(Unfolded Stories of a Mother)
ৰত্নোত্তমা দাস বিক্ৰম
(দুই)
নিনাদ অহাৰ আগতে, দিল্লীৰ পৰা গৈ নাহৰৰ দেশত (গ’গা, ক্লিম্ট্ আৰু জিব্ৰানৰ কেইখনমান বিশেষ পেইণ্টিঙে যেতিয়া মোৰ মন-মগজুত ভৰ কৰিছিল)
কিছুমান কথাৰ আৰম্ভণিৰ বিন্দু ঠিক
কোনখিনিত কোৱাটো জটিল৷ কিছুমান কথাৰ আৰম্ভণিৰ দিন-বাৰ-তাৰিখ একাধিকো হ’ব পাৰে৷ নিৰ্ভৰ
কৰে কথাটো আমি কেনে ধৰণে লৈছোঁ, হিচাপটো আমি কেনে ধৰণে কৰিছোঁ৷ নিনাদ এই পৃথিৱীলৈ, আমাৰ
জীৱনলৈ অহাৰ কথাটোও ঠিক তেনেকুৱা এটা কথা৷
কোন দিনাখনৰ কোনটো মুহূৰ্তত ভ্ৰূণ এটাই মাতৃগৰ্ভত থিতাপি লয় সেয়া আজিকোপতি বিজ্ঞানে ক’ব পৰা নাই৷ বিজ্ঞানে ক’ব পাৰে ওচৰা-ওচৰি (হয়তো হ’ব পাৰে একেবাৰে ওচৰা-ওচৰি) এটা আনুমানিক সময়৷ মাতৃগৰাকীয়ে হয়তো জানিব পাৰে কোনো বিশেষ দিন-তাৰিখ বা আনকি ক্ষণ৷ কিন্তু একেবাৰে সঠিক সময়টো কোনোৱে নাজানে, আজিলৈকে কোনোৱে জনা নাই৷ কেতিয়া কোন মুহূৰ্তত নিষেচিত হয় শুক্ৰাণু-ডিম্বাণু, কেতিয়া কোন মুহূৰ্তত সৃষ্টি হয় ভ্ৰুণৰ, সেয়া কোনেও নাজানে৷ সেয়া একেদিনাও হ’ব পাৰে আৰু হয়তো দুই-তিনিদিনৰ পাছতো হ’ব পাৰে৷ আকৌ, কেতিয়াৰ পৰা এটা ভ্ৰূণ ৰূপান্তৰিত হয় গৰ্ভস্থ শিশুলৈ, অথবা কেতিয়া ভ্ৰূণ এটালৈ ‘প্ৰাণ’ আহে, সেয়াও ক’ব নোৱাৰে কোনেও৷ বিজ্ঞানে কয়, গৰ্ভাৱস্থাৰ পাঁচ-ছয় সপ্তাহৰ পাছতহে হৃদপিণ্ডৰ স্পন্দন আলট্ৰাছাউণ্ডত গম পোৱা যায় যদিও প্ৰকৃততে গৰ্ভৰ প্ৰথম বাইছ দিনতে হৃদপিণ্ডই অতি ক্ষিপ্ৰ ঢুক্-ঢুক্ কৰা আৰম্ভ কৰে৷ সেই মুহূৰ্তটোহে কি আচলতে জন্ম মুহূৰ্ত? প্ৰাণ পোৱাৰ মুহূ্ৰ্ত? পিতৃৰ শুক্ৰাণুৰ প্ৰস্তুত প্ৰক্ৰিয়া প্ৰায় তৎকালীক৷ কিন্তু মাতৃগৰাকী নিজেই তেওঁৰ মাতৃ গৰ্ভত থাকোঁতেই তেওঁৰ ডিম্বাশয়ত প্ৰস্তুত হয় তেওঁৰ গোটেই জীৱনৰ বাবে ডিম্বাণু৷ পাছলৈ সেই ডিম্বাণু যথা সময়ত পৰিপক্ক হৈ প্ৰতিমাহে এটাকৈ নিঃসৰিত হয়৷ অৰ্থাৎ, ভ্ৰুণ সৃষ্টি কৰা ডিম্বাণুটো মাতৃৰ ডিম্বাশয়ত মাতৃগৰাকী তেওঁ তেওঁৰ মাতৃগৰ্ভত থকাৰ পৰাই আছিল৷ সি মাথোঁ অপেক্ষা কৰিছিল হাজাৰ-কোটি-অৰ্বুদৰ মাজৰ এটি মাত্ৰ বিশেষ শুক্ৰাণুৰ! এই দিশেৰে ভাবি চালে আমাৰ প্ৰত্যকৰে আদিৰূপৰ আধা অংশ ডিম্বাণুৰ ৰূপত আমাৰ মাৰ ফালৰ আইতাৰ গৰ্ভতো আছিল! কাৰণ, আইতাৰ গৰ্ভত মা থাকোঁতে সেই ভ্ৰুণৰ ডিম্বাশয়ত গোটেই জীৱনৰ ডিম্বসমূহ আছিলেই৷ এই কথাবোৰ মোৰ নহয়, সম্পূৰ্ণ বিজ্ঞানৰহে কথা, মই যিমান পাৰোঁ সিমান সহজকৈ ক’বলৈ চেষ্টাহে কৰিছোঁ৷ আকৌ গৰ্ভস্থ শিশু এটিৰ Gestational Age আৰু Fetal Age-অৰ কথাও আহি পৰে৷ এই দুই ধৰণৰ বয়স ভিন ভিন হয়৷ উদাৰহৰণস্বৰূপে, গৰ্ভস্থ সন্তানৰ Gestational Age ছয় সপ্তাহ হ’লে Fetal Age হয় চাৰি সপ্তাহহে৷ ভাবি গৈ থাকিলে শালিকীজঁট লাগি লাগি কথাবোৰ জটিল হৈ গৈ থাকে৷ তেনেহ’লে, ঠিক আছে, বিজ্ঞানৰ কথা একাষৰীয়া কৰি থওঁ৷ কিন্তু তেতিয়াও কথাবোৰৰ শালিকীজঁট সহজে খোল নাখায়৷ অতি সহজে অতি প্ৰশ্ন এটা সোধোঁচোন, মানৱ শিশু এটাই পৃথিৱীৰ পোহৰ দেখাৰ কিমান দিন আগতে মাতৃগৰ্ভলৈ আহে বাৰু? দহমাহ দহদিন? নে ন মাহ ন দিন? দহদিন নে তাতকৈ কম বা বেছি? সঠিককৈ পাৰিব জানো কোনোবাই ক’ব।
নিনাদ অহাৰ কথাটোও ঠিক তেনেকুৱাই৷
কেতিয়া আহিল নিনাদ? আহিল মানে? ক’ৰ
পৰা আহিল সি? সিতো সদায়েই আছিল, মোৰ মাজত৷ মাথোঁ ‘সি’ নে ‘তাই’ ভবা নাছিলোঁ৷ (ওঁহো,
নহয়৷ ভাবিছিলোঁ৷ আচলতে কেতিয়াবা সন্তানৰ কথা ভাবিলে ছোৱালী এজনীৰ ছবি ছয়া-ময়াকৈ মনলৈ
আহিছিল) সদায়ে লগতে থকা, সদায়ে নিজৰ মাজতে থকা কোনোবা এজন আকৌ নতুনকৈ কেনেকৈ আহিব পাৰে?
