অন্যযুগ/


মিনি কাজিৰঙা’–ওৰাং ৰাষ্ট্ৰীয় উদ্যান

 

                                                              অমৃত গোস্বামী



                                                                                           


    পৃথিৱী বিখ্যাত অসমৰ এশিঙীয়া গঁড়, বাঘ, হাতী, বনৰীয়া মহ, নলগাহৰি, হৰিণা ইত্যাদি জীৱ-জন্তু, বহু প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আৰু ৰং-বিৰঙৰ বিভিন্ন পখিলাৰ বাবে বিখ্যাত ‘ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ অসমৰ  দৰং আৰু শোণিতপুৰ এই দুয়োখন জিলাৰে কিছু অংশ সামৰি বিশাল  ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত।


    এই অভয়াৰণ্যখন আকাৰত অসমৰ আন দুখন বৃহৎ অভয়াৰণ্য কাজিৰঙা বা মানস অভয়াৰণ্যৰ তুলনাত যথেষ্ট সৰু। ইয়াৰ মুঠ মাটিকালিৰ আয়তন মাত্ৰ ৭৮.৮১ বৰ্গ কিলোমিটাৰ। আকাৰত সৰু হ’লেও ওৰাং অভয়াৰণ্য জৈৱবৈচিত্ৰ্যৰ দিশত অত্যন্ত সমৃদ্ধ, আৰু সেইবাবেই ওৰাং অভয়াৰণ্যক কাজিৰঙাৰ এক ক্ষুদ্ৰ সংস্কৰণ, অৰ্থাৎ ‘মিনি কাজিৰঙা’ বুলিও বহু লোকে ক'ব বিচাৰে।‌ 


    বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ উত্তৰ পাৰত, বানপানীয়ে সলাই থকা ভূৰেখা অনুযায়ী গঢ় লৈ ঘাঁহনি, জলাহভূমি আৰু বনাঞ্চলৰ  এই অমূল্য প্ৰাকৃতিক ৰম্যভূমি— ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আকাৰত সৰু হ'লেও কিন্তু গুৰুত্বত বিশাল। এই উদ্যানখনে অসম তথা ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ ইতিহাসৰ এক অনন্য সাক্ষী বহন কৰি আছে।


    পদ্মশ্ৰী যাদৱ পায়েংদেৱে প্ৰায়েই এষাৰ কথা কোৱা শুনিবলৈ পোৱা যায় যে অসমত গছ ৰোপণ কৰিবৰ কোনো‌ প্ৰয়োজন নাই, অসমৰ উৰ্বৰ ভূমিত আপোনাআপুনি গছ-গছনি গজি উঠে, কেৱল গছ নাকাটিলেই হ’ল। ওৰাং অভয়াৰণ্যৰ ইতিহাসে শ্ৰী়পায়েং দেৱৰ এই কথাষাৰৰ সত্যতা পূৰামাত্ৰাই প্ৰমাণ কৰে। কিয়নো ওৰাং অভয়াৰণ্যখন এখন বহু পুৰণি বনাঞ্চল নহয়। আজিৰ এই সজীৱ বনাঞ্চলখন এসময়ত মানুহৰ বসতিপূৰ্ণ অঞ্চল এটাহে আছিল। হাজং, কোচ, বড়ো, ওৰাং আদি বিভিন্ন জনগোষ্ঠীৰ লোকে এই অঞ্চলত খেতি-বাতি, মাছ ধৰা আদি কাৰ্যত জড়িত হৈ জীৱন নিৰ্বাহ  কৰি আছিল,সৌ সিদিনালৈকে। কিন্তু বিংশ শতিকাৰ আৰম্ভণিতে হোৱা এক ভয়ংকৰ মহামাৰীয়ে মানুহক এই ভূখণ্ড সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। এই দুৰ্যোগত তিস্থি থাকিব নোৱাৰি মানুহবোৰ অঞ্চলটোৰ পৰা আঁতৰি যোৱাৰ পাছত, এই এৰাপৰলীয়া ভূখণ্ডত শ্ৰী পায়েংদেৱে কোৱাৰ ধৰণেই প্ৰকৃতিয়ে ধীৰে ধীৰে নিজৰ অধিকাৰ পুনৰ সাব্যস্ত কৰে। এই পৰিত্যক্ত ভূমি কেই বছৰমানৰ ব্যৱধানতে প্ৰকৃতিয়ে পুনৰ নিজৰ দখললৈ আনি বন, ঘাঁহনি ইত্যাদি আৰু জলাহভূমিলৈ ৰূপান্তৰিত কৰে— আৰু সেই প্ৰাকৃতিক পৰিৱৰ্তনেই ভৱিষ্যতৰ এখন সংৰক্ষিত বনাঞ্চল গঢ়ি উঠাৰ ভেঁটি তৈয়াৰ কৰিছিল। 


