(Unfolded Stories of a Mother)
ৰত্নোত্তমা দাস বিক্ৰম
(যোৱা সংখ্যাৰ পাছৰপৰা)
অৱশেষত চেবাস্তিয়েন
আৰু থিঅ’ আহিল৷ সুদীর্ঘ সাত বছৰৰ মূৰত মই আৰু মোৰ ফৰাচী বন্ধুটিক আকৌ লগ পালোঁ৷ উল্লেখ
কৰিছোঁ যে সেয়া আছিল এপ্রিল মাহ৷ এপ্রিল মাহত দিল্লীত গৰম ভালকৈয়ে আৰম্ভ হয় বুলি জানিও
চেবাস্তিয়েন আৰু থিঅ’ই তেতিয়াহে আহিবলৈ মিলাব পাৰিছিল৷ আৰু
এপ্ৰিল মাহত গৰম
পৰে যদিও দিল্লীৰ অসহনীয় গৰমটো এপ্ৰিল মাহৰ আৰম্ভনি চোৱাতে সাধাৰণতে নপৰে৷
কিন্তু সেই বছৰটোৰ
কথা আছিল সুকীয়া৷ সেইবাৰ হঠাতে চেবাস্তিয়েনহঁত থকা দিনকেইটাতে বাৰুকৈয়ে গৰম পৰিল৷
দিল্লী বিশ্ববিদ্যালয়ৰ
পৰিসৰৰ আমি ঘুৰি ফুৰা ঠাইবোৰলৈ আমি আকৌ গ’লোঁ৷ বিশেষকৈ চেবাস্তিয়েন থকা আন্তর্জাতিক
ছাত্রনিৱাসটোলৈ গৈ সি থকা কোঠাটো চাবলৈ যোৱাটো তাৰ কাৰণে আছিল বৰ আৱেগিক আৰু স্মৃতিকাতৰ৷
সি যিমান পাৰে পুৰণা ঠাইবোৰ ঘূৰিলে, যিমান পাৰে পুৰণা মানুহবোৰ লগ ধৰিলে৷ মাজতে এদিন
মোৰ বিভাগত হোৱা ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠান এটালৈ সিহঁত দুটাকো আমন্ত্রণ কৰিলোঁ৷ আমাৰ
ছাত্ৰ-ছাত্ৰীবোৰে দুয়োটাকে ফুলৰ তোৰাৰে আদৰিলে৷ সিহঁতেও অনুষ্ঠান উপভোগ কৰি দুআষাৰ
ক’লে৷ খুব ভাল লগা সময় এচোরা আমি কটাই থকাৰ মাজে মাজে থিঅ’ই মোক জোকায়ো আছিল, তুমি
তোমাৰ ডাক্তৰক এৰি দিয়াঁ আৰু মোৰ বন্ধুক বিয়া কৰোৱাঁ৷ মাজে মাজে সি চেবাস্তিয়েনকো ধেমালি
কৰি জোকাই আছিল, বাহ্, কেনে বঢ়িয়া কাহিনী হ’ব৷ ভাৰত আৰু ফ্ৰাঞ্চৰ মিলন৷ নির্দোষ ধেমালি৷
থিঅ’ই যেনে-তেনেহে ইংৰাজী ক’ব পাৰে৷ চেবাস্তিয়েনে তাক সহায় কৰিব লগা হয় বা ভাঙনি কৰিব
লগাও হয়৷ থিঅ’ই তাৰ ভঙা ভঙা ইংৰাজীৰে আমাক জোকাই থকা কাৰবাৰটো চলি থাকিল সি বিক্রমক
লগ পোৱালৈকে৷
সেইদিনা আছিল বাৰ
এপ্রিল৷