কথাবোৰ বেছি দাৰ্শনিক আৰু জটিল নকৰোঁ বাৰু৷ কিন্তু মই কোৱা এই কথাষাৰ সঁচা৷ নিনাদ সদায়েই
মোৰ মাজত আছিল৷ সি আছিল এটা ধাৰণা, আছিল এটা সপোন৷ মই দেখিবলৈ সাহ নকৰা এটা সপোন৷ মোৰ
দেখিবলৈ আধিকাৰ নথকা বুলি ভবা এটা সপোন৷ ভাবিছিলোঁ, প্ৰায়েই ভাবিছিলোঁ, মোৰ দৰে বহেমিয়ান
আত্মাৰ মানুহ এজনী, যি নিজৰেই যত্ন আৰু দায়িত্ব কিমান ভালকৈ ল’ব পাৰে তাৰ সন্দেহ আছে,
তেনে এজনী অহৌবলিয়া মানুহৰ অধিকাৰ আছেনে কণমানি প্ৰাণ এটি এই পংকিল পৃথিৱীলৈ অনাৰ?
বিয়া পাতিলোঁ বুলিয়েই এনে এটা সিদ্ধান্ত লোৱাটো বৰ সহজ অন্ততঃ মোৰ বাবে নাছিল৷ সহজ
নাছিল বিক্ৰমৰ বাবেও৷ মাক-দেউতাক হ’বলৈ আমি কিজানি কেতিয়াও প্ৰস্তুত নাছিলোঁ আৰু কিজানি
প্ৰস্তুত হ’ব বিচাৰিছিলোঁ যদিও সাহে কুলোৱাগৈ নাছিল৷ আমি নিজে বিচৰা ধৰণে সময় লোৱাৰ
সিদ্ধান্ত লৈছিলোঁ৷ বিক্ৰমৰ মাজৰো কোনোবাখিনি মোৰ দৰে একে ধাতুৰে গঢ়া কাৰণেই কিজানি
তেওঁ আজি অতদিনে মোৰ লগত আছে৷ আমি একেলগে আছোঁ৷ আমি একেলগে থাকিও বিচৰা ধৰণে ‘অকলে’
থাকিব পাৰিছোঁ, আছোঁ, থকাই নহয়, কুশলে আছোঁ৷ বিয়া পাতি স্বামী-স্ত্ৰীৰ ভূমিকাৰ সাফল্যত
নিজকে আচৰিত কৰিছোঁ৷ আমি দুটা মিলি এটা ‘টীম’ হ’ব পাৰিছোঁ কাৰণেই ’সংসাৰ-সংসাৰ’ খেলখন
খেলিব পাৰিছোঁ, যিখন আমাৰ দুয়োটাৰে এটাৰো আচলতে আকাংক্ষিত খেল কেতিয়াও নাছিল৷ আমি মাত্ৰ
একেলগে থাকিব বিচাৰিছিলোঁ (বিচাৰোঁ), কাৰণ আমি ইটোৱে সিটোৰ লগত থাকি ভাল পাইছিলোঁ
(পাওঁ)৷ জীৱনৰ বাকীচোৱা বাট একেলগে বুলিম বুলি
জীৱনৰ ইমান কঠিন সিদ্ধান্ত এটা এদিন বৰ সহজভাৱে লৈ পেলাইছিলোঁ৷ এতিয়ালৈকে সেই সিদ্ধান্তটোক লৈ অকণো আফ্চোচ কৰিবলগা
হোৱা নাই৷ আমাৰ লগলৈ তৃতীয় এজনক অনাৰ সিদ্ধান্তটোও
আমি ইচ্ছা কৰা ধৰণে পৰ্যাপ্ত সময় লৈ, ধীৰে-স্থিৰে লোৱাৰ কাৰণেও কোনো আক্ষেপ নাই৷ বৰঞ্চ
এতিয়াও আমি এটা কথাত স্পষ্ট আৰু দৃঢ়, দুজন মানুহে নিজে সম্পূৰ্ণ সাজু নোহোৱালৈকে বিয়া
আৰু সন্তানৰ সিদ্ধান্ত ল’ব নালাগে৷ কিন্তু এইখিনিতে আকৌ আৰু এটা কথা আহি পৰে, যদি কেতিয়াও
সাজু হ’বলৈকে সাজু হোৱাই নাযায়? যদি জৈৱিক ঘড়ীটোৱে ঘনাই টিকটিকায়? বিশেষকৈ নাৰীগৰাকীৰ…
উত্তৰত ক’ম, সময়ে আৰু জীৱনে সদায়ে আমাক জীৱনৰ সিদ্ধান্তবোৰ লোৱাত সদায়ে সহায় কৰে৷ সময়ক
আৰু জীৱনক সঁহাৰি দিব জানিলেই হ’ল৷ বহুতো কথাই সহজ হৈ পৰে৷ কিন্তু সেইবুলি পাৰিবাৰিক-সামাজিক
হেঁচাত বিবাহ আৰু সন্তানৰ সিদ্ধান্ত লোৱাটো ব্যক্তিগতভাৱে কেতিয়াও মানি ল’ব নোৱাৰোঁ৷
কোনোবাই তেনেকৈয়ে সিদ্ধান্ত লৈছে, বহুত লৈছে, আগবাঢ়িছে, সফলো হৈছে৷ সজ কথা, ভাল কথা৷
আমি আন কাৰো হেঁচাত কোনো সিদ্ধান্ত লোৱা নাছিলোঁ৷ আনকো ল’বলৈ নকওঁ৷
নিনাদ অহাৰ
আগতে আমি দুয়ো, বিশেষকৈ নাৰী হোৱা কাৰণেই মই, অলপ অলপকৈ, আওপকীয়াকৈ হ’লেও মানুহৰ প্ৰশ্নৰ
সন্মুখীন নোহোৱাকৈ থকা নাছিলোঁ৷ আগৰে পৰাই মোৰ চাৰিওফালে নিজক এক বৰ্মৰে আৱৰি ৰখা অভ্যাস৷
সাধাৰণতে ব্যক্তিগত কথা বা যিকোনো কথা মোক সুধিবলৈ সুযোগ সকলোকে সদায়ে দিয়াৰ অভ্যাস
মোৰ নাই৷ তাতে অলপ লিখা-মেলা কৰোঁ বুলি, মেলে-মিটিঙে দুষাৰ কওঁ বুলিয়েই আৰু লগতে মোৰ
দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ সন্মানীয় পদবীটোৰ কাৰণেও মানুহৰ পৰা সমীহো মই পাওঁ৷
(যদিও অধিক সময়ত এইকেইটা কাৰণৰ কাৰণে পোৱা সমীহে মোক বৰ কোঁচ খুৱাইহে ৰাখে৷) দূৰত থাকোঁ
কাৰণেও মই অনেক প্ৰশ্নকৰ্তাৰ সন্মুখীন হ’বলগাও নহয়৷ তথাপি মানুহে যদি মোকেই সুধিব পাৰে
মোৰ পৰিয়াল বঢ়োৱাৰ দৰে ব্যক্তিগত কথা, মই ভাবোঁ, বিয়াৰ পাছত লগে লগেই সন্তান-সম্ভৱা
