতম ভয়ংকৰ দিশটো হৈছে যৌন বিকৃতিৰ সূক্ষ্ম কিন্তু তীব্ৰ উপস্থিতি৷ বাস্তৱ আৰু কল্পনাৰ সীমা ভাঙি যোৱা, অবদমিত বাসনাৰ বিকৃত প্ৰকাশ– এইবোৰে বুধুৱাৰ মনস্তত্ত্বক অস্থিৰ আৰু বিপজ্জনক কৰি তোলে৷ ইয়াৰ লগত যুক্ত হয় নিচা, যিয়ে তেওঁৰ বিচাৰশক্তিক সম্পূৰ্ণৰূপে ধবংস কৰি আনে৷ এই সকলোবোৰৰ চূড়ান্ত পৰিণতি হৈছে আন এক ভয়ংকৰ ক্লাইমেক্স– য’ত নিষ্পাপ শিশুটি বলিৰ চিকাৰ হয়৷ এই ঘটনাটো মানৱীয় নৈতিকতাৰ সম্পূৰ্ণ পতনৰ প্ৰতীক৷ পিতৃৰ হাততেই সন্তানৰ মৃত্যু– এই ঘটনাই গল্পটোক পঢ়ুৱৈ বাবে অস্বস্তিকৰ কৰি তোলে৷

নুনীৰ চৰিত্ৰটোৱে এইখিনিতে শক্তিশালী বৈপৰীত্য সৃষ্টি কৰিছে৷ তাইৰ সৰু সৰু আনন্দতে জীৱনৰ নিষ্পাপ সৌন্দৰ্য বিচাৰি পাইছে৷ কিন্তু সেই সৌন্দৰ্যকেই নিষ্ঠুৰভাৱে ধবংস কৰা হয়৷ এই বৈপৰীত্যই গল্পটোক আৰু বেদনাবিঢৌত কৰি তুলিছে৷

‘‘ভূতভাওনা’’ গল্পটোত হৈছে পিতৃতান্ত্ৰিক সমাজৰ এক নিষ্ঠুৰ আৰু অস্বস্তিকৰ বাস্তৱতা৷ ‘‘ভূতে পোৱা’’ ঘটনাটো হৈছে দীৰ্ঘদিন ধৰি দমন কৰা ক্ষোভ, অপমান আৰু মানসিক যন্ত্ৰণাৰ বিস্ফোৰণ প্ৰকাশ৷ এলাগী মাহীৰ চৰিত্ৰটো এই গল্পৰ কেন্দ্ৰবিন্দু৷ দৈনন্দিন জীৱনত শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হোৱা এই নাৰী চৰিত্ৰটোৱে মনৰ মাজত প?ীভূত ক্ষোভক প্ৰকাশ কৰাৰ কোনো সামাজিক বা ব্যক্তিগত পথ নাছিল৷ সেয়ে ‘‘ভূতে পোৱা’’ অৱস্থাটো আচলতে এক প্ৰকাৰৰ মানসিক বিদ্ৰোহ– এই বিদ্ৰোহৰ যোগেদি তাই নিজৰ দমন কৰা অনুভূতিক প্ৰকাশ কৰিবলৈ সক্ষম হয়৷ এইখিনিতে ‘‘ভূত’’ শব্দটো ন্যায়হীন মানুহৰ অন্তৰ্জাত প্ৰতিক্ৰিয়া হৈ উঠিছে৷

গল্পটোত সমাজৰ ভূমিকাও সমালোচিত হৈছে৷ গাঁওবাসীয়েই সমস্যাৰ মূল কাৰক– কিয়নো গাঁওবাসীয়ে গাৰ্হস্থ্য হিংসা আৰু নাৰীৰ ওপৰত হোৱা অত্যাচাৰ বুজিবলৈ বা সমাধান কৰিবলৈ চেষ্টা নকৰি, সহজ পথ বাছি লয় আৰু সকলোবোৰ ‘‘ভূত’’ৰ ওপৰত জাপি দিয়ে৷ বেজৰ মাৰধৰ, তপত লোহা –এইবোৰে সমস্যাৰ সমাধান নকৰে; বৰং অত্যাচাৰক অধিক বৃদ্ধিহে কৰে৷ সমাজে বহু সময়ত সত্যৰ সন্মুখীন হ’বলৈ ভয় পায় আৰু তাৰ ঠাইত অলৌকিকতাৰ আশ্ৰয় লয়– গল্পটোৰ মূল দৰ্শন এইটোৱেই৷

ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃষ্টিকোণত ‘‘চোৰত মোৰ’’ গল্পটোত তীক্ষ্ণ ব্যংগাত্মক পৰিৱেশ সৃষ্টি কৰা হৈছে৷ ঠগীৰাম আৰু অজলাৰ মাজৰ সংঘাত গল্পটোৰ মূল চালিকাশক্তি৷ ঠগীৰাম এক চতুৰ, অভিঃ আৰু পেচাদাৰী প্ৰৱঞ্চক– যিয়ে নিজৰ বুদ্ধি আৰু ধূৰ্তালিৰে আনক ঠগি বা প্ৰৱঞ্চনা কৰি জীৱিকা নিবাহ কৰে৷ কিন্তু অজলা, যাক আৰম্ভণিতে এক সহজ-সৰল আৰু সহায়ক চৰিত্ৰ হিচাপে দেখা যায়, ক্ৰমাi¤য়ে পৰিস্থিতি বুজি উঠে আৰু সেই একেই কৌশল ব্যৱহাৰ কৰি ঠগীৰামকেই পৰাস্ত কৰে৷ গল্পটোত গল্পকাৰে চাতুৰ্যৰ ওপৰত চাতুৰ্যৰ জয়লাভ কৰা দেখুৱাইছে৷

এই গল্পৰ বিশেষ তাৎপৰ্য এইখিনিতেই যে সামাজিক অন্যায় বা শোষণ সদায় শক্তি বা বলপ্ৰয়োগেৰে প্ৰতিহত কৰিব নোৱাৰি; ইয়াৰ বাবে কেতিয়াবা কেতিয়াবা বুদ্ধিমত্তা, অভিজ্ঞতা আৰু সময়ো যথেষ্ট শক্তিশালী অস্ত্ৰ হৈ পৰে৷ গল্পটোত গল্পকাৰে একপ্ৰকাৰৰ নৈতিক বাণীও প্ৰক্ষেপ কৰিছে– যি আনক ঠগে, সি নিজেও এদিন ঠগ খায়৷

আনহাতে, ‘‘মিছা’’ আৰু ‘‘লিক ধৰ’’ শীৰ্ষক গল্প দুটাই মানুহৰ অন্তৰজগতৰ অন্ধকাৰ, বিশেষকৈ নিচা, বিভ্ৰম আৰু আত্মপ্ৰবঞ্চনাৰ দৰে ভয়ংকৰ দিশসমূহৰ উন্মোচন কৰে৷ ‘‘মিছা’’ গল্পটোত শৈশৱৰ মধুৰ স্মৃতি আৰু প্ৰাপ্তবয়স্ক জীৱনৰ তিক্ত বাস্তৱৰ মাজৰ বৈপৰীত্য অতি সূক্ষ্মভাৱে ধৰা পৰিছে৷ ‘‘মিছা’’ শব্দটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ– এফালে ই মধুৰ, আনন্দময় অভি:তাৰ প্ৰতীক; আনফালে ই প্ৰলোভন, মোহ আৰু আত্মপ্ৰবঞ্চনাৰ ৰূপক৷ গল্পটোৰ অগ্ৰগতিত এই মধুৰ স্মৃতিয়েþ ঈৰ্ষা, অপূৰ্ণ বাসনা আৰু নিচাৰ ভয়ংকৰ বাস্তৱতা প্ৰতিফলিত কৰিছে৷ মানুহে যাক সুখ বা সান্ত্বনা বুলি ধৰে, সেয়াই কেতিয়াবা ধবংসৰ কাৰণ হৈ উঠিব পাৰে– গল্পটোৰ মূল বক্তব্য এইটোৱেই৷