বিক্রমে চখ কৰি সিহঁতৰ কাৰণে কেইবাবিধো খাদ্য ৰান্ধিছিল৷ আমি কোনো খাদ্য বাহিৰৰ পৰা নানি সকলো খাদ্য ঘৰতে যোগাৰ কৰিছিলোঁ৷ মোৰ সহায়কাৰী ৰান্ধনীগৰাকী, ইন্দ্ৰায়ো কোৱা ধৰণেই বিধে বিধে খোৱা বস্তু ৰান্ধি ৰাখিলে৷ সঞ্জীৱ আৰু বিক্ৰমে উৎকৃষ্ট পানীয়ৰো ব্যৱস্থা কৰিলে৷ অৱশেষত আমাৰ ঘৰত পাৰ্টিৰ দিনা বহুত ৰাতিলৈকে আমি খুব স্ফূৰ্তি কৰিলোঁ৷ বিধে বিধে বিষয়ৰ কথাবোৰ যেন শেষেই নহ’ব৷ থিঅ’ আৰু চেবাস্তয়েনে সিঁহতৰ ঠাইৰ বিখ্যাত চ’ছেজ কিছুমান লৈ আনিছিল৷ থিঅ’ৰ প্ৰতিটো কামেই বৰ নিপুণ৷ সি সেই চ’চেজবোৰৰ প্ৰতিবিধৰ পৰা সমান সমান আৰু পাতল পাতলকৈ টুকুৰা কৰি পানীয়ৰ সৈতে খাবলৈ সাজু কৰিলে৷ থিঅ’ই বিক্রমক ইমানেই ভাল পালে যে সি কৈয়েই থাকিল, নাই, নাই, ইমান ভাল ল’ৰাটোক এৰি তুমি মোৰ এই ফপহু বৰলা বন্ধুটোৰ কথা ভুলতো নাভাবিবা দেই৷ মই মোৰ কথা উঠাই লৈছোঁ৷ আমি আটাইকেইটাই মন খুলি হাঁহিলোঁ৷
কিন্তু ইতিমধ্যে
এটা অবাঞ্ছিত ঘটনা লাহে লাহে আৰম্ভ হৈছিল৷ ঘটনাটো আছিল, চেবাস্তিয়েন আৰু থিঅ’ দুয়োটাৰে
স্বাস্থ্য বেয়া হ’বলৈ আৰম্ভ হৈছিল৷ দিল্লীত সেইবেলি অতিপাত গৰম পৰিছিল৷ ঠাণ্ডা জলবায়ুত
অভ্যস্ত সিঁহত দুটাক সেই গৰম বতৰে একেবাৰে সুজা নাছিল৷ কিন্তু নিজা নিজা গৌৰৱত ওফণ্ডি
সিহঁত দুয়োটাই সেই কথা আওকাণ কৰি তলৌ-তলৌকৈ অ’ত-ত’ত ঘূৰি ফুৰিছিল৷ চেবাস্তিয়েনৰ গৌৰৱ
আছিল, একো নহয়, মই ভাৰতৰ জলবায়ু চিনি পাওঁ৷ ইয়াতে বহুদিন থাকি গৈছোঁ মই৷ এয়ানো কি
গৰম, ইয়াৰ মে’-জুন-জুলাইৰ ভৰপক জহকালি মই দিল্লীত কটাই পাইছোঁ৷ আনহাতে, থিঅ’ৰ গৌৰৱ
আছিল, আৰে, মোৰতো ফ্রাঞ্চ আৰ্মিত কাম কৰাৰ অভিজ্ঞতা আছে, এনেকুৱা সৰু-সুৰা শাৰীৰিক
সমস্যালৈ ফ্রাঞ্চ আৰ্মিৰ মানুহে কেৰেপ নকৰে! দুই বন্ধুৱে নিজৰ নিজৰ অহংকাৰ মিশ্ৰিত
গৌৰৱেৰে গপতে গঙাটোপ হৈ এই অন্য দেশখনত নতুনকৈ পৰা গৰম আৰু ৰ’দলৈ পৰোৱা নকৰি ঘূৰি ফুৰিল৷
বিক্ৰমে বহুবাৰ মানা কৰা সত্তেও উৎসাহতে বাহিৰৰ খাদ্যও খালে৷ আৰু পৰিণতিত সিঁহত দুটাৰ
