অন্যযুগ/


মহাকাব্য পঠনৰ আনন্দ : ইলিয়াড আৰু প্ৰাচ্য সাহিত্য

ভাস্কৰজ্যোতি নাথ

এজন মানুহে তেওঁৰ জীৱনকালত সকলো কিতাপ অধ্যয়ন কৰাটো সম্ভৱপৰ নহয়৷ জাৰ্মানি‍ৰ জহান্স গুটেনবাৰ্গে ছপাযন্ত্ৰ আৱিষ্কাৰ কৰা দিন ধৰি পৃথিৱীত আজিলৈকে কিমান কিতাপ ছপা হৈছে, তাৰ লেখ-জোখ উলিওৱাটো সম্ভৱপৰ নহয়৷ পৃথিৱীৰ প্ৰায়বোৰ ভাষাত বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা কিতাপৰ সংখ্যা বহুত বেছি নহয়৷ সেয়ে এজন অনুসন্ধিৎসু মনৰ পঢ়ুৱৈয়ে‍ নিশ্চয়কৈ তাৰ পৰা তেওঁৰ পছন্দ অনুসৰি কিতাপ নিৰ্বাচন কৰিব পাৰে৷ এই ক্ষেত্ৰত মই ইংৰাজ লেখক দাৰ্শনিক ফ্ৰান্সিছ বেকনৰ এষাৰ কথা বৰ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ৷ তেওঁ অফ ষ্টাডিজ নামৰ প্ৰন্ধটোত এষাৰ কথা কৈছিল— “Some books are to be tasted, others to be swallowed, some to be chewed and digested” (অৰ্থাৎ কিছুমান কিতাপ কেৱল এছোৱা এছোৱাকৈ‍  পঢ়িব পাৰি, কিছুমান কিতাপ সম্পূৰ্ণকৈ পঢ়িব পাৰি যদিও তাত কৌতূহল নেথাকে৷ কিন্তু কিছুমান কিতাপ আঁতি-গুৰি মাৰি কষ্ট কৰি হলেও পঢ়িবলগীয়া হয়)

এতিয়া আহোঁ মূল কথালৈ৷ জ্ঞান ওপজাৰ দিন ধৰি মোৰ মনোজগতক পুলকিত কৰি ৰাখিছিল মহাকাব্যৰ বিভিন্ন কাহিনীবোৰে৷ লোককথা, ভাওনা, ধৰ্মীয় উৎসৱ-পাৰ্বত হোৱা আলোচনা, বিতৰ্কবোৰে কৌতূহল আৰু বৃদ্ধি কৰিছিল৷ মহাকাব্য মানে মহাভাৰত আৰু ৰামায়ণকে বুলি ভাবিছিলোঁ৷ ইংৰাজী সাহিত্যৰ ছাত্ৰ হৈ বিদ্যায়তনিক তাড়নাত প্ৰাচীন গ্ৰীক আৰু ৰোমান সাহিত্য-সভ্যতাৰ কিছু জানিব পাৰিছিলোঁ যদিও সি পৰ্যাপ্ত নাছিল৷ ইংৰাজী সাহিত্যৰ সৰহভাগ আখ্যান, বিভিন্ন উপন্যাস নাটকৰ চৰিত্ৰ মহাকাব্যৰ পৰাই অহা৷ ভাস্কৰ্য, শিল্প, ইংৰাজী সাহিত্যৰ পৰা হলীউদৰ চলচ্চিত্ৰলৈ ইয়াৰ পৰিসৰ বিস্তৃত৷ চমুকৈ কবলৈ হলে পশ্চিমীয়া শিল্প-সাহিত্যত ইলিয়াড আৰু ওডিছিয়ে‍ সেই স্থান গ্ৰহণ কৰি আছে , যি স্থান ভাৰতীয় সভ্যতা, সংস্কৃতি, সাহিত্যত মহাভাৰত আৰু ৰামায়ণে গ্ৰহণ কৰি আছে৷ ইলিয়াডো উৎকৃষ্টতম