অন্যযুগ/


কানিৰ আসক্তি: উনৈশ শতিকা আৰু কুৰি শতিকাৰ আগলিভাগৰ ঔপনিৱেশিক নির্মাণ আৰু অসমীয়া সাহিত্য (The ‘Making’ of an Opium Addiction: Colonial Construction and Assamese Literature in the 19th and early 20th century) article-opium-june-2026

 মূল ইংৰাজী: কিশোৰ গোস্ৱামী

অনুবাদ: ড ৰক্তিম ৰঞ্জন শইকীয়া


ঔপনিৱেশিক অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰখন অতি বিচিত্ৰ৷ বিভিন্ন দৃষ্টিকোণৰ পৰা এই সময়চোৱাক বিশ্লেষণ কৰিলে নতুন নতুন দিশৰ উন্মোচন হোৱা পৰিলক্ষিত হয়৷ এই লেখাটোৰ যোগেদি উনৈশ শতিকা আৰু কুৰি শতিকাৰ প্ৰথমভাগৰ ঔপনিৱেশিক অসমৰ ইতিহাস কানিৰ ব্যৱহাৰ আৰু বিপননৰ উপৰি, বিশেষকৈ কানিক কেন্দ্ৰ কৰি ৰাষ্ট্ৰ আৰু সমাজৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ প্ৰেক্ষাপটৰ পৰা অধ্যয়ন কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে৷ এই অধ্যয়নটোত ৰাজনৈতিক অর্থনীতি, ঔপনিৱেশিক আদৰ্শ আৰু ইতিহাসতত্ত্বত জাতীয়তাবাদী চিন্তাক প্ৰত্যাহ্বান জনাবলৈ কানীয়া শব্দটোৰ নিৰ্মাণ আদি দিশত গুৰুত্ব আৰোপ কৰা হৈছে৷ সমগ্ৰ অধ্যয়নটোৱে কানিচর্চাই প্ৰতিষ্ঠা কৰা যুগসন্ধিৰ ওপৰত আলোকপাত কৰিছে৷ এই যুগসন্ধিত স্থানীয় কাৰক, জাতীয়তাবাদী প্ৰক্রিয়া আৰু ক্রান্তিকালৰ বিকাশৰ সমাৰোপণ ঘটিছিল আৰু ই শ্ৰমবিমুখীতাৰ খণ্ডিত ভ্রান্তধাৰণা, আধুনিকতাৰ সৈতে উন্নয়ন আৰু বিকাশ, বিৰোধ আৰু আঞ্চলিকতাবাদৰ এটা জটিল বাগধাৰাৰ সৃষ্টি কৰিছিল৷

ঔপনিৱেশিক অসমত কানিৰ সামাজিক ইতিহাস হিচাপে এই অধ্যয়নে ঔপনিৱেশিকতাবাদ আৰু জাতীয়তাবাদৰ সৈতে অসমৰ অতুলনীয় যোগাযোগৰ ব্যাখ্যা কৰাৰ সময়ত কানি সম্পৰ্কে আমাৰ জ্ঞানৰ সীমাবদ্ধতাখিনিক সামৰি ল’বৰ যত্ন কৰিছে৷ তদুপৰি ই স্থানীয় সংঘটনসমূহ নির্ধাৰণ তথা নিয়ন্ত্ৰণ কৰাত ক্রান্তিকালীন কাৰকসমূহৰ প্ৰভাৱবোৰ অনুভৱ কৰিবলৈ এটা কাঠাম আগবঢ়াইছে৷ কেৱল ৰাজহ আহৰণৰ দৃষ্টিকোণৰ পৰাই নহয় প্ৰদেশখনৰ সামাজিক আৰু ৰাজনৈতিক কথনক আকৃতি প্ৰদান কৰাত কানিয়ে পালন কৰা ভূমিকাৰ কাৰণেও এই অধ্যয়নে কানিক অসমৰ ঔপনিৱেশিক ৰাজনীতিৰ কেন্দ্ৰস্থলত প্ৰতিষ্ঠা কৰিছে৷ অধ্যয়নটোৱে অঞ্চলটোৰ স্বকীয় সামাজিক কল্পনাক আকৃতি দিওঁতে আৰু আনৰ সৈতে ইয়াৰ পাৰ্থক্যক অনুভৱ কৰোঁতে সাম্রাজ্যবাদী “এলেহুৱা স্থানীয় লোক” (“Lazy Native”) উপমাটোৰ অন্তৰ্গত অসমীয়াৰ বাবে বিশেষভাৱে নিৰ্বাচন কৰা “কানীয়া” অভিধাটোৰ নিৰ্মাণৰ বিশেষত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এই অধ্যয়নৰ যোগেদি ঔপনিৱেশিক অসমৰ ইতিহাস অনুসন্ধান কৰাৰ সময়ত কানিৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাত আলোকপাত কৰা হৈছে৷ অধ্যয়নটোত অসম প্ৰদেশখনে কানিকে অগ্রাক্ষ হিচাপে লৈ ঔপনিৱেশিকতাবাদ আৰু জাতীয়তাবাদৰ সৈতে সম্মুখীন হৈছিল বুলি প্ৰমাণ কৰিবলৈ যত্ন কৰা হৈছে৷ তদুপৰি স্থানীয় আৰু জাতীয় গতিধাৰাৰ সৈতে পৰিৱৰ্তনশীল শক্তিসমূহৰ মাজৰ সংমিশ্ৰণৰ শেষ পৰিণতিসমূহ গাঁঠি উলিওৱা হৈছে৷ এই দুটা মূল লক্ষ্যৰে সমগ্ৰ অধ্যয়নটো পৰিচালিত হৈছে৷ প্ৰথমে, ই কানিৰ নিচাক এক সাম্রাজ্যবাদী ক্রিয়া আৰু ইয়াৰ নিষিদ্ধকৰণক জাতীয়তাবাদী প্ৰতিক্রিয়া হিচাপে প্ৰক্ষেপ কৰাৰ সৰল ক্রিয়া-প্ৰতিক্ৰিয়াৰ ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে৷ দ্বিতীয়তে, ই অসমীয়াৰ সোৰোপালি সম্পৰ্কে থকা বিশ্বাসবোৰ, আধুনিকতাৰ সৈতে বিকাশ আৰু উদ্যোগ, প্ৰতিৰোধ আৰু আঞ্চলিকতাবাদৰ সৈতে জড়িত অংশবোৰ অনুসন্ধান কৰিছে৷ এই সমগ্ৰ অধ্যয়নটোৱে ১৮৯০-১৯০৪ খ্ৰীষ্টাব্দৰ সময়চোৱাৰ হেমচন্দ্ৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যবংগ ৰচনা ক্ৰমে “কানীয়াৰ কীৰ্ত্তন” আৰু কৃপাবৰী ৰচনাসমূহত (বিশেষকৈ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা) থকা কানীয়াৰ চিত্ৰনে “কানিৰ নিচা” আৰু “এলেহুৱা ভাৰতীয়ৰ ঔপনিৱেশিক নিৰ্মাণটোৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ সংকেত দিয়ে৷

ভাৰত ভ্ৰমণ কৰিবলৈ অহা প্ৰথম য়ুৰোপীয় ভ্ৰমণকাৰীসকলৰ ভ্ৰমণকাহিনীসমূহে কানি ঔষধবিধৰ প্ৰাচ্যদেশীয় লোক আৰু য়ুৰোপীয় লোকৰ ওপৰত হোৱা পৃথক প্ৰতিক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি “প্রাচ্যৰ কানীয়া” (Oriental opium addict)ৰ কল্পচিত্ৰ এখন দাঙি ধৰিছিল৷ ই আছিল এটা “সিহঁত” চিহ্নিতকৰণৰ এটা প্ৰক্ৰিয়া, যাৰ লগত প্রাচ্যদেশীয় বাগধাৰাৰ সংমিশণ ঘটি প্রাচ্যত কানিৰ নিচাৰ ঔপনিৱেশিক ধাৰণাটোৰ আধাৰৰ সৃষ্টি কৰিছিল৷”“আমি” আৰু “সিহঁত” নীতিটো ঔপনিৱেশিক সংযোগৰ যোগেদি অধিক জটিল হৈছিল৷ ইয়াৰ ফলস্বৰূপে ঔষধি হিচাপে ব্যৱহাৰ হৈ অহা কানিৰ ওপৰত থকা পৰম্পৰাগত নিয়ন্ত্ৰণবোৰ ভাগি পৰিছিল আৰু ঔপনিৱেশিক ৰাষ্টযন্ত্ৰই ঔষধিবিধৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ থকা সামাজিক, ধর্মীয় আৰু সাংস্কৃতিক প্ৰক্ৰিয়াবোৰ উপেক্ষা কৰিবলৈ আৰম্ভ কৰিছিল৷ এই উপেক্ষাই এছিয়াৰ বিভিন্ন ঠাইত নিচা হিচাপে কানিৰ প্ৰসাৰত অৰিহণা যোগাইছিল৷ আমাৰ অধ্যয়নত এই একপক্ষীয়, সমস্যাবিহীন যুক্তি সমূহৰ প্ৰত্যুত্তৰ দিয়া হৈছে৷ ইয়াৰ লগতে ঔপনিৱেশিক সময়চোৱাত ঔপনিৱেশিক শাসন আৰু সাম্রাজ্যবাদী শাসনৰ বিকাশমান ক্ষেত্ৰৰ ভিতৰত বিষয়গততা (subjectivity), আধুনিকতা আৰু জাতীয়তাবাদৰ মাজৰ হেঁচা-ঠেলাৰ সমান্তৰালভাৱে ইয়াৰ লগত ঔপনিৱেশিকতা বিৰোধী আন্দোলন আৰু জাতি নির্মাণ প্ৰকল্প সংযুক্ত কৰি অসম অঞ্চলটোৰ লগত কানিৰ লগত হোৱা সংযোগসমূহ নিৰ্ণয় কৰা হৈছে৷

এইটো ঠিক যে ১৮৬০-১৯২০ খ্ৰীষ্টাব্দৰ সময়চোৱাত অসমত বৃটিছ ভাৰতৰ সকলোতকৈ অধিক জনমূৰি কানি সেৱনৰ অভিলেখ তথা কানিয়ে প্ৰদেশখনৰ মুঠ ৰাজহৰ এক পঞ্চমাংশ অৱদান আগবঢ়োৱা স্বত্বেও অসমত কানিৰ বিষয়ে সঠিক অধ্যয়নৰ অভাৱ৷ উল্লেখযোগ্য যে ভাৰতত কানিৰ বিষয়ে ৰচনা হোৱা ইতিহাসসমূহত কানিসেৱনৰ স্থানীয় অৱস্থা, স্থানীয় ব্যৱসায় আৰু চৰকাৰী নীতিবিষয়ক দিশসমূহক সামৰি লোৱা হোৱা নাই৷ এই অধ্যয়নত অসমত কানিৰ সেৱন, ব্যৱসায়, চৰকাৰী নীতি আদিক অসমৰ ৰাইজৰ সমস্যাৰ মাজত থাকি লক্ষ্য কৰিবলৈ যত্ন কৰা হৈছে৷ কানি সম্পর্কীয় অধ্যয়ন কৰা অসমৰ ইতিহাসবিদসকলে দুটা দিশত নিজৰ অধ্যয়ন আগবঢ়াই নিবলগীয়া হয়৷ প্ৰথমটো দিশ হ’ল ভাৰতৰ ইতিহাসত কানিক চীনদেশৰ লগত থকা বাণিজ্যৰ বাবে ৰপ্তানিযোগ্য সামগ্রী হিচাপে গণ্য কৰা আৰু কানি আসক্তিৰ চীনা অভিজ্ঞতাৰ দিশৰ পৰা৷ দ্বিতীয়টো দিশ হ’ল কানিৰ উৎপাদন কেন্দ্ৰ হিচাপে বেনাৰস-বিহাৰ অঞ্চল আৰু কলিকতাক নিলাম কেন্দ্ৰ হিচাপে লৈ ইয়াৰ আর্থিক সামাজিক দিশসমূহ অনুধাৱন কৰা৷ অসমত কানিৰ আসক্তি ব্যাপক হোৱা আৰু অঞ্চলটোত কানি উৎপাদন অভিজ্ঞতাৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক গুৰুত্ব থকা স্বত্বেও ভাৰতত স্থানীয়ভাৱে সেৱন হোৱা কানিৰ বিষয়ে ঐতিহাসিক অধ্যয়নৰ অভাৱে এই দিশত থাকিব লগা গৱেষণাৰ অভাৱকে সূচনা কৰে৷ দেখা গৈছে এই বিষয়ত ইতিমধ্যে উপলব্ধ অধ্যয়নসমূহে ১৮৭০ খ্ৰীষ্টাব্দৰ পৰা বৃটিছ ভাৰতৰ পৰা হোৱা কানি ৰপ্তানিত দেখা পোৱা বিভিন্ন প্ৰভাৱসমূহক সম্পূর্ণকৈ উপেক্ষা কৰিছে৷ এই সময়ত কানি ৰপ্তানিত আহি পৰা বিভিন্ন প্ৰতিকূলতাৰ বাবে এখন বিকল্প বজাৰ বিকাশ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল৷ কানিৰ বাবে বিকল্প বজাৰ এখনৰ প্ৰয়োজনীয়তা আহি পৰাৰ বাবেই অসমৰ দৰে ইতিমধ্যেই কানিৰ বিস্তৰ ব্যৱহাৰ থকা প্ৰদেশত এটা অতি আগ্রাসী ঘৰুৱা কানি বিপনন নীতিৰ ক্ৰমবিকাশ ঘটোৱাত অৰিহণা যোগাইছিল৷

অসমত কানিসেৱনৰ গুৰিটোনো ক’ত সেইটো লৈ পৰস্পৰ বিৰোধী মতবাদ আছে৷ অসমত কানি সেৱনৰ আদিমূল বিচাৰি যাওঁতে অসমৰ লগত চীন দেশৰ ঐতিহাসিক বাণিজ্যিক যোগাযোগ লৈ আঙুলিয়াব পাৰি৷ ইয়াৰ উপৰিও খ্রীষ্টীয় ১৭ শতিকাৰ মাজভাগত পশ্চিম অসমত প্ৰৱেশ কৰা মোগল সৈন্যসকলৰ মাজত কানি সেৱন এক সাধাৰণ কথা আছিল৷ এই সকলৰ যোগেদিও অসম প্ৰদেশে কানিৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা আছে৷ স্থানীয় বুৰঞ্জীবোৰৰ পৰা আমি জানিব পাৰো যে অসমৰ লোকসকলৰ বাবে কানি অপৰিচিত নাছিল৷ আহোম শাসনকালত ইয়াক মূখ্যতঃ কিছুমান অর্ধধর্মীয় ৰীতিনীতি পালনত আৰু ঔষধি হিচাপেহে ব্যৱহাৰ হৈছিল যদিও এই ব্যৱহাৰ অভিজাত মহলতে সীমাবদ্ধ আছিল৷ ঐতিহাসিক তথ্যপাতিৰে সমৃদ্ধ আৰু প্ৰদেশখনৰ মধ্যযুগৰ সামাজিক জীৱন প্ৰতিফলিত কৰা বুৰঞ্জীসমূহৰ পৰা জানিব পৰা যায় যে আহোম ৰজা গদাধৰ সিংহই (১৬৮১-১৬৯৬ খ্রীষ্টাব্দ) কানীয়াসকলক ব্যভিচাৰী ঘোষণা কৰি কানি সেৱনক শাস্তি যোগ্য অপৰাধ হিচাপে ঘোষণা কৰিছিল৷ কিন্তু নিজেই এজন কানীয়া ৰজা গৌৰীনাথ সিংহৰ সময়ত (১৭৮০-১৭৯৫ খ্রীষ্টাব্দ) কানিৰ ওপৰত নিষেধাজ্ঞা গুৰুত্বহীন হৈ পৰিছিল৷