অৱস্থা একেবাৰেই কাহিল হ’ল৷ দুয়োটাৰে পেট চলাও আৰম্ভ হ’ল৷ বিক্ৰম আৰু মই ৰাতিয়েই সিহঁত
থকা অতিথিশালালৈ দৌৰিলোঁ৷ বিক্রমে চাই-চিতি দৰৱ-জাতিও দিলে আৰু সম্পূৰ্ণ জিৰণি ল’বলৈ
উপদেশ দিলে৷ পাছদিনা ৰাতিপুৱা হস্পিটেললৈ অৰ্থাৎ নিজৰ কামলৈ ওলাই যোৱাৰ আগতেও বিক্ৰম
মোৰ লগত সিঁহত দুটাক চাবলৈ ওলাল৷ আমি লগত সিহঁতে খাবৰ কাৰণে মগু দাইলৰ খিচিৰিও লৈ
গ’লোঁ৷ দিনত মই মোৰ বিশ্ববিদ্যালয়ৰ কামৰ মাজতো এপাক সিহঁতক লগ ধৰিও আহিলোঁগৈ৷ ৰাতি পুনৰ
আমি দুটা গৈ সিহঁতক লগ ধৰিলোঁগৈ৷ এনেকৈয়ে দুদিনমান গ’ল৷ বিক্রমে নিজে সিহঁত দুটাক চাইছিল
কাৰণে বেলেগকৈ ডাক্তৰৰ ওচৰলৈ বা হস্পিটেললৈ লৈ যাব লগা নোহোৱাকৈয়ে সোনকালেই সিহঁতৰ
স্বাস্থ্যও ভাল হৈ আহিল৷ বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ কৰ্মচাৰীসকল মোৰ চিনাকি৷ তেওঁলোকেও
সিঁহতৰ কাৰণে যি পাৰে কৰিলে৷ আমি নিয়মীয়াকৈ ঘৰৰ খোৱা বস্তু লৈ গৈছিলোঁ আৰু অতিথিশালাৰ
পাকশালৰ ৰান্ধনিয়েও সিহঁতৰ কাৰণে আমি কোৱাৰ ধৰণেই অলপো জলা আৰু মা-মচলা নিদিয়াকৈ
পাতল খিচিৰি, মগুদাইল আদিৰ যোগাৰ ধৰিলে৷ আমাৰ বন্ধু সঞ্জীৱেও সঘনাই সিঁহতৰ খবৰ লৈ থাকিল
আৰু প্ৰয়োজন হ’লেই সি তাৰ নিজৰ হস্পিটেলৰ কৰ্তব্যৰ পৰা ছুটী লৈ আহিবলৈ সাজু আছে বুলিও
জনালে৷
বিক্ৰম আৰু মই সিঁহতৰ
যিমান পাৰোঁ যত্ন লৈছিলোঁ৷ কিন্তু আমি দুটাই সিঁহতৰ কাৰণে যি সামান্য কৰিছিলোঁ, সেয়া
আচলতে একেবাৰে একো ডাঙৰ কথা নাছিল৷ আমি সকলোরে এজেন আনজনৰ বা এঘৰে আনঘৰৰ প্ৰয়োজনত বিপদে-আপদে
সহায় কৰাটো আমাৰ কাৰণে তেনেই স্বাভাৱিক কথা৷ মা-দেউতাহঁতে এনেকৈ অসুখে-বিসুখে আনক সহায়
কৰা সৰুৰে পৰা দেখি দেখিয়েই আমি ডাঙৰ হৈছোঁ৷ কিন্তু আমাৰ এই সামান্য সহায়-যত্নতে চেবাস্তিয়েন
আৰু থিঅ’ ইমানেই বেছিকৈ কৃতজ্ঞ হৈছিল যে আমি লাজহে পাইছিলোঁ৷ তাতে সিঁহত আছিল আমাৰ
অতিথি৷
তাৰ পাছত সেই বিশেষ
দিনটোত...