ইংৰাজী সংস্কৰণত পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ বিশ্ববিদ্যালয়ৰ পৰা ওলোৱাৰ পাছতহে৷ অথচ পাশ্চাত্যৰ কিছুমান বিদ্যালয়ত স্কুলীয়া কালতে ইলিয়াড ওডিছিয়েই নহয়, ভাৰ্জিলৰ ঈনিদ, ডাণ্টে‍ৰ ডিভাইন কমেডি পঢ়ুৱা হয়৷ আমাৰ দেশত বিদ্যালয়ত আজিও প্ৰাচ্য দৰ্শন হিচাপে ৰামায়ণ বা মহাভাৰতৰ অধ্যয়ন কৰিবলৈ দিয়া নহয়৷ স্বকীয় সভ্যতা-সংস্কৃতিৰ পৰা আঁতৰাই তাত সাম্প্ৰদায়িকতাৰ গোন্ধ পোৱাটো স্বাধীনতাৰ পাছতেই যি ৰোপণ , সি আজিকোপতি শেষ নহল৷ অথচ এচামৰ সন্তুষ্টি বা তৈল মৰ্দনৰ বাবে ধৰ্মনিৰপেক্ষ দেশত ধৰ্মীয় শিক্ষাত  চৰকাৰী ধন ব্যয় কৰা হয়, যাৰ সৈতে প্ৰাচীন ভাৰতীয় ঐতিহ্য, সভ্যতাৰ কোনো সম্পৰ্ক নাই৷ স্বাধীনতাৰ পাছৰে পৰা স্বকীয় সভ্যতা-সংস্কৃতিৰ পৰা ভাৰতৰ সিংহভাগ মানুহক বিচ্ছি‍ন্ন কৰি তোলাৰ বিষয়ে একালৰ বিবিচিত কৰ্মৰত বিশিষ্ট সাংবাদিক মাৰ্ক টুলীয়ে অলপতে এখন ইংৰাজী কাকতত লিখিছে৷ বিশ্ববিদ্যালয়ৰ পৰা ওলাই এতিয়া পৈণত বয়সত ভৰি দি উপলব্ধি কৰিছোঁ যে পাঠ্যক্ৰমৰ সীমিত বিষয়ৰ বিদ্যায়তনিক অধ্যয়নে এজন ছাত্ৰক বিষয়ৰ ব্যাপক আৰু সঠিক ধাৰণা দিব নোৱাৰে৷ নিদিষ্ট সময় আৰু মূলতঃ মুখস্থ বিদ্যাই ছাত্ৰজনক বিশদ অধ্যয়নৰ বাবে আগ্ৰহী কৰি তুলিব নোৱাৰে৷ অৱশ্যে আমাৰ  বিশ্ববিদ্যালয়বোৰত সেই পৰিৱেশ কেতিয়াবাই অন্তৰ্হিত হৈছে৷ এজন ছাত্ৰই ফৰাছী বিপ্লৱ আৰু ইয়াৰ অন্তৰালৰ কাহিনীৰ বিষয়ে বিস্তৃত অধ্যয়ন নকৰাকৈ ইংৰাজ ৰমন্যাসবাদৰ বিষয়ে একো জানিব নোৱাৰে৷ ৰমন্যাসবাদৰ বিষয়ে থাকতে পোৱা ৰেডি‍মেইড তথ্যৰে পৰীক্ষাত নম্বৰ অৰ্জন কৰি এটা চাকৰি গোটাবলৈ সক্ষম হলেও তেওঁ প্ৰকৃতাৰ্থত হৈ থাকে এজন অজ্ঞ পঢ়ুৱৈ৷ ফলত তেওঁলোকে পৰৱৰ্তী কালত ছাত্ৰ-ছাত্ৰীক বিষয়ৰ সঠিক জ্ঞান প্ৰদান কৰিব নোৱাৰে৷ ডেৰিদাৰ, ফুকৰ জটিল দৰ্শনৰ গ্ৰন্থবোৰো ভালদৰে অধ্যয়ন কৰিছিলোঁ বিশ্ববিদ্যালয়ৰ পৰা ওলোৱাৰ পাছতহে৷ ছাত্ৰাৱস্থাত সকলোৱে নিৰ্বাচিত পাঠহে পঢ়িছিল৷ আনকি শিক্ষকসকলৰ সকলোৱেই যে মূল গ্ৰন্থসমূহ অধ্যয়ন কৰিছিল সেইটো ভা নহয়৷ এনেবোৰ কাৰণতে অসম বা উত্তৰ-পূবতে তথ্যৰ অপব্যাখ্যা, সাহিত্যক ঘটনা-পৰিঘটনাৰ ভ্ৰান্ত বিৱৰণে পঢ়ুৱৈক বিভ্ৰান্ত কৰা দেখোঁ৷ অৱশ্যে এই বিষয়ে পৃথক লেখাত উল্লেখ কৰিম৷