অসমত আমোদ-প্ৰমোদ আৰু সামাজিক কর্ম হিচাপে কানি সেৱনক জনপ্ৰিয় কৰা অপৰাধৰ সমস্ত দায়িত্ব গৌৰীনাথ সিংহকে দিব লাগিব৷ অষ্টাদশ শতিকাৰ শেষলৈকে বৃহৎ পৰিসৰত কানি সেৱনৰ অজস্ৰ প্ৰমাণ স্বত্বেও, জাতীয়তাবাদী ইতিহাসকাৰসকলে প্রাক-ঔপনিৱেশিক অসমত কানিৰ ব্যৱহাৰৰ দিশটোক আওকাণ কৰাহে পৰিলক্ষিত হৈছে৷ এই জাতীয়তাবাদী ইতিহাসকাৰসকলে প্রাক-ঔপনিৱেশিক অসমত কানিৰ ব্যৱহাৰ নূন্যতম আছিল ইয়াৰ প্ৰচলন ৰাজপৰিয়াল আৰু অভিজাতসকলৰ মাজতে সীমাবদ্ধ আছিল বুলি দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল৷ এই ধৰণৰ টোকাসমূহৰ মতে বৃহৎ পৰিসৰত কানি সেৱনৰ কুঅভ্যাস বিস্তৃতিৰ ঘটনাটো সাধাৰণ মানুহৰ মাজত ইয়াক আৰোপ কৰিবলৈ ঔপনিৱেশিক ৰাষ্ট্ৰযন্ত্ৰই চলোৱা এক সুপৰিকল্পিত আচনিৰ ফল আছিল৷ এনেধৰণৰ টোকাৰ মতে কানিৰ অবাধ প্ৰচলন জনতাক নিচাত বুৰাই ৰাখি সহজে শাসন কৰাৰ এক ষড়যন্ত্ৰৰ বাহিৰে একো নহয়৷ এই ধৰণৰ বাগধাৰাই বহুলভাৱে প্ৰচলিত অসমীয়াসকলৰ “আত্মসম্মান” আৰু “আত্মোপলব্ধি” হেৰোৱাৰ ধাৰণাটোৰ সৈতে কানি সেৱনৰ নিচাক সুন্দৰকৈ সংযোজিত কৰিবলৈ সক্ষম হয়৷ এই বাগধাৰাৰমতে অসমীয়াসকলৰ হেৰোৱা “আত্মসম্মান” আৰু “আত্মোপলব্ধি” স্বাধীনতা সংগ্ৰামৰ সময়ত গান্ধী আৰু কংগ্ৰেছৰ হস্তক্ষেপত পুনৰ উভতি আহে৷

কানি সেৱনৰ নিচাটোক “আমোদৰ চৰ্ত, বনুৱা আৰু শ্রান্তিৰ মাজৰ জটিল সম্পর্ক” ব্যাকাংশৰ জৰিয়তে ঔপনিৱেশিক ৰাজনীতিৰ বলি হিচাপে দেখুওৱা বাগধাৰাটোৱে উনৈশ শতিকাৰ অসমত চলি থকা কানিৰ ব্যাপক পৰম্পৰাটোক লঘু কৰি পেলায়৷ সেয়ে এই বিষয়সমূহৰ মাজৰ প্ৰতিক্ৰিয়াৰ ওপৰত কেন্দ্রীভূত কৰাটো আৰু কানিৰ প্ৰশ্নটোৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াটোত পুৰস্কাৰ আৰু বিভিন্ন সময়ত বিভিন্নজনৰ যোগেদি কানিৰ ব্যৱহাৰৰ পাৰ্শ্ববোৰৰ সীমান্তসমূহৰ পুনঃঅভিযোজনো যে জড়িত আছিল তাক স্বীকৃতি দিয়া অতি গুৰুত্বপূর্ণ৷

বিশিষ্ট ইতিহাসবিদ কৌশিক ঘোষৰ ঔপনিৱেশিক পুঁজিবাদৰ সমালোচনাৰ অংশত সভ্যতাৰ নীতিৰ বিষয়ে আলোকপাত কৰিছে যে “অসমীয়াসকলৰ আলস্য আৰু বন্যতাক ব্যাখ্যা কৰিবলৈ যাওঁতে কানিৰ যুক্তিযুক্ততা আৰু যুক্তিযুক্ততাৰ কানিয়ে বিৰতিবিহীনভাৱে প্ৰতিক্রিয়া কৰে” আৰু এই ব্যাখ্যাই অসমত কানিৰ আসক্তিৰ নিষ্পাদ্যটোক মোকামিলা কৰিবলৈ এটা কার্যক্ষম আর্হি আগবঢ়ায়৷১০

আনহাতে ঔপনিৱেশিক মনস্তত্ব কানিৰ নিৰ্ভৰশীলতাৰ এটা অতিৰঞ্জিত সংস্কৰণ লালন-পালন কৰাৰ আৰু উনবিংশ শতিকাৰ মাজভাগলৈকে ‘উন্নীতকৰণৰ’ বাগধাৰা এটাক উৎসাহ জনোৱাৰ অপৰাধত অপৰাধী৷ এই বাগধাৰাটো উনবিংশ শতিকাৰ শেষ ভাগলৈ নাটকীয়ভাৱে সলনি হোৱাটোত আলোকপাত কৰাটো প্ৰয়োজনীয়৷ উনবিংশ শতিকাৰ শেষ ভাগলৈ বৃটিছ চৰকাৰ স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কানি বিৰোধী গোটবোৰৰ পৰা কানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ চাপৰ মুখামুখি হৈছিল আৰু তেওঁলোকে কানিৰ অপব্যৱহাৰ প্ৰদেশখনৰ পৰা (ভাৰতৰ অন্য অংশৰ পৰাও) আপাত দৃষ্টিত অদৃশ্য হোৱাৰ চৰকাৰী স্থিতিক সমর্থন দিছিল৷ ঔপনিৱেশিক শাসক, চাহখেতিয়ক, মিছনেৰী আৰু চিকিৎসকসকলৰ ১৮৪০ ৰ পৰা ১৮৫০ খ্রীষ্টাব্দৰ টোকাবোৰত, স্থানীয় লোকসকলৰ আলস্য আৰু কামৰ প্ৰতি অৱহেলাৰ বাবে নিয়মীয়াভাৱে কানি সেৱনৰ অভ্যাসক দোষাৰোপ কৰা হৈছে আৰু মেজৰ জন বাটলাৰৰ স্মৃতিকথাক অসমত কানিৰ আসক্তি সম্পর্কে বৃটিছসকলৰ ধাৰণাৰ প্ৰতীকৰূপে প্ৰক্ষেপ কৰিব পাৰি৷

অসমত কানিৰ দৰে তীব্ৱ লালসা অন্য কোনো ব্যৱসায়িক পণ্যৰে নাছিল আৰু ইয়াৰ ধ্বংসকাৰী প্ৰতিক্রিয়াক সেইসকলেহে উপলব্ধি কৰিব পাৰে যি ইয়াৰ লোকসকলৰ অধোগামিতাৰ প্ৰত্যক্ষ সাক্ষী হৈছে৷ কানিক উচ্চশ্রেণী, নিম্নশ্রেণী; ধনী-দুখীয়া, ডেকা-বুঢ়া, পুৰুষ-মহিলা আনকি শিশু –এই সকলোৱে সেৱন কৰে৷ কানি সেৱনৰ মাত্ৰাক কানীয়াজনৰ আৰ্থিক সক্ষমতাইহে নিয়ন্ত্ৰণ কৰিছিল৷১১

বাটলাৰে এইটোও আলোকপাত কৰিছে যে “মুঠ জনসংখ্যাৰ দুই তৃতীয়াংশই কানিত আসক্ত” আৰু এই কানি আসক্তি “দহটা অপৰাধৰ নটাৰ সৈতে” সম্পর্কিত হৈছিল, বিশেষকৈ চুৰি আৰু সিন্ধি দিয়া অপৰাধৰ ক্ষেত্ৰত৷১২ এই টোকাসমূহৰ বিশ্বাসযোগ্যতা গ্ৰহণ কৰোঁতে আমি সাৱধানতা অৱলম্বন কৰা উচিত হ’ব, কাৰণ এই টোকাসমূহ তৈয়াৰ কৰাৰ সময়চোৱাত অঞ্চলটোত চাহখেতিক উৎসাহিত কৰাৰ প্ৰচেষ্টাসমূহে শীর্ষ গুৰুত্ব লাভ আছিল৷ কানিখেতিৰ আৰম্ভণি আৰু সেৱন সম্পৰ্কে চৰকাৰী ভাষ্যই দৃঢ়ভাৱে দাবী কৰে যে আদিতে গুৱাহাটীৰ ওচৰৰ বেলতলাত কানিৰ খেতি হৈছিল আৰু ইয়াক ঔষধ হিচাপেহে ব্যৱহাৰ কৰা হৈছিল, যদিও ১৮২৬ খ্রীষ্টাব্দত বৃটিছসকলে অসম অধিকাৰ কৰাৰ সময়লৈ কানিৰ খেতি আৰু সেৱনে ব্যাপক বিস্তৃতি লাভ কৰিছিল৷১৩ খ্ৰীষ্টীয় ওঠৰ শতিকাৰ শেষ আৰু উনবিংশ শতিকাৰ টোকাবোৰৰ পৰা অসম প্ৰদেশখনত কানি খেতিৰ প্ৰচলনৰ ধাৰণাটো নিশ্চিত কৰিব পাৰি৷ উদাহৰণস্বৰূপে, কেপ্টেইন থমাচ ৱেলচৰ ১৭৯৪ খ্ৰীষ্টাব্দৰ টোকাটোৱে আমাক জানিবলৈ দিয়ে যে পশ্চিম অসমৰ সৰহখিনি ঠাইত আফু খেতি প্ৰচুৰভাৱে হৈছিল৷১৪ ৱেলচৰ টোকাই অন্য এটা দিশলৈও আলোকপাত কৰে৷ এই টোকাৰ মতে যে যদিও স্থানীয় লোকসকলে কানি সেৱন কৰিছিল, তেওঁলোক তেতিয়াও পণ্য হিচাপে ব্যৱহাৰযোগ্য কানিৰ উৎপাদন সম্পর্কে অজ্ঞ আছিল৷ পণ্য হিচাপে ব্যৱহাৰযোগ্য কানি বৃহৎ পৰিমাণে ক্ৰয় কৰিহে অনা হৈছিল৷ এই কথাটোৱে ইংগিত দিয়ে যে খ্রীষ্টীয় ওঠৰ শতিকাৰ শেষৰফালে অসম প্ৰদেশত কানিৰ ব্যৱহাৰ অতি ব্যাপক নোহোৱাৰ সম্ভাৱনাও আছিল৷১৫ যি কি নহওক অসম প্ৰদেশত কানিৰ ব্যৱহাৰ যে ১৮২৬ খ্রীষ্টাব্দৰ বৃটিছ অধিকাৰৰ পৰিণামহে সেই সম্পর্কে এক বহল সন্মতিত উপনীত হ’ব পাৰি৷ অঞ্চলটোত কানি সেৱনৰ বিস্তৃত আসক্তিৰ বিষয়টো চৰকাৰী দস্তাবেজবোৰত অতিৰিক্তকৈ দেখুওৱা হৈছিল আৰু স্থানীয় লোকসকলৰ সামগ্রিক অনগ্ৰসৰতাৰ কাৰণে বিস্তৃতভাৱে কানিৰ ব্যাপক ব্যৱহাৰক দায়ী কৰা হৈছিল৷১৬ ১৮৩৩ খ্রীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানিৰ ব্যৱসায়িক একাধিপত্য বিলোপকৰণৰ পাছত ব্যক্তিগত মূলধন আৰু চাহখেতিৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হয়৷ ইয়াৰ ফলত এটা পৰম্পৰাগত ধানকেন্দ্রিক পেটে-ভাতে খাই থকা বিধৰ অর্থনীতি এটা নগদী অর্থনীতিলৈ পৰিৱৰ্তন হয়, য’ত কৃষকসকলে নগদী শষ্য যেনে সৰিয়হ, মৰাপাট আৰু কানি খেতি কৰিবলৈ আৰম্ভ কৰে৷১৭ বিশিষ্ট ইতিহাসবিদ জয়িতা শৰ্মাই এই নগদী অর্থনীতিৰ বৰ্ধন আৰু কানিৰ আসক্তিৰ মাজৰ সংযোগসমূহ দাঙি ধৰিবলৈ যত্ন কৰিছে৷ জয়িতা শৰ্মাই যুক্তি দাঙি ধৰিছে যে ধানৰ বজাৰ এখনৰ অনুপস্থিতিয়ে খেতিয়ক ৰাইজৰ নগদ ধন আহৰণৰ ক্ষমতা সীমিত কৰি দিছিল আৰু সৰ্বদিশত প্ৰসাৰণ হোৱা চাহিদাৰ বাবে কানি এক সক্ষম বিকল্প হিচাপে আবির্ভাৱ হৈছিল আৰু ইয়াৰ উচ্চ মুনাফাই কানিৰ ব্যৱহাৰ বৃদ্ধিতো অৰিহণা যোগাছিল৷১৮ ১৮৪০ খ্ৰীষ্টাব্দৰ পৰা আন এটা কাৰকে কানিৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাইছিল৷ সেইটো হ’ল সস্তীয়া কোম্পানি কানিৰ (আবকাৰী কানি) প্ৰচলন৷ ১৮৪৩ খ্রীষ্টাব্দৰ পৰা এই কানি মানবিশিষ্ট গোলকৰ আকৃতিত অনুজ্ঞাপত্ৰ থকা দোকানৰ যোগেদি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল আৰু ইয়াক অতি সহজে ধোঁৱাখোৱাত সেৱন কৰিব পৰা হৈছিল৷ জার্নেল অৱ এছিয়াটিক ছ’চাইটি অব বেংগল (Journal of the Asiatic Society of Bengal)-ত অসম সম্পর্কীয় কিছুমান আদিকালৰ ৰচনা বা প্ৰৱন্ধ প্ৰকাশ পাইছিল আৰু এইসমূহে বৃটিছ শাসনৰ আদিচোৱাত অসমত কানিৰ ব্যৱহাৰৰ বিষয়ে ভিতৰুৱা তথ্যৰ যোগান ধৰে৷ ১৮৩৬ খ্রীষ্টাব্দত প্ৰকাশ পোৱা ৱিলিয়াম গ্রিফিথৰ এটা প্ৰৱন্ধই প্ৰতিষ্ঠা কৰে যে অসম উপত্যকাত (ব্ৰহ্মপুত্ৰ উপত্যকাতো) বিস্তৃতভাৱে আফুখেতি কৰা হৈছিল৷১৯ অসমত কানি সেৱনৰ প্ৰথম অভিলেখ ১৮৪৪ খ্রীষ্টাব্দৰ ৭ আগষ্টত ‘জার্নেল অব এছিয়াটিক ছ’চাইটি অৱ বেংগল’ৰ পৃষ্ঠাত পোৱা যায়৷ অসমত বাস কৰা চাহখেতিয়ক জে অৱেনে (J. Owen) ছ’চাইটিক অসমৰ ৰায়তে বিক্ৰী আৰু সেৱনৰ বাবে তৈয়াৰ কৰা দুটাকৈ কানিৰ লাড়ু উপহাৰ হিচাপে দিছিল৷২০ যদিও কানি কৃষকসকলৰ কাৰণে সকলোতকৈ লাভজনক, সহজে পাব পৰা আৰু সকলো বজাৰতে বিক্রী হোৱা পণ্য হিচাপে টোকাটোৱে আলোকপাত কৰে, কিন্তু ১৮৫০ খ্রীষ্টাব্দৰ শেষৰফালৰ পৰা সকলো ঔপনিৱেশিক দস্তাবেজত চানি থকা কানি আসক্তি, বিশেষকৈ ব্যাপকভাৱে কলঙ্কিত ‘কানীয়া’ শব্দটোৰ ব্যৱহাৰ আৰু কানি আসক্তিৰ কোনো তথ্য টেকাটোৱে আমাক নিদিয়ে৷ সমকালীন অন্য এখন পত্রিকা ‘দি কেলকেত্তা ৰিভিউ’ত (The Calcutta Review) অসম প্ৰদেশ ভ্ৰমণ কৰা সামৰিক আৰু প্ৰশাসনিক লোকসকলৰ প্ৰতিবেদনসমূহ প্ৰকাশ পাইছিল৷ কিন্তু এইবোৰৰ সৰহ সংখ্যক আছিল দৈনন্দিন প্ৰশাসনিক প্ৰতিবেদন৷ উজনি অসমত কাম কৰা এজন বৃটিছ মিছনেৰী ৱিলিয়াম ৰবিনচনে লিখা এটা প্ৰৱন্ধ এই ক্ষেত্ৰত কিছু পৃথক৷ এই প্ৰৱন্ধটোৱে প্ৰদেশখনৰ এটা ঐতিহাসিক বৰ্ণনা দাঙি ধৰাৰ উপৰিও প্ৰথমবাৰৰ বাবে ইয়াৰ লোকসকলৰ সামাজিক জীৱন সর্ম্পকে দৃষ্টি আকৰ্ষণ কৰিছে৷২২ অসমীয়া জীৱনযাত্রাক নীচ হিচাপে প্ৰক্ষেপ কৰাৰ চেষ্টাৰ কেইবাটাও উদাহৰণ আৰু খ্ৰীষ্টান ধৰ্ম প্ৰসাৰৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিয়াৰ অৰ্থে অসমীয়া সমাজখনৰ ধোঁৱাখলীয়া স্বভাৱটোৰ উল্লেখ স্বত্বেও এই টোকাটো অসমীয়াসকলৰ মাজত কানিৰ ব্যৱহাৰৰ বিষয়টো লৈ আচৰিতভাৱে নীৰৱ৷ এই প্ৰৱন্ধটোৱে আভাস দিয়ে যে ‘পাৰ্থক্য’ সৃষ্টি কৰাৰ প্ৰক্ৰিয়াটো উনবিংশ শতিকাৰ মাজভাগলৈকে সুদৃঢ় হোৱা নাছিল আৰু চাহশিল্পৰ অৰ্থনৈতিক সম্ভাৱনা বিকাশ হোৱাৰ কাৰণে ‘কানীয়া’ক ‘জানি লোৱা’ৰ ঔপনিৱেশিক প্ৰকল্পটো তেতিয়াও চলিহে আছিল৷