নহ’লে গাঁৱে-ভূঞে কিমান নাৰীয়ে কিমান অবাঞ্ছিত প্ৰশ্নৰ সন্মুখীন হ’বলগা হয়! আৰু সন্তান
সম্পৰ্কীয় প্ৰশ্নৰ সন্মুখীন হোৱা সেই নাৰীগৰাকীয়ে, বা সেই দম্পতীহালে সঁচাকৈয়ে যদি
সন্তান বিচাৰি আছে, আৰু চেষ্টা কৰিও হোৱা নাই, তেনেহ’লে তেওঁলোকে কিমান বা মনোকষ্ট
পায়! মানুহে সাধাৰণতে তেওঁলোকৰ কথা বুকু খুলি মোক কয়৷ কিজানি মোক বিশ্বাসযোগ্য বুলি
ভাবে, কিজানি মোৰ মাজত সমব্যথী শ্ৰোতা এগৰাকী পায় আৰু কিজানি মোক কিবা অজ্ঞাত কাৰণত
তেওঁলোকৰ কথা শুনিবৰ যোগ্য বুলি ভাবে৷ যি কাৰণতেই নহওক, আনৰ কথা শুনিব পাৰিলে আৰু যদি
পাৰোঁ কিবা সকাহ দিব পাৰিলে, কিবা সহায় কৰিব পাৰিলে মনত শান্তি আৰু সন্তুষ্টি পাওঁ৷
শুনোঁ কাৰণেই অনেক নাৰীৰ মনোকষ্টৰ অলেখ কাহিনী মই জানোঁ৷ তেওঁলোকৰ নিজৰ মুখেৰেই মই
শুনিছোঁ বিয়াৰ ঠিক পাছৰে পৰা তেওঁলোকে সন্মুখীন হোৱা প্ৰশ্নবোৰ বাঢ়ি বাঢ়ি আহি কাণ তাল
মাৰি ধৰাৰ উপক্ৰম কৰাৰ কথা৷ প্ৰথমতে বিয়া কেতিয়া, বিয়াৰ পাছতে সন্তান কেতিয়া, প্ৰথম
সন্তানৰ পাছত দ্বিতীয় সন্তান কেতিয়া আৰু যদি কাৰোবাৰ কন্যা সন্তান থাকে, তেনেহ’লে পুত্ৰ
এটিৰ কথা . . . মুঠতে উত্তৰ দিব নিবিচৰা প্ৰশ্নবোৰৰ ধাৰাবাহিকতা অব্যাহত থাকে৷ প্ৰশ্নকৰ্তাই
ভাবি নাচায় যে প্ৰকৃততে তেওঁৰ প্ৰশ্ন সোধাৰ বা উপদেশ দিয়াৰ অধিকাৰ আছে নে নাই? আৰু
যদি আছেও, কিমান দূৰলৈকে আছে? এইক্ষেত্ৰত বহুক্ষেত্ৰত ‘ভাল’ ভাবি সোধা প্ৰশ্ন আৰু
‘ভাল’ ভাবি উপযাচি দিয়া উপদেশো শুনোঁতাগৰাকীয়ে ভাল নাপাব পাৰে৷ উল্লেখ কৰিছোঁৱেই যে
মই তুলনামূলকভাৱে ভাগ্যৱান যে এনে অবাঞ্ছিত প্ৰশ্ন আৰু উপযাচি দিয়া উপদেশবাণীবোৰৰ মই
বৰ বেছি সন্মুখীন হ’বলগা হোৱা নাছিল৷ কিন্তু এনে নহয় যে মই কেতিয়াও এইবোৰৰ সন্মুখীন
হোৱাই নাছিলোঁ৷ কিছুমানে সঁচাকৈয়ে সঁচা আন্তৰিকতাৰে কেতিয়াবা সোধে আৰু কেতিয়াবা কিছুমানে
নিতান্তই অপ্ৰয়োজনীয়ভাৱে৷ সোধোঁতাৰ সদ্ভাৱ অথবা সদ্ভাৱৰ অভাৱ মই অতি ক্ষিপ্ৰতাৰে ধৰিব
পাৰোঁ আৰু সেই অনুসৰি একো নকওঁ, কিবা কওঁ নতুবা একেবাৰে বেপৰোৱা উত্তৰ কিছুমান দি দিওঁ৷
বিক্ৰমৰ
মাক-দেউতাকে, মোৰ শাহুআই আৰু শহুৰদেউতাই, বিশেষকৈ মোৰ শাহুআয়ে, এইক্ষেত্ৰত মোক কেতিয়াও
একোৱেই সোধা নাছিল, একোৱেই কোৱা নাছিল৷ তাৰ কাৰণে মানুহগৰাকীৰ প্ৰতি মোৰ অপ্ৰকাশিত
শ্ৰদ্ধা অপ্ৰকাশ্যেই ৰৈ গৈছে৷ মোক মোৰ দৰেই গ্ৰহণ কৰি অকণো দিগ নিদিয়াকৈ মোক মোৰ দৰে
থাকিবলৈ এৰি দিয়াৰ কাৰণে অন্ততঃ এটা আন্তৰিক ধন্যবাদ তেওঁৰ প্ৰাপ্য৷ মই যিমান শুনিছোঁ,
সাধাৰণতে শাহুৱেকবোৰেই সন্তানৰ কথা সুধি সুধি বোৱাৰীগৰাকীৰ ব্যতিব্যস্ত আৰু বহুক্ষেত্ৰত
অতিষ্ঠ কৰি তোলেগৈ৷ মোৰ ক্ষেত্ৰত কেতিয়াও তেনে হোৱা নাছিল৷ বৰঞ্চ ইমানেই একো সোধা নাছিল
যে ওলোটাই কেতিয়াবা মোৰেইহে আচৰিত লাগিছিল৷
মোক লাহে
লাহে প্ৰথমে আওপকীয়াকৈ আৰু পাছলৈ সুবিধা পালেই পোনে পোনে সুধিবলৈ আৰম্ভ কৰিছিল মোৰ
মায়েহে৷ মই জানিছিলোঁ, বৰজীয়েকৰ ওপৰত মাৰ বৰ বিশ্বাস নাছিল৷ তেওঁ হয়তো ভাবিছিল, যদিহে
তেওঁৰ জীয়েকজনীয়ে যিকোনো সময়তে কোনো নকৰিবলগা কাম কৰে, কিবা নল’বলগা সিদ্ধান্ত লৈ পেলায়৷
দহে ভাল বোলা তেওঁৰ বৰজীয়ৰীৰ অভং ৰূপটো তেঁৱেইহে জানে! প্ৰথমে মাৰ এটা গোপন ভয় আছিল
মই কেতিয়াও বিয়া-বাৰু নাপাতিম বুলি আৰু পাতিলেও কাক পাতি দিওঁ একো ঠিক নাই বুলি৷ পাছত
বিক্ৰমক জোঁৱাই পাই তেখেতে বৰ সকাহ পালে৷ বিক্ৰমে মোক প্ৰায়ে জোকাই কয়, “মায়ে বৰজোঁৱায়েকক
কিয় ভাল পায় জানা নে? তেওঁৰ আধাপাগলী জীয়েকজনীক সামৰি-সুতৰি ৰাখিব যে পাৰিছোঁ, সেইকাৰণে’৷”
এগৰাকী মোৰ
শুভাকাংক্ষী চম্পা বাইদেউ৷ (শ্ৰীমতী চম্পা দেউৰী) তেখেতে মোক হাইস্কুলত পঢ়ুৱাইছিল৷
