অন্যযুগ/


ৰ’দে-বৰষুণে ইমান যে গান

 

 লোকনাথ গোস্বামী



মন দাপোণত-১৭

(১) জীৱনৰ এক নতুন অধ্যায় 

প্ৰথম বাৰৰ কাৰণে ৰাজ্যখনৰে এখন বৃহৎ ঔদ্যোগিক নগৰ নামৰূপত পদাৰ্পণ কৰি জীৱনৰ অন্য এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ পাতনি মেলিলোঁ৷ পোনপ্ৰথম দেখিবলৈ পালো ৰাজ্যখনৰ এক বৃহৎ বিদ্যুৎ উৎপাদন কেন্দ্ৰ হিচাপে পৰিচিত নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ’(Namrup Thermal Power Station) ৷ উৎপাদন কেন্দ্ৰটোৰ ভিতৰ চ’ৰাত প্ৰৱেশ কৰোতে কিবা এক অজান পুলকত যেন দেহ-মন শিহঁৰি উঠিল৷ ৰাণা শৰ্মাই প্ৰথমে কেমিকেল লেবৰেটৰীলৈ লৈ গ’ল৷ সেয়াও তেনেই নতুন অভিজ্ঞতা৷ কেমিকেল লেবৰেটৰীটোৰ সৈতে সংলগ্ন হৈ আছে ডি এম প্লাণ্ট(Demineralisation Plant) ৷ লেবৰেটৰীটোত সোমাই দেখিলো ভাগে ভাগে সহকৰ্মী সকলে কাম কৰি আছে৷ এটা ৰূমত এজন বয়োজ্যেষ্ঠ লোক বহি আছে৷ প্ৰথমে ৰাণা শৰ্মাই বঙালী ভাষাতে তেখেতৰ সৈতে মোক চিনাকি কৰি দিলে৷ তেখেতেও বঙালীতে মোৰ লগত কথা-বতৰা হ’ল৷ মানুহজনে বঙালী ভাষাত কথা কোৱাৰ কাৰণ বুজি পোৱা নাছিলোঁ৷ তেতিয়া ৰাণা শৰ্মাই ক’লে যে তেখেত ডামোদৰ ভেলী কৰ্পোৰেচন(D V C) Retd Chief Chemist গুহ৷ বিদ্যুৎ পৰিষদ কৰ্তৃপক্ষই নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰলৈ ইয়াৰ লেবৰেটৰীৰ কেমিষ্ট সকলৰ প্ৰশিক্ষণৰ কাৰণে ছমাহৰ বাবে আনিছে ৷ সকলোৱে গুহছাৰ বুলি সম্বোধন কৰা দেখি ময়ো তেনেদৰে সম্বোধন কৰি কথা পাতিবলৈ লৈছিলো যদিও বঙালী কব পৰা নাছিলো৷ যি পাৰো অসমীয়াতে কৈছিলো আৰু তেখেতেও বুজিবলৈ চেষ্টা কৰিছিল৷ গুহছাৰৰ কাষৰ চকীখনত অইন এজন গহীন লোক বহি থকা দেখিছিলো৷ ৰাণা শৰ্মাই তেখেতৰ সৈতেও চিনাকি কৰি দিলে৷ তেখেত হ’ল শিখেশ্বৰ সোনোৱাল,লেবৰেটৰীৰ কেমিষ্ট৷ সকলোৱে চিখেশ্বৰ চোনোৱাল বুলিয়েই কয়৷ বাকীসকলৰ ভিতৰত আছিল আগদিনা ৰাতি লগ পোৱা ধবলগিৰি শইকীয়া, উপেন চেতিয়া,সত্যেন তামূলী, ব্ৰজেন বড়ি আদি৷ আটায়ে মোৰ লগত চিনাকি হ’ল৷ ইফালে ডি এম প্লাণ্টত আছিল আগদিনা ৰাতি আহি যাৰ কোৱাৰ্টাৰত আছিলোঁ, তেওঁ অৰ্থাৎ জুনিয়ৰ ইঞ্জিনিয়াৰ লক্ষ্মী শৰ্মা, লগতে জুনিয়ৰ ইঞ্জিনিয়াৰ  জীৱন বৰা, ইছলাম আদি৷ মানুহখিনি লগ পাই ভালেই লাগিল৷