১৮৪০ খ্রীষ্টাব্দত আফুখেতিৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ দাবী পোনপ্ৰথমবাৰৰ বাবে আহিছিল বৃটিছ চাহখেতিয়কসকলৰ মাজৰ পৰা৷ অৱশ্যে তেওঁলোকে কোনো নৈতিক বা সামাজিক কাৰণৰ পৰিৱৰ্তে বনুৱাৰ নাটনিৰ বাবেহে এই দাবী তুলিছিল৷ বৃটিছ চাহ খেতিয়কসকলে বিশ্বাস কৰিছিল যে আফুখেতিৰ ওপৰত নিষেধাজ্ঞাই অসমীয়া কৃষকসকলক আমদানিকৃত কানি ক্ৰয় কৰিবৰ বাবে ধন উপাৰ্জন কৰিবলৈ চাহবাগিচাসমূহত বনুৱা হিচাপে কাম কৰিবৰ বাবে ভিৰ কৰিবলৈ বাধ্য কৰিব”৷২৩ এই ধাৰণাটো ভাৰতত কানি সেৱনৰ বিষয়ে বৃটিছ সংসদৰ সকলোতকৈ পুৰণি অভিলেখিত আলোচনাই শক্তিশালী কৰে৷ এই আলোচনাটোত কাকতালীয়ভাৱে অসমৰ লগত কানিৰ সংযোগটোও আলোকপাত কৰা হৈছিল৷ ১৮৪৩ খ্রীষ্টাব্দৰ ৪ এপ্ৰিলত বৃটিছ সংসদৰ নিম্ন সদন ‘হাউচ অৱ কমন্‌চ’ত লর্ড এচলেই (Lord Ashley, 1801-1885) দিয়া এটা বক্তৃতাত কানি সেৱনৰ অভ্যাসে নৱজাত চাহ উদ্যোগলৈ আনিব পৰা সাম্ভাব্য অপকাৰলৈ লক্ষ্য কৰি অসমত কানিৰ সীমিতকৰণৰ বাবে আহ্বান জনাইছিল৷২৪ ১৮৪২ খ্রীষ্টাব্দত নানকিন্ চুক্তিৰ পাছত সেই সময়ত বৃটিছ কানি ব্যৱসায় সম্পর্কে যোগাত্মক মনোভাৱৰ বিস্তাৰ হৈ থকাৰ কালত কানিৰ ব্যৱসায়ৰ বিৰোধিতা খাপ নোখোৱা বিধৰ যেন লাগে৷ কিন্তু অসমত নতুনকৈ জন্ম পোৱা চাহ উদ্যোগৰ অৰ্থনীতিৰ ওপৰত পৰা কুপ্ৰভাৱৰ বাবেই চৰকাৰী হস্তক্ষেপ আহিবলৈ বাধ্য হৈছিল৷ বক্তৃতাটোৱে অসমত কানিৰ কুপ্ৰভাৱক “এই সুন্দৰ দেশখনক জনবিৰল কৰি বন্য জন্তুৰ আবাসস্থললৈ পৰিণত কৰা এক ভয়ঙ্গৰ প্লেগ” হিচাপে চিহ্নিত কৰিছিল আৰু সতৰ্ক কৰিছিল যে যদি কানি সেৱনৰ আসক্তিক প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে প্ৰদেশখনৰ উঠি অহা চাহখেতি ভিত্তিক অর্থনীতিলৈ আগমন হোৱা প্ৰৱজনকাৰী শ্ৰমিকসকলো কানি বিকাৰৰ দ্বাৰা আক্ৰান্ত হ’ব৷২৫ গুৰুত্বপূৰ্ণ কথাটো হ’ল বক্তৃতাটোৱে অসমত কানি সেৱনৰ প্ৰভাৱক এনেধৰণেৰে আলোকপাত কৰিছে যে পৰৱৰ্তী দশকবোৰত ই “কানীয়া”ৰ বৃটিছ ব্যাখ্যাৰ বাবে বৈশিষ্টপূর্ণ হৈ উঠিছিল৷ এচলেৰ বক্তৃতাটোৱে কানি আসক্তিক এটা নৈতিক আৰু জাতিগত দৃষ্টিভংগীৰ পৰা লক্ষ্য কৰিছে৷ তেওঁ ঘোষণা কৰিছে যে “কানিয়ে অসমীয়াসকলক এটা সুন্দৰ জাতিৰ পৰা ভাৰতৰ সকলোতকৈ নীচ, মেৰুদণ্ডহীন, ফন্দিয়াৰ আৰু নৈতিকতাবিহীন জাতিলৈ অৱনমিত কৰিলে”৷ এই ঘোষণাই কানিৰ সেৱন আৰু আসক্তিৰ প্ৰতি এটা নৈতিক আৰু জাতিগত মাত্রা আগবঢ়াইছিল৷২৬ উনৈশ শতিকাৰ মানৱৰ বৈজ্ঞানিক শ্রেণী বিভাজনৰ কাঠামৰ ভিতৰত, ‘স্থানীয় এলেহুৱা লোক’ৰ (lazy native) শোচনীয় অৱস্থাটো ওপৰত গুৰুত্ব আৰোপ কৰি, এচলেৰ বক্তৃতাটো পৰ্যবেক্ষণ কৰাটো প্ৰয়োজনীয়৷ মাইকেল ফ’কল্টে (Michel Foucault) তেওঁৰ মানৱৰ বৈজ্ঞানিক শ্রেণী বিভাজনত “কাৰ্যকৰী পক্ষপাতিত্বৰ এটা সম্পূৰ্ণ সজ্জা স্পষ্ট কৰিছিল (ভাল দুখীয়া আৰু বেয়া দুখীয়া, ইচ্ছাকৃত ধোদামী আৰু অনিচ্ছাকৃত নিবনুৱা)৷ এই ধাৰণাটো কানি আসক্তলৈও সম্প্ৰসাৰিত কৰি অতি সহজে ইচ্ছাকৃত ধোদৰ (wilfully idle) শ্রেণীত অন্তর্ভূক্ত কৰিব পাৰি৷২৭ “কলিকতাৰ এজন জ্যেষ্ঠ ন্যায়াধীশ মোফাট মিল্‌চ্‌ চাহাবে ১৮৫৩ খ্রীষ্টাব্দত তেওঁৰ অসম প্ৰদেশ ভ্ৰমণৰ পাছত দাখিল কৰা বিভাগীয় টোকাত অসমৰ মানুহৰ বিষয়ে বৰ্ণনা কৰিছে এনেদৰে- “মুঠ জনসংখ্যাৰ তিনি-চতুর্থাংশ মানুহেই কানি সেৱন কৰে আৰু পুৰুষ, মহিলা আনকি শিশুসকলেও কানি সেৱনত অভ্যস্ত”৷২৮ “কানিয়ে স্বাস্থ্য ধ্বংস কৰি, মন ৰুগীয়া কৰি, উদ্যম নিস্তেজ কৰি তোলা”-ৰ ধাৰণাটো মিল্‌চৰ সমসাময়িক অন্য চৰকাৰী বিষয়া আৰু য়ুৰোপীয় চাহ খেতিয়কসকলেও প্ৰচাৰ কৰিছে আৰু ইয়াক চাহ উদ্যোগৰ বিকাশৰ বাবে মুখ্য বাধা হিচাপে গণ্য কৰা হৈছিল৷২৯ অসমীয়াসকলৰ আলস্যৰ বিষয়ে এজন য়ুৰোপীয় চাহখেতিয়কৰ ভাষাত “তেওঁ ক’তো কাম নকৰে, কিন্তু গাঁৱত আৰামত বহি থাকি ভাত আৰু কানি খাই থাকে”, আৰু বিশিষ্ট ইতিহাসবিদ প্রিয়া চটোপাধ্যায়ে এই লোকসকলৰ মজুৰী বনুৱা হ’বলৈ অনিচ্ছাৰ কাৰণটো ব্যাখ্যা কৰি কৈছে যে “ ‘সচেতন’ আলস্যতাৰ ধাৰণাটো চাহ খেতিয়কসকলৰ উদ্যোগক দুৰ্বল কৰাৰ উদ্দেশ্যৰে এটা প্রায় ধ্বংসকাৰী প্ৰক্ৰিয়া হিচাপে অনা হৈছিল”৩০ এই অভ্যাসগত আলস্যৰ প্ৰশাসনিক সমাধান আছিল স্থানীয় আফু খেতি আৰু কানি উৎপাদনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা আৰু ইয়াৰ চৰকাৰী আবকাৰী কানিৰ জৰিয়তে প্ৰতিস্থাপন কৰা৷ এই নীতিটো মিল্‌চ্ চাহাবৰ ঘোষণাৰ লগত মিলি যায়৷ মিল্‌চ্‌ চাহাবৰ মতে “তেওঁলোকে কানি পাব লাগে, কিন্তু ইয়াক পাবলৈ তেওঁলোকক কাম কৰিবলৈ বাধ্য কৰিব লাগিব”৷৩১ এই নীতিটোৱে স্পষ্টভাৱে কানি সেৱনৰ বিস্তৃত অভ্যাসটোৰে সৈতে অসমীয়াসকলকে লক্ষ্য কৰি লৈছে আৰু এই নীতিৰ দুটা মুখ্য উদ্দেশ্য আছিল আৰু ইয়েই অসমত এটা আধুনিক পুঁজিবাদী অর্থনীতিলৈ যাত্ৰাৰ আৰম্ভ কৰিছিল৷ প্ৰথম উদ্দেশ্য আছিল কানিক এটা ঘৰুৱা উৎপাদনৰ পৰা বজাৰ পণ্যলৈ ৰূপান্তৰ কৰা, যাক কেৱল পইচাৰ বিনিময়তহে ক্ৰয় কৰিব পাৰি৷ এই পদক্ষেপৰ অভিপ্ৰায় আছিল এটা অবিকশিত উদ্যোগিক আৰু বাণিজ্যিক খণ্ডৰে সৈতে এখন পাতল জনবসতিৰ অনুৎপাদনশীল প্ৰদেশত মজুৰি অৰ্জন কৰাৰ একমাত্ৰ সুবিধা থকা চাহবাগিচাত বনুৱা হিচাপে যোগদান কৰিবলৈ অসমীয়াসকলক উৎসাহিত কৰা৷ দ্বিতীয় উদ্দেশ্যটোও চাহ উদ্যোগৰ সৈতে সংযুক্ত হৈ আছিল আৰু ঔপনিৱেশিক ৰাজ্যৰ লাভৰ সৈতে জড়িত ৰাজহ সংগ্ৰহৰ সৈতে গণনা হৈছিল৷ যদি অসমীয়াসকলে তেওঁলোকৰ কানি সেৱনৰ অভাসটো নেৰে আৰু চৰকাৰী কানি কিনিবৰ বাবে চাহবাগিচাৰ মজুৰি অৰ্থনীতিৰ লগত জড়িত হয় বা সঁচাকৈ যদি তেওঁলোকে কানি পৰিত্যাগ কৰি পুঁজিবাদী উদ্যোগবোৰলৈ অৱদান আগবঢ়াব পৰা ‘পৰিশ্ৰমশীল’ আৰু উৎপাদনশীল প্ৰজা হয়, ই ‘উন্নতি’ৰ ধাৰণাটো পুনৰসুনিশ্চিত কৰিব৷

আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে অসমীয়া মধ্যবিত্তীয় শ্রেণীৰ প্ৰতিনিধিসকলেও প্ৰদেশখনৰ কানি আসক্তিৰ বিষয়টোত আলোকপাত কৰিছিল৷ তেওঁলোকৰ দৃষ্টিভংগীয়ে ‘পৃথকীকৰণৰ’ ঔপনিৱেশিক দৃষ্টিভংগীৰ সৈতে স্পষ্ট সামঞ্জস্য দেখুৱালেও উদ্দেশ্যৰ দিশৰ পৰা ই সম্পূর্ণ পৃথক আছিল৷ মিল্‌চ্‌ চাহাবৰ অসম ভ্ৰমণৰ সময়ত আনন্দৰাম ঢেকিয়াল ফুকনে মিল্‌চ্‌ক দিয়া এখন আৱেদনত উল্লেখ কৰিছে যে কানিৰ ব্যৱহাৰে “এসময়ৰ পৰিশ্ৰমী, উদ্যোগী আৰু কৰ্মতৎপৰ জাতিটো এটা ক্লীৱ, দুর্বল, এলেহুৱা আৰু অধঃপতিত জনসমষ্টিলৈ পৰিৱৰ্তন ঘটালে”৷ কিন্তু অসমীয়াসকলৰ দুৰৱস্থাৰ বাবে চৰকাৰৰ কানিনীতিক দায়ী কৰি সমালোচনা কৰাৰ লগতে ঢেকিয়াল ফুকনে তেওঁৰ আৱেদনত কানিৰ উৎপাদন আৰু বিক্ৰী সম্পূৰ্ণৰূপে নিষেধ কৰাৰ দাবী কৰিছিল৷৩২ বনুৱাৰ নাটনিৰ বাবে চাহ উদ্যোগৰ বিকাশ ব্যাহত হোৱাত ১৮৩০ খ্রীষ্টাব্দ আৰু ১৮৪০ খ্রীষ্টাব্দৰ ঔপনিৱেশিক মহাফেজখানা বোৰ কানীয়াসকলৰ অকর্মণ্যতাৰ উদাহৰণেৰে ভৰি আছে৷ ঔপনিৱেশিক শাসকসকল যেনে ফ্রান্সিচ জেনকিঞ্চৰ ১৮৩৯ খ্রীষ্টাব্দৰ লেখায়ে ব্যাখ্যা কৰে যে অসমীয়াসকলৰ ‘এলেহুৱা, উচ্ছৃংখল আৰু আত্মবিশ্বাসহীন প্ৰকৃতিৰ সাধাৰণ কাৰক হ’ল কানিৰ নিয়মিত ব্যৱহাৰ৷৩৩