সেই বিশেষ দিনটো
যে বিশেষ আছিল, সেই কথা সেইদিনা থিঅ’ফানে, চেবাস্তিয়েন বা মই এটায়ো ভবা নাছিলোঁ৷ হস্পিটেললৈ
ওলাই যোৱাৰ আগতে বিক্ৰমে সিহঁতৰ কাৰণে দিহা দি থৈ যোৱা মতে ORS আৰু ঔষধ কিছুমান কিনিবলৈ
বুলি মই গাড়ীখন লৈ ওচৰৰে বিজয়নগৰৰ বজাৰলৈ গৈছিলোঁ আৰু তাৰে ফলৰ দোকানত আবতৰীয়া কমলা
কেইটামান দেখি কিনি আনিছিলোঁ৷ বিজয় নগৰৰ ফলবেপাৰীকেইজন চিনাকি৷ কমলাৰ বতৰ মুঠেও নাছিল
কাৰণে সেইকেইটা ফলৰ টুকুৰীটোত দেখি লগে লগেই চকুত পৰিছিল৷ অলপ আচৰিতো হৈছিলোঁ, দিল্লীৰ
এপ্ৰিলৰ গৰমত ক’ৰ পৰা আহি এইকেইটা মোক-খা মোক-খা কমলা! চিনাকি দোকানীজনে কমলাকেইটা
মিঠা বুলি কোৱাত কিনি ল’লোঁ৷ ভাবিলোঁ, বেচেৰা ফৰাচী দুটাই খাই ভাল পাব৷ পেট চলি চলি
dehydration হোৱাৰ পাছত কমলাজাতীয় ফল এনেয়েও ভাল লাগে৷ সেইখিনি ফল আৰু পথ্য লৈ মই বিশ্ববিদ্যালয়ৰ
অতিথিশালা পালোঁগৈ৷ মই যোৱালৈ সিহঁত ৰৈয়েই আছিল৷ দুয়োটাকে অলপ সুস্থ দেখি মোৰ ভাল লাগিছিল৷
আমি হাঁহি-মাতি কথা পাতি কমলা খাবলৈ ধৰিলোঁ৷ কমলাকেইটা সঁচাকৈয়ে ফলবেপাৰীয়ে কোৱাৰ দৰেই
বৰ ৰসাল আৰু মিঠা আছিল৷ তাৰ মাজতে দেখিলোঁ থিঅ’ই বৰ মনোযোগেৰে খাই পেলাই দিয়া কমলাৰ
গুটিবোৰ এটা এটাকৈ তুলিছে আৰু টিচু পেপাৰ এখনত আলফুলে মেৰিয়াই লৈছে৷ আৰু বগা টিচুখনৰ
ওপৰতে কলম এটা লৈ কিবা এটা লিখিছে৷ মই ডিঙি মেলি চালোঁ৷ নাই, একো ধৰিব নোৱাৰিলোঁ৷ সি
ফৰাচী ভাষাতে কিবা লিখিছে৷ মোক দেখি চেবাস্তিয়েনেও ডিঙি মেলিলে থিঅ’ইনো কি কৰিছে আৰু
কি লিখিছে চাবলৈ৷ মই একো ধৰিব নোৱাৰিলেও তাৰ ওপৰত মোৰ নামটো সি ঘঁহি ঘঁহি লিখি থকা
দেখিলোঁ৷
থিঅ’ই তাৰ ভঙা ভঙা
ইংৰাজীৰে আপোনমনে ক’বলৈ ধৰিলে, এই গুটিকেইটা মই মোৰ দেশলৈ লৈ যাম আৰু তাৰ মাটিত ৰুম৷
এইকেইটা গুটিয়ে গজালি মেলিব আৰু তেতিয়া তুমিও গৰ্ভধাৰণ কৰিবা চাবা৷
থিঅ’ৰ গার্ডেনিঙত
থকা ৰাপ আৰু পাৰ্গতালিৰ কথা আগতেই জানিছিলোঁ৷ কিন্তু আবতৰীয়া কমলা গুটিকেইটা গজিলে
ময়ো গর্ভৱতী হ’ম বুলি থিঅ’ই কৰা আচহুৱা ভৱিষ্যৎ বাণীটো শুনি মই হাঁহিবলৈ ধৰিলোঁ৷ ধ্যেৎ,
তোমাৰো যে আৰু কথা! কমলা গুটি গজিবলৈনো কেইটা দিন লাগিব, থিঅ’?