এইহগৰাকী বাইদেৱে মই নজনাকৈয়ে মোৰ হৈ অ’ত-ত’ত কাজিয়া কৰিছিল আৰু মোৰ পৰীক্ষাৰ ফালফল
লৈ বাজী ৰাখিছিল৷ বাইদেৱে মোক বিয়াৰ আগতে সুবিধা পালেই কৈছিল, তুমি যেনে-তেনে মাহ-হালধিৰে
গাটো ধুই দিবা আৰু তাৰ পাছত তোমাক আৰু কেতিয়াও একো আমনি নকৰোঁ৷ বাইদেউৰ কথাত মই প্ৰাণ
খুলি হাঁহিছিলোঁ আৰু কৈছিলোঁ, মই জানো দিয়ক আপোনাৰ বুদ্ধি৷ এতিয়া কৈছে মাহ-হালধিৰে
গা ধোৱাৰ কথা, পাছত ক’ব নাতি-নাতিনী এডুখৰি চাই মৰিবৰ মন৷ বাইদেউৰ লগত ধেমালি চলি থাকে৷
সঁচাকৈয়ে সেইবাৰ বিয়াৰ পাছত আমাৰ লখিমপুৰৰ নাৰায়ণপুৰৰ ঘৰলৈ যাওতে বাইদেৱে মোক সন্তান
এটি কোলালৈ নাহিলে নাৰী জীৱন বৃথা ধৰণৰ কথা ক’বলৈ আৰম্ভ কৰিলেই৷ বাইদেউ মোৰ প্ৰিয় ব্যক্তি৷
তেওঁ কিবা ক’লে মই বেয়া পোৱাৰ কথা নাহে, খং উঠা দূৰৰ কথা৷ বাইদেউক ওলোটা ওলোটা কথা
কৈ জোকাই আমোদ পাওঁ৷ এদিন বাইদেৱে আকৌ ক’লে, চাবা কিন্তু, ছোৱালী কুৰিতে বুঢ়ী৷ মই ক’লো
বোলো, ওঁহো, আজি-কালি কুৰিত নহয়, দুকুৰিতহে বুঢ়ী৷ কেইদিনমানৰ পাছত চাব আঢ়ৈকুৰি কি তিনিকুৰিতো
বুঢ়ী নহয়৷ বাইদেৱে মোক ভোৰ্-ভোৰাই থাকে৷ মই হাঁহি থাকোঁ৷ মই বৰ আমোদ পাওঁ৷
মায়ে কেতিয়াবা
কয়, অমিয়া মাহী, বীণা মাহী, দুলুমণি মাহীহঁতে মোক সোধে, তাই ল’ৰা-ছোৱালীৰ কথা ভাবিছে
নে নাই৷ মই দস্তুৰমত বিৰক্ত হওঁ৷ মাৰ সহকৰ্মী এই মাহীহঁত সৰুৰে পৰা আমাৰ একেবাৰে আপোন
নিজৰ মাহীৰ দৰে৷ তেওঁলোকে প্ৰত্যক্ষকৈ মোক কেতিয়াও এনে কথা সোধা নাছিল৷ মাৰ মুখতে কওঁ,
সঁচাকৈয়ে মাহীহঁতে সোধে, নে মাহীহঁতৰ নাম লৈ তুমিহে মোক সুধিছা? কেতিয়াবা লাহেকৈ মায়ে
আওপকীয়াকৈ কয়, তোমাৰ লগৰ অমুকৰ ল’ৰা/ছোৱালী এইবাৰ স্কুললৈ যোৱা নাই জানো৷ মই ওলোটাই
দহটামান উদাহৰণ দি দিওঁ৷ হয় হয়, মোৰ লগৰ অমকুৰ ল’ৰা স্কুল পালেগৈ, তমুকৰ ছোৱালী হাইস্কুলো
পালেগৈ৷ কিন্তু অমুকে এইবছৰ বিয়া পাতিছেহে আৰু তমুকে এতিয়াও বিয়া পতাই নাই৷ পাতিবহে৷
অমুকে আকৌ কেতিয়াও বিয়া-বাৰু পতাৰ কথা ভবাই নাই৷ কিন্তু তোমাক-মোক এইবোৰ অমুক-তমুক-ভচুকৰ
কথা কিয় লাগে? মায়ে একো নকয়৷ মাৰ মুখখন ক’লা পৰে৷ মোৰ বেয়া লাগে৷ কিন্তু মোৰ বিৰক্তিও
নকমে৷
আচৰিত ধৰণে
বিয়া পতাৰ কথা লৈ কিন্তু মায়ে কেতিয়াও মোৰ ওপৰত কোনো চাপ দিয়া নাছিল৷ বৰঞ্চ মায়ে মোৰ
সিদ্ধান্তবোৰত সদায়ে সহযোগ কৰি সাহস দিছিল৷ একেবাৰে স্কুলীয়া দিনবোৰৰ পৰাই মোৰ খেয়ালী
মনটো আৰু কামবোৰক মায়ে সস্নেহ প্ৰশ্ৰয় দিছিল, সন্মান কৰিছিল৷ মোৰ খং আৰু ভুলবোৰক ধৈৰ্যৰে
সময় দি দি শুধৰাবলৈ চেষ্টা কৰিছিল৷ অতি খাম-খেয়ালী স্বভাৱেৰে পাঠৰ পঢ়া-শুনালৈ পিঠি
দি কেৱল বাহিৰা কিতাপত মজি থাকি নিজৰ অঘটন নিজে মাতি আনিব খোজা দিনবোৰতো মায়ে ধৈৰ্য
হেৰুউৱা নাছিল৷ যি সময়ত মোৰ মাৰ ঠাইত আন এগৰাকী মাকে হয়তো জীয়েকক চাকৰি কৰিবলৈ আৰু
বিয়া পাতিবলৈ ক’লেহেঁতেন, সেই সময়ত একেবাৰে অনিশ্চিত ভৱিষ্যৎ এটা আগত লৈ দিল্লীলৈ পঢ়িবলৈ
গুচি অহাৰ মোৰ সিদ্ধান্তত সমৰ্থন জনাইছিল৷ অথচ মই ঘৰৰ ডাঙৰ সন্তান৷ ঘৰত মোৰ পাছতে ভনীজনী
আৰু একেবাৰে সৰু ভাইটো৷ দেউতাই ইতিমধ্যে কলেজৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে৷ দেউতা
তেতিয়া কৰ্কটৰোগত আক্ৰান্ত৷ জীৱনৰ বৰ দুৰ্বল তেনে সময় এচোৱাত যেতিয়া মই ভালপোৱা বুলি
ভুল কৰা এটা ভুল সম্পৰ্কক প্ৰশ্ৰয় দিছিলোঁ, মায়ে তেতিয়াও ধৈৰ্য ধৰিছিল৷ মোৰ সেই প্ৰণয়প্ৰাৰ্থীৰ
প্ৰতি মাৰ ক’বলগা একো নাছিল, কেতিয়াও একো কোৱা নাছিল, নক’লে, কিন্তু মায়ে মোৰ সেই সম্পৰ্কটো
কেতিয়াও সমৰ্থন কৰা নাছিল৷ মায়ে জানিছিল, মোৰ সেই ভৱিষ্যৎবিহীন সম্পৰ্ক মোৰ ভুল আছিল,