‘এলেহুৱা স্থানীয় লোক’ বাক্যাংশ সকলো আধুনিক য়ুৰোপীয় সাম্রাজ্যতে প্ৰক্ষেপ কৰা হৈছিল আৰু ই আছিল ‘কঠোৰ পৰিশ্ৰম’ৰ পুঁজিবাদী দৰ্শনৰ কেইবাটাও পৃষ্ঠভূমিৰ বিপৰীতে মতপোষণ কৰে৷ ঔপনিৱেশিক অর্থনীতিত অংশগ্ৰহণ কৰিবলৈ মালয়ী, ইণ্ডোনেছীয় আৰু ফিলিপিন’ সকলৰ আগ্ৰহহীনতাকো স্থানীয় লোকসকলৰ তথাকথিত জন্মগত ‘আলস্য’ৰ বৈশিষ্ট্য চৰিত্ৰৰ যোগেদি ব্যাখ্যা কৰা হৈছিল৷৩৪ অসমৰ লোকসকল বিশেষকৈ স্থানীয় জনজাতি আৰু সম্প্ৰদায়সমূহ জাতিগতভাৱে উত্তৰ ভাৰতীয়সকলতকৈ চীনাসকলৰ বেচি ওচৰ চপা হেতুকে ১৮৩৯ খ্রীষ্টাব্দৰ প্ৰথমভাগৰ পৰা এই মংগোলীয় জনগোষ্ঠীৰ লোকসকল বিশেষভাৱে কানিৰ নিচাৰ প্ৰতি বেচি আসক্ত হোৱাৰ তত্ত্ব এটা অঞ্চলটোৰ বৃটিছ প্ৰশাসকসকলৰ মাজত আৰু মহানগৰীয় চিন্তাজগততো সুপ্ৰতিষ্ঠিত হৈছিল৷ এই তত্ত্বই ভাৰতত কানিৰ ব্যৱহাৰ সম্পর্কে দুটা পৃথক বাগধাৰা বিকাশ কৰিবলৈ সক্ষম হৈছিল; এহাতে ই প্ৰশাসকসকলক সুপ্ৰতিষ্ঠিত চীনা কানি আসক্তসকলৰ নৈতিক আৰু শাৰিৰীক বিকৃতিক ব্যৱহাৰ কৰিবলৈ আৰু চীনা কানি আসক্তসকলৰ নৈতিক আৰু শাৰিৰীক বিকৃতিক ‘কানীয়া’সকললৈ স্থানান্তৰ কৰিবলৈ সুযোগ দিছিল৷ একে সময়তে ই ভাৰতীয়সকলৰ কোনো শাৰীৰিক আৰু নৈতিক কুপ্ৰভাৱ নপৰাকৈ পৰম্পৰাগত সীমিত কানি সেৱনৰ ধাৰণাটোক স্থায়ীকৰণ কৰিবলৈ অনুমতি দিছিল৷ ভাৰতত কানিৰ ব্যৱহাৰৰ এই দুমুখীয়া নীতি কুৰি শতিকালৈকে তিষ্ঠি থাকিল৷ কানি চিলিমত ধোঁৱাৰ লগত গ্ৰহণ কৰা আৰু কানি খোৱাৰ মাজত সীমাৰেখা অংকন কৰিবলৈ গোষ্ঠীগত পার্থক্যক ব্যৱহাৰ কৰাৰ কথাটোৱে আন্তঃৰাষ্ট্ৰীয় মঞ্চবোৰত ভাৰতত কানি সেৱনৰ পক্ষত চৰকাৰৰ সমৰ্থনৰ ভিত্তি তৈয়াৰ কৰিলে৷

সেই সময়ত ‘অসম কোম্পানী’ৰ সকলোতকৈ জ্যেষ্ঠ চিকিৎসক ডা° চি জে চিমচে এটা যুক্তি দাঙি ধৰিছিল৷ তেওঁ কৈছিল “কানিৰ প্ৰতিক্রিয়া বেলেগ বেলেগ জাতিৰ লোকৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়”৷ ডা° চিজে চিমচে দিয়া যুক্তিৰ পাছত গোষ্ঠীগতভাৱে ‘অন্যসকল’ নিৰ্মাণৰ প্ৰক্ৰিয়াটোৱে চিকিৎসকৰ প্ৰমাণপত্ৰও পাই গ’ল৷ চিমন্‌চৰ মতে কানিৰ প্ৰতিক্ৰিয়াৰ পাৰ্থক্যটো আংশিকভাৱে দৈহিক স্বাস্থ্য, কানি সেৱনৰ ধৰণ, খাদ্যাভ্যাসে নির্ণয় কৰে৷ চিমন্‌চৰ মতবাদৰ মতে কানি সেৱন কৰিলে য়ুৰোপীয় মানসিকতাৰ উত্তৰণ ঘটে, কিন্তু আন জাতিৰ ক্ষেত্ৰত, যেনে মালয়ীসকলে প্ৰলাপ বকি বলিয়াৰ দৰে উত্তেজিত হয়৷ আনহাতে অসমীয়াসকলৰ ক্ষেত্ৰত কানিয়ে সকলোকে কমাই দিয়ে দয়ালু দাসৰো দাসলৈ অৱনমিত কৰে৷ এই তথাকথিত গৱেষণাই কানিক এক ঔষধ হিচাপে গণ্য কৰাৰ ধাৰণাটোক প্ৰত্যাহ্বান জনাইছিল আৰু আনকি সাধাৰণ প্ৰজাৰ শাৰিৰীক, মানসিক আৰু নৈতিক অধঃপতন তথা আলস্যৰ মূল কাৰণ কানিয়েই বুলি যুক্তি দিয়া হৈছিল৷

স্থানীয় লোকসকলৰ মাজতো ‘অন্যসকল’ নিৰ্মাণৰ এটা আকর্ষণীয় দিশ দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাই পুৰাণৰ ধৰণেৰে ৰচনা কৰা ৰসিক পুৰাণত দেখা পোৱা যায়৷ ৰসিক পুৰাণে স্বৰ্গত উৎপত্তি পৃথিৱীত স্থিতি লোৱা চাৰি ৰাগিয়াল দ্ৰব্যৰ কাহিনী বৰ্ণনা কৰিছে আৰু এই চাৰি বিধৰ ভিতৰত কানিক অধিক গুৰুত্ব প্ৰদান কৰিছে৷ কানিৰ ঔষধি গুণ আৰু ইয়াৰ ক্লান্ত দেহক পুনৰোজ্জিৱীত কৰাৰ ক্ষমতাক গুৰুত্ব দিয়াৰ উপৰিও এই কাব্যখনে ‘ধনী মানুহ’ৰ আৰু ‘সাধাৰণ মানুহ’ৰ মাজত কানিৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্পষ্ট পার্থক্য অংকন কৰিছে৷ কাব্যখনৰ মতে কানিৰ ব্যৱহাৰে ধনী মানুহৰ বাবে সৌভাগ্য আৰু সাধাৰণ মানুহৰ দৈহিক অধঃপতন অনাৰ উপৰিও সৰ্বশ্ৰান্ত কৰে৷ ভিন্ন ব্যক্তিৰ ওপৰত কানিৰ ভিন্ন প্ৰতিক্ৰিয়াৰ বিষয়টো জনমানসত ভালদৰে প্ৰতিষ্ঠিত হৈছিল আৰু দুতিৰামৰ দৃষ্টিভংগী সেইসময়ৰ বহল মধ্যবিত্ত সমাজখনৰ আৱেগৰ প্ৰতিধ্বনি মাত্ৰ৷ মণিৰাম দেৱানে মিল্‌চ্‌ চাহাবক দিয়া দর্খাস্তমতে আহোম ৰাজত্বকালত কানিৰ অভিজাত সমাজৰ মাজতে সীমাবদ্ধ আছিল৷ কেৱল ওঠৰ শতিকাৰ শেষৰফালে বৰ্মীসকলৰ আক্ৰমণৰ ফলত উদ্ভৱ হোৱা সামাজিক অস্থিৰতাৰ সময়তহে ‘নিম্ন শ্রেণী’ৰ লোকে কানি সেৱনৰ অভ্যাসটো লয় আৰু “দোপাত কানীয়া” হৈ পৰে … আৰু অভ্যাসটো চৌদিশে বিয়পি পৰে৷৪১ আনন্দ আৰু বিনোদনৰ বাবে কানিৰ ব্যৱহাৰৰ দিশটো চৰকাৰী আমোলাসকলে আলোকপাত কৰি এই অভ্যাসৰ উৎস আহোম ৰাজপৰিয়াল আৰু অভিজাত শ্ৰেণীৰ মাজত বিচাৰি পাইছিলগৈ৷৪২ বোধিসত্ব কৰে মতপ্ৰকাশ কৰিছে যে “প্ৰতীকী পুঁজিৰ” সন্ধানত সৰ্বসাধাৰণলোকৰ শ্ৰেষ্ঠ হোৱাৰ প্ৰচেষ্টাৰ জৰিয়তে কানিৰ ব্যৱহাৰৰ গণতন্ত্ৰীকৰণ হৈছিল৷ কানিৰ ব্যৱহাৰৰ এই গণতন্ত্ৰীকৰণে কানিৰ স্থানীয় বাগধাৰাক আনন্দদায়ক পণ্যৰ পৰা অধঃপতন সূচোৱা অনৈতিক অভ্যাসৰ দৰে নাটকীয় পৰিৱৰ্তনৰ দিশলৈ লৈ গৈছিল৷৪৩

জাতিগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমীয়াসকলৰ কানিৰ আসক্তিৰ প্ৰতি থকা পূৰ্বধাৰণাটো মহাত্মা গান্ধীকে ধৰি৪৪ নিষিদ্ধতাৰ সমৰ্থক জাতীয়তাবাদী নেতাৰ লেখাটো প্ৰতিফলিত হয়৷ অসম কংগ্ৰেছৰ কানি অনুসন্ধান সমিতিত (১৯২৪-১৯২৫) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চি এফ এণ্ড্ৰুজ (C.F. Andrews) নামৰ ব্যক্তিজনৰ অসমত কানিৰ ব্যৱহাৰৰ সম্পর্কে বিশদ জ্ঞান আছিল৷ চি এফ এণ্ড্ৰুজে “মংগোলীয় ৰক্ত”ৰ জনগণৰ মাজত থকা এটা “স্বীকৃতিপ্রাপ্ত জাতিগত দুর্বলতা”ই অসমৰ কানিৰ আসক্তিৰ আঁৰৰ কাৰণ হিচাপে দায়ী কৰিছিল৷ জয়িতা শর্মাই “এলেহুৱা স্থানীয় লোক”ৰ ধাৰণাটো সৃষ্টিত চাহ উদ্যোগৰ ভূমিকা সম্পর্কে নথিভূক্ত কৰিছে৷ চাহ উদ্যোগৰ বাবে “নিয়মিত, শৃংখলাবদ্ধ বনুৱা শক্তি”ৰ প্ৰয়োজন হোৱাত, “এলেহুৱা স্থানীয় লোক” ধাৰণাটোৱে “সম্ভৱত এটা জলবায়ু বা জাতিগত বৈশিষ্ট্য হৈ পৰা, কষ্টকৰ কামবোৰ কবিলৈ বেয়া পোৱা অসমীয়াসকলৰ সহজাত আলস্য”-ত চিকিৎসাশাস্ত্ৱজনিত বিশ্বাস বিচাৰি পাইছিল৷ এই বিশ্বাসে স্থানীয় বনুৱা শক্তিক মধ্যভাৰতৰ পৰা প্ৰৱজিত শ্ৰমিকৰ যোগেদি প্ৰতিষ্ঠাপন কৰাটোক সমৰ্থন কৰিলে৷৪৭ কানিৰ ব্যৱহাৰক অসমীয়াসকলৰ আলস্যৰ লগত মিহলাই পেলোৱা বাগধাৰাটো ১৯২০ চনৰ পৰা ১৯৩০ চনৰ চৰকাৰী টোকাসমূহত প্রায়ে দেখা যায়৷ অসমৰ ঋণ আৰু বিত্তীয় প্ৰণালী সম্পর্কে এক চৰকাৰী তদন্তই প্ৰদেশখনৰ দুৰ্বল বিত্তীয় অৱস্থা আৰু অসমীয়া কৃষকৰ বিস্তৃত ঋণগ্ৰস্ততাৰ বাবে কানিকে দায়বদ্ধ কৰে৷ এই টোকাই “এলেহুৱা”, “নিষ্কর্মা” আৰু উচ্চাকাংখ্যাৰহিত অসমীয়া কৃষক আৰু আনপ্ৰদেশৰ পৰা আহি বসতি লোৱা- বিশেষকৈ বাঙালী আৰু কৃষিকৰ্মত ৰত হোৱা প্রাক্তন চাহ বাগিছাৰ বনুৱাৰ এটা পাৰ্থক্যও আনিছে৷ এই পাৰ্থক্যৰ ভিত্তি হ’ল তেওঁলোকে কানি সেৱনৰ অভ্যাস৷ প্ৰব্ৰজিতসকলৰ এই অভ্যাস নথকাৰ কথাটোৱে তেওঁলোকক “পৰিশ্ৰমী আৰু সফল” হিচাপে গঢ়ি তুলিছিল৷৪৮ অন্যহাতে চাহ বাগিচসমূহত বিস্তৃতভাৱে কানিৰ আসক্তি থকা আৰু বাগিচা কর্তৃপক্ষৰ দ্বাৰা নগদ পাৰিতোষিকৰ পৰিৱৰ্তে কানিৰ বিতৰণ কৰা স্বত্বেও অসমৰ চাহ বাগিচাসমূহত কানি সেৱনৰ সমস্যাটো মূলসুঁতিৰ ৰাজহুৱা বিতৰ্কৰ পৰা আঁতৰত থাকি গ’ল৷৪৯ এই ঘটনাৰ মূল কাৰণ হ’ল বাগিচাসমূহ প্ৰদেশখনৰ ৰাজনীতিৰ পৰিধিৰ পৰা সদায় বাহিৰতে থাকি যোৱাটো আৰু “কুলি” নামেৰে অভিহিত কৰা শ্ৰমিকসকল ভাষিক আৰু সাংস্কৃতিকভাৱে সেই সময়ৰ অসমীয়া সমাজখনৰ পৰা পৃথক, বহিৰাগত প্ৰব্ৰজনকাৰী হোৱাটো৷৫০ স্থানীয় সম্প্ৰদায়সমূহৰ লগত চাহবাগিচাৰ শ্ৰমিকশক্তিৰ সংমিশ্ৰণৰ অভাৱেও “কুলি” সকলক মূলসুঁতিৰ ৰাজনীতি আৰু সামাজিক আন্দোলনসমূহৰ পৰা দূৰত ৰাখিছিল আৰু চাহবাগিচাসমূহ আপাতদৃষ্টিত অসমত ভূমণ্ডলৰ পৰা বাহিৰত অৱস্থিত বহিঃপার্থিৱ সত্বাৰ দৰেহে আছিল৷ বৈশিষ্টপূর্ণভাৱে কুলিসকলক জাতিগতভাৱে অসমীয়াসকলৰ পৰা পৃথক হিচাপে চোৱা হৈছিল আৰু ইয়াৰ অর্থ এয়ে যে চাহবাগিচা আৰু বাগিচা শ্ৰমিকৰ কানি সেৱন সম্পর্কে ঔপনিৱেশিক কল্পনাক এটা স্পষ্টভাৱে পৃথক বাগধাৰাৰে গঢ় দিয়া হৈছিল৷ প্ৰশাসক, চাহখেতিয়ক আৰু চিকিৎসকসকলে “কুলি” আৰু স্থানীয় অসমীয়াসকলৰ কানি সেৱনৰ অভ্যাসৰ মাজত এটা পাৰ্থক্যৰ সৃষ্টি কৰিছিল আৰু আনকি ১৯৩০ চনত প্ৰদেশখনে কানি নিষিদ্ধকৰণৰ পৰ্যায়ত প্ৰৱেশ কৰাৰ সময়তো কানি সম্পর্কীয় নীতিত চাহ বাগিচাত সহজে কানি আহৰণ কৰিবৰ সুবিধাৰ অৰ্থে বিশেষ ব্যৱস্থা কিছুমান সংলগ্ন কৰিছিল৷