একেদৰে, ‘‘লিক ধৰ’’ গল্পটোত ভুল বিশ্বাস আৰু আত্মপ্ৰবঞ্চনাৰ পৰিণতি অত্যন্ত তীক্ষ্ণভাৱে প্ৰকাশ পাইছে৷ তিখেশ্বৰে নিজকে ‘‘সঠিক পথত’’ থকা বুলি ভাবিলেও, বাস্তৱত সি একেবাৰে বিপৰীত দিশে অৰ্থাৎ আত্মধবংসৰ পথত আগবাঢ়ি গৈ থাকে৷ গল্পটোত বৰ্ণিত ‘‘ভূত’’ বা ‘‘অশুভ শক্তি’’ হৈছে মানসিক বিভ্ৰম, আসক্তি আৰু অ:তাৰ ফল৷ কিন্তু এই ভ্ৰমক সত্য বুলি মানি লোৱাৰ ফলত তিখেশ্বৰে নিজেই নিজৰ ওপৰত অত্যাচাৰ চলায় আৰু শেষত মৃত্যুৰ মুখলৈ আগবাঢ়ি যায়৷

এই দুয়োটা গল্পৰ মাজেৰে গল্পকাৰে এইটো পতিপন্ন কৰিছে যে মানুহৰ আটাইতকৈ ডাঙৰ বিপদ মানুহৰ নিজৰ অন্তৰজগততেই লুকাই থাকে৷ নিচা, ঈৰ্ষা, বিভ্ৰম আৰু আত্মপ্ৰবঞ্চনাই মানুহক এনে এক অৱস্থালৈ লৈ যায়, য’ত বাস্তৱ আৰু বিভ্ৰমৰ মাজৰ সীমাৰেখাডাল অস্পষ্ট হৈ পৰে আৰু সেই সময়ত মানুহে লোৱা ভুল সিদ্ধান্তই অনিবাৰ্যভাৱে আত্মধবংসৰ পথলৈ ঠেলি নিয়ে৷

এই সংকলনৰ অন্যতম গল্প ‘‘কুমজেলেকুৱা’’ই পঢ়ুৱৈ বিশেষ মনোযোগ দাবী কৰিব পাৰে, কাৰণ এই গল্পটোত আধুনিকতাৰ ধামখুমীয়াৰ তলত লুকাই থকা গভীৰ অথচ অস্বস্তিকৰ সত্য উন্মোচন কৰিছে৷ যথাৰ্থতে আধুনিকতা মানে যেন উন্নতি, স্বাধীনতা আৰু উন্মুক্ত প্ৰকাশ; কিন্তু গল্পকাৰে আধুনিকতাৰ অন্তৰালত লুকাই কেতবোৰ দিশ প্ৰতিনিধিত্ব কৰিছে৷

গল্পটোৰ কেন্দ্ৰীয় প্ৰতীক ‘‘কুমজেলেকুৱা’’৷ কুমজেলেকুৱা হৈছে পিছল, বিজল আৰু ধীৰে ধীৰে বগাই যোৱা এবিধ জীৱ৷ কুমজেলেকুৱা আধুনিক সমাজৰ সেই বিপদসমূহৰ প্ৰতীক, যিবোৰ আকস্মিকভাৱে নাহে– নিঃশব্দে, গোপনে-গুপুতে আগবাঢ়ি আহে আৰু এসময়ত ই ভয়ংকৰ ৰূপ লয়৷ এই গোপন-গুপুত আগ্ৰাসনৰ অনুভৱটোৱেই গল্পটোত তীব্ৰ মনস্তাত্ত্বিক ব্য?না সৃষ্টি কৰিছে৷

কাজললতাৰ চৰিত্ৰটো এইখিনিতে উল্লেখযোগ্য৷ তাই ভয়াতুৰ নহয়, কিন্তু তাই সতৰ্ক৷ তাইৰ অনুভৱ, বিশেষকৈ কুমজেলেকুৱাৰ প্ৰতি বিতৃষ্ণা– এটা গভীৰ অন্তৰ্জাত সংকেত, যি পাছত বাস্তৱৰ সৈতে মিলি যায়৷ এই গল্পত গল্পকাৰে দেখুৱাইছে যে নাৰীৰ এই ধৰণৰ অন্তদৃৰ্ষ্টি বহু সময়ত বিপদৰ আগতীয়াকৈ দিয়া সংকেত৷ গল্পটোৰ শেষত তাইৰ প্ৰতিৰোধ বা ছুৰীৰে কৰা আঘাতটো একপ্ৰকাৰৰ শক্তিশালী প্ৰতীক৷ এই ঘটনাই এইটো পতিপন্ন কৰে যে ই নাৰীৰ প্ৰতিবাদ আৰু আত্মৰক্ষামূলক সত্তাও হ’ব পাৰে৷

***

ফোন : ৭০০২৯-৬৬১৯৯

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