কিন্তু মায়ে মোক ককৰ্থনা কৰা নাছিল৷ কিজানি হৃদয়ৰ অভ্যন্তৰত মাৰ মোৰ ওপৰত এক অলৰ-অটল
বিশ্বাস আছিল৷ মায়ে চাগে জানিছিল, মোৰ কেৰিয়াৰ আৰু মোৰ ব্যক্তিগত জীৱন -এই দুয়োটাৰে
সন্তুলন ৰাখিব এদিন মই পাৰিম৷
কিন্তু এইগৰাকী
দৃঢ়মনা মোৰ মায়েই যেতিয়া মোৰ বিয়াৰ চাৰি বছৰ উকলাৰ পাছতো মই সন্তানসম্ভৱা নোহোৱাত নিজৰ
উদ্বিগ্নতা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে, মই বৰ অসন্তুষ্ট আৰু অতি বিৰক্ত হ’লোঁ৷ কিজানি
মই মোৰ মাক আনতকৈ বেলেগ বুলি ভাবোঁ কাৰণেই মাৰ এই অতি পৰম্পৰাগত আৰু অতি সাধাৰণ আচৰণ
মোৰ একবাৰেই পচন্দ হোৱা নাছিল৷
কিন্তু মাবোৰ
যে মায়েই হয়৷ প্ৰতিগৰাকী মাকেই আচলতে একেগৰাকী চিৰন্তন মাতৃৰে ভিন্ন ৰূপ৷ মই মাৰ প্ৰথমজন্মা৷
স্বাভাৱিকতে মাৰ মোৰ পৰা পৌত্ৰ/পৌত্ৰীকামনা স্বাভাৱিক আছিল৷
কিন্তু পৈণত
বয়স হোৱাৰ পাছতো আৰু আৰ্থিকভাৱেও সুস্থিৰ হোৱা স্বত্বেও মই যে মানসিক আৰু আৱেগিকভাৱে
সাজু নাছিলোঁ৷ হয়, আটাইতকৈ ডাঙৰ কথা আছিল এইটোৱেই, মই সাজু নাছিলোঁ৷ এই কথাটো মই সদায়ে
বিশ্বাস কৰোঁ, আজিৰ সময় আৰু পৰিস্থিতিত সন্তান এটা পৃথিৱীলৈ আদৰিবৰ কাৰণে কেৱল শাৰীৰিকভাৱেই
নহয়, আৰ্থিক, মানসিক আৰু আৱেগিক স্তৰতো সাজু হোৱা উচিত৷ আটাইতকৈ ডাঙৰ কথা, এই ‘সাজু
হোৱাটো’ প্ৰথমে মাকগৰাকী, তাৰ পাছত মাক-দেউতাক দুয়ো মিলি হোৱা উচিত৷ বাকী সকলো মানুহৰ
কথা, যিমানে আপোন নহওঁক কিয়, পাছতহে আহে৷
দুহেজাৰ সোতৰ চনটো আৰম্ভ হওঁতে মোৰ মানুহজন আৰু মই এদিন এই বিষয়ে পাতিলোঁ৷ দুয়ো মূৰ দুপিয়ালোঁ৷ কিন্তু তেতিয়াও মই সম্পূৰ্ণ সাজু আৰু নিশ্চিত নাছিলোঁ৷ তেনেকুৱাতে এদিন নিমন্ত্ৰণ পালোঁ নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ৷ বিভিন্ন শৈক্ষিক-বৌদ্ধিক বা ক্ষেত্ৰ অধ্যয়নভিত্তিক কামৰ কাৰণে দেশৰ বিভিন্ন ঠাইলৈ যোৱা হয়৷ সেইবাৰ নিমন্ত্ৰণটো আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু জনসংযোগ অধ্যয়ন কেন্দ্ৰ (Centre for Studies in Journalism and mass Communication)ৰ পৰা৷ তালৈ গৈ মূলতঃ সৃজনীশীল সাহিত্য বিষয়ত মই এসপ্তাহমান ক্লাছ লৈ দিব লাগে৷ প্ৰস্তাৱটো ভাল লাগিল৷ অসমলৈ যাবলৈ এনেয়েও ভালেই পাওঁ৷ তাতে ভাল পোৱা কাম এটা কৰিবলৈ ওলাইছোঁ৷ নতুন ছাত্ৰ-ছাত্ৰী কিছুমানৰ মাজত সময় কটোৱাৰ কথাই মোক উৎসাহী কৰি তুলিলে৷ নিৰ্দিষ্ট দিনত নাহৰৰ দেশখন পালোঁগৈ৷ তালৈ পূৰ্বেও গৈছোঁ৷ গৱেষণা পত্ৰ পাঠ কৰিছোঁ, ভাষণ দিছোঁ৷ কিন্তু ক্লাছ কৰাকৈ, তেনেকৈ সিমানদিন থকাকৈ যোৱা নাছিলোঁ৷ মাৰ্চ মাহৰ সেই কেইদিন মোৰ থকাৰ ব্যৱস্থা আছিল সেউজীয়াৰ মাজত থকা ‘বিশ্ৰান্ত’ নামৰ বিশ্ববিদ্যালয়ৰ অতিথিশালাটোত৷
‘বিশ্ৰান্ত’
যেন সঁচাকৈয়ে প্ৰশান্তিৰে ভৰা বিশ্ৰামৰ ঠাই৷ হাই-উৰুমিৰ পৰা যোজন দূৰত, চৰাইৰ মাতত
সাৰ পোৱা সেই দিনকেইটা আছিল বৰ বিশেষ৷ মই নিজকে ঘোৰ নিশাচৰ বুলি কৈ ধেমালি কৰোঁ৷ সঁচাকৈয়ে
মোৰ ৰাতিৰ বাতিৰ তেল পুৰি কাম কৰাৰ অভ্যাস৷ ‘বিশ্ৰান্ত’ত থকাৰ কেইদিনো ৰাতি পঢ়া-শুনা,
লিখা-মেলা কৰোঁ, বিক্ৰমৰ লগত কথা পাতোঁ৷ চৌহদত টহলো দিওঁ৷ কিন্তু ৰাতিপুৱাতে কি জানো
হয়, চৰাইবোৰৰ লগতে মই সাৰ পাই যাওঁ৷ অলপ পোহৰ হওঁতেই জোতাযোৰ পিন্ধোঁ আৰু ওলাই যাওঁ৷
নাহৰেৰে ভৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই বিখ্যাত পৰিসৰ৷ উশাহত ইমান সজীৱতা আৰু আচৰিত
এক ভাৰহীনতাৰ উলাহী অনুভৱ মই যেন অনেক যুগৰ মূৰত পাইছিলোঁ৷ নিজকে বিচৰাৰ, অলেখ প্ৰশ্ন
নিজকে সোধাৰ, নিজৰ লগত কথা পতাৰ এক যাত্ৰা আৰম্ভ হৈছিল৷ বোধকৰোঁ আৰু এটা কথাও আছিল৷
