অনুভৱ তুলসী
বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাৰ কেমেৰাত নীলমণি ফুকন
বিশেষজনৰ কথা যেনেকৈ মন যায় ক’ব পাৰি, য’তে মন যায় ত’তে আৰম্ভ কৰিব পাৰি৷ ভাল লগা কিতাপ এখন মই তেনেকৈয়ে পঢ়োঁ, য’তে মেল খায় ত’ৰপৰাই পঢ়িবলৈ লওঁ, শেষৰপৰাও পঢ়োঁ, মাজতে মেলি লওঁ, আগ ফালৰপৰাও আৰম্ভ কৰোঁ৷ বাৰে বাৰে প্ৰিয়
কিতাপৰ ওচৰলৈ তেনেকৈয়ে যাওঁ৷ কিতাপে প্ৰিয়জনৰ অত্যাচাৰ সহিবলগীয়া হয়, নসহি উপায়ো নাথাকে৷ প্ৰিয় কবি নীলমণি
ফুকনৰ বিষয়ে ক’বলৈ ল’লেও মোৰ তেনেকুৱাই হয়৷
নীলমণি ফুকনৰ সাক্ষাৎকাৰৰ পুথি ‘‘কবিৰ বচন’’খন চাওঁতে চাওঁতে দহবছৰীয়া হ’লহি৷ সাক্ষাৎকাৰৰ
মাজেৰে উন্মোচিত হোৱা, বিৰানব্বৈ চোওঁ চোওঁ হোৱা নবীন কবিগৰাকীক নতুন পঢ়ুৱৈয়েও লগ
পাব খোজে, অনুৰাগীসকলৰ তেনে
হেঁপাহক সাৰোগত কৰিয়েই কিছু কথা পুনৰ ক’ব খুজিছোঁ, নতুনাই কিছু কথা
সংযোজন কৰোঁ নতুন পঢ়ুৱৈৰ প্ৰতি নিবেদনৰ উদ্দেশ্যে৷ মই প্ৰধানকৈ সাক্ষাৎকাৰসমূহত
নীলমণি ফুকনে কি ক’লে তাক উনুকিওৱাৰ লগতে কি কি কথা কবিগৰাকীয়ে নোকোৱাকৈ
ৰাখিলে, যিখিনি কথা অনুচ্ছাৰিত, অব্যক্ত থাকি গ’ল তেনে ধৰণৰ কথাতহে এই লেখাত দৃষ্টি দিবলৈ প্ৰয়াস কৰিম৷
মই আৰম্ভ কৰিব খুজিছোঁ লাতিন আমেৰিকাৰ
প্ৰথিতযশা লেখক ৰবাৰ্ট’ ব’লানোৰ
এটা কৌতূহলৰ মাজেৰে -- তেওঁ এবাৰ বন্ধু ৰড্ৰিগুৱেজ গঞ্জালেজক লগ পাই সুধিছিল,
‘হেৰি নহয়, বন্ধু, আজিকালি মেক্সিক’ৰ লেখকসকলৰ সকলোৱেই দাড়ি-গোঁফ ৰাখে, নহয় জানো?’ ব’লানোৰ দাড়ি-গোফ নাছিল, আমাৰ কবি নীলমণি ফুকনৰো দাড়ি-গোঁফ ৰখাৰ
অভ্যাস নাছিল, এতিয়াও নাই৷ মোৰো দাড়ি-গোঁফ একো নাছিল, কিন্তু যোৱা কিছুদিন ধৰি আমি বন্ধ জীৱন যাপন কৰিছোঁ৷
বন্ধ জীৱনে দিয়া বেদনা-দুখৰ বাহ্যিক প্ৰকাশ ৰূপে মই অকণমান গোঁফ ৰাখিছোঁ৷
শিল্পীসত্তাৰ সৈতে দাড়ি-গোঁফৰ কিবা সম্পৰ্ক থাকিবও পাৰে হয়তো৷ ধেমেলীয়া সুৰৰ কথাৰে
পাতনি মেলিছোঁ, যদিও ৰগৰ বা ধেমালি মোৰ উদ্দেশ্য নহয়৷
এইখিনিতে পোলেণ্ডৰ খ্যাতিমান কবি চেছোৱাভ
মিঅছৰ কবিতাৰ দুটা শাৰী উদ্ধৃত কৰিবলৈ মন গৈছে৷ মিঅছে এনেকৈ লিখিছিল, 'what if I was an ignorant child and