কিয়? তুমি সন্তান
এটা নিবিচাৰাঁ নেকি? তোমাৰ বিয়াৰোতো ভালে কেইবছৰ হৈ গ’ল৷ একেবাৰে আমাৰ গাঁৱৰ কোনোবা
খুৰী-পেহীয়ে কোৱাৰ দৰে থিঅ’ই এনেকৈ কোৱাত মোৰ আৰু বেছিকৈ হাঁহি উঠিল৷ মই ইমানকৈ শব্দ
কৰি হঁহা দেখি সি আকৌ ভাবিলে তাৰ ইংৰাজী কোৱাত কিবা গণ্ডগোলেই হ’ল নেকি! চেবাস্তিয়েনে
ক’লে, ইমানকৈ হাঁহিবলৈ কি আছে? থিঅ’ই তোমাৰ আৰু বিক্ৰমৰ কাৰণে প্ৰাৰ্থনা কৰা বুলি মোক
আগতেই কৈছে৷ থিঅ’ৰ দৰে ময়ো বিচাৰোঁ তোমালোকৰ বেবী হওক, তোমালোক দুটা আৰু সুখী হোৱাঁ৷
আমি এইকেইদিন তোমালোকৰ কথাকে পাতি আছোঁ৷
ইমান সৰ্সৰাই কোৱা
ইংৰাজী বুজিবলৈ থিঅ’ৰ অসুবিধা হয়৷ কিন্তু সি ঠিকেই বুজি তাৰ স্বভাৱগতভাৱে মূৰ জোকাৰি
জোকাৰি ‘উই, উই’ বুলি শলাগি থাকিল৷ সিহঁতৰ ভাষাত ‘ui’ মানে ‘হয়’৷
মই সিহঁত দুটালৈ
চালোঁ৷ নাই, এটায়ো মুঠেও ধেমালি কৰা নাছিল৷ সিহঁতৰ মুখ দুখনত যেন দেখা পালোঁ মোৰ কাৰণে,
বিক্ৰম আৰু মোৰ কাৰণে, অনন্য এক শুভবোধ৷ এক নিঃস্বার্থ শুভাকাংক্ষা৷ কিন্তু, একে সময়তে
যিটো ভাব মনলৈ আহিল, মই হাঁহি হাঁহিয়েই কৈ দিলোঁ, বেবী এটা নিশ্চয় বিচাৰিম৷ কিন্তু
কেতিয়া হ’ব কেনেকৈ ক’বা? কমলা গুটিৰ কথা বেলেগ, সেইকেইটা তোমালোকৰ দেশত গজিবও পাৰে,
নগজিবও পাৰে৷ আৰু থিঅ’ই যদি গৈয়েই লগে লগে গুটিকেইটা সিঁচেগৈ, তেনেহ’লে এইকেইটা গজে
যদিতো সোনকালেই গজিব৷ কমলাগুটি গজিবলৈনো কিমান দিন লাগে৷ কিন্তু মই কেতিয়া গৰ্ভধাৰণ
কৰিম কেনেকৈ জানিম৷
চাবা, তুমি তেতিয়াই
গৰ্ভধাৰণ কৰিবা, যেতিয়া এই কমলাৰ গুটিকেইটা গজিব৷ আমাৰ দেশত কমলাৰ পুলিও বাঢ়ি আহিব
আৰু ইয়াত তোমাৰ সন্তানো ডাঙৰ হৈ আহিব৷
অলপো ধেমালি নকৰাকৈ
পৰম বিশ্বাসেৰে থিঅ’ই কৈ উঠিল৷ হঠাতে মোৰ মনলৈ ভাব আহিছিল, কোনোবাই যদি মোৰ ভালটো এনেদৰে
বিচাৰে, সেয়া খুবেই ভাল কথা৷ ইতিবাচক আৰু শুভবোধক কথা৷ তাতে আকৌ ক’ৰ মোৰ দূৰ বিদেশৰ
বন্ধুৱে এনেকৈ ভবাটো আৰু প্ৰাৰ্থনা কৰাটোও আশ্চর্যজনক৷ অঁ, যদিহে মই সন্তান বিচাৰি
বহুদিন ধৰি আকুল-ব্যাকুল হৈও নোপোৱাকৈ থকা নাৰী হ’লোহেঁতেন, তেতিয়াও কথাটো বেলেগ
আছিল৷ তেতিয়া ক’বপৰা গ’লহেঁতেন, মই প্ৰাৰ্থনা কৰি কৰি, আকাংক্ষা কৰি কৰিও নোপোৱাটো
পাবৰ কাৰণে মোৰ বন্ধুৱে মোৰ বাবে প্ৰাৰ্থনা কৰিছে৷ কিন্তু তেনেকুরা একো নাছিল৷ আমি
তেতিয়া সন্তানৰ কথা ভাবিছিলোঁ নে নাই জনাটো থিঅ’ই জনাৰ কথাও নাহে৷ একেবাৰে আকাশৰ পৰা