অসমীয়া সাহিত্য, ভাষিক জাতীয়তাবাদ আৰু যুগসন্ধি

নিম্নোল্লিখিত আলোচনাই ‘কানি আসক্তি’ আৰু “এলেহুৱা স্থানীয় লোক”ৰ ঔপনিৱেশিক নির্মাণটোক হেমচন্দ্ৰ বৰুৱা প্ৰহসনমূলক সাহিত্য ‘কানীয়াৰ কীৰ্ত্তন’ (১৮৬১) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ৫১ ১৮৯০-১৮০৪ চনৰ সময়চোৱাৰ কানিত আসক্ত কৃপাবৰ বৰুৱাৰ চিত্ৰত, বিশেষকৈ ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাত’ (১৯০৪)৫২ আত্মীকৰণৰ সংকেত দিব৷

অসমত ঔপনিৱেশিকতাবাদ বিৰোধী আৱেগৰ জন্ম দিয়াত ‘কানীয়া’ই কেন্দ্রীয় ভূমিকা পালন কৰাৰ কথাটোত আলোকপাত কৰাটো অতি প্ৰয়োজনীয়৷ ১৯ শতিকাৰ শেষ আৰু কুৰি শতিকাৰ প্ৰথম ভাগত সামাজিক সংস্কাৰ আন্দোলন আৰু মধ্যবিত্তীয় সক্রিয়তাক ইয়াৰ কাৰ্যসূচীৰ বাবে এক লক্ষ্যবস্তুৰ প্ৰয়োজন হৈছিল৷ কানিৰ আসক্তিক শ্রেণী, সম্প্ৰদায় বা ধর্মীয় দৃষ্টিকোণৰ পৰা ভাগ কৰিব নোৱাৰি বাবে ‘কানীয়া’ সামাজিক সংস্কাৰ আন্দোলন আৰু মধ্যবিত্তীয় সক্ৰিয়তাৰ সকলোতকৈ উপযুক্ত লক্ষ্য হৈ পৰিছিল৷ ইয়াৰ উপৰিও সমাজত কানীয়াৰ স্থান এটা প্রান্তীয়, অনাদর্শীয় চৰিত্ৰ হিচাপে আছিল আৰু লেখকসকলে বিভিন্ন উদ্দেশ্যত স্বাধীনভাৱে কানীয়া চৰিত্ৰক আকৃতি দিব পাৰিছিল আৰু অনুসন্ধান বিশ্লেষণ কৰিব পাৰিছিল৷ এই স্বাধীনতাক প্ৰভাৱশালী সামাজিক বাগধাৰাসমূহক প্ৰত্যাহ্বান জনাবলৈ ব্যৱহাৰ কৰিব পৰা গৈছিল৷

১৮৪৬ চনত অৰুণোদয় প্ৰকাশ হোৱাৰ পৰা ১৯০৪ চনত জোনাকীৰ শেষ সংখ্যাটো প্ৰকাশ পোৱাৰ সময়চোৱাত সাহিত্যৰাজিত আলোকপাত কৰা হ’ব৷৫৩ এই আলোচনাই প্ৰহসনমূলক ৰচনাৰ দুটা স্পষ্ট পৰ্যায়ৰ অৱস্থিতিক গুৰুত্ব দিছে৷ প্ৰহসনক নিপুণভাৱে প্ৰকাশ কৰিবলৈ সমৰ্থ এটা স্পষ্ট কথিত, সংস্কৃতীয় উপাদান কম থকা ভাষিক বৈশিষ্ট্যৰ বিকাশ এই দুটা পর্যায় পৃথকীকৰণ কৰিছে৷ ১৮৭৩ চনত বৃটিছ চৰকাৰে অসমীয়া ভাষাক পূৰ্ণপৰ্যায়ৰ ভাষা হিচাপে স্বীকৃতি দিয়াৰ পাছত আৰু ১৮৭৫ চনত গুণাভিৰাম বৰুৱাৰ ‘অসম বুৰঞ্জী’ প্ৰকাশৰ পাছতে ১৮ শতিকাৰ সত্তৰৰ দশকৰ মাজভাগত এই পৰ্বান্তৰণ সংঘটিত হোৱা দেখা গৈছে৷ এই কথাই এটা নতুন ঐতিহাসিক স্পৰ্শকাতৰতাৰ সূচনা কৰে৷

অসমীয়া সাহিত্যৰ আধুনিক যুগ বুলি অভিহিত কৰা সময়চোৱাৰ আগলিভাগত পশ্চিমীয়া শিক্ষা, সাংবাদিকতা আৰু কলাৰ প্ৰভাৱত এটা নতুন সাহিত্যৰ ধাৰাই আত্মপ্ৰকাশ কৰিছিল৷ মিছনেৰীসকল বিশেষকৈ ১৮৩৬ চনৰ মাৰ্চত অঞ্চলটোৰ প্ৰথমটো ছপাশাল প্ৰতিষ্ঠা কৰা আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল আৰু শদিয়া মিছন প্রেছত প্ৰকাশ হোৱা পত্রিকা অৰুণোদয়ে (১৮৪৬-১৮৮০) এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷৫৪ মিছনেৰীসকলৰ ভূমিকা সম্পূৰ্ণৰূপে ধৰ্মপ্ৰচাৰ সম্পৰ্কীয়ও নাছিল আৰু যিহেতু মিছনেৰীসকলে ৰাষ্ট্ৰৰ পৰা পৃষ্ঠপোষকতা পাইছিল তেওঁলোকৰ প্ৰচেষ্টাসমূহ চাহ উদ্যোগৰ লগত ওতঃপ্রোতভাৱে জড়িত আছিল৷ প্ৰথম মিছন প্রেছ স্থাপন হোৱা শদিয়া অঞ্চল অসমৰ চাহ উদ্যোগৰো কেন্দ্ৰ হোৱাটো কোনো কাকতালীয় সংযোগ নহয়৷৫৫ অৰুণোদয়ক অসমত এটা নতুন ধৰ্মনিৰপেক্ষ ধাৰাৰ প্ৰৱৰ্তন আৰু পশ্চিমীয়া উদাৰবাদী ভাৱধাৰাক প্ৰতিষ্ঠাৰ কৃতিত্ব দিয়া হয়৷ য়ুৰোপীয় চিন্তাধাৰাৰ ‘নিম্নমুখী পৰিস্ৰাৱন’ত আৰু এই আধুনিকতাৰ বাৰ্তাবাহী হিচাপে কাম কৰা অসমীয়া বুদ্ধিজীৱী শ্রেণী এটাৰ জন্ম দি লালন-পালন কৰাত আলোচনীখনৰ ভূমিকাক বিস্তৃতভাৱে স্বীকৃতি দিয়া হৈছে৷

অৰুণোদয় আলোচনীখনে অসমত কানিৰ আসক্তিৰ বিষয়ে এটা বহল বিতৰ্কৰ আৰম্ভণি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু ইয়াৰ প্ৰথম সংখ্যাটোতে অসমীয়া সমাজৰ ওপৰত কানিৰ ঋণাত্মক প্ৰতিক্রিয়াসমূহত আলোকপাত কৰি “কানিৰ বিৱৰণ” শিৰোনামৰ এখন ৰচনা প্ৰকাশ হৈছিল৷৫৬ এই প্ৰৱন্ধটোৱে কানিৰ সম্পর্কে ঔপনিৱেশিক বাগধাৰাটো পুনৰনিশ্চিত কৰিছিল৷ কানিয়ে কেনেকৈ অসমীয়া লোকসকলৰ পৰা যুক্তি, সদাচাৰ আঁতৰাই পেলাইছিল আৰু তেওঁলোকক স্বভাৱগতভাৱে এলেহুৱা তথা একাগ্ৰতাবিহীন কৰি তুলিছিল তাক প্ৰৱন্ধটোৱে স্পষ্ট কৰিছিল৷ “কানিৰ বিৱৰণ” প্ৰৱন্ধটোৱে ধৰ্মাচৰণ সম্পৰ্কীয় সাময়িক ৰচনা হিচাপে ইয়াৰ ভূমিকা প্ৰতিফলিত কৰিছিল আৰু নৈতিক আৰু শাৰিীৰিক লাভৰ কাৰণে কানি পৰিত্যাগ কৰিবলৈ কানীয়া সকলক উৎসাহিত কৰিছিল৷ উল্লেখযোগ্য যে অৰুণোদয়ৰ প্ৰথম সংখ্যাটোত ‘শিৱসাগৰ জ্ঞান সভাৰ’ এখন বৈঠকৰ কাৰ্যবিৱৰণী প্ৰকাশ হৈছিল৷ উক্ত বৈঠকত কানিৰ অপকাৰিতা আৰু অসমীয়া সমাজত ইয়াৰ দীর্ঘস্থায়ী প্ৰভাৱ সম্পর্কে সর্বসম্মতিক্ৰমে এটা প্ৰস্তাৱ গৃহীত হৈছিল৷ এই প্ৰস্তাৱ গ্ৰহণে প্ৰতীয়মান কৰে যে কানিৰ প্ৰশ্নটো সেই সময়ত ৰাজহুৱা মঞ্চৰ বিতৰ্কৰ বিষয় হৈ উঠিছিল৷৫৭ সামাজিক সংস্কাৰ কাৰ্যসূচীসমূহৰ অংশ হিচাপে অৰুণোদয়ত শিক্ষা, স্বাস্থ্য, সামাজিক উত্তৰণবিষয়ক বিতৰ্কৰ লগতে নিয়মিতভাৱে কানি অথবা কানিৰ লগত সম্পর্কীত বিষয় আৰু কানিৰ আসক্তিৰ বিষয়ে আলোচনাসমূহ প্ৰকাশ হৈছিল৷ “চীনদেশ আৰু কানি” শিৰোনামেৰে ১৮৫৩ চনৰ ফেব্ৰুৱাৰি মাহত অৰুণোদয়ত প্ৰকাশিত এটা প্ৰৱন্ধত চীনাসকলৰ কানিৰ আসক্তিৰ সমস্যাটোত গুৰুত্ব আৰোপ কৰি ইয়াক অসমৰ কানিৰ আসক্তিৰ লগত তুলনা কৰা হৈছিল৷ প্ৰৱন্ধটোৱে স্থানীয় সমস্যা এটাক আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপট দিছিল আৰু প্ৰক্ৰিয়াটোত এনে এটা সংযোগ অৱতাৰণা কৰা হৈছিল যাৰ গুৰুত্বপূৰ্ণ ভূমিকা পৰৱৰ্তী দশকসমূহত পৰিলক্ষিত হৈছিল৷৫৮

আদিতে কানি লেখকসকলৰ সামাজিক সংস্কাৰৰ কৰ্মসূচীৰ লগত ওতঃপ্রোতভাৱে বান্ধ খাই আছিল৷ ১৮৬১ চনত ফুলগুৰি ধেৱাৰ সৈতে একে বছৰতে অভিনীত আৰু প্ৰকাশিত হেমচন্দ্ৰ বৰুৱাৰ কানীয়াৰ কীৰ্ত্তনে ৫৯ এটা গুৰুত্বপূৰ্ণ বিষয় চিহ্নিত কৰে৷ কাব্যনাটৰ আৰ্হিত লিখিত এই প্ৰচাৰধৰ্মী হাস্যব্যংগ নাটকখন অসমীয়া ভাষাৰ একেবাৰে আদিকালৰ অন্যতম সামাজিক নাটকেই নহয়, ই আছিল কানিৰ ব্যৱহাৰক কেন্দ্ৰ ৰচনা কৰা প্ৰথম অসমীয়া সাহিত্যকৃতি৷ নাটকখনৰ মূল্যায়নে জানিবলৈ দিয়ে যে ই ‘কানিয়ে সমাজৰ একেবাৰে অন্তঃস্থললৈ প্ৰৱেশ কৰি ইয়াক দুৰ্বল, দুখীয়া, অধঃপতিত, নৈতিকতাবিহীন আৰু তুচ্ছ কৰি পেলোৱা’ অৱস্থাটো দাঙি ধৰাৰ লগতে ইয়াৰ সামাজিক বার্তাটোৱে স্পষ্টভাৱে কানীয়াসকলৰ বিষয়ে ঔপনিৱেশিক বাগধাৰাটোক শক্তিশালী কৰিছিল৷৬০

যি কি নহওক, এই নাটকখনে অসমীয়া সমাজখনৰ এটা আত্মপ্ৰত্যাৱর্তনশীল সমালোচনা প্ৰকাশ কৰিছে৷ প্ৰহসনখনৰ লক্ষ্য আছিল, যি উচ্চশ্ৰেণীৰ গোড়ামী, বিশেষকৈ বৈষ্ণৱধর্মীয় কপটামী আৰু নিজৰ সামাজিক স্থিতিৰ ওপৰত ভিত্তি কৰি নৈতিক শ্রেষ্ঠতা দাবী কৰা কানীয়াসকল৷৬১ নাটকখনে স্থানীয় কানিৰ খোলাত যোগদান কৰি পৰিয়াল আৰু সামাজিক দায়িত্বক উপেক্ষা কৰা এজন মৌজাদাৰৰ পুত্ৰ কীৰ্তিকান্তক কেন্দ্ৰ কৰি আৱৰ্তিত হৈছে৷ নাটকখনৰ সামাজিক বার্তাটো পান নামৰ বাৰবনিতা মহিলা এগৰাকীৰ সৈতে অভিসাৰৰ জৰিয়তে কীর্তিকান্তৰ ব্যভিচাৰিতা আৰু পতনৰ পৰা আহিছে৷ ‘পান’ শব্দটোৰ সাহিত্যিক অর্থ কানি সেৱন৷ কিন্ত ‘পানকৰা’ই দ্বিঅর্থ বহন কৰিছে, যিহেতু কীর্তিকান্তই কানিপানেই কৰা নাছিল ‘পান’ত প্ৰলুব্ধও হৈছিল, পৰিণামত তেওঁ ধ্বংস হৈছিল৷ এই নাটকখনৰ জগতখনত কানিখোলাখন আছিল সমাজখনৰ এক ক্ষুদ্ৱ সংস্কৰণ আৰু কানি সেৱন কাৰ্যই সমাজৰ বিভিন্ন স্তৰত নৈতিক অধঃপতনৰ সূচনা কৰিছে৷ সেয়ে নাট্যকাৰ হেমচন্দ্ৰ বৰুৱাই কীৰ্তিকান্তৰ পতনক ব্যৱহাৰ কৰি অসমীয়াসকলৰ মাজত কানি আসক্তিৰ সামাজিক পার্শ্ববোৰত মন্তব্য দিছে৷ কানিবিষয়ক সামাজিক সংস্কাৰমূলক সাহিত্যই বহল সমাজত কানিআসক্তিৰ সমস্যাটোত আলোক প্ৰক্ষেপ কৰিছে যদিও ই নৈতিক, আধ্যাত্মিক আৰু শাৰিৰীক অধঃপতনকেন্দ্রিক ‘এলেহুৱা স্থানীয় লোক’ৰ অতিকথাৰ বাগধাৰাটোৰ শক্তিক প্ৰত্যাহ্বান জনাবলৈ কিঞ্চিতমানো কাম কৰা নাই৷ ইয়াৰ পৰিৱৰ্তে ইতিমধ্যে উল্লেখ কৰাৰ দৰে হেমচন্দ্ৰ বৰুৱাৰ নাটকখনে এনেধৰণৰ প্ৰতিনিধিত্বক গুৰুত্ব দিছে আৰু আত্মীকৰণ কৰাৰ লগতে কানিৰ আসক্তি আৰু ‘অসমীয়া’ পৰিচয়টোৰ সংমিশ্ৰণক উৎসাহহে যোগাইছে৷ কানিৰ আসক্তিয়ে সমগ্ৰ প্ৰদেশখনৰ জনজাতি আৰু চাহবাগিচাৰ কৰ্মীসকলক প্ৰভাৱিত কৰিছিল যদিও, ১৮৮০ চনলৈকে ই অসমীয়া ভাষা কোৱা আৰু নিজকে অসমীয়া বুলি চিনাকী দিয়া লোকসকলৰ লগত জড়িত থকা এটা সমস্যা বুলিয়েই জনপ্রিয় ধাৰণা এটা আছিল৷ এনেধাৰণাটোৰ উনৈশ শতিকাৰ শেষৰফালে কানি নিষিদ্ধকৰণ আন্দোলনত উল্লেখযোগ্য প্ৰভাৱ পৰিছিল৷ অসম ইতিহাসৰ এই সময়চোৱা অসমীয়া সাম্প্ৰদায়িক অস্পৃশ্যতা আৰু ভাষিক জাতীয়তাবাদী ৰাজনীতিৰ যোগেদি চিহ্নিত হৈছে৷ ই কানি বিৰোধী আন্দোলনৰ বহল জনসমর্থনৰ অভাৱৰ কথাকে সূচনা কৰে৷