/ served that voice that spoke through me'-- যিটো কণ্ঠস্বৰ আজীৱন কবিজনাৰ মাজেৰে
প্ৰবাহিত হ’ল, তেওঁক কথা কোৱাই গ’ল, সেই এজন অজলা শিশু, সেই শিশুজন যে চেছোৱাভ মিঅছৰ মাজতহে আছে, তেনে নহয়, সেই শিশুজন নীলমণি ফুকনৰ মাজতো আছে আৰু সেই বাবেই আজি এই
কবিজনৰ কথা ক’বলগীয়া হৈছে৷ চেছোৱাভ মিঅছৰ উল্লিখিত কবিতা শাৰীৰ যি বাণী
বা যিটো ব্যঞ্জনা, মই যদি তাৰ মাজেৰে যাওঁ, তেন্তে এইখিনি কথা, সাক্ষাৎকাৰ সমূহত থকা কথাবোৰ নীলমণি ফুকনক কিহবাই, কোনোবাই কোৱাইছে, নীলমণি ফুকনৰো সেই কিহবা-কোনোবাৰ ওচৰত
স্বাভাৱিক আনুগত্য অথবা সঁহাৰি৷
‘‘কবিৰ বচন’’ কিতাপখন সুদীৰ্ঘ আঢ়ৈশ
পৃষ্ঠাৰ, সেয়ে সকলো সাক্ষাৎকাৰৰ
বিষয়ে কোৱাটো সম্ভৱ নহ’ব৷ মই এনে দুটামান সাক্ষাৎকাৰৰ কথাহে ক’ব খুজিম, য’ত
প্ৰশ্ন অনুপাতে নীলমণি ফুকনজন সৰৱ নহয়, তেখেতে বেছিকৈ কথা ক’ব খোজা নাই, যথাসম্ভৱ নীৰৱতা
অবলম্বন কৰিছে৷ এনে কিছুমান সাক্ষাৎকাৰো কিতাপখনত আছে, ধৰক, হীৰেন গোঁহায়ে লোৱা সাক্ষাৎকাৰ, অতি দীঘলীয়া সাক্ষাৎকাৰ, শৈশৱৰেপৰা এতিয়ালৈকে নীলমণি ফুকন যিজন
মানুহ, কবি, সামগ্ৰিকভাৱে গোটেই নীলমণি ফুকনক আমি তাত
পাই যাওঁ৷ মই এটা কথা দেখিলোঁ যে, এইটো সমুখা-সমুখিকৈ বহি কৰা সাক্ষাৎকাৰ নহয়৷ কেইটামান প্ৰশ্ন হীৰেন গোঁহায়ে
নীলমণি ফুকনক দিছে, আৰু নীলমণি ফুকনে মগ্ন চৈত্যন্যৰে সেই প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিছে আৰু
কেতিয়াবা কেতিয়াবা লেখি দিয়াৰ বাবে একোটাহঁত উত্তৰ নিবন্ধৰ দৰেও হৈছে৷ অৱশ্যে, সেইটো প্ৰসঙ্গলৈ যোৱা মোৰ উদ্দেশ্য নহয়৷
কিতাপখনত থকা প্ৰথম সাক্ষাৎকাৰটো লৈছে
প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰে৷ তেখেতে নীলমণি ফুকনক ‘তুমি’ বুলি সম্বোধন কৰিছিল, শইকীয়াদেৱে নীলমণি ফুকনক কথা ক’বলৈ কোনোধৰণে দ্বিধাবোধ
নকৰিছিল, তেখেত খাৰাংখাচ ধৰণৰ আছিল আৰু তেখেতে সুধিছিল, ‘নীলমণি, তোমাৰ আদৰ্শ কবি কোন?’ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সেই প্ৰশ্নৰ উত্তৰ
নীলমণি ফুকনে মাথোঁ এটা শব্দেৰে দিছে - ‘নাই’৷ এই ‘নাই’ শব্দটোৰ মাজেৰে প্ৰকাশ কৰিছে যে কোনো