দেউতাৰ কৰ্কট ৰোগৰ যুঁজখন আৰু তাৰ পাছত দেউতা নোহোৱা হোৱা কথাটোৱে মোক ভিতৰি ভিতৰি
মষিমূৰ কৰি পেলাইছিল৷ গোটেই জীৱন বাহিৰা কিতাপৰ মাজত ডুবি পঢ়া-শুনালৈ পিঠি দিয়া স্বভাৱটো
এৰি মই কেইটামান বছৰ নিজৰ কেৰিয়াৰ গঢ়াত গুৰুত্ব দিছিলোঁ৷ তাৰ ঠিক পাছতে যেতিয়াৰ পৰা
বিক্ৰমৰ লগত জীৱনটো ভগাই লোৱাৰ সিদ্ধান্ত লৈ একেলগে থাকিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াৰে
পৰা আচলতে ইমান কেইদিনৰ কাৰণে ইমান একাকীভাৱে মই মোক নিজকে লগ পোৱা নাছিলোঁ৷ হয়, আগতে
বিক্ৰমৰ হস্পিটেলত ৰাতিৰ ডিউটি থাকে৷ ৰাতিবোৰ মই কিতাপ পঢ়ি, লিখি আৰু গান শুনি কটাওঁ৷
সেই সাময়িক একাকীত্ব খুব উপভোগ কৰোঁ৷ কিন্তু যিহেতু আমি একেখন চালি, একেখন পাটি ভগাই
লওঁ, আক্ষৰিক অৰ্থতে দীৰ্ঘ দিনৰ কাৰণে মই অকলে থকা নাছিলোঁ৷ অকলে থাকি ভাল পাওঁ৷ সময়
কাটি-কুটি মিলাই অলপ সময় হ’লেও প্ৰতিদিনে নিজৰ লগত সময় কটাওঁ৷ কিন্তু সেই বেলি ‘বিশ্ৰান্ত’ত
থকা দিনকেইটা আছিল অনন্য৷ ক্লাছ ল’বৰ কাৰণে পছা-শুনা কৰোঁ৷ নিয়মীয়া অভ্যাসবশতঃ লিখোঁ,
পঢ়োঁ৷ কিন্তু সেয়া আছিল তুলনামূলকভাৱে কম ব্যস্ততাৰ, কম গধূৰ৷ মই পৰ্যাপ্ত সময় পাইছিলোঁ
নিজৰ সৈতে কটোৱাৰ, মোৰ নিজৰ মাজলৈ এক যাত্ৰা কৰাৰ৷
তেতিয়া ব’হাগ আহিবৰ বতৰ৷ নাহৰৰ ফুলবোৰ
ফুলিবৰ বতৰ৷ নাহৰ মানেই যেন কিবা যাদু, চ্যাৰিয়েল কিবা এটা৷ ধক্ধকীয়া মেলাহি বগা পাহিবোৰৰ
মাজত উজ্বল কমলা কেশৰ, মাজে মাজে গোল-গোল, গোটা-গোটা কলি৷ তলত সৰি থাকে আগজোঙা পদুমৰ
কলিটো যেন, গোটা নহৰুৰ কোঁহ এটা যেন আকাৰৰ সৰু সৰু গাঢ় কাঠৰঙী গুটিবোৰ৷ সৰুতে সেইবোৰ
বুটলি জ্বলাইছিলোঁ৷ কেঁচা কলিজা যেন কুঁহিপাত৷ আৰু গছবোৰ? গছ নহয় যেন সৰু একোটা প্ৰাচীন
দৌল, মন্দিৰ৷ কাষেৰে পাৰ হৈ গ’লেই যেন খুব ক্ষীণ, মিহি এটা ঘণ্টাধ্বনি বাজি উঠে৷ নাহৰ
আকৌ শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফুল৷ দেশখনৰ পুৰণি নাম চীলনৰ নামেৰে নাহৰৰো নাম চীলন আইৰনৱুড৷
নাহৰ কাঠ যিহে কঠিন, লৌহসদৃশ, ‘আইৰনৱুড’ নাম নাহৰে নাপাই কোনে পাব! নাহৰৰ বৈজ্ঞানিক
নামটোতো সেয়ে লেটিন ভাষাৰ ‘লো’ বুজোৱা ferrum শব্দৰ পৰা অহা ‘ferrera’ শব্দটো আছে- Mesua Ferrera. মোৰ ঘনিষ্ঠ
এগৰাকী জ্যেষ্ঠ ভগ্নীসদৃশ বান্ধৱী আছে, ড° সুনন্দা পেমাচিৰি৷ তেওঁক আক্কা (বা/বাইদেউ)
বুলি মাতোঁ৷ বৰ্তমান তেওঁ শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ যি সময়ত মই
আৰু চেবাস্তিয়েন দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, সেই সময়তে সুনন্দা আক্কায়ো দিল্লী
বিশ্ববিদ্যালয়ৰ আমাৰ বিভাগৰ পৰা গৱেষণাৰ কাম কৰি আছিল৷ চেবাস্তিয়েন তেওঁৰো ভাল বন্ধু
আছিল৷ চেবাস্তিয়েন দিল্লী বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ নিৱাসত থকাৰ দৰে আক্কা
আছিল আন্তঃৰাষ্ট্ৰীয় ছাত্ৰী নিৱাসত৷ আৰু মই আগতে কৈছোঁৱেই, মই আছিলোঁ দিল্লী বিশ্ববিদ্যালয়ৰ
আটাইতকৈ বৃহৎ ছাত্ৰীনিৱাসটোত (University Hostel for Women)৷ আমাৰ হোষ্টেলকেইটা বেছি
দূৰত নাছিল৷ আমাৰ বিভাগত মই সুনন্দা আক্কাক প্ৰায় সদায়ে লগ পাইছিলোঁ৷ এদিন তেওঁ মোৰ
কিতাপৰ পাতৰ মাজত মই ভৰাই থোৱা নাহৰৰ পাত আৰু ফুল দেখি কৈছিল, সেয়া বোলে তেওঁলোকৰহে
গছ৷ মই কৈছিলোঁ, মোৰ অসমলৈ যাবা, দেখিবা, এয়া আমাৰহে নাহৰ৷
আমাৰ বহাগ, আমাৰ নাহৰ৷ কিবা যেন সংযোগ
এটা আছেই৷ নাহৰ আমাৰ নিজা নতুন বছৰৰ আগমণৰ সময়ত ফুলে৷ বাসন্তী নাহৰে নতুনৰ বতৰা আনে৷
নাহৰে সাহসো দিয়ে৷ নহ’লেনো আমি আমাৰ নতুন বছৰৰ বিহুৰ দিনা নাহৰৰ পাতত বাত-বৃষ্টি, বজ্ৰকো