ইয়াৰ পাছত ৰাণা শৰ্মাই লৈ গ’ল পাৱাৰ হাউছৰ ভিতৰ চ’ৰালৈ৷ বিয়াগোম কাৰবাৰ ভিতৰত৷ দুটাকৈ কণ্ট্ৰোল ৰূম, এটা গেছ টাৰবাইনৰ আৰু এটা ষ্টীম টাৰ্বাইনৰ৷ পাৱাৰ হাউছৰ ভিতৰ চ’ৰাত কাণ-তাল মৰা শব্দ, কাৰো কথা কোনেও নুশুনা অৱস্থা৷ আকাৰে ইংগিতে কথা পাতিব লাগে৷ কণ্ট্ৰোল ৰুমবিলাক অৱশ্যে Sound Proof ৷ দুয়োটা কণ্ট্ৰোল ৰুমলৈ নি ৰাণা শৰ্মাই বিষয়া-কৰ্মচাৰী সকলৰ সৈতে পৰিচয় কৰি দিলে৷ মোটামুটিকৈ পাৰিৱেশটো বেয়া লগা নাছি যদিও মোৰ কাৰণে তেনেই অস্বাভাবিক আছিল৷ তাৰ পাছত মোক কেন্দ্ৰটোৰ বাহিৰত ৰাস্তাৰ মূৰৰ কাৰ্যবাহী অভিযন্তা প্ৰদীপ কটকীৰ ওচৰলৈ যাবলৈ ৰাণা শৰ্মাই দেখুৱাই দিলে৷ যাবৰ সময়ত শিকাই দিলে যাতে কোনো কাৰণতে কাৰোবাৰ কোৱাৰ্টাৰত ৰাতি আহি থিতাপি লোৱা বুলি নকওঁ৷ তেনেদৰে ক’লে কাৰ্যবাহী অভিযন্তাগৰাকীয়ে তাতে দুদিনমান যেনে-তেনে থাকিবলৈ পৰামৰ্শ দিব৷ কিয়নো কলনীত  ঘপকৈ কোৱাৰ্টাৰ এটা পোৱাটো টান৷

কাৰ্যবাহী অভিযন্তা প্ৰদীপ কটকীৰ  ৰাস্তাৰ দাঁতিৰ কাৰ্যালয়টো বিচাৰি উলিয়াই তেখেতৰ ৰূমলৈ সোমাই গ’লো৷ এজন সুদৰ্শন পুৰুষ , প্ৰথমে মোৰ পৰিচয় ল’লে আৰু তাৰ পিছত মোৰ উদ্দেশ্যৰ কথা সুধিলে৷ মই নতুনকৈ আহিছোঁ বুলি কোৱাত ক’ত আছাহি বুলি চিধাই সুধিলে৷ ৰাণা শৰ্মাই শিকাই দিয়াৰ দৰে ৰাতিটো অফিচৰ বাৰান্দাতে কটালো বুলি কোৱাত ইস্ ইস্ আস্ আস্ কৰি অফিচৰে কৰ্মচাৰী এজনক মাতি মোক Guest House (অতিথিশালা)লৈ নি তাতে থকাৰ কিবা এটা ব্যৱস্থা কৰাবলৈ নিৰ্দেশ দিলে৷ অতিথিশালা বেচ ডাঙৰ, দেখাত বহুটো ৰুম আছে৷ কৰ্মচাৰীজনে গৈ তাৰে তত্বাবধায়কজনক লগ ধৰি মোৰ কথাটো ক’লে৷ তেওঁ ৰূম নাই বুলি কৈছিল যদিও কাৰ্যবাহী অভিযন্তাৰ কথাটো কওঁতে ষ্ট’ৰ ৰূম এটালৈ নি তাৰে সৰু বিচনা এখনতে সাময়িকভাবে থিতাপি লোৱাৰ কথা ক’লে৷ সেইমতে ষ্ট’ৰ ৰূমতে বিছনা এখন পাই তাতে সোমালোঁ৷ তাত অৱশ্যে বাথৰূম, লেট্ৰিন ভালেই আছিল৷

কিন্তু খোৱা-বোৱা?