সৰি পৰাৰ দৰে কোনো আগ-গুৰি নোহোৱাকৈ থিঅ’ফানে লেলিভাৰে কথাকেইষাৰ ক’লে আৰু মোৰ চকুৰ
আগতে মোৰ নাম আৰু কিবা-কিবি ফৰাচীত লিখি বগা টিচু পেপাৰেৰে আলফুলে মেৰিয়াই সেই আবতৰীয়া
কমলা গুটিকেইটা তাৰ চ্যুটকেছত আটোম-টোকাৰিকৈ ভৰাই থ’লে৷ সেইকেইটা সি তাৰ দেশলৈ লৈ যাব৷
তাৰ দেশৰ মাটিত কমলাৰ গুটি গজি পুলিয়ে পোখা মেলিব৷
নির্দিষ্ট দিনত থিঅ’
আৰু চেবাস্তিয়েন উভতি গ’ল৷ গৈ পাই খবৰো দিলে৷ থিঅ’য়ো সি ভাৰতলৈ আহি আৰু আমক লগ পাই
কিমান ভাল পালে সেই কথা জনাই গুগল ট্রেন্সলেইটৰৰ সহায়ত ইংৰাজীত লিখি ই-মেইল কৰিলে৷
মূলতঃ ভাষাৰ অসুবিধাৰ কাৰণেই থিঅ’ৰ লগত ফোনত কথা পতা খুব কম হয়৷ অৱশ্যে চেবাস্তিয়েনৰ
লগত আগৰ দৰেই মোৰ এৰা-ধৰাকৈ যোগাযোগ চলি থাকিল৷ পিছে কমলা গুটিৰ টোপোলাটো থিঅ’ই কি
কৰিলে, সঁচাকৈয়ে লগত নিলে নে নাই, নিলে যদি কলেগৈ নে নাই, মই এবাৰো নুসুধিলোঁ৷ আচলতে
সেইকথা মই পাহৰিয়েই গৈছিলোঁ৷
মোৰ বিশ্ববিদ্যালয়ত
গ্ৰীষ্মৰ বন্ধ আৰম্ভ হ’ল৷ তেতিয়া আমাৰ মে’ মাহৰ তৃতীয় সপ্তাহৰ পৰা জুলাই মাহৰ তৃতীয়
সপ্তাহলৈকে দুমাহ ধৰি দীঘলীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ৰ গৰম বন্ধ হয়৷ মাজতে কিছুদিন
চেবাস্তিয়েনৰ লগত মোৰ যোগাযোগ নাছিল৷ তাতে বিশেষ কাৰণ এটাত মই হঠাতে বৰ ব্যস্ত হৈ পৰিছিলোঁ৷
সমস্ত পৃথিৱীখনৰ কথাকে মই পাহৰি থকাৰ দৰে হৈছিল৷ তেনেকুৱা বন্ধৰ দিন এটাত বেলিটো মূৰলৈ
উঠি আহিবলৈ ধৰাৰ পৰত এদিন চেবাস্তিয়েনে ফোন কৰিলে৷ তাৰ মতে সি ৰাতিপুৱাতে ফোন কৰিছে৷
আমাৰ দেশৰ লগত সিহঁতৰ দেশৰ সময়ৰ পাৰ্থক্য চাৰি ঘণ্টাৰ৷ সি ক’লে, থিঅই যে কমলাৰ গুটি
লৈ আনিছিল, সিঁচিছিল, তাৰ গজালি ওলাইছে৷ সি কালি মোৰ ইয়ালৈ আহিছিল৷ সি কথাটো তোমাক
ক’বলৈ কৈছে৷ মনত আছে?
মই হঠাতে অলপ সময়
একো ক’ব পৰা নাছিলোঁ৷ কেইপলমান ৰৈ উশাহটো ঘূৰাই লৈ হাঁহি ক’লোঁ, নাই মনত নাই মোৰ৷
কি? কি কোৱাঁ? সেই
যে গেষ্ট হাউছত তুমি আমালৈ কমলা লৈ আহিছিলা ...
চেবাস্তিয়েনৰ কথা
শেষ হোৱাৰ আগতেই মই আকৌ হাঁহি মাৰি ক’লোঁ, নাই, মনত নাই মোৰ৷ কোনো কথাই মনত নাই মোৰ৷
কেনেকৈ মনত থাকিব? মই এই কেইদিন ভীষণ ব্যস্ত৷ গোটেই পৃথিৱীখনকে মই পাহৰি আছোঁ৷ কিয় সোধাঁ৷
কিয়?
কাৰণ, মই মা হ’বলৈ
ওলাইছোঁ৷ মই কনচিৱ্ কৰিছোঁ৷
কি? কি কোৱাঁ? কেতিয়া?