প্ৰাচীন গ্ৰীক সাহিত্যৰ মূল মহাকাব্য হল ইলিয়াড আৰু ওডিছি‍৷ এই দুয়োখন মহাকাব্যৰে ৰচয়িতা হিচাপে হমাৰকে আখ্যা দিয়া হয়৷ এই প্ৰসংগতে এইটো কোৱা ভাল হব যে মহাকাব্যৰ সোৱাদ লোৱাৰ আগতেই উলফ্‌গাং পিটাৰচেন পৰিচালিত ট্ৰয় ছবিখন চোৱাৰ সৌভাগ্য হৈছিল৷ গ্ৰীক সাম্ৰাজ্য আৰু ট্ৰজানসকলৰ মাজত হোৱা দহ বছৰজোৰা যুদ্ধই হল মহাকাব্য দুখনৰ মূল প্ৰতিপাদ্য৷ গ্ৰীকসকলে বিশ্বাস কৰে যে মহাকবি হমাৰেই হল ইলিয়াড আৰু ওডিছিৰ প্ৰণেতা৷ অৱশ্যে এচাম পণ্ডিতে কব খোজে যে মহাকাব্য দুখনৰ বহুতো কবিৰ যৌথ প্ৰচেষ্টাত ৰচনা কৰা হৈছিল৷ ই বিভিন্ন সময়ত হোৱা নিৰ্মাণ আৰু বিনিৰ্মাণ প্ৰক্ৰিয়াৰ ফলশ্ৰুতি৷ এই পৰম্পৰাটোত হমাৰক এটা নামকৰণ (Label) হিচাপেহে ব্যৱহাৰ কৰা হৈছে৷ অৱশ্যে এই গোটেইখিনি কথা বিতৰ্কৰ আৱৰ্তত৷ এতিয়াও তাক লৈ কোনো প্ৰতিষ্ঠি‍ত ধাৰণা নাই৷ মহাকবি হমাৰেই হল মহাকাব্য দুখনৰ স্ৰষ্টা৷ যীশু খ্ৰীষ্টৰ জন্মৰ সাতশ বছৰ আগতেই মহাকবি হমাৰে গ্ৰীৰ আয়নিয়া নামৰ উপকূলীয় অঞ্চলত বসবাস কৰিছিল৷ পেংগুইন ক্লাছিক ছি‍ৰিজৰ মই অধ্যয়ন কৰা ইলিয়াডৰ সম্পাদক আছিল ই ভি ৰিউ৷ তেখেতে ১৯৪৪ চনৰ পৰা ১৯৬৪ চন পৰ্যন্ত ইলিয়াডৰ সম্পাদনা কৰিছিল৷ ৰিউৰ মৃত্যুৰ পাছত তেওঁৰ সন্তান ডি চি এইছ ৰিউ আৰু কেম্ব্ৰিজৰ পৰা হমাৰৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট অৰ্জন কৰা পিটাৰ জনছে পুনৰীক্ষণ আৰু পৰিবৰ্ধনৰ দায়িত্ব লয়৷ ই ভি ৰিউৱে ইংৰাজীলৈ অনুবাদ কৰাৰ পাছতে বিশ্বৰ সৰহভাগ ইংৰাজী চৰ্চা কৰা মানুহৰ মাজত ইলিয়াড অধিক জনপ্ৰিয় হৈ পৰে৷ ইলিয়াড মূলতঃ এটা পোন্ধৰ হাজাৰ শাৰীৰ মহাকাব্যিক কবিতা৷ ইয়াৰ ৰচনাকাল আনুমানিক ৭০০ খ্ৰীষ্টপূৰ্ব৷ ট্ৰয় ৰাজ্যৰ ইলিয়াম নামৰ চহৰখনত গ্ৰীকসকলে কৰা অৱৰোধক লৈ এই সুদীৰ্ঘ মহাকাব্য৷ বৰ্তমানৰ উত্তৰ-পশ্চিম তুৰস্কই হল ইয়াৰ পটভূমি৷ ভাৰতীয় মহাকাব্যৰ দৰেই ইলিয়াডতো দৈৱিক শক্তিসমূহো বিভিন্ন ঘটনাত জড়িত হোৱাৰ উপৰি মহাযুদ্ধতো পৰোক্ষভাৱে অংশগ্ৰহণ কৰিছে৷ গ্ৰীক আৰু ট্ৰজানসকলক লৈ দেৱলোকো বিভক্ত হৈ পৰিছে৷ তেনে ধৰৰ বহুতো সমান্তৰাল নিৰ্মিতি বা পেৰেলেল(Parellel) ভাৰতীয় মহাকাব্যৰ সৈতে আছে৷ ধৰ্মৰ বাবেই বিৰাট ধ্বংসৰ আয়োজন৷ মহাভাৰত, ৰামায়ণৰ দৰেই ধৰ্ম ৰক্ষাৰ বাবেই সূত্ৰপাত হৈছে দশক জোৰা যুদ্ধ৷ মহাভাৰতত ভাৰতীয় সভ্যতাৰ বাহক আৰু প্ৰতীক পুৰুষ শ্ৰীকৃষ্ণই কৈছে সৃষ্টিৰ বাবে ধ্বংস জৰুৰী৷ কৌৰৱ আৰু পাণ্ডৱৰ মাজত ধৰ্ম সংস্থাপনৰ স্বাৰ্থত এখন মহাযুদ্ধৰ প্ৰয়োজন৷ ইলিয়াডতো এসময়ত আনকি দেৱতাৰ মাজতো যুদ্ধ হৈছে৷ ধৃ: ধাতুৰ পৰা নিসৃত ধৰ্মৰ উদ্দেশ্য সকলো ধৰ্মতে একেই৷ মহাভাৰতত শ্ৰীকৃষ্ণই মানৱ জীৱনৰ ক্ষণস্থায়ি‍ত্বক অনুধাৱন কৰি ধূলিৰ মানুহ ধূলিতেই পৰে ওৰ বুলি কোৱা কথাষাৰ সনাতন সভ্যতাতকৈ পাছৰ পৰ্যায়ত ৰচিত বাইবেলতো উচ্চাৰিত হৈছে— “Dust thou art, to dust returnest”৷ (Bible Ecclesiastes 3:20)  

ইলিয়াড আছিল বিশ্বসাহিত্যৰ সৰ্বপ্ৰথম ট্ৰেজেদি৷ মহাকবি হমাৰৰ সৃষ্টি সমগ্ৰ গ্ৰীক সমাজত মানুহৰ মুখে মুখে লোক-কথাৰ দৰে আছিল৷ এথেন্সৰ ৰাস্তাই-পদূলিয়ে হমাৰৰ মহাকাব্যিক আখ্যানক নৃত্যৰ সৈতে সম্বলিত কৰি উপস্থাপন কৰা হৈছিল৷ ট্ৰেজেদি শব্দটোৱে এনেদৰেই এটা সাহিত্যিক ধাৰা বা জন্‌ৰা (Genre) হিচাপে ঠাই পাইছিল৷ গ্ৰীক নাট্যকাৰ ক্লিছ, য়ুৰিপিডিছ, এস্কাইলাছ আদিয়ে ইয়াক এটা ধাৰা হিচাপে প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা লৈছিল৷ যদিও প্ৰাচীন বা বহুতৰ বাবে আপাততঃ আওপুৰণি যেন বোধ হব পাৰে ইলিয়াডৰ অধ্যয়ন অতী প্ৰয়োজনীয়৷ বিশ্বৰ বিশালকায় সাংস্কৃতিক উপাদান আৰু প্ৰসংগ ইলিয়াডেৰে ঠাহ খাই আছে৷ আজি প্ৰায় ছমাহমান আগতেই ভাৰতত ব্ৰিটিছ গাড়ীনিৰ্মাতা মৰিছ গেৰেজে ভুমুকি মাৰিছে৷ কম্পেনিটোৱে‍ ভাৰতত প্ৰথম মুকলি কৰা বাহনখনৰ নাম ৰাখিছে বিশ্বসাহিত্যৰ অন্যতম