অতিথিশালাত দৈনিক খাব পৰা নাযাবখৰচ বহুত হ’ব বুলি গম পালোঁ আৰু মোৰ বাবে সুবিধাজনকো নহ’ব বুলি অনুমান এটা কৰিলোঁ৷ কথাটো ৰাণা শৰ্মাকে আহি  ক’লোঁ৷ তেতিয়া ৰাণা শৰ্মাই মোৰ কাৰণে Friend, Philosopher, Guide স্বৰূপ আছিল৷ ৰাণা শৰ্মাই আকৌ সেই কাৰ্যবাহী অভিযন্তাৰ অফিচৰ ওচৰলৈ মোক লৈ গৈ ওচৰতে থকা তেনেই সৰু চালি দিয়া হোটেল এখনৰ শৰ্মা উপাধিৰ মানুহজনৰ সৈতে চিনাকি কৰি দিলে৷ দোকানৰ মালিক শৰ্মাই মোক তাতে ইচ্ছা কৰিলে  চাহ-ভাত খাব পাৰিম বুলি জনালে৷ নামৰূপ বুলিলে মোৰ এক উচ্চ ধাৰণা আছিল যে লাগ বুলিলেই নামী-দামী হোটেল, ৰেষ্ট’ৰেণ্ট বিচাৰিলেই পাম৷ ৰাণা শৰ্মাই সেই চালি দিয়া দোকানখন দেখুৱাই দিয়াৰ পাছত মোৰ মুখৰ মাত হৰিল৷ শৰ্মাৰ দোকানতে দুপৰীয়াৰ সাঁজ খাবলগীয়া হ’ল৷ ভাবিলোঁ নাই মোমাইতকৈ কণা মোমায়েই ভাল’৷ ৰন্ধা-বঢ়া ভালেই পালো৷ মাছ-মাংস খাবলৈ বিচাৰিলে আগতীয়াকৈ কৈ দিব লাগিব বুলি শৰ্মাই জনাই দিলে৷ সিদিনা যেনিবা কোৱা কাৰণে অমলে’ট এটাকে  বনাই দিলে৷ খাই বৈ আহি দুপৰীয়া নিজৰ সেই অতিথিশালাৰ ষ্ট’ৰ ৰুমৰ বিচনাখনতে জিৰণি ল’লোহি৷৷

এঘণ্টামান জিৰণি লোৱাৰ পিছত আকৌ লেবৰেটৰীলৈ গ’লো৷ এইবাৰ যেনিবা অকলে অকলেই গ’লো৷ লেবৰেটৰীৰ কাম-কাজ সম্পৰ্কে জানিবলৈ বিচাৰিলো৷ গুহছাৰে মোৰ সাক্ষাৎ লবলৈ আৰম্ভ কৰিলে৷ ওচৰতে কেমিষ্ট সোনোৱাল আৰু অন্য দুই-এজনো ৰৈ আছিল ৰেহ-ৰূপ চাবৰ কাৰণে৷ গুহছাৰৰ এটাৰ পাছত এটা প্ৰশ্নত মই থৰকাচুটি হেৰুওৱাৰ উপক্ৰম৷ কেমিষ্ট্ৰি বিষয়ত অনাৰ্ছ আছিল ঠিকেই, কিন্তু স্কুলত চাকৰি কৰি থকাৰ সেই দীঘলীয়া সময়খিনিত সেই সকলোবোৰ পাহৰি পেলাইছিলোঁ৷ কেমিষ্ট্ৰি এনে এটা বিষয় যে নিয়মিত পঢ়া-শুনা বা চৰ্চা নাথকিলে কোনো কথাই মনত ৰাখাটো সম্ভৱ নয়৷ কওঁ নকওঁ কৈ মোৰ আচল সমস্যাটো আধা অসমীয়া, আধা বঙালীতে গুহছাৰক ক’লোঁ৷ মোৰ কথা শুনি তেওঁ একপ্ৰকাৰ গৰজি উঠিল- এনেকৈ কেনেকৈ হ’ব? ইয়াততো সকলোবোৰ কথা জানিব লাগিব৷ নহলে লেবৰেটৰী কেনেকৈ চলিব?’