এই সময়চোৱাতে অসমীয়া মধ্যবিত্তীয় শ্রেণীটোৰ একাংশই প্ৰব্ৱজিত বাঙালী কৃষক আৰু চাহবাগিচাৰ কর্মীসকলক প্ৰদেশখনৰ মূলসুঁতিত সংমিশ্রিত আৰু সংযোজিত কৰাৰ প্ৰয়োজনীয়তা সম্পর্কে শক্তিশালীভাৱে মত প্ৰকাশ কৰিছিল৷ এইসকলৰ ভিতৰত এজন গুৰুত্বপূৰ্ণ সমাজ সংস্কাৰৰ প্ৰৱক্তা, লেখক ‘আসাম বন্ধু’ (১৮৮৫- ১৮৯৪ চন) আলোচনীৰ সম্পাদক গুণাভিৰাম বৰুৱা (১৯৩৭-১৮৯৪)৷ গুণাভিৰাম বৰুৱাৰ সম্পাদকীয় লেখাসমূহে তেওঁৰ উদাৰ স্থিতি সমৰ্থন কৰে আৰু এটা বহুত্ববাদী ধৰণেৰে অসমৰ সামাজিক বাস্তৱতাক ব্যাখ্যা কৰে৷ গুণাভিৰাম বৰুৱাৰ লেখাবোৰে প্ৰব্ৰজনৰ অৰ্থনৈতিক, সামাজিক আৰু সামাজিক সুফলৰ বিষয়ে ওকালতি কৰা পৰিলক্ষিত হয়৷৬২ গুণাভিৰাম বৰুৱাৰ দৰে ব্যক্তিয়ে সংকীর্ণ ভাষিক জাতীয়তাবাদৰে চিহ্নিত অসমীয়া পেটী বুৰ্জোৱাসকলৰ উচ্চাকাংখ্যা আৰু নগৰীয়া অভিজাতসকলৰ এটা অংশৰ সাৰ্বজনীন ধাৰণাসমূহৰ মাজৰ ফাঁকটোত সেতু বন্ধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷

১৮৮৮ চনৰ ২৫ আগষ্টত এদল অসমীয়া ছাত্ৰই কলিকতাত প্ৰতিষ্ঠা কৰা ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ নামৰ এটা সাহিত্য-সাংস্কৃতিক অনুষ্ঠানে অসমীয়া ভাষিক জাতীয়তাবাদৰ ধাৰাটোক সাকাৰ ৰূপ প্ৰদান কৰে৷৬৩ এই অনুষ্ঠানটো আছিল ‘অসমৰ সকলো শ্ৰেণীৰ লোকক’, বিশেষকৈ যুৱচামক খোৰাক যোগাব পৰাকৈ কৰা ‘জোনাকী’ নামৰ সাহিত্য আলোচনী (১৮৮৯-১৯০৪)-খনৰ আদৰ্শগত জন্মদাতা৷৬৪ জোনাকীত প্ৰকাশ পোৱা সকলোতকৈ উল্লেখযোগ্য লেখাসমূহৰ ভিতৰত আছিল ইতিপূর্বে উল্লেখ কৰা কৃপাবৰ বৰুৱা নামৰ কানীয়া এজনৰ ছদ্মনামত লক্ষ্মীনাথ বেজবৰুৱাই লিখা ব্যংগ নাটক আৰু ৰসৰচনাসমূহ৷ জোনাকী আলোচনীতে প্ৰথমবাৰৰ বাবে কৃপাবৰ বৰুৱাই ভূমুকি মাৰে৷৬৫ তিলোত্তমা মিশ্ৰৰ দৰে সাহিত্য সমালোচকে বেজবৰুৱাৰ লেখাক অসমীয়া ভাষিক জাতীয়তাবাদৰ “সকলোতকৈ বিপ্লৱী প্ৰকাশ” বুলি চিনাক্ত কৰিছে আৰু এই লেখাসমূহক অসমীয়া ভাষা উন্নতি সাধিনী সভাই পৃষ্ঠপোষকতা কৰা ভাষিক জাতীয়তাবাদৰ কৰ্মসূচীৰ লগত সংযুক্ত কৰিছে৷ নিম্নোল্লিখিত আলোচনাই এই মূল্যাংকনক প্ৰত্যাহ্বান জনাইছে আৰু যুক্তি প্ৰদৰ্শন কৰিছে যে বেজবৰুৱাৰ কানি সম্পর্কীয় ব্যংগ ৰচনাসমূহে সংকীর্ণ আঞ্চলিকতাবাদক পৃষ্ঠপোষকতা কৰাতকৈ ভাৰতীয় জাতীয়তাবাদী কাঠামত অসমৰ অর্ন্তভূক্তিৰ অৰ্থে আগৰণুৱা হিচাপেহে সংকেত দিছে৷ বেজবৰুৱাৰ ভাষিক জাতীয়তাবাদী আৱেগৰ বিষয়ে মিশ্ৰৰ প্ৰাথমিক মতবাদৰ ভিত্তি হ’ল এটা বিশেষ যুক্তি৷ সেই যুক্তিমতে বেজবৰুৱাৰ স্বতন্ত্ৰ ৰাজনৈতিক বিশ্বাসক গঢ় দিওঁতা তেওঁৰ সেই “বৈশিষ্টপূর্ণ স্থূলব্যংগ” আছিল তেওঁৰ “মাতৃভূমিৰ প্ৰতি থকা আন্তৰিক আৰু তীব্ৱ আকর্ষণ”ক ঢাকোন দিবলৈ ব্যৱহাৰ কৰা এক সামগ্রী, এটা পার্শ্ব৷৬৭ আমি যুক্তি দাঙি ধৰো যে বেজবৰুৱাৰ কানীয়া চৰিত্ৰটোৱে ইয়াৰ ঠিক বিপৰীত অৰ্থহে প্ৰকাশ কৰে৷ বেজবৰুৱাই স্কুলব্যংগৰ যোগেদি তেওঁৰ ক্ৰান্তিকাৰী দৃষ্টিভংগীকহে ঢাকোন দিছিল৷ সেইসময়ৰ পৰিৱেশত অসমীয়া জাতীয়তাবাদৰ প্ৰতি দ্বিধাগ্ৰস্ততাৰ প্ৰকাশে তেওঁক তিৰস্কাৰৰহে মুখামুখি কৰালেহেতেন৷ গতিকে বেজবৰুৱাই সেইসময়ৰ জনপ্রিয় আৱেগৰ বিৰূদ্ধে যাবৰ কাৰণে ব্যংগ সাহিত্যৰ আশ্ৰয় ল’বলগীয়া হৈছিল৷৬৮

বেজবৰুৱাৰ ক্ৰান্তিকাৰী অৱস্থানটো বুজিবলৈ আমি ‘জোনাকী যুগ’ নামেৰে ১৮৯০ চনত সাহিত্যত এটা নতুন “অসমীয়া প্রাণচাঞ্চল্য”ৰ আৱিৰ্ভাৱৰ উপলব্ধি কৰাটো প্ৰয়োজনীয়৷ এই নতুন “অসমীয়া প্রাণচাঞ্চল্য” টো আছিল ১৮৭৩ চনত চৰকাৰৰ দ্বাৰা এটা স্বতন্ত্ৰ ভাষা হিচাপে অসমীয়াৰ স্বীকৃতিৰ বহিঃপ্ৰকাশ৷ ১৮৯০ চনত জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশিত ৱিলিয়াম শ্বেইক্সপীয়েৰৰ নাটক “এ কমেদি অৱ এৰৰ্‌চ’’ -ৰ অসমীয়া অনুবাদ ভ্ৰমৰংগৰ সমালোচনাত সত্যনাথ বৰাই (১৮৮৮)৬৯ চনতে অনুবাদ কর্মটোক অসমীয়া ব্যংগ সাহিত্যৰ এটা সীমাখুঁটি বুলি প্ৰশংসা কৰিছিল৷ সত্যনাথ বৰাৰ মতে নাটকখনত দৈনন্দিন জীৱনত ব্যৱহৃত ধৰণৰ কথিত ভাষাৰ আত্মবিশ্বাসী ব্যৱহাৰে অসমীয়া সাহিত্যত সচেতনতাৰ এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰিছে৷৭০ সত্যনাথ বৰাই ১৮৬০-১৮৭০ৰ ব্যংগ সাহিত্যসমূহৰ পৰা এই নতুন কৌতুক সচেতনতাক পৃথকীকৰণ কৰিছে৷ উদাহৰণস্বৰূপে, হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যকর্ম হাস্যৰসৰ ব্যৱহাৰ আৰু নৈপুণ্যকেন্দ্রিক আছিল,৭১ আনহাতে নতুন ব্যংগসাহিত্যই ইয়াৰ ভাষাৰ ব্যৱহাৰৰ ধৰণ আৰু শৈলী তথা ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিশেষত্ব বহন কৰিছিল৷৭২ এই নতুন যুগটো আছিল এনে এটা ঘটনাপ্ৰবাহৰ ফচল য’ত স্থানীয় লেখকসকল পশ্চিমীয়া বৌদ্ধিক আৰু সাহিত্যিক আর্হিসমূহৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল আৰু সেইসমূহক এটা মৌলিক সাহিত্যিক বাগবৈশিষ্ট্য আৰু ভাষাৰ বিকাশ কৰিবলৈ ব্যৱহাৰ কৰিছিল৷

ভাৰতত ৰাজহুৱা জীৱনৰ বিকাশক আধুনিকতাৰ সংকেত বুলি গণ্য কৰা হয়, কিন্তু কানিৰ বাগধাৰাৰ, বিশেষকৈ ‘কানীয়া’ ধাৰণাৰ ‘নিৰ্মাণৰ’ ক্ষেত্ৰত ঔপনিৱেশিক আধুনিকতাৰ বৈশিষ্ট্য সমস্যাবিশিষ্ট৷৭৩ বৃহত্তৰ সামাজিক পৰিৱৰ্তনৰ বাবে পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত উনৈশ শতিকাৰ ভাৰতীয় বুৰ্জোৱাসকলৰ অকার্যকাৰিতা আৰু এটা সাম্ভাব্য ঔপনিৱেশিকতাবাদ বিৰোধী শক্তি হিচাপে তেওঁলোকৰ ব্যৰ্থতাৰ বিষয়ে ৰঞ্জিত গুহৰ যুক্তিয়ে কানিৰ বিষয়ক সাহিত্যৰ এটা বিশ্লেষণ আগবঢ়ায়৷

ভাৰতীয় বুৰ্জোৱাসকল “তেওঁলোকৰ উত্থানৰ কালত য়ুৰোপীয় বুৰ্জোৱাসকলৰ বীৰত্বৰ সমকক্ষ হোৱাত” অসফল হৈছিল আৰু “বিদুষক” হিচাপেহে আবির্ভাৱ হৈছিল৷ ভাৰতীয় বুৰ্জোৱাসকল সাম্রাজ্যবাদী শাসনে সীমাবদ্ধ কৰা এটা অনুকৰণমুখী, ধাৰকৰা সৃষ্টি বুলি ইতিহাসবিদ ৰঞ্জিত গুহৰ যুক্তিয়ে গুৰুত্ব আৰোপ কৰিছে৷৭৪ নিম্নোল্লিখিত আলোচনাই প্ৰতিষ্ঠা কৰে যে ভাৰতীয় সাহিত্যত বিশেষকৈ বাঙালী আৰু অসমীয়া সাহিত্যত কানি আসক্তসকলৰ সাহিত্যিক প্ৰতিনিধিত্বই এটা সম্পূর্ণ পৃথক সম্ভাৱনীয়তাৰ ক্ষেত্ৰ অধিকাৰ কৰে৷ এই সম্ভাৱনা ক্ষেত্ৰই য়ুৰোপৰ প্ৰভূত্বক/উত্থানক প্ৰত্যাহ্বান জনায়, যিহেতু কানি আসক্তসকলৰ কাল্পনিক পৃথিৱীয়ে ঔপনিৱেশিক ৰাজহুৱা জীৱনত এটা বিপ্লৱৰ সম্ভাৱনা আগবঢ়ায়৷” কানি আসক্তসকলক আৰু তেওঁলোকৰ ভ্ৰমাত্মক, সপোন যেন লগা পৃথিৱীখনক প্ৰকাশ কৰিবলৈ আৰু স্থানীয় ক্ষমতাৰ কাঠামবোৰৰ আধিপত্যসূলভ প্ৰৱণতাক প্ৰত্যাহ্বান জনাবলৈ প্ৰহসনৰ ব্যৱহাৰ কৰা লেখকসকলে এই বৈপ্লৱিক সম্ভাৱনাটো চিনাক্ত কৰিছিল৷ এই লেখকসকলে বৃটিছ সাম্রাজ্যৰ যুক্তিযুক্ততাক প্ৰত্যাহ্বান জনোৱাৰ এটা পথ হিচাপে ঔপনিৱেশিক সংগঠনবোৰৰ গাম্ভীৰ্য্যক ব্যংগ কৰিছিল৷ ঔপনিৱেশিক ক্ষমতাৰ কাঠামটোৰ সীমাবদ্ধতাৰ মাজত কাম কৰি, কানি আসক্তসকলৰ বিষয়ে প্ৰহসন সাহিত্যক বাহন হিচাপে লৈ লেখকসকলে এটা বিকল্প সত্যৰ সম্ভাৱনীয়তা আগবঢ়াইছিল৷ এই বিকল্প সত্যই লেখকসকলক স্থানীয় সামাজিক সংস্কাৰ আন্দোলনক সমালোচনা কৰিবলৈ আৰু ঔপনিৱেশিক উদ্যোগৰ বিৰূদ্ধে এটা ঋণাত্মক অভিযোগ আনিবলৈ সক্ষম কৰিছিল৷