বলাব পৰা মন্ত্ৰ লিখি থওঁনে? নাহৰ মোৰ প্ৰিয়৷ দিল্লীৰ পৰা গৈ নাহৰৰ দেশত কটোৱা সেই
দিনকেইটাত প্ৰতিদিনেই কাহিলি পুৱাতে নাহৰৰ তলে তলে নাহৰৰ সুবাস উশাহত উজাই মই খোজ কাঢ়োঁ,
নিজৰ সৈতে কথা পাতোঁ আৰু প্ৰতিনিয়ত অতীত আৰু ভৱিষ্যতত পৰিভ্ৰমণ কৰোঁ৷
হয়, অতীত আৰু ভৱিষ্যৎ৷ প্ৰথমে অতীত-চাৰণৰ
কথাকে কওঁ৷ কোনোবা অতীতৰ এডাল শিপা মোৰ নাহৰৰ দেশখনত পোট খাই আছে৷ সেয়ে কিজানি ডিব্ৰুগড়
মোৰ নিচেই আপোন, নামটো শুনিলেই মোৰ কোনোবাখিনিত বৰ আদৰৰ টান এটা অনুভৱ কৰোঁ৷
যদিও মই লখিমপুৰৰ, মোৰ জন্ম হৈছিল
সেই সেউজীয়া দেশখনতে৷ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত৷ দেউতাৰ ঘৰ আছিল ডিব্ৰুগড়ৰ মোহনাঘাটত৷
কিন্তু কৰ্মসূত্ৰে দেউতাই ঘৰ-বাৰী কৰি গোটেই জীৱন লখিমপুৰৰ নাৰয়াণপুৰ কলেজপাৰাত থাকিল৷
লখিমপুৰৰে কমাৰবাৰী আছিল মাৰ ঘৰ৷ দুয়ো অৰ্থনীতি বিষয়টোৰ শিক্ষক আছিল৷ পাছলৈ দেউতা আছিল
ঘৰৰ ওচৰৰে কলেজখনৰ অধ্যক্ষ৷ কলেজখনৰ নামেৰেই আমাৰ ঠাইখনৰ নাম কলেজপাৰা৷ মায়ে খেৰাজখাট
কলেজৰ চাকৰি এৰি ঘৰৰ ওচৰৰে মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত অৰ্থনীতি
পঢ়াইছিল ময়ো কলেজপাৰাতে শিক্ষাৰম্ভ কৰি কটন কলেজত পঢ়িবলৈ বুলি ওলাই আহিছিলোঁ৷ কটনৰ
পাছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু তাৰ পাছত দিল্লী বিশ্ববিদ্যালয়ত শিক্ষাৰ পৰিক্ৰমা
সম্পূৰ্ণ কৰিছিলোঁ৷ দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ বুলি অসম এৰি ওলাই আহিছিলোঁ৷ দিল্লীত
থাকি যোৱাৰ অভিপ্ৰায় মোৰ নাছিল৷ ভাবিছিলোঁ, গৱেষণাৰ কাম সম্পূৰ্ণ কৰি মই অসমলৈ উভতি
যাম৷ কিন্তু দিল্লী বিশ্ববিদ্যালয়ত মামণি ৰয়ছম গোস্বামীয়ে অৱসৰ পোৱাৰ পাছত, মোৰ শিক্ষা,
দীক্ষা আৰু দিদৃক্ষাৰ গুৰু প্ৰফেছৰ পি চি পট্টনায়ক ছাৰৰ নিৰ্দেশত সেই পদটোৰ কাৰণে আৱেদন
কৰিছিলোঁ৷ সেই সময়তে দেউতাৰ দেহান্ত হ’ল৷ মই চাকৰি পালোঁ৷ স্থায়ী পদ পোৱাৰ পাছত অসমলৈ
আৰু মোৰ ঘূৰি যোৱা নহ’ল৷ এই গোটেই কথাবোৰ, আদিৰে পৰা লখিমপুৰৰ পৰা দিল্লীলৈ মোৰ পৰিক্ৰমাটো
সেই ‘বিশ্ৰান্ত’ত থকা দিনবোৰত মই পুনৰ ৰোমন্থন কৰিছিলোঁ৷
মোৰ মা পঢ়িছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়তে৷
নাহৰবোৰৰ তলে তলে অকলে অকলে কাহিলিপুৱাতে টহলি ফুৰোতে বিশ্ববিদ্যালয়ত পঢ়া মাজনীক কল্পনা
কৰিছিলোঁ৷ মাৰ সেই কালৰ মাত্ৰ দুই-এখন ক’লা-বগা আলোকছবি আছে৷ ধুনীয়া, বৰ ধুনীয়া৷ মই
ভাবিছিলোঁ, মোৰ তেতিয়া যি বয়স, সেই বয়সত মা মোৰ লগতে মোৰ ভাই-ভনী দুটাৰো মা হৈ উঠিছে৷
পাছলৈ ভাইটিয়েও আকৌ পঢ়িছিল মই জন্ম হোৱা মেডিকেল কলেজখনতে৷ তেতিয়ালৈ সিও পাছ কৰি ওলাইছিল৷
সেইকেইদিন মই কাকোৱেই বৰকৈ ফোনো কৰা নাছিলোঁ৷ মই সেই নৈসৰ্গিক নিসংগতাৰ প্ৰতিটো কণা
উপভোগ কৰিব বিচাৰিছিলোঁ৷
ইমানবোৰ সেউজীয়াৰ মাজে মাজে মোৰ এনে
লাগিছিল, মই যেন সেইকেইদিন মোৰ অতীতত, মোৰ মা আৰু দেউতাৰ অতীতৰ বাট এটাৰে বাট বুলিছিলোঁ৷
চিনাকি-অচিনাকি চৰাইৰ মাতৰ বাহিৰে
নিৰ্জন সেই সেউজ পৰিসৰটোত নাহৰৰ সুবাসে যেন কিবা সন্মোহনহে কৰিছিল৷ মন্ত্ৰমুগ্ধ হৈ
মই গভীৰ কথা কিছুমান ভাবিবলৈ আৰম্ভ কৰিছিলোঁ৷
কিয় নাজানো, বাৰে বাৰে কেইখনমান বিশেষ
পেইণ্টিঙৰ কথা মনলৈ আহিছিল৷ তাৰে এখন আছিল পল গ’গাৰ Where Do We Come From?
What Are We? Where Are We Going? এই পেইণ্টিঙখন ১৮৯৭-৯৮ত ফৰাছী চিত্ৰকৰজনে তাহিটি
দ্বীপত থাকোঁতে আঁকিছিল৷ ছবিখন ছবি নহয় যেন জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ সমগ্ৰ জীৱনটো
সামৰি লোৱা দৰ্শনৰ এক বিশদ বৰ্ণন৷ শিৰোনামটোৱেও তেনে নিৰ্দেশেই কৰে৷ “আমি ক’ৰ পৰা আহিছোঁ?