কবিয়েই আন কোনো কবিক আদৰ্শ হিচাপে লৈ আগবাঢ়িব নালাগে৷ সেইটো কবিৰ পথ হ’ব নোৱাৰে৷ আমি জানো যে, দ্ৰোণাচাৰ্যৰ এজন
শিষ্য আছিল, যি দ্ৰোণাচাৰ্যৰ ওচৰত পোনপটীয়াকৈ শিক্ষাগ্ৰহণ কৰিব পৰা নাছিল, তথাপিও তেওঁ গুৰুৰ এটা আদৰ্শ প্ৰতিমূৰ্ত্তি
স্থাপন কৰি শিক্ষাগ্ৰহণ কৰিছিল আৰু তেওঁৰ শিক্ষা অৰ্জুনহঁতৰ শিক্ষাতকৈ ওখখাপৰ আছিল, কিয়নো তেওঁৰ শিক্ষাত আছিল মৌলিকতা৷ যদিহে
নীলমণি ফুকনে ক’লেহেঁতেন যে তেওঁৰ আদৰ্শ কবি ভাস্ক’ প’পা, নাইবা জুৱান ৰুৱান
হিমেনেথ, নাইবা গাৰ্চিয়া লৰ্কা
বুলি, ছেফেৰিছ নাইবা য়ানিছ
ৰিট্ছছ বুলি, সেইটো তেনেই সাধাৰণ উত্তৰ হ’লহেঁতেন আৰু আমি নীলমণি ফুকন যে
নীলমণি ফুকন সেই উত্তৰটোৰ মাজেৰে নাপালোহেঁতেন৷ নীলমণি ফুকন এক প্ৰতিধবনিহে - তেনে লাগিলহেঁতেন৷ কিন্তু সেই এটা
শব্দেৰে, ‘নাই’ শব্দটোৰ মাজেৰে দিয়া
উত্তৰটোৱে নীলমণি ফুকনৰ প্ৰতি আমাৰ শ্ৰদ্ধা বঢ়াই তুলিলে৷ চন্দ্ৰপ্ৰসাদ শইকীয়ায়ো
জানে যে কবিয়ে কাকো আদৰ্শ হিচাপে নলয়, গল্পকাৰকো নলয়, সংগীতজ্ঞকো নলয়, চিত্ৰনিৰ্মাতাকো নলয়, চিত্ৰকৰকো নলয়৷ সকলোৰে লগত সম্পৰ্ক থাকে, সমৃদ্ধ হয়, নিজৰ শিল্পীসত্তা-কাব্যাত্মা, নিজৰ আত্মিক উপলব্ধিৰ মাজেৰে এই সকলো জীণ
নিয়াই নিজৰ প্ৰাণটো তৈয়াৰ কৰে আৰু নীলমণি ফুকন সেইজনহে৷ গতিকে গাৰ্চিয়া লৰ্কাত আমি
নীলমণি ফুকনক নেপাওঁ, চেফেৰিছতো নেপাওঁ, আনকি চীনা কবি টু ফু-ৰ মাজতো নেপাওঁ৷ হাইকু কবিতা লিখা সন্মানীয় সাধক
কবিসকলৰ মাজতো নীলমণি ফুকনক নেপাওঁ৷ নীলমণি ফুকনে সেই সৃজনশীল পৰিৱেশত নিজৰ
সংবেদনশীলতা শানিত কৰিছিল, কাব্য মন-মনন গঢ়ি তুলিছিল৷ তাৰপিছতো তেওঁ নীলমণি ফুকনেই হৈ ৰৈ গৈছে৷
নীলমণি ফুকন প্ৰতিধবনি হোৱা নাই৷ ই এটা অতিশয় বুদ্ধিদীপ্ত উত্তৰ৷ দুটা বাক্যৰ এটা
প্ৰশ্নৰ উত্তৰ এটা মাথোঁ শব্দেৰেই দিছে৷ এইটো পোনপটীয়াকৈ লোৱা সাক্ষাৎকাৰ, উত্তৰো তেনেকুৱাই৷ আৰু এটা প্ৰশ্ন আছে,-- চন্দ্ৰপ্ৰসাদ শইকীয়াই সুধিছে, ‘নীলমণি, পৃথিৱীত যিমানবিলাক
বিষয়বস্তু আছে, সেই সকলো বিষয়তে তুমি কবিতা লিখিব পাৰিবানে?’ আকৌ এটা শব্দতে নীলমণি ফুকনৰ উত্তৰ : ‘নোৱাৰোঁ’৷ আমি জনাত পাঁচটামান বিষয়বস্তু লৈ সাহিত্য, কবিতা ৰচিত হৈ আছে, এই বিষয়বোৰকে বিভিন্ন ধৰণে বিস্তাৰ কৰা