ঠিক তেতিয়াই, যেতিয়া তোমালোকৰ দেশৰ মাটিত থিঅ’ই সিঁচা কমলাৰ গুটিকেইটাই গজালি ... !?!?!!
মোৰ ফৰাচী বন্ধু আৰু সিহঁতৰ দেশত কমলাৰ গুটিয়ে গজালি মেলা আৰু মোৰ গৰ্ভধাৰণৰ সময় আচৰিত ধৰণে মিলি যোৱা কাহিনীটোৰ পটভূমি আৰু আৰম্ভণি আছিল এয়ে৷ কিন্তু পাছলৈ আৰু বেছি আশ্চর্য ৰৈ আছিল৷ থিঅ’ফানে’ লেলিভাৰে টিচু পেপাৰত টোপোলা বান্ধি আলফুলে নিজৰ দেশলৈ লৈ যোৱা আমাৰ দেশৰ সেই আবতৰীয়া কমলা গুটিকেইটাই গজালি মেলা আৰু পুলিয়ে পোখা মেলাৰ বিভিন্ন স্তৰৰ ছবি থিঅ’ আৰু চেবাস্তিয়েনে মোলৈ পঠাই থাকিল৷ আৰু আচৰিত ধৰণে কমলা পুলিবোৰৰ বাঢ়ন আৰু মোৰ অভ্যন্তৰত মোৰ কণমানিকণৰ বিকাশৰ মাইলৰ খুঁটিবোৰৰ সময়ো মিলি থাকিল৷ থিঅ’ৰ গার্ডেনিঙত থকা ৰাপ আৰু দক্ষতাৰ কথা আগতেই জানিছিলোঁ৷ কিন্তু সি পঠোৱা ছবিবোৰ চাই সেই কথা আৰু ভালকৈ মানিলোঁ৷ সি বৰ পদ্ধতিগতভাৱে তাৰিখ আৰু চমু বিৱৰণ লিখা কাগজৰ টুকুৰা লগাই গামলাত পুলিবোৰৰ যতন লৈছিল৷ সেইবোৰৰ সৈতে বৰ আচৰিত ধৰণে মোৰ আল্ট্রাছাউণ্ডৰ আৰু মোৰ নিজৰ হিচাপৰ তাৰিখ কিছুমান এনেদৰে মিলি আছিল যেন থিঅ’ই আগতেই কথা মোৰ লগত পাতি তাৰিখ মিলাইহে ফট’ তুলি ৰাখিছিল৷ অথচ, ভাষাৰ অসুবিধাৰ কাৰণে থিঅ’ আৰু মোৰ কথা পতাই নহয়৷ কাচিৎ হ’লেও সেয়া তেতিয়াহে হয়, যেতিয়া চেবাস্তিয়েন দোভাষীৰূপে লগত থাকে৷
মোৰ গৰ্ভধাৰণৰ গোটেই
সময়চোৱাত আগৰ দৰেই এৰা-ধৰাকৈ চেবাস্তিয়েনৰ লগত মোৰ যোগাযোগ চলি থাকিল৷ থিঅ’য়ো মাজে মাজে
মোৰ খবৰ-খাতি লৈ থাকিল যদিও স্বভাৱিকতে তাৰ লগত ফ’নত কথা পতা নহয়৷ সি অৱশ্যে তাৰ কমলাৰ পুলিবোৰৰ
বেছ আদৰ-যত্ন লৈ থাকিল৷ অৱশেষত দুহেজাৰ সোতৰ চনৰ আঠাইছ ডিচেম্বৰৰ দিনা মোৰ কণমানিকণ
পৃথিৱীলৈ আহিল৷ দিনটোৰ ভিতৰতে মোৰ আৰু মোৰ আৰু বিক্ৰমৰ পৃথিৱী দুখনে একেটা কেন্দ্ৰ
কৰি ঘূৰিবলৈ উমৈহতীয়া অক্ষদণ্ড এডাল পালে৷ আমাৰ দুয়োৰে জীৱনৰ এই সুন্দৰতম আশ্চৰ্য আৰু
মহার্ঘ্য প্ৰাপ্তিৰ নাম ৰাখিলোঁ ‘নিনাদ’৷
নিনাদ অহাৰ খবৰটো
যেতিয়া আমাৰ নিকটসকলৰ লগতে মোৰ ফৰাচী বন্ধুলৈও পঠালোঁ, উত্তৰত অভিনন্দন তথা শুভকামনাৰ