    এই প্ৰসংগতে উনুকিয়াব পাৰি যে পূৰ্বৰ ওৰাং অঞ্চলটোৰ বাসিন্দা সকলৰ ঘৰ-বাৰী, পুখুৰীকে আদি কৰি জীৱন নিৰ্বাহৰ অৱশিষ্ট স্মৃতিচিহ্ন, স্বাক্ষৰ বহনকাৰীৰূপে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত এতিয়াও বিদ্যমান। সেইবোৰৰ ভিতৰত ‘পদুম পুখুৰী’ নামৰ পুখুৰীটো বিশেষভাৱে উল্লেখযোগ্য।


    ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত অন্যতম এখন, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এই ওৰাং নামটো সেই অঞ্চলটোত পূৰ্বতে বসবাস কৰা ওৰাং জনগোষ্ঠীৰ পৰাই আহিছে বুলি বহুতে বিশ্বাস কৰে।


    ঔপনিবেশিক ব্ৰিটিছ চৰকাৰে এই অঞ্চলক ১৯১৫ চনৰ ৩১ মে তাৰিখে  “ওৰাং গেম ৰিজাৰ্ভ” হিচাপে ঘোষণা কৰিছিল। তেতিয়াৰ ঔপনিৱেশিক চৰকাৰৰ এই ঘোষণাৰ মূল উদ্দেশ্য আছিল চিকাৰ নিয়ন্ত্ৰিত কৰি, বিশেষভাৱে গঁড় আৰু  অন্যান্য বন্যপ্ৰাণীসমূহকো  সুৰক্ষা প্ৰদান কৰা। 


    স্বাধীনোত্তৰ কালত ১৯৮৫ চনত  অসম চৰকাৰে এই অঞ্চলটোক ‘ওৰাং বন্যপ্ৰাণী অভয়াৰণ্য’ হিচাপে ঘোষণা কৰে। ইয়াৰ জৰিয়তে ঘাঁহনি, জলাহভূমি আৰু নদী উপত্যকাৰ পৰিৱেশতন্ত্ৰ অধিক সুৰক্ষিত কৰা হয়।


    ১৯৯২ চনত এই অভয়াৰণ্যখনক “ৰাজীৱ গান্ধী বন্যপ্ৰাণী অভয়াৰণ্য” বুলি নামাকৰণ কৰা হৈছিল। কিন্তু স্থানীয় লোকৰ তীব্ৰ আপত্তিৰ বাবে পুনৰ “ওৰাং” নামকৰণ বাহাল ৰখা হয়। ১৯৯৯ চনৰ ১৩ এপ্ৰিল তাৰিখে এই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। পাছত  ২০১৬ চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ‘প্ৰজেক্ট টাইগাৰ’ কাৰ্যসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰি টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়।


    ‘ওৰাং’ৰ মূল চালিকাশক্তি হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী। বছৰি হোৱা বানপানীয়ে কোনো কোনো বছৰ বনাঞ্চলখনৰ ধ্বংস মাতি আনে, কিন্তু সেই বানেই পুনৰ সুন্দৰকৈ সজাই তোলে বনাঞ্চলখন। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহে বছৰৰ বেছিভাগ সময় প্লাবিত কৰি ৰখা ওৰাং বনাঞ্চল বিশাল ঘাঁহনি, জলাহভূমি, খাল-বিল‌ আদিৰে আৱৰা।


    ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এই উদ্যানখনে পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ একমাত্ৰ আশ্ৰয়স্থল তথা বিচৰণ ভূমি হিচাপে বিশেষ গুৰুত্ব বহন কৰিছে।


    ব্ৰিটিছ যুগত গেম ৰিজাৰ্ভ হিচাপে স্বীকৃতি পোৱাৰ পৰা বৰ্তমানে এখন আধুনিক ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিগণিত হোৱা ওৰাং অভয়াৰণ্যৰ এই যাত্ৰা ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। ‘ওৰাং’ অসমৰ প্ৰাকৃতিক বৈভৱৰ এক উজ্জ্বল প্ৰতীক।


                                                                            ***


ঠিকনা :
চাৰ্ভে, বেলতলা, গুৱাহাটী -২৮
ফোন নং ৯৪৩৫০ ১৪৪৫৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