চিনাকি আৰু ঐতিহ্যমণ্ডিত চৰিত্ৰ হেক্টৰৰ নামেৰে৷ যিকোনো এজন কৌতূহলী সংস্কৃতিৱান ক্ৰেতাৰ মনত নিশ্চয়কৈ ভাৱ হব যে এই হেক্টৰনো কি? নিৰ্মাতাসকলে এই নামেৰে বাহনখন কিয় নামকৰণ কৰিলে ? এনে উদাহৰণ হাজাৰ বিজাৰ ওলাব৷ মই মাত্ৰ এটা উদাহৰণহে দিছো৷ একাংশ লোকে ভাবে যে লেটিন বা সংস্কৃতৰ দৰে গ্ৰীক আৰু ৰোমান ভাষা আৰু সভ্যতা মৃতপ্ৰায়৷ সেয়ে ইয়াৰ অধ্যয়নৰ প্ৰয়োজনীয়তা নাই৷ কিন্তু যিদৰে সংস্কৃত ভাষাত ৰচিত ভাৰতীয় সাহিত্য, দৰ্শন, বেদ-উপনিষদ আদিয়ে প্ৰাচ্য সভ্যতাক গৰিমামণ্ডিত কৰি ৰাখিছে, ঠিক সেইদৰে গ্ৰীক আৰু ৰোমান ভাষাৰ ৰচনাই ইউৰোপীয় শিল্প-সাহিত্যৰ অধিকাংশ দখল কৰি আছে৷

সৰ্বসাধাৰ পাঠকে ভাবি লোৱাৰ দৰে ইলিয়াডত মহাকবিয়ে কেৱল গ্ৰীক ৰজা মেনেলাছৰ পত্নী হেলেন আৰু ট্ৰজান পেৰিছৰ প্ৰ, এগ্গামেনন এক্কিলেইজৰ সংঘাত বা হেক্টৰৰ শৌৰ্য-বীৰ্য বা এক্কিলেইজৰ ৰণকৌশলেই বৰ্ণনা কৰা নাই৷ যুদ্ধ আৰু সংঘাতৰ মাজেৰে মানৱ জীৱনৰ সাৰ্বিক ট্ৰেজিক উপস্থাপনেই ইলিয়াডৰ মূল প্ৰতিপাদ্য৷ মহাভাৰত ৰামায়ণৰ  দৰেই ইলিয়াদৰ অন্যতম বিষয়বস্তু হল যুদ্ধ৷ মহাভাৰতৰ মূল প্ৰতিপাদ্য সাৰবস্তুক লৈ মতৰ অমিল নথকা নহয়৷ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ ধাৰণাটোক বহুতে উলাই কৰিব খোজে৷ মহাভাৰত যিদৰে এক বিশাল ব্যাপ্ত জীৱন দৰ্শন, ঠিক তেনেদৰে ইলিয়াডতো মহাকবিয়ে জীৱনৰ উদ্দেশ্য আৰু মহত্ত্বত গুৰুত্ব আৰোপ কৰিছে৷ অৱশ্যে বিশ্বসাহিত্য, মানৱ সভ্যতাক মহিমামণ্ডিত কৰা, যুগ যুগ ধৰি মানৱ মনক কৌতূহল কৰি ৰখা সভ্যতাৰ বাহক মহাভাৰতৰ বিস্তৃতি আৰু নিৰ্মিতি বিশ্বৰ কোনো মহাকাব্যৰে তুলনা নহয়৷ শ্ৰীকৃষ্ণ-অৰ্জুনৰ বাৰ্তালাপত সৃষ্ট গীতাই বিশ্বক জীৱন দৰ্শন আৰু অভয় দান কৰিছে৷ ইলিয়াডত মহাকবিয়ে কেৱল ৰাজসিক সেনা, বীৰ পূংগবসকলৰহে নাম উল্লেখ কৰিছে৷ মূল চৰিত্ৰ মাত্ৰ কেইটামানহে৷ সাধাৰণ বংশ বা পৰিয়ালৰ সহস্ৰ সৈনিকৰ কোনো নামোল্লেখ নাই৷ এটা দশক ধৰি হোৱা যুদ্ধৰ কেৱল শেষৰ বছৰটোৰহে অধিক অংকন কৰিছে মহাকবিয়ে৷ ইলিয়াডৰ দৰে মহাকাব্যৰ মহত্ত্ব নিহিত হৈ আছে, ইয়াৰ সুপ্ৰাচীন লৌকিক পৰম্পৰাত৷ লিখিত ৰূপ পোৱাৰ আগলৈকে ই আছিল সামূহিক লোকপৰম্পৰাৰৰ অংশ৷ পৃথিৱীৰ শ্ৰেষ্ঠতম মহাকাব্যসমূহৰ ঐতিহ্য ইয়াৰ মৌখিক পৰম্পৰা৷ সেয়ে মহাকাব্যৰ মূল গ্ৰন্থৰ পদ্ধতিগত অধ্যয়ন নহলেও সৰুৰ পৰা ডাঙৰলৈ সকলোৱেই ইয়াৰ সৈতে পৰিচিত হয়৷ এইটো কোৱা হয় যে মহাকবিয়ে ইলিয়াড ৰচনা নকৰা হলে প্লেট’, এৰিষ্টটলৰ হাতত কলা আৰু সাহিত্যৰ তত্ত্বসমূহ সৃষ্টি নহলহেঁতেন৷ এৰিষ্টটলে মহাকবিৰ বিষয়ে এইদৰে কৈছে— “compared with all other poets Homer may seem, as we have already said, divinely inspired, in that even with the Trojan war, which has a beginning and an end, he did not endeavour to dramatise it as a whole, since it would have been either too long to be taken in all at once or, if he had moderated the length, he would have complicated it by the variety of incident. As it is, he takes one part of the story only and uses many incidents from other parts, such as the Catalogue of Ships and other incidents with which he diversifies his poetry” (অৰ্থাৎ অন্য কবিসকলৰ তুলনাত মহাকবি হমাৰ কিবা এক স্বৰ্গীয় শক্তিৰে উদ্দীপিত হৈছিল)৷

 ১৭২৩ খ্ৰীষ্টাব্দত কবি আলেকজেণ্ডাৰ পোপে ইলিয়াড ইংৰাজীলৈ অনুবাদ কৰে৷ ১৭১৫ -১৭২০ খ্ৰী: সময়ছোৱাত ই প্ৰকাশ হয়৷ এই অনুবাদ পঢ়ি ড° ছে‍মুৱেল জনছনে অতি উৎফুল্লিত হৈ মন্তব্য কৰিছিল যে কোনো যুগতে বা কোনো দেশতে ইয়াৰ সম পৰ্যায়ৰ সাহিত্য অসম্ভৱ৷ অৱশ্যে জনছনৰ মন্তব্যক সকলোৱে সমৰ্থন কৰা দেখা নেযায়৷ পোপৰ এই অনুবাদ পঢ়ি কবি বায়ৰনৰ মহাকবি সন্দৰ্ভত থকা ভ্ৰান্ত ধাৰণা দূৰ হৈছিল৷ ইংৰাজী সাহিত্যই নহয়, পাশ্চাত্য সাহিত্যত এতিয়াও ইলিয়াডে প্ৰভাৱ বিস্তাৰ কৰি আছে৷ আধুনিকতাবাদী জেইম্‌ছ জয়ছৰ য়ুলিছিচো হল মহাকবিৰ ওডিছিৰে পুনৰ কথন৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