মই  তেখেতক লাহে লাহে  সকলো শিকি ল’ম বুলি ক’লোঁ৷ উপেন চেতিয়া বুলি এজনক মাতি মোক লেবৰেটৰীৰ কাম-কাজ, পৰীক্ষা-নিৰীক্ষাবিলাকৰ লগতে প্ৰেক্টিকেল পৰীক্ষাবিলাকৰ Procedure -বিলাক শিকাই দিবলৈ ক’লে৷ ময়ো ’হ’ব ছাৰ’ বুলি তেওঁৰ পৰা আতৰি আহিলোঁ, ভাবিলোঁ পঢ়া-শুনা নকৰিলে সহকৰ্মীসকলৰ আগত লাজ পাব লাগিব৷ সেয়ে কিছু প্ৰাসংগিক কিতাপ-পত্ৰ গোটাই পঢ়া-শুনা কৰিবলৈ আৰম্ভ কৰিলোঁ৷

পাছদিনা আৰু এটা নতুন অভিজ্ঞতা এটা অৰ্জন কৰিলোঁ৷ আগদিনাই কেমিষ্ট সোনোৱালে মোক দিল্লীঘাটলৈ গৈ এবাৰ তাৰ লেবৰেটৰীটো চাই আহিবলৈ পৰামৰ্শ দিলে৷ তাপবিদ্যুৎ কেন্দ্ৰৰ পৰা পাচ-ছয় কিলোমিটাৰ মান দূৰত দিল্লীঘাট৷  দিচাং নৈখনে অৰুণাচল আৰু অসমৰ সীমাইদি বৈ আহি নামৰূপৰ ওচৰত দিল্লীনদী নাম পাইছে৷ এই দিল্লী নদীয়েই শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে৷ দিল্লীঘটত তাপবিদ্যুৎ কেন্দ্ৰৰ পানী-উত্তোলনৰ কেন্দ্ৰ(Intake) টো আছে৷ তাৰ পৰা বৃহৎ পাইপেৰে পাৱাৰ হাউছলৈ পানী সৰবৰাহ কৰা হয়৷ এই পানীৰেই পাৱাৰ হাউছৰ কামৰ উপৰিও তাপবিদ্যুৎ কেন্দ্ৰৰ আৱাসিক এলেকাৰ লগতে অসম পেট্ৰৰসায়নিক প্ৰকল্পলৈকো খোৱা পানীৰ যোগান ধৰা হয়৷ তাতো পানী-শোধন(Water Treatment)ৰ বাবে এটা প্ৰকাণ্ড লেবৰেটৰী আছে৷ তাপবিদ্যুৎ কেন্দ্ৰৰ পৰাই লেবৰেটৰী এছিষ্টেণ্ট’ অথবা এছিষ্টেণ্ট কেমিষ্ট’ গৈ পানী-শোধনৰ যাৱতীয় পৰীক্ষা-নীৰিক্ষা কৰেগৈ৷ অন্যান্য কাৰিকৰী কামৰ বাবে জুনিয়ৰ ইঞ্জিনিয়াৰ, পাম্প-অপাৰেটৰ আদিও যাব লাগে নিয়মীয়াকৈ৷ তাপবিদ্যুৎ কেন্দ্ৰৰ পৰা এখন মেটাডৰ গাড়ীৰে কৰ্মচাৰীসকলক নিতৌ পুৱাই লৈ যোৱা হয়৷ দুপৰীয়া আকৌ অন্য এটা ষ্টাফ নি তাত থৈ আগৰ ষ্টাফটোক লৈ আহে৷

একেবাৰে নতুন ঠাই, নতুন পৰিৱেশ, নতুন অভিজ্ঞতা৷ কেমিষ্ট্ৰিৰ সূত্ৰ, তত্ত্ব আওৰোৱাৰ লগতে চৌপাশৰ সমাজখনৰ কেমিষ্ট্ৰিও অধ্যয়ন কৰাৰ প্ৰয়োজন বোধ কৰিলোঁ৷ তাপবিদ্যুৎ কেন্দ্ৰৰ আৱাসিক এলেকাটো বহু বিস্তৃত৷ এলেকাটোৰ প্ৰায় মাজতে বিয়াগোম পাৱাৰ-হাউটো৷ তাৰ পৰা নাতিদূৰত ভাগে ভাগে আৱাসিক এলেকা৷ উত্তৰ দিশে শাৰী শাৰী পাহাৰ৷ পাহাৰৰ নামনিত এই তাপবিদ্যুৎ কেন্দ্ৰ স্থাপিত হৈছে৷ পূৰ্বতে জনবসতি সেৰেঙা আছিল৷ নামৰূপ তেতিয়া কলীয়াপানী ৰূপেই পৰিচিত আছিল৷ পাত এটাৰ পাছত এটাকৈ উদ্যোগবিলাক গঢ় লৈ উঠিবলৈ লোৱাত নামৰূপৰ জেউতি বহু গুণে চৰিবলৈ ধৰিলে৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