লগতে আহিল কেইখনমান ফ’টো৷ সেউজীয়া কোমল পাতেৰে লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰা কেইটামান
কমলাপুলিৰ ফটো৷
আৰু তাক ঠিক এবছৰৰ
পাছত, নিনাদৰ এবছৰীয়া জন্মদিনৰ দিনাও মই এখন ফট’ পালোঁ৷ গামলা এটাত বাঢ়ি অহা সৰু কমলা
এজুপি৷ লগতে লিখা আছিল, অকণমানি নিনাদৰ কমলাৰ পুলি চাওঁতে চাওঁতে এবছৰীয়া হ’লহি৷
থিঅ’ই লহপহকৈ বাঢ়ি
অহা কমলাৰ পুলিবোৰৰ কেইবাটাও পুলি সৰু সৰু গামলাত ৰুই তাৰ বন্ধু-বান্ধৱৰ মাজত উপহাৰ
হিচাপে বিলাই দিয়াৰ খবৰো পাইছিলোঁ৷ তাৰে এটা নে দুটা পুলি সি ব্রিটানীত থকা চেবাস্তিয়েনৰ
মাকক আৰু মাহীয়েককো উপহাৰ দিছিল৷ কর্মসূত্রে চেবাস্তিয়েন থাকে ছাৰ্তে নামৰ ঠাইত৷ থিঅ’ও
সেই ঠাইৰ নাতিদূৰত থাকে৷ চেবাস্তিয়েন বন্ধত তাৰ ব্রিটানীৰ ঘৰলৈ গ’লে লগতে কেতিয়াবা
থিঅ’ও যায়৷ আৰু দুয়োটাই মোলৈ ব্রিটানীত চেবাস্তিয়েনৰ মাকৰ ঘৰত আৰু মাহীয়েকৰ ঘৰত থকা
কমলা পুলিৰ ফটো পঠায়৷ আটাইতকৈ স্বাস্থ্যবান কমলা পুলিটো আছিল চেবাস্তিয়েন মাকৰ বাগিছাত৷
হয়, সেই মানুহগৰাকী, যাক মই ৰ’জ বুলি নাম কাঢ়ি মাতিবলৈ সহজ অনুভৱ কৰা নাছিলোঁ৷ সোণালী
চুলিখিনি চুটি-চুটিকৈ কাটি ৰখা আকর্ষণীয় মানুহগৰাকী৷ হাঁহিমুখীয়া, কিছু শকতকৈ শ্বেতাংগী
মানুহগৰাকীৰ চকু দুটা চকুত পৰাকৈ নীল-সেউজ ৰঙৰ৷ তেওঁ আৰু তেওঁৰ ভনীয়েকেও কমলা গছৰ লগত
ফটো আৰু ভিডিঅ’ মোলৈ আনকি এতিয়াও পঠাই থাকে৷
নিনাদৰ ঠিক চাৰে
তিনি বছৰ হোৱাৰ সময়ৰ কথা৷ ক’ভিডৰ কাৰণে সি তেতিয়া ঘৰৰ পৰাই স্কুলৰ অনলাইন পঢ়া আৰম্ভ
কৰিছে৷ মানে তাৰ শিক্ষাৰম্ভ, আমাৰ কাৰণে নিনাদৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ ঢাপ৷ ঠিক সেই
সময়তে এদিন ফ্ৰাঞ্চৰ কমলাৰ ফটো পালোঁ, নিনাদৰ কমলা কেইজোপাত প্ৰথমবাৰৰ কাৰণে ফুল ফুলিছে৷
তাৰ পাছত এদিন তাত ফল লগা, পকা ফল ছিঙাৰ ফটো আৰু ভিডিঅ’ও পালোঁ৷
যদিও আজিকোপতি মই
ভাৰতৰ চাৰিসীমা পাৰ হৈ পোৱা নাই, কেতিয়াবা কল্পনা কৰোঁ, কিজানি এদিন ফ্ৰাঞ্চৰ একেবাৰে
উত্তৰ-পশ্চিমে থকা ব্রিটানীলৈ যাম৷ নিনাদক লগত লৈ যাম৷ নিনাদে তাৰ কমলা গছকেইজোপা লগ
পাব, চুই চাব...