হৈছে, বিস্তাৰৰো বিস্তাৰ
হৈছে৷ কিন্তু মূল বিষয় পাঁচটাই ৰৈ গৈছে৷ ‘‘গোলাপী জামুৰ লগ্ন’’ৰ যিখন পাতনি, তাত ভবেন বৰুৱাই উল্লেখ কৰিছে -- নীলমণি ফুকনে কেইটা
বিষয় স্পৰ্শ কৰিব পাৰিছে - প্ৰেম, বিষাদ, বেদনা, মৃত্যু ইত্যাদি লৈ এটা বিষয়, জীৱন, জীৱন সম্পৰ্কীয় সকলো দিশ সামৰি আন এটা বিষয়, আৰু, তৃতীয় বিষয়টো হ’ল বিশ্ব-চৰাচৰৰ অন্তিম ৰহস্য৷ এই
তিনিটা বিষয় স্পৰ্শ কৰিছে বুলি ভবেন বৰুৱাই সেই তাহানিয়েই কৈ গৈছে৷ তিনিটা বিষয়
কিন্তু কম নহয়৷ কোনোবা এজনে এটা বিষয়কে লৈ গোটেই জীৱন চলিব পাৰে - সিও ডাঙৰ কথা৷ নীলমণি ফুকনে যদি কবিতাৰ
মাজেৰে তিনিটা বিষয় সামৰিব পাৰিছে তেন্তে আমি এজন ডাঙৰ কবিক লগ পাইছোঁ, আমি এজন মহান কবিক লগ পাইছোঁ৷ কবি এজনে
এটা জীৱনত পৃথিৱীৰ সকলো বিষয় কেতিয়াও সামৰিব নোৱাৰে৷ সেইফালৰপৰা নীলমণি ফুকনৰ এটা
শব্দৰ এই উত্তৰটো এখন মহাভাৰতৰ সমানেই৷
মই এইবাৰ হীৰেন গোঁহাইলৈ আহিব খুজিছোঁ - হীৰেন গোঁহাইৰ সাক্ষাৎকাৰটো অতিকে
দীঘলীয়া৷ কটন কলেজৰ প্ৰথম বাৰ্ষিকত পঢ়ি থকা সময়তে নীলমণি ফুকনে ‘জাৰুৱালীৰ গান’ নামৰ এটা কবিতা
লিখিছিল৷ এই কবিতাটোক সাঙুৰি হীৰেন গোঁহায়ে নীলমণি ফুকনৰ মানসিক পৰিমণ্ডলৰ কথা
জানিব খুজিছিল৷ নীলমণি ফুকনে সেই প্ৰশ্নৰ উত্তৰ দীঘলীয়াকৈ দিছে৷ ‘‘কবিৰ বচন’’ৰ পৃষ্ঠা সংখ্যা ৫৬ ত কথাখিনি আছেই যেতিয়া সেইখিনি কৌতূহলী পঢ়ুৱৈলৈ এৰি থ’লোঁ৷ এইখিনিতে মই এক গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰিব খুজিছোঁ : সেইটো ১৫৭১ শকৰ কথা৷ নীলমণি ফুকনৰ যিটো
প্ৰথম নিবন্ধ ‘‘ৰামধেনু’’ত প্ৰকাশ পাইছিল, ডঃ মহেশ্বৰ নেওগে এটা
সুদীৰ্ঘ টোকা সন্নিবিষ্ট কৰি সেই লেখাটো উলিয়াইছিল, সেইটো দেৰগাঁৱৰ নেঘেৰিটিঙৰ শিৱদৌলক লৈ লেখা, তাত নীলমণি ফুকনে নিজেই বুৰঞ্জীৰ উদ্ধৃতি
দি এনেকৈ কৈছিল, কেইবাবাটাও বাক্যৰ মাজতে এটা কথা আছিল, ‘সেইসময়ত অসমত বৰ দুৰ্দিন চলিছিল, গৰ্ভৱতী নাৰীয়ে গাহৰি
পোৱালিৰ জন্ম দিছিল, তিনিটা চকু থকা মানুহৰ জন্ম হৈছিল’ - ইত্যাদি৷ তিনিটা চকু থকা মানুহৰ জন্ম হৈছিল নে নাই