কানি আৰু কানি ব্যৱহাৰ কৰাসকলক প্ৰতিনিধিত্ব কৰা উনৈশ শতিকাৰ অসমীয়া সাহিত্যসমূহৰ গতি-প্ৰকৃতি সমকালীন বাংলা সাহিত্যৰ পৰা পৃথক আছিল৷ যিসময়ত বাংলা সাহিত্য-কর্মসমূহে য়ুৰোপীয় ৰমন্যাসবাদৰ এটা সাহিত্যিক উত্তৰসূৰী ধাৰণা কানি আসক্তসকলৰ ‘বলিয়ালি’ আৰু ‘অসাধাৰণ প্ৰজ্ঞা’ক প্ৰক্ষেপ কৰিছিল, সেই সময়ত ১৮৮০ চনৰ শেষচোৱা পর্যন্ত অসমীয়া সাহিত্যত ‘কানিৰ দুৰাচাৰ’ বাগধাৰাটোৱে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু কানি সেৱন কৰা চৰিত্ৰটো সকলো অশুভৰ, বিশেষতঃ অসমীয়াৰ অধোঃগামিতাৰ ব্যক্তিকৰণৰ বাবে সূত্ৰগত স্থান হৈ পৰিছিল৷ বেজবৰুৱাৰ আগমনৰ লগতে এই ধাৰাৰ সলনি হৈছিল৷ বেজবৰুৱাৰ সাহিত্য সৃষ্টিৰ কানীয়াসকলক ‘সৃষ্টিশীল অসাধাৰণ প্ৰজ্ঞা’ হিচাপে স্থাপন কৰিছিল আৰু তেওঁলোকে স্বঘোষিত সামাজিক সমালোচক আৰু ধাৰাভাষ্যৰ বাহন হিচাপে কাম কৰিছিল৷

আগতে উল্লেখ কৰা বেজবৰুৱা সাহিত্য-সমগ্ৰৰ ভিতৰত প্ৰথমজন কানীয়া কৃপাবৰ বৰুৱাই ১৮৯০ চনত জোনাকী আলোচনীত এটা কার্টুন চৰিত্ৰ হিচাপে আত্মপ্ৰকাশ কৰে আৰু নিজকে এহাতে সুদর্শন চক্ৰ আৰু আনখন হাতত ত্রিশূলধাৰী এজন মহাবীৰৰূপে চিনাক্ত কৰে৷ এই বর্ণনাই আঙুলীয়াই দিয়ে যে কৃপাবৰ বৰুৱা আছিল কৃষ্ণ আৰু শিৱৰ মূৰ্ত প্ৰকাশ আৰু বহল অৰ্থত তেওঁ অসমৰ দুটা সকলোতকৈ প্ৰভাৱশালী ধর্মসম্প্ৰদায় বৈষ্ণৱ আৰু শৈৱসকলক প্ৰতিনিধিত্ব কৰিছিল৷ বেজবৰুৱাই কানি আসক্তসকলক পৰিৱৰ্তিত সত্ত্বা হিচাপে ব্যৱহাৰ কৰিছিল আৰু প্ৰহসন সাহিত্যক সেই প্ৰজাসকলৰ বৈপ্লৱিক সম্ভাৱনা প্ৰদর্শন কৰিবলৈ ব্যৱহাৰ কৰিছিল যাক ঔপনিৱেশিক ৰাষ্ট্ৰই পৰিধিকৃত কৰা ভাৱজগতখনত ঠাই দিবলৈ অস্বীকাৰ কৰিছিল৷ ইয়াৰ উপৰি, বেজবৰুৱাই প্ৰহসন সাহিত্যক তথাকথিত আদৰ্শৰ ধাৰণা আৰু পৰিচয়ৰ ৰাজনীতিক প্ৰত্যাহ্বান জনাবলৈ ব্যৱহাৰ কৰিছিল৷

সুদীপ্তা কবিৰাজৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ কমলাকান্তৰ (১৮৮৫) অধ্যয়নে বেজবৰুৱাৰ প্ৰহসন সাহিত্যত সাহিত্যিক বাহনস্বৰূপে কানি সেৱনকাৰীসকলৰ ভূমিকাক মূল্যায়ন কৰিবলৈ এটা আর্হি আগবঢ়ায়৷ কবিৰাজৰ মতে কমলাকান্ত উপন্যাসখন হ’ল বংকিমচন্দ্ৰৰ “গোপন আত্মজীৱনী” যাৰ জড়িয়তে তেওঁ বাঙালী সমাজৰ জীৱনদৰ্শন আৰু বিশ্ববীক্ষাক হাস্যৰসৰ যোগেদি সমালোচনা কৰিছিল৷ কবিৰাজে যুক্তি দিছে যে অৰ্ধস্থিতাৱস্থাৰ অনুৰাগী, অর্ধবিদ্রোহী কানি আসক্ত কমলাকান্ত চৌধুৰী আছিল বংকিমচন্দ্ৰৰ প্ৰতিপ্ৰমেয় (anti-thesis)৷৭৭ উনৈশ শতিকাৰ কলিকতাৰ বৌদ্ধিক সমাজত কিছু শিল্পী আৰু বুদ্ধিজীৱিৰ মাজত বৌদ্ধিক (noetic) উদ্দেশ্যত কানি সেৱন কৰাটো এটা সাধাৰণ কথা আছিল আৰু বংকিমচন্দ্ৰৰ কমলাকান্তত অতি স্পষ্টকৈ কৰাৰ দৰে কানি সেৱন কৰাসকলৰ ব্যংগাত্মক প্ৰদর্শনো মূলসুঁতিৰ সাহিত্যত সুলভ আছিল৷ সীমাত বাস কৰা কমলাকান্ত অথবা কৃপাবৰৰ দৰে কানিত বুৰ গৈ থকা “অলস, খেলিমেলি, অবিবাহিত, অনিয়মিত আৰু সামাজিকভাৱে বৰ্ণনা কৰিব নোৱাৰা” অযৌক্তিক জগতখনৰ সীমাবদ্ধতাৰ বৈপ্লৱিক সম্ভাৱনাও আছিল৷ কানি আসক্তসকলৰ অযৌক্তিক পৃথিৱীখনে স্থানীয় সাহিত্যিকসকলক সমাজৰ আৰু  বিদ্ৰোহৰ কৰিবলৈ এক স্থান প্ৰদান কৰিছিল৷৭৯

বংকিমচন্দ্ৰ আৰু বেজবৰুৱাৰ দৰে লিখকে তেওঁলোকৰ কিছুমান দৃষ্টিভংগী আৰু চিন্তাক তেওঁলোকৰ সামাজিক স্থিতি আৰু নিজা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি পালন কৰিব লগা বুলি আশা কৰা ভূমিকাৰ বাবে নিজাকৈ প্ৰক্ষেপ কৰিব নোৱাৰিছিল৷ গতিকে এই লেখকসকলে তেওঁলোকৰ দৃষ্টিভংগী আৰু চিন্তাক অধিক স্পষ্ট কৰিবলৈ নিজৰ পৰাই “প্ৰতীকী বিচ্ছিন্নক” হিচাপে কমলাকান্ত আৰু কৃপাবৰৰ দৰে স্বাধীন সাহিত্যিক চৰিত্ৰৰ সৃষ্টি কৰিছিল৷ কৃপাবৰক নায়ক হিচাপে বেজবৰুৱাৰ চুটিগল্পবোৰ আছিল তেওঁৰ গোপন আত্মজীৱনী আৰু কৃপাবৰে সমাজৰ আকাংখ্যাবোৰক ব্যক্তিৰ মাজত প্ৰতিভাত কৰাৰ লগতে সমকালীন সামাজিক সংস্কাৰৰ বৰকথাৰ অংশ হিচাপে থাকিও প্ৰতিৰোধৰ ইচ্ছাক প্ৰদর্শন কৰিছিল৷৮০

কৃপাবৰৰ শানিত ব্যংগ আৰু বৰ্ণনাই অসমীয়া সাহিত্যৰ ‘প্ৰকৃত পৰিধি’ৰ বিষয়ে বিতৰ্কবোৰ বিলাস হৈ পৰা বাতাবৰণত এটাত সমাজৰ নিজকে বন্ধ কৰি ৰখা ধৰণসমূহক প্ৰত্যাহ্বান জনাইছিল৷ কৃপাবৰী প্ৰহসনবোৰ সামাজিক দুৰাচাৰসমূহৰফালে নির্দেশিত হোৱাৰ পৰিৱৰ্তে ভেঙচালিৰ সম্ভাৱনীয়তাৰ পৰিসীমাৰ অনুসন্ধান কৰিবলৈ হে নির্দেশিত হৈছিল৷ যেনে কানি সেৱন কৰাসকলক সহায়ৰ আৰু নিচামুক্তিৰ প্ৰয়োজন থকা ব্যক্তি হিচাপে চিত্রিত কৰা হোৱা নাছিল৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকক নিজৰ ব্যৰ্থতাসমূহ স্বীকাৰ কৰিবলৈ আৰু স্ববিৰোধৰ ধাৰণা আত্মীকৰণ কৰিবলৈ সক্ষম ভয়ঙ্কৰভাৱে স্বাধীন চৰিত্ৰ হিচাপে চিত্রিত কৰা হৈছিল৷ প্ৰহসনখনৰ মূল লক্ষ্য আছিল দুৰাচাৰসমূহৰ মাত্ৰাধিকতা আৰু ঔপনিৱেশিক ৰাষ্ট্ৰৰ নীতি আৰু কৰ্মপদ্ধতিসমূহৰ সমাজিক লক্ষ্যসমূহৰ দিশ পৰিৱৰ্তন কৰাত সহায় কৰা৷ উদাহৰণস্বৰূপে চৰকাৰৰ কানি নীতিলৈ দৃষ্টি আকৰ্ষণ কৰা৷

বেজবৰুৱাৰ পৰিবৰ্তিত সত্ত্বা (alter ego) হিচাপে কৃপাবৰে সমাজে নিজকে বন্ধ কৰি ৰখা ধৰণবোৰক প্ৰত্যাহ্বান জনাইছিল আৰু নতুন ধৰণৰ অসমীয়া পৰিচয় এটাৰ আৰ্হি প্ৰতিষ্ঠা কৰিছিল৷ এই পৰিচয়টো ভাষাৰ জৰিয়তে ব্যাখ্যা হোৱাৰ পৰিৱৰ্তে সামাজিক গোড়ামী, উচ্চশ্ৰেণীটোৰ দমন আৰু ঔপনিৱেশিক ৰাষ্ট্ৰ আৰু ইয়াৰ নীতিসমূহৰ বিৰোধিতাৰ যোগেদি ব্যাখ্যা হৈছিল৷ জনগোষ্ঠীসমূহৰ (belonging) ভাষিক আৰু সামাজিক কাঠামসমূহৰ অন্তৰঙ্গতাই সমালোচনামূলক ধাৰাভাষ্যই এটা ভাষিকোত্তৰ সম্ভাৱনা আগবঢ়ায়৷ এই সম্ভাৱনাই ঔপনিৱেশিকতাবাদ বিৰোধী অসমীয়া জাতীয়তাবাদ আৰু বৃহৎ ভাৰতীয় জাতীয়তাবাদৰ বাগধাৰাকো অর্ন্তভূক্ত কৰে৷ কুৰি শতিকাৰ আৰম্ভণিতে এই ভাষিকোত্তৰ সম্ভাৱনাই অসমীয়া সম্প্ৰদায়ৰ ইতিহাসত এটা অতি গুৰুত্বপূৰ্ণ ক্ষণক প্ৰতিনিধিত্ব কৰে৷ কাৰণ ই এহাতে সংকীর্ণতাবাদ আৰু আঞ্চলিকতাবাদৰ সৈতে আৰু আনহাতে ৰাষ্ট্ৰীয় আৰু ঔপনিৱেশিকতাবাদৰ সৈতে যুদ্ধ কৰিছিল৷

বেজবৰুৱাৰ সদৃশ আত্মপৰিচয়ৰ প্ৰদানৰ নতুন ধৰণটোৱে ভাষিক জাতীয়তাবাদৰ দৰে সীমিতকৰণৰ কৌশলক প্ৰত্যাহ্বান জনাইছিল৷ কিন্তু এই ধাৰণাই ১৯০৫ চনৰ বংগভংগৰ প্ৰাককালত সংকীর্ণ দৃষ্টিকোণ আৰু আঞ্চলিকতাবাদৰ প্ৰভূত্ব থকা প্ৰাদেশিক ৰাজনীতিত বহল ভিত্তিত সমর্থন লাভ কৰিবলৈ অসমৰ্থ হ’ল আৰু ভাষিকোত্তৰ সম্ভাৱনাৰ বিলুপ্তি নিশ্চিত হ’ল৷ কানি আসক্তসকলৰ সাহিত্যিক সৱলীকৰণৰ প্ৰকল্পটোৰ বিফলতাৰ অন্য এটা কাৰণ হ’ল ই আছিল এটা অকালপক্ক ধাৰণা৷ অসমত সামাজিক কানিৰ ব্যৱহাৰৰ সামাজিক বাস্তৱতাক আওকাণ কৰাৰ কাৰণেও প্ৰকল্পটো ব্যৰ্থ হৈছিল৷ নিৰক্ষৰ নিম্নশ্রেণীৰ লোকসকল আছিল কানিৰদ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত শ্রেণী আৰু এইলোক সকলৰ ৰাষ্ট্ৰৰ লগত প্ৰতিক্রিয়া বেছি পোনপটীয়া পদ্ধতিৰে আছিল৷ বংগভংগৰ এটা পোনপটীয়া পৰিণাম আছিল “উত্তৰ পূৱ প্ৰদেশ” নামৰ এখন প্ৰদেশ গঠনৰ প্ৰস্তাৱ৷ প্ৰস্তাৱটোৱে অসমীয়া জাতীয়তাবাদীসকলক একগোট কৰাৰ এটা সুযোগ দিছিল৷ তেওঁলোকে এই প্ৰস্তাৱটোক অসম নামটোকে উৎখাত কৰাৰ এটা পদক্ষেপ হিচাপে গণ্য কৰি এই প্ৰস্তাৱৰ বিৰোধিতা কৰিবলৈ একগোট হৈছিল৷ সাহিত্যিক অভিজাতসকলৰ স্বনিশ্চিতকৰণ প্ৰক্ৰিয়াই কানিআসক্তকেন্দ্রিক প্ৰহসনসমূহক সামাজিক সমালোচনা আৰু ধাৰাভাষ্যৰ এটা বাহন হিচাপে ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছিল৷ এই অভিজাতসকল এটা সর্বাত্মক সৰ্বভাৰতীয় জাতীয়তাবাদৰ উত্থানতো ভাগ লোৱাত ব্যর্থ হোৱাৰ বিপৰীতে ইয়াৰ কঠোৰ আৰু স্ববিৰোধী সমালোচক আছিল৷ এটা ভাষিকোত্তৰ আৱেগৰ অনুসন্ধান সাহিত্যিকসকলক বৈপ্লৱিক সাহিত্যৰ সম্ভাৱনা আগবঢ়াইছিল৷ কিন্তু উনৈশ শতিকাৰ শেষৰ ফালে কানিয়ে উচ্চশ্ৰেণীৰ মাজত আকর্ষণ হেৰুওৱাৰ পাছত সামাজিক সমালোচক হিচাপে ব্যংগ সাহিত্যত ইয়াৰ প্ৰতিনিধিত্বৰ চোকো অদৃশ্য হ’ল৷ কানিৰ আসক্তি এটা শক্তিশালী সামাজিক সংস্কাৰ আৰু নিষেধাজ্ঞাৰ কাৰ্যসূচীৰ সৈতে ১৯২০ চনত স্থানীয় কানি বিৰোধী প্ৰচাৰৰ অংশ হিচাপে আৰু ১৯৩৯-৪১ চনত প্ৰশাসনে সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰাৰ সময়ৰ পটভূমিত পুনৰাবিৰ্ভাৱ হ’ল৷

তথ্যসূত্ৰ:

1.      Francois Bernier, Travels in the Mughal Empire, A.D. 1656–1668, trans. Irving Brock (New Delhi, 1968); Fray Sebastian Manrique, Travels of Fray Sebastian Manrique, 1629–1643, Vol. 1, trans. C. Eckford Luard (Oxford, 1927).  