আমি কোন? আমি ক’লৈ গৈ আছোঁ?” গগা মোৰ প্ৰিয় চিত্ৰকৰসকলৰ এজন৷ এই চিত্ৰখনো মোৰ প্ৰিয়৷
কিন্তু কিয় নাজানো সেই দিনকেইকেইটাত এই চিত্ৰখনৰ বিষয়ে বৰ গভীৰভাৱে ভাবিছিলোঁ৷ লগতে
বাৰে বাৰে মনলৈ আহিছিল খলিল জিব্ৰান আৰু গুস্তাভ ক্লিম্ট্ৰ পেইণ্টিং দুখনমান৷ ক্লিম্ট্ৰ
Three Ages of Women (১৯০৫) আৰু Hope-I আৰু Hope-II -এই ছবিকেইখনে যেন মোক মোৰ নিজৰ
জীৱন তথা নাৰী-জীৱনৰ কথা নতুনকৈ ভবাই তুলিলে৷ ক্লিম্ট্ৰ পেইণ্টিং আগৰে পৰাই ভালপাওঁ৷
কিন্তু ‘থ্ৰী এইজে’ছ অৱ ৱিইমেন’ পেইণ্টিংখনত
থকা তিনিগৰাকী নাৰীয়ে প্ৰতিনিধিত্ব কৰা নাৰী জীৱনৰ তিনিটা স্তৰৰ বিষয়ে প্ৰথমবাৰৰ কাৰণে
ইমান গভীৰকৈ মই ভাবিবলৈ ল’লোঁ৷ জীৱন বিষয়ক গভীৰ দাৰ্শনিক কথাৰে জিব্ৰানৰ শব্দবোৰে মোক
ইমানেই আকৰ্ষিত কৰে যে আমাৰ বিয়াৰ মই হাতেলিখা নিমন্ত্ৰণী পত্ৰখনতো মই জিব্ৰানৰ দ্য
প্ৰফেট কিতাপখনত বিবাহৰ সন্দৰ্ভত থকা সেই বিখ্যাত উক্তিটো সম্পূৰ্ণকৈ উদ্ধৃত কৰিছিলোঁ৷
কিন্তু সেইকেইদিন জিব্ৰানে অঁকা জীৱন, মাতৃ আৰু শিশু বিষয়ক ছবিকেইখনৰ কথাই মনলৈ আহি
আছিল৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালা
‘বিশ্ৰান্ত’ত থকা সেই দিনকেইটাত কিয় মই ইমানকৈ জীৱন সম্পৰ্কে ভাবিছিলোঁ মই নাজানো৷
এই ভাববোৰ মই আনো বুলি মনলৈ অনা নাছিলোঁ৷ সেয়া সম্পূৰ্ণ স্বতঃস্ফূৰ্ত আছিল৷ বিশেষকৈ
জন্ম আৰু মাতৃত্বৰ দাৰ্শনিক বৰ্ণনা থকা বিশেষ পেইণ্টিংকেইখনৰ কথা কিয়ইবা মোৰ মনলৈ ইমানকৈ
আহিছিল৷ আনকি সেই দিনকেইটাত মোৰ ম’বাইল ফ’ন আৰু লেপটপৰ স্ক্ৰীণ চে’ভাৰো আছিল সেই পেইণ্টিংকেইখনৰ
মাজৰে দুখন৷ সেই পেইণ্টিংকেইখনে মূলতঃ মানুহৰ জীৱন চক্ৰৰ লগতে গৰ্ভাৱস্থা আৰু মাতৃত্বৰ
কথা কয়৷
আৰু অৱশেষত নিজৰ সৈতে কটোৱা সেইদিনকেইটাৰ
মাজৰে কোনোবা দিনা হঠাতে এটা ঘটনা ঘটিল৷ এক ধৰণৰ জ্ঞান প্ৰাপ্তিৰ দৰে, বিচাৰি ফুৰা
উত্তৰ প্ৰাপ্তিৰ দৰে এটা ‘য়ুৰেকা ম’মেণ্ট’ৰ দৰে মুহূৰ্ত আছিল সেইটো৷ হঠাতে এজাক আবতৰীয়া
কিন্কিনীয়া বৰষুণ আহিছিল৷ মই নাহৰবোৰৰ মাজে মাজে খোজকাঢ়ি আছিলোঁ৷ খোজৰ গতি অলপো বঢ়োৱা
নাছিলোঁ৷ বৰঞ্চ মই আকাশৰ ফালে মুখ তুলি বৰষুণৰ কণাবোৰ আৰু বেছিকৈ অনুভৱ কৰিবলৈ চেষ্টা
কৰিছিলোঁ৷ বিশাল আকাশ, অশেষ ব্ৰহ্মাণ্ড৷ বৰষুণ কণা এটাতকৈয়ো সৰু, নিঃকিন আৰু অস্থায়ী
মোৰ অস্তিত্ব৷ কিন্তু কণমানি বৰ্ষাকণা এটায়োতো কণমাণি বীজ এটাক বৃক্ষলৈ ৰূপান্তৰিত
কৰাত ভূমিকা লয়! কেনেকৈ মনলৈ কি আহিছিল মনত নাই, কিন্তু মোৰ স্পষ্টকৈ মনত আছে, সেই
মুহূৰ্তটোতে সেইকেইদিন খেলি-মেলিকৈ মনলৈ আহি থকা ভাৱ কিছুমানে, বিক্ষিপ্ত শব্দ কিছুমানে
হঠাতে কেইটামান স্পষ্ট বাক্যৰ ৰূপ পালে৷ ওঁঠেৰে উচ্চাৰণ নকৰাকৈয়ে বাক্যকেইটা মই পাগুলিলোঁ,
“এতিয়া মই সাজু৷ মই মোৰ সমস্ত শুভবোধৰ শক্তিৰে ধাৰণ, লালন আৰু পালন কৰিব বিচাৰোঁ মোৰ
সন্তান, আমাৰ সন্তান৷ মই মাক হ’ব বিচাৰোঁ৷”
সেইবাৰ নিজৰ কাম-কাজ সামৰি নাহৰৰ দেশখন
এৰি আহোঁতে উৰাজাহাজত থকা সময়খিনিত এনেকুৱা লাগি আছিল যেন অসমীয়া নতুন বছৰটোত মই যেন
মোৰ নতুন জীৱন এটা আৰম্ভ কৰিবলৈ গৈ আছোঁ৷ নাহৰেৰে ভৰা মোৰ ওপজা ভূমিতে মই যেন এই জনমৰ
কাৰণে মোৰ এটা জীৱন এৰি থৈ আহিছিলোঁ৷ নতুন জনম এটাৰ কাৰণে মই সাজু হৈছিলোঁ৷ যদিও মই
তেতিয়ালৈকে জনা নাছিলোঁ৷ সেই নতুন জনমটো মই কেতিয়াকৈ পাম, কিন্তু মই জানিছিলোঁ, সেই
হেঁপাহৰ জনমটোৰ নাম ‘মাকৰ জনম’৷
পুচ্ছখণ্ড: ডিব্ৰুগড়ৰ পৰা উভতি
আহি দিল্লী বিশ্ববিদ্যালয়ৰ মৌৰিছ নগৰত আমাৰ নতুন কোৱাৰ্টাৰটো থান-থিত লগোৱাৰ কামত আমি
দুয়ো, বিশেষকৈ মই ব্যস্ত পৰিছিলোঁ৷ তাৰ কিছুদিন পাছতে, এপ্ৰিল মাহত সুদূৰ ফ্ৰান্সৰ
পৰা আহি ওলাইছিল মোৰ দুই ফৰাছী বন্ধু, যি কাহিনী ইতিমধ্যে প্ৰথমাংশৰ প্ৰথম অধ্যায়ত
মই লিখিছোঁ৷
(আগলৈ)