সেই কথা বুৰঞ্জীয়ে ক’ব, আমি একো নাজানো৷ আমি ১৯৩৩ চনৰ কথা জানো৷ সেই বছৰতে
অসমত, মানে দেৰগাঁৱৰ চকিয়াল
গাঁৱত এক শিশুৰ জন্ম হৈছিল, সেই শিশু পিছলৈ নীলমণি ফুকন হ’ল, তেখেতৰ সেই তিনিটা চকু
আছিল, এতিয়াও আছে, এই তৃতীয় চকুটো আমি সংবেদনশীলসকলেহে দেখা
পাওঁ৷ হীৰেন গোঁহাইৰ ইঙ্গিতপূৰ্ণ প্ৰশ্নটো এই তৃতীয় নয়ন থকা মানুহজনে ঠিকেই
বুজিছে৷ নীলমণি ফুকনৰ বৌদ্ধিক পৰিমণ্ডলৰ বিষয়ে জানিব খুজিছে প্ৰশ্নকৰ্তাই৷ সেই
পৰিমণ্ডলৰ কথা নীলমণি ফুকনে সবিস্তাৰে উল্লিখিত পৃষ্ঠাত লিখিছে৷ সেয়ে, সেইখিনিলৈ মই নাযাওঁ৷ সাক্ষাৎকাৰটো
পঢ়িয়েই সকলো জানিব পাৰিব৷ মোৰ কৌতূহল তাতেই, ইমানখিনি কৈও যিখিনি নীলমণি ফুকনে কি নোকোৱাকৈ এৰি
দিলে৷ এই মৌন হৈ থকা কথাখিনিৰ বিষয়ে মই আপোনালোকৰ হেঁপাহ জগাব খুজিছোঁ মাত্ৰ৷
বিশ্ববিশ্ৰুত লেখকৰ কিতাপ পঢ়ি, বহু গুণীৰ পোনপটীয়া সান্নিধ্যলৈ আহি নীলমণি ফুকনৰ মনৰ যিখিনি সমৃদ্ধি হ’ল, সেইখিনি ক’লৈ গ’ল? ‘জাৰুৱালীৰ গান’ তেখেতে পাছলৈ আৰু কিয়
নিলিখিলে, সেই নীলমণি ফুকনজন ক’লৈ গ’ল? নীলমণি ফুকনে সেই বিষয়ে একো কোৱা নাই৷ নীলমণি ফুকনৰ আৱহলৈ গুচি গ’ল নেকি সেই সমৃদ্ধি? অৱচেতন, অচেতনত থাকি যি কবি মন প্ৰস্তুত কৰে, যি পৰিপুষ্টি দিয়ে, বিৱেকক যি শক্তি দিয়ে, সেই শক্তিলৈ ৰূপান্তৰিত হৈ গ’ল নেকি? যেতিয়া অসম আন্দোলন
আৰম্ভ হৈ গ’ল, সেই ধৰণৰ বৌদ্ধিক প্ৰকাশ মুকলিকৈ কৰিব নোৱৰাৰ এটা
পৰিৱেশ আহি গ’ল৷ নীলমণি ফুকনে তেনে চৰ্চা মনৰ গভীৰত ৰাখি থ’লে নেকি? এইখিনি কথা নীলমণি ফুকনে আমাক কোৱা নাই৷ মই মোৰ কৌতূহলৰপৰাহে এই কথা কৈছোঁ৷
আপোনালোকে নিজ গুণে বিচাৰ কৰি চাব৷ দেখাত মৌনতা নথকা কথাখিনিৰ মাজতো যেন ক’ৰবাত কিবা ৰৈ গৈছে৷ আৰু
দীঘলীয়া নকৰোঁ৷
মই আৰু চমুৱাই আনিম৷ হেমন্ত বৰ্মনে এটা
সাক্ষাৎকাৰ লৈছিল - সেইটোৰ বিষয়ে কিছু কথা কৈয়ে মই সামৰিম৷ ‘আপোনাৰ দেখিছো নতুন
কবিসকলৰ লগত সম্পৰ্ক খুব ভাল৷ এতিয়াও তেখেতসকলৰ লগত আপোনাৰ সম্পৰ্ক আছেনে’
- এইটোৱেই হেমন্ত বৰ্মনৰ প্ৰশ্ন৷ নীলমণি ফুকনৰ উত্তৰত বৰ বেছি মৌনতা নাই, এইবাৰ নীলমণি ফুকনে কথাবোৰ পোনপটীয়াকৈ