2.      David Scott, “Colonial Governmentality”, Social Text 43 (Autumn 1995), pp. 191–220.  & Prasannan Parthasarathi, “The State and Social History”, Journal of Social History, Vol. 39, No. 3 (Spring 2006), pp. 771–78  

3.      The per capita consumption of opium in Assam was almost thrice of the next biggest consumer, Bihar, and almost ten times of the all India figure, throughout the second half of the nineteenth century—a trend that continued well into the 1930s. See Amalendu Guha, “Colonisation of Assam: Second Phase 1840–1859”, Indian Economic and Social History Review (hereafter, IESHR), Vol. 4, No. 1 (1967), pp. 289–317; see also John F. Richards, “Opium and the British Indian Empire: The Royal Commission of 1895”, Modern Asian Studies, Vol. 36, No. 2 (May 2002), pp. 412.

4.      The Mughals were known to have used opium for “recreational purposes” and “narcotics in the Mughal state induced acculturation, negotiations, social interactions and entertainment”. Meena Bhargava, “Narcotics and Drugs: Pleasure, Intoxication or Simply Therapeutic—North India, Sixteenth–Seventeenth Centuries”, The Medieval History Journal, Vol. 15, No. 1 (2012), p. 104.  

5.      H.K. Barpujari, Assam in the Days of the Company, 1826–1858 (Guwahati, 1980 [1963]), pp. 42–65.  

6.      Benudhar Kalita, The Uprising of Phulaguri (Nagaon, 2006), pp. 48–50.  

7.      Shrutidev Goswami, “The Opium Evil in Nineteenth Century Assam”, Indian Economic and Social History Review (hereafter, IESHR), Vol. 19, No. 1 (January 1982), p. 366.  

8.      Amalendu Guha’s ecumenical From Planter Raj to Swaraj: Freedom Struggle and Electoral Reform in Assam (New Delhi, 1977), also exhibits this predilection.  

9.      Bodhisatva Kar, “Energizing Tea, Enervating Opium: Culture of Commodities”, in Manas Ray (ed.), Space, Sexuality and Postcolonial Cultures (Calcutta, 2002), p. 356.  

10.  Kaushik Ghosh, “A Market for Aboriginality: Primitivism and Race Classification in the Indentured Labour Market of Colonial India”, in Gautam Bhadra, Gyan Prakash and Susie Tharu (eds), Subaltern Studies X: Writings on South Asian History and Society (Delhi, 1999), p. 15.  

11.  John Butler, Travels and Adventures in the Province of Assam, During a Residence of Fourteen Years (London, 1855), p. 244.  

12.  John Butler, Travels and Adventures in the Province of Assam, During a Residence of Fourteen Years (London, 1855), p. 244.  

13.  B.C. Allen, Assam District Gazetteers: Vol. VI, Nowgong (Calcutta, 1905), p. 196.  

14.  “Welsh’s Report on Assam, 1794”, in A. Mackenzie, History of the Relations of the Government with the Hill Tribes of North-East Frontier of Bengal (Calcutta, 1884), p. 388.  

15.  “Welsh’s Report on Assam, 1794”, in A. Mackenzie, History of Hill-Tribes, p. 388.  

16.  “[O]pium eaters spend nearly one half or even as much as two-third of his earning upon opium. They often went without a meal to supply themselves with opium”. C. J. Simons, Notes on the Baneful Effects on the Natives of Assam, from the Excessive Use of Opium (Calcutta, 1860), p. 3.  

17.  A.K. Bagchi, “De-industrialization in India in the Nineteenth Century: Some Theoretical Implications”, Journal of Development Studies, Vol. 12 (1975–76), pp. 135–64.  

18.  Jayeeta Sharma, “‘Lazy’ Natives, Coolie Labour, and the Assam Tea Industry”, Modern Asian Studies (hereafter, MAS), Vol. 43, No. 6 (November, 2009), p. 1295.  

19.  William Griffith, “Remarks on a Collection of Plants Made at Sadiya, Upper Assam”, Journal of the Asiatic Society of Bengal (hereafter, JASB), Vol. 5 (1836), pp. 806–13.  

20.  “Proceedings of the Asiatic Society”, JASB, Vol. 13 (August 1844), p. lxxxi.  

21.  “Proceedings of the Asiatic Society”, JASB, Vol. 13 (August 1844) pp. lxxxi–lxxxii.

22.  “Assamese Matters, Past and Present: Article II—Robinson’s History of Assam”, Calcutta Review (hereafter, CR), Vol. 23, No. 45 (July–December 1854), pp. 38–65. The inscription on Robinson’s gravestone immortalises him as ‘The Historian of Assam’.   

23.  E.A. Gait, A History of Assam (Calcutta, 1906), p. 213.  

24.  John Wolffe, “Cooper, Anthony Ashley, Seventh Earl of Shaftesbury (1801–1885)”, Oxford Dictionary of National Biography (Oxford, 2004)

25.  M.R. Ashley, ‘Suppression of the Opium Trade’: The Speech of the Right Hon. Lord Ashley, M.P., in the House of Commons, on Tuesday, 4 April 1843 (London, 1843), pp. 24–25.

26.  Ashley, Suppression of the Opium Trade, pp. 24–25.  

27.  Michel Foucault, “The Politics of Health in the Eighteenth Century”, in Paul Rabinow (ed.), The Foucault Reader (New York, 1984), p. 276.  

28.  A.J. Moffatt Mills, Report on the Province of Assam (Calcutta, 1854), p. 19.  

29.  Mills, Report, Appendix J, p. 110.  

30.  Piya Chatterjee, A Time for Tea: Women, Labor, and Post/Colonial Politics on an Indian Plantation (Durham NC, 2001), p. 70.  

31.  Mills, Report, p. 20.  

32.  Mills, Report, Appendix J, p. 110. Phukan was one of the earliest proponents of prohibition in Assam and played a significant role in initiating a public debate on opium which will be discussed in a subsequent section.  

33.  [Francis Jenkins to Board of Revenue, Calcutta], No. 149, Foreign Department (Political), 6 March 1839, National Archives of India. 

34.  Alatas, Myth of the Lazy Native, p. 19.  

35.  Kar, “Enervating Opium”, pp. 375–76.  

36.  The image of the Indian opium eater was linked with opium use amongst the Rajputs and associated with the martial race theory.  

37.  Simons, Effects of Opium, p. 6.  

38.  Simons, Effects of Opium, p. 7.  

39.  Simons, Effects of Opium, pp. 10–11.  

40.  The manuscript is not dated but from events described in the narrative poem, it was most likely composed in the late-1870s. Dutiram ‘Swarnakar’ Hazarika, Rasik Puran (Ba Dhapat, Aphu Guti, Bhang, Dhuturar Utpatti), No. 111, Vol. 21, pp. 348–62, Directorate of Historical and Antiquarian Studies (hereafter, DHAS). Dutiram was also the author of Kalibharat Assam Buranji, a historical work that was used by E.A. Gait as source material in A History of Assam (1906).  

41.  Quoted in Kar, “Enervating Opium”, pp. 355–56.  

42.  [Statement of Madhab Chandra Bardalai], Final Report of the Royal Commission on Opium, Vol. II: Evidence (London, 1894), p. 302.  

43.  Kar, “Enervating Opium”, pp. 362–63.  

44.  Gandhi had dismissed Assam as backward and uncivilized (“jungly”) in Hind Swaraj (1909) and during his 1921 tour to the province the provincial administration used this reference to attack Gandhi which prompted him to use his first public address to apologise to the people of Assam. M.K. Gandhi, “Experiences in Assam–I” (translated from Gujarati), Navajivan (4 September 1921), in Collected Works of Mahatma Gandhi, Vol. XXI (August 1921–December 1921) (Ahmedabad, 1966), pp. 53–58.  

45.  Charles Freer Andrews (1871–1940) was a prominent author and campaigner for Indian independence and popularly known as ‘Deenbandhu’ (friend of the poor). Influenced by G.K. Gokhale, Rabindranath Tagore and M.K. Gandhi, Andrews played an important role in the campaign for labour rights, especially on the issue of indentured labour. Andrews acted as an advisor and representative of Indian delegations at a number of international forums as well as negotiations with the British government. Hugh Tinker, “Andrews, Charles Freer (1871–1940)”, Oxford Dictionary of National Biography (Oxford, 2004).

46.  C.F. Andrews, Opium Evil in India: Britain’s Responsibility (London, 1926), p. 20.  

47.  Sharma, “‘Lazy’ Natives”, p. 10.  

48.  Government of Assam, Assam Provincial Banking Enquiry Report of 1929–30 (Shillong, 1930), pp. 21, 18.  

49.  Amalendu Guha, Medieval and Early Colonial Assam: Society, Polity, Economy (Calcutta, 1991), p. 285.  

50.  See, for a discussion of the socio-economic dimensions Assam tea gardens, Rana P. Behal, “The Emergence of a Plantation Economy: Assam Tea Industry in the Nineteenth Century”, NMML Occasional Paper Number XXI (1985).  

51.  Lakshminath Bezbaroa (1864–1938) was a celebrated pioneer of modern Assamese literature and one of the literary stalwarts of the Jonaki Era (the age of romanticism in Assam). Through numerous essays, plays, fiction, poetry, commentary and satires, he gave new impetus to the stagnating Assamese literary culture and the period between 1880 and 1930 is often referred to as the “Bezbaroa Era”. Amaresh Datta (ed.), Encyclopaedia of Indian Literature: Vol. 1 (New Delhi, 1987). pp. 416–17.  

52.  The Kripabar oeuvre includes “Kripabar Baruar Kakotor Topola”, “Kripabar Baruar Obhatani”, “Barbaruar Bulani”, “Barbaruar Bhavar Burburani”, “Barbaruar Chintar Silguti”, “Barbaruar Sahityic Bahashya” and “Kripabar Baruar Samarani”. Lakshminath Bezbaroa, Bezbaroa Granthavali [The Collected Works of Bezbaroa], ed. Atul Hazarika, 2 Vols, (Gauhati, 1968).  

53.  Uddipan Dutta, “The Growth of Print Nationalism, Politics of Language and Dialect, Fear of the Outsiders and the Formation of Assamese Identity in the Pages of Two Early Assamese Magazines—Arunodoi and Jonaki”, Unpublished paper, CSDS (New Delhi, 2005).  

54.  H.K. Barpujari, American Missionaries and North-East India, 1836–1900: A Documentary Study (Guwahati, 1986), pp. 314–17.  

55.  Misra, Literature and Society in Assam, p. 66. See also, Farina Mir “Imperial Policy, Provincial Practices: Colonial Language Policy in Nineteenth-Century India”, IESHR, Vol. 43, No. 4 (December 2006), especially pp. 402–05, for an analysis of the influence of financial concerns on language policy as an extension of the colonial state’s policy of encouraging native intermediaries.  

56.  Orunodoi, January 1846. Maheswar Neog (comp. and ed.), Orunodoi, 1846–1854 (Gauhati, 1983), pp. 6–8.  

57.  Orunodoi, January 1846. Neog, Orunodoi, p. 8.  

58.  Orunodoi, February 1853. Neog, Orunodoi, p. 899.  

59.  In mid-October 1861 a raij mel (people’s assembly) was organised in Phulaguri, a small hamlet in Nowgong district, to discuss the grievances of the local peasants following a ban on poppy cultivation and the introduction of a new agricultural tax as well as rumours about enhancement of land revenue rates. The event, attended by more than 4,000 people, marked the first organised peasant protest in the region and on 18 October, a regiment of the Assam Light Infantry and the local police clashed with the peaceful protesters, resulting in the death of the British commanding officer and around 40 peasants.  

60.  Nagen Saikia, Background of Modern Assamese Literature (New Delhi, 1988), p. 218.  

61.  Bhattacharya, Humour and Satire, p. 149.  

62.  “Editorial: Bangali [Bengali]”, Assam Bandhu, Vol. 1, No. 3 (1885), pp. 95–100; “Amar Manuh [Our People]”, Assam Bandhu, Vol. 1, No. 4 (1885), pp. 133–35.  

63.  Saikia, Assamese Literature, pp. 301.  

64.  Bhabaprasad Chaliha, “The Jonaki and Asamiya Bhasa-Unnati-Sadhini Sabha” [translation of Lakshminath Bezbaroa’s, “Mor Jivan-Suvaron”], in Neog (ed.), Sahityarathi, pp. 67–73.  

65.  Opium addicts also featured in Bezbaroa’s farce, Litikai, which was published in the same journal during 1889–1890.  

66.  Misra, Literature and Society, p. 199.  

67.  Misra, Literature and Society, p. 199.  

68.  See Lakshminath Bezbaroa, “Editorial: On Satirical Literature”, Banhi, Vol. 4, No. 7 (1912), p. 391, for a discussion about the role of satire in Assam.  

69.  He wrote this piece in appreciation of the first Assamese translation of Shakespeare’s A Comedy of Errors (c.1590), titled Bhramaranga (1888), translated by four Assamese youths studying in Calcutta.  

70.  Quoted in Bhattacharya, Humour and Satire, p. 185, emphasis added.  

71.  Hasya Rasa is one of the nine rasas (or flavours) of Indian classical arts and aesthetics. Hasya refers to laughter or humour and was frequently used during the nineteenth century literary revivals in India to critique colonialism.  

72.  Quoted in Bhattacharya, Humour and Satire, p. 185.  

73.  Jürgen Habermas defined the public sphere as a space where private individuals came together as a public to make use of their reason as the ground of critical authority and judgment. Craig Calhoun (ed.), Habermas and the Public Sphere (Cambridge MA, 1992), pp. 12–16.  

74.  Ranajit Guha, Dominance without Hegemony: History and Power in Colonial India (Cambridge MA, 1997), p. 5.  

75.  For an exploration of Habermas’ theorisation of sovereignty, see David Gilmartin “Rethinking the Public through the Lens of Sovereignty”, South Asia: Journal of South Asian Studies, Vol. 38, No. 3 (2015), pp. 371–86.  

76.  Opium eaters were a recurring motif in his later writings, especially in the period beginning in 1905 and ending in the early 1920s with the publications of short story collections. The most memorable opium addict in Bezbaroa’s literary career is Milaram. In all, he wrote five short stories as satires of opium eaters: “Milaramar Atmajivani”, “Arji”, “Keko Kaka”, “Chenichampa” and “Amar Kaniya Sabhar Ek Adhiveshan”. See Lakshminath Bezbaroa, Bezbaroa Granthavali [The Collected Works of Bezbaroa], ed. Atul Hazarika, Vol. II (Gauhati, 1968).  

77.  Sudipta Kaviraj, The Unhappy Consciousness: Bankimchandra Chattopadhyay and the Formation of Nationalist Discourse in India (New Delhi, 1995), p. 28.   

78.  A group of young men called ‘Paksi’ (birds) used opium for creative explorations and they featured in one of the satirical pieces written by ‘Hootum’, a popular Calcutta satirist noted for his naksas (sketches). The capacity to enjoy ganja (cannabis) and gooli (opium balls for smoking) gave each member of the ‘Paksi’ group his name, usually the name of a particular bird. Amit Basu, “Cannabis and Madness: Evidence from the Indian Hemp Drugs Commission, Bengal 1894”, Studies in History, Vol. 16, No. 1 (2000), p. 131.  

79.  Kaviraj, Unhappy Consciousness, p. 29.  

80.  This potential is only fully realised with another (inverted) alter-ego Milaram, especially with Milaramar Atmajivani.  

81.  S.K. Barpujari and A.C. Bhuyan (eds), Political History of Assam, Volume One 1826–1919, 3rd edn (Guwahati, 2008), p. 182.  

82.  Examples include, Kaniya Kadam, a social play, written by Mitradev Mahanta in 1922 as part of the anti-opium campaign and staged by the Jorhat Theatre Agency. Harichandra Bhattacharyya, Origin and Development of the Assamese Drama and the Stage: From the Earliest Times up to [sic] 1940 (Gauhati, 1964), p. 215. The government also sponsored the publication of Guneswar Nath’s anti-opium propaganda play, Udhadhon, in 1941. Local-Self Government (hereafter, LSG), Separate Revenue, B (hereafter, SRB), September 1941, Nos. 208–10, Assam State Archives  

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