কৈছে৷ তেখেতে কৈছে মই কিনি হ’লেও পঢ়ো নতুনসকলৰ কিতাপ৷ নতুনৰ লগত থাকিহে তেখেতে নিজকে
নৱীকৰণ কৰিব পাৰে৷ নতুনক নপঢ়িলে এখোজ আগুৱাই যোৱাৰ যিটো মন্ত্ৰ, সেইটো তেখেতে পাহৰি
যায়৷ সেয়েহে কবিতাত কবিজনে এনেকৈ লিখিব পাৰিছিল, ‘তুমি সৈনিক, তোমাৰহে উন্মোচনৰ
ক্ষমতা৷’ এইয়া বোধকৰো নতুন কবিক
লৈয়ে লিখিছে, তেখেতৰ দৃষ্টিত নতুনৰ যি স্থান সেয়া স্পষ্ট হৈ উঠিছে৷ নীলমণি ফুকনৰ কবি
মনটোও উদ্ভাসিত হৈ উঠিছে৷
স্পেইনৰ, গাৰ্চিয়া লৰ্কাৰ অগ্ৰজ, জুৱান ৰুৱান হিমেনেথ নামৰ এজন কবি আছে৷
সেই কবিজনৰ ‘‘প্লেটাৰো এণ্ড মী’’ নামৰ কিতাপখন নীলমণি ফুকনে অসমীয়ালৈ
অনুবাদ কৰিব খুজিছিল৷ তেখেতে সেই ইচ্ছা এবাৰ সৌৰভ কুমাৰ চলিহাৰ আগতো ব্যক্ত
কৰিছিল৷ সৌৰভ কুমাৰ চলিহাই সেইখনৰ অনুবাদত নীলমণি ফুকনক সহযোগ কৰিম বুলি কৈছিল৷
সেইখন নীলমণি ফুকনৰ অনুবাদ কৰা হৈ নুঠিল৷ মধ্য যুগৰ সন্ত কবিসকলৰ কেইবাজনৰো কবিতা
অনুবাদ কৰাৰ মন আছিল, সেই ইচ্ছাও অপূৰণ হৈ ৰ’ল৷ তেখেতে মোক এদিন কৈছিল, ‘তোমাৰ প’য়েটিক মেডিটেশ্বন আছে৷ এইখিনি কাম তুমি হাতত ল’বা৷’ মই দস্তুৰমত হতভম্ব, স্তম্ভিত৷
মাজে মাজে টেলিফোন কৰোঁ৷ কেতিয়াবাহে
কবিয়ে ধৰে৷ ধৰিলে কয়, ‘এতিয়া মই শুইয়ে থাকোঁ৷ মই উঠি কি কৰিম কোৱা? মই চকুৰে নেদেখো, ফুলত পানী দিব নোৱাৰোঁ, ফুলটো ফুলিছেনে নাই চাব নোৱাৰোঁ, গান এটা শুনিব নোৱাৰোঁ, ছবি এখন চাব নোৱাৰোঁ, মই এতিয়া শুই নাথাকি কৰিম কি?’ কেইদিনমান আগতে কবিক লগ ধৰিবলৈ গৈছিলোঁ৷
পোনতেই এসোঁতা কান্দি, পাঁচ কি ছয় মিনিট মোৰ লগত বহি কবিজনাই ক’লে, ‘মোৰ বৰ ভাগৰ লাগিছে৷ জিৰাওগৈ দিয়া৷’
সেইজন কবিয়ে এতিয়া অলপ বাৰু পাইছে৷ মই দেৰ-দুই
ঘণ্টা বহি কথা পাতিছোঁ আকৌ৷ মনটো বেছ ভাল লাগিছে৷ জ্ঞানপীঠ পুৰস্কাৰেৰে অসমীয়া
ভাষা-সাহিত্য, বিশেষকৈ কবিতাক তুলি ধৰা এই কবিজনে দুৰ্দান্ত ৰূপত ‘‘কবিৰ বচন’’-ত আত্মপ্ৰকাশ কৰিছে৷ তৃতীয় নয়নযুক্ত কবিজনক আমি জীয়াই ৰাখিব লাগে৷ তেখেতে
অসমীয়া কবিতাক পৰমায়ু দিয়াৰ প্ৰয়াস কৰিছে৷ কেৱল কবিতাসমূহতে নহয়, কবিজনাৰ সাক্ষাৎকাৰ
সমূহতো আমি এইজন মহতী প্ৰতিভাৰ সান্নিধ্য পাব পাৰোঁ৷